22.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক বহুত ৰয়েল ষ্টুডেণ্ট (ৰাজকীয় বিদ্যাৰ্থী) হোৱা, তোমালোকে পিতা, টিচাৰ (শিক্ষক) আৰু সৎগুৰুৰ স্মৃতিত থাকিব লাগে, অলৌকিক সেৱা কৰিব লাগে

প্ৰশ্ন:
যিসকলে নিজে নিজক বেহদ (অসীম)ৰ ভাৱৰীয়া বুলি ভাবি চলে, তেওঁলোকৰ লক্ষণ শুনোৱা?

উত্তৰ:
তেওঁলোকৰ বুদ্ধিত কোনো সূক্ষ্ম বা স্থূল দেহধাৰীৰ স্মৃতি নাথাকিব। তেওঁলোকে এজন পিতাক আৰু শান্তিধাম ঘৰক স্মৰণ কৰি থাকিব কিয়নো তেওঁলোক এজনৰ প্ৰতি উৎসৰ্গিত। যেনেকৈ পিতাই গোটেই জগতৰ সেৱা কৰে, পতিতক পাৱন কৰি তোলে তেনেকৈ সন্তানসকলো পিতাৰ সমান সেৱাধাৰী হৈ যায়।

ওঁম্শান্তি।
পোন প্ৰথমে পিতাই সন্তানসকলক সাৱধান কৰি দিয়ে। ইয়াত বহিছা সেয়েহে নিজক আত্মা বুলি ভাবি পিতাৰ আগত বহিছানে? এয়াও বুদ্ধিলৈ আনা যে আমি পিতাৰ আগতো বহিছোঁ, টিচাৰৰ আগতো বহিছোঁ। নাম্বাৰ ৱান কথা হল - আমি আত্মা হওঁ, পিতাও আত্মা, টিচাৰো আত্মা, গুৰুও আত্মা। এজনেই নহয় জানো। এয়া নতুন কথা তোমালোকে শুনিছা। তোমালোকে কোৱা - বাবা আমিতো কল্পই কল্পই এয়া শুনো। সেয়েহে বুদ্ধিত এইটো স্মৃতি থাকিব লাগে, পিতাই পঢ়ায়, আমি আত্মাসকলে এই অৰগেন্সসমূহৰ (কৰ্মেন্দ্ৰিয়সমূহৰ) দ্বাৰা শুনো। এই জ্ঞান তোমালোক সন্তানসকলে উচ্চতকৈ উচ্চ ভগৱানৰ দ্বাৰা এই সময়তে পোৱা। তেওঁ সকলো আত্মাৰ পিতা, যিজনে উত্তৰাধিকাৰ দিয়ে। কি জ্ঞান দিয়ে? সকলোৰে সৎগতি কৰে অৰ্থাৎ ঘৰলৈ লৈ যায়। কিমানক লৈ যাব? এই সকলোবোৰ তোমালোকে জানা। মহবোৰৰ নিচিনা (জাকে জাকে) সকলো আত্মাই যাব লাগিব। সত্যযুগত এটাই ধৰ্ম, পবিত্ৰতা-সুখ-শান্তি সকলো থাকে। তোমালোক সন্তানসকলে চিত্ৰৰ ওপৰত বুজোৱা বহুত সহজ। সন্তানসকলেও নক্সাৰ ওপৰত বুজি পায় নহয় জানো। ইংলেণ্ড হয়, এয়া হয় পাচত সেয়া স্মৃতিলৈ আহি যায়। এয়াও এনেকুৱা। এজন এজন ষ্টুডেণ্টক বুজাবলগীয়া হয়, মহিমাও এজনৰে হয় উচ্চতকৈ উচ্চ ভগৱান শিৱায়ে নমঃ। ৰচয়িতা পিতা ঘৰৰ মুৰব্বী নহয় জানো। তেওঁ হদৰ, এওঁ গোটেই বেহদৰ ঘৰৰ পিতা। এওঁ আকৌ টিচাৰো হয়। তোমালোকক