23.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকৰ এই জীৱন বহুত অমূল্য, কিয়নো তোমালোকে শ্ৰীমতত বিশ্বৰ সেৱা কৰা, এই নৰকক স্বৰ্গ কৰি গঢ়ি তোলা

প্ৰশ্ন:
আনন্দ নাইকিয়া হৈ যোৱাৰ কাৰণ তথা তাৰ নিবাৰণ কি?

উত্তৰ:
আনন্দ নাইকিয়া হৈ যায় - 1) দেহ-অভিমানত অহাৰ কাৰণে, 2) অন্তৰত যেতিয়া কিবা শংকা (অনিশ্চয়তা) উৎপন্ন হৈ যায় তেতিয়াও আনন্দ নাইকিয়া হৈ যায় সেইবাবে বাবাই ৰায় দিয়ে, যেতিয়াই কোনো শংকা উৎপন্ন হয় তেতিয়া লগে লগে বাবাক সুধিবা। দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰা তেতিয়া সদায় আনন্দিত হৈ থাকিবা।

ওঁম্শান্তি।
উচ্চতকৈ উচ্চ ভগৱান আৰু তাৰপাচত সন্তানসকলৰ সন্মুখত ভগৱানুবাচ (ভগৱানৰ বাণী)। মই তোমালোকক উচ্চতকৈ উচ্চ কৰি গঢ়ি তোলোঁ গতিকে তোমালোক সন্তানসকলৰ কিমান আনন্দ থকা উচিত। বুজিও পোৱা যে বাবাই আমাক সমগ্ৰ বিশ্বৰ মালিক কৰি গঢ়ি তোলে। মনুষ্যই কয় - পৰমপিতা পৰমাত্মা উচ্চতকৈ উচ্চ। পিতাই নিজেই কয় - মইতো বিশ্বৰ মালিক নহওঁ। ভগৱানুবাচ - মোক মনুষ্যই উচ্চতকৈ উচ্চ ভগৱান বুলি কয় আৰু মই কওঁ যে মোৰ সন্তানসকল উচ্চতকৈ উচ্চ হয়। প্ৰমাণ কৰি কওঁ। পুৰুষাৰ্থও ড্ৰামা অনুসৰি কৰাওঁ, কল্পৰ আগতে কৰোৱাৰ দৰেই। পিতাই বুজাই থাকে, যিকোনো কথা নুবুজিলে সোধা। মনুষ্যইতো একোৱেই নাজানে। সৃষ্টি কি হয়, বৈকুণ্ঠ কি হয়। লাগিলে কোনোবা যিমানেই নৱাব, মোগল আদি হৈ গল, লাগিলে আমেৰিকাত যিমানেই পইচা আদি থকা লোক নহওক কিয় কিন্তু এই লক্ষ্মী-নাৰায়ণৰ নিচিনাতো হব নোৱাৰে। তেওঁলোকেতো হোৱাইট হাউচ আদি নিৰ্মাণ কৰে কিন্তু তাত (স্বৰ্গত)তো ৰত্ন জড়িত গল্ডেন হাউচ নিৰ্মাণ কৰে। তাক কোৱাই হয় সুখধাম। তোমালোকৰেই হৈছে হিৰ-হিৰইনৰ পাৰ্ট (মূখ্য ভাৱৰীয়াৰ ভূমিকা)। তোমালোক ডায়মণ্ড (হীৰাতুল্য) হোৱাগৈ। গল্ডেন এজ (স্বৰ্ণীম যুগ) আছিল। এতিয়া হৈছে আইৰণ এজ (লৌহ যুগ)। পিতাই কয় - তোমালোক কিমান ভাগ্যশালী। ভগৱানে নিজে বহি বুজায় গতিকে তোমালোক কিমান আনন্দিত হৈ থাকিব লাগে। তোমালোকৰ এই পঢ়া হৈছেই নতুন সৃষ্টিৰ বাবে। তোমালোকৰ এই জীৱন বহুত অমূল্য কিয়নো তোমালোকে বিশ্বৰ সেৱা কৰা। পিতাক আহ্বানেই কৰে যে আহি নৰকক স্বৰ্গ কৰি গঢ়ি তোলা। হেভেনলি গড্‌ ফাডাৰ (স্বৰ্গীয় ঈশ্বৰ পিতা) বুলি কয় নহয় জানো। পিতাই কয় -তোমালোক হেভেনত (স্বৰ্গত) আছিলা নহয়, এতিয়া হেলত (নৰকত) আছা। পুনৰ হেভেনত থাকিবাগৈ। হেল আৰম্ভ হয়, তেতিয়া আকৌ হেভেনৰ কথাবোৰ পাহৰি যায়। এয়াতো তথাপিও হব। তথাপিও তোমালোক গল্ডেন এজৰ পৰা আইৰণ এজলৈ নিশ্চয় আহিব লাগে। বাবাই বাৰে-বাৰে সন্তানসকলক কয় - অন্তৰত যদিহে কোনো ধৰণৰ শংকা থাকে, যাৰকাৰণে আনন্দ নাথাকে তেন্তে সেয়া ব্যক্ত কৰা। পিতাই বহি পঢ়ায় গতিকে পঢ়িবও লাগে নহয় জানো। আনন্দ নাথাকে কিয়নো তোমালোক দেহ-অভিমানত আহি যোৱা। আনন্দিত হবতো লাগে নহয় জানো। পিতাতো হৈছে কেৱল ব্ৰহ্মাণ্ডৰ মালিক, তোমালোকতো বিশ্বৰো মালিক হৈ যোৱা। যদিও পিতাক ক্ৰিয়েটৰ (ৰচয়িতা) বুলি কোৱা হয় তথাপিও এনেকুৱা নহয় যে প্ৰলয় হৈ যায় তাৰপাচত নতুন সৃষ্টি ৰচনা কৰে। নহয়, পিতাই কয় - মই কেৱল পুৰণিক নতুন কৰি গঢ়ি তোলোঁ। পুৰণি সৃষ্টিৰ বিনাশ কৰাওঁ। তোমালোকক নতুন সৃষ্টিৰ মালিক কৰি তোলোঁ। মই একো নকৰোঁ। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পতিত সৃষ্টিলৈকেই মোক আহ্বান কৰে। পাৰসনাথ কৰি গঢ়ি তোলোঁ। গতিকে সন্তানসকল নিজেই পাৰসপুৰীলৈ আহি যায়। তালৈকেতো মোক কেতিয়াও আহ্বানেই নকৰে। কেতিয়াবা আহ্বান কৰানে যে বাবা, পাৰসপুৰীলৈ আহি অলপ ভিজিট্‌টো দিয়া (সাক্ষাততো কৰা)। আহ্বানেই নকৰা। গায়নো আছে যে দুখত সকলোৱে আহ্বান কৰে, পতিত সৃষ্টিত স্মৰণ কৰে, সুখত কোনেও নকৰে। স্মৰণো নকৰে, আহ্বানো নকৰে। কেৱল দ্বাপৰত মন্দিৰ সাজি তাত মোক ৰাখি দিয়ে। পাথৰৰ নহলে বা হীৰাৰ লিঙ্গ সাজি ৰাখি দিয়ে - পূজা কৰিবৰ কাৰণে, কিমান ৱাণ্ডাৰফুল (আচৰিত) কথা। ভালদৰে কাণ খুলি (মনোযোগ দি) শুনিব লাগে। কাণো পিয়ৰ (পবিত্ৰ) কৰি তুলিব লাগে। পিউৰিটি ফাৰ্ষ্ট্‌ (প্ৰথমতে পবিত্ৰতা)। কোৱা হয় সিংহীৰ গাখীৰ সোণৰ পাত্ৰতহে ৰাখিব পাৰি। ইয়াতো পবিত্ৰতা থাকিলেহে ধাৰণা হব। পিতাই কয় - কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হব লাগে। তোমালোকৰ এইটো অন্তিম জন্ম। এয়াও তোমালোকে জানা, এয়া সেই মহাভাৰতৰ যুদ্ধও হয়। কল্পই কল্পই যেনেকৈ বিনাশ হৈছিল, ড্ৰামা অনুসাৰে হুবহু এতিয়াও হব।

