24.06.22 Avyakt Bapdada
Assame
Murli
15.12.63 Om Shanti Madhuban
(মম্মাৰ পূণ্য স্মৃতি
দিবসত প্ৰাতঃ ক্লাচত শুনাবৰ বাবে মাতেশ্বৰীজীৰ মধুৰ মহাবাক্য)
“*“কৰ্মই হৈছে সুখ আৰু দুখৰ কাৰণ”*”
এইটোতো সকলো মনুষ্যই
জানে যে জীৱনত দুখ আৰু সুখ কৰ্মৰ আধাৰত প্ৰালব্ধৰ ৰূপত চলে। পূৰ্বতে নিশ্চয় এনেকুৱা
কৰ্ম কৰিছে যাৰ প্ৰালব্ধ দুখ অথবা সুখৰ ৰূপত ভূগিবলগীয়া হয়। গতিকে সুখ আৰু দুখৰ
সমন্ধ কৰ্মৰ সৈতে হৈ গ’ল। কৰ্মক ভাগ্য বুলি কোৱা নহ’ব। বহুতে এনেকৈ ভাবে যে ভাগ্যত
যি আছে, সেইবাবে দুখ আৰু সুখক ভাগ্য বুলি বুজি লয়, এইটোতো এনেকুৱা হ’ল যেন এই ভাগ্য
ভগৱানে গঢ়িলে অথবা অন্য কোনোবাই গঢ়িলে সেইবাবে কৈ দিয়ে যে ভাগ্যত যি আছে কিন্তু এইটো
বুজাটোও অতি আৱশ্যক যে ভাগ্যনো কোনে গঢ়িলে? ভাগ্য কোনো পৰমাত্মাই গঢ়া নাই। এনেকুৱাও
নহয় যে ভাগ্য আগতেই গঢ়ি থোৱা আছে। নহয়। এয়া মনুষ্যই যি দুখ আৰু সুখ ভোগে, সেই দুখ
সুখ সৃষ্টি কৰোঁতাজনো মনুষ্যই হয় কিয়নো কৰ্ম কৰোঁতা মনুষ্যই হয়, সেইবাবে এইটো
দায়বদ্ধতা নিজৰ হৈ গ’ল। যেনেকুৱা কৰ্ম তেনেকুৱা পৰিণাম এইটোতো সচৰাচৰ প্ৰচলিত
প্ৰবচন আৰু যিয়ে কৰিব তেৱেঁ পাব। গীতাতো বৰ্ণনা কৰা আছে যে জীৱাত্মা নিজেই নিজৰ
শত্ৰু আৰু নিজেই নিজৰ বন্ধু মিত্ৰ। এনেকৈ কোৱা নাই যে মই তোমাৰ শত্ৰু, মই তোমাৰ
মিত্ৰ। নহয়। জীৱাত্মা নিজেই নিজৰ শত্ৰু আৰু মিত্ৰ, সেইবাবে নিজৰ লগত মিত্ৰতা আৰু
নিজৰ লগত শত্ৰুতা, দুখ আৰু সুখ দিওঁতা মনুষ্য নিজেই হ’ল। গতিকে এইটো কথা ইমান
স্পষ্ট যে দুখ সুখৰ বাবে মনুষ্য নিজেই দায়বদ্ধ সেইবাবে যেতিয়া কিবা ৰূপত দুখ আহে
তেতিয়া সেয়া দূৰ কৰিবলৈ চেষ্টা কৰে। কিবা হাই-কাজিয়াৰ সৃষ্টি হৈ গ’লে তেতিয়া সেয়া
অন্ত পেলাবলৈ চেষ্টা কৰে, এই সময়ত কাৰোবাৰ অকাল মৃত্যও হৈ যায় তেতিয়াও দুখ হয়। গতিকে
ভাবে যে নাজানো মোৰ লগত এনেকুৱা কিয় হ’ল? আকৌ সেই আবেগ প্ৰৱণতাত আহি ভগৱানক গালি
দিবলৈ লাগি যায়। এতিয়া তোমালোকৰ সন্মুখত যিবোৰ কথা (পৰিস্থিতি) আহিছে, এয়া (সৃষ্টি)
কৰিলে কোনে? এয়া যি অকাল মৃত্যু হ’ল, এয়া যি ৰোগৰ ৰূপত দুখ পালে, এয়া ভগৱানে কৰিলে
জানো? এয়া যি হাই-কাজিয়া সংসাৰৰ যিমান দুখৰ কাৰণ আছে, এয়া সকলো জানো ভগৱানে কৰিলে?
