26.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল ড্ৰামাৰ (নাটকৰ) শ্ৰেষ্ঠ জ্ঞান তোমালোক সন্তানসকলৰহে আছে, তোমালোকে জানা এই ড্ৰামা হুবহু ৰিপিট (পুনৰাবৃত্তি) হয়

প্ৰশ্ন:
প্ৰবৃত্তি মাৰ্গত থকাসকলে বাবাক কোনটো প্ৰশ্ন সোধে, বাবাই তেওঁলোকক কি ৰায় দিয়ে?

উত্তৰ:
কিছুমান সন্তানে সোধে - বাবা, মই ব্যৱসায় কৰোঁনে? বাবাই কয় - সন্তানসকল, ব্যৱসায় বাৰু কৰা কিন্তু ৰয়েল (মাৰ্জিত) ব্যৱসায় কৰা। ব্ৰাহ্মণ সন্তানে মদ, চিগাৰেট, বিড়ি আদিৰ ছিঃ-ছিঃ ব্যৱসায় কৰিব নোৱাৰে কিয়নো এইবোৰৰ পৰা আৰুহে বিকাৰৰ প্ৰতি আকৰ্ষিত হয়।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজাই আছে। এতিয়া এফালে হৈছে আত্মিক পিতাৰ শ্ৰীমত, আনফালে ৰাৱণৰ আসুৰি মত। আসুৰি মত পিতাৰ বুলি কোৱা নহব। ৰাৱণক পিতা বুলিতো নোকোৱা নহয় জানো। সেয়া হৈছে ৰাৱণৰ আসুৰি মত। এতিয়া তোমালোক সন্তানসকলে ঈশ্বৰীয় মত প্ৰাপ্ত কৰি আছা। কিমান ৰাতি-দিনৰ পাৰ্থক্য আছে। বুদ্ধিত এইটো উদয় হয় যে ঈশ্বৰীয় মতেৰে দৈৱী গুণ ধাৰণ কৰি আহিছোঁ। এয়া কেৱল তোমালোক সন্তানসকলেহে পিতাৰ দ্বাৰা শুনা আৰু কোনেও গম নাপায়। তোমালোক সন্তানসকলে সম্পত্তিৰ কাৰণেই পিতাক লগ পাইছা। ৰাৱণৰ দ্বাৰাতো আৰুহে সম্পত্তি কমি গৈ থাকে। ঈশ্বৰীয় মতে ক'লৈ লৈ যায় আৰু আসুৰি মতে ক'লৈ লৈ যায় - এয়া তোমালোকেহে জানা। আসুৰি মত যেতিয়াৰ পৰা পালা, তোমালোকৰ অধোগতিহে হৈ আহিছে। নতুন সৃষ্টিত অলপ-অলপকৈহে তললৈ নামা। অধোগতি কেনেকৈ হয়, পুনৰ উন্নতি কেনেকৈ হয় - এয়াও তোমালোক সন্তানসকলে বুজি পালা। এতিয়া তোমালোক সন্তানসকলে পুনৰ শ্ৰেষ্ঠ হ'বলৈ শ্ৰীমত পোৱা। তোমালোক ইয়ালৈ শ্ৰেষ্ঠ হ'বলৈয়ে আহিছা। তোমালোকে জানা - আমি পুনৰ শ্ৰেষ্ঠ মত কেনেকৈ পাম। অনেকবাৰ তোমালোকে শ্ৰেষ্ঠ মতৰ দ্বাৰা উচ্চ পদ পালা আকৌ পুনৰ্জন্ম লৈ-লৈ অধঃপতিত হৈ আহিলা। আকৌ এবাৰহে উৰ্দ্ধগামী হোৱা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰিতো হয়েই। পিতাই বুজায়, সময় লাগে। পুৰুষোত্তম সংগমযুগৰো সময় আছে নহয় জানো, একেবাৰে এক্যুৰেট (সঠিক)। ড্ৰামা একেবাৰে এক্যুৰেট