26.07.20    Avyakt Bapdada     Assame Murli     27.02.86     Om Shanti     Madhuban


*আত্মিক সেনা কল্প কল্পৰ বিজয়ী*


সকলো আত্মিক শক্তি সেনা, পাণ্ডৱ সেনা, আত্মিক সেনা সদায় বিজয়ৰ নিশ্চয় আৰু নিচাত থাকা নহয়, অন্য কোনো সেনাই যেতিয়া যুদ্ধ কৰে তেতিয়া বিজয়ৰ গেৰাণ্টী (নিশ্চয়তা) নাথাকে। নিশ্চয় নাথাকে যে বিজয় নিশ্চিত হয়েই। কিন্তু তোমালোক আত্মিক সেনা, শক্তি সেনা সদায় এইটো নিশ্চয়ৰ নিচাত থাকা যে কেৱল এতিয়াৰ বিজয়ী নহওঁ কিন্তু কল্প কল্পৰ বিজয়ী হওঁ। নিজৰ কল্পৰ আগৰ বিজয়ৰ কাহিনীবোৰো ভক্তি মাৰ্গত শুনি আছা। পাণ্ডৱসকলৰ বিজয়ৰ স্মাৰকৰ কাহিনী এতিয়াও শুনি আছা। নিজৰ বিজয়ৰ চিত্ৰ এতিয়াও দেখি আছা। ভক্তিত কেৱল অহিংসকৰ সলনি হিংসক দেখুৱাই দিছে। আত্মিক সেনাক সাধাৰণ পাৰ্থিৱ সেনা হিচাপে দেখুৱাই দিছে। নিজৰ বিজয়ৰ গায়ন এতিয়াও ভক্তসকলৰ দ্বাৰা শুনি হৰ্ষিত হোৱা। গায়নো আছে - হে প্ৰভু - প্ৰীত বুদ্ধি বিজয়ন্তী। বিপৰীত বুদ্ধি বিনশন্তি। গতিকে কল্পৰ আগৰ তোমালোকৰ গায়ন কিমান প্ৰসিদ্ধ! বিজয় নিশ্চিত হোৱাৰ কাৰণে নিশ্চয়বুদ্ধি বিজয়ী হোৱা সেইবাবে মালাকো বিজয় মালা বুলি কয়। গতিকে নিশ্চয় আৰু নিচা দুয়োটা আছে নহয়। কোনোবাই যদি সোধে তেন্তে নিশ্চয়েৰে কবা যে বিজয়তো হৈয়েই আছে। সপোনতো এইটো সংকল্প উদয় হব নোৱাৰে যে গম নাপাও বিজয় হব নে নহয়, হৈয়েই আছে। পাষ্টৰ (অতীতৰ) কল্প আৰু ভৱিষ্যতকো জানা। ত্ৰিকালদৰ্শী হৈ সেইটো নিচাৰে কোৱা। সকলো পৰিপক্ক হোৱা নহয়! যদি কোনোবাই কয়ো যে ভাবা, চোৱা তেতিয়া কি কবা? অনেক বাৰ দেখিছোঁ। কিবা নতুন কথা হলেহে ভাবিম, দেখিম। এয়াতো অনেক বাৰৰ কথা এতিয়া ৰিপিট (পুনৰাবৃত্তি) কৰি আছোঁ। গতিকে এনেকুৱা নিশ্চয় বুদ্ধিৰ জ্ঞানী আত্মা যোগী আত্মা হোৱা নহয়!

আজি আফ্ৰিকাৰ গ্ৰুপৰ টাৰ্ন (দলৰ পাল)। এনেয়েতো সকলোৱে এতিয়া মধুবন নিবাসী হোৱা। পাৰমানেণ্ট এড্ৰেচতো (স্থায়ী ঠিকনাতো) মধুবন হয় নহয় জানো। সেয়াতো সেৱাস্থান হয়। সেৱাস্থান হৈ গ'ল অফিচ, কিন্তু ঘৰতো মধুবন হয় নহয় জানো। সেৱাৰ অৰ্থে আফ্ৰিকা, ইউ. কে. আদি চাৰিওফালে গৈছা। যদিওবা ধৰ্ম সলনি কৰিলা, দেশ সলনি কৰিলা কিন্তু সেৱাৰ বাবেই গৈছা। স্মৃতিলৈ কোনখন আহে? মধুবন নে পৰমধাম। সেৱাস্থানত সেৱা কৰিও সদায় মধুবন আৰু মুৰুলী এয়াই স্মৃতিত থাকে নহয়! আফ্ৰিকালৈও সেৱাৰ অৰ্থে গৈছা নহয় জানো। সেৱাই জ্ঞান গংগা তৈয়াৰ কৰি ল'লে। জ্ঞান গংগাত জ্ঞান স্নান কৰি আজি কিমান পাৱন হৈ গ'ল! সন্তানসকলক ভিন্ন ভিন্ন স্থানত সেৱা কৰা দেখি বাপদাদাই ভাবে যে কেনেকুৱা কেনেকুৱা স্থানত সেৱাৰ বাবে নিৰ্ভয় হৈ অতি নিষ্ঠাৰে আছেগৈ। আফ্ৰিকান লোকসকলৰ বায়ুমণ্ডল, তেওঁলোকৰ আহাৰ-ব্যৱহাৰ কেনেকুৱা, তথাপিও সেৱাৰ কাৰণে আছাগৈ। সেৱাৰ বল পাই থাকা। সেৱাৰ প্ৰত্যক্ষ ফল পোৱা, সেই বলে নিৰ্ভয় কৰি তোলে। কেতিয়াবা ভয়-ভীততো নোহোৱা নহয়! আৰু অফিচিয়েল (আনুষ্ঠানিক) নিমন্ত্রণ প্ৰথমে ইয়াৰ পৰা পালা। বিদেশ সেৱাৰ বাবে নিমন্ত্রণ পোৱাৰ বাবে এনেকুৱা এনেকুৱা দেশত গৈ উপস্থিত হলা। নিমন্ত্রণৰ সেৱাৰ ফাউণ্ডেশ্বন (ভেটি) ইয়াৰ পৰাই আৰম্ভ হল। সেৱাৰ উৎসাহ-উদ্দীপনাৰ প্ৰত্যক্ষ ফল ইয়াৰ সন্তানসকলে দেখুৱালে। মহিমা সেই এজন নিমিত্ত হোৱাৰ যে কিমান ভাল ভাল লুকাই থকা ৰত্ন ওলাই আহিল। এতিয়াতো বহুত বৃদ্ধি হৈ গৈছে। তেওঁ লুকাই গল আৰু তোমালোক প্ৰত্যক্ষ হৈ গ'লা। নিমন্ত্রণৰ কাৰণে নম্বৰ আগত হৈ গ'ল। গতিকে আফ্ৰিকা নিবাসীসকল বাপদাদাৰ আফৰীন (ধন্যবাদ) লওঁতা বুলি কোৱা হয়। আফৰীন লোৱাৰ স্থান হয় কিয়নো বাতাৱৰণ অশুদ্ধ। অশুদ্ধ বাতাৱৰণৰ মাজত বৃদ্ধি হৈ আছে। ইয়াৰ বাবে আফৰীণ বুলি কোৱা হয় ।

