23.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সংগমযুগ ভাগ্যশালী হোৱাৰ যুগ, ইয়াত তোমালোকে যিমান ইচ্ছা কৰা সিমান ভাগ্যৰ তৰা উজ্বলাই তুলিব পাৰা

প্ৰশ্ন:
নিজৰ পুৰুষার্থক তীব্ৰ কৰাৰ সহজ সাধন কি?

উত্তৰ:
পিতাক অনুসৰণ কৰি থাকিলে পুৰুষার্থ তীব্ৰ হৈ যাব। পিতাকেই চোৱা, মাতাতো গুপ্ত হৈ আছে। পিতাক অনুসৰণ কৰি থাকিলে পিতাৰ সমান উচ্চ হৈ যাবা, সেয়েহে পিতাক এক্যুৰেট (হুবহু) অনুসৰণ কৰি থাকা।

প্ৰশ্ন:
পিতাই কোনসকল সন্তানক বুৰ্বক বুলি ভাবে?

উত্তৰ:
যাৰ পিতাক পোৱাৰো কোনো আনন্দ নাই সেইসকল সন্তানতো বুৰ্বকেই নহ'ল জানো। এনেকুৱা পিতা যিয়ে বিশ্বৰ মালিক কৰি তোলে তেওঁৰ সন্তান হোৱাৰ পাছতো যদি আনন্দিত হৈ নাথাকে তেন্তে বুৰ্বক বুলিয়ে কোৱা নহব জানো।

