23.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজক ৰাজতিলক দিয়াৰ যোগ্য কৰি তোলা, পঢ়া পঢ়িলে, শ্ৰীমতত চলিলে তেতিয়া ৰাজতিলক পাই যাবা

প্ৰশ্ন:
কোনটো স্মৃতিত থাকিলে ৰাৱণভাৱৰ স্মৃতি বিস্মৃত হৈ (স্মৃতিৰ পৰা মচ খাই) যাব?

উত্তৰ:
সদায় যাতে এইটো স্মৃতি থাকে যে আমি স্ত্ৰী-পুৰুষ নহয়, আমি আত্মা হয়, আমি জ্যেষ্ঠ বাবা (শিৱবাবাৰ) পৰা কনিষ্ঠ বাবা (ব্ৰহ্মা)ৰ দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ। এইটো স্মৃতিয়ে ৰাৱণভাৱৰ স্মৃতিক পাহৰাই দিব। যিহেতু স্মৃতি উদয় হল যে আমি এজন পিতাৰ সন্তান, গতিকে ৰাৱণভাৱৰ স্মৃতি সমাপ্ত হৈ যায়। এইটোও পবিত্ৰ হৈ থকাৰ বহুত ভাল যুক্তি (উপায়)। কিন্তু ইয়াৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।

গীত:
তুম্হে পাকে হমনে জহা পা লিয়া.. (তোমাক পাই আমি গোটেই জগতখনেই পাই গলোঁ)

ওঁম্শান্তি।
আত্মিক পিতা বহি আত্মিক সন্তানসকলক বুজায়। চোৱা, সকলোৱে তিলক ইয়াত (ভ্ৰূকুটিৰ; কপালৰ সোঁমাজত) দিয়ে। এই ঠাইত একতো আত্মাৰ নিৱাস, দ্বিতীয়তে আকৌ ৰাজতিলকো এই ঠাইত দিয়া হয়। এয়া আত্মাৰ স্মৃতি চিহ্নতো হয়েই। এতিয়া আত্মাক পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লাগে। বিশ্বৰ ৰাজ্যতিলক লাগে। সূৰ্যবংশীচন্দ্ৰবংশী মহাৰজামহাৰাণী হবৰ কাৰণে পঢ়ে। এই পঢ়া মানেই হল নিজে নিজক ৰাজতিলক প্ৰদান কৰা। তোমালোক ইয়ালৈ আহিছাই পঢ়িবৰ কাৰণে। আত্মা যি ইয়াত নিৱাস কৰে, সেই আত্মাই কয় হে বাবা আমি আপোনাৰ পৰা বিশ্বৰ স্বৰাজ্য অৱশ্যে প্ৰাপ্ত কৰিম। নিজৰ কাৰণে প্ৰত্যেকে নিজৰ পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলে কয় বাবা আমি এনেকুৱা সুসন্তান হৈ দেখুৱাম। আপুনি আমাৰ চলন লক্ষ্য কৰি থাকিব যে আমাৰ চলন কেনেকৈ চলি আছে। আপুনিও জানিব পাৰে আমি নিজক ৰাজতিলক দিয়াৰ যোগ্য হৈছো নে নাই? তোমালোক সন্তানসকলে পিতাৰ সুসন্তান হৈ দেখুৱাব লাগে। বাবা আমি আপোনাৰ নাম নিশ্চয় উজ্জ্বল কৰিম। আমি আপোনাৰ সহায়কাৰী তথা নিজৰ সহায়কাৰী হৈ ভাৰতত নিজৰ ৰাজত্ব কৰিম। ভাৰতবাসীয়ে কয় নহয় আমাৰ ৰাজ্য। কিন্তু সেই বেচেৰাসকলে নাজানে যে এতিয়া আমি বিষয় বৈতৰণী নদীত ডুবি আছোঁ। আমাৰ আত্মাসকলৰ ৰাজ্যতো নাই। এতিয়াতো আত্মা ওলোটাকৈ ওলমি আছে। খাবলৈকো নাপায়। যেতিয়া এনেকুৱা অৱস্থা হয় তেতিয়া বাবাই কয় এতিয়াতো মোৰ সন্তানসকলে খাবলৈকো নাপায়, এতিয়া মই গৈ এওঁলোকক ৰাজযোগ শিকাওঁ। গতিকে পিতা ৰাজযোগ শিকাবৰ কাৰণে আহে। বেহদৰ (অসীমৰ) পিতাক স্মৰণ কৰে। তেওঁ হয়েই নতুন সৃষ্টি ৰচনা কৰোঁতা। পিতা পতিত-পাৱনো হয়, জ্ঞান সাগৰো হয়। এয়া তোমালোকৰ বাহিৰে আৰু কাৰো বুদ্ধিত নাই। এয়া কেৱল তোমালোক সন্তানসকলে জানা যথাযথ আমাৰ বাবা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। পিতাৰ এই মহিমা দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা, নাপাহৰিবা। পিতাৰ মহিমা আছে নহয় জানো। সেইজন পিতা (শিৱবাবা) পুৰ্নজন্ম ৰহিত (পুৰ্নজন্ম নলয়)। কৃষ্ণৰ মহিমা একেবাৰে পৃথক। প্ৰাইম মিনিষ্টাৰ (প্ৰধানমন্ত্ৰী), প্ৰেচিডেণ্ট (ৰাষ্ট্ৰপতি)ৰ মহিমাতো পৃথক পৃথক হয় নহয় জানো। পিতাই কয় ময়ো এই ড্ৰামাত (নাটকত) উচ্চতকৈ উচ্চ পাৰ্ট (ভূমিকা) পাইছোঁ। ড্ৰামাত এক্টৰ্চে (ভাৱৰীয়াসকলে) গম পোৱা উচিত নহয় জানো যে এয়া বেহদৰ (অসীমৰ) ড্ৰামা, ইয়াৰ আয়ুস কিমান। যদি নাজানে তেন্তে তেওঁলোকক বুদ্ধিহীন বুলি কোৱা হব। কিন্তু এয়া কোনোবাই বুজি পায় জানো। পিতা আহি কনট্ৰাষ্ট (পাৰ্থক্য) শুনায় যে মনুষ্য কিহৰ পৰা কি হৈ যায়। এতিয়া তোমালোকে বুজিব পাৰা, মনুষ্যই একেবাৰে নাজানে যে 84 জন্ম কিদৰে লোৱা হয়। ভাৰত কিমান উচ্চ আছিল, চিত্ৰ আছে নহয়। সোমনাথ মন্দিৰৰ পৰা কিমান ধন লুটি লৈ গল। কিমান ধন আছিল। এতিয়া তোমালোক সন্তানসকল ইয়াত বেহদৰ (অসীমৰ) পিতাক লগ পাবৰ কাৰণে আহিছা। সন্তানসকলে জানে যে আমি পিতাৰ পৰা ৰাজতিলক শ্ৰীমত অনুসৰি লবলৈ আহিছোঁ। পিতাই কয় - পবিত্ৰ নিশ্চয় হব লাগিব। জন্ম-জন্মান্তৰ বিষয় বৈতৰণী নদীত ডুবি থাকি ভাগৰি পৰা নাইনে। এনেকৈ কোৱাও যে মই পাপী, মোৰ নিৰ্গুণী (গুণ হেৰুৱাজন)ৰ কোনো গুণ নাই, তাৰমানে নিশ্চয় কেতিয়াবা গুণ আছিল যি এতিয়া নাই।

