24.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোকক জ্ঞান ৰত্ন দিবলৈ, পিতাই তোমালোকক যিয়েই শুনায় বা বুজায় সেয়া জ্ঞান হয়, জ্ঞান ৰত্ন জ্ঞান সাগৰৰ অবিহনে কোনেও দিব নোৱাৰে

প্ৰশ্ন:
আত্মাৰ ভেল্যু (মূল্য, মহত্ব) কম হোৱাৰ মুখ্য কাৰণ কি?

উত্তৰ:
আত্মাৰ মূল্য কম হৈ যায় লেপ (বিকাৰৰ লেপ) পৰাৰ বাবে। যেনেকৈ সোণত অন্য ধাতু মিহলি কৰি অলংকাৰ তৈয়াৰ কৰিলে তেতিয়া তাৰ মূল্য কম হৈ যায়। তেনেকৈ আত্মা যি বিশুদ্ধ সোণ (নিৰ্লেপ) হয়, তাত যেতিয়া অপৱিত্ৰতাৰ ময়লা (লেপ) পৰে তেতিয়া মূল্য কম হৈ যায়। এই সময়ত তমোপ্ৰধান আত্মাৰ কোনো মূল্য নাই। শৰীৰৰো কোনো মূল্য নাই। এতিয়া তোমালোক আত্মাসকল আৰু শৰীৰ দুয়োটাই (পিতাৰ) স্মৃতিৰে মূল্যবান হৈ গৈ আছে।
 

গীত:
য়হ কৌন আজ আয়া সৱেৰে সৱেৰে.. (আজি পুৱাই পুৱাই এয়া কোন আহিল.)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক পিতাই বহি বুজায় আৰু স্মৃতিত থকাৰ যুক্তিও শুনাই আছে। সন্তানসকল বহি আছে, সন্তানসকলৰ অন্তৰত আছে যে শিৱ ভোলা বাবা আহিছে। ধৰি লোৱা আধা ঘণ্টা সময় শান্ত হৈ বহি যায়, কথা নকয় তেতিয়া তোমালোকৰ অন্তৰ আত্মাই কব যে শিৱবাবাই কিবা কওঁক। এইটো জানা যে শিৱবাবা বিৰাজমান হৈ আছে, কিন্তু একো নকয়। এয়াও তোমালোকৰ স্মৃতিৰ যাত্ৰা নহয় জানো। বুদ্ধিত শিৱবাবাৰেই স্মৃতি আছে। ভিতৰি বুজি পোৱা যে বাবাই কিবা কওঁক, জ্ঞান ৰত্ন দিয়ক। পিতা আহেই তোমালোক সন্তানসকলক জ্ঞান ৰত্ন দিবলৈ। তেওঁৱেই জ্ঞানৰ সাগৰ হয় নহয় জানো। কব - সন্তানসকল দেহী-অভিমানী হৈ থাকা। পিতাক স্মৰণ কৰা। এয়া হল জ্ঞান। পিতাই কয় - এই ড্ৰামাৰ চক্ৰক, ছিৰিক আৰু পিতাক স্মৰণ কৰা এয়াই হল জ্ঞান। বাবাই যি কিছু বুজাব তাকে জ্ঞান বুলি কোৱা হব। স্মৃতিৰ যাত্ৰাৰ বিষয়েও বুজাই থাকে। এই সকলোবোৰ হৈছে জ্ঞান ৰত্ন। স্মৃতিৰ যি কথা বুজায়, এই ৰত্ন বহুত ভাল। পিতাই কয় - নিজৰ 84 জন্মক স্মৰণ কৰা। তোমালোক পবিত্ৰ হৈ আহিছিলা পুনৰ পবিত্ৰ হৈ যাব লাগিব। কৰ্মাতীত অৱস্থালৈ যাব লাগিব আৰু পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লব লাগিব। সেয়া তেতিয়াহে পাবা, যেতিয়া