25.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল দেহ-অভিমান এৰি দেহী-অভিমানী হোৱা, দেহী-অভিমানীসকলকহে ঈশ্বৰীয় সম্প্ৰদায় বুলি কোৱা হয়

প্ৰশ্ন:
তোমালোক সন্তানসকলে এতিয়া যি সৎসংগ কৰা সেয়া অন্য সৎসংগতকৈ ভিন্ন, কেনেকৈ?

উত্তৰ:
এয়াই একমাত্ৰ সৎসংগ য'ত তোমালোকে আত্মা আৰু পৰমাত্মাৰ জ্ঞান শুনা। ইয়াত তোমালোকে পঢ়া। এইম-অবজেক্টো (লক্ষ্য-উদ্দেশ্যও) সন্মুখত আছে। অন্য সৎসংগত তেওঁলোকে নপঢ়েও আৰু কোনো এইম-অবজেক্টো নাথাকে।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। আত্মিক সন্তানসকলে শুনি আছে। পোন প্ৰথমে পিতাই বুজায় যেতিয়াই বহা তেতিয়া নিজক আত্মা বুলি বুজি বহিবা। দেহ বুলি নাভাবিবা। দেহ-অভিমানীক আসুৰিক সম্প্ৰদায় বুলি কোৱা হয়। দেহী-অভিমানীসকলক ঈশ্বৰীয় সম্প্ৰদায় বুলি কোৱা হয়। ঈশ্বৰৰ শৰীৰ নাই। তেওঁ সদায় আত্মা-অভিমানী হয়। তেওঁ হৈছে চুপ্ৰীম (পৰম) আত্মা, সকলো আত্মাৰে পিতা। পৰম আত্মা অৰ্থাৎ উচ্চতকৈও উচ্চ। মনুষ্যই যেতিয়া উচ্চতকৈও উচ্চ ভগৱান বুলি কয় তেতিয়া বুদ্ধিত উদয় হয় তেওঁ নিৰাকাৰ লিঙ্গ ৰূপ হয়। নিৰাকাৰ লিঙ্গৰ পূজাও হয়। তেওঁ হৈছে পৰমাত্মা অৰ্থাৎ সকলো আত্মাতকৈ উচ্চ। হওতে তেৱোঁ আত্মা কিন্তু উচ্চ আত্মা। তেওঁ জন্ম-মৰণত নাহে। বাকী সকলোৱে পুনৰ্জন্ম লয় আৰু সকলো হৈছে ৰচনা। ৰচয়িতাতো এজন পিতাই হয়। ব্ৰহ্মা-বিষ্ণু-শংকৰো ৰচনা হয়। মনুষ্য সৃষ্টিও গোটেইখন হৈছে ৰচনা। ৰচয়িতাজনক পিতা বুলি কোৱা হয়। পুৰুষকো ৰচয়িতা বুলি কোৱা হয়। স্ত্ৰীক এডপ্ট কৰে (তুলি লয়) আকৌ তেওঁৰ পৰা ক্ৰিয়েট (সৃষ্টি) কৰে, প্ৰতিপালন কৰে। বচ্‌ বিনাশ নকৰায় অন্য যিসকল ধৰ্ম প্ৰতিষ্ঠাপক আছে তেওঁলোকেও ক্ৰিয়েট কৰে, আকৌ তেওঁলোকৰ প্ৰতিপালন কৰে। বিনাশ কোনেও নকৰে। বেহদৰ পিতা যাক পৰম আত্মা বুলি কোৱা হয়, যিদৰে আত্মাৰ ৰূপ বিন্দু সেইদৰে পৰমপিতা পৰমাত্মাৰো ৰূপ বিন্দু হয়। বাকী ইমান ডাঙৰ যি লিঙ্গ সাজে সেয়া সকলো ভক্তি মাৰ্গত পূজাৰ কাৰণে। বিন্দুৰ পূজা কেনেকৈ হ'ব পাৰে। ভাৰতত ৰুদ্ৰ যজ্ঞ ৰচনা কৰে তেতিয়া মাটিৰ শিৱলিঙ্গ আৰু শালগ্ৰাম সাজি তেওঁলোকৰ পূজা কৰে। তাক ৰুদ্ৰ যজ্ঞ বুলি কোৱা হয়। বাস্তৱত আচল নাম হৈছে ৰাজস্ব অশ্বমেধ অবিনাশী ৰুদ্ৰ গীতা জ্ঞান যজ্ঞ। যাৰ বিষয়ে শাস্ত্ৰবিলাকতো লিখা আছে। এতিয়া পিতাই সন্তানসকলক কয় - নিজকে আত্মা বুলি বুজা। অন্য যিবোৰ সৎসংগ আছে তাত আত্মা বা পৰমাত্মাৰ জ্ঞান কাৰোৱেই নাই আৰু দিবও নোৱাৰে। তাততো কোনো এইম-অবজেক্ট নাথাকে। তোমালোক সন্তানসকলেতো এতিয়া পঢ়া পঢ়ি আছা। তোমালোকে জানা যে আত্মা শৰীৰত প্ৰৱেশ কৰে। আত্মা অবিনাশী হয়, শৰীৰ বিনাশী। শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। আত্মাতো অশৰীৰী হয় নহয় জানো। এনেকৈ কয়ো যে নাঙঠ হৈ আহিছোঁ, নাঙঠ হৈ যাব লাগিব। শৰীৰ ধাৰণ কৰিলে আকৌ শৰীৰ এৰি নাঙঠ হৈ যাব লাগিব। এয়া পিতাই বহি তোমালোক সন্তানসকলকহে বুজায়। এইটোও সন্তানসকলে জানে যে ভাৰতত যেতিয়া সত্যযুগ আছিল তেতিয়া দেৱী-দেৱতাসকলৰ ৰাজত্ব আছিল, এটাই ধৰ্ম আছিল। এইটোও ভাৰতবাসীয়ে নাজানে। পিতাক যিসকলে নাজানে তেওঁলোকে একো নাজানে। প্ৰাচীন ঋষি-মুনিসকলেও কৈছিল - আমি ৰচয়িতা আৰু ৰচনাক নাজানো। ৰচয়িতা হৈছে বেহদৰ পিতা, তেৱেঁই ৰচনাৰ আদি-মধ্য-অন্তক জানে। আদি বুলি কোৱা যায় আৰম্ভণিক, মধ্য মাজৰ সময়খিনি। আদি হৈছে সত্যযুগ, যাক দিন বুলি কোৱা হয়, আকৌ মধ্যৰ পৰা অন্তলৈকে ৰাতি। দিন হৈছে সত্যযুগ-ত্ৰেতা, স্বৰ্গ হৈছে ৱণ্ডাৰ অফ্ ৱৰ্ল্ড (বিশ্বৰ আশ্চৰ্য)। ভাৰতেই স্বৰ্গ আছিল, য'ত লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰিছিল, এইটো ভাৰতবাসীয়ে নাজানে। পিতাই এতিয়া স্বৰ্গৰ স্থাপনা কৰি আছে।

পিতাই কয় - তোমালোকে নিজকে আত্মা বুলি বুজা। আমি ফাৰ্ষ্টক্লাছ (অতি উত্তম) আত্মা হওঁ। এই সময়ত মনুষ্যমাত্ৰ সকলো দেহ-অভিমানী হয়। পিতাই আত্মা-অভিমানী কৰি তোলে। আত্মা কি বস্তু, এয়াও পিতাই শুনায়। মনুষ্যই একোৱেই নাজানে। যদিও কয় যে ভ্ৰুকুটিৰ মাজত চিকমিকায় বিচিত্ৰ তৰা কিন্তু সেইটো কি হয়, কেনেকৈ তাত ভূমিকা নিহিত হৈ আছে, সেয়া একোৱেই নাজানে। এতিয়া তোমালোকক পিতাই বুজাইছে, তোমালোক ভাৰতবাসীয়ে 84 জন্মৰ ভূমিকা পালন কৰিবলগীয়া হয়। ভাৰতহে উচ্চ খণ্ড হয়, যি মনুষ্যমাত্ৰ আছে, তেওঁলোকৰ এয়া তীৰ্থ হয়, সকলোৰে সৎগতি কৰিবলৈ পিতা ইয়ালৈ আহে। ৰাৱণ ৰাজ্যৰ পৰা লিবাৰেট (মুক্ত) কৰি গাইড (মাৰ্গ-দৰ্শক) হৈ লৈ যায়। মনুষ্যইতো এনেয়ে কৈ দিয়ে, অৰ্থ একোৱেই নাজানে। ভাৰতত পোন-প্ৰথমে দেৱী-দেৱতাসকল আছিল। তেওঁলোকেই আকৌ পুনৰ্জন্ম ল'বলগীয়া হয়। ভাৰতবাসীয়েই দেৱতা আকৌ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হয়। পুনৰ্জন্ম লয় নহয় জানো। এই নলেজক (জ্ঞানক) পূৰ্ণ ৰীতিৰে বুজিবলৈ 7 দিন লাগে। পতিত বুদ্ধিক পাৱন কৰি তুলিব লাগে। এই লক্ষ্মী-নাৰায়ণে পাৱন সৃষ্টিত ৰাজত্ব কৰিছিল নহয় জানো। তেওঁলোকৰে ভাৰতত ৰাজত্ব আছিল তেতিয়া অন্য কোনো ধৰ্ম নাছিল। এখনেই ৰাজ্য আছিল। ভাৰত কিমান চালভেণ্ট (ধনৱান) আছিল। হীৰা-মুকুতাৰ মহল আছিল আকৌ ৰাৱণ ৰাজ্যত পূজাৰী হৈ গল। আকৌ ভক্তি মাৰ্গত এই মন্দিৰ আদি নিৰ্মাণ কৰিছে। সোমনাথৰ মন্দিৰ আছিল নহয় জানো। এটা মন্দিৰতো নহ'ব। ইয়াতো শিৱৰ মন্দিৰত ইমান হীৰা অলংকাৰ আছিল যিবোৰ মহম্মদ গজনৱীয়ে উটৰ পিঠিত ভৰপূৰ কৰি লৈ গল। ইমান সম্পদ আছিল, উটতো কি লাখ লাখ উট লৈ আহিলেও নি শেষ কৰিব নোৱাৰে। সত্যযুগত সোণ, হীৰা-মুকুতাৰ অনেক মহল আছিল। মহম্মদ গজনৱীতো এতিয়া আহিছে। দ্বাপৰতো কিমান মহল আদি থাকে। সেইবোৰ আকৌ আৰ্থকোৱেকত (ভূমিকম্পত) তলত গুচি যায়। ৰাৱণৰ কোনো সোণৰ লংকা নাথাকে। ৰাৱণ ৰাজ্যততো ভাৰতৰ এনেকুৱা অৱস্থা হৈ যায়। 100 শতাংশ ইৰিলিজিয়াচ (অধৰ্মী), আনৰাইটিয়াচ (ভ্ৰষ্টাচাৰী) ইনচালভেণ্ট (কঙাল), পতিত বিকাৰী, নতুন সৃষ্টিক কোৱা হয় ৱাইচলেচ (নিৰ্বিকাৰী)। ভাৰত শিৱালয় আছিল, যাক ৱণ্ডাৰ অফ্‌ ৱৰ্ল্ড বুলি কোৱা হয়। বহুত কম মনুষ্য আছিল। এতিয়াতো কোটি কোটি মনুষ্য আছে। বিচাৰ কৰিব লাগে নহয় জানো। এতিয়া তোমালোক সন্তানসকলৰ কাৰণে এয়া পুৰুষোত্তম সংগমযুগ হয়, যেতিয়া পিতাই তোমালোকক পুৰুষোত্তম, পাৰসবুদ্ধিৰ কৰি আছে। পিতাই তোমালোকক মনুষ্যৰ পৰা দেৱতা হোৱাৰ সুমত দিয়ে। পিতাৰ মতৰ কাৰণেই গায়ন কৰা হয় - তোমাৰ গতি-মতি অনন্য....... ইয়াৰো অৰ্থ কোনেও নাজানে। পিতাই বুজায় - মই এনেকুৱা শ্ৰেষ্ঠ মত দিওঁ যে তোমালোক দেৱতা হৈ যোৱা। এতিয়া কলিযুগ পূৰ্ণ হ'ব, পুৰণি সৃষ্টিৰ বিনাশ সন্মুখত ঠিয় হৈ আছে। মনুষ্য একেবাৰে ঘোৰ অন্ধকাৰত কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে কিয়নো এনেকৈ কয় যে শাস্ত্ৰত লিখা আছে - কলিযুগতো এতিয়া শিশু হয়, 40 হাজাৰ বছৰ বাকী আছে। 