চলে আৰু বহুত বিস্ময়কৰ হয়। সন্তানসকলে অতি সহজে বুজি পায় - পিতাক স্মৰণ কৰিব লাগে আৰু উত্তৰাধিকাৰ (সম্পত্তি) লব লাগে। বচ। কিন্তু পুৰুষাৰ্থ কৰোঁতে কিছুমানৰ কঠিনো লাগে। ইমান উচ্চতকৈও উচ্চ পদ প্ৰাপ্তি কৰাটো জানো সহজ হব পাৰে। পিতাৰ স্মৃতি বহুত সহজ আৰু পিতাৰ উত্তৰাধিকাৰো সহজ। চেকেণ্ডৰ কথা। আকৌ পুৰুষাৰ্থ কৰিবলৈ লাগি গলে মায়াৰ বিঘ্নও আহে। ৰাৱণৰ ওপৰত বিজয়ী হব লাগে। গোটেই সৃষ্টিতে ৰাৱণৰ ৰাজ্য। এতিয়া তোমালোকে বুজি পোৱা আমি যোগবলেৰে প্ৰতি কল্পতে ৰাৱণক জয় কৰি আহিছোঁ। এতিয়াও জয় কৰি আছোঁ। শিকাওঁতাজন হৈছে বেহদৰ পিতা। ভক্তি মাৰ্গতো তোমালোকে বাবা-বাবা বুলি কৈ আহিছা। কিন্তু আগতে পিতাক নাজানিছিলা। আত্মাক জানিছিলা। এনেকৈ কৈছিলা - ভ্ৰুকুটিৰ মাজত জিলিকি থাকে আচৰিত তৰা.....। আত্মাৰ বিষয়ে জ্ঞাত হৈও পিতাক নাজানিছিলা। কেনেকুৱা বিচিত্ৰ ড্ৰামা। কৈছিলাও হে পৰমপিতা পৰমাত্মা, স্মৰণ কৰিছিলা, তথাপিও জনা নাছিলা। আত্মাৰ অক্যুপেশ্বন (কৰ্তব্য) অথবা পৰমাত্মাৰ অক্যুপেশ্বন কোনোটোকে সম্পূৰ্ণকৈ নাজানিছিলা। পিতা নিজে আহি বুজায়। পিতাৰ বাহিৰে কেতিয়াও কোনেও ৰিয়েলাইজ (উপলব্ধি) কৰাব নোৱাৰে। কাৰো ভুমিকাই নাই। গায়নো আছে ঈশ্বৰীয় সম্প্ৰদায়, আসুৰী সম্প্ৰদায় আৰু দৈৱী সম্প্ৰদায়। হওঁতে বহুত সহজ। কিন্তু এই কথাবোৰ স্মৃতিত ৰখাৰ ক্ষেত্ৰত মায়াই বিঘ্ন আনে। পাহৰাই দিয়ে। পিতাই কয় পুৰুষাৰ্থৰ ক্ৰম অনুসৰি স্মৰণ কৰোঁতে-কৰোঁতে যেতিয়া ড্ৰামাৰ অন্ত হব অৰ্থাৎ পুৰণি সৃষ্টিৰ অন্ত হব তেতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰাজধানী স্থাপন হৈয়েই যাব। শাস্ত্ৰৰ দ্বাৰা এই কথাবোৰ কোনেও বুজিব নোৱাৰে। গীতা আদিতো এৱোঁ বহুত পঢ়িছে। এতিয়া পিতাই কয় - ইয়াৰ কোনো মূল্য নাই। কিন্তু ভক্তিত কৰ্ণৰস (কানেৰে শুনি ৰস পোৱা) বহুত পায় সেয়েহে এৰি নিদিয়ে।

