23.06.22 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
ইয়াৰ কোটি কোটি তোমালোকৰ কামত নাহিব, সকলো মাটিত মিলি যাব, সেইবাবে তোমালোকে এতিয়া
সত্যখণ্ডৰ বাবে সঁচা উপাৰ্জন কৰা”
প্ৰশ্ন:
কোনটো এটা
কথাৰ কাৰণে তোমালোক ব্ৰাহ্মণসকলক দেৱতাসকলতকৈও উচ্চ বুলি মান্যতা দিয়া হয়?
উত্তৰ:
আমি ব্ৰাহ্মণে এতিয়া সকলোৰে আত্মিক সেৱা কৰোঁ। আমি সকলো আত্মাৰ মিলন পৰমাত্মাৰ সৈতে
কৰাওঁ। এই ৰাইজৰ সেৱা দেৱতাসকলে নকৰে। তাততো যেনে ৰজা-ৰাণী তেনে প্ৰজা, ইয়াত যি
পুৰুষাৰ্থ কৰিলে তাৰ প্ৰালব্ধ ভোগ কৰে। সেৱা নকৰে সেয়েহে তোমালোক সেৱাধাৰী ব্ৰাহ্মণ
দেৱতাসকলতকৈও উচ্চ।
ওঁম্শান্তি।
এয়া কাৰ সভা
অনুষ্ঠিত হৈছে? জীৱ আত্মাসকল আৰু পৰমাত্মাৰ। যাৰ শৰীৰ আছে তাক জীৱ আত্মা বুলি কোৱা
হয়, তেওঁলোক মনুষ্য আৰু তেওঁক পৰমাত্মা বুলি কয়। জীৱ আত্মাসকল আৰু পৰমাত্মা
বিচ্ছিন্ন হৈ থাকিল বহুকাল……. ইয়াক মঙ্গল মিলন বুলি কোৱা হয়। সন্তানসকলে জানে
পৰমপিতা পৰমাত্মাক জীৱ আত্মা বুলি ক’ব নোৱাৰি কিয়নো তেওঁ লোণত লয়। শৰীৰৰ আধাৰ লয়।
নিজে আহি কয় – সন্তানসকল, ময়ো এই প্ৰকৃতিৰ আধাৰ ল’বলগীয়া হয়। মই গৰ্ভততো নাযাওঁ। মই
এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক বুজাওঁ। তোমালোক জীৱ আত্মাসকলৰতো নিজা নিজা শৰীৰ আছে।
মোৰ নিজৰ শৰীৰ নাই। গতিকে এইখন অনন্য সভা নহ'ল জানো। এনেকুৱা নহয় যে ইয়াত কোনো গুৰু,
অনুগামী বা শিষ্য বহে। নহয়, এইখনতো স্কুল। এনেকুৱা নহয় যে গুৰুৱে শৰীৰ এৰাৰ পাছত
গাদী পাবা। গাদীৰ কথা নাই। সন্তানসকলৰ নিশ্চয় জন্মিছে যে আমাক কোনে পঢ়ায়। নিশ্চয়
নজন্মিলে কোনো আহিব নোৱাৰে। জীৱ আত্মাসকলৰ বৰ্ণ হৈছে ব্ৰাহ্মণ বৰ্ণ কিয়নো ব্ৰহ্মাৰ
দ্বাৰা পৰমপিতা পৰমাত্মাই ৰচনা ৰচে। তোমালোকে জানা আমি ব্ৰাহ্মণ সৰ্বোত্তম,
দেৱতাসকলতকৈও উত্তম। দেবতাসকলে কোনো ৰাইজৰ সেৱা নকৰে। তাততো যেনে ৰজা-ৰাণী তেনে
প্ৰজা, নিজৰ যি পুৰুষাৰ্থ কৰিছে সেই অনুসৰি নিজৰ প্ৰালব্ধ ভোগ কৰে। সেৱা কোনেও নকৰে।
ব্ৰাহ্মণে সেৱা কৰে। সন্তানসকলে জানে আমি বেহদৰ পিতাৰ পৰা হুবহু পাঁচ হাজাৰ বছৰ
পূৰ্বৰ দৰে ৰাজযোগ শিকি আছোঁ। তোমালোক সন্তান হ’লা। ইয়াত অনুগামীৰ কথা নাই। পিতাই