তোমালোক সন্তানসকলে স্বৰ্গত পুনৰ নিজৰ মহল সাজিব লাগিব। কল্পৰ আগতে যেনেকৈ সাজিছিলা। স্বৰ্গক কোৱাই হয় পেৰাডাইজ্‌ (বৈকুণ্ঠ)। পুৰাণৰ পৰা পেৰাডাইজ্‌ শব্দটি ওলাইছে। কোৱা হয় মানস সৰোবৰত পৰীসকল আছিল। তাত কোনোৱে বুৰ মাৰিলে পৰী হৈ গৈছিল। বাস্তৱিকতে হৈছে জ্ঞান মান সৰোবৰ। তাত তোমালোক কিহৰ পৰা কি হৈ যোৱা। শোভনীয়সকলক পৰী বুলি কোৱা হয়, এনেকুৱা নহয় যে পাখি লগা কোনোবা পৰী থাকে। যেনেকৈ তোমালোক পাণ্ডৱসকলক মহাবীৰ বুলি কোৱা হয়, তেওঁলোকে আকৌ পাণ্ডৱসকলৰ ডাঙৰ ডাঙৰ চিত্ৰ, গুহা আদি দেখুৱাই দিলে। ভক্তিমাৰ্গত কিমান পইচা নষ্ট কৰে। পিতাই কয় - মইতো সন্তানসকলক কিমান চহকী কৰি তোলোঁ। তোমালোকে ইমানখিনি পইচা কত কি কৰিলা। ভাৰত কিমান চহকী আছিল। এতিয়া ভাৰতৰ কি অৱস্থা। যি 100 পাৰচেণ্ট চালভেণ্ট (চহকী) আছিল, এতিয়া 100 পাৰচেণ্ট ইনচালভেণ্ট (কঙাল) হৈ গল। এতিয়া তোমালোক সন্তানসকলে কিমান প্ৰস্তুতি চলাব লাগে। সন্তান আদিকো ইয়াকেই বুজাব লাগে যে শিববাবাক স্মৰণ কৰা। তোমালোক কৃষ্ণৰ নিচিনা হবা, কৃষ্ণ কেনেকৈ হ'ল, এয়া কোনোবাই কি জানে। পূৰ্বৰ জন্মত শিববাবাক স্মৰণ কৰিহে কৃষ্ণ হ'ল। সেয়েহে তোমালোক সন্তানসকল কিমান আনন্দত থাকিব লাগে। কিন্তু অপাৰ আনন্দত সেইসকলেই থাকিব যিসকলে সদায় আনৰ সেৱাত ব্ৰতী হৈ থাকে। মুখ্য কথাবোৰ ধাৰণ কৰি চাল-চলন বহুত ৰয়েল (মাৰ্জিত) হব লাগে। খোৱা-বোৱা বহুত সুন্দৰ হব লাগে। তোমালোক সন্তানসকলৰ ওচৰলৈ যেতিয়া কোনোবাই (কিবা বিচাৰি) আহে তেতিয়া তেওঁলোকক সকলো প্ৰকাৰেৰে সেৱা আগবঢ়াব লাগে। স্থূল হলেও নাইবা সূক্ষ্ম হলেও। শাৰীৰিক-আত্মিক দুয়োধৰণেৰে কৰিলে বহুত আনন্দ পোৱা যায়। কোনোবা আহিলে তেওঁক তোমালোকে সঁচা সত্য-নাৰায়ণৰ কাহিনী (আখ্যান) শুনোৱা। শাস্ত্ৰততো কি কি কাহিনী লিখি দিলে। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হল আকৌ ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দি দিলে। এতিয়া বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ সৃষ্টি কেনেকৈ হ'ল, কিমান ৰহস্যময় কথা। আৰু কোনেও এই কথাবোৰ একোৱে বুজিব নোৱাৰে। নাভিৰ পৰা ওলোৱাৰতো কোনো কথাই নাই। ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা হয়। ব্ৰহ্মাৰ পৰা বিষ্ণু হবলৈ চেকেণ্ডৰ প্ৰয়োজন। চেকেণ্ডত জীৱনমুক্তি বুলি কোৱা হয়। পিতাই (ব্ৰহ্মাবাবাক) সাক্ষাৎকাৰ কৰালে, তুমি বিষ্ণুৰ ৰূপ হোৱা। চেকেণ্ডত নিশ্চয় হৈ গ'ল। বিনাশৰ সাক্ষাৎকাৰো হ'ল, নহলেতো কলিকতাত একেবাৰে ৰজাসদৃশ আড়ম্বৰত আছিল, কোনো অসুবিধা নাছিল। বহুত ৰাজকীয়ভাৱে