22.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল একান্তত বহি নিজৰ সৈতে কথা পাতিবা, মই অবিনাশী আত্মা হওঁ, পিতাৰ পৰা শুনোঁ, এইটো প্ৰেক্টিচ (অভ্যাস) কৰিবা

প্ৰশ্ন:
যিসকল সন্তান স্মৰণ কৰাত অমনোযোগী হয়, তেওঁলোকৰ মুখৰ পৰা কোনটো বাক্য উচ্চাৰিত হয়?

উত্তৰ:
তেনে সন্তানে কয় - মই শিৱবাবাৰ সন্তান হয়েই। স্মৃতিতে আছোঁ। কিন্তু বাবাই কয় - সেয়া সকলো মিছা কথা, অমনোযোগী হয়। এই ক্ষেত্ৰততো পুৰুষাৰ্থ কৰিব লাগে, ৰাতিপুৱা উঠি নিজকে আত্মা বুলি বুজি বহি যাব লাগে। বাৰ্তালাপ কৰিব লাগে। আত্মাইহে কথা পাতে, এতিয়া তোমালোক দেহী-অভিমানী হোৱা। দেহী-অভিমানী সন্তানেহে চাৰ্ট (খতিয়ানৰ তালিকা) ৰাখিব কেৱল জ্ঞানৰ মিথ্যা ভাষণ দি নাথাকিব।

গীত:
মুখড়া দেখ লে প্ৰাণী অপনী দিল দৰ্পণ মে . (নিজৰ অন্তৰ দৰ্পণত চেহেৰা চাই লোৱা.)

