21.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সন্তানে পিতাক প্ৰত্যক্ষ কৰায়, মনমত এৰি শ্ৰীমতত চলিলেহে পিতাক প্ৰত্যক্ষ কৰাব পাৰিবা

প্ৰশ্ন:
কোনসকল সন্তানক পিতাই নিশ্চয় ৰক্ষা কৰে?

উত্তৰ:
যিসকল সন্তান সত্যবাদী হয়, তেওঁলোকৰ ৰক্ষা নিশ্চয় হয়। যদি ৰক্ষা নহয় তেতিয়া হ'লে ভিতৰত নিশ্চয় কিবা মিথ্যা আছে। পঢ়া খতি হোৱা, সংশয় উৎপন্ন হোৱা অৰ্থাৎ ভিতৰত কিবা নহয় কিবা অসত্য আছে। তেওঁলোকক মায়াই লেং মাৰি বগৰাই দিয়ে।

প্ৰশ্ন:
কোনসকল সন্তানৰ বাবে মায়া চুম্বক হয়?

উত্তৰ:
যিসকল মায়াৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ যায়, তেওঁলোকৰ বাবে মায়া চুম্বক হয়। শ্ৰীমতত চলা সন্তানসকল মায়াৰ প্ৰতি আকৰ্ষিত নহয়।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। এইটোতো সন্তানসকলৰ নিশ্চয় আছে যে আত্মিক পিতাই আমাক আত্মিকসন্তানসকলক পঢ়ায়। যাৰ বাবে গায়ন আছে - আত্মাসকল পৰমাত্মাৰ পৰা বহুকাল পৃথক হৈ থাকিল.পৰমধামত পৃথক হৈ নাথাকে। তাততো সকলো একেলগে থাকে। পৃথক হৈ থাকে তেন্তে আত্মাসকল নিশ্চয় তাৰ পৰা বিচ্ছিন্ন হৈ পৰে, আহি নিজৰ-নিজৰ ভূমিকা পালন কৰে। সতোপ্ৰধানৰ পৰা অৱনমিত হৈ তমোপ্ৰধান হৈ যায়। আহ্বান কৰে পতিত-পাৱন আহি আমাক পবিত্ৰ কৰি তোলা। পিতাইও কয় - মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। এই সৃষ্টিৰ চক্ৰ হৈছেই 5 হাজাৰ বছৰৰ। আগতে তোমালোকে এই বিষয়ে নাজানিছিলা। শিৱবাবাই বুজায় যেতিয়া তেন্তে নিশ্চয় কাৰোবাৰ শৰীৰৰ দ্বাৰা বুজাব। ওপৰৰ পৰা কোনো আৱাজতো নকৰে। শক্তি বা প্ৰেৰণা আদিৰ কোনো কথা নাই। তোমালোক আত্মাই শৰীৰত আহি বাৰ্তালাপ কৰা। তেনেকৈ পিতাইও কয় - মইও শৰীৰৰ দ্বাৰাহে নিৰ্দেশনা দিওঁ। আকৌ সেই নিৰ্দেশনা মতে যিয়ে যিমানে চলে, নিজৰেই কল্যাণ কৰে। শ্ৰীমতত চলক বা নচলক, শিক্ষকৰ কথা শুনক বা নুশুনক, নিজৰেই কল্যাণ বা অকল্যাণ কৰে। নপঢ়িলেতো নিশ্চয় ফেল হব। এইটোও বুজাই থাকে যে শিৱবাবাৰ পৰা শিকি আকৌ আনক শিকাব লাগে। পিতাই সন্তানক প্ৰত্যক্ষ কৰায়। শাৰীৰিক পিতাৰ কথা নহয়। এওঁ হৈছে আত্মিক পিতা। এইটোও তোমালোকে বুজি পোৱা যে যিমানে আমি শ্ৰীমতত চলিম, সিমানেই সম্পত্তি পাম। সম্পূৰ্ণকৈ চলা জনে উচ্চ পদ পাব। নচলা সকলে উচ্চ পদ নাপাব। পিতাইতো কয় - মোক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হব। ৰাৱণ ৰাজ্যততো তোমালোকৰ পাপ বহুত হৈ গল। বিকাৰত যোৱা বাবেই পাপ আত্মা হৈ যায়। পূণ্য আত্মা আৰু পাপ আত্মা নিশ্চয় থাকে। পাপ আত্মাসকলে পূণ্য আত্মাসকলৰ আগত গৈ মূৰ দোঁৱায়। মানুহে এইটো গম নাপায় যে দেৱতাসকল যিসকল পূণ্য আত্মা আছিল, তেওঁলোকেই আকৌ পুনৰ্জন্মত আহি আহি পাপ আত্মা হৈ যায়। তেওঁলোকেতো ভাবে এওঁলোক সদায়েই পূণ্য আত্মা হৈ থাকে। পিতাই বুজায় - পুনৰ্জন্ম লওঁতে-লওঁতে সতোপ্ৰধানৰ পৰা তমোপ্ৰধানলৈকে আহে। যেতিয়া সম্পূৰ্ণ পাপ আত্মা হৈ যায় তেতিয়া পিতাক আহ্বান কাৰে। যেতিয়া পূণ্য আত্মা হৈ থাকে, তেতিয়া স্মৰণ কৰাৰ প্ৰয়োজন নাথাকে। গতিকে তোমালোক সন্তানসকলে এইটো বুজাব লাগে, সেৱা কৰিব লাগে। পিতাইতো সকলোকে গৈ নুশুনায়। সন্তানসকল যিহেতু সেৱাৰ উপযুক্ত গতিকে সন্তানসকলেই যোৱা উচিত। মনুষ্যতো দিনে-প্ৰতিদিনে অসুৰ হৈ গৈ থাকে। পৰিচয় নজনাৰ বাবে নিৰৰ্থক কথা কবলৈও কুণ্ঠাবোধ নকৰে। মনুষ্যই কয় - গীতাৰ ভগৱান হৈছে শ্ৰীকৃষ্ণ। তোমালোকে বুজোৱা যে তেওঁতো দেহধাৰী হয়, তেওঁক দেৱতা বুলি কোৱা হয়। কৃষ্ণক পিতা বুলি কোৱা নহয়। এই সকলোৱেতো পিতাক (শিৱবাবাক) স্মৰণ কৰে। আত্মাসকলৰ পিতাতো আন কোনো নহয়। এওঁ প্ৰজাপিতা ব্ৰহ্মাইও কয় - নিৰাকাৰ পিতাক স্মৰণ কৰিব লাগে। এওঁ কৰপৰিয়েল (আকাৰী) ফাদাৰ হৈ যায়। বুজাওঁতেতো বহুতেই বুজোৱা হয়, কিছুমানে সম্পূৰ্ণকৈ নুবুজি উল্টা ৰাস্তাত গৈ জংঘলত পৰেগৈ। পিতাইতো স্বৰ্গলৈ যোৱাৰ মাৰ্গ-দৰ্শন কৰায়। তথাপিতো জংঘললৈ গুচি যায়। পিতাই বুজায় তোমালোকক জংঘললৈ লৈ যোৱাজন হৈছে ৰাৱণ। তোমালোক মায়াৰ লগত পৰাজিত হোৱা। ৰাস্তা পাহৰি গলে আকৌ জংঘলৰ কাঁইট হৈ যোৱা। তেওঁলোক স্বৰ্গলৈ দেৰীকৈ আহিব। ইয়ালৈ তোমালোক আহিছাই স্বৰ্গলৈ যোৱাৰ পুৰুষাৰ্থ কৰিবলৈ। ত্ৰেতাকো স্বৰ্গ বুলি কোৱা নহয়। কাৰণ 25% কম নহল জানো। তেওঁলোকক ফেইল বুলি ধৰা হয়। তোমালোক ইয়ালৈ আহিছাই পুৰণি সৃষ্টি এৰি নতুন সৃষ্টিলৈ যাবলৈ। ত্ৰেতাক নতুন সৃষ্টি বুলি কোৱা নহয়। অকৃতকাৰ্য হোৱাসকল তালৈ গুচি যায়, কিয়নো সঠিক পথ লব নোৱাৰে। তল-ওপৰ হৈয়ে থাকে। তোমালোকে উপলব্ধি কৰা যে যিমান স্মৰণ কৰা উচিত সিমান কৰা নহয়। যিসকল স্বৰ্গবাসী হয় তেওঁলোকক ভালকৈ কৃতকাৰ্য