29.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পোন-প্ৰথমে সকলোকে পিতাৰ প্ৰকৃত পৰিচয় দি গীতাৰ ভগৱানক সিদ্ধ কৰা তেতিয়া তোমালোকৰ নাম প্ৰসিদ্ধ হ'ব

প্ৰশ্ন:
তোমালোক সন্তানসকলে চাৰিওটি যুগত চক্ৰ পৰিক্ৰমা কৰিলা, তাৰ লোকাচাৰ ভক্তি মাৰ্গত প্ৰচলিত হৈ আছে, সেয়া কোনটো?

উত্তৰ:
তোমালোকে চাৰিওটি যুগত চক্ৰ পৰিক্ৰমা কৰিলা তেওঁলোকে আকৌ সকলো শাস্ত্ৰ, চিত্ৰ আদিক গাড়ীত ৰাখি চাৰিওফালে পৰিক্ৰমা লগায়। আকৌ ঘৰত আহি শুৱাই দিয়ে। তোমালোক ব্ৰাহ্মণ, দেৱতা ক্ষত্ৰিয়........হোৱা। এই চক্ৰৰ সলনি তেওঁলোকে পৰিক্ৰমা কৰোৱা আৰম্ভ কৰিলে। এয়াও লোকাচাৰ।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, যেতিয়া কাৰোবাক বুজোৱা তেতিয়া প্ৰথমে এইটো ক্লীয়াৰ (স্পষ্ট) কৰি দিয়া যে পিতা এজন, সুধিব নালাগে যে পিতা এজন নে অনেক। এনেয়েতো আকৌ অনেক বুলি কৈ দিব। ক'বই লাগে যে পিতা ৰচয়িতা গড্ ফাদাৰ এজন। তেওঁ সকলো আত্মাৰ পিতা। পোন-প্ৰথমে এনেকৈও ক'ব নালাগে যে তেওঁ বিন্দু স্বৰূপ হয়, এনেকৈ কলে আকৌ বিবুদ্ধিত হৈ যাব। পোন-প্ৰথমেতো এইটো ভালদৰে বুজোৱা যে দুজন পিতা আছে - লৌকিক আৰু পাৰলৌকিক। লৌকিকতো প্ৰত্যেকৰে থাকেই কিন্তু তেওঁক কোনোবাই খোদা, কোনোৱে গড্ বুলি কয়। হওতে এজনেই। সকলোৱে এজনকেই স্মৰণ কৰে। পোন-প্ৰথমে এইটো দৃঢ় নিশ্চয় কৰোৱা যে ফাদাৰ হৈছে স্বৰ্গৰ ৰচনা কৰোঁতা। তেওঁ ইয়ালৈ আহিব স্বৰ্গৰ মালিক কৰি তুলিবলৈ, যাক শিৱজয়ন্তী বুলিও কোৱা হয়। এইটোও তোমালোক সন্তানসকলে জানা যে স্বৰ্গৰ ৰচয়িতাই ভাৰততেই স্বৰ্গ ৰচনা কৰে য'ত দেৱী-দেৱতাসকলৰহে ৰাজত্ব হয়। গতিকে পোন-প্ৰথমে পিতাৰহে পৰিচয় দিব লাগে। তেওঁৰ নাম হৈছে শিৱ। গীতাত ভগৱানুবাচ (ভগৱানৰ বাণী) আছে নহয় জানো। পোন-প্ৰথমেতো এইটো নিশ্চয় কৰোৱাই লিখাই ল'ব লাগে। গীতাত আছে ভগৱানুবাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ অৰ্থাৎ নৰৰ পৰা নাৰায়ণ কৰি গঢ়ি তোলোঁ। এনেকৈ কোনে গঢ়ি তুলিব পাৰে? নিশ্চয় বুজাবলগীয়া হয়। ভগৱান কোন হয় আকৌ এইটোও বুজাবলগীয়া হয়। সত্যযুগত প্ৰথম নম্বৰত যি লক্ষ্মী-নাৰায়ণ আছে, নিশ্চয় তেওঁলোকেই 84 জন্ম লয়। পাচলৈ আকৌ অন্য ধৰ্মাৱলম্বীসকল আহে। তেওঁলোকৰ ইমান জন্ম হ'ব নোৱাৰে। প্ৰথমে অহাসকলৰহে 84 জন্ম হয়। সত্যযুগততো একো নিশিকে। নিশ্চয় সংগমতেই শিকে। গতিকে পোন-প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। যেনেকৈ আত্মাক দেখা পোৱা নাযায়, বুজিব পাৰি, তেনেকৈ পৰমাত্মাকো দেখা পোৱা নাযায়। বুদ্ধিৰে বুজি পোৱা যায় তেওঁ আমাৰ; আত্মাসকলৰ পিতা হয়। তেওঁক কোৱা হয় পৰম আত্মা। তেওঁ সদায় পাৱন। তেওঁ আহি পতিত সৃষ্টিক পাৱন কৰি তুলিবলগীয়া হয়। গতিকে প্ৰথমতে পিতা এজন, এইটো সিদ্ধ কৰি ক'লে গীতাৰ ভগৱান কৃষ্ণ নহয়, সেইটোও সিদ্ধ হৈ যাব। তোমালোক সন্তানসকলে সিদ্ধ কৰি ক'ব লাগে, এজন পিতাকেই ট্ৰুথ (সত্য) বুলি কোৱা হয়। বাকী কৰ্মকাণ্ড বা তীৰ্থ আদিৰ কথাবোৰ সকলো ভক্তিৰ শাস্ত্ৰবোৰত আছে। জ্ঞানততো ইয়াৰ কোনো বৰ্ণনাই নাই। ইয়াত কোনো শাস্ত্ৰ নাই। পিতা আহি সকলো ৰহস্য বুজায়। পোন-প্ৰথমে তোমালোক সন্তানসকলে এইটো কথাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবা যে ভগৱান এজন নিৰাকাৰ হয়, সাকাৰ নহয়। পৰমপিতা পৰমাত্মা শিৱ ভগৱানুবাচ, জ্ঞানৰ সাগৰ সকলোৰে পিতা তেওঁ হয়। শ্ৰীকৃষ্ণতো সকলোৰে পিতা হ'ব নোৱাৰে তেওঁ কাকো ক'ব নোৱাৰে যে দেহৰ সকলো ধৰ্ম এৰি মামেকম্ স্মৰণ কৰা। হওতে বহুত সহজ কথা। কিন্তু মনুষ্যই শাস্ত্ৰ আদি পঢ়ি, ভক্তিত পৰিপক্ক হৈ গৈছে। আজিকালি শাস্ত্ৰ আদি গাড়ীত ৰাখি পৰিক্ৰমা কৰোৱায়। চিত্ৰক, গ্ৰন্থকো পৰিক্ৰমা কৰোৱায় আকৌ ঘৰলৈ আনি শুৱাই দিয়ে। এতিয়া তোমালোক সন্তানসকলে জানা আমি দেৱতাৰ পৰা ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হওঁ, এইটো চক্ৰ পৰিক্ৰমা কৰোঁ। চক্ৰৰ সলনি তেওঁলোকে আকৌ পৰিক্ৰমা কৰোৱাই ঘৰত গৈ ৰাখি থয়‌। তেওঁলোকৰ এটা নিদিষ্ট দিন থাকে, যেতিয়া পৰিক্ৰমা কৰোৱায়। গতিকে পোন-প্ৰথমে এইটো সিদ্ধ কৰি ক'ব লাগে যে শ্ৰীকৃষ্ণ ভগৱানুবাচ নহয় শিৱ ভগৱানুৱাচ। শিৱহে পুনৰ্জন্ম ৰহিত হয়। তেওঁ নিশ্চয় আহে, কিন্তু তেওঁৰ জন্ম দিব্য হয়। ভাগীৰথত আহি আৰোহী হয়। পতিতসকলক আহি পাৱন কৰি তোলে। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়, যি নলেজ (জ্ঞান) আৰু কোনেও নাজানে। পিতাই নিজে আহি নিজৰ পৰিচয় দিব লাগে। মুখ্য কথা হৈছেই পিতাৰ পৰিচয়। তেওঁ গীতাৰ ভগৱান হয়, এইটো তোমালোকে সিদ্ধ কৰি কলে তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। গতিকে এনেকুৱা পত্ৰিকা ছপাই তাত চিত্ৰ আদিও দি আকৌ এৰোপ্লেনৰ পৰা পেলাই দিব লাগে। পিতাই মুখ্য মুখ্য কথাবোৰ বুজাই থাকে। তোমালোকৰ মুখ্য এটা কথাত বিজয় হলে তেতিয়া বচ তোমালোকে বিজয় প্ৰাপ্ত কৰিলা। এই ক্ষেত্ৰত তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হব, ইয়াক লৈ কোনেও বাদানুবাদ নকৰিব। এয়া অতি ক্লীয়াৰ (স্পষ্ট) কথা। পিতাই কয় - মই সৰ্বব্যাপী কেনেকৈ হ'ব পাৰোঁ। মইতো আহি সন্তানসকলক নলেজ শুনাওঁ। আহ্বানো কৰে - আহি পাৱন কৰি তোলা। ৰচয়িতা আৰু ৰচনাৰ জ্ঞান শুনোৱা। মহিমাও পিতাৰ বেলেগ, কৃষ্ণৰ বেলেগ। এনেকুৱা নহয় যে শিৱবাবা আহি আকৌ কৃষ্ণ বা নাৰায়ণ হয়, 84 জন্মত আহে! নহয় তোমালোকৰ বুদ্ধি এই গোটেই কথাবোৰ বুজোৱাত লাগি থাকিব লাগে। মুখ্য হৈছেই গীতা। ভগৱানুবাচ হয়, তেন্তে নিশ্চয় ভগৱানৰ মুখৰ আৱশ্যক নহয় জানো। ভগৱান হৈছে নিৰাকাৰ। আত্মাই মুখ অবিহনে কেনেকৈ কব। সেইবাবে কয় - মই সাধাৰণ শৰীৰৰ আধাৰ লওঁ। যি প্ৰথমে লক্ষ্মী-নাৰায়ণ হয়, তেওঁলোকেই 84 জন্ম লৈ লৈ অন্তিমত আহে তেতিয়া পুনৰ তেওঁৰেই শৰীৰত আহোঁ। কৃষ্ণৰ বহুত জন্মৰ অন্তত আহোঁ। এনেকৈ বিচাৰ সাগৰ মন্থন কৰা যে কেনেকৈ কাৰোবাক বুজাওঁ। এটা কথাৰেই তোমালোকৰ নাম প্ৰসিদ্ধ হৈ যাব। ৰচিয়তা পিতাক সকলোৱে জানি যাব। তেতিয়া তোমালোকৰ ওচৰলৈ বহুত আহিব। তোমালোকক নিমন্ত্ৰণ দিব যে ইয়ালৈ আহি ভাষণ দিয়ক সেইকাৰণে প্ৰথমতে অলফ্‌ৰ (পৰমপিতাৰ) বিষয়ে সিদ্ধ কৰি বুজোৱা। তোমালোক সন্তানসকলে জানা যে বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। বাবাই প্ৰতি 5 হাজাৰ বছৰৰ পাচত ভাৰততে ভাগ্যশালী ৰথত আহে। এওঁ (ব্ৰহ্মা) হৈছে সৌভাগ্যশালী, যি ৰথত ভগৱান আহি বহে। এয়া জানো সাধাৰণ কথা। ভগৱানে এওঁৰ শৰীৰত বহি সন্তানসকলক বুজায় যে মই বহুত জন্মৰ অন্তত এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। শ্ৰীকৃষ্ণৰ আত্মাৰ ৰথ নহয় জানো। তেওঁ নিজে কৃষ্ণতো নহয়। বহুত জন্মৰ অন্তৰ ৰূপ হয়। প্ৰতিটো জন্মত ফিচাৰ্চ (চাৰিত্ৰিক বৈশিষ্ট্য), অক্যুপেশ্বন (কৰ্তব্য; বৃত্তি) আদি সলনি হৈ থাকে। বহুত জন্মৰ অন্তত যাৰ শৰীৰত প্ৰৱেশ কৰোঁ তেওঁ পুনৰ কৃষ্ণ হয়। সংগমযুগত আহে। আমিও পিতাৰ হৈ পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাই পঢ়াই লগত লৈ যায় অন্য কোনো কষ্টৰ কথা নাই। পিতাই কেৱল কয় মামেকম্‌ স্মৰণ কৰা, সেয়েহে এইটো ভালদৰে বিচাৰ কৰিব লাগে যে কেনেকৈ লিখোঁ। এইটোৱে মুখ্য মিচটেক (ভুল) হয় যাৰ কাৰণেই ভাৰত আনৰাইটিয়াচ (ভ্ৰষ্টাচাৰী), ইৰিলিজিয়াচ (অধৰ্মী), ইনচালভেণ্ট (কঙাল) হৈ গৈছে। পিতা পুনৰ আহি ৰাজযোগ শিকায়। ভাৰতক ৰাইটিয়াচ (শ্ৰেষ্ঠাচাৰী), চালভেণ্ট (চহকী) কৰি তোলে। গোটেই সৃষ্টিক ৰাইটিয়াচ কৰি তোলে। সেই সময়ত গোটেই বিশ্বৰ মালিক তোমালোকেই হোৱা। এনেকৈ কয় নহয় যে উইচ ইউ লং লাইফ্‌ এণ্ড প্ৰচপাৰ্টি (দীৰ্ঘ জীৱন আৰু সমৃদ্ধিৰ কামনা কৰিলোঁ)। বাবাই আৰ্শীবাদ নিদিয়ে যে সদায় জীয়াই থাকা। এনেকৈ সাধুসকলে কয় যে অমৰ হোৱা। তোমালোক সন্তানসকলে বুজি পোৱা যে অমৰতো নিশ্চয় অমৰপুৰীত হব। মৃত্যুলোকত আকৌ অমৰ বুলি কেনেকৈ কব। গতিকে সন্তানসকলে যেতিয়া মিটিং (সভা) আদিৰ আয়োজন কৰে তেতিয়া পিতাৰ পৰা ৰায় বিচাৰে। বাবাই এডভান্স (আগতীয়াকৈ) ৰায় দিয়ে যে সকলোৱে নিজৰ নিজৰ ৰায় লিখি পঠিয়াই দিয়া লাগিলে একত্ৰিত ৰূপতে হওক। ৰায়তো মুৰুলীত লিখিলে সকলোৱে পাব পাৰে। 2-3 হাজাৰ খৰচ বাচি যাব। এই 23 হাজাৰেৰেতো 2-3টা চেণ্টাৰ (সেৱাকেন্দ্ৰ) খুলিব পাৰিবা। চিত্ৰ আদি লৈ গাৱেঁ গাৱেঁ যাব লাগে।

তোমালোক সন্তানসকলৰ সূক্ষ্মবতনৰ কথাবোৰৰ প্ৰতি বেছি ইনট্ৰেষ্ট (আগ্ৰহ) থাকিব নালাগে। ব্ৰহ্মা, বিষ্ণু, শংকৰ আদি চিত্ৰ আছে গতিকে ইয়াৰ ওপৰত অলপ বুজোৱা হয়। মাজত এওঁলোকৰ কিছু ভূমিকা আছে। তোমালোকে জানা, মিলিত হোৱা বাকী অন্য একো নাই সেইকাৰণে সূক্ষ্মবতনৰ কথাবোৰৰ প্ৰতি বেছি ইনট্ৰেষ্ট দেখুওৱা নহয়। ইয়াত আত্মাক আহ্বান কৰা হয়, তেওঁক দেখুওৱা হয়। কোনো কোনোৱে আহি কন্দা কটাও কৰে। কোনোবাই প্ৰেমেৰে মিলিত হয়। কোনোবাই দুখৰে চকুলো বোৱায়। এই সকলোবোৰ ড্ৰামাত ভূমিকা আছে, যাক চিট-চাট (কথাৰ মহলা) বুলি