হেৰৌ! ভগৱান যাক দুখ হৰ্তা, সুখ কৰ্তা বুলি কোৱা সেইবাবেতো যেতিয়া কোনো দুখ হয়
তেতিয়া তেওঁক স্মৰণ কৰা। শৰীৰ ৰোগী হ’লে তেতিয়াও কোৱা - হে ভগৱান! দুখত তেওঁকেই
স্মৰণ কৰা, যদি তেৱেঁই দিছে তেন্তে যিজন দুখ দিওঁতা হয় তেওঁক কি কৰিব লাগে? কোৱাচোন।
এইটোও ভাবিব লাগে যে দুখৰ সময়ত যিজন স্মৃতিলৈ আহে, তেওঁৰ বাবেতো ক’বও নোৱাৰা যে এই
দুখ তেওঁ দিলে। এইটোও বুজিবলীয়া কথা। যিহেতু স্মৰণ কৰা হয় তেন্তে নিশ্চয় আমাৰ সৈতে
তেওঁৰ সমন্ধ কোনো অন্য কথাত আছে, দুখ দিয়াৰ ক্ষেত্ৰত নহয়। ইয়াৰ পৰা সিদ্ধ হয় যে
দুখৰ কাৰণ অথবা ইয়াৰ বাবে দায়বদ্ধ কোনোবা অন্য হয়! তাৰ ভিতৰতো তৃতীয়তো কোনো নাই। এক
মই আৰু দ্বিতীয়তে মোৰ ৰচনা, বচ্। দুয়োটা বস্তুৱেই আছে নহয় জানো। এক মই তেওঁৰ ৰচনা
অথবা তেওঁৰ সন্তান বুলি কোৱা আৰু দ্বিতীয়তে হৈছে পিতা। গতিকে হয়তো পিতা দায়বদ্ধ অথবা
মই দায়বদ্ধ হওঁ! কিন্তু যেতিয়া মোৰ ওচৰত দুখ আহে তেতিয়া মই এনেকুৱা বোধ কৰোঁ যেন
সেই ৰচয়িতাইহে মোক দুখ দিছে। ভিতৰৰ পৰা বুজাও যায় যে তেওঁতো মোৰ সুখদাতা হয়। যেনেকৈ
সুখৰ বাবে আশ্ৰয় বিচাৰে যে হে ভগৱান এই দুখ দূৰ কৰক, ভগৱান মোৰ আয়ুস বৃদ্ধি কৰক।
চোৱা, আয়ুসৰ বাবেও ভিক্ষা মাগে। গতিকে আয়ুসৰ, দুখৰ, শৰীৰৰ ৰোগৰো আৰু যি হাই-কাজিয়া
যিকোনো এনেকুৱা অশান্তিৰ কাৰণ উদ্ভৱ হয় তেতিয়া ভগৱানৰ পৰা মাগে। কোনোবা সন্তান
এনেকুৱা হ’লে তেতিয়াও কয় - ভগৱান এওঁক সুমতি দিয়ক গতিকে মতো তেওঁৰ পৰা বিচাৰে। কোনো
কথাৰ বাবে যেতিয়া কিছু দুখ বা কষ্ট হয় তেতিয়া কষ্টত স্মৰণো তেওঁকেই কৰে আৰু মাগেও
তেওঁৰ পৰাই। যিহেতু তেওঁৰ পৰাই মাগে গতিকে নিশ্চয় তেওঁ তাৰ দাতা হয় আৰু তেৱেঁই আমাক
সুখ দিওঁতা হয়, মানে এই সকলোবোৰ কথাৰ প্ৰতিকাৰ কেৱল তেওঁৰ ওচৰতহে আছে। কেৱল এনেয়ে
স্মৰণ নকৰে, তেওঁৰ ওচৰত প্ৰতিকাৰ আছে। গতিকে এয়া সকলো আমাৰ যি অভ্যাসত পৰিণত হৈছে,
লাগিলে জানক বা নাজানক কিন্তু ভগৱানক দুখৰ সময়ত নিশ্চয় স্মৰণ কৰে। কিবা কথা হ’লে (পৰিস্থিতি
আহিলে) তেতিয়া মুখেৰে উচ্চাৰিত হয় “হে মোৰ ভগৱান” (অ’ মাই গ’ড)। কোনোবাই লাগিলে
জানক বা নাজানক যে সেইজন ঈশ্বৰ (গড) কোন হয়, কি হয়, কিন্তু মুখেৰে নিশ্চয় উচ্চাৰিত