আত্মা স্মৃতিৰ বলেৰে সতোপ্ৰধান হৈ যাব। এই কথাষাৰ বহুত মূল্যবান, নোট কৰি লোৱা (টুকি লোৱা) উচিত। আত্মাতহে ধাৰণা হয়। এই শৰীৰতো অৰগেন্স (ইন্দ্ৰিয়) যি বিনাশ হৈ যায়। ভাল বা বেয়া সংস্কাৰ আত্মাত নিহিত হৈ থাকে। পিতা-আত্মাতো সৃষ্টিৰ আদিমধ্য-অন্তৰ জ্ঞানৰ সংস্কাৰ নিহিত হৈ আছে সেইবাবে তেওঁক নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) বুলি কোৱা হয়। বাবাই শুদ্ধকৈ বুজায় 84ৰ চক্ৰ একেবাৰে সহজ। এতিয়া 84ৰ চক্ৰ সম্পুৰ্ণ হৈছে। এতিয়া আমি পিতাৰ ওচৰলৈ উভতি যাব লাগে। অপৰিষ্কাৰ (অপৱিত্ৰ) আত্মাতো তালৈ যাব নোৱাৰে। তোমালোক আত্মাসকল পবিত্ৰ হৈ গলে তেতিয়া এই শৰীৰৰ পৰা মুক্ত হৈ যাব। পবিত্ৰ শৰীৰতো ইয়াত পোৱা নাযায়। এয়া পুৰণা জোতা (পুৰণা শৰীৰ), ইয়াৰ প্ৰতি বৈৰাগ্য জন্মিবলৈ ধৰিছে। আত্মাক পবিত্ৰ কৰি তুলি পুনৰ ভৱিষ্যতে আমি পবিত্ৰ শৰীৰ লব লাগিব। সত্যযুগত আমি আত্মাসকল আৰু শৰীৰ দুয়োটাই পবিত্ৰ আছিলোঁ। এই সময়ত তোমালোক আত্মাসকল অপৱিত্ৰ হৈ গলা সেয়েহে শৰীৰো অপৱিত্ৰ হল। যেনেকুৱা সোণ তেনেকুৱা অলংকাৰ (যেনেকুৱা আত্মা তেনেকুৱা শৰীৰ)। চৰকাৰেও কয় যে কম সোণৰ অলংকাৰ পিন্ধা। তাৰ মূল্য কম। এতিয়া তোমালোক আত্মাসকলৰো মূল্য কম। তাত তোমালোক আত্মাসকলৰ কিমান মূল্য থাকে। সতোপ্ৰধান হয় নহয় জানো। এতিয়া হৈছে তমোপ্ৰধান। লেপ (বিকাৰৰ লেপ) পৰি আছে, কোনো কামৰ নহয়। তাত আত্মাসকল পবিত্ৰ হয়, সেয়েহে বহুত মূল্য থাকে। এতিয়া 9 কেৰেট হৈ গল (আত্মা বহুত বিকাৰগ্ৰস্ত হৈ গল) গতিকে কোনো মূল্য নোহোৱা হৈ গল। সেয়েহে পিতাই কয় - আত্মাক পবিত্ৰ কৰি তোলা তেতিয়া শৰীৰো পুনৰ পবিত্ৰ পাবা। এই জ্ঞান অন্য কোনেও দিব নোৱাৰে।

পিতায়েই কয় মামেকম্ (মনে মনে কেৱল মোক) স্মৰণ কৰা । কৃষ্ণই কেনেকৈ ক`ব। তেওঁতো দেহধাৰী হয় নহয় জানো। পিতাই কয় নিজকে আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। কোনো দেহধাৰীক স্মৰণ নকৰিবা। এতিয়া তোমালোকে বুজিছা সেয়েহে আকৌ আনক বুজাব লাগে। শিৱবাবা হৈছে নিৰাকাৰ, তেওঁৰ জন্ম অলৌকিক। তোমালোক সন্তানসকলকো অলৌকিকভাৱে জন্ম দিয়ে। অলৌকিক পিতা অলৌকিক সন্তান। লৌকিক, পাৰলৌকিক আৰু অলৌকিক বুলি কোৱা হয়। তোমালোক সন্তানসকলৰ অলৌকিক জন্ম প্ৰাপ্ত হয়। পিতাই তোমালোকক এডপ্ট (তোলনীয়া) কৰি উত্তৰাধিকাৰ দিয়ে। তোমালোকে জানা যে আমাৰ ব্ৰাহ্মণসকলৰো জন্ম হৈছে অলৌকিক। অলৌকিক পিতাৰ পৰা অলৌকিক উত্তৰাধিকাৰ প্ৰাপ্ত হয়। ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ বাহিৰে অন্য কোনো স্বৰ্গৰ মালিক হব নোৱাৰে। মনুষ্যই একোৱেই বুজি নাপায়। তোমালোকক পিতাই কিমান বুজায়। আত্মা যি অপৱিত্ৰ হৈ গল সেয়া স্মৃতিৰ অবিহনে পবিত্ৰ হব নোৱাৰে। স্মৃতিত নাথাকিলে তেতিয়া লেপ (বিকাৰ) থাকি যাব। পবিত্ৰ হব নোৱাৰিব, পুনৰ শাস্তি খাবলগীয়া হব। গোটেই সৃষ্টিৰ মনুষ্য আত্মা পবিত্ৰ হৈ উভতি যাব লাগিব। শৰীৰতো নাযায়। পিতাই কয় - নিজকে আত্মা বুলি বুজিবলৈ কিমান কষ্টকৰ হয়। ধান্দা (পেছাগত কাম-কাজ) আদি কৰোঁতে জানো সেইটো অৱস্থা থাকে। পিতাই কয় বাৰু, নিজকে আত্মা বুলি ভাবিব নোৱাৰা যদি শিৱবাবাক স্মৰণ কৰা। ধান্দা আদি কৰিও এইটো স্মৃতিত ৰখাৰ প্ৰয়াস কৰিবা যে মই আত্মাই এই শৰীৰৰ দ্বাৰা কাম কৰোঁ। মই আত্মাইহে শিৱবাবাক স্মৰণ কৰোঁ। আত্মাহে পোন প্ৰথমে পবিত্ৰ আছিল, এতিয়া পুনৰ পবিত্ৰ হব লাগে। এয়াই হৈছে পৰিশ্ৰম। ইয়াৰ দ্বাৰা বহুত উচ্চ উপাৰ্জন হয়। ইয়াত যিমানেই ধনবান নহওঁক, আৰৱ, খৰৱ ধন নাথাকক কিন্তু সেই সুখ নাই। সকলোৰে শিৰত দুখ আছে। ডাঙৰ ডাঙৰ ৰজা, ৰাষ্ট্ৰপতি আদি আজি আছে, কালিলৈ তেওঁলোকক মাৰি দিয়ে। বিলাতত যে কি কি হৈ থাকে। ধনবানসকলৰ, ৰজাসকলৰ বিপদ আছে। ইয়াতো যিসকল ৰজা আছিল তেওঁলোক প্ৰজা হৈ গ`ল। ৰজাসকলৰ ওপৰত আকৌ প্ৰজাৰ ৰাজত্ব হৈ গ`ল। ড্ৰামাত এনেদৰে নিৰ্ধাৰিত হৈ আছে। অন্তিম সময়তহে এনে অৱস্থা হয়। বহুতেই নিজৰ ভিতৰতে কাজিয়া-পেচাল কৰি থাকিব। তোমালোকে জানা যে কল্পৰ আগতেও এনেকুৱা হৈছিল। তোমালোকে গুপ্ত ভেশত সৰ্বান্তঃকৰণে, অতি স্নেহেৰে নিজৰ হেৰাই যোৱা ৰাজ্য ঘূৰাই লোৱা। তোমালোকৰ পৰিচয় হৈ গল যে আমিতো মালিক আছিলোঁ, সূৰ্যবংশী দেৱতা আছিলোঁ। এতিয়া পুনৰ সেয়া হবলৈ পুৰুষাৰ্থ কৰি আছা কিয়নো ইয়াত তোমালোকে সত্য নাৰায়ণৰ কথা (আখ্যান) শুনি আছা নহয় জানো। পিতাৰ দ্বাৰা আমি কেনেকৈ নৰৰ পৰা নাৰায়ণ হওঁ? পিতা আহি ৰাজযোগ শিকায়। ভক্তি মাৰ্গত এয়া কোনেও শিকাব নোৱাৰে। কোনো মনুষ্যক পিতা, শিক্ষক, গুৰু বুলি কোৱা নহব। ভক্তিত কিমান যে পুৰণি কাহিনীবোৰ বহি শুনায়। এতিয়া তোমালোক সন্তানসকলে 21 জন্মৰ বাবে বিশ্ৰাম পাবলৈ পবিত্ৰ নিশ্চয় হব লাগিব।

