23.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক দেহী-অভিমানী হোৱা তেতিয়া সকলো বেমাৰ নাইকিয়া হৈ যাব আৰু তোমালোক দ্বৈত মুকুটধাৰী বিশ্বৰ মালিক হৈ যাবা

প্ৰশ্ন:
পিতাৰ সন্মুখত কোনসকল সন্তান বহিব লাগে?

উত্তৰ:
যিসকলে জ্ঞানৰ নৃত্য কৰিব জানে। জ্ঞানৰ নৃত্য কৰা সন্তানসকল যেতিয়া পিতাৰ সন্মুখত থাকে তেতিয়া বাবাই মুৰুলীও তেনেকৈয়ে শুনায়। যদি কোনোবাই সন্মুখত বহি ইফালে-সিফালে চাই থাকে তেতিয়া বাবাই বুজি পায় এই সন্তানটিয়ে একো বুজি নাপায়। বাবাই ব্ৰহ্মণীসকলকো কব তুমি এয়া কাক লৈ আনিছা, যিয়ে বাবাৰ সন্মুখতো হামিয়াই থাকে। সন্তানসকলেতো এনেকুৱা পিতা পাইছে যে আনন্দত নাচি থাকিব লাগে।

গীত:
দূৰদেশ কা ৰহনে ৱালা.. (দূৰৈৰ দেশত থাকোঁতাজন..)

ওঁম্শান্তি।
মৰমৰ সন্তানসকলে গীতটি শুনিলে। আত্মিক সন্তানসকলে বুজি পায় যে আত্মিক বাবা যাক আমি স্মৰণ কৰি আহিছোঁ, দুখ হৰ্তা, সুখ কৰ্তা বা তুমি মাতা-পিতা.. পুনৰ আহি আমাক অপাৰ সুখ দিয়া, আমি দুখী, এই গোটেই জগতখনেই দুখী কাৰণ এয়া হৈছে কলিযুগ পুৰণি সৃষ্টি। পুৰণি সৃষ্টি অথবা পুৰণা ঘৰত ইমান সুখ হব নোৱাৰে, যিমান নতুন সৃষ্টি, নতুন ঘৰত থাকে। তোমালোক সন্তানসকলে বুজি পোৱা আমি বিশ্বৰ মালিক আদি সনাতন দেৱী-দেৱতা আছিলোঁ, আমিয়েই 84 জন্ম লৈছোঁ। পিতাই কয় - সন্তানসকল তোমালোকে নিজৰ জন্মক নাজানা যে কিমান জন্ম ভূমিকা পালন কৰিছা। মনুষ্যই ভাবে 84 লাখ পুনৰ্জন্ম হয়। এটা এটা পুনৰ্জন্ম কিমান বছৰৰ হয়। 84 লাখৰ হিচাপততো সৃষ্টি চক্ৰ বহুত দীঘলীয়া হৈ যাব। তোমালোক সন্তানসকলে জানা আমাৰ; আত্মাসকলৰ পিতা আমাক পঢ়াবলৈ আহিছে। আমিও দূৰৈৰ দেশত থাকোঁতা। আমি কোনো ইয়াত থাকোঁতা নহয়। ইয়াত আমি ভূমিকা পালন কৰিবলৈ আহিছোঁ। পিতাকো আমি পৰমধামত স্মৰণ কৰোঁ। এতিয়া এই পৰৰ দেশত আহিছে। শিৱক বাবা বুলি কব। ৰাৱণক বাবা বুলি নকয়। ভগৱানক বাবা বুলি কব। পিতাৰ মহিমা বেলেগ, 5 বিকাৰৰ কোনোবাই মহিমা কৰিব জানো! দেহ-অভিমানতো বহুত ডাঙৰ বেমাৰ। আমি দেহী-অভিমানী হলে তেতিয়া কোনো বেমাৰ নাথাকিব আৰু আমি বিশ্বৰ মালিক হৈ যাম। এই কথাবোৰ তোমালোকৰ বুদ্ধিত আছে। তোমালোকে জানা শিৱবাবাই আমাক আত্মাসকলক পঢ়ায়। যিবিলাক অন্য সৎসংগ আদি আছে, কতো এনেকৈ নুবুজিব যে আমাক বাবা আহি ৰাজযোগ শিকাবহি। ৰাজ্য-ভাগ্যৰ কাৰণে পঢ়াব। ৰজা কৰি গঢ়োঁতাজনতো ৰজাই হব লাগিব নহয় জানো। শল্য-চিকিৎসকে পঢ়াই নিজৰ সমান শল্য-চিকিৎসকেই কৰি তুলিব। বাৰু, দ্বৈত-মুকুটধাৰী কৰি গঢ়ি তোলোঁতাজন কৰ পৰা আহিব, যিয়ে আমাক দ্বৈত-মুকুটধাৰী কৰি গঢ়ি তুলিব, সেইকাৰণে মনুষ্যই আকৌ কৃষ্ণক দ্বৈত-মুকুটধাৰী বুলি কৈ দিছে। কিন্তু কৃষ্ণই কেনেকৈ পঢ়াব! নিশ্চয় পিতা সংগমত আহিছে, আহি ৰাজ্য-ভাগ্য স্থাপন কৰিছে। পিতা কেনেকৈ আহে, এয়া তোমালোকৰ বাহিৰে আন কাৰো বুদ্ধিত নাথাকিব। দূৰৈৰ দেশৰ পৰা পিতা আহি আমাক পঢ়ায়, ৰাজযোগ শিকায়। পিতাই কয় - মোৰ কোনো প্ৰকাশ বা ৰত্ন খোদিত মুকুট নাই। তেওঁ কেতিয়াও ৰাজ্য-ভাগ্য নাপায়। দ্বৈত মুকুটধাৰী নহয়, আনক কৰি তোলে। পিতাই কয় - মই যদি ৰজা হওঁ তেতিয়া আকৌ ভিকহুও হব লাগিব। ভাৰতবাসী চহকী আছিল, এতিয়া ভিকহু হল। তোমালোকো দ্বৈত মুকুটধাৰী হোৱা গতিকে তোমালোকক গঢ়ি তোলাঁতাজনো দ্বৈত মুকুটধাৰী হোৱা উচিত, যাতে আকৌ তোমালোকৰ যোগসূত্ৰও গঢ়ি উঠে। যি যেনেকুৱা হব তেনেকুৱাই নিজৰ সমান কৰি তুলিব। সন্ন্যাসীয়ে চেষ্টা কৰি সন্ন্যাসী কৰি তুলিব। তোমালোক গৃহস্থী, তেওঁলোক সন্ন্যাসী তেন্তে তোমালোক অনুগামীতো (ফলৱাৰ্চ) নহলা। এনেকৈ কয় যে অমুক শিৱানন্দৰ অনুগামী। কিন্তু সেই সন্ন্যাসীসকল মুণ্ডন কৰোঁতা, তোমালোকেতো অনুসৰণ নকৰা! তেন্তে তোমালোকে অনুগামী বুলি কিয় কোৱা! অনুগামীতো সেইসকল যিয়ে তৎক্ষণাৎ পোচাক ত্যাগ কৰি শ্বেত বস্ত্ৰ পিন্ধি লয়। তোমালোকতো গৃহস্থালিত বিকাৰ আদিত থাকা তেন্তে আকৌ শিৱানন্দৰ অনুগামী বুলি কেনেকৈ কোৱা। গুৰুৰতো কাম হৈছে সৎগতি কৰা। গুৰুৱে এনেকৈতো নকয় যে অমুকক স্মৰণ কৰা। তেনেহলেতো নিজে গুৰু নহল। মুক্তিধামলৈ যাবলৈও যুক্তি লাগে।

তোমালোক সন্তানসকলক বুজোৱা হয়, তোমালোকৰ ঘৰ হৈছে মুক্তিধাম অথবা নিৰাকাৰী সৃষ্টি। আত্মাক কোৱা হয় নিৰাকাৰী আত্মা (চল)। শৰীৰ হল 5 তত্বৰে গঠিত। আত্মাসকল কৰ পৰা আহে? পৰমধাম নিৰাকাৰী সৃষ্টিৰ পৰা। তাত বহুত আত্মা থাকে। সেইখনক কোৱা হব মিঠা শান্তিৰ ঘৰ (চুইট চাইলেন্স হোম)। তাত আত্মাসকল সুখ-দুখৰ পৰা উপৰাম হৈ থাকে। এইটো ভালদৰে দৃঢ় কৰিব লাগে। আমি হৈছোঁ মিঠা শান্তিৰ ঘৰত থাকোঁতা। ইয়াত এইখন নাট্যশালা, যত আমি ভুমিকা পালন কৰিবলৈ আহোঁ। এই নাট্যশালাত সূৰ্য, চন্দ্ৰ, তৰা আদি হৈছে বন্তী। কোনেও হিচাপ কৰিব নোৱাৰে যে এই