হয়। গতিকে এইটোও বুজিবলীয়া কথা যে আমি যাক স্মৰণ কৰোঁ, তেওঁৰ আমাৰ এই সকলো দুখৰ সৈতে
কিবা সম্বন্ধ আছে নেকি! তেওঁ দুখৰ দাতা নে তেওঁৰ সম্বন্ধ সুখ দিয়াৰ সৈতে আছে! এইটোতো
আমি তেওঁক স্মৰণ কৰাৰ পৰাই সিদ্ধ হৈ যায় যে তেওঁৰ কোনো দুখ দিয়াৰ কাম নহয়েই। যদি
দিয়ে তেন্তে স্মৰণ কিয় কৰে? দুখ দিওতাজনৰ প্ৰতিতো ভিতৰি খং উঠে, ভাবে যে এওঁৰ প্ৰতি
নাজানো কি কৰোঁ.... কিন্তু ভগৱানৰ প্ৰতিতো সদায় আৰু দুখৰ সময়ততো বিশেষ প্ৰেম জাগি
উঠে। ভিতৰৰ পৰা উদয় হয় যে তেওঁ যেন আমাৰ কোনোবা ডাঙৰ মিত্ৰ। ভিতৰি সেই আনন্দৰ
অনুভূতি হয়। তেন্তে নিশ্চয় তেওঁৰ আমাৰ লগত সুখৰ সম্বন্ধ আছে। তেন্তে দুখৰ কাৰণ
নিশ্চয় কিবা বেলেগ হয়! এতিয়া আৰু কোনো তৃতীয়তো নায়েই, এক মই দ্বিতীয়তে তেওঁ, তেন্তে
নিশ্চয় মই দায়বদ্ধ হ'লোঁ।
সেয়েহে যিটো বস্তুৰ
বাবে মই নিমিত্ত হওঁ আৰু ময়েই দুখত দুখী হওঁ আৰু সৃষ্টিও মই নিজেই নিজৰ কাৰণে কৰোঁ,
গতিকে এয়া চোৱা কিমান বুদ্ধিহীনতা। যিটো বস্তুৰ পৰা মুক্তি বিচাৰোঁ সেইটো বস্তু মই
নিজৰ কাৰণে নিজেই সৃষ্টি কৰোঁ, আশ্চৰ্যজনক কথা নহয় জানো। মনুষ্যই নিবিচাৰে তথাপিও
দুখৰ সৃষ্টি হৈ থাকে, তেন্তে নিশ্চয় তেওঁ কোনো কথাত অজ্ঞ হৈ আছে, বুদ্ধিহীন হৈ আছে।
গতিকে যিটো কথা গম পোৱা নাযায়, সেইটো কথা প্ৰথমে গম পাব লাগে নহয়। নিশ্চয় মোৰ সেই
বিষয়ে কিছু জ্ঞান থকা উচিত। সেয়েহে প্ৰথমে এই জ্ঞানৰ সন্ধান কৰিব লাগে। কিন্তু
আশ্চৰ্যজনক কথা যে আজিকালিতো এনেকুৱা কথা বুজিও চোৱা অনেক বেচেৰাই কিমান অজুহাত
দেখুৱায়। ক’ব আজৰি নাই, সময় নাই। কি কৰিম গৃহস্থালিৰ কাম-কাজ আদিৰ তত্ত্বাৱধানেই
ল’ম নে এয়া কৰিম, সেয়া কৰিম, কি কৰিম… সেয়েহে তেওঁলোকে দেখিও, তত্ত্বাৱধান লৈও তাত
দুখী হৈ আছে। এতিয়া যিহেতু ময়েই ‘মই’ ‘মই’ বুলি কৈ এই দুখৰ ৰূপ দি দিলোঁ, সেয়া দুখৰ
ৰূপত আনিছোঁ, গতিকে প্ৰথমে তাৰ অনুসন্ধান কৰা উচিত। সৃষ্টি কৰাৰ আগতে তাৰ বিষয়ে
জানিব লাগে যে এয়া যি সৃষ্টি কৰি মই দুখী হওঁ, তাৰ কাৰণ কি! প্ৰথমে মোৰ এইটো বোধ
হ'ব লাগে যে মই দুখী কিয় হৈছোঁ! কি সুখ আমাৰ নহয়েই নেকি! সেই বিষয়েতো গম পোৱা উচিত।