শক্তি সেনা আৰু পাণ্ডৱ সেনা দুয়োটিয়ে শক্তিশালী হয়, মেজৰিটি (বেছি সংখ্যকেই) ভাৰতীয়। কিন্তু ইণ্ডিয়াৰ পৰা দূৰ হৈ গ'লা কিন্তু দূৰৈত থাকিলেও নিজৰ অধিকাৰতো এৰিব নোৱাৰা। তাতো পিতাৰ পৰিচয় পাই গ'লা। পিতাৰ হৈ গ'লা। নৈৰবীত পৰিশ্ৰম কৰিবলগীয়া নহ'ল। সহজেই বিচ্ছিন্ন হৈ যোৱাসকল আহি গ'লা আৰু গুজৰাটীসকলৰ এইটো বিশেষ সংস্কাৰ আছে। যিদৰে তেওঁলোকৰ এইটো ৰীতি আছে - সকলোৱে মিলি গৰ্বাৰাস (গুজৰাটৰ প্ৰসিদ্ধ লোকনৃত্য) কৰে, অকলে নকৰে। সৰু হওঁক বা শকতেই হওঁক, সকলোৱে মিলি গৰ্বা ডান্স (নৃত্য) নিশ্চয় কৰে। এয়া সংগঠনৰ চিন। সেৱাতো দেখা গৈছে গুজৰাটীসকল সংগঠন প্ৰিয় হয়। এজন আহিলে 10 জনক নিশ্চয় লৈ আনে। এয়া সংগঠনৰ ৰীতি তেওঁলোকৰ মাজত বহুত ভাল, সেইবাবে সোনকালে বৃদ্ধি হৈ যায়। সেৱাৰ বৃদ্ধি আৰু বিস্তাৰো হৈ আছে। এনেকুৱা স্থানত শান্তিৰ শক্তি দিয়া, ভয়ৰ সলনি আনন্দ দিয়া এয়াই শ্ৰেষ্ঠ সেৱা। এনেকুৱা স্থানবোৰত আৱশ্যকতা আছে। বিশ্বকল্যাণকাৰী হোৱা গতিকে বিশ্বৰ চাৰিওফালে সেৱা বাঢ়িবই আৰু নিমিত্ত হ'বই লাগিব। কোনোবাতো কোণাও যদি ৰৈ যায় তেতিয়া আপত্তি দৰ্শাব। বহুত ভাল, সন্তানসকলৰ সাহস পিতাৰ সহায়। হেণ্ডচো (সেৱাৰ সহযোগীও) তাৰ পৰা ওলাই সেৱা কৰি আছে। এয়াও সহযোগ হৈ গ'ল নহয় জানো। নিজে জাগিলা গতিকে বহুত ভাল কিন্তু জাগি উঠি আকৌ জগোৱাৰো নিমিত্ত হলা, এয়া ডবল (দুগুণ) লাভ হৈ গ'ল। বেছিভাগ হেণ্ডচো তাৰেই। এইটো বিশেষত্ব বহুত ভাল। বিদেশ সেৱাত মেজৰিটি (বেছি সংখ্যক) সকলো তাৰ পৰাই ওলাই তাতেই সেৱাৰ নিমিত্ত হৈ যায়। বিদেশে ভাৰতক হেণ্ডচ দিয়া নাই। ভাৰতে বিদেশক দিছে। ভাৰতো বহুত ডাঙৰ। বেলেগ-বেলেগ যোন (মণ্ডল) আছে। স্বৰ্গতো ভাৰতকেই কৰি তুলিব লাগিব নহয় জানো। বিদেশতো পিকনিক স্থান হৈ যাব। গতিকে সকলো এভাৰেডী (সদাপ্ৰস্তুত) হোৱা নহয়। আজি যদি কাৰোবাক ক'ৰবালৈ পঠিয়াও এভাৰেডী হোৱা নহয়! সাহস কৰিলে সহায়ো পায়। এভাৰেডী হৈ নিশ্চয় থাকিব লাগে। আৰু যেতিয়া সময় এনেকুৱা আহিব তেতিয়া আকৌ অৰ্ডাৰতো দিবই লাগিব। পিতাৰ দ্বাৰা অৰ্ডাৰ ওলাবই। কেতিয়া দিম তাৰ ডেট (তাৰিখ) নকওঁ। যদি ডেট কৈ দিওঁ তেতিয়াতো সকলোৱে নাম্বাৰ ৱানত (এক নম্বৰত) পাছ হৈ যাব। ইয়াত ডেটৰেই অকস্মাৎ এটিয়েই কোৱেশ্বন (প্ৰশ্ন) আহিব! এভাৰেডী হোৱা নহয়। যদি কওঁ যে ইয়াতেই বহি যোৱা তেন্তে সন্তান-সন্ততি ঘৰ আদি স্মৃতিত আহিবনে? সুখৰ সাধনতো তাত আছে কিন্তু স্বৰ্গতো ইয়াত হব। গতিকে সদায় এভাৰেডী হৈ থকা এয়া হৈছে ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব। নিজৰ বুদ্ধিৰ লাইন ক্লীয়াৰ (স্বচ্ছ) হওঁক। সেৱাৰ বাবে নিমিত্ত মাত্ৰ স্থান পিতাই দিছে। গতিকে নিমিত্ত হৈ সেৱাত উপস্থিত হৈছা। আকৌ পিতাৰ ইংগিত পালে তেতিয়া একো ভবাৰ দৰকাৰ নাই। ডায়ৰেকশ্বন (নিৰ্দেশনা) অনুসৰী সেৱা ভালদৰে কৰি আছা, সেইবাবে উপৰাম আৰু পিতাৰ মৰমৰ হোৱা। আফ্ৰিকায়ো ভাল বৃদ্ধি কৰিছে। ভি.আই.পিৰ সেৱা ভাল হৈ আছে। গভাৰ্ণমেণ্টৰ (চৰকাৰৰ) লগতো কানেকশ্বন (সম্পৰ্ক) ভাল। এইটো বিশেষত্ব আছে যে সকলো প্ৰকাৰৰ বৰ্গৰ আত্মাসকলৰ সম্পৰ্কই কোনোবা নহয় কোনোবা সময়ত সমীপত লৈয়েই আহে। আজি সম্পৰ্কত অহাসকল কাইলৈ সম্বন্ধত আহিয়েই যাব। তেওঁলোকক জগাই থাকিব লাগে। নহ'লে অলপ চকু মেলি পুনৰ শুই যায়। কুম্ভকৰ্ণতো হয়েই। টোপনিৰ নিচা থাকিলে কিবা খালেও পাহৰি যায়। কুম্ভকৰ্ণও এনেকুৱা। ক'ব হয় পাচত আহিম, এইটো কৰিম। কিন্তু আকৌ যদি সোধা ক'ব পাহৰি গলোঁ, সেইবাবে বাৰে বাৰে জগাব লাগে। গুজৰাটীসকলে পিতাৰ হোৱাৰ ক্ষেত্ৰত, তন-মন-ধনেৰে নিজক সেৱাত খটুৱাত ভাল নম্বৰ লৈছে। সহজেই সহযোগী হৈ যায়। এয়াও ভাগ্য। গুজৰাটীসকলৰ সংখ্যা ভাল। পিতাৰ হোৱাৰ লটাৰি কোনো কম নহয়।