নাট্যশালা কিমান মাইললৈ বিয়পি আছে। এৰোপ্লেনত ওপৰলৈ যায় কিন্তু তাত ইমান পেট্ৰল আদি ভৰাব নোৱাৰে যে গৈ আকৌ উভতিও আহিব। ইমান দূৰলৈ যাব নোৱাৰে। তেওঁলোকে ভাবে ইমান মাইললৈকে আছে, উভতিব নোৱাৰিলে পতন হৈ যাব। সমুদ্ৰৰ বা আকাশ তত্বৰ অন্ত পাব নোৱাৰে। এতিয়া পিতাই তোমালোকক নিজৰ অন্তৰ বিষয়ে জনায় (সম্পূৰ্ণ পৰিচয় দিয়ে)। আত্মা এই আকাশ তত্বৰ সিপাৰে গুচি যায়। কিমান বেগী ৰকেট। তোমালোক আত্মাসকল যেতিয়া পবিত্ৰ হৈ যাবা তেতিয়া আকৌ ৰকেটৰ নিচিনাকৈ তোমালোক উৰিবলৈ লাগি যাবা। কিমান সৰু ৰকেট। সূৰ্য-চন্দ্ৰৰো সিপাৰে মূলবতনলৈ গুচি যাবাগৈ। সূৰ্য-চন্দ্ৰৰ অন্ত পাবলৈ বহুত চেষ্টা কৰে। দূৰৈৰ তৰা আদি কিমান সৰু দেখিবলৈ পোৱা যায়। হওঁতেতো বহুত ডাঙৰ। যেনেকৈ তোমালোকে চিলা উৰুৱা তেতিয়া ওপৰত কিমান সৰু দেখিবলৈ পোৱা যায়। পিতাই কয় - তোমালোক আত্মাতো সকলোতকৈ বেগী। চেকেণ্ডত এটা শৰীৰৰ পৰা ওলাই অন্য গৰ্ভত গৈ প্ৰৱেশ কৰা। কাৰোবাৰ কৰ্মৰ হিচাপ-নিকাচ লণ্ডনত থাকিলে তেতিয়া চেকেণ্ডত লণ্ডনত জন্ম লবগৈ। চেকেণ্ডত জীৱনমুক্তি বুলিও গায়ন কৰা হয় নহয়। সন্তান গৰ্ভৰ পৰা ওলাল আৰু মালিক হল, উত্তৰাধিকাৰী হৈয়েই গল। তোমালোক সন্তানসকলেও পিতাক জানিলা মানে বিশ্বৰ মালিক হৈ গলা। বেহদৰ পিতাহে আহি তোমালোকক বিশ্বৰ মালিক কৰি তোলে। স্কুলত বেৰিষ্টাৰি (ওকালতি) পঢ়িলে তেতিয়া বেৰিষ্টাৰ হব। ইয়াত তোমালোকে দ্বৈত মুকুটধাৰী হবলৈ পঢ়া। যদি উত্তীৰ্ণ হোৱা তেতিয়া দ্বৈত মুকুটধাৰী নিশ্চয় হবা। তথাপিও স্বৰ্গলৈতো নিশ্চয় আহিবা। তোমালোকে জানা পিতাতো সদায় তাতেই থাকে। হে ঈশ্বৰ পিতা (অ গড ফাদাৰ) বুলি কলে তেতিয়াও দৃষ্টি নিশ্চয় ওপৰলৈ যাব। ঈশ্বৰ পিতা হয় তেন্তে নিশ্চয় তেওঁৰতো কিবা ভূমিকা থাকিব নহয় জানো। এতিয়া ভূমিকা পালন কৰি আছে। তেওঁক বাগিচাৰ গৰাকী বুলিও কয়। আহি কাঁইটক ফুল কৰি গঢ়ি তোলে। গতিকে তোমালোক সন্তানসকল আনন্দিত হব লাগে। এই পৰৰ দেশত বাবাৰ আগমন হৈছে। দূৰৈৰ দেশত থাকোঁতাজন পৰৰ দেশত আহিছে। দূৰৈৰ দেশত থাকোঁতাজনতো পিতাহে হয়। আৰু আত্মাসকলো তাত থাকে। ইয়াত আকৌ ভূমিকা পালন কৰিবলৈ আহে। পৰৰ দেশ - ইয়াৰ অৰ্থ কোনেও নাজানে। মনুষ্যইতো ভক্তি মাৰ্গত যি শুনে তাকে সত্য সত্য বুলি কৈ থাকে। তোমালোক সন্তানসকলক পিতাই কিমান ভালদৰে বুজায়। আত্মা অপৱিত্ৰ হোৱাৰ কাৰণে উৰিব নোৱাৰে। পবিত্ৰ নোহোৱাকৈ উভতি যাব নোৱাৰে। পতিত-পাৱন বুলি একমাত্ৰ পিতাকে কোৱা হয়। তেওঁ আহিবও লাগে সংগমত। তোমালোক কিমান আনন্দিত হব লাগে। বাবাই আমাক দ্বৈত মুকুটধাৰী কৰি গঢ়ি আছে, ইয়াতকৈ উচ্চ পদবী কাৰো নাথাকে। পিতাই কয় - মই দ্বৈত মুকুটধাৰী নহওঁ। মই আহোৱেই এবাৰ। পৰৰ দেশ, পৰৰ শৰীৰত। এই দাদাইও কয় মই শিৱ নহওঁ। মোকতো লেখৰাজ বুলি কৈছিল পাচত সমৰ্পিত হলোঁ তেতিয়া বাবাই ব্ৰহ্মা নাম ৰাখিলে। এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁক কলোঁ যে তুমি নিজৰ জন্মক নাজানা। 84 জন্মৰো হিচাপ থকা উচিত নহয় জানো। তেওঁলোকেতো 84 লাখ বুলি কৈ দিয়ে যিটো একেবাৰে অসম্ভৱ। 84 লাখ জন্মৰ ৰহস্য বুজাওঁতেই কেইবা শ বছৰ লাগি যাব। স্মৃতিতো আহিব নোৱাৰে। 84 লাখ যোনিততো পশু-পক্ষী আদি সকলো আহি যায়। মনুষ্যৰেই জন্ম দূৰ্লভ বুলি গায়ন কৰা হয়। জন্তুৱে জানো জ্ঞান বুজিব পাৰিব। তোমালোকক পিতা আহি জ্ঞান পঢ়ায়। নিজেই কয় - মই আহোঁ ৰাৱণ ৰাজ্যত। মায়াই তোমালোকক কিমান পাথৰ বুদ্ধিৰ কৰি দিছে। এতিয়া আকৌ পিতাই তোমালোকক পাৰস বুদ্ধিৰ (পবিত্ৰ বুদ্ধিৰ) কৰি তোঁলে। অৱৰোহণ কলাত তোমালোক পাথৰ বুদ্ধিৰ হৈ গলা। এতিয়া পুনৰ পিতাই আৰোহণ কলাত লৈ যায়, ক্ৰমানুসৰিতো হয় নহয় জানো। প্ৰত্যেকে নিজৰ পুৰুষাৰ্থৰে বুজিব লাগে। মুখ্য কথা হল স্মৃতিৰ। ৰাতি যেতিয়া শোৱা তেতিয়াও এইটো খেয়াল কৰা। বাবা মই আপোনাৰ স্মৃতিত শুবলৈ ওলাইছোঁ। অৰ্থাৎ মই এই শৰীৰ এৰি আপোনাৰ ওচৰলৈ গৈ আছোঁ। এনেকৈ বাবাক স্মৰণ কৰি কৰি শুই যোৱা তেতিয়া দেখিবা কিমান মজা লাগিব। হয়তো সাক্ষাৎকাৰো হৈ যাব। কিন্তু এই সাক্ষাৎকাৰ আদিত আনন্দিত হব নালাগে। বাবা মইতো আপোনাকেই স্মৰণ কৰোঁ। আপোনাৰ ওচৰলৈ আহিব বিচাৰো। পিতাক তোমালোকে স্মৰণ কৰি কৰি বৰ আৰামত গুচি যাবাগৈ। হয়তো সূক্ষ্মবতনলৈও গুচি যাবা। মূলবতনলৈতো যাব নোৱাৰা। এতিয়া উভতি যোৱাৰ সময় কত হৈছে। অৱশ্যে হয়, যদি বিন্দুৰ সাক্ষাৎকাৰ হয় তেন্তে সৰু সৰু আত্মাৰ বৃক্ষ দেখিবলৈ পাবা। যেনেকৈ তোমালোকৰ বৈকুণ্ঠৰ সাক্ষাৎকাৰ হয় নহয়। এনেকুৱা নহয় যে সাক্ষাৎকাৰ হল গতিকে তোমালোক বৈকুণ্ঠলৈ গুচি যাবাগৈ। নহয়, তাৰ কাৰণেতো আকৌ পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোকক বুজোৱা হয় - তোমালোক পোন-প্ৰথমে মিঠা (মৰমৰ) ঘৰলৈ যাবা। সকলো আত্মা ভূমিকা পালন কৰাৰ পৰা মুক্ত হৈ যাব। যেতিয়ালৈকে আত্মা পবিত্ৰ নহয় তেতিয়ালৈকে যাব নোৱাৰে। বাকী সাক্ষাৎকাৰৰ পৰা একোৱেই পোৱা নাযায়। মীৰাৰ সাক্ষাৎকাৰ হল, বৈকুণ্ঠলৈ গুচি গল জানো। বৈকুণ্ঠতো সত্যযুগতহে হয়। এতিয়া তোমালোকে বৈকুণ্ঠৰ মালিক হবলৈ প্ৰস্তুতি চলাই আছা। বাবাই ধ্যান আদিত ইমান যাবলৈ নিদিয়ে কাৰণ তোমালোকেতো পঢ়িব লাগে নহয় জানো। পিতা আহি পঢ়ায়, সকলোৰে সৎগতি কৰে। বিনাশো সন্মুখত ঠিয় হৈ আছে। বাকী অসুৰ আৰু দেৱতাসকলৰ যুদ্ধতো নহয়। তেওঁলোকে পৰস্পৰ যুদ্ধ কৰে তোমালোকৰ কাৰণে কিয়নো তোমালোকৰ কাৰণে নতুন সৃষ্টি লাগে। বাকী তোমালোকৰ যুদ্ধ হৈছে মায়াৰ সৈতে। তোমালোক বহুত নামজ্বলা যোদ্ধা। কিন্তু কোনেও নাজানে যে দেৱীসকলৰ ইমান মহিমা কিয় গোৱা হয়। এতিয়া তোমালোকে ভাৰতক যোগবলেৰে স্বৰ্গ কৰি তোলা। তোমালোকে এতিয়া পিতাক পাই গৈছা। তোমালোকক বুজাই থাকে - জ্ঞানেৰে নতুন সৃষ্টি জিন্দাবাদ হয়। এই লক্ষ্মী-নাৰায়ণ নতুন সৃষ্টিৰ মালিক আছিল নহয় জানো। এতিয়া পুৰণি সৃষ্টি। পুৰণি সৃষ্টিৰ বিনাশ আগতেও মিচাইলৰ দ্বাৰা হৈছিল। মহাভাৰতৰ যুদ্ধ লাগিছিল। সেই সময়ত পিতাই ৰাজযোগো শিকাই আছিল। এতিয়া বাস্তৱত (প্ৰেক্টিকেলত) পিতাই ৰাজযোগ শিকাই আছে নহয়। পিতাইহে তোমালোকক সত্য শুনায়। সত্য বাবা আহে তেতিয়া তোমালোকে সদায় আনন্দত নৃত্য কৰা। এয়া হল জ্ঞান নৃত্য। গতিকে যিসকল জ্ঞান নৃত্যৰ চৌখিন হয় তেওঁলোকেহে সন্মুখত বহিব লাগে। যিসকলে বুজি নাপায়, তেওঁলোকৰ হামি আহিব। বুজা যায়, এওঁ একোৱেই বুজি নাপায়। জ্ঞান একোৱে নুবুজিলে তেতিয়া ইফালে-সিফালে চাই থাকিব। বাবাইও ব্ৰাহ্মণীক কব তুমি কাক লৈ আনিলা। যিয়ে শিকে আৰু শিকায় তেওঁলোক সন্মুখত বহিব লাগে। তেওঁলোক আনন্দিত হৈ থাকিব। আমিও নৃত্য কৰিব লাগে। এয়া হল জ্ঞান নৃত্য। কৃষ্ণইতো জ্ঞানো শুনোৱা নাই, নৃত্যও কৰা নাই। মুৰুলীতো এই জ্ঞানৰে হয় নহয় জানো। সেয়েহে পিতাই বুজাইছে - ৰাতি শোৱাৰ সময়ত বাবাক স্মৰণ কৰি, চক্ৰক বুদ্ধিত স্মৰণ কৰি থাকা। বাবা মই এতিয়া এই শৰীৰ এৰি আপোনাৰ ওচৰলৈ আহিছোঁ। এনেকৈ স্মৰণ কৰি কৰি শুই যোৱা তেতিয়া দেখিবা কি হয়। আগতে কবৰস্থান তৈয়াৰ কৰিছিল তেতিয়া কোনোবা শান্তিত গুচি গৈছিল, কোনোবাই ৰাস কৰিবলৈ লাগি গৈছিল। যিয়ে পিতাক নাজানেই, তেন্তে তেওঁ পিতাক কেনেকৈ স্মৰণ কৰিব। মনুষ্য মাত্ৰই পিতাক নাজানে তেন্তে পিতাক স্মৰণ কেনেকৈ কৰিব, সেইবাবে পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, মোক কোনেও নাজানে।

