27.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজৰ ওপৰত নিজেই দয়া কৰা, পিতাই যি শ্রীমত দিয়ে সেইমতে চলি থাকা, পিতাৰ শ্রীমত হৈছে - সন্তানসকল, টাইম ৱেষ্ট (সময় নষ্ট) নকৰিবা, সঠিক কাৰ্য কৰা

প্ৰশ্ন:
যিসকল ভাগ্যশালী সন্তান আছে তেওঁলোকৰ মুখ্য ধাৰণা কোনটো হ'ব?

উত্তৰ:
ভাগ্যশালী সন্তানসকলে ৰাতিপুৱা উঠি পিতাক অতি মৰমেৰে স্মৰণ কৰিব। বাবাৰ সৈতে মধুৰ বৰ্তালাপ কৰিব। কেতিয়াও নিজৰ প্ৰতি নিৰ্দয় নহব। তেওঁলোক পাছ উইথ অনাৰ (সন্মানসহকাৰে উত্তীৰ্ণ) হবলৈ পুৰুষাৰ্থ কৰি নিজক ৰজাৰ লায়ক (যোগ্য) কৰি তুলিব।

ওঁম্শান্তি।
সন্তানসকল পিতাৰ সন্মুখত বহি আছে গতিকে এইটো জানা যে আমাৰ বেহদৰ পিতা হয় আৰু আমাক বেহদৰ সুখ দিবৰ কাৰণে শ্রীমত দি আছে। তেওঁৰ কাৰণে গায়নেই কৰা হয় - দয়াশীল, লিবাৰেটৰ (মুক্তিদাতা).. বহুত মহিমা কৰে। পিতাই কয় - কেৱল মহিমাৰো কথা নহয়। পিতাৰতো কৰ্তব্য হয় সন্তানসকলক মত দিয়া। বেহদৰ পিতায়ো মত দিয়ে। উচ্চতকৈও উচ্চ পিতা হয় গতিকে নিশ্চয় তেওঁৰ মতো উচ্চতকৈও উচ্চ হব। মত লওঁতাসকল হৈছে আত্মা, ভাল বা বেয়া কাম আত্মাইহে কৰে। এই সময়ত জগতে ৰাৱণৰ মত পায়। তোমালোক সন্তানসকলে ৰামৰ মত পোৱা। ৰাৱণৰ মতত নিৰ্দয় হৈ ওলোটা কাম কৰে। পিতাই মত দিয়ে সঠিক ভাল কাম কৰা। সকলোতকৈ ভাল কাম হৈছে নিজৰ ওপৰত দয়া কৰা। তোমালোকে জানা যে আমি আত্মাসকল সতোপ্ৰধান আছিলোঁ, বহুত সুখী আছিলোঁ আকৌ ৰাৱণৰ মত পোৱাৰ বাবে তোমালোক তমোপ্ৰধান হৈ গলা। এতিয়া পুনৰ পিতাই মত দিয়ে যে প্ৰথমতে পিতাৰ স্মৃতিত থাকা। এতিয়া নিজৰ ওপৰত দয়া কৰা, এয়া মত দিয়ে। পিতাই দয়া নকৰে। পিতাইতো শ্রীমত দিয়ে যে এইটো এইটো কৰা। নিজৰ ওপৰত নিজেই দয়া কৰা। নিজক আত্মা বুলি বুজি নিজৰ পতিত-পাৱন পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। পিতাই ৰায় দিয়ে, তোমালোক পাৱন কেনেকৈ হবা। পিতাহে পতিতক পাৱন কৰি তোলোঁতা হয়। তেওঁ শ্রীমত দিয়ে। যদিহে তেওঁৰ মতত নচলে তেন্তে নিজৰ ওপৰতে নিৰ্দয় হয়। পিতাই শ্রীমত দিয়ে যে সন্তানসকল টাইম ৱেষ্ট (সময় নষ্ট) নকৰিবা। এইটো পাঠ দৃঢ় কৰি লোৱা যে আমি আত্মা হওঁ। শৰীৰ নিৰ্বাহৰ অৰ্থে লাগিলে ধান্দা (পেছাগত কাম-কাজ) আদি কৰা তথাপি সময় উলিয়াই যুক্তি ৰচা। কাম কৰোঁতে আত্মাৰ বুদ্ধি পিতাৰ ফালে থকা উচিত। যিদৰে প্ৰেমিক-প্ৰেমিকায়ো কামতো কৰে নহয় জানো। দুয়ো ইজন-সিজনৰ প্ৰেমাস্পদ হয়। ইয়াত এনেকুৱা নহয়। তোমালোকে ভক্তি