এতিয়া তোমালোকে বুজি পাইছা - আমি বিশ্বৰ মালিক, সৰ্বগুণ সম্পন্ন আছিলোঁ। এতিয়া কোনো গুণ বাকী নাথাকিল। এয়াও পিতাই বুজায়। সন্তানসকলৰ ৰচয়িতা হৈছেই পিতা। সেয়েহে পিতাৰ সকলো সন্তানৰ প্ৰতি পুতৌ জন্মে। পিতাই কয় - মোৰো ড্ৰামাত এই পাৰ্ট (ভূমিকা) আছে। কিমান তমোপ্ৰধান হৈ গৈছে। মিছা, পাপ, কাজিয়া কি কি চলি আছে। সকলো ভাৰতবাসী সন্তানে পাহৰি গৈছে যে আমি কোনোবা সময়ত বিশ্বৰ মালিক ডবল মুকুটধাৰী আছিলোঁ। পিতাই তেওঁলোকক (সন্তানসকলক) সোঁৱৰাই দিয়ে, তোমালোক বিশ্বৰ মালিক আছিলা পুনৰ 84 জন্ম লৈ আহিছা। তোমালোকে নিজৰ 84 জন্মক পাহৰি গৈছা। ৱণ্ডাৰ (বিস্ময়) হয়, 84 ৰ সলনি 84 লাখ জন্ম বুলি কৈ দিছে আকৌ কল্পৰ আয়ুসো লাখ লাখ বছৰ বুলি কৈ দিয়ে। ঘোৰ অন্ধকাৰত আছে নহয় জানো। কিমান মিছা। ভাৰতেই সঁচাখণ্ড আছিল, ভাৰতেই মিছাখণ্ড হয়। মিছাখণ্ড কোনে বনালে, সঁচাখণ্ড কোনে বনালে এয়া কোনেও নাজানে। ৰাৱণক একেবাৰেই নাজানে। ভক্তসকলে ৰাৱণক জ্বলায়। কোনোবা ৰিলিজিয়াচ (ধাৰ্মিক) লোক হলে, তেওঁক তোমালোকে কোৱা যে মনুষ্যই এয়া কি কি কৰে। সত্যযুগ যাক হেভেন পেৰাডাইজ বুলি কোৱা তাত চয়তান ৰাৱণ কৰ পৰা আহিল? হেলৰ (নৰকৰ) মনুষ্য তাত কেনেকৈ থাকিব পাৰে। তেতিয়া বুজিব এয়াতো যথাযথ ভুল হয়। তোমালোকে ৰামৰাজ্যৰ চিত্ৰৰ ওপৰত বুজাব পাৰা, ইয়াত ৰাৱণ কৰ পৰা আহিল? তোমালোকে বুজোৱাও কিন্তু বুজি নাপায়। কোনোবা বিৰলা (খুব কম সংখ্যক) ওলায়। তোমালোক কিমান কম সংখ্যক সেয়াও আগলৈ প্ৰত্যক্ষ কৰিব লাগিব কিমান তিষ্ঠি থাকে।