এতিয়া তোমালোকে কিমান বোধশক্তি পাইছা। তোমালোক হলা গুপ্ত যোদ্ধা। যোদ্ধা নাম শুনি দেৱীসকলক আকৌ তৰোৱাল বাণ আদি দি দিছে। তোমালোক যোগবলৰ যোদ্ধা। যোগবলেৰে বিশ্বৰ মালিক হোৱা। বাহুবলেৰে কোনোবাই যিমানেই চেষ্টা নকৰক কিন্তু বিজয়ী হব নোৱাৰে। ভাৰতৰ যোগ প্ৰসিদ্ধ। এয়া পিতাহে আহি শিকায়। এইটোও কোনেও নাজানে। উঠোঁতে-বহোঁতে পিতাকেই স্মৰণ কৰি থাকা। এনেকৈ কয় যে যোগ নালাগে। যোগ শব্দটি বাদ দিয়া। সন্তানেতো পিতাকক স্মৰণ কৰে নহয় জানো। শিৱবাবাই কয় মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা। মইহে সৰ্বশক্তিমান হওঁ, মোক স্মৰণ কৰিলে তোমালোক সতোপ্ৰধান হৈ যাবা। যেতিয়া সতোপ্ৰধান হৈ যাবা তেতিয়া আকৌ আত্মাসকলৰ বৰযাত্ৰী ওলাব। যেনেকৈ মৌ-মাখিৰ বৰযাত্ৰী ওলায় নহয়। এয়া হল শিৱবাবাৰ বৰযাত্ৰী। শিৱবাবাৰ পাচে পাচে সকলো আত্মা মহৰ নিচিনাকৈ দৌৰিব। বাকী শৰীৰ সকলো নাশ হৈ যাব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰাতি শোৱাৰ আগতে বাবাৰ সৈতে মিঠা মিঠা বাৰ্তালাপ কৰিব লাগে। বাবা মই এই শৰীৰ এৰি আপোনাৰ ওচৰলৈ আহিছোঁ, এনেকৈ স্মৰণ কৰি শুব লাগে। স্মৃতিয়েই হৈছে মুখ্য, স্মৃতিৰেই পাৰসবুদ্ধিৰ হবা।

(2) 5 বিকাৰৰ বেমাৰৰ পৰা বাচিবলৈ হলে দেহী-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰিব লাগে। অপাৰ আনন্দত থাকিব লাগে, জ্ঞানৰ নৃত্য কৰিব লাগে। শ্ৰেণীত আলস্যতা বিয়পাব নালাগে।

বৰদান:
ত্ৰিকালদৰ্শী স্থিতিৰ দ্বাৰা ব্যৰ্থৰ হিচাপ সমাপ্ত কৰোঁতা সদায় সফলতামূৰ্ত হোৱা

ত্ৰিকালদৰ্শী স্থিতিত স্থিত হোৱা অৰ্থাৎ প্ৰতিটো সংকল্প, বাণী বা কৰ্ম কৰাৰ আগতে পৰীক্ষা কৰা যে এয়া ব্যৰ্থ নে সমৰ্থ হয়! ব্যৰ্থই এক চেকেণ্ডত পদমৰ লোকচান কৰায়, সমৰ্থই এক চেকেণ্ডত পদমৰ উপাৰ্জন কৰায়। চেকেণ্ডৰ ব্যৰ্থও উপাৰ্জনত বহুত লোকচান কৰাই দিয়ে যাৰ বাবে কৰি থোৱা উপাৰ্জনো হেৰাই যায় সেইকাৰণে এককালদৰ্শী হৈ কৰ্ম কৰাৰ সলনি ত্ৰিকালদৰ্শী স্থিতিত স্থিত হৈ কৰা তেতিয়া ব্যৰ্থ সমাপ্ত হৈ যাব আৰু সদায় সফলতামূৰ্ত হৈ যাবা।

স্লোগান:
মান, সম্ভ্ৰম আৰু সাধনসমূহৰ ত্যাগেই মহান ত্যাগ।