পিতাই কয়, নিজকে আত্মা বুলি বুজা। আধাকল্পতো ড্ৰামা (নাটক) অনুসৰি দেহ-অভিমানী হৈ থাকা, এতিয়া দেহীঅভিমানী হব লাগে। ড্ৰামা অনুসৰি এতিয়া পুৰণি সৃষ্টি সলনি হৈ নতুন হব। সৃষ্টিতো একেখনেই। পুৰণি সৃষ্টিৰ পৰা পুনৰ নতুন হব। নতুন সৃষ্টিত নতুন ভাৰত আছিল তেতিয়া তাত দেৱী-দেৱতাসকল আছিল, কেপিটেলৰ (ৰাজধানীৰ) বিষয়েও জানা, যমুনাৰ পাৰত আছিল, যিখনক পৰিস্তান বুলিও কোৱা হৈছিল। তাত নেচাৰেল বিউটি (প্ৰাকৃতিক সৌন্দৰ্য্য) থাকে। আত্মা পবিত্ৰ হৈ গলে তেতিয়া পবিত্ৰ আত্মাই শৰীৰো পবিত্ৰ প্ৰাপ্ত কৰে। পিতাই কয় - মই আহি তোমালোকক সুন্দৰ তথা দেৱীদেৱতা কৰি গঢ়ি তোলোঁ। তোমালোক সন্তানসকলে নিজৰ পৰীক্ষণ কৰি থাকিবা, মোৰ কোনো অৱগুণতো নাই? মই স্মৃতিত থাকোনে? পঢ়াও পঢ়িব লাগে। এয়া হৈছে বহুত শ্ৰেষ্ঠ পঢ়া। পঢ়া একেটাই, সেই পঢ়াততো কিমান কিতাপ আদি পঢ়ে। এই পঢ়া হৈছে উচ্চতকৈ উচ্চ, পঢ়াঁওতাজনো হৈছে উচ্চতকৈ উচ্চ শিৱবাবা। এনেকুৱা নহয় যে শিৱবাবা এই সৃষ্টিৰ মালিক হয়। বিশ্বৰ মালিকতো তোমালোক হোৱাগৈ নহয় জানো। কিমান নতুন নতুন গূঢ় কথা তোমালোকক শুনাই থাকে। মনুষ্যই ভাবে যে পৰমাত্মা সৃষ্টিৰ মালিক হয়। পিতাই বুজায় অতি মৰমৰ সন্তানসকল, মই এই সৃষ্টিৰ মালিক নহওঁ। তোমালোক মালিক হোৱাগৈ আৰু পুনৰ ৰাজ্য হেৰুওৱা। পুনৰ পিতা আহি বিশ্বৰ মালিক কৰি তোলে। এইখনকেই বিশ্ব বুলি কোৱা হয়। মূলবতন বা সূক্ষ্মবতনৰ কথা নহয়। মূলবতনৰ পৰা তোমালোক ইয়ালৈ আহি 84 জন্মৰ চক্ৰ পৰিক্ৰমা কৰা। পাচত পিতা আহিবলগীয়া হয়। এতিয়া পুনৰ তোমালোকক পুৰুষাৰ্থ কৰাওঁ সেই প্ৰালব্ধ পাবৰ বাবে, যি তোমালোকে হেৰুৱাইছা। জয় আৰু পৰাজয়ৰ খেল হয় নহয় জানো। এই ৰাৱণৰ ৰাজ্য শেষ হবৰ হল। পিতাই কিমান সহজ ৰীতিৰে বুজায়। পিতাই নিজেই বহি পঢ়ায়। তাততো মনুষ্যই, মনুষ্যক পঢ়ায়। হওঁতে তোমালোকো মনুষ্য