বাৰে বাৰে সন্তান সন্তান বুলি সম্বোধন কৰি বুজায়। তোমালোক এতিয়া আত্মা-অভিমানী হৈছা,
আত্মা অবিনাশী, শৰীৰ বিনাশী। শৰীৰক বস্ত্ৰ বুলি কোৱা হয়। এয়া মলিয়ন বস্ত্ৰ কিয়নো
আত্মাই আসুৰি মতত বিকাৰগ্ৰস্ত হয়। পতিত হয়। ‘পাৱন’ আৰু ‘পতিত’ শব্দ দুটি বিকাৰৰ পৰা
উদ্ভৱ হয়। পিতাই কয় - এতিয়া আৰু অধিক পতিত নহ’বা। এতিয়া সকলো ৰাৱণৰ শিকলিত বন্দী হৈ
আছে কিয়নো এইখন হৈছে ৰাৱণৰাজ্য। গতিকে পিতাই তোমালোকক ৰাৱণৰাজ্যৰ পৰা উদ্ধাৰ কৰি
ৰামৰাজ্যলৈ লৈ যায়। ঈশ্বৰ পিতা হৈছে মুক্তিদাতা, তেওঁ কয় - মই সকলোকে দুখৰ পৰা
মুক্ত কৰি শান্তিধামলৈ উভতাই লৈ যাওঁ। তাত গৈ আকৌ নৱৰূপত অহা সন্তানসকলে নিজৰ ভূমিকা
পুনৰাবৃত্তি কৰিব লাগে। প্ৰথমে দেৱতাসকলে ভূমিকা পুনৰাবৃত্তি কৰিব লাগে। তেওঁলোকেই
প্ৰথমতে আছিল। তাৰমানে ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হয়।
কলিযুগৰ বিনাশ সমাগত। যদিওবা পদমপতি, কোটিপতি হৈ গৈছে বহুত অন্ধকাৰত পৰি আছে। ৰাৱণৰ
বৰ ডাঙৰ পাম্প (জাকজমকতা), ইয়াতেই প্ৰলোভিত হৈ গৈছে। পিতাই বুজায় - এয়া মিছা
উপাৰ্জন, সকলো মাটিত মিলি যাব। তেওঁলোকে একো প্ৰাপ্তি কৰিব নোৱাৰিব। তোমালোকেও
পিতাৰ পৰা ভৱিষ্যত 21 জন্মৰ বাবে উত্তৰাধিকাৰ ল’বলৈ আহিছা। এয়া হৈছে সত্যখণ্ডৰ বাবে
সঁচা উপাৰ্জন। সকলো উভতি যাবই লাগিব। সকলোৰে বানপ্ৰস্থ অৱস্থা। পিতাই কয়- সকলোৰে
সৎগতি দাতা সৎগুৰু মই হওঁ। সাধুসকল, পাতিতসকল সকলোৰে উদ্ধাৰ মই কৰোঁ। সৰু
ল'ৰা-ছোৱালীকো শিকোৱা হয় যে শিৱবাবাক স্মৰণ কৰা। বাকী অন্য সকলো চিত্ৰ আদি আঁতৰাই
পেলোৱা। একমাত্ৰ শিৱবাবা দ্বিতীয় কোনো নাই।
তোমালোকে জানা আমি
পিতাৰ পৰা পুনৰাই বেহদৰ সুখৰ উত্তৰাধিকাৰ ল’বলৈ আহিছোঁ। হদৰ পিতাৰ পৰা হদৰ
উত্তৰাধিকাৰতো জন্ম-জন্মান্তৰ লৈছা, ৰাৱণৰ আসুৰি মতত পতিত হৈ আহিছা। মনুষ্যই এই
কথাবোৰ নুবুজে। ৰাৱণক জ্বলায় তেন্তে জ্বলি শেষ হৈ যাব লাগে নহয় জানো! মনুষ্যক
জ্বলালে তেওঁৰ নাম ৰূপ সকলো শেষ হৈ যায়। ৰাৱণৰ নাম ৰূপতো নোহোৱা হৈ নাযায়েই, বাৰে
বাৰে জ্বলাই থাকে। পিতাই কয় - এই 5 বিকাৰ ৰূপী ৰাৱণ তোমালোকৰ 63 জন্মৰ শত্ৰু। ভাৰতৰ
শত্ৰু মানে আমাৰ শত্ৰু হ'ল। যেতিয়া বাম মাৰ্গত আহিলা তেতিয়া ৰাৱণৰ কাৰাগাৰত আৱদ্ধ