মাৰ্গতো স্মৰণ কৰা। কোনোৱে কয় কেনেকৈ স্মৰণ কৰোঁ? আত্মাৰ, পৰমাত্মাৰ ৰূপ কি, যাক স্মৰণ কৰিম? কিয়নো ভক্তি মাৰ্গততো গোৱা হয় যে পৰমাত্মা নাম-ৰূপৰ পৰা উপৰাম। কিন্তু এনেকুৱা নহয়। এনেকৈ কয়ো যে ভ্ৰুকুটিৰ সোঁমাজত আত্মা ষ্টাৰৰ (তৰাৰ) দৰে আছে তেন্তে আকৌ কিয় কোৱা আত্মা কি, আত্মাক চাব নোৱাৰি। আত্মাতো হৈছেই জনাৰ বস্তু। আত্মাক জানিব পৰা যায়, পৰমাত্মাকো জানিব পৰা যায়। আত্মা অতি সূক্ষ্ম বস্তু। ফায়াৰফ্লাই (জোনাকী পৰুৱা)তকৈও সূক্ষ্ম। শৰীৰৰ পৰা কেনেকৈ ওলাই যায়, গমেই পোৱা নাযায়। আত্মা আছে, সাক্ষাৎকাৰ হয়। আত্মাৰ দৰ্শন হ'ল তাৰ পৰা কি হল। আত্মাতো তৰাৰ দৰে সূক্ষ্ম। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যেনেকুৱা আত্মা, তেনেকুৱা পৰমাত্মাও চল (আত্মা)। কিন্তু পৰমাত্মাক কোৱা হয় - চুপ্ৰিম চল (পৰম আত্মা)। তেওঁ জন্ম-মৰণত নাহে। আত্মাক চুপ্ৰিম বুলি তেতিয়া কোৱা হয় যেতিয়া জন্ম-মৰণ ৰহিত হয়। বাকী মুক্তিধামলৈতো সকলোৱে পবিত্ৰ হৈ যাব লাগে। যিসকলৰ হিৰ-হিৰয়িনৰ (মুখ্য ভাৱৰীয়াৰ) পাৰ্ট (ভূমিকা) আছে তেওঁলোকৰ মাজতো ক্ৰমানুসৰি থাকে। আত্মাসকল ক্ৰমানুসৰিতো হয়েই নহয় জানো। নাটকতো কোনোবা বেছি দৰমহা পোৱা, কোনোবা কম পোৱা থাকে। লক্ষ্মী-নাৰায়ণৰ আত্মাক মনুষ্য আত্মাসকলতকৈ চুপ্ৰিম বুলি কোৱা হব। যদিও পবিত্ৰতো সকলোৱে হয় তথাপি ক্ৰমানুসৰি পাৰ্ট আছে। কোনোবা মহাৰজা, কোনোবা দাসী, কোনোবা প্ৰজা। তোমালোক এক্টৰ্চ (ভাৱৰীয়া) হোৱা। এইটো জানা যে এই দেৱতাসকল ক্ৰমানুসৰি হয়। ভাল পুৰুষাৰ্থ কৰিলে উচ্চ আত্মা হবা, উচ্চ পদ পাবা। তোমালোকৰ স্মৃতি উদয় হৈছে যে আমি কেনেকৈ 84 জন্ম ললোঁ। এতিয়া পিতাৰ ওচৰলৈ যাব লাগে। সন্তানসকলৰ এইটো আনন্দও আছে আৰু নিচাও আছে। সকলোৱে কয় - আমি নৰৰ পৰা নাৰায়ণ বিশ্বৰ মালিক হম। তেনেহলেতো নিশ্চয় এনেকুৱা পুৰুষাৰ্থ কৰিব লাগিব। পুৰুষাৰ্থ অনুযায়ী ক্ৰমানুসৰি পদ পায়। সকলোৰে ক্ৰমানুসৰি পাৰ্ট প্ৰাপ্ত হৈছে। এই ড্ৰামা পূৰ্ব নিৰ্ধাৰিত।

এতিয়া পিতাই তোমালোকক শ্ৰেষ্ঠ মত দিয়ে। যিকোনো প্ৰকাৰেৰে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব, গতিকে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যোৱা। পাপৰ বোজাতো শিৰত বহুত আছে। সেয়া যিকোনো প্ৰকাৰেৰে ইয়াত সমাপ্ত কৰিব লাগে তেতিয়াহে আত্মা পবিত্ৰ হব। তমোপ্ৰধানো তোমালোক আত্মাই হৈছা গতিকে সতোপ্ৰধানো আত্মায়ে হব লাগিব। এই সময়ত সকলোতকৈ বেছি