এই বিষয়ে জানিবৰ কাৰণে
ইয়াত কোৱা হয় যে যিবোৰ বস্তুক তোমালোকে মোৰ বুলি বুজিছা, এয়াই দুখৰ কাৰণ। দুখ দূৰ
কৰাৰ চিকিৎসা কি, সেয়াও জীৱনৰ কাৰণে জনাতো অতি আৱশ্যক। কিন্তু জানিও কয় কি কৰোঁ,
কেনেকৈ কৰোঁ, নিজৰ গৃহস্থ ব্যৱহাৰ ত্যাগ কৰিম নেকি! সেয়েহে আচম্বিত হোৱা যায় -
মনুষ্যৰ বুদ্ধি চোৱা যে বুজিও সেয়া ধাৰণ কৰিব নোৱাৰে। আমি অনুভৱেৰে সেই কথাবোৰ বুজি
লৈ, ধাৰণ কৰি কওঁ যে এয়া অনুভৱৰ বস্তু। নিশ্চয় অনুভৱ হৈছে সেই কাৰণেতো কয় যে
বাস্তৱত কেনেধৰণেৰে সুখৰ প্ৰাপ্তি হ’ব পাৰে। যিসকলে বহুকালৰ পৰা আশা ৰাখি আহিছে,
এতিয়া সেইজন যি সুখ দাতা হয়, তেওঁ স্বয়ং আমাক নিজৰ এই পৰিচয় দি আছে যে সন্তানসকল,
তোমালোক দুখী কিয় হৈছা? কাৰণতো তোমালোকৰেই কিন্তু তোমালোকৰ মাজত এনেকুৱা কোনটো কথা
আছে যিটো তোমালোকে নিজেই গম নোপোৱা, যাৰ কাৰণে দুখ ভূগী আছা। তোমালোকৰ কৰ্মই দুখৰ
কাৰণ হৈ গৈ আছে নেকি! আহি সেয়া বুজা, চোৱা মই ইমানখিনি প্ৰস্তাৱ আগবঢ়াইছোঁ। তথাপিও
কি আচৰিত কথা চোৱা, এইটো শুনিও বেচেৰাহঁতে কয়, কিজানি এয়াই চলিব। ইয়াকে কোৱা হয়
মায়াৰ আকৰ্ষণ! একেবাৰে মায়াই ধৰি বহি আছে। আৰু বিচাৰেও যিটো বস্তুৰ কাৰণে গোটেই দিন
মগজ খটুৱাই থাকে, সেইজন পিতাই সন্মুখৰ পৰা কয়, সন্তানসকল তোমালোকৰ সুখৰ কাৰণ আৰু
দুখৰ কাৰণ কি।
পিতাই নিজেই কয় - মই
তোমালোকৰ সকলো দুখ হৰণ কৰিবলৈ আৰু তোমালোকক সুখ দিবলৈ আহিছোঁ, সেইবাবেতো দুখ হৰ্তা,
সুখ কৰ্তা বুলি গায়ন কৰা। কেতিয়াও এনেকৈ নকয় যে আজি দুখ হৰ্তা, সুখ কৰ্তা। নকয়।
গতিকে সকলো দুখৰ তেওঁ দুখ হৰ্তা। পিতাই কয় – সন্তানসকল, মই আহিছোঁ তোমালোকৰ দুখ হৰণ
কৰিবলৈ। কিন্তু তাৰ বাবে তোমালোকক এনেকুৱা কৰ্ম কৰিবলৈ শিকাম যাৰ দ্বাৰা তোমালোকৰ
দুখ সমাপ্ত হৈ যাব। কেৱল মই যি শিকাওঁ, বুজাওঁ সেয়া বুজি সেইটো পুৰুষাৰ্থ কৰা, যাৰ
দ্বাৰা দুখ সমাপ্ত হৈ যাব। মই তোমালোকৰে দুখ সমাপ্ত কৰাৰ শিক্ষা দিওঁ যাক ধাৰণ কৰি
লোৱা কিয়নো তোমালোকৰ বস্তু নহয় জানো। কিন্তু বেচেৰা বহুতে এনেকুৱা কাৰণ দৰ্শায় যেন
তেওঁলোকে ভগৱানকহে কৃপা কৰে। বহুতে আকৌ কয় - সময় পালে কৰি ল’ম! হেৰৌ ভাই!