ওঁম্শান্তি।
মৰমৰ সন্তানসকল, তোমালোক হৈছে ভাগ্যৱান তৰা। তোমালোকে জানা যে আমি শান্তিধামকো স্মৰণ কৰোঁ পিতাকো স্মৰণ কৰোঁ। পিতাক স্মৰণ কৰিলে আমি পবিত্ৰ হৈ ঘৰলৈ যাম। ইয়াত বহি এইটো চিন্তন নকৰা জানো। পিতাই বেলগ আৰু একো কষ্ট নিদিয়ে। জীৱনমুক্তিকতো আন কোনেও নাজানে। তেওঁলোক সকলোৱে পুৰুষাৰ্থ কৰে মুক্তিৰ বাবে, কিন্তু মুক্তিৰ অৰ্থই একো নুবুজে। কিছুমানে কয় - আমি ব্ৰহ্মত লীন হৈ যাম আৰু ঘূৰি নাহোঁ। তেওঁলোকে এইটো কথা নাজানে যে আমি এই চক্ৰলৈ নিশ্চয় আহিবই লাগিব। এতিয়া তোমালোক সন্তানসকলে এই কথাবোৰ বুজি পোৱা। তোমালোক সন্তানসকলে জানা যে আমি স্বদৰ্শন চক্ৰধাৰী ভাগ্যৱান তৰা। লাকী বুলি ভাগ্যশালীসকলক কোৱা হয়। এতিয়া তোমালোক সন্তানসকলক পিতায়ে ভাগ্যশালী কৰি তোলে। যেনেকুৱা পিতা তেনেকুৱা সন্তান। কোনোজন পিতা চহকী হয় আৰু কোনোজন দুখীয়া হয়। তোমালোক সন্তানসকলে জানা যে আমিতো বেহদৰ পিতাক পাই গলোঁ, যিয়ে যিমান ভাগ্যশালী হব বিচাৰে হব পাৰে, যিয়ে যিমান চহকী হব বিচাৰে সেয়া হব পাৰে। পিতাই কয় - যি বিচৰা সেয়া পুৰুষাৰ্থ কৰি লৈ লোৱা। সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। পুৰুষাৰ্থ কৰি যিমান উচ্চ পদ লব খোজা লব পাৰা। উচ্চতকৈও উচ্চ পদ হৈছে এই লক্ষ্মী-নাৰায়ণ। স্মৃতিৰ খতিয়নো নিশ্চয় ৰাখিব লাগে। কিয়নো তামোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হবই লাগিব। বুৰ্বক হৈ এনেয়ে বহি থাকিব নালাগে। পিতাই বুজাইছে - পুৰণি সৃষ্টি এতিয়া নতুন হবৰ হল। পিতা আহেই নতুন সতোপ্ৰধান সৃষ্টিলৈ লৈ যাবলৈ। তেওঁ হৈছে বেহদৰ পিতা, বেহদৰ সুখ দিওঁতা। তেওঁ বুজায় - সতোপ্ৰধান হলেহে তোমালোকে বেহদৰ সুখ পাব পাৰিবা। সতো হলে কম সুখ। ৰজো হলে তাতকৈও কম সুখ। সকলো হিচাপ পিতাই শুনাই দিয়ে। তোমালোকে প্ৰচুৰ ধন লাভ কৰা, অপাৰ সুখ লাভ কৰা। স্মৰণ কৰাৰ বাহিৰে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰাৰ আৰু কোনো উপায় নাই। যিমানেই পিতাক স্মৰণ কৰিবা স্মৃতিৰ দ্বাৰা আপোনাআপুনি দৈৱীগুণো আহিব। সতোপ্ৰধান হবলৈ দৈৱীগুণো নিশ্চয় লাগিব। নিজৰ পৰীক্ষা নিজেই কৰিব লাগে। নিজৰ পুৰুষাৰ্থৰ দ্বাৰা যিমান উচ্চ পদ লাভ কৰিব খোজা কৰিব পাৰা। পঢ়াওঁতা শিক্ষকজনতো বহি আছে। পিতাই কয় কল্পই-কল্পই তোমালোকক এনেদৰেই বুজাওঁ। শব্দই হৈছে দুটা মনমনাভৱ আৰু মধ্যাজী ভৱ। বেহদৰ পিতাৰ পৰিচয় পোৱা। সেই বেহদৰ পিতাহে হৈছে বেহদৰ জ্ঞান দিওঁতা। পতিতৰ পৰা পাৱন হোৱাৰ পথ সেই বেহদৰ পিতাইহে বুজায়। গতিকে পিতাই যি বুজায় সেয়া কোনো নতুন কথা নহয়। গীতাতো লিখা আছে, আটাত নিমখৰ পৰিমাণৰ দৰে। নিজকে আত্মা বুলি বুজা। দেহৰ সকলো ধৰ্ম পাহৰি যোৱা। তোমালোক আৰম্ভণিতে অশৰীৰী আছিলা, এতিয়া অনেক মিত্ৰ সম্বন্ধীয়ৰ বন্ধনত আহিছা। সকলো তমোপ্ৰধান, এতিয়া সতোপ্ৰধান হব লাগে। তোমালোকে জানা যে তমোপ্ৰধানৰ পৰা আমি আকৌ সতোপ্ৰধান হওঁ আৰু তেতিয়া মিত্ৰ সম্বন্ধীয় আদি সকলো পবিত্র হৈ যাব। কল্পৰ আগতে যিয়ে যিমান সতোপ্ৰধান হৈছিল সিমানেই পুনৰ হব। তেওঁলোকৰ পুৰুষাৰ্থো সিমানেই হব। এতিয়া অনুসৰণ কাক কৰিব লাগে। গায়ন আছে - পিতাক অনুসৰণ কৰা। যিদৰে এওঁ পিতাক স্মৰণ কৰে, পুৰুষাৰ্থ কৰে এওঁক অনুসৰণ কৰা। পুৰুষাৰ্থ কৰাওঁতাজন হৈছে পিতা। তেওঁতো পুৰুষাৰ্থ নকৰে, তেওঁ পুৰুষাৰ্থ কৰায়। আকৌ কয় - মৰমৰ সন্তানসকল, পিতাক অনুসৰণ কৰা। গুপ্ত মা-পিতা নাথাকে জানো। মা গুপ্ত, পিতাকতো দেখিবলৈ পোৱা যায়। এইটো ভালদৰে বুজিব লাগে। এনেকুৱা উচ্চ পদ পাবলৈ হলে পিতাক ভালদৰে স্মৰণ কৰা, যেনেকৈ এইজন পিতাই স্মৰণ কৰে। এইজন