28.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই বেহদৰ (অসীমৰ) নাটকত তোমালোক ৱণ্ডাৰফুল এক্টৰ (আচৰিত ভাৱৰীয়া) হোৱা, এয়া অনাদি নাটক, ইয়াত একো সলনি হব নোৱাৰে

প্ৰশ্ন:
বুদ্ধিমান, দূৰদৰ্শী সন্তানসকলেহে কোনটো গূঢ় ৰহস্যক বুজিব পাৰে?

উত্তৰ:
মূলবতনকে ধৰি গোটেই ড্ৰামাৰ আদি-মধ্য-অন্তৰ যি গূঢ় ৰহস্য আছে, সেয়া দূৰদৰ্শী সন্তানসকলেহে বুজিব পাৰে, বীজ আৰু বৃক্ষৰ সম্পূৰ্ণ জ্ঞান তেওঁলোকৰ বুদ্ধিত থাকে। তেওঁলোকে জানে - এই বেহদৰ নাটকত মই আত্মা ৰূপী এক্টৰে যি এই চোলা পিন্ধি (শৰীৰ ধাৰণ কৰি) ভূমিকা পালন কৰি আছোঁ, এনেকৈ সত্যযুগৰ পৰা কলিযুগলৈকে ভূমিকা পালন কৰিব লাগিব। কোনো এক্টৰ মাজতে উভতি যাব নোৱাৰে।
 

গীত:
তুনে ৰাত গঁৱাই (তুমি ৰাতি কটালা ..)

ওঁম্শান্তি।
এই গীতটি সন্তানসকলে শুনিলে। এতিয়া ইয়াত কিছুমান শব্দ ৰাইটো (শুদ্ধও) আছে, ৰঙো (ভুলো) আছে। সুখততো স্মৰণ কৰা নহয়। দুখো নিশ্চয় আহিব। দুখ হলে তেতিয়াহে সুখ দিবলৈ পিতা আহিবলগীয়া হব। মৰমৰ সন্তানসকলে জানে, এতিয়া আমি সুখধামৰ কাৰণে পঢ়ি আছোঁ। শান্তিধাম আৰু সুখধাম। প্ৰথমে মুক্তি তাৰপাচত হয় জীৱনমুক্তি। শান্তিধাম হল ঘৰ, তাত কোনো ভূমিকা পালন কৰা নহয়। এক্টৰ্চ (ভাৱৰীয়াসকল) ঘৰলৈ গুচি যায়, তাত কোনো ভূমিকা পালন নকৰে। ভূমিকা ষ্টেজত (মঞ্চত) পালন কৰা হয়। এয়াও ষ্টেজ হয়। যেনেকৈ হদৰ (সীমিত) নাটক থাকে তেনেকৈ এয়া বেহদৰ (অসীমৰ) নাটক। ইয়াৰ আদি-মধ্য-অন্তৰ ৰহস্য পিতাৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। বাস্তৱত এই যাত্ৰা অথবা যুদ্ধ শব্দ কেৱল বুজাবলৈ কামত লগোৱা হয়। বাকী ইয়াত যুদ্ধ আদি একো নাই। যাত্ৰাও শব্দহে। বাকী থাকিল স্মৃতি। স্মৰণ কৰোঁতে কৰোঁতে পবিত্ৰ হৈ যাবাগৈ। এই যাত্ৰাও ইয়াতেই পুৰা হব। কলৈকো যাব নালাগে। সন্তানসকলক বুজোৱা হয় পবিত্ৰ হৈ নিজৰ ঘৰলৈ যাব লাগে। অপৱিত্ৰতো যাব নোৱাৰে। নিজকে আত্মা বুলি বুজিব লাগে। মোৰ; আত্মাত গোটেই চক্ৰৰ ভূমিকা আছে। এতিয়া সেই ভুমিকা পুৰা হল। পিতাই বহুত সহজ ৰায় দিয়ে, মোক স্মৰণ কৰা। বাকী