29.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে ৰজা হোৱাৰ বাবে এই ৰাজযোগৰ পাঠ পঢ়া, এয়া হৈছে তোমালোকৰ নতুন পঢ়া

প্ৰশ্ন:
এই পঢ়াত কিছুমান সন্তান আগবাঢ়ি গৈ থাকোঁতে কিয় ফেইল হৈ যায়?

উত্তৰ:
কিয়নো এই পঢ়াত মায়াৰ সৈতে বক্সিং চলে। মায়াৰ বক্সিঙত বুদ্ধিত বহুত জোৰেৰে আঘাত লাগি যায়। আঘাত লগাৰ কাৰণে পিতাৰ সৈতে সত্যতাত নাথাকে। সঁচা সন্তান সদায় সুৰক্ষিত হৈ থাকে।

ওঁম্শান্তি।
সকলো সন্তানৰে এইটো নিশ্চয় আছে যে আমাক আত্মাসকলক পৰমাত্মা পিতাই পঢ়ায়। পাঁচ হাজাৰ বছৰৰ পাছত এবাৰেই বেহদৰ পিতা আহি বেহদৰ সন্তানসকলক পঢ়ায়। কোনো নতুন ব্যক্তিয়ে এই কথাবোৰ শুনিলে বুজিব নোৱাৰিব। আত্মিক পিতা, আত্মিক সন্তাননো কি, এয়াও বুজিব নোৱাৰিব। তোমালোক সন্তানসকলে জানা আমি সকলো ভাই-ভাই। তেওঁ আমাৰ পিতাও, শিক্ষকো আৰু পৰম গুৰুও হয়। তোমালোক সন্তানসকলৰ এইটো নিশ্চয় আপোনাআপুনি স্মৃতিত থাকিব, ইয়াত বহি বুজি পোৱা - সকলো আত্মাৰ এজনেই আত্মিক পিতা আছে। সকলো আত্মাই তেওঁকেই স্মৰণ কৰে। যি ধৰ্মৰেই নহওঁক। সকলো মনুষ্য মাত্ৰেই নিশ্চয় স্মৰণ কৰে। পিতাই বুজাইছে - আত্মাতো সকলোৰে আছে নহয় জানো। এতিয়া পিতাই কয় - দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি ভাবা। এতিয়া তোমালোক আত্মাসকলে ইয়াত ভূমিকা পালন কৰি আছা। কেনেকুৱা ভূমিকা পালন কৰা, সেয়াও বুজোৱা হৈছে। সন্তানসকলেও পুৰুষাৰ্থৰ ক্ৰম অনুসৰিয়েই বুজি পায়। তোমালোক ৰাজযোগী নোহোৱা জানো। পঢ়োঁতা সকলোৱে যোগীয়েই হয়। পঢ়াওঁতা শিক্ষকৰ লগত নিশ্চয় যোগ ৰাখিবলগীয়া হয়। লক্ষ্য-উদ্দেশ্যও গম পায় - এই পঢ়াৰ দ্বাৰা মই অমুক হ'মগৈ। এই পঢ়াতো এটাই, ইয়াক কোৱা হয় ৰজাৰো ৰজা হোৱাৰ পঢ়া। ৰাজযোগ নহয় জানো। সাম্ৰাজ্য প্ৰাপ্ত কৰিবৰ কাৰণে পিতাৰ সৈতে যোগ। অন্য কোনো মনুষ্যই এই ৰাজযোগ কেতিয়াও শিকাব নোৱাৰে। তোমালোকক কোনো মনুষ্যই নিশিকায়। পৰমাত্মাই তোমালোক আত্মাসকলক শিকায়। তোমালোকে আকৌ আনক শিকোৱা। তোমালোকেও নিজক আত্মা বুলি বুজা। আমাক আত্মাসকলক পিতাই শিকায়। এইটো স্মৃতিত নাথাকিলে শক্তি জমা নহয় সেয়েহে বহুতৰে বুদ্ধিত ধাৰণ নহয়। সেই কাৰণে পিতাই সদায় কয় - যোগযুক্ত হোৱা, স্মৃতিৰ যাত্ৰাত থাকি বুজোৱা। আমি ভাই-ভাইক শিকাওঁ। তোমালোক আত্মা, তেওঁ হৈছে সকলোৰে পিতা, শিক্ষক, গুৰু। আত্মাক চাব লাগে। যদিও চেকেণ্ডত জীৱন মুক্তি বুলি গায়ন আছে কিন্তু এই ক্ষেত্ৰত বহুত যত্ন কৰিবলগীয়া হয়। আত্মা-অভিমানী নহ'লে তোমালোকৰ বাণীত বল নাথাকে কিয়নো যেনেকৈ পিতাই বুজায় তেনেকৈ কোনেও বুজাব নোৱাৰে। কিছুমানেতো বহুত ভালদৰে বুজায়। কোন কাঁইট আৰু কোন ফুল - সকলো গম পোৱা যায়, স্কুলত বিদ্যাৰ্থীয়ে পঞম বা ষষ্ঠ শ্ৰেণীলৈ পঢ়ি আকৌ উচ্চ শ্ৰেণীলৈ ট্ৰেন্সফাৰ (স্থানান্তৰ) হয়। ভাল-ভাল বিদ্যাৰ্থী যেতিয়া ট্ৰেন্সফাৰ হয় তেতিয়া অন্য শ্ৰেণীৰ শিক্ষকেও লগে-লগে গম পায়। এইগৰাকী বিদ্যাৰ্থী তীক্ষ্ণ পুৰুষাৰ্থী হয়, এওঁ ভালদৰে পঢ়িছে সেইবাবে শীৰ্ষ নম্বৰত আহিছে। শিক্ষকেতো নিশ্চয় বুজি পায় নহয় জানো। সেয়া হ'ল লৌকিক পঢ়া, ইয়াততো তেনেকুৱা কথা নাই। এয়া হ'ল পাৰলৌকিক পঢ়া। ইয়াততো এনেকৈ নকয়। এওঁ আগতে বহুত ভালদৰে পঢ়ি আহিছে সেয়েহে ভালকৈ পঢ়িছে। নহয়। সেই পৰীক্ষাততো ট্ৰেন্সফাৰ (উত্তীৰ্ণ) হলে তেতিয়া শিক্ষকে বুজিব তেওঁ পঢ়াত যত্ন কৰিছে, সেয়েহে শীৰ্ষস্থান লৈছে। ইয়াততো হৈছেই নতুন পঢ়া, যি আগতে কোনেও পঢ়া নাই। নতুন পঢ়া, নতুন পঢ়াওঁতা। সকলো নতুন। নতুনসকলক পঢ়ায়। তেওঁলোকৰ মাজত যিসকলে ভালদৰে পঢ়ে তেওঁলোকক ভাল পুৰুষাৰ্থী বুলি কোৱা হয়। এয়া হ'ল নতুন সৃষ্টিৰ বাবে নতুন জ্ঞান অন্য কোনো পঢ়াঁওতাতো নাই। যিয়ে যিমান মনোযোগ দিয়ে সিমান উচ্চ স্থান পায়। কিছুমানতো বহুত মধুৰ আজ্ঞাকাৰী হয়। দেখিলেই বুজিব পৰা যায়, এই পঢ়াওঁতাজন বহুত ভাল, এওঁৰ কোনো অৱগুণ নাই। চলন, কথা-বতৰাৰ পৰা বুজা যায়। বাবাই সকলোকে সোধেও - এওঁ কেনেকুৱা পঢ়ায়, এওঁৰ ভিতৰত কোনো ক্ৰুটিতো নাই। এনেকৈ বহুতে কয় যে মোক নোসোধাকৈ বাবাক কেতিয়াও খবৰ নজনাবা। কিছুমানে ভালকৈ পঢ়ায়, কিছুমান তীক্ষ্ণ বুদ্ধিৰ নহয়। মায়াই বহুত প্ৰহাৰ কৰে। এইটো পিতাই জানে, মায়াই এওঁলোকক বহুত প্ৰতাৰণা কৰে। লাগিলে দহ বছৰেই পঢ়াওক কিন্তু মায়া এনেকুৱা শক্তিশালী দেহ-অহংকাৰ আহিল আৰু এওঁ ফাঁচি গল। পিতাই বুজায় - যিসকল শক্তিশালী তেওঁলোকক মায়াই আঘাতপ্ৰাপ্ত কৰে। মায়াইও বলৱানতকৈও বলৱান হৈ যুদ্ধ কৰে।