হ’লা। যথাযথ আধাকল্পৰ পৰা ৰাৱণৰাজ্য চলি আহিছে। ৰাৱণ নজ্বলেই, নমৰেই। এতিয়া তোমালোকে
জানা ৰাৱণৰ ৰাজ্যত আমি বহুত দুখী হৈছোঁ। সুখ আৰু দুখৰ এয়া খেল। গায়নো কৰা হয় মায়াৰ
হাতত পৰাজিত হোৱা মানেই পৰাজয়, মায়াক জয় কৰা মানেই জয়…… এতিয়া মায়াক জয় কৰি আমি আকৌ
ৰামৰাজ্য লওঁ। ৰাম- সীতাৰ ৰাজ্যতো ত্ৰেতাত থাকে। সত্যযুগত হৈছে লক্ষ্মী-নাৰায়ণৰ
ৰাজ্য। তাততো হয়েই আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম, সেইখনক ঈশ্বৰীয় ৰাজ্য বুলি কোৱা হ'ব,
যিখন পিতাই স্থাপন কৰিছে। পিতাক কেতিয়াও সৰ্বব্যাপী বুলি ক’ব নোৱাৰি। সকলো ভাই ভাই।
পিতা এজন তোমালোক সকলো পৰস্পৰ ভাই ভাই। পিতাই বহি আত্মাসকলক পঢ়ায়। পিতাৰ আজ্ঞা হৈছে
- মোক স্মৰণ কৰা। মই ভক্তিৰ ফল দিবলৈ আহিছোঁ। কাক? যিসকলে আৰম্ভণিৰ পৰা অন্তলৈকে
ভক্তি কৰিছে। প্ৰথমতে তোমালোকে এজন শিৱবাবাৰ ভক্তি কৰিছিলা। সোমনাথৰ মন্দিৰ কিমান
বিতোপন। বিচাৰ কৰা উচিত যে আমি কিমান চহকী আছিলোঁ। এতিয়া গৰিব কড়ি সদৃশ হৈ গৈছা।
এতিয়া তোমালোকৰ 84 জন্মৰ স্মৃতি উদয় হৈছে। তোমালোকে এতিয়া জানা যে আমি কিহৰ পৰা কি
হৈছোঁ।
তোমালোকৰ এতিয়া স্মৃতি
উদয় হৈছে। ‘স্মৃতিলব্ধা’ শব্দটিও এতিয়াৰ, ইয়াৰ অৰ্থ এনেকৈ বুজিব নালাগে যে ভগৱানে
আহি সংস্কৃতত গীতা শুনাইছে। সংস্কৃত হোৱাহেঁতেন তোমালোক সন্তানসকলে একো বুজি
নাপালাহেঁতেন। হিন্দী ভাষাটোৱে মুখ্য। যিটো এই ব্ৰহ্মাৰ ভাষা, সেইটো ভাষাতে বুজাই
আছে। কল্পই কল্পই এইটো ভাষাতে বুজায়। তোমালোকে জানা আমি বাপদাদাৰ সন্মুখত বহি আছোঁ।
এয়া হৈছে ঘৰ - মম্মা-বাবা, ভনী আৰু ভাই। বচ্ অন্য কোনো সম্বন্ধ নাই। ভাই-ভনীৰ
সম্বন্ধ তেতিয়া হয় যেতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ হোৱা। নহ'লেতো আত্মাৰ সম্বন্ধত
ভাই-ভাই হোৱা। পিতাৰ পৰা উত্তৰাধিকাৰ পাই আছা। আত্মাই জানে আমাৰ বাবাৰ আগমন হৈছে।
তোমালোক ব্ৰহ্মাণ্ডৰ মালিক আছিলা। পিতাও ব্ৰহ্মাণ্ডৰ মালিক নহয় জানো! যেনেকৈ আত্মা
নিৰাকাৰ, তেনেকৈ পৰমাত্মাও নিৰাকাৰ। নামেই হ'ল পৰমপিতা পৰমাত্মা অৰ্থাৎ আটাইতকৈ
দূৰৈত থাকোঁতা আত্মা। পৰম আত্মাৰ অৰ্থ হৈছে পৰমাত্মা। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা
যায়। ইয়াত কোনো সাধু-সন্ত মহাত্মা নাই। সন্তানসকল আছে, পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ
লৈ আছে অন্য কোনেও উত্তৰাধিকাৰ দিব নোৱাৰে। পিতা হৈছে সত্যযুগ স্থাপনা কৰোঁতা।
পিতাই সদায় সুখেই দিয়ে। এনেকুৱা নহয় যে সুখ-দুখ পিতাইহে দিয়ে। এনেকুৱা আইন নাই।
পিতাই স্বয়ং কয় মই তোমালোক সন্তানসকলক পুৰুষাৰ্থ কৰাওঁ, 21 জন্মৰ বাবে তোমালোক দেৱতা
হোৱা। গতিকে সুখ দাতা নহ'ল জানো, দুখ হৰ্তা সুখ কৰ্তা। তোমালোকে এতিয়া জানা দুখ কোনে
দিয়ে? ৰাৱণে। এই খনক কোৱা হয় বিকাৰী সৃষ্টি। স্ত্ৰী-পুৰুষ দুয়ো বিকাৰী। সত্যযুগত
দুয়ো নিৰ্বিকাৰী আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। তাত নিয়ম অনুসৰি ৰাজ্য চলে।
প্ৰকৃতি তোমালোকৰ আদেশ অনুসৰি চলে। তাত কোনো উপদ্ৰপ হ'ব নোৱাৰে। তোমালোক সন্তানসকলে
স্থাপনাৰ সাক্ষাৎকাৰ কৰিছা। বিনাশো নিশ্চয় হ'ব, ‘হোলিকা’ত ধেমেলিয়া নাটক কৰে নহয়।
সোধে - এওঁৰ পেটৰ পৰা কি ওলাব? তেতিয়া কয় ক্ষেপণাস্ত্ৰ (মিচাইল)। আচল কথাতো তোমালোকে
জানা। তেওঁলোকৰ বিজ্ঞান কিমান আগবঢ়া। বুদ্ধিৰ কাম নহয় জানো? বিজ্ঞানৰ কিমান অহংকাৰ।
কিমান বস্তু এৰোপ্লেন (উৰাজাহাজ) আদি সুখৰ বাবে সাজে। আকৌ এইবস্তুবোৰৰ দ্বাৰা বিনাশো
কৰিব। অন্তিমত নিজৰ কুলৰেই বিনাশ কৰিব। তোমালোকতো হোৱাই গুপ্ত। তোমালোকে কাৰো সৈতে
যুদ্ধ কৰোঁতা নোহোৱা, কাকো দুখ নিদিয়া। বাবাই কয় - মন-বচন-কৰ্মৰে কাকো দুখ দিব
নালাগে। পিতাই কেতিয়াও কাকো দুখ নিদিয়ে? সুখধামৰ মালিক কৰি তোলে। তোমালোকেও সকলোকে
সুখ দিয়া। বাবাই বুজাইছে - কোনোবাই যিয়েই নকওঁক, শান্তিত হৰ্ষিতমুখৰ হৈ থাকিব লাগে।
যোগযুক্ত হৈ থাকি মিচিকিয়াই থাকিব লাগে। তোমালোকৰ যোগবলেৰে সিহঁতো শান্ত হৈ যাব।
বিশেষকৈ শিক্ষকৰ চলন বহুত হ'ব লাগে। কাৰো প্ৰতি যাতে ঘৃণাৰ ভাৱ নাথাকে। পিতাই কয় -
মোৰ জানো কাৰোবাৰ প্ৰতি ঘৃণাৰ ভাৱ আছে। জানে সকলো পতিত, এয়া নাটক ৰচি থোৱা আছে। জানো
এওঁৰ চলনেই এনেকুৱা। খোৱা-বোৱা কিমান অশুদ্ধ, যি পায় তাকে খাই থাকে। জীৱন সকলোৰে
প্ৰিয় হয়। জীৱন আমাৰো বহুত প্ৰিয়। জানো যে এইটো জীৱনতে আমি বাবাৰ পৰা উত্তৰাধিকাৰ