ইনচালভেণ্ট (কঙাল) ভাৰতেই। এই খেলখনেই হৈছে ভাৰতক লৈ। বাকী তেওঁলোকতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। পুনৰ্জন্ম লৈ লৈ অন্তিমত সকলো তমোপ্ৰধান হয়। স্বৰ্গৰ মালিক তোমালোক হোৱা। এইটো জানা যে ভাৰত বহুত উচ্চ দেশ আছিল। এতিয়া কিমান গৰিব, গৰিবকে সকলোৱে সহায় কৰে। প্ৰত্যেক কথাতে ভিক্ষা মাগিয়ে থাকে। আগতেতো বহুত খাদ্য শস্য ইয়াৰ পৰা গৈছিল। এতিয়া গৰিব হৈ গল সেয়েহে ৰিটাৰ্ণ ছাৰ্ভিচ (ওভতাই লোৱাৰ সেৱা) হৈ আছে। যি লৈ গল সেয়া ধাৰত পাই থকা হৈছে। কৃষ্ণ আৰু ক্ৰিষ্টিয়ান (খ্ৰীষ্টিয়ান) ৰাশি একেটাই। খ্ৰীষ্টিয়ানেই ভাৰতক গিলি পেলাইছে। এতিয়া আকৌ ড্ৰামা অনুসৰি তেওঁলোকে পৰস্পৰ যুদ্ধ কৰে, মাখন তোমালোক সন্তানসকলে পাই যোৱা। এনেকুৱা নহয় যে কৃষ্ণৰ মুখত মাখন আছিল। এয়াতো শাস্ত্ৰত লিখি দিছে। গোটেই সৃষ্টি কৃষ্ণৰ হাতলৈ আহি যায়। গোটেই বিশ্বৰ তোমালোক মালিক হোৱা। তোমালোক সন্তানসকলে জানা যে আমি বিশ্বৰ মালিক হওঁগৈ গতিকে তোমালোক কিমান আনন্দিত হোৱা উচিত। তোমালোকৰ খোজে প্ৰতি পদম। কেৱল এযোৰ লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব নাছিল। ডায়নেষ্টী (ৰাজবংশ) আছিল নহয় জানো। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা - সকলোৰে চৰণত পদম থাকে। তাততো গণনাতীত ধন থাকে। ধনৰ কাৰণে কোনো পাপ আদি নকৰে, প্ৰচুৰ ধন থাকে। আল্লাহ অবলদিনৰ খেল দেখুৱায় নহয়। আল্লাহ যি অবলদিন অৰ্থাৎ যিয়ে দেৱী-দেৱতা ধর্ম প্ৰতিষ্ঠা কৰে। চেকেণ্ডত জীৱনমুক্তি দি দিয়ে। চেকেণ্ডত সাক্ষাৎকাৰ হৈ যায়। অপৰিসীম খাজনা দেখুৱায়। মিৰাই সাক্ষাৎকাৰত কৃষ্ণৰ সৈতে নৃত্য কৰিছিল। সেয়া আছিল ভক্তিমাৰ্গ। ইয়াৰ ভক্তিমাৰ্গৰ কথা নাই। তোমালোকেতো বৈকুণ্ঠত প্ৰেক্টিকেলত (বাস্তৱত) গৈ ৰাজত্ব কৰিবা। ভক্তিমাৰ্গত কেৱল সাক্ষাৎকাৰ হয়। এই সময়ত তোমালোক সন্তানসকলৰ এইম-অবজেক্টৰ (লক্ষ্য-উদ্দেশ্যৰ) সাক্ষাৎকাৰ হয়, এইটো জানা যে আমি এয়া হমগৈ। সন্তানসকলে পাহৰি যায় সেয়েহে বেজ দিয়া হয়। এতিয়া আমি বেহদৰ পিতাৰ সন্তান হৈছোঁ। কিমান আনন্দিত হোৱা উচিত। এইটোতো বাৰে বাৰে দৃঢ় কৰি দিয়া উচিত। কিন্তু মায়া অপজিশ্বনত (বিপক্ষে) আছে সেয়েহে সেই আনন্দ উৰি যায়। পিতাক স্মৰণ কৰি থাকিলে তেতিয়া নিচা থাকিব - বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে। আকৌ মায়াই পাহৰাই দিয়ে তেতিয়া কিবা নহয় কিবা বিকৰ্ম হৈ যায়। তোমালোক সন্তানসকলৰ স্মৃতি উদয় হৈছে - আমি 84 জন্ম লৈছোঁ, অন্য কোনেও 84 জন্ম নলয়। এইটোও বুজিব লাগে - যিমান মই স্মৰণ কৰিম সিমান উচ্চ পদ পাম আকৌ আনক নিজৰ সমানকৈও গঢ়ি তুলি লাগে, প্ৰজা তৈয়াৰ কৰিব লাগে। চেৰিটি বিগিনচ্‌ এট্‌ হোম (ঘৰৰ পৰাই কল্যাণ কৰা আৰম্ভ হয়)। তীৰ্থলৈও প্ৰথমে নিজে যায় তাৰপাচত মিত্ৰ-সম্বন্ধীয় আদিকো একেলগে লৈ যায়। গতিকে তোমালোকেও সকলোকে প্ৰেমেৰে বুজোৱা। সকলোৱে নুবুজিব। একেখন ঘৰতে পিতাই বুজিলে সন্তানে নুবুজিব। মাতা-পিতাই যিমানে সন্তানসকলক নকওক যে পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা তথাপিও কথা নুশুনিব। অশান্ত কৰি দিয়ে। যিসকল ইয়াৰ পুলি হব তেওঁলোকহে পুনৰ আহি বুজিব। চোৱা এই ধৰ্মৰ প্ৰতিষ্ঠা কেনেকৈ হয়, অন্য ধৰ্মাৱলম্বীসকলৰ পুলি ৰোপণ কৰা নহয়। তেওঁলোকতো ওপৰৰ পৰা আহে। তেওঁলোকৰ ফলৱাৰ্চসকলো (অনুগামীসকলো) আহি থাকে। এওঁতো (শিৱবাবা) স্থাপনা কৰে আকৌ সকলোকে পাৱন কৰি লৈ যায় সেইবাবে তেওঁক সৎগুৰু লিবাৰেটৰ (মুক্তিদাতা) বুলি কোৱা হয়। সঁচা গুৰু এজনেই। মনুষ্যই কেতিয়াও কাৰো সৎগতি নকৰে। সৎগতি দাতা হয়েই এজন, তেওঁকহে সৎগুৰু বুলি কোৱা হয়। ভাৰতক সঁচা খণ্ড তেৱেঁই কৰি তোলে। ৰাৱণে মিছা খণ্ড কৰি দিয়ে। পিতাৰ বাবেও মিছা, দেৱতাসকলৰ বাবেও মিছা কৈ দিয়ে। সেইবাবে পিতাই কয় হিয়েৰ নো ইভিল (বেয়া নুশুনিবা).... ইয়াক কোৱা হয় বেশ্যালয়। সত্যযুগ হৈছে শিৱালয়। মনুষ্যই বুজি পায় জানো। তেওঁলোকতো নিজৰ মততহে চলে। কিমান হাই-কাজিয়া চলি থাকে। সন্তানে মাকক, স্বামীয়ে স্ত্ৰীক মাৰিবলৈও কুণ্ঠাবোধ নকৰে। এজনে আনজনক কাটি থাকে। সন্তানে যদি দেখে যে পিতাকৰ ওচৰত বহুত ধন আছে, নিদিয়ে তেন্তে মাৰিবলৈও কুণ্ঠাবোধ নকৰে। কেনেকুৱা লেতেৰা সৃষ্টি। এতিয়া তোমালোক কি হৈ আছা। এয়া তোমালোকৰ এইম-অবজেক্ট থিয় হৈ আছে। তোমালোকেতো কেৱল কৈছিলা - হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলা। এনেকৈ কৈছিলা জানো যে বিশ্বৰ মালিক কৰি তোলা। গড ফাদাৰেতো হেভেন (স্বৰ্গ) স্থাপন কৰে তেন্তে আমি হেভেনত কিয় নাই। ৰাৱণে আকৌ তোমালোকক নৰকবাসী কৰি দিয়ে। কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়া বাবে পাহৰি গৈছে। পিতাই কয় - তোমালোক হেভেনৰ মালিক আছিলা। এতিয়া পুনৰ চক্ৰ পৰিক্ৰমা কৰি নৰকৰ মালিক হৈছা। এতিয়া পুনৰ পিতাই তোমালোকক হেভেনৰ মালিক কৰি তোলে। এনেকৈ কয়ো মৰমৰ আত্মাসকল, সন্তানসকল