পিতায়ে আটাইতকৈ উচ্চ পদ লাভ কৰে। এওঁ বহুত উচ্চ আছিল পাছত এওঁৰেই বহুত জন্মৰ অন্তৰো অন্তত মই প্ৰৱেশ কৰিছোঁ। এইটো কথা ভালদৰে স্মৃতিত ৰাখিবা, নাপাহৰিবা। মায়াই বহুতকে পাহৰাই দিয়ে। তোমালোকে কোৱা যে আমি নৰৰ পৰা নাৰায়ণ হওঁ, পিতাই তাৰো যুক্তি শুনায়। কেনেকৈ তোমালোক হব পাৰিবা। এয়াও জানা যে সকলোৱেতো এক্যুৰেট (হুবহু) অনুসৰণ নকৰিব। লক্ষ্য-উদ্দেশ্য পিতাই শুনায় - পিতাক অনুসৰণ কৰা। এতিয়াৰেই গায়ন আছে। পিতাইও এতিয়া তোমালোক সন্তানসকলক জ্ঞান দিয়ে। সন্যাসীসকলৰ অনুগামী বুলি কয় কিন্তু সেয়া ভুল নহয় জানো, কিয়নো অনুসৰণতো নকৰে। তেওঁলোক হৈছে ব্ৰহ্ম জ্ঞানী, তত্ত্ব জ্ঞানী। তেওঁলোকক ঈশ্বৰে জ্ঞান নিদিয়ে। তত্ত্ব অথবা ব্ৰহ্ম জ্ঞানী বুলি কোৱা হয়। কিন্তু তত্ত্ব অথবা ব্ৰহ্মই তেওঁলোকক জ্ঞান নিদিয়ে, সেই সকলোবোৰ হৈছে শাস্ত্ৰৰ জ্ঞান। ইয়াত তোমালোকক পিতাই জ্ঞান দিয়ে, যিজনক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। এইটো কথা ভালকৈ টুকি ৰাখিবা। তোমালোকে পাহৰি যোৱা এয়া অন্তৰত ভালদৰে ধাৰণা কৰিবলগীয়া কথা। পিতাই নিতৌ কয় - মৰমৰ সন্তানসকল, নিজকে আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা, এতিয়া উভতি যাব লাগিব। পতিততো যাব নোৱাৰিব। পবিত্ৰ যোগবলৰ দ্বাৰা হব লাগিব নহলে শাস্তি ভোগ কৰি যাব। সকলোৰে হিচাপ-নিকাচ নিশ্চয় নিষ্পত্তি হব। পিতাই বুজাইছে - তোমালোক আত্মাসকল প্ৰকৃততে পৰমধামৰ নিবাসী হোৱা আকৌ ইয়াত সুখ আৰু দুখৰ ভূমিকা পালন কৰিছা। সুখৰ ভূমিকা হৈছে ৰাম ৰাজ্যত আৰু দুখৰ ভূমিকা হৈছে ৰাৱণ ৰাজ্যত। ৰাম ৰাজ্যক স্বৰ্গ বুলি কোৱা হয়, তাত সম্পূৰ্ণ সুখ আছে। গোৱাও হয় - স্বৰ্গবাসী আৰু নৰ্কবাসী। গতিকে এয়া ভালকৈ ধাৰণ কৰিব লাগে। যিমানে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ গৈ থাকিবা, সিমানে অন্তৰত তোমালোকৰ আনন্দও থাকিব। যেতিয়া ৰজোত দ্বাপৰত আছিলা তেতিয়াও তোমালোক আনন্দিত হৈ আছিলা। তোমালোক ইমান দুখী, বিকাৰী নাছিলা। ইয়াততো এতিয়া কিমান বিকাৰী, দুখী। তোমালোকে নিজৰ জেষ্ঠসকলক চোৱা কিমান বিকাৰী, মদাহী। মদ বহুত বেয়া বস্তু। সত্যযুগততো থাকেই শুদ্ধ আত্মা পুনৰ অৱনতি হৈ-হৈ একেবাৰে ছিঃ-ছিঃ (লেতেৰা) হৈ যায় সেই কাৰণে ইয়াক ৰৌৰৱ নৰক বুলি কোৱা হয়। মদ এনেকুৱা বস্তু যিয়ে কাজিয়া, হতাহতি, লোকচান কৰাবলৈ দেৰি নকৰে। এই সময়ত মনুষ্যৰ বুদ্ধি যেন ভ্ৰষ্ট হৈ গল। মায়া বহুত বলৱান। পিতা হৈছে সৰ্বশক্তিমান, সুখ দিওঁতা। তেনেকৈ আকৌ মায়া হৈছে বহুত দুখ দিওঁতা। কলিযুগত মনুষ্যৰ অৱস্থা কি হৈ যায়, একেবাৰে জৰাজীৰ্ণ। একোৱেই বুজি নাপায়, পাথৰ বুদ্ধিৰ। এয়াও ড্ৰামা নহয় জানো। কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া বুদ্ধি এনেকুৱা হৈ যায়। পিতাই জ্ঞানতো বহুত সহজ দিয়ে। সন্তান-সন্তান বুলি কৈ বুজাই থাকে। মাতাসকলেও কয় মোৰ 5টি লৌকিক সন্তান আছে আৰু এটি হৈছে পাৰলৌকিক সন্তান। যিয়ে মোক সুখধামলৈ লৈ যাবলৈ আহিছে। পিতাইও বুজি পায় তেন্তে সন্তানেও বুজি পায়। যাদুকৰ নহল জানো। পিতা যাদুকৰ তেন্তে সন্তানসকলো যাদুকৰ হৈ যায়। এনেকৈ কয় - বাবা মোৰ সন্তানো হয়। গতিকে পিতাক অনুসৰণ কৰি এনেকুৱা হব লাগে। স্বৰ্গত এওঁলোকৰ ৰাজ্য নাছিল জানো। শাস্ত্ৰত এই কথাবোৰ নাই। এই ভক্তি মাৰ্গৰ শাস্ত্ৰবোৰো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তথাপি আকৌ হব। এয়াও পিতাই বুজায় - পঢ়াবলৈ শিক্ষকতো নিশ্চয় লাগে। কিতাপ জানো শিক্ষক হব পাৰে। তেতিয়াতো শিক্ষকৰ দৰকাৰেই নাথাকিব। এই কিতাপ আদি সত্যযুগত নাথাকে।