গতিকে বাবাই বুজাইছে আত্মাৰ সূক্ষ্ম চিহ্নও ইয়াতেই দেখুওৱা হয়। ডাঙৰ চিহ্ন হৈছে ৰাজতিলক। এতিয়া পিতা আহিছে। নিজকে ডাঙৰ তিলক কিদৰে দিয়া যায়, তোমালোকে স্বৰাজ্য কিদৰে প্ৰাপ্ত কৰিব পাৰা? তাৰ ৰাস্তা দেখুৱায়। তাৰ নাম ৰাখি দিছে ৰাজযোগ। শিকাওঁতাজন হৈছে পিতা। কৃষ্ণ পিতা হব পাৰে জানো। তেওঁতো সন্তান হয় আকৌ ৰাধাৰ লগত সয়ম্বৰ হয় তেতিয়া তেওঁলোকৰ এটি সন্তান হব। বাকী কৃষ্ণক ইমান ৰাণী আদি দি দিছে এয়াতো মিছা নহয় জানো। কিন্তু এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, এনেকুৱা কথাবোৰ পুণৰ শুনিবা। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে কিদৰে আমি আত্মাসকল ওপৰৰ পৰা ভূমিকা পালন কৰিবলৈ আহোঁ। এটা শৰীৰ এৰি অন্য এটা লয়। এয়াতো বহুত সহজ নহয় জানো। সন্তান জন্ম পালে, তেওঁলোকক শিকায় এইটো কোৱা। গতিকে শিকালে শিকি যায়। তোমালোকক বাবাই কি শিকায়? মাথো কয় পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোকে গায়নো কৰা তুমি মাতাপিতা.. আত্মাই গায়ন কৰে নহয় যে যথাযথ অপাৰ সুখ পোৱা যায়। তোমালোক সন্তানসকলে জানা শিৱবাবাই আমাক পঢ়াই আছে। ইয়াত তোমালোক শিৱবাবাৰ ওচৰলৈ আহিছা। ভাগীৰথতো মনুষ্যৰ ৰথ নহয় জানো। ইয়াত পৰমপিতা পৰমাত্মা বিৰাজমান হয়, কিন্তু ৰথৰ নাম কি? এতিয়া তোমালোকে জানা নাম হৈছে ব্ৰহ্মা কিয়নো ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচে নহয় জানো। প্ৰথমতে হয়েই ব্ৰাহ্মণ টিকণী (আটাইতকৈ উচ্চ ব্ৰাহ্মণ) তাৰপাচত দেৱতা। প্ৰথমতেতো ব্ৰাহ্মণৰ আৱশ্যক সেইকাৰণে বিৰাট ৰূপো দেখুৱাইছে। তোমালোক ব্ৰাহ্মণসকলেই পুনৰ দেৱতা হোৱা। পিতাই বহুত ভালদৰে বুজায়, তথাপিও পাহৰি যায়। পিতাই কয় সন্তানসকল সদায় স্মৃতিত ৰাখিবা যে আমি স্ত্ৰীপুৰুষ নহয়, আমি আত্মা হয়। আমি জ্যেষ্ঠ পিতা (শিৱবাবা)ৰ পৰা কনিষ্ঠ পিতা (ব্ৰহ্মা)ৰ দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ গতিকে ৰাৱণভাৱৰ স্মৃতি বিস্মৃত হৈ যাব। এয়া পবিত্ৰ হৈ থকাৰ বহুত ভাল যুক্তি (উপায়)। বাবাৰ ওচৰলৈ বহুত যুগল আহে, দুয়োৱে কয় বাবা। যিহেতু স্মৃতি উদয় হল আমি এজন পিতাৰ সন্তান হয় তেন্তে ৰাৱণভাৱৰ স্মৃতি বিস্মৃত হৈ যোৱা উচিত, এই ক্ষেত্ৰত পৰিশ্ৰমৰ প্ৰয়োজন। পৰিশ্ৰম অবিহনেতো একো হব নোৱাৰে। আমি বাবাৰ হৈ গলো, তেওঁকেই স্মৰণ কৰোঁ। পিতায়ো কয় - মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব। 84 জন্মৰ কাহিনীও একেবাৰে সহজ হয়। বাকী পৰিশ্ৰম হয় পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰত। পিতাই কয় পুৰুষাৰ্থ কৰি অতিকমেও 8 (আঠ) ঘণ্টাতো স্মৰণ কৰা। এপল দুপল কৈ.। ক্লাচত আহিলে স্মৃতি উদয় হব পিতাই আমাক এয়া পঢ়ায়। এতিয়া তোমালোক পিতাৰ সন্মুখত আছা নহয় জানো। পিতাই সন্তান সন্তান বুলি সম্বোধন কৰি বুজায়। তোমালোক সন্তানসকলে শুনা। পিতাই কয় হিয়ৰ ন ইভিল, চি ন ইভিল.. (বেয়া নুশুনিবা, বেয়া নাচাবা..) এয়াও এতিয়াৰহে কথা।