প্ৰত্যেক স্থানতেই কোনো নহয় কোনো পিতাৰ পৰা বিচ্ছিন্ন হোৱা ৰত্ন আছেই। য'তেই পদাৰ্পণ কৰা কোনোবা নহয় কোনোবা ওলাই আহেই। নিশ্চিন্ত, নিৰ্ভয় হৈ সেৱাত নিষ্ঠাৰে আগবাঢ়ি থাকিলে পদমগুণ সহায়ো প্ৰাপ্ত হয়। অফিচিয়েল নিমন্ত্ৰণতো তথাপি ইয়াৰ পৰা আৰম্ভ হল। তথাপিও সেৱাৰ জমাতো হল নহয় জানো। সেই জমাৰ হিচাপে সময়ত নিশ্চয় আকৰ্ষিত কৰিব। গতিকে সকলো নাম্বাৰ ৱান, তীব্ৰ পুৰুষাৰ্থী আফৰীন (ধন্যবাদ) লওঁতা হোৱা নহয়। নাম্বাৰ ৱান সম্বন্ধ ৰক্ষা কৰোঁতা নাম্বাৰ ৱান সেৱাত প্ৰমাণ দিওঁতা সকলোতে নাম্বাৰ ৱান হবই লাগিব, তেতিয়াহে আফৰীন লবা নহয় জানো। আফৰীনৰ পাচত আফৰীন লৈয়ে থাকিব লাগে। সকলোৰে সাহস দেখি বাপদাদা আনন্দিত হয়। অনেক আত্মাক পিতাৰ আশ্ৰয় দিয়াৰ নিমিত্ত হৈছা। ভাল পৰিয়ালৰে পৰিয়াল হয়। পৰিয়ালক বাবাই ফুলৰ থোপা বুলি কয়। এইটো বিশেষত্বও ভাল। এনেয়েতো সকলো ব্ৰাহ্মণৰেই স্থান। যদি কোনোবা নৈৰবীত যায় বা যলৈকে যায় তেতিয়া কব আমাৰ চেণ্টাৰ, বাবাৰ চেণ্টাৰ। আমাৰ পৰিয়াল হয়। গতিকে কিমান লাকী (ভাগ্যৱান) হৈ গলা! বাপদাদাই প্ৰতিটো ৰত্নক দেখি আনন্দিত হয়। যি স্থানৰেই নহওঁক কিন্তু পিতাৰ হয় আৰু পিতা সন্তানসকলৰ, সেইবাবে ব্ৰাহ্মণ আত্মা অতি প্ৰিয়। বিশেষ হয়। ইজন সিজনতকৈ মৰমৰ হয়। বাৰু।

