25.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজৰ খুঁত (দোষ-ক্ৰুটি)বোৰ আঁতৰাবলৈ হলে শুদ্ধ অন্তৰেৰে সেয়া পিতাক শুনাই দিয়া, বাবাই তোমালোকক দোষ-ক্ৰুটিবোৰ আঁতৰোৱাৰ যুক্তি (উপায়) দিব

প্ৰশ্ন:
পিতাৰ কাৰেণ্ট (শক্তি) কোনসকল সন্তানে পায়?

উত্তৰ:
যিসকল সন্তানে সততাৰে চাৰ্জনক (ডাক্তৰক) নিজৰ বেমাৰৰ কথা শুনাই দিয়ে, বাবাই তেওঁলোকক দৃষ্টি দিয়ে। বাবাৰ সেইসকল সন্তানৰ প্ৰতি বহুত দয়া ওপজে। অন্তৰে বিচাৰে যে এই সন্তানটিৰ এইটো ভূত যেন আঁতৰি যায়। বাবাই তেওঁলোকক শক্তি দিয়ে।

ওঁম্শান্তি।
বাবাই সন্তানসকলক সুধি থাকে। প্ৰতিগৰাকী সন্তানে নিজকে সুধিব লাগে যে পিতাৰ পৰা কিবা পাইছোনে? কোনটো-কোনটো কথাত এতিয়াও অভাৱ আছে? প্ৰত্যেকে নিজক চাব লাগে। যেনেকৈ নাৰদৰ দৃষ্টান্ত আছে, তেওঁক কলে নিজৰ মুখখন আইনাত চোৱা- লক্ষ্মীক বৰমালা পিন্ধোৱাৰ লায়ক হোৱানে? সেয়েহে বাবাইয়ো তোমালোকক সোধে - কি বুলি ভাবা, লক্ষ্মীক বৰমালা পিন্ধোৱাৰ লায়ক হৈছানে? যদি হোৱা নাই তেন্তে কি-কি ক্ৰুটি (দুৰ্বলতা) আছে? যিবোৰ আঁতৰাবলৈ সন্তানসকলে পুৰুষাৰ্থ কৰে। নতুন-নতুন সন্তানসকলক এনেকৈ বুজোৱা হয় - নিজক চোৱা কোনো খুঁত (দোষ-ক্ৰুটি)তো নাই? কিয়নো তোমালোক সকলোৱে পাৰফেক্ট (নিখুঁত) হব লাগিব। পিতা আহেই পাৰফেক্ট কৰি তুলিবলৈ সেইকাৰণে এইম-অবজেক্ট (লক্ষ্য-উদ্দেশ্য)ৰ চিত্ৰও সন্মুখত ৰখা হৈছে। নিজকে সোধা মই তেওঁলোকৰ দৰে পাৰফেক্ট হৈছোনে? সেই পাৰ্থিৱ বিদ্যা শিকোৱা টিচাৰ আদিতো এতিয়া সকলো বিকাৰী। এই (লক্ষ্মী-নাৰায়ণ) হৈছে সম্পূৰ্ণ নির্বিকাৰীৰ চেম্পল (উদাহৰণ)। আধাকল্প তোমালোকে তেওঁলোকৰে মহিমা গাই আহিছা। এতিয়া নিজকে সোধা - মোৰ মাজত কি-কি খুঁত আছে, যিবোৰ আঁতৰাই মই নিজৰ উন্নতি কৰিম? আৰু পিতাক শুনাম যে বাবা এইটো খুঁত আছে, যিটো মোৰ পৰা আঁতৰি নাযায়, কিবা উপায় দিয়া। বেমাৰ চাৰ্জনৰ (ডাক্তৰৰ) দ্বাৰাহে নাইকিয়া হব। কোনো-কোনো সহকাৰী চাৰ্জনো পাকৈত হয়। ডাক্তৰৰ পৰা কম্পাউণ্ডাৰে শিকে। পিছত পাকৈত ডাক্তৰ হৈ যায়। গতিকে সততাৰে নিজক পৰীক্ষা কৰা - মোৰ মাজত কি-কি খুঁত আছে? যাৰ কাৰণে মই বুজি পাওঁ যে এইটো পদ পাব নোৱাৰিম। পিতাইতো কব - তোমালোক তেওঁৰ দৰে হব পাৰা। দোষ-ক্ৰুটিবোৰ শুনাই দিলে তেতিয়া বাবাই ৰায় দিব। বেমাৰতো বহুত