কিন্তু পিতাই তোমালোক আত্মাসকলক বহি পঢ়ায়। পঢ়াৰ সংস্কাৰ আত্মাতহে থাকে। এতিয়া তোমালোক বহুত নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ), সেই সকলোবোৰ হৈছে ভক্তিৰ নলেজ (জ্ঞান)। উপাৰ্জনৰ বাবেও (জীৱন নিৰ্বাহৰ বাবেও) জ্ঞান আছে। শাস্ত্ৰৰো জ্ঞান আছে। এয়া হৈছে আত্মিক (আত্মা সমন্ধীয়) জ্ঞান। তোমালোকৰ আত্মাক আত্মিক পিতাই বহি জ্ঞান শুনায়। 5 হাজাৰ বছৰ আগতেও তোমালোকে শুনিছিলা। গোটেই মনুষ্য সৃষ্টিতেই এনেকৈ চাগে কেতিয়াও কোনেও নপঢ়াব। কোনেও নাজানে, ঈশ্বৰে কেনেকৈ পঢ়ায়?

তোমালোক সন্তানসকলে জানা এতিয়া এই পঢ়াৰ দ্বাৰা ৰাজ্য স্থাপন হৈ আছে। যিসকলে ভালদৰে পঢ়ে আৰু শ্ৰীমতত চলে তেওঁলোক সকলোতকৈ উচ্চ হয়গৈ আৰু যিসকলে পিতাৰ নিন্দা কৰায়, হাত এৰি গুচি যায় তেওঁলোকে প্ৰজাৰ ভিতৰতো একেবাৰে কম পদ পায়। পিতাইতো এবিধেই পঢ়া পঢ়ায়। পঢ়াত কিমান মাৰ্জিন (সীমা) আছে। দৈৱী ৰাজ্য আছিল নহয় জানো। এজনেই পিতা যিজন ইয়ালৈ আহি ৰাজ্য স্থাপন কৰে। বাকী এই সকলোবোৰ বিনাশ হৈ যাব। পিতাই কয় সন্তানসকল, এতিয়া সোনকালে প্ৰস্তুতি চলোৱা। গাফিলতি কৰি সময় নষ্ট নকৰিবা। স্মৰণ নকৰিলে তেতিয়া অতিকৈ মূল্যবান সময়ৰ লোকচান হৈ যায়। শৰীৰ নিৰ্বাহৰ অৰ্থে ধান্দা আদি লাগিলে কৰা তথাপিও হাতেৰে কৰ্ম কৰি অন্তৰেৰে প্ৰিয়তমক স্মৰণ কৰি থাকা। পিতাই কয় - মোক স্মৰণ কৰিলে তেতিয়া তোমালোকে ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰিব পাৰিবা। খোদা (ভগৱান) মিত্ৰৰ কাহিনীও শুনিছা নহয় জানো। অল্লাহ অৱলদিনৰো নাটক দেখুওৱা হয়। টুকুৰিয়াই দিওতেই খাজনা (ধন-সম্পত্তি) ওলাই আহিল। এতিয়া তোমালোক সন্তানসকলে জানা যে আল্লাই (ভগৱানে) তোমালোকক টোকৰ মাৰি কিহৰ পৰা কি কৰি গঢ়ি তোলে। ক্ষন্তেকৰ দিব্য দৃষ্টিৰে বৈকুণ্ঠলৈ গুচি যোৱা। আগতে কন্যাসকল পৰস্পৰ মিলিজুলি বহিছিল, আকৌ আপোনাআপুনি ধ্যানত মগ্ন গৈছিল। তাৰপাচত যাদু বুলি কৈ দিছিল। সেয়েহে সেইটো বন্ধ কৰি দিলে। গতিকে এই সকলোবোৰ কথা হৈছে এই সময়ৰ। হাতিমতাইৰো (এজন আৰবীয়ান উদাৰ অন্তৰৰ ৰজা) কাহিনী আছে। মুখত লাড়ু ভৰাই দিলে তেতিয়া মায়া নাইকিয়া হৈ গৈছিল। মুখৰ পৰা লাড়ু উলিয়ালেই মায়া আহি গৈছিল। ৰহস্যতো কোনেও বুজিব নোৱাৰে। পিতাই কয় - সন্তানসকল মুখত লাড়ু ভৰাই দিয়া। তোমালোক শান্তিৰ সাগৰ, আত্মাই শান্তিত নিজৰ স্ব-ধৰ্মত থাকে। সত্যযুগতো জানে যে আমি আত্মা হওঁ। বাকী পৰমাত্মা পিতাক কোনেও নাজানে। কোনোবাই যদি কেতিয়াবা সোধে - ক`বা তাত বিকাৰৰ নাম নাই। হয়েই ভাইচলেচ ৱৰ্ল্ড (নিৰ্বিকাৰী সৃষ্টি)। তাত 5 বিকাৰ নাথাকেই। দেহ-অভিমানেই নাই। মায়াৰ ৰাজ্যত দেহ-অভিমানী হৈ যায়, তাত হয়েই মোহজিৎ। এই পুৰণি সৃষ্টিৰ প্ৰতি নষ্টোমোহা হব লাগে। বৈৰাগ্যতো তেওঁলোকৰে জন্মে যিসকল ঘৰ-সংসাৰ ত্যাগ কৰে। তোমালোকেতো ঘৰ-সংসাৰ ত্যাগ কৰিব নালাগে। পিতাৰ স্মৃতিত থাকি এই পুৰণা শৰীৰ এৰি যাব লাগিব। সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি হব। তাৰপাচত ঘৰলৈ যাব। এয়া কল্পই কল্পই হয়। তোমালোকৰ বুদ্ধিত এতিয়া দূৰৈত ওপৰলৈ যায়, তেওঁলোকে চায় কলৈকে সাগৰ আছে? সূৰ্য-চন্দ্ৰত কি আছে? আগতে ভাবিছিল এইসকল দেৱতা। তোমালোকে কোৱা এইবোৰতো মণ্ডপৰ চাকি। ইয়াত খেল হয়। সেয়েহে এই চাকিবোৰো ইয়াত আছে। মূলবতন, সূক্ষ্মবতনত এইবোৰ নাথাকে। তাত খেলেই নাই। এই অনাদি খেল চলি আহে। চক্ৰ ঘূৰি থাকে, প্ৰলয় নহয়। ভাৰততো অবিনাশী খণ্ড, ইয়াত মনুষ্য থাকেই, জলময় নহয়। পশু-পক্ষী আদি যি আছে, সকলোবোৰ থাকিব। বাকী যিবোৰ খণ্ড আছে, সেইবোৰ সত্যযুগ-ত্ৰেতাত নাথাকে। তোমালোকে দিব্য দৃষ্টিৰে যিবোৰ দেখিছা, সেইবোৰ পুনৰ প্ৰেক্টিকেল (বাস্তৱ)ত দেখিবা। প্ৰেক্টিকেলত তোমালোক বৈকুণ্ঠত গৈ ৰাজত্ব কৰিবা। যাৰ বাবে পুৰুষাৰ্থ কৰি আছা, তথাপিও পিতাই কয় স্মৃতিত থকাৰ ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। বহুত মৰমেৰে বাবাক স্মৰণ কৰিব লাগে। অজ্ঞান কালতো মৰমেৰে মহিমা কৰে। আমাৰ অমুক এনেকুৱা আছিল, অমুক পদ মৰ্যাদাধাৰী আছিল। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই সৃষ্টি চক্ৰ আছে। সকলো ধৰ্মৰ নলেজ (জ্ঞান) আছে। যেনেকৈ তাত আত্মাৰসকলৰ বংশবৃক্ষ আছে, ইয়াত আকৌ মনুষ্য সৃষ্টিৰ বংশবৃক্ষ আছে। গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদৰ (আজোককা) হৈছে ব্ৰহ্মা। তাৰপাচত হৈছে তোমালোকৰ বংশাৱলী। সৃষ্টিতো চলি থাকে নহয় জানো।