আছিল। এতিয়া পিতাই তোমালোকক এই জ্ঞান ৰত্নৰ ব্যৱসায় শিকায়। সেই ব্যৱসায়তো এওঁৰ (ব্ৰহ্মাবাবাৰ) সন্মুখত একোৱেই নহয় কিন্তু এওঁৰ ভূমিকা আৰু তোমালোকৰ ভূমিকাৰ মাজত পাৰ্থক্য আছে। বাবাই (শিৱবাবাই) এওঁৰ (ব্ৰহ্মাবাবাৰ) শৰীৰত প্ৰৱেশ কৰিলে আৰু এওঁ (ব্ৰহ্মাবাবাই) তৎক্ষণাৎ সকলো ত্যাগ কৰি দিলে। ভাটি তৈয়াৰ হবলগীয়া আছিল। তোমালোকেও সকলো ত্যাগ কৰিলা। নদী পাৰ হৈ আহি এই ভাটিত বহিলা। কি কি হ'ল, কাৰোলৈ ভ্ৰূক্ষেপ নাই। এনেকৈ কয় যে কৃষ্ণই পলুৱাই নিলে! কিয় পলুৱাই নিলে? তেওঁলোকক পাটৰাণী কৰিবলৈ। এই ভাটিও তৈয়াৰ হ'ল, তোমালোক সন্তানসকলক স্বৰ্গৰ মহাৰাণী কৰিবৰ কাৰণে। শাস্ত্ৰততো কি কি লিখি দিছে, প্ৰেক্টিকেলত (বাস্তৱত) কি কি হয়। সেয়া তোমালোকে এতিয়া বুজি পোৱা। পলুৱাই নিয়াৰ কথা নাই। কল্প পূৰ্বেও গালি খাইছিল। নাম বদনাম হৈছিল। এয়াতো ড্ৰামা হয়, যি কিছু হয় সেয়া কল্পৰ পূৰ্বৰ দৰে।

এতিয়া তোমালোকে ভালদৰে জানা যে কল্পৰ পূৰ্বে যিসকলে ৰাজ্য লৈছিল তেওঁলোক নিশ্চয় আহিব। পিতাই কয় - ময়ো কল্পই কল্পই আহি ভাৰতত স্বৰ্গ কৰি তোলোঁ। পুৰা 84 জন্মৰ হিচাপ শুনাইছোঁ। সত্যযুগত তোমালোক অমৰ হৈ থাকা। তাত অকাল মৃত্যু নহয়। শিৱবাবা কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়। তেওঁ কয় - মই কালৰো কাল হওঁ। কথাও (আখ্যানো) আছে নহয়। তোমালোক কালৰ ওপৰত বিজয়ী হোৱা। তোমালোক অমৰলোকলৈ গৈ যোৱা। অমৰলোকত উচ্চ পদ প্ৰাপ্ত কৰিবলৈ হলে প্ৰথমে পবিত্ৰ হব লাগে, দ্বিতীয়তে দৈৱী গুণ ধাৰণ কৰিব লাগে। নিতৌ নিজৰ খতিয়ান ৰাখা। ৰাৱণৰ দ্বাৰা তোমালোকৰ লোকচান হল। মোৰ দ্বাৰা লাভ হয়। বেপাৰীসকলে এই কথাবোৰ ভালকৈ বুজিব। এয়া হৈছে জ্ঞান ৰত্ন। কোনোবা বিৰল বেপাৰীয়েহে এওঁৰ সৈতে বেপাৰ কৰিব। তোমালোক বেপাৰ কৰিবলৈ আহিছা। কোনোৱেতো যথা ৰীতি বেপাৰ কৰি স্বৰ্গৰ চুক্তি কৰি লয় - 21 জন্মৰ কাৰণে। 21 জন্মনো কি 50-60 জন্মলৈ তোমালোক বহুত সুখী হৈ থাকা। পদমপতি হোৱা। দেৱতাসকলৰ পদযুগলত পদুম ফুল দেখুৱায় নহয়। অর্থ বুজি নপায় জানো। তোমালোক এতিয়া পদমপতি হৈ আছা। তেন্তে তোমালোক কিমান আনন্দিত হোৱা উচিত। পিতাই কয় - মই কিমান সাধাৰণ হওঁ। তোমালোক সন্তানসকলক স্বৰ্গলৈ লৈ যাবলৈ আহিছোঁ। আহ্বানো কৰা হে পতিত-পাবন আহা, আহি পাৱন কৰি তোলা। পাৱন থাকেই সুখধামত। শান্তিধামৰতো কোনো হিষ্ট্ৰী-জিওগ্ৰাফী (ইতিহাস-ভূগোল) থাকিব নোৱাৰে। সেয়াতো আত্মাসকলৰ বৃক্ষ। সূক্ষ্মবতনৰো কোনো কথাই নাই। বাকী এই সৃষ্ট চক্ৰ কেনেকৈ ঘূৰে সেয়া তোমালোকে জানি গলা। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ডায়নেষ্টি (ৰাজবংশ) আছিল। এনেকুৱা নহয় যে কেৱল এযোৰা লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰে। বৃদ্ধিও হয় নহয় জানো। আকৌ দ্বাপৰত তেওঁলোকেই পূজ্যৰ পৰা পূজাৰী হৈ যায়। মনুষ্যই আকৌ পৰমাত্মাৰ কাৰণে আপুনিয়ে পূজ্য বুলিকৈ দিয়ে। যেনেকৈ পৰমাত্মাৰ ক্ষেত্ৰত সৰ্বব্যাপী বুলি কৈ দিয়ে, এই কথাবোৰ তোমালোকে বুজি পোৱা। আধাকল্প তোমালোকে গায়ন কৰি আহিছা উচ্চতকৈও উচ্চ ভগৱান আৰু এতিয়া ভগৱানুবাচ (ভগৱানে কয়) - উচ্চৰো উচ্চ হৈছে সন্তানসকল। গতিকে এনেহেন পিতাৰ ৰায় অনুসৰি চলিব নালাগে জানো। গৃহস্থালিৰো তত্ত্বাৱধান লব লাগে। ইয়াততো সকলো থাকিব নোৱাৰে। সকলোৱে যদি থাকিবলৈ লয় তেন্তে কিমান ডাঙৰ ঘৰ সাজিব লাগিব। এয়াও তোমালোকে এদিন দেখিবা যে তলৰ পৰা ওপৰলৈকে কিমান ডাঙৰ শাৰী লাগিব দৰ্শন কৰিবৰ বাবে। কাৰোবাৰ দৰ্শন নহলে তেতিয়া গালিও দিবলৈ লাগি যায়। ভাবে যে মহাত্মাৰ দৰ্শন কৰোঁ। এতিয়া পিতাতো হৈছে সন্তানসকলৰ। সন্তানসকলকহে পঢ়ায়। তোমালোকে যিসকলক ৰাস্তা দেখুৱাই দিয়া তেওঁলোকৰ কিছুমানেতো ভালদৰে চলিবলৈ ধৰে, কিছুমানে ধাৰণা কৰিব নোৱাৰে, কিমান আছে যিয়ে শুনিও থাকে আকৌ বাহিৰলৈ গলে যেনেকুৱা আছিল তেনেকুৱা হৈয়ে থাকি যায়, সেই আনন্দ নাথাকে, পঢ়া নপঢ়ে, যোগ নাই। পিতাই কিমান বুজায়, চাৰ্ট (খতিয়ানৰ তালিকা) ৰাখা। নহলে বহুত অনুতাপ কৰিব লাগিব। মই বাবাক কিমান স্মৰণ কৰোঁ, চাৰ্ট চাব লাগে। ভাৰতৰ প্ৰাচীন যোগৰ বহুত মহিমা আছে। সেয়েহে পিতাই বুজায় কোনো কথা বুজি নাপালে তেন্তে পিতাক সোধা। আগতে তোমালোকে একো নাজানিছিলা। বাবাই কয় - এয়া হৈছে কাঁইটৰ জংঘল। কাম মহাশত্ৰু হয়। এই কথাষাৰ গীতাৰে হয়। গীতা পঢ়িছিলা কিন্তু বুজি পাইছিলা জানো। বাবাই (ব্ৰহ্মাবাবাই) গোটেই জীৱন গীতা পঢ়িছিল। এনেকৈ ভাবিছিল যে গীতাৰ মাহাত্ম্য বহুত ভাল। ভক্তিমাৰ্গত গীতাৰ কিমান মান আছে। গীতা ডাঙৰো থাকে আৰু সৰুও থাকে। কৃষ্ণ আদি দেৱতাসকলৰ সেই চিত্ৰ কম পইচাতে পোৱা যায়, সেই চিত্ৰসমূহৰ আকৌ কিমান ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰে। সেয়েহে