আছে। বহুতৰে দোষ-ক্ৰুটি আছে। কাৰোবাৰ খং আছে, লোভ আছে .... তেওঁলোকৰ জ্ঞানৰ ধাৰণা হব নোৱাৰে যে আনক ধাৰণা কৰাব পাৰিব। পিতাই নিতৌ বহুত বুজাই থাকে। বাস্তৱত ইমান বুজোৱাৰ প্ৰয়োজনেই দেখা নাযায়। মন্ত্ৰৰ অৰ্থ পিতাই বুজাই দিয়ে। পিতাতো এজনেই। বেহদৰ পিতাক স্মৰণ কৰিব লাগে আৰু তেওঁৰ পৰা এই উত্তৰাধিকাৰ প্ৰাপ্ত কৰি এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হব লাগে। অন্য স্কুলত 5 বিকাৰক জয় কৰাৰ কথাই নাথাকে। এইটো এতিয়াহে হয় যেতিয়া পিতা আহি বুজায়। তোমালোকৰ মাজত যি ভূত আছে, যিয়ে দুখ দিয়ে, তাৰ বৰ্ণনা কৰিলে তেতিয়া পিতাই যুক্তি দিব। বাবা এইটো-এইটো ভূতে মোক আমনি কৰি থাকে। ভূত আঁতৰ কৰোঁতাজনৰ আগত বৰ্ণনা কৰা নহয় জানো। তোমালোকৰ মাজত তেনেকুৱা ভূত নাই। তোমালোকে জানা এই 5 বিকাৰৰূপী ভূত জন্ম-জন্মান্তৰৰ। চাব লাগে মোৰ মাজত কোনটো-কোনটো ভূত আছে? সেই ভূতবোৰক আঁতৰাবলৈ আকৌ ৰায় লব লাগে। এই দুচকুয়েও বহুত ঠগে, সেয়েহে পিতাই বুজায় নিজক আত্মা বুলি বুজি আনকো আত্মা বুলি বুজাৰ অভ্যাস কৰা। এইটো যুক্তিৰে তোমালোকৰ এই বেমাৰ আঁতৰি যাব। আমি সকলো আত্মাতো আত্মা ভাই-ভাই হৈ গলো। শৰীৰতো নাই। এইটোও জানা যে আমি সকলো আত্মা উভতি যাব লাগিব। সেয়েহে নিজকে চাব লাগে মই সৰ্বগুণ সম্পন্ন হৈছোনে? নহলে মোৰ মাজত কি-কি অৱগুণ আছে? তেতিয়াহে বাবাইয়ো সেই আত্মাটিৰ ফালে চকু দিয়ে, এওঁৰ এইটো খুঁত আছে তেতিয়া তেওঁক কাৰেণ্ট (শক্তি) দিব। এই সন্তানটিৰ এইটো বিঘ্ন দূৰ হওঁক। যদি চাৰ্জনৰ পৰাই লুকুৱাই ৰাখা তেন্তে ডাক্তৰে কি কৰিব পাৰে? তোমালোকে নিজৰ অৱগুণবোৰ শুনাই থাকিলে তেতিয়া পিতাইয়ো ৰায় দি থাকিব। যেনেকৈ তোমালোক আত্মাসকলে পিতাক স্মৰণ কৰা - বাবা, আপুনি কিমান মিঠা! আমাক কিহৰ পৰা কি কৰি তোলা! পিতাক স্মৰণ কৰি থাকিলে ভূতবোৰ আঁতৰি গৈ থাকিব। কিবা নহয় কিবা ভূত নিশ্চয় আছে। চাৰ্জন ৰূপী পিতাক কোৱা, বাবা মোক এইটো ভূত আঁতৰোৱাৰ উপায় দিয়া। নহলে বহুত লোকচান হৈ যাব। শুনালে পিতাৰো দয়া উপজিব - এই মায়াৰ ভূতটোৱে তেওঁকআমনি কৰি থাকে। ভূতক আঁতৰ কৰোঁতাতো এজন পিতাই হয়। যুক্তিৰে আঁতৰ কৰে। বুজোৱা হয় - এই 5টা ভূতক আঁতৰ কৰা। তথাপি সকলো ভূত আঁতৰি নাযায়। কাৰোবাৰ বিশেষ ৰূপত থাকে, কাৰোবাৰ কম। কিন্তু ভূত