হোৱা বুলি কোৱা হব। ত্ৰেতাত অহাসকলক অকৃতকাৰ্য হোৱা বুলি ধৰা হয়। তোমালোক নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱা, নহলে ফেইল বুলি কোৱা হয়। সেই পঢ়াততো আকৌ পুনৰ পঢ়িব পাৰি। ইয়াততো দ্বিতীয় বছৰ পঢ়াৰ কথাই নাই। জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰ তেওঁৱেই পৰীক্ষা পাচ কৰে যিয়ে কল্পৰ আগতেও কৰিছিল। এই ড্ৰামাৰ ৰহস্যক ভালদৰে বুজিব লাগে। কোনোবাই ভাবে, মইতো চলা-ফুৰা কৰিব নোৱাৰোঁ। বৃদ্ধ হলে হাতত ধৰি চলালে তেতিয়া চলিব, নহলে বাগৰি পৰিব। কিন্তু ভাগ্যত নাথাকিলে তেতিয়া যিমানেই ফুল কৰি তুলিবৰ বাবে জোৰ নিদিয়া কিন্তু নহব। অকো এবিধ ফুল। কিন্তু ইয়াৰ কাঁইটে বিন্ধে।

পিতাই কিমান বুজায়। কালিলৈকে তোমালোকে যিজন শিৱক পূজা কৰিছিলা, তেওঁ আজি তোমালোকক পঢ়াই আছে। প্ৰতিটো কথাতে পুৰুষাৰ্থৰ বাবেই জোৰ দিয়া হয়। দেখা যায়- মায়াই ভাল-ভাল ফুলবোৰকো তললৈ পেলাই দিয়ে। হাড়মূৰ ভাঙি পেলায়, যাক পাছত বিশ্বাসঘাতক বুলি কোৱা হয়। যিয়ে এখন ৰাজধানী এৰি বেলেগলৈ গুচি যায়, তেওঁক বিশ্বাসঘাতক বুলি কোৱা হয়। পিতাইও কয়, মোৰ হৈ পুনৰ মায়াৰ হৈ গলে তেওঁকো বিশ্বাসঘাতক বুলি কোৱা হয়। তেওঁৰ চলনেই তেনেকুৱা হৈ যায়। এতিয়া পিতা মায়াৰ পৰা মুক্ত কৰিবলৈ আহিছে। সন্তানসকলে কয়, মায়া বহুত শক্তিশালী, নিজৰ ফালে আকৰ্ষিত কৰি লয়। মায়া যেন চুম্বকহে। এই সময়ত মায়াই চুম্বকৰ ৰূপ ধাৰণ কৰে। জগতৰ সৌন্দৰ্য কিমান বাঢ়ি গল। আগতে এই বায়োস্কোপ (চিনেমা) আদি জানো আছিল। এই সকলোবোৰ 100 বছৰৰ ভিতৰত হৈছে। বাবাতো অনুভৱী নহয় জানো। গতিকে সন্তানসকলে এই ড্ৰামাৰ গূঢ় ৰহস্যক ভালদৰে বুজিব লাগে। প্ৰতিটো কথাই সঠিকভাৱে নিৰ্ধাৰিত হৈ আছে। বিপৰীত পক্ষৰ বাবে এই এশ বছৰত যেন স্বৰ্গ হৈ গ'ল। গতিকে বুজি পোৱা যায় - এতিয়া স্বৰ্গতো আৰু সোনকালেহে হব। বিজ্ঞানো বহুত কামত আহে। বহুত সুখদায়ীও নহয় জানো। সেই সুখ স্থায়ী হবলৈ হ'লে পুৰণি সৃষ্টিৰ বিনাশো হব লাগিব। সত্যযুগৰ সুখ ভাৰতৰ ভাগ্যতেই আছে। তেওঁলোকতো আহেই পাছত, যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয়, যেতিয়া ভাৰতবাসী পতিত হয়, তেতিয়া বাকী ধৰ্মাৱলম্বীসকল ক্ৰমানুসাৰে আহে। ভাৰত পতিত হৈ-হৈ একেবাৰে অৱনতি হৈ যায়। পুনৰ উন্নতি