পিতাই বুজায় - তোমালোকে আত্মাকতো বুজি পোৱা নহয় জানো। আত্মাসকলৰ পিতাও নিশ্চয় আছে। যেতিয়া কোনোবা আহে তেতিয়া কয় হিন্দু-মুছলমান ভাই-ভাই, অৰ্থ একোৱেই নুবুজে। ভাই-ভাইৰ অৰ্থ বুজিব নালাগে জানো। নিশ্চয় তেওঁৰ পিতাও থাকিব। ইমান সাধাৰণ বোধ শক্তিখিনিও নাই। ভগৱানুবাচ - এয়া বহুত জন্মৰ অন্তিম জন্ম। অৰ্থ কিমান স্পষ্ট। কোনো গ্লানি নকৰে। পিতাইতো মাৰ্গ-দৰ্শন কৰায়। প্ৰথম নম্বৰৰ জনেই শেষৰ নম্বৰ হয়গৈ। বগা বৰণৰ (প্ৰবিত্ৰৰ) পৰা শ্যামবৰণীয়া (অপবিত্ৰ) হয়গৈ। তোমালোকেও বুজি পোৱা - মই বগা আছিলো পুনৰ এনেকুৱা হমগৈ। পিতাক স্মৰণ কৰিলেই এনেকুৱা হবাগৈ। এয়া হৈছে ৰাৱণৰ ৰাজ্য। ৰাম ৰাজ্যক শিৱালয় বুলি কোৱা হয়। সীতাৰ ৰাম, তেওঁতো ত্ৰেতাত ৰাজ্য কৰিছিল, এয়াও বুজি পোৱাৰ কথা। দুই কলা কম বুলি কোৱা হয়। সত্যযুগ হৈছে উচ্চ, সত্যযুগকে স্মৰণ কৰে ত্ৰেতা আৰু দ্বাপৰক ইমান স্মৰণ নকৰে। সত্যযুগ হৈছে নতুন সৃষ্টি আৰু কলিযুগ হৈছে পুৰণি সৃষ্টি। 100 শতাংশ সুখ আৰু 100 শতাংশ দুখ। সেই ত্ৰেতা আৰু দ্বাপৰ হৈছে চেমি (আধা) সেয়েহে মুখ্য বুলি সত্যযুগ আৰু কলিযুগক কোৱা হয়। পিতাই সত্যযুগ স্থাপনা কৰি আছে। এতিয়া তোমালোকৰ কাম হৈছে পুৰুষাৰ্থ কৰা। সত্যযুগৰ নিবাসী হবা নে ত্ৰেতাৰ নিবাসী হবা? দ্বাপৰত পুনৰ অৱনতি হয়। তথাপিও দেৱী-দেৱতা ধৰ্মৰে নোহোৱা জানো। কিন্তু পতিত হোৱাৰ কাৰণে নিজকে দেৱী-দেৱতা বুলি কব নোৱাৰে। সেয়েহে পিতাই মৰমৰ সন্তানসকলক নিতৌ বুজায়। মুখ্য কথা হৈছেই মনমনাভৱৰ। তোমালোকেই এক নম্বৰৰ হোৱাগৈ। 84ৰ চক্ৰ পৰিক্ৰমা কৰি অন্তিমত আহি যোৱা গতিকে এতিয়া বেহদৰ পিতাক স্মৰণ কৰিব লাগে। তেওঁ হৈছে বেহদৰ পিতা। পুৰুষোত্তম সংগমযুগতে পিতা আহি 21 প্ৰজন্মৰ কাৰণে স্বৰ্গৰ সুখ তোমালোকক দিয়ে। প্ৰজন্ম যেতিয়া পুৰা হয় তেতিয়া তোমালোকে নিজেই শৰীৰ ত্যাগ কৰা। যোগবল আছে নহয় জানো। নিয়মেই এনেকৈ ৰচি থোৱা আছে, ইয়াকে যোগবল বুলি কোৱা হয়। তাত জ্ঞানৰ কথা নাথাকে। আপোনাআপুনি তোমালোক বৃদ্ধ হোৱা। তাত কোনো বেমাৰ আদি নাথাকে। লেঙেৰা বা শাৰীৰিক ভাৱে অক্ষম আদি নাথাকে। সৰ্বদা স্বাস্থ্যৱান (নিৰোগী) হৈ থাকে। তাত দুখৰ নাম-চিহ্নই নাথাকে। তাৰ পাছত অলপ-অলপকৈ কলা কমি গৈ থাকে। বেহদৰ পিতাৰ পৰা উচ্চ উত্তৰাধিকাৰ পাবলৈ এতিয়া সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। সন্মানসহকাৰে উত্তীৰ্ণ হব লাগে। সকলোৱেতো উচ্চ পদ পাব নোৱাৰে। যিয়ে সেৱাই নকৰে তেওঁ কি পদ পাব। সংগ্ৰাহলয়ত সন্তানে কিমান সেৱা কৰে, নমতাকৈয়ে কিমান মানুহ আহি যায়। ইয়াক বিহংগ মাৰ্গৰসেৱা বুলি কোৱা হয়। কব নোৱাৰি ইয়াতকৈও অধিক বিহংগ মাৰ্গৰ সেৱা ওলাব। দুই-চাৰিটা মুখ্য চিত্ৰ নিশ্চয় লগত থাকিব লাগে। ডাঙৰ-ডাঙৰ ত্ৰিমুৰ্তি, বৃক্ষ, গোলক, চিৰি - এয়াতো সকলো ঠাইতে বহুত ডাঙৰ-ডাঙৰ হব লাগে। যেতিয়া সন্তানসকল বিচাৰ বুদ্ধি সম্পন্ন হ'ব তেতিয়াহে সেৱা হ'ব নহয় জানো। সেৱাতো হ'বই। গাঁৱতো সেৱা কৰিব লাগে। মাতাসকলৰ লিখা-পঢ়া নাথাকিলেও পিতাৰ পৰিচয় দিয়াতো বহুত সহজ। আগতে মহিলাসকলে নপঢ়িছিল। মুছলমানসকলৰ ৰাজ্যত এটা চকু মেলি বাহিৰলৈ ওলাইছিল। এই বাবা বহুত অনুভৱী হয়। পিতাই কয় - মই এইবোৰ নাজানো। মইতো ওপৰত থাকোঁ। এই সকলোবোৰ কথা এই ব্ৰহ্মাই তোমালোকক শুনায়। এওঁ অনুভৱী হয়, মইতো মনমনাভৱৰ কথাহে শুনাওঁ আৰু সৃষ্টি চক্ৰৰ ৰহস্য বুজাওঁ, যিটো এওঁ নাজানে। এওঁ নিজৰ অনুভৱ বেলেগকৈ বুজায়, মই সেই কথাবোৰত নাযাওঁ। মোৰ ভূমিকা হৈছে কেৱল তোমালোকক ৰাস্তা দেখুওৱা। মই পিতা, শিক্ষক, গুৰু হওঁ শিক্ষক হৈ তোমালোকক পঢ়াওঁ, বাকী ইয়াত কৃপা আদিৰ কোনো কথা নাই। পঢ়াওঁ আৰু লগত লৈ যাওঁ। এই পঢ়াৰ দ্বাৰাই সৎগতি হয়। মই আহিছোঁৱেই তোমালোকক লৈ যাবলৈ। শিৱৰ বৰযাত্ৰী বুলি গায়ন কৰা হয়। শংকৰৰ বৰযাত্ৰী বুলি নকয়। শিৱৰ বৰযাত্ৰী হয়, সকলো আত্মা দৰাৰ পিছত যায়। এই সকলোবোৰ হৈছে ভক্তি, মই হৈছো ভগৱান। তোমালোকে মোক আহ্বানেই কৰিছা পাৱন কৰি লগত লৈ যাবলৈ। গতিকে মই তোমালোক সন্তানসকলক লগত লৈয়ে যাম। হিচাপ-নিকাচ নিষ্পত্তি কৰাই লৈয়েই যাব লাগিব।