এতিয়া তোমালোক সন্তানসকলে জানা আমি জ্ঞানসাগৰ পিতাৰ ওচৰলৈ সন্মুখত আহিছোঁ। জ্ঞানসাগৰ পিতাই তোমালোকক গোটেই সৃষ্টিৰ জ্ঞান শুনাই আছে। বাকী কোনোবাই সেই জ্ঞান লয় বা নলয়, সেয়াতো তেওঁৰ ওপৰত। পিতা আহি এতিয়া আমাক জ্ঞান দি আছে। আমি এতিয়া ৰাজযোগ শিকোঁ। পাচলৈ কোনো শাস্ত্ৰ আদি ভক্তিৰ অংশ নাথাকিবগৈ। ভক্তি মাৰ্গত জ্ঞানৰ অংশ মাত্ৰও নাথাকে, জ্ঞান মাৰ্গত আকৌ ভক্তিৰ অংশ মাত্ৰও নাথাকে। জ্ঞানসাগৰ যেতিয়া আহে তেতিয়া তেওঁ জ্ঞান শুনাব। তেওঁৰ জ্ঞান হয়েই সৎগতিৰ কাৰণে। সৎগতি দাতা হয়েই এজন, যিজনকহে ভগৱান বুলি কোৱা হয়। সকলোৱে এজনেই পতিতপাৱনক মাতে আকৌ দ্বিতীয় কোনোবা কেনেকৈ হব পাৰে। এতিয়া পিতাৰ দ্বাৰা তোমালোক সন্তানসকলে সঁচা কথাবোৰ শুনি আছা। পিতাই শুনাইছে সন্তানসকল, মই তোমালোকক কিমান চহকী কৰি থৈ গৈছিলোঁ। 5 হাজাৰ বছৰৰ কথা। তোমালোক ডবল মুকুটধাৰী আছিলা, পবিত্ৰতাৰো মুকুট আছিল আকৌ যেতিয়া ৰাৱণ ৰাজ্য হয় তেতিয়া তোমালোক পূজাৰী হৈ যোৱা। এতিয়া পিতা পঢ়াবলৈ আহিছে গতিকে তেওঁৰ শ্ৰীমতত চলিব লাগে, অন্যসকলকো বুজাব লাগে। পিতাই কয় মই এই শৰীৰ লোণ (ধাৰ) লবলগীয়া হয়। সকলো মহিমা সেই এজনৰেই হয়, মইতো (ব্ৰহ্মা) তেওঁৰ ৰথ হওঁ। ষাঁড় নহওঁ। সকলো বলিদান তোমালোকৰ, বাবাই তোমালোকক শুনায়, মই মাজতে শুনি লওঁ। মোক অকলে কেনেকৈ শুনাব। তোমালোকক শুনায় ময়ো শুনি লওঁ। এৱো (ব্ৰহ্মাও) পুৰুষাৰ্থী ষ্টুডেণ্ট হয়। তোমালোকো ষ্টুডেণ্ট হয়। এৱো (ব্ৰহ্মায়ো) পঢ়ে। পিতাৰ স্মৃতিত থাকে। কিমান আনন্দত থাকে। লক্ষ্মী-নাৰায়ণক দেখি আনন্দিত হয় - মই এয়া হবলৈ ওলাইছোঁ। তোমালোক ইয়ালৈ আহিছাই স্বৰ্গৰ প্ৰিঞ্চ-প্ৰিঞ্চেচ (ৰাজকুমাৰ-ৰাজকুমাৰী) হবলৈ। ৰাজযোগ নহয় জানো। এইম-অব্জেক্টো (লক্ষ্য-উদ্দেশ্যও) আছে। পঢ়াওঁতাজনো বহি আছে তেন্তে ইমান আনন্দিত কিয় নোহোৱা। অন্তৰত বহুত আনন্দ থকা উচিত। বাবাৰ পৰা আমি কল্পই কল্পই উত্তৰাধিকাৰ লওঁ। ইয়াত জ্ঞানসাগৰৰ ওচৰলৈ আহোঁ, পানীৰতো কথাই নহয়। এয়াতো পিতাই সন্মুখত বুজাই আছে। তোমালোকেও এয়া (দেৱতা) হবৰ কাৰণে পঢ়ি আছা। সন্তানসকল বহুত আনন্দিত হোৱা উচিত এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। এতিয়া যিয়ে যিমান পঢ়িব সিমান উচ্চ পদ পাব। প্ৰত্যেকে নিজৰ পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ নহবা। বহুত ডাঙৰ লটাৰি হয়। বুজি পায়ো আকৌ আচম্বিত কৰি পলাই গৈ পঢ়া এৰি দিয়ে। মায়া কিমান প্ৰবল হয়। ভালবাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজকে ৰাজতিলক দিয়াৰ যোগ্য কৰি তুলিব লাগে। সুসন্তান হৈ প্ৰমাণ দিব লাগে। চলন বহুত ৰয়েল (মাৰ্জিত) হব লাগে। পিতাৰ সম্পূৰ্ণ সহায়কাৰী হব লাগে।

