22.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল পিতাই স্বৰ্গৰ ভেটি স্থাপন কৰি আছে, তোমালোক সন্তানসকল সহায়কাৰী হৈ নিজৰ অংশ জমা কৰি লোৱা, ঈশ্বৰীয় মতত চলি শ্ৰেষ্ঠ প্ৰালব্ধ গঢ়া

প্ৰশ্ন:
বাপদাদা সদায় কোনসকল সন্তানৰ সন্ধানত থাকে?

উত্তৰ:
যিসকল বহুত অমায়িক শীতল স্বভাৱৰ সেৱাধাৰী সন্তান এনেকুৱা সন্তানসকলৰ পিতাই সন্ধান কৰি থাকে। সেৱাধাৰী সন্তানেহে পিতাৰ নাম উজ্জ্ব্ল কৰিব। যিমানে পিতাৰ সহায়কাৰী হয়, আজ্ঞাকাৰী, বিশ্বাসী হয়, সিমানে তেওঁলোক উত্তৰাধিকাৰৰ অধিকাৰী হয়।

গীত:-
ওঁম্‌ নমঃ শিৱায়ে

ওঁম্শান্তি।
ওঁম্‌ ৰ অৰ্থ কোনে শুনালে? পিতাই। যেতিয়া বাবা বুলি কোৱা হয় তেন্তে তেওঁৰ নাম নিশ্চয় লাগে। সাকাৰ হওঁক বা নিৰাকাৰ হওঁক, নাম নিশ্চয় লাগে। বাকী যিসকল আত্মা আছে সেই আত্মাসকলৰ কেতিয়াও নামকৰণ নহয়। আত্মা যেতিয়া জীৱ আত্মা হয় তেতিয়া শৰীৰৰ নামকৰণ হয়। ব্ৰহ্মা দেৱতায়ে নমঃ বুলি কয়, বিষ্ণুকো দেৱতা বুলি কয় কিয়নো আকাৰী হয় গতিকে আকাৰী শৰীৰৰ নামকৰণ কৰা হয়। নামকৰণ সদায় শৰীৰৰ কৰা হয়। একমাত্ৰ নিৰাকাৰ পৰমপিতা পৰমাত্মাহে আছে যাৰ নাম হৈছে শিৱ। একমাত্ৰ এই আত্মাটিৰহে নাম আছে, বাকী সকলোৰে দেহৰহে নামকৰণ হয়। শৰীৰ এৰিলে তেতিয়া আকৌ নাম সলনি হৈ যাব। পৰমাত্মাৰ এটিয়েই নাম চলি আহে, কেতিয়াও সলনি নহয়। ইয়াৰ পৰাই সিদ্ধ হয় যে তেওঁ কেতিয়াও জন্ম-মৃত্যুত নাহে। যদি নিজেই জন্ম-মৃত্যুত আহে তেনেহলে আনক জন্ম-মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰিব। অমৰলোকত কেতিয়াও জন্ম-মৃত্যু বুলি কোৱা নহয়। তাততো অতি সহজ ৰীতিৰে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়। মৃত্যু ইয়াত হয়। সত্যযুগত এনেকৈ নকয় যে অমুক মৰিল। মৃত্যু শব্দটি দুখৰ। তাততো পুৰণা শৰীৰ ত্যাগ কৰি অন্য কিশোৰ অৱস্থাৰ শৰীৰ লৈ লয়। আনন্দোৎসৱ কৰে। পুৰণি জগতত কিমান মনুষ্য আছে, এয়া সকলো এতিয়া নাশ হৈ যাব। দেখুৱায় যাদৱ আৰু কৌৰৱ আছিল, যুদ্ধত তেওঁলোক শেষ হৈ গল তেন্তে কি পাণ্ডৱসকলৰ দুখ হৈছিল জানো? নাই, হোৱা নাছিল। পাণ্ডৱসকলৰতো ৰাজ্য স্থাপন হল। এই সময়ত তোমালোক হৈছা ব্ৰহ্মা বংশী ব্ৰাহ্মণ, ব্ৰহ্মাকুমাৰ আৰু কুমাৰী। ব্ৰহ্মাৰ ইমানবোৰ সন্তান আছে গতিকে নিশ্চয় প্ৰজাপিতা হল। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ পিতা হৈছে শিৱ। তেওঁকেই ভগৱান বুলি কোৱা হয়। এই সময়ত তোমালোকে জানা যে আমি ঈশ্বৰীয় কুলৰ হওঁ। আমি বাবাৰ লগত, বাবাৰ ঘৰ নিৰ্বাণধামলৈ যাব ওলাইছোঁ। বাবাৰ আগমণ হৈছে, তেওঁক প্ৰেমিক বুলিও কোৱা হয়। কিন্তু সঠিক সম্বন্ধত তেওঁ পিতা হয় কিয়নো উত্তৰাধিকাৰ প্ৰেমিকাসকলে নাপায়। উত্তৰাধিকাৰ সন্তানে লয় গতিকে পিতা বুলি কোৱাটো ঠিক। পিতাক পাহৰি যোৱাৰ বাবেই মনুষ্য নাস্তিক হৈ গৈছে। কৃষ্ণৰ চৰিত্ৰৰ গায়ন কৰা হয়। কিন্তু কৃষ্ণৰ চৰিত্ৰতো একোৱেই নাই। ভাগৱতত কৃষ্ণৰ চৰিত্ৰ আছে কিন্তু চৰিত্ৰ থাকিব লাগে শিৱবাবাৰ। তেৱোঁ পিতা, শিক্ষক, সৎগুৰু হয়, ইয়াত চৰিত্ৰৰ কি কথা আছে। কৃষ্ণৰো চৰিত্ৰ নাই। তেওঁ হৈছে শিশু। যেনেকৈ সৰু লৰা-ছোৱালী থাকে। সৰু লৰা-ছোৱালী সদায় চঞ্চল হয়, সেয়েহে সকলোৰে মৰমৰ হয়। কৃষ্ণৰ ক্ষেত্ৰত যি দেখুৱায় যে কলহ ভাঙিলে, এনেকুৱাতো একোৱেই নাই। শিৱবাবাৰ কি চৰিত্ৰ আছে? সেয়াতো তোমালোকে দেখিবলৈ পোৱা যে পঢ়াই পতিতৰ পৰা পাৱন কৰি তোলে। কয় ভক্তি মাৰ্গত মই তোমালোকৰ ভাৱনা পূৰা কৰোঁ। বাকী ইয়াততো মই পঢ়াওঁ। এই সময়ত যিসকল মোৰ সন্তান হয়, তেওঁলোকেই মোক স্মৰণ কৰে। বাকী অন্য সকলোৰে স্মৃতি পাহৰি একমাত্ৰ পিতাৰ স্মৃতিত থকাৰ প্ৰযত্ন কৰে। এনেকুৱা নহয় যে মই সৰ্বব্যাপী হওঁ। মোক যিসকলে স্মৰণ কৰে, ময়ো তেওঁলোকক স্মৰণ কৰোঁ। স্মৰণতো সন্তানসকলকেই কৰিব। মুখ্য কথাতো এটাই। বাহাদুৰ বুলিতো কাৰোবাক তেতিয়া কোৱা হব যেতিয়া কোনোবা ডাঙৰ ব্যক্তিক বুজাই দেখুৱাব। সকলো নিৰ্ভৰ কৰে গীতাৰ ওপৰত। গীতা নিৰাকাৰ পৰমপিতা পৰমাত্মাই শুনায়, মনুষ্যই নহয়। ভগৱানক ৰূদ্ৰ বুলিও কোৱা হয়। কৃষ্ণক ৰূদ্ৰ বুলি কোৱা নহব। ৰূদ্ৰ জ্ঞান যজ্ঞৰ পৰাই বিনাশৰ জুই প্ৰজ্বলিত হৈছে।