তোমালোকে জানা সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। ব্যৱসায় আদিও কাৰোবাৰ ৰয়েল (মাৰ্জিত) হয়, কাৰোবাৰ ছিঃ-ছিঃ ব্যৱসায় হয়। মদ, বিড়ি, চিগাৰেট আদি বিক্ৰি কৰে এইবিলাক ব্যৱসায় বহুত বেয়া। মদে সকলো বিকাৰক আকৰ্ষিত কৰি আনে। কাৰোবাক মদাহী কৰি তোলা - এইটো ভাল ব্যৱসায় নহয়। পিতাই ৰায় দিব - যুক্তিৰে এইটো ব্যৱসায় সলনি কৰি লোৱা। নহলে উচ্চ পদ প্ৰাপ্ত কৰিব নোৱাৰিবা। পিতাই বুজায় - অবিনাশী জ্ঞান ৰত্নৰ ব্যৱসায়ৰ বাহিৰে বাকী এই সকলো ব্যৱসায়ত লোকচান হয়। ৰত্নৰ ব্যৱসায় কৰিছিল যদিও লাভতো একো নহল। খুব বেছি লাখপতি হল। এইটো ব্যৱসায়ৰ দ্বাৰা কি হয়গৈ? বাবাই চিঠিতো সদায় পদ্মাপদম ভাগ্যশালী বুলি লিখে। সেয়াও 21 জন্মৰ কাৰণে। তোমালোকেও বুজি পোৱা বাবাই একেবাৰে ঠিক কথা কয়। আমিয়ে এই দেৱী-দেৱতা আছিলো, আকৌ চক্ৰ লগাই-লগাই তললৈ আহিলোঁ। সৃষ্টিৰ আদি-মধ্য-অন্তকো জানি গলা। জ্ঞানতো পিতাৰ দ্বাৰা পাইছা আকৌ দৈৱীগুণো ধাৰণ কৰিব লাগে। নিজকে পৰীক্ষা কৰিব লাগে - মোৰ কোনো আসুৰি (অৱ)গুণতো নাই? এইটো বাবাইও জানে যে মই এই শৰীৰ ৰূপী ঘৰ ভাড়াত দিছো। এইটো (শৰীৰ) ঘৰ নহয় জানো। ইয়াতে আত্মা থাকে। মোৰ বহুত নিচা থাকে - ভগৱানক মই ঘৰ ভাড়লৈ দিছো! ড্ৰামাৰ পৰিকল্পনা অনুসৰি অন্য কোনো ঘৰ তেওঁ নলয়েই। কল্পই-কল্পই এইটো ঘৰেই লবলগীয়া হয়। এওঁতো (ব্ৰহ্মা) আনন্দিত হয়। কিন্তু হুলস্থূলো কিমান কৰিলে। এই বাবাই (ব্ৰহ্মাই) হাঁহি-ধেমালিতে কেতিয়াবা বাবাক কয় - বাবা, আপোনাৰ ৰথ হোৱা বাবে ইমান গালিশপনি শুনিবলগীয়া হল। পিতাই কয় - সকলোতকৈ বেছি গালি মই শুনিলো। এতিয়া তোমাৰ পাল। ব্ৰহ্মাই কেতিয়াও গালি শুনিবলগীয়া হোৱা নাছিল। এতিয়া সময় আহিছে। শৰীৰতো দিছে এইটোতো বুজি পায় গতিকে পিতাৰ পৰা নিশ্চয় সহায়ো প্ৰাপ্ত কৰিব। তথাপিও বাবাই কয় - পিতাক নিৰন্তৰ স্মৰণ কৰিবা, এই ক্ষেত্ৰত তোমালোক সন্তানসকল এওঁতকৈও বেছি আগবাঢ়ি যাব পাৰা কিয়নো এওঁৰ ওপৰততো বহুত গুৰুদায়িত্ব আছে। যদিও ড্ৰামা বুলি কৈ এৰি দিয়ে তথাপি কিছু প্ৰভাৱ পৰে। এওঁ বেচেৰাই বহুত সেৱা কৰিছিল। এওঁ সংগদোষত নষ্ট হৈ গ'ল। কিমান ডিচ্‌চাৰ্ভিচ (অকল্যাণ) হয়। এনেকুৱা-এনেকুৱা কাম কৰে, প্ৰভাৱ পৰি যায়। সেই সময়ত এইটো নুবুজে যে এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এইটো খেয়াল পাছতহে আহে। এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। মায়াই অৱস্থা শোচনীয় কৰি দিলে তেতিয়া বহুত অকল্যাণ হৈ যায়। অৱলা (দুৰ্বল নাৰী) সকলৰ ওপৰত কিমান অত্যাচাৰ হৈ যায়। ইয়াতেতো নিজৰ সন্তানেই কিমান অকল্যাণ কৰে। ওলট-পালট কথা কবলৈ ধৰে।