পিতাই বুজায় সন্তানসকল, নৰৰ পৰা নাৰায়ণ হবলৈ হলে তোমালোকৰ যি কথন, সেয়াই কৰ্ম হব লাগে। প্ৰথমে নিজৰ অৱস্থাক চাব লাগে। বাবা মইতো আপোনাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈহে এৰিম, তেন্তে তেনেকুৱা চলনো লাগে। নৰৰ পৰা নাৰায়ণ হোৱাৰ এয়াই একমাত্ৰ পঢ়া। এয়া তোমালোকক পিতাইহে পঢ়ায়। ৰজাৰো ৰজা তোমালোকহে হোৱা, অন্য কোনো খণ্ডত নহয়। তোমালোক পবিত্ৰ ৰজা হোৱাগৈ, আকৌ লাইট (প্ৰকাশ) বিহীন অপৱিত্ৰ ৰজাসকলে পবিত্ৰ ৰজাসকলৰ মন্দিৰ সাজি পূজা কৰে। এতিয়া তোমালোকে পঢ়ি আছা। ষ্টুডেণ্টে (বিদ্যাৰ্থীয়ে) শিক্ষকক কিয় পাহৰি যায়! কয় যে বাবা মায়াই পাহৰাই দিয়ে। দোষ আকৌ মায়াৰ ওপৰত ৰাখি দিয়ে। হেৰ, স্মৰণতো তোমালোকে কৰিব লাগে। মুখ্য শিক্ষক এজনেই, বাকী অন্য সকলো হৈছে সহকাৰী শিক্ষক। পিতাক পাহৰি যোৱা, বাৰু শিক্ষকক স্মৰণ কৰা। তোমালোকক তিনিটা চাঞ্চ (সুযোগ) দিয়া হয়। এজনক পাহৰিলে আন এজনক স্মৰণ কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লবলৈ হলে কথন (যি কোৱা) সেয়াই কৰিও দেখুৱাব লাগে, তাৰ পুৰুষার্থ কৰিব লাগে। মোহজিৎ হব লাগে।

(2) সদায় যাতে স্মৃতিত থাকে যে আমি শান্তিৰ সাগৰৰ সন্তান হওঁ, আমি শান্তিত থাকিব লাগে। মুখত লাড়ু ভৰাই দিব (মৌন হৈ থাকিব) লাগে। গাফিলতি কৰি নিজৰ সময় নষ্ট কৰিব নালাগে।
 

বৰদান:
পীড়িত আত্মাসকলক এক চেকেণ্ডত গতি-সৎগতি দিওঁতা মাষ্টৰ দাতা হোৱা

যেনেকৈ স্থূল চিজনৰ (ঋতু) ব্যৱস্থা কৰা, সেৱাধাৰী সকলোবোৰ সামগ্ৰী তৈয়াৰ কৰা যাৰ দ্বাৰা কাৰো কোনো অসুবিধা নহয়, সময় ব্যৰ্থত নাযায় তেনেকৈয়ে এতিয়া সকলো আত্মাক গতি-সৎগতি কৰাবলৈ অন্তিম চিজন আহিবৰ হৈছে, পীড়িত আত্মাসকলক ক্যুত (লাইনত) থিয় হোৱাৰ কষ্ট দিব নালাগে, আহি থাকক আৰু লৈ গৈ থাকক। তাৰ বাবে এভাৰেডী (সদা প্ৰস্তুত) হৈ থাকা। পুৰুষাৰ্থী জীৱনত থকাৰ পৰা ওপৰত এতিয়া দাতাভাৱৰ স্থিতিত থাকা। প্ৰতিটো সংকল্প, প্ৰতিটো চেকেণ্ড মাষ্টৰ দাতা হৈ চলা।

স্লোগান:
হজুৰক বুদ্ধিত হাজিৰ কৰি ৰাখা তেতিয়া সকলো প্ৰাপ্তিয়ে হয় হজুৰ কৰিব।