পিতাই বুজায় - তোমালোকতো বিজয় মালাৰ মণি হ'ব লাগে। এনেহেন মিঠা বাবাক বাবা বাবা বুলিও কয়। এনেকৈ ভাবে যে স্বৰ্গৰ ৰাজত্ব দিয়ে তথাপি শুনে, শুনায় আৰু আঁতৰি গুছি যায়। বাবা বুলি ক'লা যেতিয়া বাবা অৰ্থাৎ বাবা। ভক্তিমাৰ্গতো গায়ন কৰা হয় স্বামীৰো স্বামী, গুৰুৰো গুৰু এজনেই। তেওঁ আমাৰ ফাদাৰ (পিতা) হয়। জ্ঞানৰ সাগৰ পতিত-পাৱন হয়। তোমালোক সন্তানসকলে কোৱা - বাবা আমি কল্পই কল্পই আপোনাৰ পৰা উত্তৰাধিকাৰ লৈ আহিছোঁ‌। কল্পই কল্পই মিলিত হওঁ। আপোনাৰ; বেহদৰ পিতাৰ পৰা আমি নিশ্চয় বেহদৰ উত্তৰাধিকাৰ লাভ কৰিম। মুখ্য হৈছেই অল্ফ (পৰমপিতা)। তাত বে (বাদশ্বাহী) মাৰ্জ (সমাহিত) হৈ আছে। বাবা মানে উত্তৰাধিকাৰ। সেয়া হল হদৰ, এয়া হল বেহদৰ। হদৰ বাবাতো ঢেৰ আছে। বেহদৰ পিতাতো এজনেই। ভাল বাৰু!

অতি মৰমৰ, 5 হাজাৰ বছৰ পাচত পুনৰ আহি মিলিত হোৱা সন্তানসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্থূল, সূক্ষ্ম সেৱা কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব আৰু কৰাব লাগে। চলন আৰু খোৱা-বোৱাত বহুত ৰয়েল্টি ৰাখিব (মৰ্যাদাপূৰ্ণ হব) লাগে।

(2) অমৰলোকত উচ্চ পদ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ হোৱাৰ লগতে দৈৱীগুণো ধাৰণ কৰিব লাগে। নিজৰ খতিয়ান চাব লাগে যে মই বাবাক কিমান স্মৰণ কৰোঁ? অবিনাশী জ্ঞান ৰত্নৰ উপাৰ্জন জমা কৰি আছোঁ‌নে? কাণ পিয়ৰ (পবিত্ৰ) হৈছেনে য'ত ধাৰণা হ'ব পাৰে?

বৰদান:
মায়াৰ খেলক সাক্ষী হৈ প্ৰত্যক্ষ কৰোঁতা সদায় নিৰ্ভয়, মায়াজিৎ হোৱা

সময়ৰ লগে লগে যেনেকৈ তোমালোক সন্তানসকলৰ ষ্টেজ (অৱস্থা) আগবাঢ়ি গৈ আছে, তেনেকৈ এতিয়া মায়াৰ প্ৰহাৰ হ'ব নালাগে, মায়া নমস্কাৰ কৰিবলৈ আহক, প্ৰহাৰ কৰিবলৈ নহয়। যদি মায়া আহিও যায় তেন্তে তাক খেল বুলি বুজি প্ৰত্যক্ষ কৰা। এনেকুৱা অনুভৱ হওক যেন সাক্ষী হৈ হদৰ ড্ৰামা প্ৰত্যক্ষ কৰি আছোঁ‌। মায়াৰ যেনেকুৱাই ভয়ংকৰ ৰূপ নহওক তোমালোকে তাক খেলনা আৰু খেল বুলি বুজি প্ৰত্যক্ষ কৰিলে তেতিয়া বহুত আমোদ পাবা, তেতিয়া মায়াৰ প্ৰতি ভয়-ভীত হ'বলগীয়া নহ'ব। যিসকল সন্তানে সদায় খেলুৱৈ হৈ সাক্ষী হৈ মায়াৰ খেল প্ৰত্যক্ষ কৰে তেওঁলোক সদায় নিৰ্ভয় বা মায়াজিৎ হৈ যায়।

স্লোগান:
এনেকুৱা স্নেহৰ সাগৰ হোৱা যাতে ক্ৰোধ সমীপতো আহিব নোৱাৰে।