এতিয়া তোমালোক সন্তানসকলে জানা পিতাই কি শুনায়? কোনো শাস্ত্ৰ আদি নুশুনায়। এতিয়া আমি শ্ৰীমতত চলি কিমান শ্ৰেষ্ঠ হৈ যাওঁ। আসুৰি মতৰ দ্বাৰা কিমান ভ্ৰষ্ট হ'লো। সময় লাগে নহয় জানো। মায়াৰ যুদ্ধ চলি থাকিব। এতিয়া তোমালোকৰ বিজয়তো নিশ্চয় হ'ব। এইটো তোমালোকে বুজি পোৱা যে শান্তিধাম সুখধামত আমাৰ বিজয় নিশ্চিত। কল্পই-কল্পই আমি বিজয় প্ৰাপ্ত কৰি আহিছো। এই পুৰুষোত্তম সংগমযুগতেই স্থাপনা আৰু বিনাশ হয়। এই সকলোবোৰ বিস্তাৰিত ভাৱে তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। যথাৰ্থভাৱে পিতাই আমাৰ দ্বাৰা স্থাপনা কৰাই আছে। পুনৰ আমিয়ে ৰাজ্য কৰিম। আমি বাবাক ধন্যবাদো নজনাম! পিতাই কয় এইটোও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। মইও এই ড্ৰামাত ভূমিকা পালন কৰোঁতা হওঁ। ড্ৰামাত সকলোৰে ভূমিকা নিৰ্ধাৰিত হৈ আছে। শিৱবাবাৰো ভূমিকা আছে। ধন্যবাদ দিয়াৰ কথা নাই। শিৱবাবাই কয় - মই তোমালোকক শ্ৰীমত দি ৰাস্তা দেখুৱাই দিওঁ অন্য কোনেও দেখুৱাব নোৱাৰে। যিয়েই আহে কোৱা সতোপ্ৰধান নতুন সৃষ্টি স্বৰ্গ আছিল নহয় জানো। এই পুৰণি সৃষ্টিক তমোপ্ৰধান বুলি কোৱা হয়। পুনৰ সতোপ্ৰধান হ'বৰ কাৰণে দৈৱীগুণ ধাৰণ কৰিব লাগে। পিতাক স্মৰণ কৰিব লাগে। মন্ত্ৰই হৈছে এইটো মনমনাভৱ, মধ্যাজী ভৱ। বচ এইটোও শুনায় - মই চুপ্ৰীম (পৰম) গুৰু হওঁ।

তোমালোক সন্তানসকলে এতিয়া স্মৃতিৰ যাত্ৰাৰে গোটেই সৃষ্টিক সৎগতিলৈ লৈ যোৱা। জগতগুৰু হৈছে এজন শিৱবাবা যিয়ে তোমালোকক শ্ৰীমত দিয়ে। তোমালোকে জানা প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমি এই শ্ৰীমত পাওঁ। চক্ৰ ঘূৰি থাকে। আজি পুৰণি সৃষ্টি, কালিলৈ নতুন সৃষ্টি হব। এই চক্ৰক বুজিবলৈও বহুত সহজ। কিন্তু এয়াও স্মৃতিত ৰাখা যাতে কোনোবাক বুজাব পাৰা। এইটোও পাহৰি যোৱা। কাৰোবাৰ অৱনতি