বহিতো ইয়াতেই আছা। কলৈকো নোযোৱা। পিতা আহি কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন (পবিত্ৰ)হৈ যাবাগৈ। কোনো যুদ্ধ নাই। নিজক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তুলিব লাগে। মায়াৰ ওপৰত বিজয়ী হব লাগে। সন্তানসকলে জানে যে এতিয়া 84ৰ চক্ৰ পুৰা হব, ভাৰত সতোপ্ৰধান আছিল। তাত নিশ্চয় মনুষ্যই থাকিব। ধৰণী সলনি হব জানো। এতিয়া তোমালোকে জানা যে আমি সতোপ্ৰধান আছিলোঁ আকৌ তমোপ্ৰধান হলো এতিয়া পুনৰ সতোপ্ৰধান হব লাগে। মনুষ্যই আহ্বানো কৰে যে আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলা। কিন্তু তেওঁ কোন হয়, কেনেকৈ আহে, একো নাজানে। এতিয়া বাবাই তোমালোকক বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিছে। তোমালোকে কিমান উচ্চ পদবী পোৱা। তাৰ গৰিবো ইয়াৰ চহকীতকৈও বহুত উচ্চ। যদিওবা বহুত ডাঙৰ ডাঙৰ ৰজা আছিল, ধন বহুত আছিল কিন্তু হয়তো বিকাৰী নহয় জানো। ইয়াতকৈ তাৰ সাধাৰণ প্ৰজাও বহুত উচ্চ হয়। বাবাই পাৰ্থক্য শুনায়। ৰাৱণৰ ছায়া পৰিলে পতিত হৈ যায়। নিৰ্বিকাৰী দেৱতাসকলৰ আগত নিজক পতিত বুলি কৈ মূৰ দোৱায়গৈ। যতিয়া পিতা ইয়ালৈ আহে তেতিয়া তৎক্ষণাৎ ওপৰলৈ উঠাই দিয়ে। চেকেণ্ডৰ কথা। এতিয়া পিতাই জ্ঞানৰ তৃতীয় নেত্ৰ দিছে। তোমালোক সন্তানসকল দূৰদৰ্শী হৈ যোৱা। তোমালোকৰ বুদ্ধিত ওপৰৰ মূলবতনকে ধৰি গোটেই ড্ৰামাৰ চক্ৰৰ স্মৃতি আছে। যেনেকৈ হদৰ ড্ৰামা চাই আহি শুনাই নহয় - কি কি দেখিলে। বুদ্ধিত সমাহিত হৈ থাকে, যিটো বৰ্ণনা কৰে। আত্মাত সমাহিত কৰি আহে আকৌ আহি ডেলিভাৰী কৰে (বিলাই দিয়ে)। এয়া আকৌ হৈছে বেহদৰ কথা। তোমালোক সন্তানসকলৰ বুদ্ধিত এই বেহদ ড্ৰামাৰ আদি-মধ্য-অন্তৰ ৰহস্য থাকিব লাগে। যি ৰিপিট (পুনৰাবৃত্তি) হৈ থাকে। সেই হদৰ নাটকততো এজন এক্টৰ ওলাই গলে তেতিয়া তেওঁৰ সলনি অন্য এজন আহিব পাৰে। কৰোবাৰ বেমাৰ হলে তেতিয়া তেওঁৰ সলনি আকৌ অন্য এজনক এড কৰি (ভৰ্তি কৰি) দিব। এয়াতো চৈতন্য ড্ৰামা, ইয়াত লেখমানো সালসলনি হব নোৱাৰে। তোমালোক সন্তানসকলে জানা আমি আত্মা হওঁ। এয়া শৰীৰ ৰূপী