কৰিবলগীয়া হয়। ইয়াতো উন্নতি হয়, পুনৰ অৱনতি হয়। কিমান অৱনতি হয়, তাৰ কথাই নুসুধিবা। কিছুমানেতো মানিবই নোখোজে যে পিতাই আমাক পঢ়ায়। ভাল-ভাল সেৱাধাৰী, যিসকলৰ পিতাই মহিমা কৰে, তেওঁলোকো মায়াৰ হাতোৰাত আহি যায়। মল্লযুদ্ধ হয়। মায়াইও এনেকৈ যুদ্ধ কৰে। একদম বাগৰাই দিয়ে। আগলৈ তোমালোক সন্তানসকলে গম পাই গৈ থাকিবা। মায়াই একদম শুৱাই দিয়ে। তথাপিও পিতাই কয় - এবাৰ যিহেতু জ্ঞান শুনিছে, গতিকে স্বৰ্গলৈ নিশ্চয় আহিব। বাকী পদ পাব নোৱাৰিব। কল্পৰ আগতে যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিছে বা পুৰুষাৰ্থ কৰি-কৰি অৱনতি হৈছে, তেনেদৰে এতিয়াও অৱনতি আৰু উন্নতি হৈ থাকিব। জয় আৰু পৰাজয় নহয় জানো। সকলো সন্তানসকলৰ স্মৰণৰ ওপৰত নিৰ্ভৰ কৰে। সন্তানসকলে এয়া অক্ষয় খাজনা পাইছে। জগতৰ লোকেতো দেৱলীয়া হৈ লাখ-লাখ টকা হেৰুৱায়। কোনোবা লাখ-লাখ টকাৰে ধনৱান হয়, তাকো এটা জন্মৰ কাৰণে। পিছৰ জন্মত জানো ইমান ধন থাকিব। কৰ্মভোগো বহুত আছে। তাত স্বৰ্গততো কৰ্মভোগৰ কথাই নাই। এই সময়ত তোমালোকে 21 জন্মৰ বাবে কিমান জমা কৰা। যিয়ে পুৰা পুৰুষাৰ্থ কৰে, তেওঁ পুৰা স্বৰ্গৰ উত্তৰাধিকাৰ লাভ কৰে। বুদ্ধিত থাকিব লাগে, আমি যথাযথ স্বৰ্গৰ উত্তৰাধিকাৰ লাভ কৰোঁ। এইটো খেয়াল কৰিব নালাগে যে পুনৰ অধঃপতিত হৈ যাম। তোমালোক সকলোতকৈ বেছি অধঃপতিত হলা, এতিয়া উন্নতি কৰিবই লাগিব। আপোনাআপুনি পুৰুষাৰ্থো হৈ থাকে। পিতাই বুজায় - চোৱা, মায়া কিমান প্ৰবল। মনুষ্যৰ মাজত কিমান অজ্ঞানতা আহি গল, অজ্ঞানতাৰ বাবে পিতাকো সৰ্বব্যাপি বুলি কৈ দিয়ে। ভাৰত কিমান শ্ৰেষ্ঠ আছিল। তোমালোকে বুজি পোৱা, আমি এনেকুৱা আছিলো, এতিয়া পুনৰ হৈ আছো। এই দেৱতাসকলৰ কিমান মহিমা আছে, কিন্তু তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনেও নাজানে। তোমালোকেহে জানা, বেহদৰ পিতা জ্ঞানৰ সাগৰ আহি আমাক পঢ়ায় তথাপি মায়াই বহুতকে সংশয়ত আনি দিয়ে। মিছা কপটতা এৰি নিদিয়ে। সেইবাবে পিতাই কয় - নিজৰ সঁচা খতিয়ন লিখা। কিন্তু দেহ-অভিমানৰ কাৰণে সঁচা কথা নকয়। গতিকে সেয়াও বিকৰ্ম হৈ যায়, সঁচা কব নালাগে জানো। নহ'লে বহুত শাস্তি খাবলগীয়া হয়। গৰ্ভ জেলতো বহুত শাস্তি পায়। এনেকৈ কয় - তৌবা-তৌবা. (কষ্ট খাই চিঞৰে) মই এনেকুৱা কাম আৰু কেতিয়াও