খুউৱা-বুউৱা এয়া যিবোৰ কথা আছে, সেই কৰ্মৰ ফলস্বৰূপে গঢ় লোৱা হিচাপতে তোমালোক
বিবুদ্ধিত পৰি আছা, তাতেইতো দুখী হৈছা। যিহেতু এফালে কোৱা দুখৰ পৰা যাতে মুক্ত হওঁ
আৰু আনফালে এই সকলো দুখৰ পৰা মুক্ত হোৱাৰ মাৰ্গ স্বয়ং পিতাই বুজাই আছে, তথাপিও চোৱা,
কাৰোবাৰ বুদ্ধিত কাচিৎহে ধাৰণ হয়। এইদৰে এই 5 বিকাৰক মায়া বুলি কোৱা হয়, কিন্তু
বেচেৰা মনুষ্যই ধন-সম্পত্তিক মায়া বুলি বুজি লয়। বহুতে আকৌ শৰীৰকো মায়া বুলি কৈ দিয়ে।
তাৰ পৰা ৰক্ষা পোৱাৰ উপায় উলিয়াই থাকে, কিন্তু পিতাই কয় যে তোমালোকৰ দুখৰ কাৰণ অন্য
কিবা। এই প্ৰকৃতিতো মোৰ ৰচনা হয়, যিটো অনাদি সেয়া কোনো দুখৰ কাৰণ নহয়। তোমালোকৰ
মাজত অতিৰিক্ত কোনো বেলেগ বস্তু আহিছে, যিটো দুখৰ কাৰণ হয়, তাকেই 5 বিকাৰ (মায়া)
বুলি কোৱা হয়। বিকাৰ কোনো শৰীৰ নহয়, সংসাৰ বিকাৰ নহয়, ধন-সম্পত্তি বিকাৰ নহয়। বিকাৰ
এক বেলেগ বস্তু, যিটো অহাৰ বাবে এই সকলো বস্তু দুখৰ কাৰণ হৈ গৈছে। নহ’লেতো এই সকলো
পদাৰ্থ আত্মাৰ সুখৰ কাৰণ হয়। তাৰ বাবে এয়া সম্পত্তি ধন আদি যি আছে, সেয়া সকলো সুখৰ
কাৰণে। কিন্তু এই সকলো বিষয়ৰ সম্পূৰ্ণ জ্ঞান নথকাৰ কাৰণে এই সকলো বস্তু দুখত আহি
গৈছে। এনেকুৱাও নহয় যে মই এয়া যি অনাদি ৰচনা ৰচিছোঁ, সেয়া কোনো দুখৰ কাৰণ নহয়। দুখৰ
কাৰণ তোমালোক হৈছা, তোমালোকৰ ভিতৰত কিবা বেলেগ বস্তু আহিছে। সেই বেলেগ বস্তু হৈছে
এই মায়া 5 বিকাৰ, এতিয়া সেয়াই তোমালোকে দূৰ কৰিব লাগে। মনুষ্যই আকৌ কৈ দিয়ে এয়া সকলো
ভগৱানে দিছে, যদি ভগৱানে দিছে তেন্তে সেয়া সুখৰ বস্তুৱেই দিব নহয় জানো। ইয়াত
তোমালোকে বিকাৰ চামিল কৰি সকলো বস্তুকে নষ্ট কৰি দিলা সেয়েহে পিতাই কয় তোমালোকে এই
বিকাৰসমূহ আঁতৰাই পেলোৱা তেতিয়া সদাকালৰ কাৰণে সুখী হৈ যাবা। এই সকলোবোৰ কথা
বুজিবলগীয়া। ইয়াৰ বাবে কিছু সময়তো দিব লাগিব। দুখ নাশ কৰাৰ বিধি শিকিব লাগিব।
তাৰবাবে কোৱা হয় বাৰে বাৰে আহক, কিছু বুজক। কিন্তু এনেকুৱা নহয় যে ইয়াত শুনিলে