ওঁম্শান্তি।
আত্মিক সন্তানসকলক বুজোৱা হৈছে যে প্ৰাণ আত্মাক কোৱা হয়। এতিয়া পিতাই আত্মাসকলক বুজায় যে এই গীতটিতো ভক্তিমাৰ্গৰ হয়। এয়াতো কেৱল ইয়াৰ সাৰমৰ্ম বুজোৱা হয়। এতিয়া তোমালোক যেতিয়া ইয়াত বহা তেতিয়া নিজকে আত্মা বুলি ভাবিবা। দেহৰ বোধ এৰি দিব লাগে। মই আত্মা অতি সূক্ষ্ম বিন্দু। ময়েই এই শৰীৰৰ দ্বাৰা ভূমিকা পলন কৰোঁ। এই আত্মাৰ জ্ঞান কাৰো নাই। এয়া পিতাই বুজায় যে নিজকে আত্মা বুলি বুজা - মই সূক্ষ্ম আত্মা হওঁ। আত্মাইহে এই শৰীৰৰ দ্বাৰা গোটেই ভূমিকা পলন কৰে, তেতিয়া দেহ-অভিমান আঁতৰি যাব। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। আমি আত্মাসকল এই গোটেই নাটকৰ এক্টৰ্চ (ভাওৰীয়া)। উচ্চতকৈও উচ্চ এক্টৰ হৈছে পৰমপিতা পৰমাত্মা। বুদ্ধিত থাকে তেৱোঁ (পৰমাত্মা) অতি সূক্ষ্ম বিন্দু হয়, তেওঁৰ গুণ-গৰিমা কিমান শ্ৰেষ্ঠ। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। কিন্তু হওতে সূক্ষ্ম বিন্দু। আমি আত্মাসকলো সূক্ষ্ম বিন্দু। দিব্য দৃষ্টি অবিহনে আত্মাক প্ৰত্যক্ষ কৰিব নোৱাৰি। এই নতুন নতুন কথাবোৰ তোমালোকে এতিয়া শুনি আছা। জগতৰ লোকে কি জানে। তোমালোকৰ মাজতো বহুত কম আছে যিয়ে যথাৰ্থ ৰীতিৰে বুজি পায় আৰু বুদ্ধিত থাকে যে মই আত্মা অতি সূক্ষ্ম বিন্দু হওঁ। আমাৰ পিতা এই ড্ৰামাৰ মুখ্য এক্টৰ হয়। উচ্চতকৈও উচ্চ এক্টৰ হৈছে পিতা, পাচত বেলেগ বেলেগ আহে। তোমালোকে জানা যে পিতা জ্ঞানৰ সাগৰ হয়, কিন্তু শৰীৰ অবিহনেতো জ্ঞান শুনাব নোৱাৰে। শৰীৰৰ দ্বাৰাহে কথা ক'ব পাৰে। অশৰীৰী হ'লে অৰগেন্স (কৰ্মেন্দ্ৰিয়সমূহ) পৃথক হৈ যায়। ভক্তিমাৰ্গততো দেহধাৰীসকলকে সোঁৱৰণ কৰে। পৰমপিতা পৰমাত্মাৰ নাম, ৰূপ, দেশ, কালকেই নাজানে। কেৱল কৈ দিয়ে পৰমাত্মা নাম-ৰূপৰ পৰা উপৰাম। পিতাই বুজায় - ড্ৰামা অনুসৰি তোমালোক যিসকল নাম্বাৰ ৱান (প্ৰথম নম্বৰৰ) সতোপ্ৰধান আছিলা, তোমোলোকেই পুনৰ সতোপ্ৰধান হ'ব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বৰ কাৰণে তোমালোকে আকৌ এইটো অৱস্থা মজবুত কৰি ৰাখিব লাগে যে আমি আত্মা হওঁ, আত্মাই এই শৰীৰৰ দ্বাৰা কথা কয়। আত্মাত জ্ঞান আছে। এই জ্ঞান আন কাৰো বুদ্ধিত নাই যে আত্মাত 84 জন্মৰ পাৰ্ট (ভূমিকা) অৱিনাশী ৰূপত নিহিত হৈ আছে। এইবোৰ বহুত নতুন নতুন পইণ্টচ (উক্তি)। একান্তত বহি নিজৰ সৈতে এনেকুৱা কথা পাতিব লাগে - মই আত্মা, পিতাৰ পৰা শুনি আছোঁ। ধাৰণা মই অৰ্থাৎ আত্মাই কৰোঁ। আত্মাতেই পাৰ্ট নিহিত হৈ আছে। মই আত্মা অৱিনাশী হওঁ। এয়া ভিতৰত মন্থন কৰিব লাগে। মই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। দেহ-অভিমানী মনুষ্যৰ আত্মাৰো জ্ঞান নাই, কিমান ডাঙৰ ডাঙৰ কিতাপ নিজৰ লগত ৰাখে। কিমান যে অহংকাৰ। এইখন হৈছেই তমোপ্ৰধান সৃষ্টি। উচ্চতকৈও উচ্চ আত্মাতো কোনো নাই। তোমালোকে জানা যে এতিয়া আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই কথাটি ভিতৰত মন্থন কৰিব লাগে। জ্ঞান শুনাওঁতাতো বহুত আছে। কিন্তু স্মৃতিত নাথাকে। ভিতৰত সেই অন্তৰ্মুখী অৱস্থা থাকিব লাগে। আমি পিতাৰ স্মৃতিৰে পতিতৰ পৰা পাৱন হ'ব লাগে, কেৱল পণ্ডিত হ'ব নালাগে। ইয়াৰ ওপৰত এজন পণ্ডিতৰ উদাহৰণো আছে - মাতাসকলক কৈছিল যে ৰাম ৰাম বুলি কৈ থাকিলে পাৰ হৈ যাবা...... গতিকে এনেকুৱা মিথ্যা ভাষণ দিওঁতা হ'ব নালাগে। এনেকুৱা বহুত আছে।

বুজায় বহুত ভাল, কিন্তু পিতাৰ স্মৃতি নাই। গোটেই দিন দেহ-অভিমানত থাকে। নহ'লেতো বাবালৈ চাৰ্ট (খতিয়ানৰ তালিকা) পঠিয়াব লাগে যে মই এইটো সময়ত উঠোঁ, ইমান পিতাক স্মৰণ কৰোঁ। একো বাতৰি নিদিয়ে। জ্ঞানৰ বহুত মিথ্যা ভাষণ দিয়ে। পিতাৰ স্মৃতি নাই। যদিও ডাঙৰ ডাঙৰ লোকক জ্ঞান দিয়ে, কিন্তু যোগত অপৈণত। ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰিব লাগে। বাবা আপুনি কিমান মষ্ট বিলাভেড্‌ (অতিকৈ মৰমৰ)। কেনেকুৱা এই বিচিত্ৰ ড্ৰামা ৰচি থোৱা আছে। কোনেও এই ৰহস্য নাজানে। আত্মাকো নাজানে, পৰমাত্মাকো নাজানে। এই সময়ত মনুষ্য জন্তুতকৈও অধম। আমিও এনেকুৱা আছিলোঁ। মায়াৰ ৰাজ্যত কিমান দুৰ্দশা হৈ যায়। এই জ্ঞান তোমালোকে যিকোনো লোককে দিব পাৰা। কোৱা, তোমালোক আত্মা এতিয়া তমোপ্ৰধান, তোমালোক সতোপ্ৰধান হ'ব লাগে। প্ৰথমে নিজকে আত্মা বুলি বুজা। দৰিদ্ৰসকলৰ বাবেতো আৰু সহজ। চহকীসকলৰ কাৰণে জঞ্জাল বহুত থাকে।