কোৱা হয়। তেওঁলোকেতো ব্ৰাহ্মণৰ শৰীৰত কাৰোবাৰ আত্মাক মাতে আকৌ তেওঁক কাপোৰ আদি পিন্ধায়। এতিয়া সেই শৰীৰতো শেষ হৈ গল, বাকী পিন্ধিব কোনে? তোমালোকৰ ওচৰত সেই লোকাচাৰ নাই। কন্দা কটা কৰাৰতো কথাই নাই। সেয়েহে উচ্চতকৈ উচ্চ হব লাগে, সেয়া কেনেকৈ হম। নিশ্চয় মাজত সংগমযুগ আছে যেতিয়া পবিত্ৰ হয়। তোমালোকে এটা কথা সিদ্ধ কৰিলে তেতিয়া কব এওঁলোকেতো একেবাৰে ঠিক কথা কয়। ভগৱানে জানো কেতিয়াবা মিছা কথা কব পাৰে। পুনৰ বহুতৰে স্নেহো জাগিব, বহুত আহিব। সময়ত সন্তানসকলে সকলো পইণ্ট্‌চো পাই থাকে। অন্তিমত কি কি হব, সেয়াও দেখিবা, যুদ্ধ হব, বোমা পেলাব। প্ৰথমে মৃত্যু সেইফালে হব। ইয়াততো ৰক্তৰ নদী বৈ যাব পুনৰ ঘিউ-গাখীৰৰ নদী বব। প্ৰথমে প্ৰথমে ধোৱা বিদেশৰ পৰা ওলাব। ভয়ো তাতেই। কিমান বৃহৎ বৃহৎ বোমা তৈয়াৰ কৰে। কি কি তাত মিহলি কৰে যে একেবাৰে চহৰকে শেষ কৰি দিয়ে। এইটোও কব লাগে, কোনে স্বৰ্গৰ ৰাজ্য-ভাগ্য স্থাপন কৰিলে। হেভেনলী গড্‌ ফাদাৰ নিশ্চয় সংগমতে আহে। তোমালোকে জানা যে এতিয়া হৈছে সংগম। তোমালোকক মুখ্য কথা বুজোৱা হয় পিতাক স্মৰণ কৰা, যাৰ দ্বাৰা পাপ খণ্ডন হব। ভগৱান যেতিয়া আহিছিল তেতিয়া কৈছিল যে মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোক সতোপ্ৰধান হৈ যাবা। মুক্তিধামলৈ যাবা। পুনৰ আৰম্ভণিৰ পৰা চক্ৰ ৰিপিট (পুনৰাবৃত্তি) হব। ডিটিজি্‌ম (দৈৱী ধৰ্ম), ইছলামিজি্‌ম (ইছলাম ধৰ্ম), বৌদ্ধিজি্‌ম (বৌদ্ধ ধৰ্ম).. তোমালোক ষ্টুডেণ্টসকলৰ (বিৰ্দ্যাথীসকলৰ) বুদ্ধিত এই গোটেই নলেজ থাকিব লাগে নহয় জানো। আনন্দিত হৈ থাকে, আমি কিমান উপাৰ্জন কৰোঁ, এই অমৰকথা অমৰ বাবাই তোমালোকক শুনায়। তোমালোকৰ অনেক নাম ৰাখি দিছে। মুখ্য প্ৰথমে ডিটিজি্‌ম পাচত সকলোৰে বৃদ্ধি হৈ হৈ বৃক্ষ বাঢ়ি যায়। অনেক ধৰ্ম, অনেক মত হৈ যায়। এই এটা ধৰ্ম এক শ্ৰীমতৰে স্থাপনা হয়। দ্বৈতৰ (এটাতকৈ অধিক) কথা নাই। এই আত্মিক নলেজ আত্মিক পিতাই বহি বুজায়। তোমালোক সন্তানসকল আনন্দিত হৈও থাকিব লাগে।