পিতাইক বাৰে-বাৰে কয় - মনমনাভৱ। পিতাক স্মৰণ কৰা তেতিয়া উত্তৰাধিকাৰো স্মৃতিলৈ আহিব। বিশ্বৰ বাদশ্বাহী নোপোৱা জানো। তাৰ বাবে পুৰুষাৰ্থো তেনেকৈয়ে কৰিব লাগে। তোমালোক সন্তানসকলক কোনো কষ্ট নিদিওঁ। এইটো জানো যে তোমালোকে বহুত দুখ দেখিছা। এতিয়া তোমালোকক কোনো কষ্ট নিদিওঁ। ভক্তি মাৰ্গত আয়ুসো কম হয়। অকাল মৃত্যু হৈ যায়, কিমান বিলাপ কৰে। কিমান দুখ বহন কৰে। মগজেই বেয়া হৈ যায়। এতিয়া পিতাই কয় - কেৱল মোক স্মৰণ কৰি থাকা। স্বৰ্গৰ মালিক হ'বলৈ হলে দৈৱীগুণো ধাৰণ কৰিব লাগে। পুৰুষাৰ্থ সদায় উচ্চ হ'বৰ কাৰণে কৰা হয় - আমি লক্ষ্মী-নাৰায়ণ হ'ম। পিতাই কয় - মই সূৰ্যবংশী-চন্দ্ৰবংশী, দুয়োটা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। তেওঁলোক বিফল হয় সেয়েহে ক্ষত্ৰিয় বুলি কোৱা হয়। যুদ্ধক্ষেত্ৰ নহয় জানো। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সুখধামৰ উত্তৰাধিকাৰৰ পুৰা অধিকাৰ ল'বৰ কাৰণে সংগমত আত্মিক যাদুকৰ হৈ পিতাকো নিজৰ সন্তান কৰি ল'ব লাগে। পুৰা বলিহাৰ হব লাগে।

