30.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোক আত্মিক পাণ্ডা হৈ সকলো ধৰ্মাৱলম্বীকে শান্তিধাম আৰু সুখধামৰ ৰাস্তা দেখুৱাব লাগে, তোমালোক হৈছা সঁচা পাণ্ডা

প্ৰশ্ন:
পিতাৰ স্মৃতিৰে কোনসকল সন্তানৰ পুৰা বল প্ৰাপ্ত হয়?

উত্তৰ:
যিসকল স্মৃতিত থকাৰ লগতে পিতাৰ সৈতে পুৰা অনেষ্ট (সত্যনিষ্ঠ) হৈ থাকে, একো লুকুৱাই নাৰাখে, সঁচা পিতাৰ লগত সঁচা হৈ থাকে, কোনো পাপ নকৰে, তেওঁলোকৰেই স্মৃতিৰ দ্বাৰা বল প্ৰাপ্ত হয়। বহুত সন্তানে ভুল কৰি থাকে, তাৰপাচত কয় ক্ষমা কৰক, বাবাই কয় ক্ষমা কৰা নাযায়। প্ৰত্যেক কৰ্মৰ হিচাপ-নিকাচ আছে।
 

গীত:
হমাৰে তীৰ্থ ন্যাৰে হ্যে..... (আমাৰ তীৰ্থ অনন্য..)

ওঁম্শান্তি।
সন্তানসকলে এই গীতটি শুনিলা, সন্তানসকলৰ নলেজৰ (জ্ঞানৰ) পইণ্টচ চাবৰ কাৰণে যে কেনেকৈ তাৰ অৰ্থ উলিয়ায় তাৰ বাবে এনেকুৱা গীত বাচনি কৰি তাৰপাচত প্ৰতিটো গীতৰ অৰ্থ উলিয়াব লাগে কিয়নো এই গীতবোৰো কাৰেক্ট (শুধৰণি) কৰা হয় নহয় জানো। বাবাই বুজাইছে - বহুত এনেকুৱা ভাল গীত আছে যিবোৰক কেতিয়াবা কোনোবাই চিন্তিত হৈ বহি থাকিলে তেতিয়া এই গীতবোৰে আনন্দিত কৰি তোলাৰ ক্ষেত্ৰত বহুত সহায় কৰিব। এইবোৰ বহুত কামৰ বস্তু হয়। গীত শুনিলে তৎক্ষণাৎ স্মৃতি উদয় হৈ যাব। তোমালোক সন্তানসকলে জানা যে যথাযথ আমি এই ধৰণীৰ লাকী ষ্টাৰ্চ (ভাগ্যৱান তৰা)। আমাৰ এই তীৰ্থ ভক্তিমাৰ্গৰ লোকসকলৰ পৰা একেবাৰে পৃথক। তোমালোক হৈছা পাণ্ডৱ সেনা। সেই তীৰ্থবোৰত পাণ্ডাসকলৰ সেনা থাকে। প্ৰত্যেকটো গ্ৰুপৰ বেলেগ বেলেগ পাণ্ডা থাকে যিয়ে লৈ যায়। তেওঁলোকৰ ওচৰত পঞ্জীয়ন বহী থাকে। সোধে যে কি কুলৰ হোৱা? প্ৰত্যেকে নিজৰ কুলৰ সকলকে লব। কিমান পাণ্ডাই লৈ যায়। তোমালোকো আত্মিক পাণ্ডা হোৱা। তোমালোকৰ নামেই হৈছে পাণ্ডৱ সেনা। পাণ্ডৱসকলৰ ৰাজধানী নাই। পাণ্ডৱ পাণ্ডাক কোৱা হয়। পিতাও বেহদৰ পাণ্ডা হয়। গাইডক (পথ প্ৰদৰ্শকক) পাণ্ডা বুলি কোৱা হব। পাণ্ডাসকলে তীৰ্থলৈ লৈ যায়। পূজাৰীসকলে জানে যে এই পাণ্ডাসকলে যাত্ৰীসকলক লৈ আহিছে। জ্ঞান