ল’ব লাগে। যোগত থাকিলে তোমালোকৰ আয়ুস বৃদ্ধি হ'ব, বিকৰ্ম কম হ'ব। ভৱিষ্যত 21 জন্মৰ
বাবে দীৰ্ঘায়ু হৈ যাব। পুৰুষাৰ্থ এতিয়াৰ যাৰ দ্বাৰা আকৌ প্ৰালব্ধ গঢ়ি উঠে। যোগবলেৰে
আমি স্বাস্থ্যৱান হওঁ, জ্ঞানেৰে সম্পত্তিমান। স্বাস্থ্য সম্পত্তি থাকিলে তেতিয়া সুখ
হয়। কেৱল সম্পত্তি আছে স্বাস্থ্য নাই তেতিয়াও সুখ হ’ব নোৱাৰে। এনেকুৱা বহুত ৰজা আছে,
ডাঙৰ ডাঙৰ চহকী আছে, কিন্তু খোৰা, বেমাৰী। তেওঁলোকৰ ক্ষেত্ৰত কোৱা হয় এনেকুৱা
বিকৰ্ম কৰিছে যাৰ ফল পাইছে। পিতাই তোমালোকক শুনাইতো বহুতেই, এনেকুৱা নহয় যে বাহিৰলৈ
গ'লে ইয়াৰে কথা ইয়াতে থাকি যাব। এয়াতো হ’ব নালাগে। ধাৰণা কৰিব লাগে আৰু একো যাতে
স্মৃতিলৈ নাহে, বাৰু শিৱবাবাক স্মৰণ কৰা। ভিতৰি বহুত গুপ্ত মহিমা গাব লাগে। বাবা এয়া
মন-চিত্ততো নাছিল যে আপুনি আহি পঢ়াব! এইটো কথা কোনো শাস্ত্ৰ আদিতো নাই যে নিৰাকাৰ
পৰমপিতা পৰমাত্মাই আহি পঢ়ায়। বাবা আমি এতিয়া জানি গৈছোঁ। পিতাৰ পৰিৱৰ্তে শ্ৰীকৃষ্ণৰ
নাম দি দিয়াৰ বাবে গীতা খণ্ডন হৈ গ’ল। কৃষ্ণৰতো চৰিত্ৰ থাকিব নোৱাৰে। গীতা হৈছে এই
সংগমৰ শাস্ত্ৰ। তেওঁলোকে আকৌ দ্বাপৰত দেখুৱাই দিছে। সেয়েহে পিতাই কয় – সন্তানসকল,
অন্য সকলো কথা এৰি পঢ়াৰ প্ৰতি ধ্যান দিব লাগে। যদি পিতাৰ স্মৃতি নাথাকে, পঢ়াত মগ্ন
হৈ নাথাকা তেন্তে সময় নষ্ট হৈ যাব। তোমালোকৰ সময় বহুত মূল্যৱান, সেইবাবে নষ্ট কৰিব
নালাগে। শৰীৰ নিৰ্বাহ লাগিলে কৰা। বাকী ফাল্টু চিন্তনত সময় নষ্ট কৰিব নালাগে।
তোমালোকৰ প্ৰতিটো চেকেণ্ড হীৰাৰ দৰে মূল্যৱান। পিতাই কয় ‘মনমনাভৱ’ (নিজক আত্মা বুলি
বুজি মোক; পৰমাত্মাক স্মৰণ কৰা)। বচ্ সেইখিনি সময়ে লাভদায়ক হয়, বাকী সময় অথলে যায়।
খতিয়ান ৰাখা যে মই কিমান সময় নষ্ট কৰোঁ? শব্দই হৈছে এটি ‘মনমনাভৱ’। আধাকল্প
জীৱনমুক্তিত আছিলোঁ আকৌ আধাকল্প জীৱনবন্ধনত আহিলোঁ। সতোপ্ৰধান, সতো, ৰজো, তমোত আহিলোঁ
আকৌ আমি জীৱনমুক্ত হৈ আছোঁ। গঢ়ি তোলোঁতাজন পিতাই হয়। সকলোৱে জীৱনমুক্তি পায়। নিজৰ
নিজৰ ধৰ্ম অনুসৰি প্ৰথমতে সুখ দেখিবলৈ পাব তাৰপাছত দুখ। যিসকল নতুন আত্মা প্ৰথমে আহে,
তেওঁলোকে সুখ ভোগ কৰে। কাৰোবাৰ মহিমা হয় কিয়নো নতুন আত্মা হোৱাৰ বাবে শক্তি থাকে।