অনেক লোকে পৰমাত্মাক মালিক বুলি কৈ স্মৰণ কৰে। কয় - সেই মালিকৰ নাম নাই। বাৰু সেই মালিক কত আছে? কি তেওঁৰ বিশ্বৰ, গোটেই সৃষ্টিৰ মালিক নেকি? পৰমপিতা পৰমাত্মাতো সৃষ্টিৰ মালিক নহয়, সৃষ্টিৰ মালিকতো দেৱী-দেৱতাসকল হয়। পৰমপিতা পৰমাত্মাতো ব্ৰহ্মাণ্ডৰ মালিক। ব্ৰহ্ম তত্ব পিতাৰ ঘৰ গতিকে আমাৰ সন্তানসকলৰো ঘৰ। ব্ৰহ্মাণ্ড হৈছে পিতাৰ ঘৰ যত আত্মাসকলক ডিম্বাকৃতিত দেখুৱায়। এনেকুৱা কোনো নাই। আমি আত্মাসকল জ্যোতি বিন্দু তাত নিবাস কৰোঁ, আকৌ ব্ৰহ্মাণ্ডৰ পৰা আমি ভূমিকা পালন কৰিবলৈ তললৈ আহোঁ, আমি ইজন সিজনৰ পিছত আহি থাকোঁ। বৃক্ষৰ বৃদ্ধি হৈ গৈ থাকে। বাবা হৈছে বীজৰূপ, আধাৰ দেৱী-দেৱতা বুলিয়ে কোৱা বা ব্ৰাহ্মণ বুলিয়ে কোৱা। ব্ৰাহ্মণে বীজ ৰোপণ কৰে। ব্ৰাহ্মণেহে পুনৰ দেৱতা হৈ ৰাজত্ব কৰে। এতিয়া আমাৰ দ্বাৰা শিৱবাবাই ভেটি স্থাপন কৰি আছে। দৈৱী সাম্ৰাজ্য অৰ্থাৎ স্বৰ্গৰ ভেটি স্থাপন কৰি আছে। যিয়ে যিমান সহায়কাৰী হব সিমানে তেওঁলোকে নিজৰ অংশ লব। নহলেনো সূৰ্যবংশী কেনেকৈ হব! এতিয়া তোমালোকে সেই উচ্চ প্ৰালব্ধ গঢ়ি আছা। প্ৰত্যেক মনুষ্যই পুৰুষাৰ্থৰে প্ৰালব্ধ গঢ়ি থাকে। প্ৰালব্ধ গঢ়িবলৈ ভাল কাম কৰা হয়। দান-পুণ্য কৰা, ধৰ্মশালা আদি নিৰ্মাণ কৰা। সকলোৱে ঈশ্বৰৰ অৰ্থেই কৰে কিয়নো তেওঁ হৈছে তাৰ ফল দিওঁতা। তোমালোকে এতিয়া শ্ৰীমতত পুৰুষাৰ্থ কৰি আছা। বাকী গোটেই জগতে মনুষ্য মতত পুৰুষাৰ্থ কৰি আছে। সেয়াও আসুৰি মত। ঈশ্বৰীয় মতৰ পাছত হৈছে দৈৱী মত, তাৰপাছত হৈ যায় আসুৰি মত। এতিয়া তোমালোক সন্তানসকলে ঈশ্বৰীয় মত পোৱা পোৱা। বাবা মম্মাও তেওঁৰ মতেৰে শ্ৰেষ্ঠ হয়। কোনো মনুষ্য দেৱতাসকলৰ দৰে শ্ৰেষ্ঠ হবই নোৱাৰে। দেৱতাসকলক শ্ৰেষ্ঠ কৰি তোলোঁতাজন কোন? ইয়াততো কোনো শ্ৰেষ্ঠ নাই। শ্ৰী শ্ৰী এজনেই তেৱেঁই সকলোতকৈ উচ্চতকৈও উচ্চ পিতা, শিক্ষক, সৎগুৰু। তেৱেঁই আকৌ শ্ৰী লক্ষ্মী-নাৰায়ণ হয়। যদিওবা ৰামকো কয় শ্ৰী সীতা, শ্ৰী ৰাম। কিন্তু তেওঁলোকৰ পাছত ক্ষত্ৰিয়, চন্দ্ৰবংশী যোগ হৈ যায়। সেই লক্ষ্মী-নাৰায়ণতো 16 কলা সম্পূৰ্ণ সূৰ্যবংশী দেৱতা কুলৰ হল আৰু ৰাম-সীতা হল 14 কলা চন্দ্ৰবংশী। দুটা কলা কম হল নহয় জানো। সেয়াতো নিশ্চয় হব। মনুষ্যই এইটো নাজানে যে সৃষ্টিৰ অৱনমিত কলা হয়। 