মাৰ্গতো তোমালোক পাণ্ডা হৈ যোৱা। ইয়াত কতো লৈ যোৱাৰ কথা নাই। ঘৰত বহি থাকিও তোমালোকে কাৰোবাক ৰাস্তা দেখুৱাই দিয়া আকৌ যাক দেখুৱাই দিয়া তেওঁলোকো পাণ্ডা হৈ যায়। ইজন-সিজনক ৰাস্তা দেখুৱাই দিব লাগে- মনামনাভৱ। তোমালোকৰ ভিতৰতো বহুত থাকিব যিসকলে তীৰ্থ দৰ্শন কৰিছে। বুদ্ধিত উদয় হয় বদ্ৰীনাথ, অমৰনাথ কেনেকৈ যাবলগীয়া হয়। পাণ্ডাসকলেও জানে, তোমালোক হৈছা আত্মিক পাণ্ডা। এইটো তোমালোকে নাপাহৰিবা যে আমি পুৰুষোত্তম সংগমযুগী হওঁ। তোমালোক সন্তানসকলৰ এটাই কথা বুদ্ধিত আছে যে আমি মুক্তি-জীৱনমুক্তিৰ পাণ্ডা হওঁ। এনেকুৱা নহয় যে স্বৰ্গৰ কোনোবা বেলেগ পাণ্ডা আছে, মুক্তিৰ বেলেগ। তোমালোকৰ এইটো নিশ্চয় আছে, আমি মুক্তিধামলৈ গৈ পুনৰ নতুন সৃষ্টিত আহিম। তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পাণ্ডা হোৱা। পাণ্ডাও অনেক প্ৰকাৰৰ থাকে। তোমালোক ফাৰ্ষ্টক্লাচ (প্ৰথম শ্ৰেণীৰ) পাণ্ডা, সকলোকে পবিত্ৰতাৰেই ৰাস্তা দেখুৱাই দিয়া। সকলোৱে পবিত্ৰ হৈ থাকিব লাগে। দৃষ্টি সলনি হৈ যায়। তোমালোকে প্ৰতিজ্ঞা কৰিছা যে আমি এজনৰ বাহিৰে অন্য কাকো স্মৰণ নকৰিম। বাবা আমি আপোনাকেই স্মৰণ কৰিম। আপোনাৰ হৈ গলে আমাৰ নাও পাৰ হৈ যায়। ভৱিষ্যতেতো সুখেই সুখ আছে। পিতাই আমাক সুখৰ সমন্ধত লৈ যায়। ইয়াততো দুখেই দুখ। সুখো কাউৰীৰ বিষ্ঠাৰ সমান। তোমালোকে পঢ়াই নতুন সৃষ্টিৰ কাৰণে। তোমালোকে জানা যে মুক্তিধামলৈ গৈ পুনৰ ইয়ালৈ আহিম। ঘৰলৈতো নিশ্চয় যাম। এই যাত্ৰা হৈছে স্মৃতিৰ বলৰ। শান্তিধামকো স্মৰণ কৰিবলগীয়া হয়। পিতাকো স্মৰণ কৰিবলগীয়া হয়। পিতাৰ সৈতে অনেষ্টো (সত্যনিষ্ঠও) হব লাগে। পিতাই কয় - এনেকুৱা নহয় যে মই তোমালোকৰ অন্তৰক জানো। নহয়, তোমালোকে যি এক্ট (কৰ্মকাণ্ড) কৰা তাৰ ওপৰত পিতাই বুজায়। পুৰুষাৰ্থ কৰায়। বাকী তোমালোকে কিবা অবজ্ঞা অথবা পাপ কৰিলে তেতিয়া ইয়াত সোধা হয় - কোনো পাপতো কৰা নাই? বাবাই বুজাইছে দুচকুৱে বহুত প্ৰবঞ্চনা কৰে। এইটোও শুনাব লাগে যে বাবা আজি দুচকুৱে বহুত প্ৰবঞ্চনা কৰিলে। ইয়াততো ভয় থাকে, ঘৰলৈ গলে মোৰ বুদ্ধি চঞ্চল হয়। বাবা এইটো মোৰ বহুত ডাঙৰ ভুল হয়, ক্ষমা কৰক। বাবাই কয় - ইয়াত ক্ষমাৰ কথা নাই, এয়াতো জগতত মনুষ্যই কৰে। কোনোবাই থাপৰ মাৰিলে, বাৰু ক্ষমা বিচাৰিলে, কাম শেষ। এনেকৈ ক্ষমা বিচৰাত জানো পলম হয়। বেয়া কৰ্ম কৰি থাকিবা আৰু কৈ দিলা আই এম চৰী (মই দুঃখিত) এনেকৈ জানো চলিব পাৰে। এয়াতো সকলো জমা হৈ যায়। যিয়েই ওলোটা কৰ্ম কৰা, জমা হয়, যাৰ ভাল বা বেয়া ফল পৰৱৰ্তী জন্মত নিশ্চয় পোৱা যায়। ক্ষমাৰ কথা নাই। যিয়ে যেনেকুৱা কৰে তেনেকুৱা পায়।

বাবাই বাবে বাৰে বুজায় - এটাতো কয় যে কাম মহাশত্ৰু হয়, ই তোমালোকক আদি-মধ্য-অন্ত দুখ দিয়ে। বাবাক কোৱাই হয় পতিত-পাৱন। পতিত বুলি বিকাৰত যোৱাসকলকেই কোৱা হয়। ইয়াত পিতাই বুজায়, ইয়াৰ পৰা আকৌ বাহিৰলৈ গলে তেতিয়া ইমান নিয়মত থাকিব নোৱাৰিলে তেতিয়া উচ্চ পদো পাব নোৱাৰিবা। বাবাই খবৰতো পায় নহয় জানো। ইয়াততো বহুতে ভাল ভাল বুলি কয় আকৌ বাহিৰলৈ গলে ধাৰণা নাথাকে। সত্যযুগততো বিকাৰৰ কথা নাথাকে। এতিয়াতো ভাৰতৰ এই অৱস্থা। তাততো ডাঙৰ ডাঙৰ মহলত থাকে, অপাৰ সুখ থাকে। বাবাই সন্তানসকলৰো সকলো ইনকোৱাৰী (অনুসন্ধান) কৰে, বাবাক খবৰতো দিব লাগে নহয় জানো। কোনোৱেতো মিছাও কয়। বিচাৰ কৰিব লাগে - মই কিমান মিছা কথা কওঁ? এওঁকতো একেবাৰে মিছা কথা কব নালাগে। পিতাতো ট্ৰুথ (সত্য) কৰি তোলোঁতা হয়। তাত মিছা নাথাকে। নাম-চিহ্নই নাথাকে। ইয়াত আকৌ সঁচাৰ নাম-চিহ্ন নাই। পাৰ্থক্যতো থাকে নহয় জানো। পিতাই কয় - এইখন কাঁইটৰ জংঘল। কিন্তু নিজক কাঁইট বুলি ভাবে জানো। পিতাই কয় - কাম কটাৰী চলোৱাতো এয়া সকলোতকৈ ডাঙৰ কাঁইট, ইয়াৰ দ্বাৰাই তোমালোক দুখী হৈছা। বাবাই এতিয়া তোমালোকক অপাৰ সুখ দিবলৈ আহিছে। তোমালোকে জানা যে যথাযথ অপাৰ সুখ আছিল। সত্যযুগক কোৱাই হয় সুখধাম। তাত বেমাৰ আদি নাথাকে। হস্পিতাল (চিকিৎসালয়), জেইল (কাৰাগাৰ) আদি নাথাকে। সত্যযুগত দুখৰ নাম নাই। ত্ৰেতাত দুটা কলা কম হৈ যায় গতিকে কিবা অলপ হয়, তথাপিও