তোমালোকে জানা বাবাই যাৰ শৰীৰত প্ৰৱেশ কৰিছে এওঁ হৈছে এক নম্বৰ। পিছত ক্ৰম অনুসৰিতো বহুত আছে নহয় জানো। বাবাই দুই-এজনৰ উদাহৰণ দিয়ে। ক্ৰম অনুসৰিতো বহুত আছে। যেনেকৈ দিল্লীত কন্যা গীতা বহুত বিচাৰ বুদ্ধি সম্পন্ন। কন্যাগৰাকী অতি মিঠা। বাবাই সদায় কয় - গীতাতো সঁচাই গীতা। মানুহে সেইখন গীতা পঢ়ে কিন্তু এইটো বুজি নাপায় যে ভগৱানে কেনেকৈ ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তুলিছিল। যথাৰ্থতে যেতিয়া সত্যযুগ আছিল তেতিয়া এটাই ধৰ্ম আছিল, কালিৰ কথা। পিতাই কয় - কালি তোমালোকক ইমান চহকী কৰি গলোঁ। তোমালোক পদমাপদম ভাগ্যশালী আছিলা, এতিয়া তোমালোক কি হৈ গ'লা। তোমালোকে অনুভৱ কৰা নহয় জানো। সেই গীতা শুনাওঁতাসকলৰ পৰা কাৰোবাৰ অনুভৱ হয় জানো, অকণমানো বুজি নাপায়। উচ্চতকৈও উচ্চ বুলি শ্ৰীমদ্ভাগৱত গীতাকেই কোৱা হয়। তেওঁলোকেতো গীতা পুথিখন বহি পঢ়ে বা শুনায়। পিতাইতো পুথি নপঢ়ে। পাৰ্থক্যতো আছে নহয় জানো। তেওঁলোকৰ স্মৃতিৰ যাত্ৰাতো নায়েই। তেওঁলোকতো অৱনমিত হৈয়েই থাকে। চোৱা সৰ্বব্যাপিৰ জ্ঞানৰ দ্বাৰা সকলো কেনেকুৱা হৈ গৈছে। তোমালোকে জানা কল্পই-কল্পই এনেকুৱাই হ'ব। পিতাই কয় - তোমালোকক শিক্ষা দি বিষয় সাগৰৰ পৰা পাৰ কৰি দিওঁ। কিমান পাৰ্থক্য আছে। শাস্ত্ৰ পঢ়াতো ভক্তি মাৰ্গ নহল জানো। পিতাই কয় - এয়া পঢ়িলে মোক কোনেও পাব নোৱাৰে। তেওঁলোকে ভাবে যি মাৰ্গতে নোযোৱা সকলোৱে একে স্থানতেই গৈ উপনীত হ'ব। কেতিয়াবা কয় ভগৱান কিবা নহয় কিবা ৰূপত আহি পঢ়াবহি। যিহেতু পিতা আহি পঢ়াব লাগে তেন্তে আকৌ তোমালোকে কি পঢ়োৱা? পিতাই বুজায় গীতাত আটাত নিমখৰ পৰিমাণৰ দৰে কিছু সত্য কথা আছে, যিবিলাক তোমালোকে ধৰিব পাৰা। সত্যযুগততো কোনো শাস্ত্ৰ আদি নাথাকে। এয়া হৈছেই ভক্তি মাৰ্গৰ শাস্ত্ৰ। এনেকৈ কোৱা নহয় যে এয়া (শাস্ত্ৰ) অনাদি। আদিৰে পৰা চলি আহিছে। নহয়। অনাদিৰ অৰ্থ বুজি নাপায়। পিতাই বুজায় এয়াতো ড্ৰামা অনাদি আছেই। তোমালোকক পিতাই ৰাজযোগ শিকায়। পিতাই কয় - এতিয়া তোমালোকক শিকাওঁ তাৰ পাছত অন্তৰ্ধান হৈ যাওঁ। তোমালোকে ক'বা আমাৰ ৰাজ্য অনাদি আছিল। ৰাজ্য সেইখনেই মাত্ৰ পাৱনৰ সলনি পতিত হোৱাৰ বাবে নাম সলনি হৈ যায়। দেৱতাৰ পৰিৱৰ্তে হিন্দু বুলি কয়। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰেই নহয় জানো। যেনেকৈ অন্যসকল সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোলৈ আহে, তোমালোকো তেনেকৈ অৱনমিত হোৱা। ৰজোলৈ অৱনমিত হোৱা বাবে অপবিত্ৰতাৰ কাৰণে দেৱতাৰ পৰিৱৰ্তে হিন্দু বুলি কোৱা। নহ'লেতো হিন্দু হৈছে হিন্দুস্থানৰ নাম। তোমালোক আচলতে দেৱী-দেৱতা আছিলা নহয় জানো। দেৱতাসকল সদায় পবিত্ৰ। এতিয়াতো মনুষ্য পতিত হৈ গ'ল। সেয়েহে নামো হিন্দু ৰাখি দিছে। সোধাচোন হিন্দু ধৰ্ম কেতিয়া, কোনে প্ৰতিষ্ঠা কৰিলে? তেতিয়া ক'ব নোৱাৰিব। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, যাক পেৰাডাইজ (স্বৰ্গ) আদি বহুত সুন্দৰ-সুন্দৰ নাম দিয়া হৈছে। যি অতীত হৈ গল সেয়া ৰিপিট (পুনৰাবৃত্তি) হ'ব। এই সময়ত তোমালোকে আদিৰ পৰা অন্তলৈকে সকলো জানা। জানি গৈ থাকিলে তেন্তে জীয়াই থাকিবা। কিছুমানতো মৰিও যায়। পিতাৰ হৈছা যেতিয়া মায়াৰ যুদ্ধ চলে। যুদ্ধ হ'লে বিশ্বাসঘাতক হৈ যায়। ৰাৱণৰ আছিল, ৰামৰ হ'ল। আকৌ ৰাৱণে ৰামৰ সন্তানসকলৰ ওপৰত বিজয় প্ৰাপ্ত কৰি নিজৰ ফালে লৈ যায়। কোনো নৰীয়াত পৰে। তেতিয়া সিফালৰো হৈ নাথাকে আৰু ইফালৰো হৈ নাথাকে। আনন্দও নাথাকে, দুখো নাথাকে। মাজতে পৰি থাকে। তোমালোকৰ মাজতো বহুত আছে যি মাজতে আছে। পিতাৰো সম্পূৰ্ণকৈ নহয়, ৰাৱণৰো সম্পূৰ্ণকৈ নহয়।

এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। উত্তম পুৰুষ হ'বলৈ পুৰুষাৰ্থ কৰি আছা। এয়া অতি বুজিবলগীয়া কথা। বাবাই সোধে হাততো বহুত সন্তানে উঠায়। কিন্তু বুজা যায় - বুদ্ধি নাই। যদিও বাবাই এনেকৈ কয় যে শুভ ক'বা। কওঁতেতো সকলোৱে কয় - আমি নৰৰ পৰা নাৰায়ণ হ'ম। কথাই (কাহিনীয়েই) হ'ল নৰৰ পৰা নাৰায়ণ হোৱাৰ। অজ্ঞান কালতো সত্যনাৰায়ণৰ কথা নুশুনে জানো। তাততো কোনেও সুধিব নোৱাৰে। এয়াতো পিতাইহে সোধে। তোমালোকে কি ভাবা - ইমান সাহস আছেনে? তোমালোক পবিত্ৰও নিশ্চয় হ'ব লাগিব। কোনোবা আহিলে সোধা হয় - এই জন্মত কিবা পাপ কৰ্মতো কৰা নাই? জন্ম-জন্মান্তৰৰ পাপীতো হোৱাই। এই জন্মৰ পাপ শুনাই দিলে পাতল (বোজা মুক্ত) হৈ যাবা। নহ'লে ভিতৰি অন্তৰ দহি থাকিব। সঁচা কৈ দিলে বোজা মুক্ত হবা। কিছুমান সন্তানে সঁচা কথা নকয় সেয়েহে মায়াই একদম জোৰেৰে ঘোঁচা লগাই দিয়ে। তোমালোকৰ বক্সিং বহুত কাঢ়া। সেই