এতিয়া আত্মিক পাৰ্চনেলিটিৰ (ব্যক্তিত্বৰ) দ্বাৰা সেৱা কৰা (নিৰ্বাচিত অব্যক্ত মহাবাক্য)

1) তোমালোক ব্ৰাহ্মণসকলৰ নিচিনা আত্মিক পাৰ্চনেলিটি গোটেই কল্পত অন্য কাৰো নাই কিয়নো তোমালোক সকলোৰে পাৰ্চনেলিটি গঢ়ি তোলোঁতাজন হৈছে উচ্চতকৈও উচ্চ পৰম আত্মা। তোমালোকৰ আটাইতকৈ শ্ৰেষ্ঠ পাৰ্চনেলিটি হৈছে - সপোন বা সংকল্পতো সম্পূৰ্ণ পবিত্ৰতা। এই পবিত্ৰতাৰ লগতে চেহেৰা আৰু চলনত আত্মিকতাৰো পাৰ্চনেলিটি আছে - নিজৰ এই পাৰ্চনেলিটিত সদায় স্থিত থাকিলে তেতিয়া সেৱা স্বতঃ হ'ব। কোনোবা যিমানেই হতাশগ্ৰস্ত, অশান্ত আত্মা নহওঁক তোমালোকৰ আত্মিক পাৰ্চনেলিটিৰ ৰেঙনিয়ে, প্ৰসন্নতাৰ দৃষ্টিয়ে তেওঁলোকক প্ৰসন্ন কৰি তুলিব। দৃষ্টিৰে ভৰপূৰ হৈ যাব। এতিয়া সময়ৰ সমীপতা অনুসৰি দৃষ্টিৰে ভৰপূৰ কৰি তোলাৰ সেৱা কৰাৰ সময়। তোমালোকৰ এপলক দৃষ্টিৰে তেওঁলোক প্ৰসন্নচিত হৈ যাব, অন্তৰৰ আশা পূৰ্ণ হৈ যাব।

যিদৰে পিতা ব্ৰহ্মাৰ মুখমণ্ডল বা চেহেৰাৰ পাৰ্চনেলিটি আছিল সেইবাবে তোমালোক সকলোৱে আকৰ্ষিত হলা সেইদৰে ফল' ফাদাৰ (পিতাক অনুসৰণ) কৰা। সৰ্ব প্ৰাপ্তিৰ লিষ্ট বুদ্ধিত ইমাৰ্জ (উদয়) কৰি ৰাখিলে চেহেৰা আৰু চলনত প্ৰসন্নতাৰ পাৰ্চনেলিটি দেখা দিব আৰু এই পাৰ্চনেলিটিয়ে প্ৰত্যেককে আকৰ্ষিত কৰিব। আত্মিক পাৰ্চনেলিটিৰ দ্বাৰা সেৱা কৰিবৰ বাবে নিজৰ মুড (স্থিতি) সদায় চিয়েৰফুল (প্ৰসন্নচিত্ত) আৰু কেয়াৰফুল (মনোযোগী) কৰি ৰাখিবা। মুড সলনি হ'ব নালাগে। কাৰণ যিয়েই নহওঁক, সেই কাৰণক নিবাৰণ কৰা। সদায় প্ৰসন্নতাৰ পাৰ্চনেলিটিত থাকিবা। প্ৰসন্নচিত্ত হৈ থাকিলে বহুত ভাল অনুভৱ কৰিবা। প্ৰসন্নচিত্ত আত্মাৰ সংগত থাকিবলৈ, তেওঁলোকৰ লগত কথা পাতিবলৈ, বহিবলৈ সকলোৱে ভাল পায়। গতিকে লক্ষ্য ৰাখা যে প্ৰশ্নচিত্ত নহয়, প্ৰসন্নচিত্ত হৈ থাকিব লাগে।