হেভেন (স্বৰ্গ) বুলি কোৱা হয় নহয় জানো। পিতাই কয়- তোমালোক সন্তানসকল অপৰিসীম অতীন্দ্ৰিয় সুখত থাকিব লাগে। পঢ়াওঁতাজনকো স্মৰণ কৰিব লাগে, ভগৱান আমাৰ শিক্ষক হয়, শিক্ষককতো সকলোৱে স্মৰণ কৰে। ইয়াত থকা সন্তানসকলৰ কাৰণেতো বহুত সহজ। ইয়াত কোনো বন্ধনতো নাই। একেবাৰে বন্ধনমুক্ত। আৰম্ভণিতে ভাটি তৈয়াৰ হল সেয়েহে বন্ধনমুক্ত হৈ গল। তেওঁলোকৰ একমাত্ৰ চিন্তা আৰু নিচা কেৱল সেৱাৰহে। সেৱা কেনেকৈ বৃদ্ধি কৰা যায়? বাবাই বহুত বুজাই থাকে। বাবাৰ ওচৰলৈ আহে, এমাহ-ডেৰমাহলৈ বহুত উদ্যম থাকে পাচত দেখিবা ঠাণ্ডা হৈ যায়। চেন্টাৰলৈ নাহেই। বাৰু, তেতিয়া কি কৰা উচিত? লিখি সুধিব পাৰা - কিয় নাহা? আমি বুজি লওঁ যে কিজানিবা মায়াই তোমাক প্ৰহাৰ কৰিলে বা কাৰোবাৰ সংগত আৱদ্ধ হৈ গলা বা কিবা বিকৰ্ম কৰিলা, বাগৰি পৰিলা। তথাপিও উঠাবতো লাগে নহয় জানো। পুৰুষাৰ্থ কৰিব লাগে। অন্তৰ জয় কৰিব লাগে। তোমালোকে চিঠি লিখিব পাৰা। বহুতে লাজ পায় তেতিয়া অন্তৰ্ধান হৈ যায়। ইয়াত আহিও যায়, পাচত খবৰ আহে যে ঘৰত বহি গল। এনেকৈ কয় মোৰ ভাল নলগা হৈ গৈছে। কোনোৱে চিঠিতো লিখে - আপোনালোকৰ জ্ঞানতো বহুত ভাল কিন্তু মই পবিত্ৰ হৈ থাকিব নোৱাৰোঁ সেইকাৰণে এৰি দিলোঁ। মোৰ ইমান শক্তি নাই। কেৱল লিখি দিয়ে। বিকাৰক চোৱা কেনেকৈ অৱনতি কৰাই দিয়ে। ইয়াত হাতো উঠায় যে মই সূৰ্যবংশী নৰৰ পৰা নাৰায়ণ হম। এই নলেজ (জ্ঞান) হৈছেই নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱাৰ। বাবাই কয় - গুড় (শিৱবাবা) আৰু গুড়ৰ গোথৰীয়ে (গুড় ৰখা পাত্ৰ অৰ্থাৎ শিৱ বাবাৰ ৰথ ব্ৰহ্মা বাবাই) জানে। এয়া বাবাৰ বেগ (গোথৰী, পাত্ৰ) নহয় জানো। এওঁ ভালদৰে সোধে, এওঁৰ ওচৰত খবৰো আহে, সেই শিৱবাবাইতো কয় - মই পঢ়াবলৈ আহোঁ, যিয়ে পঢ়িব লিখিব তেওঁ নবাব (ৰজা) হব। পিতাই কয় দৃষ্টি বহুত সলনি কৰিব লাগে। খোজে প্ৰতি সাৱধান হব লাগে। স্মৃতিত থাকিলেহে খোজে প্ৰতি পদম আছে। বহুত সন্তান ফেইল (অকৃতকাৰ্য) হৈ যায়। ছাৰ্ভিচেবল (সেৱাধাৰী) পাণ্ডাসকলো ফেইল