তোমালোকৰ ভিতৰত আনন্দৰ বাজনা বাজিব লাগে। আমি বাপদাদাৰ সন্মুখত বহি আছোঁ। এতিয়া
নতুন ৰচনা ৰচি আছে। তোমালোকৰ এই সময়ৰ মহিমা সত্যযুগতকৈও বহুত শ্ৰেষ্ঠ। জগত অম্বা,
দেৱীসকল সকলো সংগমত আছিল। ব্ৰাহ্মণ আছিল। তোমালোকে জানা এতিয়া আমি ব্ৰাহ্মণ আকৌ
দেৱতা পূজিবৰ যোগ্য হ'ম। তাৰপাছত তোমালোকৰ স্মাৰক মন্দিৰ নিৰ্মাণ হৈ যায়। তোমালোক
চৈতন্য দেৱী হোৱা। সেয়াতো হৈছে জড়। তেওঁলোকক সোধা এওঁলোক দেৱী কেনেকৈ হ’ল? যদিহে
কোনোবাই কথা পাতে তেতিয়া বুজোৱা যে আমিয়ে ব্ৰাহ্মণ আছিলোঁ আকৌ আমিয়ে দেৱতা হওঁ।
তোমালোক চৈতন্য ৰূপত আছা। তোমালোকে কোৱা - এই জ্ঞান কিমান উত্তম। যথাযথ তোমালোকে
স্থাপনা কৰি আছা। সন্তানসকলে কয় - আমি লক্ষ্মী-নাৰায়ণতকৈ কম পদ নলওঁ। আমিতো পূৰা
উত্তৰাধিকাৰ ল’ম। এইখন স্কুলেই এনেকুৱা। সকলোৱে ক’ব আমি প্ৰাচীন ৰাজযোগ শিকিবলৈ
আহিছোঁ। যোগৰ দ্বাৰা দেৱী-দেৱতা হয়। এতিয়াতো শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। আকৌ
ব্ৰাহ্মণৰ পৰা দেৱতা হ'বা। মূল কথাই হৈছে স্মৃতিত থকাৰ। স্মৃতিত থকাৰ ক্ষেত্ৰতে
মায়াই বিঘিনি আনে। তোমালোকে বহুত চেষ্টা কৰিবা, তথাপি বুদ্ধি ক’ৰবাত নহয় ক’ৰবাত গুচি
যাব। ইয়াতেই গোটেই পৰিশ্ৰম হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সমান সুখদাতা হ'ব লাগে। মন-বচন-কৰ্মৰে কাকো দুখ দিব নালাগে। সদায়
শান্তচিত্ত আৰু হৰ্ষিতমুখৰ হৈ থাকিব লাগে।
(2) ফাল্টু চিন্তনত
সময় নষ্ট কৰিব নালাগে। পিতাৰ মহিমা অন্তৰৰ পৰা কৰিব লাগে।
বৰদান:
শ্রেষ্ঠ মত
অনুসৰি প্ৰতিটো কৰ্ম কর্মযোগী হৈ কৰোঁতা কৰ্মবন্ধন মুক্ত হোৱা
যিসকল সন্তানে
শ্রেষ্ঠ মত অনুসৰি প্ৰতিটো কৰ্ম কৰি বেহদৰ আত্মিক নিচাত থাকে, তেওঁলোকে কৰ্ম কৰিও
কৰ্মৰ বন্ধনত নাহে, উপৰাম আৰু স্নেহী হৈ থাকে। কৰ্মযোগী হৈ কৰ্ম কৰিলে তেওঁলোকৰ
ওচৰত দুখৰ ঢৌ আহিব নোৱাৰে, তেওঁলোক সদায় উপৰাম আৰু স্নেহী হৈ থাকে। কোনোধৰণৰ কৰ্মৰ
বন্ধনে নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। সদায় মালিক হৈ কৰ্ম কৰায় সেইবাবে বন্ধনমুক্ত
স্থিতিৰ অনুভৱ হয়। এনেকুৱা আত্মা সদায় নিজেও আনন্দিত হৈ থাকে আৰু আনকো আনন্দিত কৰে।
স্লোগান:
অনুভৱৰ কৰ্তৃত্বশালী হোৱা তেতিয়া কেতিয়াও প্ৰবঞ্চিত হ’বলগীয়া নহ’ব।