নিশ্চয় আছে। পিতাই দেখিবলৈ পায় এওঁৰ এইটো ভূত আছে। দৃষ্টি দিয়াৰ সময়ত তেওঁৰ ভিতৰত এইবোৰ চলি থাকে। এওঁতো বহুত ভাল সন্তান তেওঁৰ মাজত সকলো ভাল-ভাল গুণ আছে কিন্তু মুখেৰে একো নকয়, কাকোৱে বুজাব নোৱাৰে। মায়াই যেন কণ্ঠ ৰুদ্ধ কৰি দিলে, এওঁৰ কণ্ঠ খুলি গলে আনৰো সেৱা কৰিবলৈ লাগি যাব। আনৰ সেৱা কৰা মানেই নিজৰ সেৱা, শিৱবাবাৰ সেৱা নকৰা। শিৱবাবা নিজেই সেৱা কৰিবলৈ আহিছে, তেওঁ কয় - এই জন্ম-জন্মান্তৰৰ ভূতবোৰক আঁতৰাব লাগে।

পিতাই বহি বুজায় - এইটোও জানা যে বৃক্ষ লাহে-লাহে বৃদ্ধি হৈ থাকে। পাত সৰি থাকে। মায়াই বিঘ্ন আনে। বহি থাকোঁতেই খেয়াল সলনি হৈ যায়। যেনেকৈ সন্ন্যাসীসকলৰ ঘৃণা উপজিলে তেতিয়া একেবাৰে অন্তৰ্ধান হৈ যায়। কোনো কাৰণ নাই, কোনো কথা বাৰ্তা নাই। সকলোৰে কানেকশ্বন (সম্বন্ধ)তো পিতাৰ সৈতে। সন্তানসকল হৈছে ক্ৰম নম্বৰ অনুসৰি। সেয়াও পিতাক সঁচাকৈ কলে তেতিয়া সেই খুঁতবোৰ আঁতৰ হব আৰু উচ্চ পদ পাব পাৰিবা। পিতাই জানে কিছুমানে নোকোৱাৰ বাবে নিজৰে বহুত লোকচান কৰে। যিমানেই নুবুজাওক কিন্তু সেই কাম কৰিবলৈ লাগি যায়। মায়াই ধৰি লয়। মায়া ৰূপী অজগৰ আছে, সকলোকে পেটত সুমুৱাই বহি আছে। দলনিত ডিঙিলৈকে আৱদ্ধ হৈ আছে। পিতাই কিমান বুজায়। আন কোনো কথা নাই কেৱল কোৱা দুজন পিতা আছে। এক লৌকিক পিতাকতো সদায় পোৱাই যায়, সত্যযুগতো পোৱা যায় কলিযুগতো পোৱা যায়। এনেকুৱা নহয় যে সত্যযুগত পুনৰ পাৰলৌকিক পিতাক পাবা। পাৰলৌকিক পিতাতো এবাৰহে আহে। পাৰলৌকিক পিতা আহি নৰকক স্বৰ্গ কৰি তোলে। তেওঁৰ ভক্তি মাৰ্গত কিমান পূজা কৰে। স্মৰণ কৰে। শিৱৰ মন্দিৰো বহুত আছে। সন্তানসকলে কয় সেৱা নাই। হেৰ, শিৱৰ মন্দিৰতো যতে-ততে আছে, তালৈ গৈ তোমালোকে সুধিব পাৰা, এওঁক কিয় পূজা কৰা? এওঁ শৰীৰধাৰীতো নহয়। এওঁ কোন হয়? তেতিয়া কব পৰমাত্মা। এওঁৰ বাহিৰে আন কাকোৱে তেনেকৈ নকব। সেয়েহে কোৱা এই পৰমাত্মা পিতা নহয় জানো। এওঁক খোদা বুলিও কোৱা কয়, আল্লা বুলিও কয়। সাধাৰণতে পৰমপিতা পৰমাত্মা বুলি কোৱা হয়, তেওঁৰ পৰা কি প্ৰাপ্ত হব সেয়া কিবা জানানে? ভাৰতত শিৱৰ নামটো বহুত লোৱা হয় শিৱ জয়ন্তী উৎসৱো পালন কৰে। যিকোনো লোককে বুজোৱাতো বহুত সহজ। পিতাই ভিন্ন-ভিন্ন প্ৰকাৰে বহুত কথাই বুজাই থাকে। তোমালোকে যিকোনো লোকৰ ওচৰলৈ যাব পাৰা। কিন্তু