পঢ়ায়। সেয়েহে তোমালোক সন্তানসকলৰ বহুত আনন্দ থকা উচিত। তোমালোক ষ্টুডেণ্টসকলো ৰয়েল হোৱা। পিতাই কয় মই সাধাৰণ শৰীৰত আহোঁ। প্ৰজাপিতা ব্ৰহ্মাৰো ইয়াত নিশ্চয় প্ৰয়োজন। তেওঁৰ অবিহনে কাম কেনেকৈ চলিব। আৰু নিশ্চয় বয়োজ্যেষ্ঠজনৰে প্ৰয়োজন কিয়নো এডপ্টেড্‌ (তোলনীয়া) হয় নহয় জানো। সেয়েহে বয়োজ্যেষ্ঠজনৰ প্ৰয়োজন। কৃষ্ণতো শিশু শিশুৱে কথা কব নোৱাৰে। বয়োজ্যেষ্ঠ হলে শোভা পায়। শিশুক জানো কোনোবাই বাবা বুলি কব। গতিকে সন্তানসকলৰো বুদ্ধিলৈ অহা উচিত আমি কাৰ সন্মুখত বহিছোঁ। অন্তৰ আনন্দিতও হোৱা উচিত। ষ্টুডেণ্ট যতেই বহি নাথাকক তেওঁলোকৰ বুদ্ধিত পিতাও স্মৃতিলৈ আহে। শিক্ষকো স্মৃতিলৈ আহে। তেওঁলোকৰতো পিতা বেলেগ, টিচাৰ বেলেগ হয়। তোমালোকৰতো এজনেই পিতা-টিচাৰ-গুৰু হয়। এই বাবাওতো (ব্ৰহ্মাবাবাওতো) ষ্টুডেণ্ট হয়। পঢ়ি আছে। কেৱল ৰথ (শৰীৰ) লোণ (ঋণ)লৈ দিছে আৰু আন কোনো পাৰ্থক্য নাই। বাকী তোমালোকৰ নিচিনাই হয়। এওঁৰ আত্মায়ো এয়াই বুজে যি তোমালোকে বুজা। মহিমা কেৱল এজনৰেই। তেওঁকেই (শিৱবাবাকেই) প্ৰভু, ঈশ্বৰ বুলি কয়। এৱোঁ (ব্ৰহ্মাবাবায়ো) কয় নিজকে আত্মা বুলি বুজি এজন পৰমাত্মাক স্মৰণ কৰা, বাকী সকলো সূক্ষ্ম বা স্থূল দেহধাৰীক পাহৰি যোৱা। তোমালোক শান্তিধাম নিবাসী হোৱা। তোমালোক হৈছা বেহদৰ ভূমিকা পালন কৰোঁতা। এই কথাবোৰ আন কোনেও নাজানে। গোটেই জগততে কোনেও নাজানে, ইয়ালৈ যিসকল আহে তেওঁলোকে বুজি পাই গৈ থাকে। আৰু পিতাৰ ছাৰ্ভিচ (সেৱা)ত আহি যায়। ঈশ্বৰীয় সহায়কাৰী হৈ গল নহয় জানো। পিতাও আহিছে সেৱা কৰিবলৈ। পতিতক পাৱন কৰি তোলাৰ সেৱা কৰে। ৰাজ্য হেৰুৱাই পুনৰ যেতিয়া দুখী হয় তেতিয়া পিতাক আহ্বান কৰে। যিজনে ৰাজ্য দিছিল, তেওঁকেই মাতিব।

তোমালোক সন্তানসকলে জানা পিতা সুখধামৰ মালিক কৰি গঢ়ি তুলিবলৈ আহিছে। জগতত এয়া কোনেও নাজানে। হওতেতো সকলো ভাৰতবাসী এটা ধৰ্মৰে। এয়া হয়েই মুখ্য ধৰ্ম। সেয়া নিশ্চয় যেতিয়া নাথাকে তেতিয়াতো পিতা আহি স্থাপন কৰে। সন্তানসকলে বুজিব পাৰে যে ভগৱান যাক গোটেই জগতে আল্লাহ (ঈশ্বৰ), গড্‌ বুলি কৈ আহ্বান কৰে, তেওঁ ইয়ালৈ ড্ৰামা অনুসৰি কল্পৰ আগৰ নিচিনাকৈ আহিছে। এয়া হল গীতা এপিচড (অধ্যায়), যত পিতা আহি স্থাপন কৰে। গোৱাও হয় ব্ৰাহ্মণ আৰু দেৱী-দেৱতা... ক্ষত্ৰিয় বুলি নকয়। ব্ৰাহ্মণ দেৱী-দেৱতাই নমঃ বুলি কয় কিয়নো ক্ষত্ৰিয় তথাপিওতো 2 কলা কম হৈ গল নহয় জানো। স্বৰ্গ বুলি কোৱাই হয় নতুন সৃষ্টিক। ত্ৰেতাক নতুন সৃষ্টি বুলি কব জানো। প্ৰথমতে সত্যযুগত হয় একেবাৰে নতুন সৃষ্টি। এয়া হল পুৰণিতকৈও পুৰণি সৃষ্টি। পুনৰ নতুনকৈও নতুন সৃষ্টিলৈ যাম। আমি এতিয়া সেই সৃষ্টিলৈ যাওঁ সেয়েহে সন্তানসকলে কয় আমি নৰৰ পৰা নাৰায়ণ হওঁ। কথাও (আখ্যানো) আমি সত্য নাৰায়ণৰ শুনোঁ। প্ৰিন্স (ৰাজকুমাৰ) হোৱাৰ কথা বুলি নকয়। সত্য-নাৰায়ণৰ কথা হয়। তেওঁলোকে নাৰায়ণক বেলেগ বুলি ভাবে। কিন্তু নাৰায়ণৰ কোনো জীৱন কাহিনীতো নাই। জ্ঞানৰ কথাতো বহুত আছে নহয় জানো সেইবাবে 7 দিন দিয়া হয়। 7 দিন ভাটিত থাকিবলগীয়া হয়। কিন্তু এনেকুৱা নহয় যে ইয়াতে ভাটিত থাকিব লাগিব। এনেকৈতো আকৌ ভাটিৰ অজুহাত দেখুৱাই বহুত আহি যাব। পঢ়া ৰাতিপুৱা আৰু সন্ধিয়া হয়। দুপৰীয়া বায়ুমণ্ডল ঠিক নাথাকে। ৰাতিও 10-12 বজালৈ একেবাৰে বেয়া সময়। ইয়াত তোমালোক সন্তানসকলেও পৰিশ্ৰম কৰিব লাগে, স্মৃতিত থাকি সতোপ্ৰধান হোৱাৰ বাবে। তাততো গোটেই দিনটো কাম-কাজত থাকা। এনেকুৱাও বহুত থাকে যিসকলে পেছাগত কাম-কাজ কৰি আকৌ পঢ়েও বেছি ভাল চাকৰি আদি কৰাৰ বাবে। ইয়াতেও তোমালোকে পঢ়া সেয়েহে যিজনে পঢ়ায় সেই টিচাৰক স্মৰণ কৰিব লাগে। বাৰু, টিচাৰ বুলি ভাবিয়েই স্মৰণ কৰা তেতিয়াও তিনিওজনেই একেলগে স্মৃতিলৈ আহি যায় পিতা, টিচাৰ, গুৰু, তোমালোকৰ বাবে বহুত সহজ সেয়েহে তৎক্ষণাৎ স্মৃতিলৈ আহিব লাগে। এওঁ আমাৰ বাবাও হয়, টিচাৰ আৰু গুৰুও হয়। উচ্চতকৈ উচ্চ পিতা হয় যাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। আমি স্বৰ্গলৈ নিশ্চয় যাম। স্বৰ্গৰ স্থাপনা নিশ্চয় হব। তোমালোকে কেৱল উচ্চ পদ পোৱাৰ বাবে পুৰুষাৰ্থ কৰা। এয়াও তোমালোকে জানা। মনুষ্যসকলেও গম