পিতাক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তমোপ্ৰধান হবলৈ আধাকল্প লাগিল, বৰঞ্চ গোটেই কল্প বুলি কব পাৰা কিয়নো কলাতো কম হৈ গৈ থাকে। এই সময়ত কোনো কলা নাই। এনেকৈ কয় - মোৰ নিৰ্গুণীৰ কোনো গুণ নাই, ইয়াৰ অৰ্থ কিমান ক্লীয়াৰ (স্পষ্ট)। ইয়াত আকৌ নিৰ্গুণ বালকৰ সংস্থাও আছে। বালকসকলৰ কোনো গুণ নাই। নহলেতো বালকক মহাত্মাতকৈও উচ্চ বুলি কোৱা হয়, সিহঁতে বিকাৰৰ বিষয়েও গম নাপায়। মহাত্মাসকলতো বিকাৰৰ বিষয়ে জ্ঞাত গতিকে শব্দবোৰো কিমান ভুলকৈ কয়। মায়াই একেবাৰে আনৰাইটিয়াচ (ভ্ৰষ্টাচাৰী) কৰি তোলে। গীতা পঢ়েও, কয়ো যে ভগৱানুবাচ - কাম মহাশত্রু হয়, ই আদি-মধ্য-অন্ত দুখ দিওঁতা হয় তথাপিও পবিত্ৰ হোৱাৰ ক্ষেত্ৰত কিমান বাধাৰ সৃষ্টি কৰে। সন্তানে বিবাহ নকৰিলে কিমান ৰুষ্ট হৈ যায়। পিতাই কয় - তোমালোক সন্তানসকল শ্রীমতত চলিব লাগে। যিসকল ফুল হবলগীয়া নহয়, যিমানে নুবুজোৱা কিয় কেতিয়াও নামানিব। কৰবাত যদি সন্তানে কয় মই বিবাহ নকৰোঁ তেন্তে মাতা-পিতাই কিমান অত্যাচাৰ কৰে।

পিতাই কয় - যেতিয়া জ্ঞান যজ্ঞ ৰচনা কৰোঁ তেতিয়া অনেক প্ৰকাৰৰ বাধা-বিঘিনি আহে। তিনিখোজ ভূমিও নিদিয়ে। তোমালোকে কেৱল পিতাৰ মতত স্মৰণ কৰি পবিত্ৰ হোৱা, অন্য কোনো কষ্ট নাই। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যিদৰে তোমালোক আত্মাসকল এই শৰীৰত অৱতৰিত হোৱা তেনেকৈ পিতাও অৱতৰিত হয়। তেন্তে আকৌ কাছ অৱতাৰ, মৎস্য অৱতাৰ কেনেকৈ হব পাৰে! কিমান গালি দিয়ে। কয় কণত ভগৱান আছে। পিতাই কয় - মোৰ আৰু দেৱতাসকলৰ গ্লানি কৰে। মই আহিবলগীয়া হয়, আহি তোমালোক সন্তানসকলক পুনৰ উত্তৰাধিকাৰ দিওঁ। মই উত্তৰাধিকাৰ দিওঁ, ৰাৱণে অভিশাপ দিয়ে। এয়া খেল। যিয়ে শ্রীমতত নচলে তেন্তে বুজা যায় যে তেওঁৰ ভাগ্য ইমান উচ্চ নহয়। ভাগ্যৱানসকলে ৰাতিপুৱাই উঠি স্মৰণ কৰিব, বাবাৰ সৈতে বাৰ্তালাপ কৰিব। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব। আনন্দৰ পাৰাও উৰ্ধগামী হব। যিসকল পাছ উইথ অনাৰ (সন্মান সহকাৰে উত্তীৰ্ণ) হয় তেওঁলোকহে ৰাজ্য-ভাগ্যৰ লায়ক (যোগ্য) হব পাৰে। কেৱল এযোৰ লক্ষ্মী-নাৰায়ণে ৰাজত্ব নকৰে। ডায়নেষ্টী হয়। এতিয়া পিতাই কয় - তোমালোক কিমান স্বচ্ছ বুদ্ধিৰ হৈ যোৱা। ইয়াক কোৱা হয় সৎসংগ। সৎসংগ এজনৰেই হয়। যিজন পিতাই সঁচা নলেজ (জ্ঞান) দি সঁচাখণ্ডৰ মালিক কৰি তোলে। কল্পৰ সংগমতেই সত্যৰ সংগ পোৱা যায়। স্বৰ্গত কোনো প্ৰকাৰৰ সৎসংগ নাথাকে।