তোমালোক সন্তানসকল বাহিৰৰ দৃষ্টিত যদিও সাধাৰণ পাৰ্চনেলিটিধাৰী হোৱা কিন্তু আত্মিক পাৰ্চনেলিটিত সকলোতকৈ নাম্বাৰ ৱান (এক নম্বৰ) হোৱা। তোমালোকৰ চেহেৰাত, চলনত পিউৰিটিৰ (পবিত্ৰতাৰ) পাৰ্চনেলিটি আছে। যিয়ে যিমান পিয়ৰ (পবিত্ৰ) হয় সিমানেই তেওঁৰ আত্মিক পাৰ্চনেলিটি কেৱল দৃষ্টিগোচৰেই নহয় কিন্তু অনুভৱ হয় আৰু সেই পাৰ্চনেলিটিয়েহে সেৱা কৰে। যিসকল উচ্চ পাৰ্চনেলিটিধাৰী হয় তেওঁলোকৰ ক'লৈকো, কাৰোফালে দৃষ্টি নাযায় কিয়নো তেওঁলোক সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হয়। তেওঁলোকে কেতিয়াও নিজৰ প্ৰাপ্তিৰ ভঁৰালত কোনো অপ্ৰাপ্তিৰ অনুভৱ নকৰে। তেওঁলোকে সদায় মনেৰে ভৰপুৰ হোৱাৰ কাৰণে সন্তুষ্ট হৈ থাকে, এনেকুৱা সন্তুষ্ট আত্মাইহে অন্যক সন্তুষ্ট কৰিব পাৰে।।

যিমানেই পবিত্ৰতা আছে সিমানেই ব্ৰাহ্মণ জীৱনৰ পাৰ্চনেলিটি আছে, যদি পবিত্ৰতা কম তেন্তে পাৰ্চনেলিটি কম। এই পিউৰিটিৰ পাৰ্চনেলিটিয়ে সেৱাতো সহজে সফলতা আনি দিয়ে। কিন্তু যদি এটি বিকাৰো অংশ মাত্ৰও আছে তেন্তে অন্য সংগীসকলো তাৰ লগত নিশ্চয় থাকিব। যিদৰে পবিত্ৰতাৰ সুখ-শান্তিৰ লগত গভীৰ সম্বন্ধ আছে, সেইদৰে অপৱিত্ৰতাৰো পাঁচ বিকাৰৰ লগত গভীৰ সম্বন্ধ আছে সেইবাবে কোনো বিকাৰৰে অংশমাত্ৰও যাতে নাথাকে তেতিয়া পবিত্ৰতাৰ পাৰ্চনেলিটিৰ দ্বাৰা সেৱা কৰোঁতা বুলি কোৱা হব।

আজিকালি দুই প্ৰকাৰৰ পাৰ্চনেলিটিৰ (ব্যক্তিত্বৰ) গায়ন কৰা হয় এক শাৰীৰিক পাৰ্চনেলিটি, দ্বিতীয়তে পজিশ্বনৰ (পদৱীৰ) পাৰ্চনেলিটি। ব্ৰাহ্মণ জীৱনত যি গৰাকী ব্ৰাহ্মণ আত্মাৰ সন্তুষ্টিৰ মহানতা আছে - তেওঁৰ মুখমণ্ডলত, তেওঁৰ চেহেৰাত সন্তুষ্টি আৰু শ্ৰেষ্ঠ স্থিতিৰ পজিশ্বনৰ পাৰ্চনেলিটি দেখা পোৱা যায়। যাৰ দৃষ্টি-বৃত্তিত, চেহেৰাত, চলনত সন্তুষ্টিৰ পাৰ্চনেলিটি দেখা পোৱা যায় তেৱেঁই তপস্বী হয়। তেওঁৰ চিত্ত সদায় প্ৰসন্ন হব, অন্তৰ-মগজ সদায় আৰামত, সুখ-শান্তিৰ স্থিতিত থাকিব, কেতিয়াও অশান্ত নহব। প্ৰতিটো বচন আৰু কৰ্মৰে, দৃষ্টি আৰু বৃত্তিৰে আত্মিক পাৰ্চনেলিটি আৰু ৰয়েল্টিৰ (আভিজাত্যৰ) অনুভৱ কৰাব।