হলে তেতিয়া জ্ঞান আদি সকলো খতম হৈ যায়। কলা-কৌশল মায়াই লৈ লয়। সকলো কলা আঁতৰাই কলা ৰহিত কৰি দিয়ে। বিকাৰত এনেকৈ আৱদ্ধ হৈ যায় তাৰ কথাই নুসুধিবা। এতিয়া তোমালোকৰ গোটেই চক্ৰ স্মৃতিত আছে। তোমালোক জন্ম-জন্মান্তৰ বেশ্যালয়ত আছা, হাজাৰ পাপ কৰি আহিছা। সকলোৰে আগত কোৱা - মই জন্ম-জন্মৰ পাপী। আমিয়ে প্ৰথমে পূণ্য আত্মা আছিলো, আকৌ পাপ আত্মা হলো। এতিয়া আকৌ পূণ্য আত্মা হৈ আছো। তোমালোক সন্তানসকলে এই জ্ঞান পাই আছা। তোমালোকে আকৌ সেয়া অন্যকো দি নিজৰ সমান কৰি তোলা। গৃহস্থ ব্যৱহাৰত থাকিলে পাৰ্থক্যতো থাকেই। তোমালোকে যিমান বুজাব পাৰা তেওঁলোকে ইমান বুজাব নোৱাৰে। কিন্তু সকলোৱেতো (ঘৰ-সংসাৰ) এৰিব নোৱাৰে। পিতাই নিজেই কয় - গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান হব লাগে। সকলোৱে এৰি থৈ আহিলে ইমাবিলাক আহি বহিব কত। পিতা জ্ঞানেৰে পৰিপূৰ্ণ হয়। তেওঁ কোনো শাস্ত্ৰ আদি নপঢ়ে। এওঁ শাস্ত্ৰ আদি পঢ়িছিল। মোৰ কাৰণেতো কোৱা হয় গড্‌ ফাদাৰ ইজ্‌ নলেজ্‌ফুল (ঈশ্বৰ পিতা জ্ঞানেৰে পৰিপূৰ্ণ)। মনুষ্যই এইটোও নাজানে যে পিতাৰ কি জ্ঞান আছে। এতিয়া তোমালোকৰ গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। তোমালোকে জানা এই ভক্তি মাৰ্গৰ শাস্ত্ৰও অনাদি হয়। ভক্তি মাৰ্গত এই শাস্ত্ৰবোৰো নিশ্চয় ওলাব। কোৱা হয় পাহাৰ খহি গল পুনৰ কেনেকৈ হব! কিন্তু এয়াতো ড্ৰামা নহয় জানো। শাস্ত্ৰ আদি সকলো শেষ হৈ যায়, পুনৰ নিজৰ সময়ত সেয়াই ৰচনা কৰা হব। আমি প্ৰথমতে শিৱৰ পূজা কৰো - এইটোও শাস্ত্ৰত থাকিব নহয় জানো। শিৱৰ ভক্তি কেনেকৈ কৰা হয়। কিমান শ্লোক আদি গোৱা হয়। তোমালোকে কেৱল স্মৰণ কৰা - শিৱবাবা জ্ঞানৰ সাগৰ। তেওঁ এতিয়া আমাক জ্ঞান দি আছে। পিতাই তোমালোকক বুজাইছে - এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। শাস্ত্ৰত ইমান দীঘলীয়া কাহিনী লিখি দিছে যিবোৰ কেতিয়াও স্মৃতিলৈ আহিবও নোৱাৰে। গতিকে সন্তানসকল আন্তৰিক আনন্দত থকা উচিত - বেহদৰ পিতাই আমাক পঢ়ায়! গায়নো কৰা হয় ষ্টুডেণ্ট লাইফ্‌ ইজ্‌ দ্য বেষ্ট (বিদ্যাৰ্থী জীৱন উত্তম জীৱন)। ভগৱানুৱাচ (ভগৱানে