নকৰো। যেনেকৈ কোনোবাই মাৰ খালেও এনেদৰে ক্ষমা বিচাৰে। শাস্তি খালেও এনেদৰে কয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে মায়াৰ ৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হ'ল। পাপ কৰিয়ে থাকে। পিতাই দেখিবলৈ পায় - এওঁলোক ইমান মধুৰ নমনীয় হোৱা নাই। পিতাই কিমান নমনীয় সন্তানৰ দৰে চলে কিয়নো ড্ৰামা অনুসৰি চলি থাকে। এনেকৈ কব - যি হল সেয়া সকলো ড্ৰামা অনুসৰি হবলগীয়া আছিল। বুজাইও থাকে যে আগলৈ যাতে এনেকুৱা নহয়। এই বাপদাদা দুয়ো একেলগে আছে নহয় জানো। দাদাৰ নিজৰ মত, ঈশ্বৰৰ নিজৰ মত। বুজিব লাগে যে এই মত কোনে দিছে ? এৱোঁ পিতা নহয় জানো। পিতাৰ কথাতো মানিব লাগে। বাবাতো জ্যেষ্ঠ পিতা হয়, সেই কাৰণে পিতাই কয়, এনেদৰে বুজিবা যে শিৱবাবাই বুজাইছে। নুবুজিলে পদো নাপাবা। ড্ৰামাৰ প্লেন অনুসাৰে পিতাও হয়, ককাও হয়। পিতাৰ শ্ৰীমত পোৱা যায়। মায়া এনেকুৱা যে মহাবীৰ, শক্তিমানসকলৰ দ্বাৰাও কিবা নহয় কিবা উল্টা কাম কৰাই দিয়ে। বুজি পোৱা যায় যে এওঁ পিতাৰ মতত চলা নাই। নিজেও অনুভৱ কৰে, মই নিজৰ আসুৰী মতত চলিছো। শ্ৰীমত দিওঁতাজন আহি উপস্থিত হৈছে। তেওঁৰ হৈছে ঈশ্বৰীয় মত। পিতাই নিজেই কয় এওঁৰ পৰা যদি এনেকুৱা কিবা মত পোৱাও তেতিয়াও সেয়া ঠিক কৰোঁতা মই বহি আছোঁ। তথাপিও মই ৰথ হিচাপে লৈছো নহয় জানো। মই ৰথ হিচাপে লৈছো বাবেইতো তেওঁ গালি খাইছে। নহলেতো কেতিয়াও গালি খোৱা নাছিল। মোৰ কাৰণে কিমান গালি খায়। গতিকে তেওঁকো চম্ভালিব লাগিব। পিতাই নিশ্চয় ৰক্ষা কৰে। যেনেকৈ সন্তানৰ ৰক্ষা পিতাকে নকৰে জানো। যিমানে সত্যতাত চলিব সিমানে ৰক্ষা হয়। অসত্যতাৰ ৰক্ষা নহয়। তেওঁৰতো শাস্তি নিৰ্ধাৰিত হৈ যায়। সেয়েহে পিতাই বুজায় -মায়াইতো একদম নাকত ধৰি খতম কৰি দিয়ে। সন্তানসকলেও নিজে অনুভৱ কৰে, মায়াই গ্ৰাস কৰি ললে তেতিয়া পঢ়িবলৈ এৰি দিয়ে। পিতাই কয়, পঢ়িব নিশ্চয় লাগে। অচ্ছা, যেতিয়া কোনোবাই দোষ কৰে তেতিয়া এইটো মনত ৰাখিবা যিয়ে যেনেকুৱা কৰিব সেয়াই ভৱিষ্যতে পাব কিয়নো এতিয়া সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে। মায়াই এনেকৈ লেং মাৰি বগৰাই দিব যে সেই আনন্দ আৰু নাথাকে। পিছত চিঞৰিব - বাবা, কব নোৱাৰো কি হৈ গল। যুদ্ধক্ষেত্ৰত বহুত সাৱধান হৈ থাকিব লাগে যাতে