পাব, তোমালোকৰ আৱাজ বিয়পি যাব। তোমালোক ব্ৰাহ্মণসকলৰ অলৌকিক ধৰ্ম হল শ্ৰীমতত অলৌকিক সেৱাত তৎপৰ হৈ থকা। এয়াও মনুষ্যসকলে গম পাই যাব যে তোমালোকে শ্ৰীমতত কিমান উচ্চ কাম কৰি আছা। তোমালোকৰ নিচিনা অলৌকিক ছাৰ্ভিচ কোনেও কৰিব নোৱাৰে। তোমালোক ব্ৰাহ্মণ ধৰ্মাৱলম্বীসকলেহে এনেকুৱা কৰ্ম কৰা। সেয়েহে এনেকুৱা কৰ্মত লাগি যোৱা উচিত। পিতাও বিজী (ব্যস্ত) হৈ থাকে নহয় জানো। তোমালোকে ৰাজধানী স্থাপন কৰি আছা। সেয়াতো পঞ্চায়ত মিলিত হৈ কেৱল প্ৰতিপালন কৰি থাকে। ইয়াত তোমালোকে গুপ্ত ভেশত কি কৰি আছা। তোমালোক হৈছা ইনকাগনিটো, আননোন ৱাৰিয়ৰ্চ, নন-ভায়োলেন্স (গুপ্ত, অজ্ঞাত, অহিংসক যোদ্ধা)। ইয়াৰ অৰ্থও কোনেও বুজি নাপায়। তোমালোক ডবল (দ্বৈত) অহিংসক সেনা। ডাঙৰ হিংসাতো এয়া বিকাৰৰ হয়, যিয়ে পতিত কৰি তোলে। ইয়াৰ ওপৰতেই জয়ী হব লাগে। ভগৱানুবাচ (ভগৱানৰ বাণী) কাম মহাশত্ৰু হয়, ইয়াৰ ওপৰত জয়ী হলেহে তোমালোক জগতজিৎ হবাগৈ। এই লক্ষ্মী-নাৰায়ণ জগতজিৎ হয় নহয় জানো। ভাৰত জগতজিৎ আছিল। এই ভাৰত বিশ্বৰ মালিক কেনেকৈ হল! এয়াও বাহিৰত থকাসকলে (ব্ৰাহ্মণ কুলৰ নহলে) বুজিব নোৱাৰে। এয়া বুজিবলৈ বহুত বিশাল বুদ্ধিৰ প্ৰয়োজন। ডাঙৰ ডাঙৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল বিশাল বুদ্ধিৰ হয় নহয় জানো। তোমালোকে শ্ৰীমতত নিজৰ ৰাজ্য স্থাপন কৰা। তোমালোকে যিকোনো লোককে বুজাব পাৰা বিশ্বত শান্তি আছিল নহয় জানো, আন কোনো ৰাজ্য নাছিল। স্বৰ্গত কেৱল শান্তি হব নোৱাৰে। বহিস্থ (স্বৰ্গ)ক কোৱাই হয় গাৰ্ডেন অফ্‌ আল্লাহ (ঈশ্বৰৰ বাগিচা)। কেৱল বাগিচাৰে হব জানো। মনুষ্যৰো প্ৰয়োজন নহয় জানো। এতিয়া তোমালোক সন্তানসকলে জানা আমি স্বৰ্গৰ মালিক হৈ আছোঁ। তোমালোক সন্তানসকলৰ কিমান নিচা থকা উচিত আৰু উচ্চ খেয়াল (চিন্তন) হোৱা দৰকাৰ। তোমালোকে বাহিৰৰ (বাহ্যিক) কোনোধৰণৰ সুখকেই নিবিচৰা। এই সময়ত তোমালো একেবাৰে চিম্পুল (সাধাৰণ) হৈ থাকিব লাগে। এতিয়া তোমালোক শহুৰৰ ঘৰলৈ যোৱা। এয়া হল মাতা-পিতাৰ ঘৰ। ইয়াত তোমালোকে দুজন পিতা পাইছা। এজন হৈছে নিৰাকাৰ উচ্চতকৈ উচ্চ, আনজন হৈছে সাকাৰ, তেৱোঁ উচ্চতকৈ উচ্চ। এতিয়া তোমালোক শহুৰৰ ঘৰ বিষ্ণুপুৰীলৈ যোৱা। সেইখন ঘৰক কৃষ্ণপুৰী বুলি নকয়। শিশুৰ পুৰী নাথাকে। বিষ্ণুপুৰী অৰ্থাৎ লক্ষ্মী-নাৰায়ণৰ পুৰী। তোমালোকৰ হল ৰাজযোগ। গতিকে নিশ্চয় নৰৰ পৰা নাৰায়ণ হবা।