বক্সিঙত শৰীৰত আঘাত লাগে, ইয়াত বুদ্ধি বেয়াকৈ আঘাত প্ৰাপ্ত হয়। এই বাবাইও জানে। এই ব্ৰহ্মাই কয় - মই বহুত জন্মৰ অন্তিম জন্মত আছোঁ। সকলোতকৈ পবিত্ৰ আছিলোঁ, এতিয়া সকলোতকৈ পতিত। পুনৰাই পবিত্ৰ হওঁ। এনেকৈতো নকওঁ যে মই মহাত্মা হওঁ। পিতাইও জোৰ দিয়ে, এওঁ সকলোতকৈ বেছি পতিত। পিতাই কয় - মই পৰৰ দেশত, পৰৰ শৰীৰত আহোঁ। এওঁ (ব্ৰহ্মা)ৰ বহুত জন্মৰ অন্তত মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ, যিয়ে পুৰা 84 জন্ম লৈছে। এতিয়া এৱোঁ পবিত্ৰ হ'বলৈ পুৰুষাৰ্থ কৰে, বহুত সাৱধানেও থাকিব লাগে। পিতাইতো জানে। এওঁ বাবাৰ অতি সমীপৰ সন্তান। এওঁতো পিতাৰ পৰা কেতিয়াও বিচ্ছেদ হ'ব নোৱাৰে। খেয়ালো আহিব নোৱাৰে যে এৰি যাওঁ। একেবাৰে মোৰ কাষত বহি আছে। মোৰ বাবা নহয় জানো। মোৰ ঘৰত বহি আছে। বাবাই জানে, হাঁহি-ধেমালিও কৰে। বাবা আজি মোক স্নানতো কৰোৱা, ভোজনতো খুওৱা। মই সৰু শিশু, নানা ধৰণে বাবাক স্মৰণ কৰোঁ। তোমালোক সন্তানসকলক বুজাও - এনেকৈ স্মৰণ কৰা। বাবা আপুনিতো বহুত মিঠা। আমাক একেবাৰে বিশ্বৰ মালিক কৰি তোলা। এই কথাবোৰ আন কাৰো বুদ্ধিত উদয় হব নোৱাৰে। পিতাই সকলোকে ৰিফ্ৰেচ (পুনৰুজ্জীৱিত) কৰি থাকে। সকলোৱে পুৰুষাৰ্থতো কৰি থাকে, কিন্তু চলনো তেনেকুৱা হ'ব লাগে। ভুল হ'লে লগে-লগে লিখিব লাগে বাবা, মোৰ দ্বাৰা এইটো ভুল হৈ যায়। কোনো-কোনোৱে লিখেও - বাবা মোৰ এইটো ভুল হ'ল ক্ষমা কৰিব। মোৰ সন্তান হৈ ভুল কৰিলে সেয়া শতগুণ বৃদ্ধি হৈ যায়। মায়াৰ লগত পৰাজিত হ'লে যেনে আছিল তেনে হৈয়েই থাকি যায়। বহুতেই পৰাজিত হয়। এয়া হৈছে কাঢ়া বক্সিং। ৰাম আৰু ৰাৱণৰ যুদ্ধ। এনেকৈ দেখুৱায় যে বান্দৰ সেনা ললে। এয়া সকলো সৰু ল'ৰা-ছোৱালীৰ খেল ৰচি থোৱা আছে। যেনেকৈ সৰু শিশু অবুজ নহয় জানো। পিতাইও কয় - এয়াতো এওঁলোকৰ পাই-পইচাৰ বুদ্ধি। এনেকৈ কয় যে প্ৰত্যেকেই ঈশ্বৰৰ ৰূপ। তেন্তে প্ৰত্যেকেই ঈশ্বৰ হৈ স্ৰজনো কৰে, পালনো কৰে আৰু বিনাশো কৰি দিয়ে। এতিয়া ঈশ্বৰে জানো কাৰোবাক বিনাশ কৰে। এয়াতো কিমান অজ্ঞানতা সেই বাবে কোৱা হয় পুতলাৰ পূজা কৰি থাকে। আচৰিত কথা। মনুষ্যৰ বুদ্ধি কি হৈ যায়। কিমান খৰচ কৰে। পিতাই আপত্তি জনায় মই তোমালোকক ইমান মহান কৰি থৈ গ'লো, তোমালোকে কি কৰিলা! তোমালোকেও