হৈ যায়। তোমালোক যেতিয়ালৈকে যাত্ৰাত থাকা, পবিত্ৰ হৈ থাকা। কোনো কোনো এনেকুৱা বিলাসীও যাত্ৰাত যায় যিয়ে মদ আদিও নিজৰ লগত তালৈ লৈ যায়। লুকুৱাই ৰাখি থয়। ডাঙৰ ডাঙৰ ব্যক্তিসকল ইয়াৰ অবিহনে থাকিব নোৱাৰে। এতিয়া সেই তীৰ্থ কি কামৰ হব। যুদ্ধ কৰাসকলেও বহুত মদ্যপান কৰে। মদ্যপান কৰি গৈ এৰোপ্লেনৰ সৈতে ষ্টীমাৰৰ (পানীজাহাজৰ) ওপৰত বাগৰি পৰে। ষ্টীমাৰো ধ্বংস হৈ যায় আৰু নিজেও ধ্বংস হৈ যায়।

এতিয়া তোমালোকে জ্ঞান অমৃত পোৱা। বাকী মুখ্য কথা হৈছে স্মৃতিত থকাতো। যাৰ দ্বাৰা তোমালোক 21 জন্মৰ কাৰণে এভাৰহেল্‌দী-এভাৰৱেল্‌দী (সৰ্বদা স্বাস্থ্যবান-সৰ্বদা সম্পত্তিবান) হৈ যোৱা। বাবাই কৈছিল এইটোও লিখি দিয়া 21 জন্মৰ কাৰণে এভাৰহেল্‌দী-এভাৰৱেল্‌দী কেনেকৈ হব পাৰা সেয়া আহি বুজা। ভাৰতবাসীয়ে জানে যথাযথ ভাৰতত দীৰ্ঘায়ু আছিল। স্বৰ্গত কেতিয়াও কোনো বেমাৰ নহয়। স্বৰ্গত দেৱী-দেৱতাৰসকলৰ আয়ুস 150 বছৰৰ আছিল। 16 কলা সম্পূৰ্ণ আছিল। এনেকৈ কয় যে এয়া কেনেকৈ হব পাৰে। কোৱা, তাত 5 বিকাৰ নাথাকেই। তাতো যদি এই বিকাৰ থাকে তেন্তে ৰাম ৰাজ্য কেনেকৈ হব। দেৱতাসকল যেতিয়া বাম মাৰ্গত যায় সেইখন চিত্ৰও তোমালোকে দেখিছা। বহুত লেতেৰা চিত্ৰ হয়। এই (ব্ৰহ্মা) বাবাই কয় মই যি দেখিছোঁ সেয়াই শুনাওঁ। শিৱবাবাই কয় - মইতো কেৱল নলেজ (জ্ঞান) দিওঁ। শিৱবাবাই জ্ঞানৰ কথা শুনায়, এওঁ (ব্ৰহ্মা বাবাই) নিজৰ অনুভৱৰ কথাবোৰ শুনাই থাকে। দুজন আছে নহয় জানো। এৱোঁ নিজৰ অনুভৱ শুনাই থাকে। প্ৰত্যেকে নিজৰ লাইফৰ (জীৱনৰ) বিষয়ে জানে। তোমালোকে জানা যে আধাকল্পৰ পৰা পাপ কৰি আহিছোঁ। তাত (স্বৰ্গত) আকৌ কোনো পাপ নকৰোঁ। ইয়াত কোনো পাৱন নাই।

তোমালোক সন্তানসকলে জানা এতিয়া ৰিয়েল (প্ৰকৃত) ভাগৱত চলি আছে। ভগৱানে বহি সন্তানসকলক নলেজ (জ্ঞান) শুনায়। বাস্তৱত হব লাগে এখনেই গীতা। বাকী শিৱবাবাৰ বায়গ্ৰাফী (জীৱন বৃত্তান্ত) কি লিখিব। এয়াও তোমালোকে জানা। কোনো কিতাপ আদি একোৱেই নাথাকিব কিয়নো বিনাশ সন্মুখত থিয় দি আছে তেতিয়া এই