কোনেও লেং মাৰি বগৰাই নিদিয়ে। তথাপিও বেছি শক্তিশালী হলে বেলেগক বগৰাই পেলায়। আকৌ পিছদিনা তাৰ পৰা আৰম্ভ কৰে। এই মায়াৰ যুদ্ধতো অন্তিমলৈকে চলি থাকিব। তল-ওপৰ হৈ থাকে। কিছুমান সন্তানে সঁচা কথা নকয়। সন্মানৰ বহুত ভয় থাকে - নাজানো বাবাই কি কব। যেতিয়ালৈকে সঁচা নকয় তেতিয়ালৈকে আগবাঢ়িব নোৱাৰে। ভিতৰি বিবেকে দংশন কৰি থাকে, পাছলৈ বাঢ়ি যায়। নিজে কেতিয়াও সঁচা কথা নকয়। (কেতিয়াবা দুজন জড়িত হৈ থাকিলে ভাবে যে এওঁ বাবাক শুনালে তেতিয়া ময়ো শুনাই দিম)। মায়া বৰ শক্তিশালী। বুজি পোৱা যায় যে তেওঁৰ ভাগ্যত ইমান উচ্চ পদ নাই, সেয়েহে চৰ্জনৰ পৰা কথা লুকুৱায়। লুকুৱালে বেমাৰ ভাল নহয়। যিমানে লুকুৱাব, সিমানে অধঃপতিত হৈ থাকিব। ভূততো সকলোৰে মাজত আছে। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় তেতিয়ালৈকে ক্ৰিমিনেল আই (কু-দৃষ্টি)য়েও লগ নেৰে। সকলোতকৈ ডাঙৰ শত্ৰু হৈছে কাম। বহুত অধঃপতিত হৈ যায়। বাবাইতো বাৰে-বাৰে বুজায় - শিৱবাবাৰ বাহিৰে কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। কিছুমানতো ইমান পৰিপক্ক যে কেতিয়াও কাৰো স্মৃতিও নাহে। পতিব্ৰতা স্ত্ৰীৰ কু-বুদ্ধি নাথাকে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমাক পঢ়াঁওতাজন স্বয়ং জ্ঞানৰ সাগৰ, বেহদৰ পিতা হয়, এই ক্ষেত্ৰত কেতিয়াও সংশয় আনিব নালাগে। মিছা-কপটতা ত্যাগ কৰি সঁচা খতিয়ন ৰাখিব লাগে। দেহ-অভিমানত আহি কেতিয়াও নিন্দুক হব নালাগে।

(2) ড্ৰামাক বুদ্ধিত ৰাখি পিতাৰ সমান বহুত-বহুত মধুৰ নম্ৰ হব লাগে। অহংকাৰ দেখুৱাব নালাগে। নিজৰ মত এৰি পিতাৰ শ্ৰেষ্ঠ মতত চলিব লাগে।

বৰদান:
সংগীক সদায় লগত ৰাখি সহযোগৰ অনুভৱ কৰোঁতা কম্বাইণ্ড (সংযুক্ত) ৰূপধাৰী হোৱা

সদায় মই আৰু পিতা এনেকৈ কম্বাইণ্ড (সংযুক্ত) হৈ থাকা যাতে কোনেও পৃথক কৰিব নোৱাৰে। কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিবা। বাপদাদা অবিনাশী সংগ দিওঁতাজন তোমালোক সকলোৰে সংগী হয়। বাবা বুলি কলা আৰু হাজিৰ (উপস্থিত) হৈ যায়। মই বাবাৰ আৰু বাবা মোৰ। বাবা তোমালোকৰ সকলো সেৱাতে সহযোগ দিওঁতা হয়, কেৱল নিজে কম্বাইণ্ড স্বৰূপৰ আত্মিক নিচাত থাকা।
 

স্লোগান:
সেৱা আৰু স্ব-উন্নতি দুয়োটাৰে সন্তুলন থাকিলে সদায় সফলতা প্ৰাপ্ত হৈ থাকিব।