16 কলাৰ পৰা 14 কলা হল গতিকে অৱনমিত (ডিগ্ৰেড) হল নহয় জানো। এই সময়ততো একেবাৰে অৱনমিত হৈছে। এয়া হৈছে ৰাৱণ সম্প্ৰদায়। ৰাৱণৰাজ্য নহয় জানো। ৰাৱণৰ মতক আসুৰি মত বুলি কোৱা হয়। সকলো পতিত। এই পতিত সৃষ্টিত কোনো পাৱন থাকিব নোৱাৰে। ভাৰতবাসী যিসকল পাৱন আছিল আকৌ পতিত হল তেওঁলোকেই পুনৰ পতিত হৈছে আকৌ তেওঁলোককেই মই আহি পাৱন কৰি তোলোঁ। পতিত-পাৱন কৃষ্ণ বুলি গায়ন কৰা নহয়। চৰিত্ৰৰো কথা নাই। পতিত-পাৱন বুলি একমাত্ৰ পৰমাত্মাকহে কোৱা হব। অন্তিম সময়ত সকলোৱে কব - অহো প্ৰভু আপোনাৰ গতি মতি অনন্য। আপোনাৰ ৰচনাক কোনেও নাজানে। সেয়াতো তোমালোকে এতিয়া জানি গলা। এই জ্ঞান হৈছে একেবাৰে নতুন। নতুন বস্তু যেতিয়া ওলায় তেতিয়া প্ৰথমে তাকৰীয়া হয় পাছত বাঢ়ি যায়। তোমালোকো প্ৰথমে এটা কোণাত পৰি আছিলা। এতিয়া দেশ-দেশান্তৰলৈ বৃদ্ধি পাই গৈ থাকিব। ৰাজধানী নিশ্চয় স্থাপন হব। মূল কথা এইটো সিদ্ধ কৰিব লাগে যে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়। উত্তৰাধিকাৰ পিতাই দিব, কৃষ্ণই নহয়। লক্ষ্মী-নাৰায়ণেও নিজৰ সন্তানক উত্তৰাধিকাৰ দিব। সেয়াও ইয়াৰ পুৰুষাৰ্থৰ প্ৰালব্ধ লাভ কৰে। সত্যযুগ, ত্ৰেতাত বেহদৰ উত্তৰাধিকাৰ থাকে। সোণালী, ৰূপালী জয়ন্তী পালন কৰে। ইয়াততো এটা দিন পালন কৰে। আমিতো 1250 বছৰ সোণালী জয়ন্তী পালন কৰোঁ। আনন্দোৎসৱ কৰে নহয়। মালামাল (সমৃদ্ধিশালী) হৈ যায়। গতিকে ভিতৰি এইটো অপাৰ আনন্দ থাকে। এনেকুৱা নহয় যে কেৱল বাহিৰত বন্তি আদি জ্বলায়। স্বৰ্গত আমি একেবাৰে সম্পত্তিমান, বহুত আনন্দিত হৈ যাওঁ। দেৱতা ধৰ্মৰ দৰে সুখী আৰু অন্য কোনো নহয়। আকৌ ৰূপালী জয়ন্তী আদিকো পূৰা বুজি নাপায়। এতিয়া তোমালোকে আধাকল্পৰ জয়ন্তী