বহুত শীতলতাৰে, নম্ৰতাৰে বাৰ্তালাপ কৰিব লাগে। তোমালোকৰ নামতো ভাৰতত বহুত বিয়পি আছে। অলপ কথা কলেও ততালিকে বুজি পাই যাব - এওঁলোক বি. কে. হয়। গাওঁ আদিৰ ফালেতো বহুত ইনোচেণ্ট (সৰল) লোক থাকে। মন্দিৰলৈ গৈ সেৱা কৰাটো বহুত সহজ। এনেকৈ কোৱা - আহা তেতিয়া আমি আপোনালোকক শিৱবাবাৰ জীৱন কাহিনী শুনাম। আপোনালোকে শিৱৰ পূজা কৰে, তেওঁৰ পৰা কি বিচৰা? আমিতো আপোনালোকক তেওঁৰ পুৰা জীৱন কাহিনী শুনাব পাৰো। দ্বিতীয় দিনা আকৌ লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ যোৱা। তোমালোকৰ অন্তৰ আনন্দিত হৈ থাকে। সন্তানসকলে বিচাৰে গাওঁত গৈ সেৱা কৰোঁ। সকলোৰে বোধশক্তি নিজা-নিজা নহয় জানো। পিতাই কয় - প্ৰথমে শিৱবাবাৰ মন্দিৰলৈ যোৱা। তাৰ পাছত লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গৈ সোধা - এওঁলোকৰ এই উত্তৰাধিকাৰ কেনেকৈ প্ৰাপ্ত হল? আহা তেতিয়া আমি এই দেৱী-দেৱতাসকলৰ 84 জন্মৰ কাহিনী শুনাম। গাৱঁৰ লোকসকলকো জগাব লাগে। তোমালোকে গৈ মৰমেৰে বুজাবা। তোমালোক হৈছা আত্মা, আত্মাইহে কথা কয়, এই শৰীৰতো শেষ হৈ যাব। এতিয়া আমি আত্মাসকল পবিত্ৰ হৈ পিতাৰ ওচৰলৈ যাব লাগিব। পিতাই কয় - মোক স্মৰণ কৰা। তেতিয়া শুনিলেই তেওঁলোক আকৰ্ষিত হব। যিমানে তোমালোক দেহী-অভিমানী হবা সিমানেই তোমালোকে আকৰ্ষিত কৰিব পাৰিবা। এতিয়া এই দেহ আদিৰ প্ৰতি, পুৰণি জগতৰ প্ৰতি ইমান বৈৰাগ্য ওপজা নাই। এয়াতো জানা যে এই পুৰণি চোলা এৰিব লাগিব, ইয়াৰ প্ৰতি কি মমত্ব ৰাখিব লাগে। শৰীৰ থকা সত্বেও শৰীৰৰ প্ৰতি অলপো মমত্ব থকা উচিত নহয়। অন্তৰত যাতে এইটোৱে চলি থাকে এতিয়া আমি আত্মাসকল পবিত্ৰ হৈ নিজৰ ঘৰলৈ যাম। আকৌ অন্তৰে এইটোও বিচাৰে - এনেকুৱা বাবাক কেনেকৈ এৰো? এনেকুৱা বাবাতো পুনৰ কেতিয়াও নাপাম। গতিকে এনেকুৱা খেয়াল চলি থাকিলে পিতাও স্মৃতিলৈ আহিব, ঘৰো স্মৃতিলৈ আহিব। এতিয়া মই ঘৰলৈ যাম। 84 জন্ম পুৰা হল। লাগিলে দিনত নিজৰ পেচাগত কাম-কাজ আদি কৰা। গৃহস্থ ব্যৱহাৰতো থাকিবই লাগিব। তাত থাকিও তোমালোকে বুদ্ধিত এইটো ৰাখা যে এই সকলো শেষ হৈ যাব। এতিয়া আমি ঘৰলৈ উভতি যাব লাগিব। পিতাই কয়- গৃহস্থ ব্যৱহাৰতো নিশ্চয় থাকিব লাগিব। নহলে কলৈ যাবা? পেচাগত কাম-কাজ আদি কৰা, বুদ্ধিত যাতে এইটো স্মৃতি থাকে। এয়াতো সকলো বিনাশ হৈ যাব। প্ৰথমে আমি ঘৰলৈ যাম তাৰ পিছত পুনৰ সুখধামলৈ আহিম। যিমান সময় পোৱা নিজৰ লগত কথা পাতিব লাগে। বহুত সময় পোৱা, 8 (আঠ) ঘণ্টা ব্যৱসায় কৰা। 