(2) আমি ষ্টুডেণ্ট (বিদ্যাৰ্থী) হওঁ, ভগৱানে আমাক পঢ়াই আছে, এইটো আনন্দৰে পঢ়া পঢ়িব লাগে। পুৰুষাৰ্থত কেতিয়াও নিৰাশ হব নালাগে।

বৰদান:
কণ্ট্ৰলিং পাৱাৰৰ (নিয়ন্ত্ৰণ শক্তিৰ) দ্বাৰা এক চেকেণ্ডৰ পেপাৰত (পৰীক্ষাত) পাছ (উত্তীৰ্ণ) হওঁতা পাছ উইথ অনাৰ (সন্মান সহকাৰে উত্তীৰ্ণ) হোৱা

এতিয়াই শৰীৰত আহা আৰু এতিয়াই শৰীৰৰ পৰা উপৰাম হৈ অব্যক্ত স্থিতিত স্থিত হৈ যোৱা। যিমানেই খেলিমেলি (অশান্ত পৰিস্থিতি) হয় সিমানেই নিজৰ স্থিতি অতি শান্ত হওঁক, ইয়াৰ বাবে সামৰি লোৱা শক্তিৰ আৱশ্যক। এক চেকেণ্ডত বিস্তাৰৰ পৰা সাৰত গুচি যোৱা আৰু এক চেকেণ্ডত সাৰৰ পৰা বিস্তাৰত আহি যোৱা, এনেকুৱা কণ্ট্ৰলিং পাৱাৰ (নিয়ন্ত্ৰণ শক্তি) থকাসকলেহে বিশ্বক কণ্ট্ৰল (নিয়ন্ত্ৰণ) কৰিব পাৰে। আৰু এইটো অভ্যাসেই অন্তিমৰ এক চেকেণ্ডৰ পেপাৰত (পৰীক্ষাত) পাছ উইথ অনাৰ (সন্মান সহকাৰে উত্তীৰ্ণ) কৰি তুলিব।

স্লোগান:
বানপ্ৰস্থ স্থিতিৰ অনুভৱ কৰা আৰু কৰোৱা তেতিয়া শৈশৱৰ খেল সমাপ্ত হৈ যাব।