পালন কৰিবৰ কাৰণে পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি আছা। গতিকে মুখ্য এইটো কথা বুজিব লাগে যে গীতাৰ ভগৱান হৈছে শিৱ। তেৱেঁই ৰাজযোগ শিকাইছিল, সেয়া পুনৰ এতিয়া শিকাই আছে। শিকায়ো তেতিয়া যেতিয়া বাদশ্বাহী নাথাকে। প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজত্ব। ইজনে সিজনৰ মৰ্যাদা হানি কৰিবলৈ দেৰি নকৰে। তোমালোক সন্তানসকল তেওঁৰ মতত চলিলে সুখধামৰ মালিক হবাগৈ। এনেকুৱা বহুত আছে যিসকলে জ্ঞান পূৰা ধাৰণা নকৰে, কিন্তু সেৱাকেন্দ্ৰলৈ আহি থাকে। ভিতৰি অন্তৰে বিচাৰি থাকে যে এটি সন্তান জন্ম দিওঁ। মায়াই প্ৰলোভিত কৰে যে বিয়া কৰি এটি সন্তানৰ সুখ লৈ লওঁ। হেৰৌ নিশ্চয়তা জানো আছে যে সন্তানে সুখেই দিব। দুই-চাৰি বছৰ পাছত সন্তানটি মৰি গলে তেতিয়া আৰু অধিকহে দুখী হৈ যাবা। আজি আনন্দোৎসৱ কৰে কালিলৈ চিতাত উঠাবলগীয়া হলে তেতিয়া কন্দা-কটা কৰিবলগীয়া হয়। এইখন হয়েই দুখধাম। চোৱা, খাদ্যও কেনেকুৱা খায়! গতিকে পিতাই বুজায় যে সন্তানসকল এনেকুৱা আশা নাৰাখিবা। মায়াই ডাঙৰ ধুমুহা লৈ আনিব। ততালিকে বিকাৰত অধঃপতিত কৰি দিব। তেতিয়া আহিবলৈও লাজ পাবা। সকলোৱে কব কুল কলংকৃত কৰিলা গতিকে উত্তৰাধিকাৰ কি লবা। বাবা মম্মা বুলি কোৱা গতিকে ব্ৰহ্মাকুমাৰ কুমাৰী পৰস্পৰ ভাই-ভনী হৈ গলা। আকৌ যদি বিকাৰত অধঃপতিত হোৱা তেন্তে এনেকুৱা কুলৰ কলংকই আৰুহে এশ গুণ কঠোৰ শাস্তি খাব আৰু পদো ভ্ৰষ্ঠ হব। কিছুমানতো বিকাৰত যায় কিন্তু নকয় গতিকে বহুত দণ্ডৰ ভাগীদাৰ হয়। ধৰ্মৰজা বাবাইতো কাকো এৰি নিদিয়ে। তেওঁলোকেতো শাস্তি খাই কাৰাবাস খাটে। কিন্তু ইয়াৰসকলৰ বাবেতো কঠোৰ শাস্তি আছে। এনেকুৱাও সেৱাকেন্দ্ৰলৈ বহুত আহে। পিতাই বুজায় যে এনেকুৱা কৰ্ম নকৰিবা। এনেকৈ কোৱা যে আমি ঈশ্বৰীয় সন্তান আকৌ যদি বিকাৰত যোৱা, এয়াতো নিজৰে সৰ্বনাশ নাশ কৰা হল। কিবা ভুল হলে ততালিকে পিতাক কৈ দিয়া। যদি বিকাৰ অবিহনে থাকিব নোৱাৰা তেন্তে ইয়ালৈ নহাটোৱে ভাল। নহলে বায়ুমণ্ডল নষ্ট হৈ যায়। তোমালোকৰ মাজত যদি কোনোবা বগলি বা অশুদ্ধ খাদ্য খাওঁতা বহে তেন্তে কিমান বেয়া লাগিব। পিতাই কয় যে এনেকুৱাসকলক লৈ অহাসকলৰ ওপৰত দোষ আহি যায়। জগতত এনেকুৱা সৎসঙ্গতো বহুত আছে, তাত গৈ ভক্তি কৰা। ভক্তি কৰাত মই বাধা নিদিওঁ। ভগৱান আহে পৱিত্ৰ কৰি তুলিবলৈ, পৱিত্ৰ বৈকুণ্ঠৰ উত্তৰাধিকাৰ দিবলৈ। পিতাই কয় যে কেৱল পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। বচ্‌ আৰু খোৱা-বোৱাত সংযমী হোৱাৰ যুক্তিও শুনায়। সংযমী হোৱাৰ বাবে অনেক প্ৰকাৰৰ যুক্তিও ৰচিব পাৰা। স্বাস্থ্য ভাল নহয়, চিকিৎসকে মানা কৰিছে। বাৰু আপুনি কৈছে যেতিয়া মই বাৰু ফল গ্ৰহণ কৰিছোঁ। নিজক ৰক্ষা কৰিবলৈ এনেকৈ কোৱাতো কোনো মিছা মতা নহয়। বাবাই মানা নকৰে। বাবা এনেকুৱা সন্তানসকলৰ সন্ধানত আছে, যিসকল একেবাৰে অমায়িক হব, কোনো পুৰণা স্বভাৱ থাকিব নালাগে। সেৱাধাৰী, আজ্ঞাকাৰী, বিশ্বাসী হওঁক। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই মায়াবী জগতত প্ৰতিটো কথাত দুখ আছে সেইকাৰণে এই পুৰণি জগতত কোনো আশা ৰাখিব নালাগে। যদিও মায়াৰ ধুমুহা আহে কিন্তু কেতিয়াও কুলৰ কলংক নহবা।

(2) খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত সংযম ৰাখিব লাগে, পাৰ্টি আদিলৈ গলে বহুত যুক্তিৰে চলিব লাগে।

বৰদান:
বেয়াৰ মাজতো বেয়াক নাচাই ভালৰ পাঠ পঢ়োঁতা অনুভৱী মূৰ্ত হোৱা

লাগিলে গোটেই কথাই বেয়া হওঁক কিন্তু তাতো এটা দুটা ভাল নিশ্চয় থাকে। পাঠ পঢ়াবলৈ ভালতো সকলো কথাত সমাহিত হৈ আছে কিয়নো সকলো কথা অনুভৱী কৰি তোলাৰ নিমিত্ত হয়। ধৈৰ্যৰ পাঠ পঢ়াই দিয়ে। অন্য অত্যাধিক আৱেগ প্ৰৱণ হৈ আছে আৰু তোমালোকে সেই সময়ত ধৈৰ্য বা সহনশীলতাৰ পাঠ পঢ়ি আছা, সেইকাৰণে কয় যি হৈ আছে সেয়া ভাল আৰু যি হবলগীয়া আছে সেয়া আৰু ভাল। ভালখিনি বোটলি লবলৈ কেৱল বুদ্ধি লাগে। বেয়াক নাচাই ভালখিনি বোটলি লোৱা তেতিয়া এক নম্বৰ হৈ যাবা।

স্লোগান:
সদায় প্ৰসন্নচিত হৈ থাকিবলৈ হলে শান্তিৰ শক্তিৰে বেয়াক ভাললৈ পৰিৱৰ্তন কৰা।