8 (আঠ) ঘণ্টা আৰামো কৰা। বাকী 8 (আঠ) ঘণ্টা এই পিতাৰ সৈতে বাৰ্তালাপ কৰা পুনৰ গৈ সেৱা কৰা। যিমানেই সময় পোৱা শিৱবাবাৰ মন্দিৰত, লক্ষ্মী-নাৰায়ণৰ মন্দিৰত গৈ সেৱা কৰা। মন্দিৰতো তোমালোকে বহুত পাবা। তোমালোক যলৈকে নোযোৱা শিৱৰ মন্দিৰ নিশ্চয় থাকিব। তোমালোক সন্তানসকলৰ কাৰণে মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। স্মৃতিত ভালকৈ থাকিলে তেতিয়া যি বিচৰা সেয়া পাব পাৰা। প্ৰকৃতি তোমালোকৰ দাসী হৈ যাব। স্মৃতিত থকাসকলৰ চেহেৰা আদিও এনেকুৱা আকৰ্ষণীয় হৈ থাকে, একো বিচৰাৰ দৰকাৰ নাই। সন্ন্যাসীসকলৰ মাজতো কোনো-কোনো অতি দৃঢ় (অবিচল) হৈ থাকে। বচ এইটো নিশ্চয়েৰে বহে - মই ব্ৰহ্মত গৈ লীন হৈ যাম। এইটো নিশ্চয়ত বহুত দৃঢ় হৈ থাকে। তেওঁলোকে অভ্যাস কৰে, আমি এই শৰীৰ এৰি থৈ যাম। কিন্তু তেওঁলোকতো ভুল ৰাস্তাত আছে। ব্ৰহ্মত লীন হৈ যাবৰ কাৰণে বহুত চেষ্টা কৰে। ভক্তিত দৰ্শন পাবৰ কাৰণে কিমান চেষ্টা কৰে। জীৱনো দি দিয়ে। আত্মঘাত নহয়, জীৱঘাত হয়। আত্মাতো আছেই, আত্মা গৈ অন্য জীৱন অৰ্থাৎ শৰীৰ ধাৰণ কৰে।

গতিকে তোমালোক সন্তানসকলে যথা ৰীতিয়ে সেৱাৰ ৰুচি ৰাখা তেন্তে পিতাও স্মৃতিলৈ আহিব। ইয়াতো মন্দিৰ আদি বহুত আছে। তোমালোকে যোগত পূৰ্ণ ৰূপত থাকি কাৰোবাক যিয়ে নোকোৱা, কোনো বিচাৰ উদয় নহব। যোগত থাকোঁতাসকলৰ কাঁড় পুৰা লাগিব। তোমালোকে বহুত সেৱা কৰিব পাৰা। চেষ্টা কৰি চোৱা, কিন্তু প্ৰথমে নিজৰ ভিতৰত চাব লাগে - মোৰ ভিতৰত কোনো মায়াৰ ভূততো নাই? মায়াৰ ভূত থকাসকলে জানো সফলতা লাভ কৰিব। সেৱাতো বহুত আছে। বাবাতো যাব নোৱাৰে কিয়নো পিতা লগত আছে। পিতাক আমি ক'ত আৱৰ্জনাৰ মাজলৈ লৈ যাম! কাৰ লগত কথা পাতিব! পিতাইতো সন্তানসকলকহে ক'ব বিচাৰে। গতিকে সন্তানসকলে সেৱা কৰিব লাগে। গায়নো আছে - সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। পিতাইতো সন্তানসকলক বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিছে নহয় জানো। ভাল-ভাল সন্তান আছে যাৰ সেৱাৰ প্ৰতি আগ্ৰহ থাকে। এনেকৈ কয় - আমি গাৱঁত গৈ সেৱা কৰোঁ। বাবাই কয় নিশ্চয় কৰা। কেৱল ভাঁজ কৰিব পৰা চিত্ৰ লগত