চোলা, যিটো পিন্ধি আমি বহুৰূপী ভূমিকা পালন কৰোঁ। নাম, ৰূপ, দেশ, ফিচাৰ্চ (চাৰিত্ৰিক বৈশিষ্ট) সলনি হৈ থাকে। এক্টৰে নিজৰ এক্টৰ (কৰ্মকাণ্ডৰ) বিষয়ে গম পায় নহয় জানো। পিতাই সন্তানসকলক এই চক্ৰৰ ৰহস্যতো বুজাই থাকে। সত্যযুগৰ পৰা ধৰি কলিযুগলৈকে আহে আকৌ যায় আকৌ নতুনকৈ আহি ভূমিকা পালন কৰে। ইয়াক ডিটেলত (বিতংকৈ) বুজাবলৈ সময় লাগে। বীজত হওঁতে জ্ঞান আছে তথাপিও বুজাবলৈ সময়তো লাগে নহয় জানো। তোমালোকৰ বুদ্ধিত গোটেই বীজ আৰু বৃক্ষৰ ৰহস্য আছে, সেয়াও যিসকল ভাল বুদ্ধিমান হয়, তেওঁলোকেহে বুজি পায় যে ইয়াৰ বীজ ওপৰত আছে। ইয়াৰ উৎপত্তি, প্ৰতিপালন আৰু সংহাৰ কেনেকৈ হয়, সেইকাৰণে ত্ৰিমূৰ্তিও দেখুৱাইছে। এই বুজনি যি পিতাই দিয়ে, অন্য কোনো মনুষ্যই দিব নোৱাৰে। যেতিয়া ইয়ালৈ আহিব তেতিয়া জানিব সেইকাৰণে তোমালোকে সকলোকে কোৱা ইয়ালৈ আহি বুজা। কোনো কোনো বহুত গোড়া থাকে তেতিয়া কয় মই একো শুনিব নিবিচাৰো। কোনোৱেতো আকৌ শুনেও, কোনোৱে লিটাৰেচাৰ (সাহিত্য) লয়, কোনোৱে নলয়। তোমালোকৰ বুদ্ধি এতিয়া কিমান বিশাল, দূৰদৰ্শী হৈ গৈছে। তিনিও লোকক তোমালোকে জানা, মূলবতন যাক নিৰাকাৰী সৃষ্টি বুলি কোৱা হয়। বাকী সূক্ষ্মবতনৰ একো নাই। কানেক্সন সকলো হৈছে মূলবতন আৰু স্থূলবতনৰ। বাকী সূক্ষ্মবতনতো অলপ সময়ৰ কাৰণে। বাকী আত্মাবিলাক সকলো ওপৰৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। এই বৃক্ষজোপা ক্ৰম অনুসৰি সকলো ধৰ্মৰে হয়। এয়া হল মনুষ্যৰ বৃক্ষ আৰু একেবাৰে এক্যুৰেট (সঠিক)। অলপো অগা-পিছা হব নোৱাৰে। আত্মাসকলো আৰু কোনো বেলেগ স্থানত বহিব নোৱাৰে। আত্মাসকল ব্ৰহ্ম মহাতত্ত্বত থিয় হৈ থাকে, যেনেকৈ তৰাবিলাক আকাশত থিয় হৈ থাকে। এই তৰাবিলাকতো দূৰৈৰ পৰা সৰু সৰু দেখিবলৈ পোৱা যায়। হওতেতো ডাঙৰ। কিন্তু আত্মাতো সৰু ডাঙৰ নহয় আৰু বিনাশো নহয়। তোমালোক গল্ডেন এজত (সোণালী যুগত) যোৱা আকৌ আইৰণ এজত (লৌহ যুগত) আহা। সন্তানসকলে জানে যে আমি গল্ডেন এজত আছিলোঁ, এতিয়া আইৰণ এজত আহি গলোঁ। কোনো ভেল্যু (মূল্য) নাথাকিল। লাগিলে মায়াৰ জাকজমকতা যিমানেই নহওঁক কিন্তু এয়া হল ৰাৱণৰ গল্ডেন এজ, সেয়া হল ঈশ্বৰীয় গল্ডেন এজ।