তোমালোক সন্তানসকল হৈছা সঁচা ঈশ্বৰীয় সেৱাধাৰী। বাবাই সঁচা ঈশ্বৰীয় সেৱাধাৰী বুলি তেওঁলোকক কয় যিসকলে অতিকমেও 8 (আঠ) ঘণ্টা আত্মা-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে। কোনো কৰ্ম বন্ধন যাতে নাথাকে তেতিয়া সহায়কাৰী হব পাৰা আৰু কৰ্মাতীত অৱস্থা হব পাৰে। নৰৰ পৰা নাৰায়ণ হবলৈ হলে কৰ্মাতীত অৱস্থাৰ নিশ্চয় প্ৰয়োজন। কৰ্মবন্ধন থাকিলে তেতিয়া শাস্তি খাব লাগিব। সন্তানসকলে নিজেই বুজি পায় স্মৃতিত থকাৰ পৰিশ্ৰম বহুত কাঢ়া। যুক্তি বহুত সহজ, কেৱল পিতাক স্মৰণ কৰিব লাগে। ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ। যোগৰ বাবেই নলেজ (জ্ঞান), যি পিতাই আহি শিকায়। কৃষ্ণই জানো যোগ শিকায়। কৃষ্ণক আকৌ স্বদৰ্শন চক্ৰ দি দিছে। সেইখন চিত্ৰও কিমান ভুল। এতিয়া তোমালোকে কোনো চিত্ৰ আদিও স্মৰণ কৰিব নালাগে। সকলো পাহৰি যোৱা। কাৰো প্ৰতি যাতে বুদ্ধি নাযায়, লাইন ক্লিয়াৰ (বুদ্ধিৰ যোগসুত্ৰ স্পষ্ট) হোৱা উচিত। এয়া হল পঢ়াৰ সময়। জগতক পাহৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, তেতিয়াহে পাপ খণ্ডন হব। পিতাই কয় প্ৰথমে প্ৰথমে তোমালোক অশৰীৰী হৈ আহিছিলা, আকৌ তোমালোক যাব লাগিব। তোমালোক অলৰাউণ্ডাৰ (আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা) হোৱা। তেওঁলোক হল হদৰ (সীমিত) এক্টৰ (ভাৱৰীয়া), তোমালোক হলা বেহদৰ (অসীমিত)। এতিয়া তোমালোকে বুজি পোৱা যে আমি অনেকবাৰ ভূমিকা পালন কৰিছোঁ। অনেকবাৰ তোমালোক বেহদৰ মালিক হোৱা। এই বেহদৰ নাটকত আকৌ সৰু সৰু নাটকো অনেকবাৰ চলি থাকে। সত্যযুগৰ পৰা কলিযুগলৈকে যি কিছু হৈছে সেয়া ৰিপিট (পুনৰাবৃত্তি) হৈ থাকে। ওপৰৰ পৰা অন্তলৈকে তোমালোকৰ বুদ্ধিত আছে। মূলবতন, সূক্ষ্মবতন আৰু সৃষ্টি চক্ৰ, বচ, আন কোনো ধামৰ লগত তোমালোকৰ কাম নাই। তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তেওঁলোকৰ যেতিয়া সময় হব তেতিয়া তেওঁলোক আহিব। ক্ৰমানুসৰি যেনেকৈ আহিছে তেনেকৈয়ে পুনৰ যাব। আমি আন ধৰ্মৰ কি বৰ্ণনা কৰিম। তোমালোকে কেৱল এজন পিতাৰ স্মৃতিতহে থাকিব লাগে। চিত্ৰ আদি এই সকলোবোৰ পাহৰি এজন পিতাক স্মৰণ কৰিব লাগে। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰকো নহয়, কেৱল এজনক। তেওঁলোকে ভাবে পৰমাত্মা লিঙ্গ হয়। এতিয়া লিংগৰ সমান কোনো বস্তু কেনেকৈ থাকিব পাৰে। লিঙ্গই কেনেকৈ জ্ঞান শুনাব। প্ৰেৰণাৰে কোনোবাই লাউড-স্পীকাৰ ৰাখিব জানো যাৰ দ্বাৰা তোমালোকে শুনিবা! প্ৰেৰণাৰেতো একো নহয়। এনেকুৱা নহয় যে শংকৰক প্ৰেৰিত কৰে। এই সকলোবোৰ ড্ৰামাত আগৰেপৰা নিৰ্ধাৰিত হৈ আছে। বিনাশতো হবই। যেনেকৈ তোমালোক আত্মাসকলে শৰীৰৰ দ্বাৰা কথা কোৱা, তেনেকৈ পৰমাত্মায়ো তোমালোক সন্তানসকলৰ লগত কথা পাতে। তেওঁৰ পাৰ্টেই (ভূমিকাই) দিব্য অলৌকিক। পতিতসকলক পাৱন কৰি তোলোঁতা এজনে পিতা। তেওঁ কয় মোৰ পাৰ্ট সকলোতকৈ অনন্য। কল্পৰ আগতে যিসকল আহিছিল তেওঁলোক আহি থাকিব। যি কিছু পাষ্ট (অতীত) হৈ গল সেয়া ড্ৰামা, এই ক্ষেত্ৰত অলপো ইফাল-সিফাল নহয়। আকৌ পুৰুষাৰ্থৰ খেয়াল ৰাখিব লাগে। এনেকুৱা নহয় যে ড্ৰামা অনুসৰি আমাৰ কম পুৰুষাৰ্থ চলে তেতিয়াতো পদো বহুত কম হৈ যাব। পুৰুষাৰ্থ তীব্ৰতৰ কৰা উচিত। ড্ৰামাৰ ওপৰত এৰি দিব নালাগে। নিজৰ চাৰ্ট (স্মৰণৰ খতিয়ান) পৰীক্ষা কৰি থাকা। বঢ়াই যোৱা। নোট (টুকি) ৰাখা মোৰ চাৰ্ট বাঢ়ি আছেনে, কমতো হোৱা নাই। বহুত সাৱধানতাৰ প্ৰয়োজন। ইয়াত তোমালোকৰ হল ব্ৰাহ্মণৰ সংগ। বাহিৰত সকলো হৈছে কুসংগ। তেওঁলোক সকলোৱে ওলোটাই শুনায়। এতিয়া পিতাই তোমালোকক কুসংগৰ পৰা আঁতৰাই আনে।