কয়) - মই তোমালোকক ৰজাৰো ৰজা কৰি তোলো। অন্য কোনো শাস্ত্ৰত এই কথাবোৰ নাই। উচ্চতকৈও উচ্চ প্ৰাপ্তি এয়াই হয়। বাস্তৱত গুৰুতো এজনেই যিয়ে সকলোৰে সৎগতি কৰে। যদিও স্থাপনা কৰাজনকো গুৰু বুলি কোৱা হয়, কিন্তু গুৰু সেইজন যিয়ে সৎগতি দিয়ে। সেই গুৰুসকলেতো নিজৰ পিছে-পিছে সকলোকে ভূমিকা পালন কৰিবলৈ লৈ আহে। উভতাই লৈ যাবলৈ ৰাস্তাতো নেদেখুৱায়। শিৱৰহে বৰযাত্ৰী বুলি গায়ন আছে, অন্য কোনো গুৰুৰ নাই। মনুষ্যই আকৌ শিৱ আৰু শংকৰক একত্ৰিত কৰি দিলে। ক'ত এজন সূক্ষ্মবতনবাসী, ক'ত আনজন মূলবতনবাসী। দুয়োজন একে কেনেকৈ হব পাৰে। ভক্তি মাৰ্গত এনেকৈ লিখি দিলে। ব্ৰহ্মা, বিষ্ণু, শংকৰ তিনিওজন সন্তান নহল জানো। ব্ৰহ্মাৰ ওপৰতো তোমালোকে বুজাব পাৰা। এওঁক তুলি লোৱা হৈছে গতিকে এওঁ শিৱবাবাৰ সন্তান নহল জানো। উচ্চতকৈও উচ্চ হৈছে পিতা। বাকী এয়া হৈছে তেওঁৰ ৰচনা। এয়া কিমান বুজিবলগীয়া কথা। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী জ্ঞান ৰত্নৰ ব্যৱসায় কৰি 21 জন্মৰ বাবে পদ্মাপদম ভাগ্যশালী হব লাগে। নিজকে পৰীক্ষা কৰিব লাগে - মোৰ কোনো আসুৰী (অৱ)গুণতো নাই? মই এনেকুৱা কোনো ব্যৱসায়তো নকৰো যাৰ দ্বাৰা বিকাৰৰ উৎপত্তি হয়?

(2) স্মৃতিৰ যাত্ৰাত থাকি গোটেই সৃষ্টিক সৎগতিলৈ পঠাব লাগে। এক সৎগুৰু পিতাৰ শ্ৰীমতত চলি নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। মায়াই যাতে কেতিয়াও কলা ৰহিত কৰি নিদিয়ে তাৰ প্ৰতি ধ্যান দিব লাগে।

বৰদান:
শুভ ভাৱনা, শুভ কামনাৰ সহযোগেৰে আত্মাসকলক পৰিৱৰ্তন কৰোঁতা সফলতা সম্পন্ন হোৱা

যেতিয়া কোনো কাৰ্যত সকলো ব্ৰাহ্মণ সন্তানে সংগঠিত ৰূপত নিজৰ মনৰ শুভ ভাৱনা আৰু শুভ কামনাৰ সহযোগ দিয়ে তেতিয়া এই সহযোগেৰে বায়ুমণ্ডলৰ দুৰ্গ তৈয়াৰ হৈ যায় যিয়ে আত্মাসকলক পৰিৱৰ্তন কৰি দিয়ে। যেনেকৈ পাঁচটা আঙুলিৰ সহযোগেৰে কিমান ডাঙৰ কাৰ্য সহজ হৈ যায়, তেনেকৈ প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ সহযোগে সেৱাত সফলতা সম্পন্ন কৰি দিয়ে। সহযোগৰ ফলাফল হৈছে সফলতা।
 

স্লোগান:
খোজে প্ৰতি পদমৰ উপাৰ্জন জমা কৰোঁতাজনহে আটাইতকৈ চহকী।