এতিয়া তোমালোক হলা আত্মিক চেলভেশ্বন আৰ্মী (মুক্তি বাহিনী)। তোমালোকেই বিশ্বৰ বৈতৰণী পাৰ হোৱা। তোমালোকক চেলভেজ কৰোঁতা, শ্রীমত দিওঁতা পিতা হয়। তোমালোকৰ মহিমা অতি শ্ৰেষ্ঠ। পিতাৰ মহিমা, ভাৰতৰ মহিমা অপৰমঅপাৰ। তোমালোক সন্তানসকলৰো মহিমা অপৰমঅপাৰ। তোমালোক ব্ৰহ্মাণ্ডৰো আৰু বিশ্বৰো মালিক হোৱা। মইতো কেৱল ব্ৰহ্মাণ্ডৰ মালিক হওঁ। পূজাও তোমালোকৰ ডবল হয়। মইতো দেৱতা নহওঁ যে ডবল পূজা হব। তোমালোকৰ মাজতো ক্ৰমানুসৰি বুজি পায় আৰু আনন্দেৰে আহি পুৰুষাৰ্থ কৰে। পঢ়াত কিমান পাৰ্থক্য আছে। সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব চলে। তাত পৰামৰ্শদাতা নাথাকে। লক্ষ্মী-নাৰায়ণ, যাক ভগৱান-ভগৱতী বুলি কোৱা হয় তেওঁলোকে আকৌ পৰামৰ্শদাতাৰ পৰা ৰায় লব জানো! যেতিয়া পতিত ৰজা হয় তেতিয়া পৰামৰ্শদাতা আদি ৰাখে। এতিয়াতো হৈছে প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মিছে। জ্ঞান, ভক্তি, বৈৰাগ্য। জ্ঞান কেৱল আত্মিক পিতাইহে শিকায় অন্য কোনেও শিকাব নোৱাৰে। পিতাহে পতিত-পাৱন সকলোৰে সৎগতি দাতা হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ স্মৃতিৰ লগতে নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱাও কৰিব লাগে। চেৰিটি বিগিনচ্‌ এট্‌ হোম.. (ঘৰৰ পৰাই কল্যাণ কৰা আৰম্ভ হয়..) সকলোকে মৰমেৰে বুজাব লাগে।

(2) এই পুৰণি সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হব লাগে। হিয়েৰ ন ইভিল, চি ন ইভিল. (বেয়া নুশুনিবা, বেয়া নাচাবা..)। সেই বেহদৰ পিতাৰ সন্তান হওঁ, তেওঁ আমাক অপৰিসীম খাজনা (সম্পত্তি) দিয়ে, এইটো আনন্দত থাকিব লাগে।

বৰদান:
এক চেকেণ্ডৰ বাজীৰে গোটেই কল্পৰ ভাগ্য গঢ়ি তোলোঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা

এই সংগমৰ সময়ে বৰদান প্ৰাপ্ত কৰিছে যি বিচৰা, যেনেকুৱা বিচৰা, যিমান বিচৰা সিমান ভাগ্য গঢ়িব পাৰে কিয়নো ভাগ্য বিধাতা পিতাই ভাগ্য গঢ়াৰ চাবি-কাঠী সন্তানসকলৰ হাতত দিছে। লাষ্টত (শেষত) অহাজনেও ফাষ্টত (তীব্ৰ বেগেৰে) গৈ ফাৰ্ষ্টত (প্ৰথমত) আহিব পাৰে। কেৱল সেৱাৰ বিস্তাৰত নিজৰ স্থিতি চেকেণ্ডত সাৰ স্বৰূপ কৰি তোলাৰ অভ্যাস কৰা। যদি এতিয়াই ডায়ৰেক্সন (নিৰ্দেশনা) পোৱা যে এক চেকেণ্ডত মাষ্টৰ বীজ ৰূপ হৈ যোৱা তেতিয়া যাতে সময় নালাগে। এই এক চেকেণ্ডৰ বাজীৰে গোটেই কল্পৰ ভাগ্য গঢ়িব পাৰা।

স্লোগান:
ডবল সেৱাৰ দ্বাৰা পাৱাৰফুল (শক্তিশালী) বায়ুমণ্ডল গঢ়ি তোলা তেতিয়া প্ৰকৃতি দাসী হৈ যাব।