মনুষ্য কুসংগত আহি নিজৰ জীৱন প্ৰণালী, নিজৰ বেশ-ভূষা সকলো সলাই দিছে, দেশ-বেশেই সলনি কৰি দিছে, এয়াও যেন নিজৰ ধৰ্মৰ ইনচাল্ট (অপমান) কৰিছে। চোৱা কেনেকুৱা কেনেকুৱা কেশ-বিন্যাস কৰে। দেহ-অভিমান হৈ যায়। কেৱল কেশ-বিন্যাসৰ বাবেই 100-150 টকা খৰচ কৰে। ইয়াক কোৱা হয় অতি দেহ-অভিমান। তেওঁলোকে আকৌ কেতিয়াও জ্ঞান লব নোৱাৰে। বাবাই কয় একেবাৰে চিম্পুল (সাধাৰণ) হোৱা। ভাল দামী শাৰী পিন্ধিলেও দেহ-অভিমান ওপজে। দেহ-অভিমান নাইকিয়া কৰিবৰ বাবে সকলো সাধাৰণ কৰি দিয়া উচিত। ভাল বস্তুৱে দেহ-অভিমানত আনে। তোমালোকে এই সময়ত বনবাসত আছা নহয় জানো। সকলো বস্তুৰ পৰা মোহ আঁতৰাব লাগে। বহুত সাধাৰণ হৈ থাকিব লাগে। বিয়া আদিলৈ লাগিলে ৰঙীন কাপোৰ পিন্ধি যোৱা, সম্পৰ্ক ৰক্ষাৰ্থে পিন্ধা, আকৌ ঘৰলৈ আহি খুলি দিলা। তোমালোকতো বাণীৰ সিপাৰে যাব লাগে। বানপ্ৰস্থীসকল শুভ্ৰ পোছাকত থাকে। তোমালোক সৰু-ডাঙৰ প্ৰত্যেকেই বানপ্ৰস্থী হোৱা। সৰু শিশুসকলকো শিৱবাবাৰহে স্মৃতি সোঁৱৰাই দিব লাগে। ইয়াতেই কল্যাণ আছে। বচ, আমি এতিয়া শিৱবাবাৰ ওচৰলৈ যাব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় ধ্যান থাকিব লাগে যে আমাৰ কোনো চলন দেহ-অভিমানযুক্ত যাতে নহয়। বহুত চিম্পুল (সাধাৰণ) হৈ থাকিব লাগে। কোনো বস্তুৰ প্ৰতি মমত্ব ৰাখিব নালাগে। কুসংগৰ পৰা নিজকে সাৱধানে ৰাখিব লাগে।

(2) স্মৃতিত থকাৰ পৰিশ্ৰমৰ দ্বাৰা সকলো কৰ্মবন্ধন ছিঙি কৰ্মাতীত হব লাগে। অতিকমেও 8 (আঠ) ঘণ্টা আত্মা-অভিমানী হৈ সঁচা ঈশ্বৰীয় সহায়কাৰী হব লাগে।

বৰদান:
সদায় বেহদৰ স্থিতিত স্থিত হৈ থাকোঁতা বন্ধনমুক্ত, জীৱনমুক্ত হোৱা

দেহ-অভিমান হৈছে হদৰ স্থিতি আৰু দেহী-অভিমানী হোৱা এয়া হৈছে বেহদৰ স্থিতি। দেহত অহাৰ বাবে অনেক কৰ্মবন্ধনত, হদত আহিবলগীয়া হয় কিন্তু যেতিয়া দেহী (আত্মা) অভিমানী হৈ যোৱা তেতিয়া এই সকলো বন্ধন সমাপ্ত হৈ যায়। যেনেকৈ কোৱা হয় বন্ধনমুক্তজনেই জীৱনমুক্ত হয়, তেনেকৈ যিসকল বেহদৰ স্থিতিত স্থিত হৈ থাকে তেওঁলোকে জগতৰ বায়ুমণ্ডল, ভায়ব্ৰেচন (প্ৰকম্পন), তমোগুণী বৃত্তিবোৰ, মায়াৰ আক্ৰমণ এই সকলোৰে পৰা মুক্ত হৈ যায়। ইয়াকে কোৱা হয় জীৱনমুক্ত স্থিতি, যাৰ অনুভৱ সংগমযুগতে কৰিব লাগে।

স্লোগান:
নিশ্চয়বুদ্ধিৰ লক্ষণ নিশ্চিত বিজয়ী আৰু নিচিন্ত, তেওঁলোকৰ ওচৰত ব্যৰ্থ আহিব নোৱাৰে।