তোমালোকে জানা যে পিতাই আমাক পঢ়ায়, তোমালোকে অনুভৱেৰে কোৱা গতিকে এইটো শুদ্ধ অহংকাৰ থকা উচিত যে ভগৱানে আমাক পঢ়াই আছে আৰু কি লাগে। যিহেতু তোমালোক বিশ্বৰ মালিক হোৱা তেন্তে আনন্দিত হৈ কিয় নাথাকা নে নিশ্চয়ত কিবা সংশয় আছে। পিতাৰ প্ৰতি সংশয় আনিব নালাগে। মায়াই সংশয়ত আনি পাহৰাই দিয়ে। বাবাই বুজাইছে মায়াই দুচকুৰ দ্বাৰা বহুত প্ৰবঞ্চনা কৰে। ভাল বস্তু দেখিলে অন্তৰ প্ৰলোভিত হৈ যাব যে খাওঁ, চকুৰে দেখে তেতিয়া মাৰিবৰ কাৰণে ক্ৰোধ উৎপন্ন হয়। নেদেখিলে তেন্তে মাৰিব কেনেকৈ। চকুৰে দেখে তেতিয়া লোভ, মোহো জাগি উঠে। মুখ্য প্ৰবঞ্চনা কৰোঁতা হৈছে চকু। ইয়াৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিব লাগে। আত্মাই জ্ঞান পায়, তেতিয়া ক্ৰিমিনেল (বিকাৰী) ভাৱ আঁতৰি যায়। এনেকুৱাও নহয় যে চকুৱে উলিয়াই দিব লাগে। তোমালোকেতো ক্ৰিমিনেল আইক (কু-দৃষ্টিক) চিভিল আই (সু-দৃষ্টি) কৰিব লাগে। বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
 

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো নিচা বা আনন্দত থাকিব লাগে যে আমাক ভগৱানে পঢ়ায়। কোনো কথাত সংশয়বুদ্ধিৰ হব নালাগে। শুদ্ধ অহংকাৰ কৰিব লাগে।

(2) সূক্ষ্মবতনৰ কথাত বেছি ইনট্ৰেষ্ট (আগ্ৰহ) ৰাখিব নালাগে। আত্মাক সতোপ্ৰধান কৰি তুলিবৰ কাৰণে পুৰা পুৰুষাৰ্থ কৰিব লাগে। পৰস্পৰ ৰায় কৰি সকলোকে পিতাৰ সঁচা পৰিচয় দিব লাগে।

বৰদান:
সংগমযুগৰ মহত্ত্বক জানি একৰ বিপৰীতে গণনাতীত ৰিটাৰ্ন (প্ৰতিদান) প্ৰাপ্ত কৰোঁতা সৰ্ব প্ৰাপ্তি সম্পন্ন হোৱা

সংগমযুগত বাপদাদাৰ প্ৰতিশ্ৰুতি আছে - এক দিয়া লাখ লোৱা। যিদৰে সৰ্বশ্ৰেষ্ঠ সময়, সৰ্বশ্ৰেষ্ঠ জন্ম, সৰ্বশ্ৰেষ্ঠ টাইটেল (উপাধি) এই সময়ৰ হয় সেইদৰে সৰ্বপ্ৰাপ্তিৰ অনুভৱ এতিয়াহে হয়। এতিয়া একৰ বিপৰীতে কেৱল লাখ গুণেই পোৱা নাযায় কিন্তু যেতিয়াই বিচৰা, যেনেকৈ বিচৰা, যি বিচৰা পিতা ছাৰ্ভেণ্ট (সেৱকৰ) ৰূপত বান্ধ খাই আছে। একৰ বিপৰীতে গণনাতীত বাৰ ৰিটাৰ্ন পোৱা যায় কিয়নো বৰ্তমান সময়ত বৰদাতাই হৈছে তোমালোকৰ। যেতিয়া বীজ তোমালোকৰ হাতত আছে তেন্তে বীজৰ দ্বাৰা যি বিচৰা সেয়া চেকেণ্ডত লৈ সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হ'ব পাৰা।

স্লোগান:
সফলতা সম্পন্ন হবলৈ বিচৰা যদিইজন-সিজনৰ কথাবোৰ স্বীকাৰ কৰি লোৱা আৰু সন্মান দিয়া।