ৰাখা। চিত্ৰ অবিহনে কাৰোবাক বুজোবলৈ ডিফিকাল্ট (কঠিন) হয়। ৰাতিয়ে-দিনে এইটোৱে চিন্তন চলি থাকে - অন্যৰ জীৱন কেনেকৈ গঢ়ি তোলোঁ? মোৰ যিবোৰ খুঁত আছে সেয়া কেনেকৈ আঁতৰাই উন্নতি কৰিব পাৰোঁ। তোমালোক আনন্দিতো হোৱা। বাবা এওঁ 8-9 মাহৰ সন্তান। এনেকুৱা বহুত ওলায়। সোনকালেই সেৱাৰ যোগ্য হৈ যায়। প্ৰত্যেকৰে এইটোও চিন্তা থাকে মই নিজৰ গাওঁখনৰ উন্নতি কৰোঁ, সমনীয়া ভাইসকলৰ সেৱা কৰোঁ। চেৰিটি বিগিনচ্‌ এট্‌ হোম্‌ (পৰোপকাৰিতা ঘৰৰ পৰাই আৰম্ভ হয়)। সেৱাৰ প্ৰতি বহুত আগ্ৰহ থাকিব লাগে। একে ঠাইতে থাকি যাব নালাগে। পৰিক্ৰমা কৰি থাকিব লাগে। সময়তো বহুত কম আছে নহয় জানো। তেওঁলোকৰ কিমান ডাঙৰ-ডাঙৰ আশ্ৰম তৈয়াৰ হৈ যায়। এনেকুৱা আত্মা আহি প্ৰৱেশ কৰে যে কিবা নহয় কিবা শিক্ষা দিয়ে তেতিয়া নাম প্ৰসিদ্ধ হৈ যায়। এয়াতো বেহদৰ পিতা বহি শিক্ষা দিয়ে কল্পৰ আগৰ দৰে। এই আত্মিক কল্প বৃক্ষ বাঢ়িব। নিৰাকাৰী বৃক্ষৰ পৰা ক্ৰম অনুসৰি আত্মাসকল আহে। শিৱবাবাৰ বহুত দীঘলীয়া মালা বা বৃক্ষ তৈয়াৰ কৰি থোৱা আছে। এই সকলোবোৰ কথা স্মৰণ কৰিলেও পিতাহে স্মৃতিলৈ আহিব। সোনকালে উন্নতি হ'ব। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অতি কমেও 8 (আঠ) ঘন্টা পিতাৰ সৈতে বাৰ্তালাপ কৰি অতি শীতল বা নম্ৰতাৰে আত্মিক সেৱা কৰিব লাগে। সেৱাত চাক্সেচ (সফল) হবৰ কাৰণে ভিতৰত যাতে মায়াৰ কোনো ভূত নাথাকে।

(2) নিজে নিজৰ সৈতে কথা পাতিব লাগে যে এই সকলোবোৰ যিবোৰ আমি দেখিবলৈ পাওঁ সেয়া বিনাশ হৈ যাব, আমি নিজৰ ঘৰলৈ যাম আকৌ সুখধামলৈ আহিম।

বৰদান:
বিশ্বত ঈশ্বৰীয় পৰিবাৰৰ স্নেহৰ বীজ সিঁচোতা বিশ্ব সেৱাধাৰী হোৱা

তোমালোক বিশ্ব সেৱাধাৰী সন্তানে বিশ্বত ঈশ্বৰীয় পৰিবাৰৰ স্নেহৰ বীজ সিঁচি আছা। লাগিলে কোনোবা নাস্তিকে হওঁক বা আস্তিকে হওঁক.... সকলোকে অলৌকিক তথা ঈশ্বৰীয় স্নেহৰ, নিঃস্বাৰ্থ স্নেহৰ অনুভূতি কৰোৱাটোৱে হৈছে বীজ সিঁচা। এই বীজে সহযোগী হোৱাৰ বৃক্ষ স্বতঃ অংকুৰিত কৰে আৰু সময়ত সহজযোগী হোৱাৰ ফল দেখা দিয়ে। মাত্ৰ কোনোবাটো ফল সোনকালে ওলায় আৰু কোনোবাটো ফল নিদিষ্ট সময়ত ওলায়।
 

স্লোগান:
ভাগ্যবিধাতা পিতাক জনা, চিনি পোৱা আৰু তেওঁৰ ডায়ৰেক্ট (প্ৰত্যক্ষ) সন্তান হৈ যোৱা - এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য।