(2) স্বদৰ্শন চক্ৰধাৰী হৈ নিজকে ভাগ্যশালী তৰা কৰি তুলিব লাগে। বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱাৰ নিমিত্ত হৈ উচ্চ পদ ল'ব লাগে। গাঁৱে-গাঁৱে গৈ সেৱা কৰিব লাগে। লগতে স্মৃতিৰ খতিয়নো নিশ্চয় ৰাখিব লাগে।

বৰদান:
দেহ আৰু দেহৰ সৃষ্টিৰ স্মৃতিৰ উৰ্দ্ধত থাকোঁতা সকলো বন্ধনৰ পৰা মুক্ত ফৰিস্তা হোৱা

যাৰ কোনো দেহ আৰু দেহধাৰীৰ সৈতে সম্বন্ধ অৰ্থাৎ মনৰ আসক্তি নাই তেওঁৱেই ফৰিস্তা। ফৰিস্তাৰ ভৰি সদায় ধৰণীৰ পৰা উৰ্দ্ধত থাকে। ধৰণীৰ পৰা উৰ্দ্ধত অৰ্থাৎ দেহ-ভাৱৰ স্মৃতিৰ পৰা উৰ্দ্ধত। যি দেহ আৰু দেহৰ সৃষ্টিৰ স্মৃতিৰ পৰা উৰ্দ্ধত থাকে তেওঁৱেই সকলো বন্ধনৰ পৰা মুক্ত ফৰিস্তা হয়। এনেকুৱা ফৰিস্তাইহে ডবল লাইট স্থিতিৰ অনুভৱ কৰে।
 

স্লোগান:
বাণীৰ লগতে চলন আৰু চেহেৰাত পিতাৰ সমান গুণ দেখা দিলে তেতিয়া প্ৰত্যক্ষতা হ'ব।