বাহিৰলৈ গ’ল আৰু কথা শেষ। বহুতে আকৌ কৈ দিয়ে যে এইয়া হৈছে জেষ্ঠ বা বৃদ্ধসকলৰ কাম।
জীৱনক গঢ়াতো কি বৃদ্ধসকলৰ ক্ষেত্ৰতহে জৰুৰী নেকি! বৃদ্ধতো সেইসকল হ’ল যিসকলে ওলোটা
ছিৰি বগাই যায় আকৌ দেখি নামে, তাতকৈ কিয়নো ছিৰি উঠাৰ আগেয়ে সাৱধান হৈ নোযোৱা যে আমি
জীৱন কেনেকৈ চলাব লাগে, সেয়েহে তেওঁলোকক ৰায় দিব যে এই কথাবিলাক বুজি লৈ নিজৰ জীৱনত
দুখৰ যি মূল, দুখৰ যি কাৰণ হয়, সেয়া দূৰ কৰাৰ পূৰা যত্ন (পুৰুষাৰ্থ) কৰিব লাগে।
ভগৱান পিতা যিজন সকলোৰে পিতা হয়, তেওঁৰ ওপৰত আমাৰ যি অধিকাৰ আছে, সেয়াও বুজিব লাগে
আৰু সেই অধিকাৰ ল’ব লাগে। কেৱল এনেয়ে তেওঁক পিতা বুলি ক’ব নালাগে কিন্তু তেওঁৰ
দ্বাৰা আমি কি প্ৰাপ্তি কৰিব লাগে, সেয়াওতো কোনোবাই আহি শুনক আৰু বুজক। আমি সকলোকে
প্ৰস্তাৱতো দিয়েই থাকিম। আগতেও নিমন্ত্ৰণ আৰু বাৰ্তা দিয়া হৈছিল। তেতিয়া কোটিৰ মাজত
কোনোবাহে জাগৃত হয়। আগতেও এনেকুৱা হৈছে সেইবাবেতো ভগৱানে নিজেই কৈছে যে কোটিৰ মাজত
কোনোবাইহে মোক জানে। গতিকে ইয়ালৈ আহি এই বিষয়তো বুজি আৰু কিছু ধাৰণ কৰাৰ কথা পাতা।
এদিনতে এই সকলো কথা বুজাব পৰা নাযায়। ভাল বাৰু। মৰমৰ সন্তানসকলৰ প্ৰতি স্নেহপূৰ্ণ
স্মৰণ আৰু নমস্কাৰ।
বৰদান:
নিজৰ পূজ্য
স্বৰূপৰ স্মৃতিত সদায় আত্মিক নিচাত থাকোঁতা জীৱনমুক্ত হোৱা
ব্ৰাহ্মণ জীৱনৰ মজা
জীৱনমুক্ত স্থিতিত আছে। যাৰ সদায় নিজৰ পূজ্য স্বৰূপৰ স্মৃতি থাকে তেওঁলোকৰ চকু
একমাত্ৰ পিতাৰ বাহিৰে আন ক’তো ডুবিব নোৱাৰে। পূজ্য আত্মাসকলৰ আগত স্বতঃ সকলো ব্যক্তি
আৰু বৈভৱ নতশিৰ হয়। পূজ্য কাৰো প্ৰতি আকৰ্ষিত হ’ব নোৱাৰে। দেহ, সম্বন্ধ, পদাৰ্থ বা
সংস্কাৰৰ প্ৰতিও তেওঁলোকৰ মন-বুদ্ধি নতশিৰ নহয়। তেওঁলোক কেতিয়াও কোনো বন্ধনত বান্ধ
খাব নোৱাৰে। সদায় জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰে।
স্লোগান:
সঁচা সেৱাধাৰী
তেওঁ হয় যিজন নিমিত্ত আৰু নম্ৰ।