পিতাই কয় - মই আহোঁৱেই সাধাৰণ শৰীৰত। বহুত দুখীয়াও নহয় বহুত চহকীও নহয়। এতিয়া তোমালোকে জানা যে কল্পই কল্পই পিতা আহি আমাক এয়াই শিক্ষা দিয়ে যে পবিত্ৰ কেনেকৈ হ'বা। বাকী তোমালোকৰ ধান্দা (পেছাগত কাম-কাজ) আদিত হাই-কাজিয়া হয় তাৰ কাৰণে বাবা অহা নাই। তোমালোকেতো আহ্বানেই কৰা - হে পতিত-পাৱন আহা, সেয়েহে পিতাই পাৱন হোৱাৰ যুক্তি (উপায়) শুনায়। এই ব্ৰহ্মাই নিজেও একো নাজানিছিল। এক্টৰ হৈ যদি ড্ৰামাৰ আদি-মধ্য-অন্তৰ কথা নাজানে, তেন্তে তেওঁক কি বুলি কোৱা হ'ব। আমি আত্মাসকল এই সৃষ্টি চক্ৰত এক্টৰ হওঁ, এইটোও কোনেও নাজানে। যদিও কৈ দিয়ে যে আত্মা মূলবতনত নিবাস কৰে কিন্তু অনুভৱেৰে নকয়। তোমালোকেতো এতিয়া প্ৰেক্টিকেলত (বাস্তৱত) জানা - আমি আত্মাসকল মূলবতনৰ নিবাসী হওঁ। আমি আত্মাসকল অবিনাশী। এইটো স্মৃতিতো বুদ্ধিত থকা উচিত। বহুতৰে যোগ একেবাৰেই নাই। দেহ-অভিমানৰ কাৰণে আকৌ মিষ্টেকো (ভুলো) বহুত হয়। মূলকথা হৈছেই দেহী-অভিমানী হোৱা। এইটো চিন্তা থকা উচিত যে আমি সতোপ্ৰধান হব লাগে। যিসকল সন্তানৰ সতোপ্ৰধান হোৱাৰ চিন্তা থাকে তেওঁলোকৰ মুখেৰে কেতিয়াও পাথৰ (কটু বচন) উচ্চাৰিত নহয়। কিবা ভুল হ'লে তৎক্ষণাৎ পিতাক ৰিপৰ্ট কৰিব (জনাব)। বাবা মোৰ দ্বাৰা এইটো ভুল হ'ল। ক্ষমা কৰিব। লুকুৱাই নাৰাখিব। লুকুৱাই ৰাখিলে আৰুহে বৃদ্ধি হৈ যায়। বাবাক বাতৰি দি থাকিবা। বাবাই লিখি দিব তোমাৰ যোগ ঠিক নহয়। পাৱন হোৱাটোৱেই হৈছে মুখ্য কথা। তোমালোক সন্তানসকলৰ বুদ্ধিত 84 জন্মৰ কাহিনী আছে। যিমান সম্ভৱ কেৱল এইটোৱে চিন্তা চলি থাকিব লাগে যে মই সতোপ্ৰধান হব লাগে। দেহ-অভিমান এৰি দিব লাগে। তোমালোক হৈছা ৰাজঋষি। হঠযোগীয়ে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। ৰাজযোগ পিতাইহে শিকায়। জ্ঞানো পিতাইহে দিয়ে। বাকী এই সময়ত হৈছে তমোপ্ৰধান ভক্তি। জ্ঞান কেৱল পিতাই সংগমতহে আহি শুনায়। পিতা আহিছে গতিকে ভক্তি এতিয়া শেষ হ'ব, এই সৃষ্টিখনো শেষ হৈ যাব। জ্ঞান আৰু যোগেৰে সত্যযুগৰ স্থাপনা হয়। ভক্তি বস্তুটোৱেই বেলেগ। মনুষ্যই আকৌ কৈ দিয়ে যে দুখ-সুখ ইয়াতেই আছে। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত ডাঙৰ ৰেচপনচিবিলিটি (দায়িত্ব) আছে। নিজৰ কল্যাণ কৰাৰ যুক্তি ৰচি থাকা। এইটোও বুজোৱা হৈছে যে পাৱন সৃষ্টি হৈছে শান্তিধাম আৰু সুখধাম। এইখন হৈছে অশান্তিধাম, দুখধাম। প্ৰথম মুখ্য কথা হৈছে যোগৰ। যদি যোগ নাই তেন্তে পণ্ডিতৰ দৰে কেৱল জ্ঞানৰ মিথ্যা ভাষণ দিব। আজিকালি তন্ত্ৰ-মন্ত্ৰ কৰোঁতাও বহুত ওলাইছে, ইয়াৰ লগত জ্ঞানৰ সম্পৰ্ক নাই। মানুহ কিমান মিথ্যাৰ মাজত আৱদ্ধ হৈ আছে। পতিত হয়। পিতাই নিজেই কয় - মই পতিত সৃষ্টি, পতিত শৰীৰত আহোঁ। পাৱনতো ইয়াত কোনো নাই। এওঁতো (ব্ৰহ্মাই) নিজকে ভগৱান বুলি নকয়। এওঁতো কয় - ময়ো পতিত হওঁ, পাৱন হ'লে ফৰিস্তা হৈ যাম। তোমালোকো পবিত্ৰ ফৰিস্তা হৈ যাবা। গতিকে মূল কথা এইটোৱে যে আমি পবিত্ৰ কেনেকৈ হ'ম। স্মৰণ কৰাতো বহুত জৰুৰী। যিসকল সন্তান স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হয় তেওঁলোকে কয় - আমিতো শিৱবাবাৰ সন্তান হয়েই। স্মৃতিত আছোঁৱেই। কিন্তু বাবাই কয় - সেয়া সকলো মিছা কথা। অমনোযোগী হয়। এই ক্ষেত্ৰততো পুৰুষাৰ্থ কৰিব লাগে ৰাতিপুৱা উঠি নিজকে আত্মা বুলি বুজি বহিব লাগে। বাৰ্তালাপ কৰিব লাগে। আত্মাইহে বাৰ্তালাপ কৰে নহয় জানো। এতিয়া তোমালোক দেহী-অভিমানী হৈ যোৱা। যিয়ে কাৰোবাৰ কল্যাণ কৰে তেওঁলোকৰ গুণানুকীৰ্তনো কৰা হয় নহয় জানো। সেয়া হৈছে দেহৰ মহিমা। এয়াতো হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ মহিমা। এয়াও তোমালোকে বুজি পোৱা। এই ছিৰি তোমালোকৰ বাহিৰে অন্য কাৰোবাৰ বুদ্ধিত থাকিব জানো। আমি 84 জন্ম কেনেকৈ লওঁ, কেনেকৈ অৱনমিত হৈ আহোঁ। এতিয়াতো পাপৰ কলহ ভৰপূৰ হৈ গৈছে, সেয়া চফা কেনেকৈ হ'ব? সেই কাৰণে পিতাক আহ্বান কৰে। তোমালোক হৈছা পাণ্ডৱ সম্প্ৰদায়। ৰিলিজ-পলিটিকেল হোৱা (ধাৰ্মিকো হোৱা আৰু ৰাজনৈতিকো হোৱা)। বাবাই সকলো ৰিলিজিয়নৰ (ধৰ্মৰ) কথা বুজায়। অন্য কোনোৱে বুজাব নোৱাৰে। বাকী সেই ধৰ্ম প্ৰতিষ্ঠাপকসকলে কি কৰে, তেওঁলোকৰ পাচে পাচেতো বাকীসকলো অৱনমিত হবলগীয়া হয়। বাকী তেওঁলোকে জানো মোক্ষ প্ৰাপ্ত কৰায়। পিতাহে অন্তত আহি সকলোকে পবিত্ৰ কৰি উভতাই লৈ যায়, সেইবাবে সেই এজনৰ বাহিৰে আন কাৰো গুণ-গৰিমা নাই। ব্ৰহ্মাৰ নাইবা তোমালোকৰ কোনো গুণ-গৰিমা নাই। বাবা নহাহেঁতেনতো তোমালোকেও কি কৰিলাহেঁতেন। এতিয়া পিতাই তোমালোকক উৰ্দ্ধগামী কলালৈ লৈ যায়। গায়নো কৰে যে তোমালোক উৰ্দ্ধগামী হলে সকলোৰে কল্যাণ হয়। কিন্তু অৰ্থ বুজি পাই জানো। গুণানুকীৰ্তনতো বহুত কৰে।