পুৰুষাৰ্থৰ নলেজো (জ্ঞানো) শেষ হৈ যাব। আকৌ প্ৰালব্ধ আৰম্ভ হৈ যায়। যেনেকৈ ড্ৰামাত যি ভূমিকা পালন কৰা হৈ গল, ৰীল ঘূৰি থাকে আকৌ নতুনকৈ প্ৰালব্ধৰ আৰম্ভণি হব। ইমানবিলাক আত্মাত নিজৰ নিজৰ ড্ৰামাৰ পাৰ্ট (নাটকৰ ভূমিকা) নিহিত হৈ আছে। এই কথাবোৰ বুজোতাসকলে বুজিব। এয়া হৈছে বেহদৰ নাটক। তোমালোকে কবা - আমি তোমালোকক বেহদৰ নাটকৰ আদিমধ্য-অন্তৰ ৰহস্য শুনাওঁ। সেইখন হৈছে নিৰাকাৰী জগত, এইখন হৈছে সাকাৰী জগত। আমি তোমালোকক গোটেই ৰহস্য বুজাওঁ। এই চক্ৰ কেনেকৈ ঘূৰে, যাক তোমালোকে বুজাবা তেওঁলোকে বহুত আনন্দ পাব। এনেকৈ নাভাবিবা যে কোনেও নুশুনে। প্ৰজা বহুত তৈয়াৰ হবলৈ আছে। ছাৰ্ভিচত (সেৱাত) হাৰ্টফেইল হব (থমকি ৰব) নালাগে। তোমালোকে বুজাই থাকা। বেপাৰীসকলৰ ওচৰলৈ গ্ৰাহকতো বহুত আহে, আহক আমি আপোনালোকক বেহদৰ লেন-দেন (চুক্তি) কৰাই দিম। ভাৰতত এই দেৱতাসকলৰ ৰাজত্ব আছিল আকৌ কলৈ গল? কেনেকৈ 84 জন্ম ললে, আমি তোমালোকক বুজাম। ভগৱানুৱাচ (ভগৱানে কয়) তোমালোকে নিজৰ জন্মক নাজানা। ছাৰ্ভিচ বহুত কৰিব পাৰা। যেতিয়া আজৰি পোৱা, কোৱা আমি তোমালোকক বিশ্বৰ হিষ্ট্ৰীজিওগ্ৰাফী (ইতিহাস-ভূগোল) বুজাম। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। আহক আপোনালোকক ৰচয়িতা আৰু ৰচনাৰ ৰহস্য বুজাম। এতিয়া তোমালোকৰ এইটো অন্তিম জন্ম। ভৱিষ্যতৰ কাৰণে এতিয়া উপাৰ্জন কৰা। বাবাই বুজায় নহয় সন্তানসকল, তোমালোকে এনেকুৱা এনেকুৱা ছাৰ্ভিচ (সেৱা) কৰা। তোমালোকৰ গ্ৰাহকসকল এই কথাবোৰ শুনি বহুত আনন্দিত হব। তোমালোকৰ ওচৰতো মূৰ দোৱাব। কৃতজ্ঞতা প্ৰকাশ কৰিব। বোপাৰীসকলেতো আৰু বেছিকৈহে সেৱা কৰিব পাৰে। বেপাৰীসকল ধাৰ্মিকো হয়। তোমালোকতো ডাঙৰ ধৰ্মাত্মা হৈ যোৱা। পিতা আহি অবিনাশী জ্ঞান ৰত্নেৰে তোমালোকৰ আঁচল ভৰপূৰ কৰি দিয়ে। বাবাই অনেক প্ৰকাৰৰ ৰায় দিয়ে, এনেকৈ এনেকৈ কৰা, বাৰ্তা দি গৈ থাকা, ভাগৰি নপৰিবা। বহুতৰে কল্যাণ কৰিবলৈ লাগি যোৱা। ঠাণ্ডা পৰি নাযাবা। নিজৰ দৃষ্টিও ঠিক কৰি ৰাখা। ক্ৰোধো কৰিব নালাগে। যুক্তিৰে চলিব