মনুষ্যই কৈ থাকে - 6-7 বছৰত ইমান শস্য উৎপাদন হব, ইমান কৈ থাকে যে কথাই নুসুধিবা। চোৱা তেওঁলোকৰ প্লেন (পৰিকল্পনা) কি আৰু তোমালোক সন্তানসকলৰ প্লেন কি? পিতাই কয় - মোৰ প্লেন হল পুৰণিক নতুন কৰি গঢ়ি তোলা। তোমালোকৰ একেই প্লেন। জানা যে পিতাৰ শ্ৰীমতেৰে আমি নিজৰ উত্তৰাধিকাৰ লৈ আছোঁ। বাবাই ৰাস্তা দেখুৱায়, শ্ৰীমত দিয়ে, স্মৃতিত থকাৰ মত দিয়ে। মত শব্দটিতো আছে নহয় জানো। সংস্কৃত শব্দটো পিতাই নকয়। পিতাইতো হিন্দীতেই বুজাই থাকে। ভাষাটো অনেক আছে নহয় জানো। ইণ্টাপ্ৰিটেৰো (অনুবাদকো) থাকে, যিয়ে শুনি আকৌ শুনায়। হিন্দী আৰু ইংৰাজীতো বহুতে জানে। পঢ়ে। বাকী ঘৰত থকা মাতাসকলে ইমান নপঢ়ে। আজিকালি বিলাতত গৈ ইংৰাজী শিকে তেতিয়া আকৌ ইয়ালৈ আহিলেও ইংৰাজী কৈ থাকে। হিন্দী কবই নোৱাৰে। ঘৰলৈ আহি মাকৰ সৈতে ইংৰাজীত কথা কবলৈ লাগি যায়। তেওঁ বেচেৰী বিবুদ্ধিত পৰে মই কি জানো ইংৰাজীৰ কথা। তেতিয়া তেওঁলোকে আধাফুটা হিন্দী শিকবলগীয়া হয়। সত্যযুগততো এক ৰাজ্য এক ভাষা আছিল, যিটো এতিয়া পুনৰ স্থাপন কৰি আছে। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে সেয়া বুদ্ধিত থাকিব লাগে। এতিয়া এজন পিতাৰহে স্মৃতিত থাকিব লাগে। ইয়াত তোমালোকে ভাল আজৰি সময় পোৱা। পুৱাতে স্নান আদি কৰি বাহিৰত ফুৰা-চকা কৰিলে বহুত ভাল লাগে, অন্তৰত এইটোৱে স্মৃতি থাকিব লাগে যে আমি সকলো এক্টৰ হওঁ। এইটোও এতিয়া স্মৃতিত উদয় হৈছে। বাবাই আমাক 84ৰ চক্ৰৰ ৰহস্য শুনাইছে। আমি সতোপ্ৰধান আছিলোঁ এইটো বৰ আনন্দৰ কথা। মনুষ্যই ঘূৰে-ফুৰে, তেওঁলোকৰ একো উপাৰ্জন নহয়। তোমালোকেতো বহুত উপাৰ্জন কৰা। বুদ্ধিত চক্ৰৰো স্মৃতি থাকিব লাগে আৰু পিতাকো স্মৰণ কৰি থাকা। বাবাই বহুত ভাল ভাল উপাৰ্জন কৰাৰ যুক্তি শুনায়। যিসকল সন্তানে জ্ঞানৰ বিচাৰ সাগৰ মন্থন নকৰে তেওঁলোকৰ বুদ্ধিত মায়াই বেমেজালিৰ সৃষ্টি কৰে। তেওঁলোককেই মায়াই হায়ৰাণ কৰে। অন্তৰত এইটো বিচাৰ কৰা যে আমি এই চক্ৰ কেনেকৈ পৰিক্ৰমা কৰিলোঁ। সত্যযুগত ইমান জন্ম ললোঁ আকৌ তললৈ নামি আহিলোঁ। এতিয়া আকৌ সতোপ্ৰধান হব লাগে। বাবাই কৈছে - মোক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। চলোঁতে-ফুৰোঁতে বুদ্ধিত স্মৃতি থাকিলে তেতিয়া মায়াৰ বেমেজালি সমাপ্ত হৈ যাব। তোমালোকৰ বহুত লাভ হব। লাগিলে স্ত্ৰী-পুৰুষ একেলগে যোৱা। প্ৰত্যেকেই নিজৰ ফালৰ পৰা পুৰুষাৰ্থ কৰিব লাগে, নিজৰ উচ্চ পদ পাবলৈ। অকলে গলেতো বহুতেই মজা। নিজৰেই মস্তিত থাকিব। বেলেগ লগত থাকিলে তেতিয়াও বুদ্ধি ইফালে সিফালে যাব। হওঁতে বহুত সহজ, বাগিচা আদিতো সকলো স্থান আছে, ইঞ্জিনিয়াৰ হলে তেতিয়া তেওঁৰ এইটোৱে বুদ্ধিত চিন্তন চলি থাকিব যে ইয়াত দলং তৈয়াৰ কৰিব লাগিব, এইটো কৰিব লাগিব। বুদ্ধিত প্লেন আহি যায়। তোমালোকেও ঘৰত থাকা তথাপিও বুদ্ধি যাতে সেইফালে যুক্ত হৈ থাকে। এইটো অভ্যাস কৰি লোৱা তেতিয়া তোমালোকৰ ভিতৰত এইটোৱে চিন্তন চলি থাকিব। পঢ়িবও লাগে, ধাণ্ডা (পেছাগত কাম-কাজ) আদিও কৰিব লাগে। বুঢ়া, ডেকা, শিশু আদি সকলো পাৱন হব লাগে। আত্মাৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। শিশুসকলৰো সৰুতেই এইটো বীজ ৰোপণ হৈ গলেতো বহুত ভাল। আধ্যাত্মিক বিদ্যা আৰু কোনেও শিকাব নোৱাৰে।

তোমালোকৰ এয়া যি আধ্যাত্মিক বিদ্যা আছে, এয়া তোমালোকক পিতাহে আহি পঢ়ায়। সেই স্কুলবোৰত পাৰ্থিৱ বিদ্যা পোৱা যায়। আৰু সেয়া হল শাস্ত্ৰৰ বিদ্যা। এয়া আকৌ আত্মিক বিদ্যা, যিটো তোমালোকক ভগৱানে শিকায়। ইয়াৰ বিষয়ে কোনেও নাজানে। ইয়াক কোৱাই হয় স্প্ৰিচুৱেল নলেজ (আধ্যাত্মিক জ্ঞান)। যি জ্ঞান আত্মা আহি পঢ়ায়, তাৰ আৰু কোনো নাম ৰাখিব নোৱাৰি। এয়াতো স্বয়ং পিতা আহি পঢ়ায়। ভগৱানুবাচ (ভগৱানৰ বাণী) নহয় জানো। ভগৱান এবাৰেই এই সময়ত আহি বুজায়, ইয়াক আত্মিক জ্ঞান বুলি কোৱা হয়। সেই শাস্ত্ৰবোৰৰ বিদ্যা বেলেগ। তোমালোকে জানা যে নলেজ এক হল পাৰ্থিৱ কলেজ আদিৰ, দ্বিতীয়তে হল আধ্যাত্মিক শাস্ত্ৰবোৰৰ বিদ্যা, তৃতীয়তে হল এই আত্মিক নলেজ। তেওঁলোক লাগিলে যিমানেই ডাঙৰ ডাঙৰ ডাক্তৰ অফ্‌ ফিলচফী নহওক কিন্তু তেওঁলোকৰ ওচৰতো শাস্ত্ৰবোৰৰ কথাহে আছে। তোমালোকৰ এই নলেজ একেবাৰে বেলেগ। এই স্প্ৰিচুৱেল নলেজ যিজন স্প্ৰিচুৱেল ফাদাৰ সকলো আত্মাৰ পিতা, তেওঁ পঢ়ায়। তেওঁৰ মহিমা হল শান্তি, সুখৰ সাগৰ । শ্ৰীকৃষ্ণৰ মহিমা একেবাৰে বেলেগ, গুণ-অৱগুণ মনুষ্যৰ থাকে, যিবোৰ শুনাই থাকে। পিতাৰ মহিমাও যথাৰ্থ ৰীতি তোমালোকে জানা। তেওঁলোকেতো মাত্ৰ ভাটৌৰ দৰে গাই থাকে, অৰ্থ একো নাজানে। সেয়েহে সন্তানসকলক বাবাই ৰায় দিয়ে নিজৰ উন্নতি কেনেকৈ কৰিবা। পুৰুষাৰ্থ কৰি থাকিলে তেতিয়া আকৌ পৰিপক্ক হৈ গৈ থাকিবা তেতিয়া অফিচত কাম কৰাৰ সময়তো এইটো স্মৃতি আহিব, ঈশ্বৰৰ স্মৃতি থাকিব। মায়াৰ স্মৃতিতো আধাকল্প চলি আহিছে, এতিয়া পিতাই যথাৰ্থ ৰীতি বহি বুজায়। নিজকে চোৱা - মই কি আছিলোঁ, এতিয়া কি হৈ গলোঁ! পুনৰ বাবাই আমাক এনেকুৱা দেৱতা কৰি গঢ়ি তোলে। এয়াও তোমালোক সন্তানসকলেহে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। পোন প্ৰথমে ভাৰতেই আছিল। ভাৰততেই পিতাও ভূমিকা পালন কৰিবলৈ আহে। তোমালোকো আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ নোহোৱা জানো। তোমালোক পবিত্ৰ হব লাগে, নহলে শেষৰ ফালে আহিবা, তেতিয়া কি সুখ পাবা। যদি ভক্তি বেছিকৈ কৰা নাই তেন্তে নাহিব। বুজা যাব যে এওঁ ইমান ধাৰণ কৰিব পৰাবিধৰ নহয়। বুজিবতো পাৰি নহয় জানো। বহুত পৰিশ্ৰম কৰে তথাপিও কোনোবা বিৰলজনহে ওলায় কিন্তু ভাগৰিব নালাগে। পৰিশ্ৰমতো কৰিবই লাগিব। পৰিশ্ৰম অবিহনে কিবা পায় জানো। প্ৰজাতো তৈয়াৰ হৈ থাকে।

বাবাই সন্তানসকলক উন্নতিৰ কাৰণে যুক্তি (উপায়) শুনায় - সন্তানসকল, নিজৰ উন্নতি কৰিবলৈ হলে পুৱাতে স্নান আদি কৰি একান্তত গৈ চক্ৰ লগোৱা বা বহি যোৱা। স্বাস্থ্যৰ কাৰণে খোজকঢ়াও ভাল। বাবাও স্মৃতিত আহিব আৰু ড্ৰামাৰ ৰহস্যও বুদ্ধিত থাকিব, কিমান উপাৰ্জন আছে। এয়া হল প্ৰকৃত উপাৰ্জন, সেই উপাৰ্জন পুৰা হোৱাৰ পাচত এই উপাৰ্জনৰ চিন্তা কৰা। ডিফিকাল্ট (কঠিনতা) একো নাই। বাবাই দেখিছে গোটেই জীৱন কাহিনী লিখে - আজি ইমান বজাত উঠিলোঁ, পাচত এইটো কৰিলোঁ ভাবে পাচৰ চামে পঢ়ি শিকিব। ডাঙৰ ডাঙৰ মনুষ্যৰ বায়গ্ৰাফী (জীৱন বৃত্তান্ত) নপঢ়ে জানো। সন্তানসকলৰ কাৰণে লিখে তেতিয়া সন্তানসকলো ঘৰত এনেকুৱা ভাল স্বভাৱৰ হয়। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি সতোপ্ৰধান হব লাগে। সতোপ্ৰধান সৃষ্টিৰ আকৌ ৰাজ্য লব লাগে। তোমালোকে জানা যে কল্পই কল্পই আমি ৰাজ্য লওঁ আকৌ পাচত হেৰুৱাওঁ। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ আছে। এয়া হল নতুন সৃষ্টি, নতুন ধৰ্মৰ কাৰণে নতুন নলেজ, সেইকাৰণে মৰমৰ সন্তানসকলক তথাপিও বুজায় - সোনকালে সোনকালে পুৰুষাৰ্থ কৰা। শৰীৰৰ ওপৰত ভৰসা আছে জানো। আজিকালি মৃত্যু বহুত ইজি (সহজ) হৈ গল। তাত অমৰলোকত এনেকৈ মৃত্যু কেতিয়াও নহয়, ইয়াততো বহি থাকোতেই কেনেকৈ মৰি যায় সেইকাৰণে নিজৰ পুৰুষাৰ্থ কৰি থাকা। জমা কৰি থাকা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বুদ্ধিক জ্ঞান চিন্তনত বিজী (ব্যস্ত) কৰি ৰখাৰ অভ্যাস কৰিব লাগে। যেতিয়াই সময় পোৱা একান্তত গৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। পিতাক স্মৰণ কৰি সঁচা উপাৰ্জন জমা কৰিব লাগে।

(2) দূৰদৰ্শী হৈ এই বেহদৰ (অসীমৰ) নাটকক যথাৰ্থ ৰীতি বুজিব লাগে। সকলো পাৰ্টধাৰীৰ পাৰ্টক সাক্ষী হৈ চাব লাগে।
 

বৰদান:
মাষ্টৰ জ্ঞান সাগৰ হৈ পুতলাৰ খেল সমাপ্ত কৰোঁতা স্মৃতি তথা সমৰ্থ স্বৰূপ হোৱা

যেনেকৈ ভক্তি মাৰ্গত মূৰ্তি সাজি পূজা আদি কৰে, পাচত সেয়া ডুবাই দিয়ে যাক তোমালোকে পুতলাৰ পূজা বুলি কোৱা তেনেকৈ তোমালোকৰ আগতো যেতিয়া কোনো নিৰ্জীৱ, অসাৰ কথা, ঈৰ্ষা, অনুমান, আৱেশ আদি আহে আৰু তোমালোকে সেয়া বিস্তাৰ কৰি অনুভৱ কৰা বা কৰোৱা যে এইটোৱেই সত্য, গতিকে এয়াও যেন তাত প্ৰাণ ভৰাই দিয়া হল। তেতিয়া সেয়া জ্ঞান সাগৰ পিতাৰ স্মৃতিৰে, যি হল হৈ গল বুলি ধৰি, স্ব-উন্নতিৰ লহৰত (ঢৌত) ডুবাইও দিয়া কিন্তু ইয়াতো সময়তো ৱেষ্ট (নষ্ট) হৈ যায় নহয় জানো, সেইকাৰণে প্ৰথমৰ পৰাই মাষ্টৰ জ্ঞান সাগৰ হৈ স্মৃতি তথা সমৰ্থ হোৱাৰ বৰদানেৰে এই পুতলাৰ খেলক সমাপ্ত কৰা।

স্লোগান:
যি সময়ত সহযোগী হয় তেওঁ একৰ বিপৰীতে পদমগুণ ফল পাই যায়।