বিশেষ আত্মা বা মহান আত্মাসকলক দেশৰ বা বিশ্বৰ পাৰ্চনেলিটিজ (ব্যক্তিত্ব) বুলি কয়। পবিত্ৰতাৰ পাৰ্চনেলিটি অৰ্থাৎ প্ৰতিটো কৰ্মতে মহানতা আৰু বিশেষত্ব সম্পন্ন। আত্মিক পাৰ্চনেলিটিধাৰী আত্মাসকলে নিজৰ এনাৰ্জী (শক্তি), সময়, সংকল্প ৱেষ্ট (নষ্ট) নকৰে, সফল কৰে। এনেকুৱা পাৰ্চনেলিটিধাৰীসকলে কেতিয়াও সৰু সৰু কথাত নিজৰ মন-বুদ্ধি বিজী (ব্যস্ত) কৰি নাৰাখে। আত্মিক পাৰ্চনেলিটিধাৰী বিশেষ আত্মাসকলৰ দৃষ্টি, বৃত্তি, বাণী সকলোতে অলৌকিকতা থাকিব, সাধাৰণতা নহয়। সাধাৰণ কাৰ্য কৰিও শক্তিশালী, কৰ্মযোগী স্থিতিৰ অনুভৱ কৰাব। যিদৰে পিতা ব্ৰহ্মাক দেখিলা যদিও সন্তানসকলৰ লগত পাচলি কাটি আছিল, খেলি আছিল কিন্তু পাৰ্চনেলিটিয়ে সদায় আকৰ্ষিত কৰি আছিল। গতিকে ফল ফাদাৰ (পিতাক অনুসৰণ কৰা)।

ব্ৰাহ্মণ জীৱনৰ পাৰ্চনেলিটি (ব্যক্তিত্ব) হৈছে প্ৰসন্নতা। এইটো পাৰ্চনেলিটিক অনুভৱত আনা আৰু আনকো অনুভৱী কৰি তোলা। সদায় শুভ-চিন্তনেৰে সম্পন্ন হৈ থাকা, শুভ-চিন্তক হৈ সকলোকে স্নেহী, সহযোগী কৰি তোলা। শুভ-চিন্তক আত্মাসকলহে সদায় প্ৰসন্নতাৰ পাৰ্চনেলিটিত থাকি বিশ্বৰ আগত বিশেষ পাৰ্চনেলিটিধাৰী হব পাৰে। আজিকালিৰ পাৰ্চনেলিটিধাৰী আত্মাসকল কেৱল নামজ্বলা হয় অৰ্থাৎ তেওঁলোকৰ নাম প্ৰসিদ্ধ হয় কিন্তু তোমালোক আত্মিক পাৰ্চনেলিটিধাৰিসকল কেৱল নামজ্বলা অৰ্থাৎ গায়ন-যোগ্য নোহোৱা কিন্তু গায়ন-যোগ্যৰ লগতে পূজনীয় যোগ্যও হোৱা। যিমানেই ডাঙৰ ধৰ্ম-ক্ষেত্ৰত, ৰাজ্য-ক্ষেত্ৰত চাইন্সৰ ক্ষেত্ৰত পাৰ্চনেলিটিধাৰী প্ৰসিদ্ধ হৈছে কিন্তু তোমালোক আত্মিক পাৰ্চনেলিটিৰ সমান 63 জন্ম পূজনীয় হোৱা নাই।

বৰদান:
কম্বাইণ্ড (একত্ৰিত) স্বৰূপৰ স্মৃতিৰ দ্বাৰা শ্ৰেষ্ঠ স্থিতিৰ চিটত (আসনত) চেত (অধিষ্ঠিত) হৈ থাকোঁতা সদায় সম্পন্ন হোৱা

সংগমযুগত শিৱশক্তিৰ কম্বাইণ্ড স্বৰূপৰ স্মৃতিত থাকিলে সকলো অসম্ভৱ কাৰ্য সম্ভৱ হৈ যায়। এয়াই হৈছে সৰ্বশ্ৰেষ্ঠ স্বৰূপ। এইটো স্বৰূপত স্থিত হৈ থাকিলে সম্পন্ন হোৱাৰ বৰদান প্ৰাপ্ত হৈ যায়। বাপদাদাই সকলো সন্তানক সদায় সুখদায়ী স্থিতিৰ চিট (আসন) দিয়ে। সদায় এইটো চিটত চেত (অধিস্থিত) হৈ থাকিলে অতীন্দ্ৰিয় সুখৰ দোলনাত দুলি থাকিবা কেৱল বিস্মৃতিৰ সংস্কাৰ সমাপ্ত কৰা।

স্লোগান:
পাৱাৰফুল (শক্তিশালী) বৃত্তিৰ দ্বাৰা আত্মাসকলক যোগ্য আৰু যোগী কৰি তোলা।