লাগে। পিতাই অনেক প্ৰকাৰৰ যুক্তি বুজাই থাকে। দোকানীসকলৰ কাৰণেতো বহুত সহজ। সেয়াও লেন-দেন, এয়াও লেন-দেন। কব এয়াতো বহুত ভাল লেন-দেন। তৎক্ষণাৎ গ্ৰাহক জমা হৈ যাব। কব এনেকুৱা লেন-দেন কৰাওঁতা মহাপুৰুষজনাকতো বহুত সহায় কৰিব লাগে। কোৱা এইটো আপোনালোকৰ অন্তিম জন্ম আপোনালোক আকৌ মনুষ্যৰ পৰা দেৱতা হব পাৰে। যিয়ে যিমান কৰিব সিমান পাব। নিজক পৰীক্ষা কৰা - মোৰ দৃষ্টিয়ে বেয়া কামতো নকৰিলে? স্ত্ৰীৰ ফালে আকৰ্ষিততো নহলো? লাজ পালে এৰি দিব। বিশ্বৰ মালিক হোৱাতো কম কথা জানো! যিমান পুৰণি ভক্ত হব তেওঁ বহুত আনন্দিত হব। যদি কম ভক্তি কৰা হয় তেন্তে তেওঁ কম আনন্দিত হব। এয়াও হিচাপ হয় বুজিবৰ বাবে। বুদ্ধিয়ে কয় এতিয়া আমি ঘৰলৈ যাম আকৌ নতুন সৃষ্টিত নতুন কাপোৰ পিন্ধি (শৰীৰ ধাৰণ কৰি) ভূমিকা পালন কৰিম। এই শৰীৰ এৰি দিম আৰু গল্ডেন স্পুন ইন দি মাউথ (মুখত সোণৰ চামুচ হব অৰ্থাৎ সমৃদ্ধিশালী অৱস্থা) হব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দৃষ্টিৰে কোনো বেয়া কাম কৰিব নালাগে, নিজৰ দৃষ্টিকে প্ৰথমে সলনি কৰিব লাগে। খোজে প্ৰতি সাৱধান হৈ পদমৰ উপাৰ্জন জমা কৰিব লাগে।

(2) যেতিয়াই আজৰি পোৱা যায় তেতিয়া বেহদৰ লেন-দেন (চুক্তি) কৰিব লাগে, ছাৰ্ভিচত (সেৱাত) নিৰাশ হব নালাগে, সকলোকে পিতাৰ বাৰ্তা দিব লাগে, ভাগৰি পৰিব নালাগে।
 

বৰদান:
স্নেহৰ কোলাত আন্তিৰক সুখ আৰু সৰ্বশক্তিৰ অনুভৱ কৰোঁতা যথাৰ্থ পুৰুষাৰ্থী হোৱা

যিসকল যথাৰ্থ পুৰুষাৰ্থী হয় তেওঁলোকে কেতিয়াও পৰিশ্ৰম বা ভাগৰ অনুভৱ নকৰে, সদায় প্ৰেমত মাতাল হৈ থাকে। তেওঁলোকে সংকল্পৰেও চাৰেণ্ডাৰ (সমৰ্পিত) হোৱাৰ কাৰণে অনুভৱ কৰে যে আমাক বাপদাদাই চলাই আছে, পৰিশ্ৰমৰ ভৰিৰে নহয় কিন্তু স্নেহৰ কোলাত উঠি গৈ আছে, স্নেহৰ কোলাত সৰ্ব প্ৰাপ্তিৰ অনুভৱ হোৱাৰ কাৰণে তেওঁলোক চলমান হৈ নাথাকে কিন্তু সদায় আনন্দত, আন্তৰিক সুখত, সৰ্ব শক্তিৰ অনুভৱত উৰি থাকে।

স্লোগান:
নিশ্চয়ৰূপী ফাউণ্ডেশ্বন (ভেটী) দৃঢ় হলে তেতিয়া শ্ৰেষ্ঠ জীৱনৰ অনুভৱ স্বতঃ হয়।