এতিয়া পিতাই বুজাইছে - অকালতো আত্মা হয়, এয়া (ভ্ৰূকুটি; কপালৰ সোঁমাজ) হৈছে আত্মাৰ আসন। আত্মা অবিনাশী হয়। কালে কেতিয়াও নাখায়। আত্মাই এটা শৰীৰ এৰি অন্য ভূমিকা পালন কৰিব লাগে। বাকী নিবলৈ কোনো কাল আহে জানো। কোনোবাই শৰীৰ ত্যাগ কৰিলে তোমালোকৰ দুখ নহয়। শৰীৰ এৰি অন্য ভূমিকা পালন কৰিবলৈ গ'ল, কন্দাৰ কি দৰকাৰ। আমি আত্মা ভাই-ভাই হওঁ। এইটোও তোমালোকে এতিয়া জানা। এনেকৈ গায়ন কৰে যে আত্মাসকল আৰু পৰমাত্মা বহু কাল বিচ্ছিন্ন হৈ থাকিল পিতা কত আহি মিলিত হয়। এইটোও নাজানে। এতিয়া তোমালোকে সকলো কথাৰে বুজনি পোৱা। কিমান দিনৰ পৰা শুনিয়ে আহিছা। কোনো কিতাপ আদি লয় জানো। বুজাবৰ বাবে কেৱল ৰেফাৰ কৰে (উনুকিয়াই দিয়ে)। পিতা যিহেতু সত্য সেয়েহে সত্য ৰচনা ৰচে। সত্য কথা কয়। সত্যৰ জয়, অসত্যৰ পৰাজয়। সত্য পিতাই সত্য খণ্ড স্থাপনা কৰে। ৰাৱণৰ হাতত তোমালোক বহুত পৰাজিত হলা। এই সকলো খেল ৰচি থোৱা আছে। এতিয়া তোমালোকে জানা যে আমাৰ ৰাজ্য স্থাপন হৈ আছে পাচত এই সকলোবোৰ নাথাকিব। এই সকলোবোৰতো পাচত আহিছে। এই সৃষ্টি চক্ৰ বুদ্ধিত ৰখাতো কিমান সহজ। যিসকল পুৰুষাৰ্থী সন্তান তেওঁলোক কেৱল ইয়াতেই আনন্দিত নহ'ব যে আমি জ্ঞানতো বহুত ভালকৈ শুনাওঁ। লগতে যোগ আৰু মেনাৰ্চো (আচৰণো) ধাৰণ কৰিব। তোমালোক বহুত মিঠা হ'ব লাগে। কাকো দুখ দিব নালাগে। মৰমেৰে বুজাব লাগে। পবিত্ৰতাৰ ওপৰতো কিমান হুলস্থুল হয়। সেয়াও ড্ৰামাৰ অনুসৰি হয়। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা নহয় জানো। এনেকুৱা নহয় যে ড্ৰামাত আছে যদি পাম। নহয়, পৰিশ্ৰম কৰিব লাগে। দেৱতাসকলৰ দৰে দৈৱীগুণ ধাৰণ কৰিব লাগে। লুণীয়া পানী হব (কাজিয়া-পেচাল কৰিব) নালাগে। চাব লাগে যে মই ওলোটা আচৰণ কৰি পিতাৰ সন্মান হানিতো নকৰোঁ? সৎগুৰুৰ নিন্দা কৰা জনে কেতিয়াও পাৰ পাব (উচ্চপদ পাব) নোৱাৰে। এওঁতো সত্য পিতা, সত্য শিক্ষক হয়। আত্মাৰ এতিয়া স্মৃতি থাকে। বাবা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। নিশ্চয় জ্ঞান দি গৈছোঁ সেইবাবেতো গায়ন হয়। এওঁৰ (ব্ৰহ্মাৰ) আত্মাত কিবা জ্ঞান আছিল জানো? আত্মা কি হয়, ড্ৰামা কি হয় - কোনেও নাজানে। জানিবতো মনুষ্যইহে লাগিব নহয় জানো। ৰুদ্ৰ যজ্ঞ পাতিলে তেতিয়া আত্মাসকলৰ পূজা কৰে, তেওঁৰ (শিৱবাবাৰ) পূজা উত্তম নে দৈৱী শৰীৰৰ পূজা উত্তম? এই শৰীৰতো 5 তত্ত্বৰে গঠিত সেইবাবে শিৱবাবাৰ পূজাহে অব্যভিচাৰী পূজা হয়। এতিয়া সেই এজনৰ পৰাই শুনিব লাগে সেইবাবে কোৱা হয় - হিয়েৰ ন ইভিল (বেয়া নুশুনিবা) গ্লানিৰ কোনো কথা নুশুনিবা। মোৰ এজনৰ পৰাহে শুনিবা। এয়া হৈছে অব্যভিচাৰী জ্ঞান। মুখ্য কথা হৈছে যেতিয়া দেহ-অভিমান আঁতৰিব তেতিয়াহে তোমালোক শীতল হবা। পিতাৰ স্মৃতিত থাকিলে মুখেৰে অপ্ৰয়োজনীয় কথা উচ্চাৰিত নহ'ব, কুদৃষ্টি নাযাব। দেখিও যেন নেদেখিব। আমাৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হৈ আছে। পিতা আহি ত্ৰিনেত্ৰী, ত্ৰিকালদৰ্শী কৰি তুলিছে। এতিয়া তোমালোকৰ তিনিও কালৰ, তিনিও লোকৰ জ্ঞান আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান শুনোৱাৰ লগতে যোগতো (পিতাৰ স্মৃতিতো) থাকিব লাগে। ভাল মেনাৰ্চ (আচৰণ) ধাৰণ কৰিব লাগে। বহুত মিঠা হ'ব লাগে। মুখেৰে কেতিয়াও পাথৰ (কটু বচন) উচ্চাৰণ কৰিব নালাগে।