জানা আমিয়েই দেৱতা আছিলো পুনৰ চক্ৰ লগাওঁ, এতিয়া আমি ব্ৰাহ্মণ হৈছো। পুনৰাই আমিয়েই দেৱতা....... হ'ম। এয়াতো বুদ্ধিত আছে নহয় জানো। ইয়াত বহি আছা যেতিয়া বুদ্ধিত এই জ্ঞান থাকিব লাগে। পিতাও নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) নহয় জানো। শান্তিধামত থাকে যদিও তেওঁক নলেজফুল বুলি কোৱা হয়। তোমালোক আত্মাসকলৰো গোটেই জ্ঞান থাকে নহয় জানো। কোৱা হয় এই জ্ঞানৰ দ্বাৰাইতো আমাৰ চক্ষু মুকলি হৈ গ'ল। পিতাই তোমালোকক জ্ঞানৰ চক্ষু দিছে। আত্মাই সৃষ্টিৰ আদি, মধ্য, অন্তৰ বিষয়ে জানিলে। চক্ৰ ঘূৰিয়ে থাকে। স্বদৰ্শন চক্ৰ ব্ৰাহ্মণেহে পায়। দেৱতাসকলক পঢ়াওঁতা কোনো নাথাকে। তেওঁলোকৰ শিক্ষাৰ কোনো প্ৰয়োজন নাই। তোমালোকেহে পঢ়িব লাগে যাৰ ফলত তোমালোক দেৱতা হোৱাগৈ। এতিয়া পিতাই বহি এই নতুন-নতুন কথাবোৰ বুজায়। এই নতুন পঢ়া পঢ়ি তোমালোক শ্ৰেষ্ঠ হৈ যোৱা। ফাৰ্ষ্ট চ লাষ্ট, লাষ্ট চ ফাৰ্ষ্ট (প্ৰথমৰ জনেই শেষলৈ অৱনমিত হৈ আকৌ শেষৰ পৰা প্ৰথম হয়)। এয়া পঢ়া নহয় জানো। এতিয়া তোমালোকে বুজি পোৱা বাবাই প্ৰত্যেক কল্পতে আহি পতিতৰ পৰা পাৱন কৰি তোলে, পাছত এই জ্ঞান লোপ হৈ যাব। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বহুত-বহুত আজ্ঞাকাৰী, মিঠা হৈ চলিব লাগে। দেহ-অহংকাৰত আহিব নালাগে। পিতাৰ সন্তান হোৱাৰ পাছত কোনো ভুল কৰিব নালাগে। মায়াৰ বক্সিঙত বহুত সাৱধান হৈ থাকিব লাগে।

(2) নিজৰ বচন (কথা-বতৰা) শক্তিশালী কৰি তুলিবলৈ আত্মা-অভিমানী হৈ থকাৰ অভ্যাস কৰিব লাগে। এইটো যাতে স্মৃতিত থাকে পিতাই যি শিকাইছে সেয়া আমি শুনাই আছো তেতিয়া সেই শিকনিৰ প্ৰভাৱ পৰিব।

বৰদান:
অপবিত্ৰতাৰ অংশ - এলাহ আৰু অমনোযোগীতা ত্যাগ কৰোঁতা সম্পূৰ্ণ নিৰ্বিকাৰী হোৱা

দিনপঞ্জীৰ কোনো কৰ্মত তল-ওপৰ হোৱা, এলাহ অহা বা অমনোযোগী হোৱা - এয়া হৈছে বিকাৰৰ অংশ, যাৰ প্ৰভাৱ পূজনীয় হোৱাত পৰে। যদি অমৃতবেলা নিজকে জাগ্ৰত স্থিতিত অনুভৱ নকৰা, বাধ্যবাধকতাৰে বা অলস হৈ বহা তেতিয়া পূজাৰীয়েও বাধ্যত পৰি বা অলস হৈ পূজা কৰিব। সেয়েহে আলস্য বা অমনোযোগীতাকো ত্যাগ কৰা তেতিয়া সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব পাৰিবা।
 

স্লোগান:
সেৱা নিশ্চয় কৰা কিন্তু ব্যৰ্থত খৰছ নকৰিবা।