84 লাখ যোনি বুলি ভবাৰ কাৰণে কল্পৰ আয়ুস দীঘলীয়া কৰি দিছে। বাস্তৱত হৈছে 5 হাজাৰ বছৰ। পিতাই বুজায় - তোমালোকে 84 জন্ম লোৱা, 84 লাখ নহয়। বেহদৰ (অসীমৰ) পিতাইতো এই সকলোবোৰ শাস্ত্ৰ আদিক জানে সেইবাবেতো কয় এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ, যি আধাকল্প ধৰি চলে, ইয়াৰ দ্বাৰা কোনেও মোক নাপায়। এয়াও বিচাৰ কৰিবলগীয়া কথা যে যদি কল্পৰ আয়ুস লাখ লাখ বছৰ কৰি দিয়া হয় তেন্তে সংখ্যা বহুত হ'ব লাগে। যিহেতু খ্ৰীষ্টিয়ানসকলৰ সংখ্যা 2 হাজাৰ বছৰত ইমান হৈছে। ভাৰতৰ আচল ধৰ্ম হৈছে দেৱী-দেৱতা ধৰ্ম, সেয়া চলি আহিব লাগে কিন্তু আদি সনাতন দেৱী-দেৱতা ধৰ্মক পাহৰি যোৱাৰ কাৰণে কৈ দিয়ে যে আমাৰ ধৰ্ম হিন্দু। হিন্দু ধৰ্মতো নাথাকেই। ভাৰত কিমান উচ্চ আছিল। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল তেতিয়া বিষ্ণুপুৰী আছিল। এতিয়া হৈছে ৰাৱণপুৰী। সেই দেৱী-দেৱতাসকলেই 84 জন্মৰ পাচত কি হৈ গল। দেৱতাসকলক ভাইচলেচ বুলি ভাবি, নিজক বিকাৰী বুলি ভাবি তেওঁলোকৰ পূজা কৰে। সত্যযুগত ভাৰত ভাইচলেচ আছিল, নতুন সৃষ্টি আছিল, যাক নতুন ভাৰত বুলি কয়। এয়া হৈছে পুৰণি ভাৰত। নতুন ভাৰত কি আছিল, পুৰণি ভাৰত কি হয়, নতুন সৃষ্টিত ভাৰতেই নতুন আছিল, এতিয়া পুৰণি সৃষ্টিত ভাৰতো পুৰণি। কি গতি হৈ গ'ল। ভাৰতেই স্বৰ্গ আছিল, এতিয়া নৰক। ভাৰত মষ্ট চালভেণ্ট (আটাইতকৈ ধনৱান) আছিল, ভাৰতেই মষ্ট ইনচালভেণ্ট (আটাইতকৈ কঙাল), সকলোৰে পৰা ভিক্ষা মাগি আছে। প্ৰজাৰ পৰাও ভিক্ষা মাগে। এয়াতো বোধশক্তিৰ কথা নহয় জানো। আজিৰ দেহ-অভিমানী মনুষ্যই অলপমান ধন পালে তেতিয়া ভাবে আমিতো স্বৰ্গত বহি আছোঁ। সুখধাম (স্বৰ্গ)ক একেবাৰে নাজানে কিয়নো পাথৰবুদ্ধিৰ হয়। এতিয়া তেওঁলোকক পাৰসবুদ্ধিৰ কৰি তুলিবৰ কাৰণে 7 দিনৰ ভাটিত বহুওৱা কিয়নো পতিত হয় নহয় জানো। পতিতকতো ইয়াত বহুৱাব নোৱাৰি। ইয়াত পাৱনহে থাকিব পাৰে। পতিতক এলাও কৰিব (অনুমতি দিব) নোৱাৰি।

তোমালোক এতিয়া পুৰুষোত্তম সংগমযুগত বহি আছা। এইটো জানা যে বাবাই আমাক এনেকুৱা পুৰুষোত্তম কৰি তোলে। এয়া সঁচা সত্য নাৰায়ণৰ কথা (কাহিনী) হয়। সত্য পিতাই তোমালোকক নৰৰ পৰা নাৰায়ণ হোৱাৰ ৰাজযোগ শিকাই আছে। জ্ঞান কেৱল এজন পিতাৰ আছে, যাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। শান্তিৰ সাগৰ, পবিত্ৰতাৰ সাগৰ এয়া সেই এজনৰে মহিমা। অন্য কাৰো মহিমা হ'ব নোৱাৰে। দেৱতাসকলৰ মহিমা বেলেগ, পৰমপিতা পৰমাত্মা শিৱৰ মহিমা বেলেগ। তেওঁ হৈছে পিতা, কৃষ্ণক পিতা বুলি কোৱা নহব। এতিয়া ভগৱান কোন হ'ল? এতিয়াও ভাৰতবাসী মনুষ্যই গম নাপায়। কৃষ্ণ ভগৱানুবাচ বুলি কৈ দিয়ে। তেওঁতো সম্পূৰ্ণ 84 জন্ম লয়। সূৰ্যবংশীয়েই চন্দ্ৰবংশী আকৌ বৈশ্যবংশী......., মনুষ্যই হম চ (আমিয়েই আছিলোঁ)ৰ অৰ্থও বুজি নাপায়। আমি আত্মাই পৰমাত্মা বুলি কৈ দিয়ে, কিমান ৰং (ভুল) হয়। এতিয়া তোমালোকে বুজি পোৱা যে ভাৰতৰ আৰোহণ কলা আৰু অৱৰোহণ কলা কেনেকৈ হয়। এয়া হৈছে জ্ঞান, সেই সকলোবোৰ হৈছে ভক্তি। সত্যযুগত সকলো পাৱন আছিল, ৰজা-ৰাণীৰ ৰাজত্ব চলিছিল। তাত পৰামৰ্শদাতাও নাথাকে কিয়নো ৰজা-ৰাণী নিজেই মালিক। পিতাৰ পৰা উত্তৰাধিকাৰী লৈ থৈছে। তেওঁলোকৰ বুদ্ধি আছে, লক্ষ্মী-নাৰায়ণে কাৰো পৰা ৰায় লোৱাৰ দৰকাৰ নাই। তাত পৰামৰ্শদাতা নাথাকে। ভাৰতৰ নিচিনা পবিত্র দেশ কোনো নাছিল। মহান পবিত্র দেশ আছিল। নামেই আছিল স্বৰ্গ, এতিয়া হৈছে নৰক। নৰকৰ পৰা পুনৰ স্বৰ্গ পিতাইহে কৰি তুলিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ সুমতত চলি মনুষ্যৰ পৰা দেৱতা হ'ব লাগে। এই সোণালী সংগমযুগত নিজকে পুৰুষোত্তম পাৰসবুদ্ধিৰ কৰি তুলিব লাগে।

(2) 7 দিনৰ ভাটিত বহি পতিত বুদ্ধিক পাৱন বুদ্ধি কৰি তুলিব লাগে। সত্য পিতাৰ পৰা সত্য নাৰায়ণৰ সঁচা কথা শুনি নৰৰ পৰা নাৰায়ণ হ'ব লাগে।

বৰদান:
ফৰিস্তা স্বৰূপৰ স্থিতিৰ দ্বাৰা পিতাৰ স্নেহৰ ৰিটাৰ্ণ (প্ৰতিদান) দিওঁতা সমাধান স্বৰূপ হোৱা

ফৰিস্তা স্বৰূপৰ স্থিতিত স্থিত হোৱা - এয়াই পিতাৰ স্নেহৰ ৰিটাৰ্ণ, এনেকুৱা ৰিটাৰ্ণ দিওঁতাসকল সমাধান স্বৰূপ হৈ যায়। সমাধান স্বৰূপ হ'লে নিজৰ বা অন্য আত্মাৰসকলৰ সমস্যাবোৰ স্বতঃ সমাপ্ত হৈ যায়। গতিকে এতিয়া এনেকুৱা সেৱা কৰাৰ সময়, লোৱাৰ লগতে দিয়াৰ সময়। সেইবাবে এতিয়া পিতাৰ সমান উপকাৰী হৈ, কাতৰোক্তি শুনি নিজৰ ফৰিস্তা ৰূপৰ দ্বাৰা সেই আত্মাসকলৰ ওচৰলৈ যোৱা আৰু সমস্যাবোৰৰ কাৰণে ক্লান্ত হৈ পৰা আত্মাসকলৰ ক্লান্তি দূৰ কৰা।

স্লোগান:
ব্যৰ্থৰ পৰা নিশ্চিন্ত হোৱা, মৰ্যাদাত নহয়।