(2) অন্তৰ্মুখী হৈ একান্তত বহি নিজৰ সৈতে বাৰ্তালাপ কৰিব লাগে। পাৱন হোৱাৰ যুক্তি উলিয়াব লাগে। ৰাতিপুৱা উঠি পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে।

বৰদান:
সকলোৰে অন্তৰৰ মৰম প্ৰাপ্ত কৰোঁতা উপৰাম, স্নেহী, নিঃসংকল্পধাৰী হোৱা

যিসকল সন্তানৰ উপৰাম আৰু স্নেহী হৈ থকাৰ গুণ বা নিঃসংকল্প হৈ থকাৰ বিশেষত্ব আছে অৰ্থাৎ যিয়ে এই বৰদান প্ৰাপ্ত কৰিছে তেওঁলোক সকলোৰে প্ৰিয় হৈ যায় কিয়নো উপৰাম স্বভাৱৰ দ্বাৰা সকলোৰে অন্তৰৰ মৰম স্বতঃ প্ৰাপ্ত হয়। তেওঁলোকে নিজৰ শক্তিশালী নিঃসংকল্প স্থিতি বা শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা অনেকৰ সেৱাৰ নিমিত্ত হয় সেই কাৰণে নিজেও সন্তুষ্ট হৈ থাকে আৰু আনৰো কল্যাণ কৰে। তেওঁলোকৰ প্ৰতিটো কাৰ্যত সফলতা স্বতঃ প্ৰাপ্ত হয়।

স্লোগান:
এক বাবা শব্দই সকলো খাজনাৰ চাবি এই চাবিক সদায় চম্ভালি ৰাখিবা।