30.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোক সন্তানসকলক ভক্ত আত্মাৰ পৰা জ্ঞানী আত্মা কৰি তুলিবলৈ, পতিতৰ পৰা পাৱন কৰি তুলিবলৈ

প্ৰশ্ন:
জ্ঞানী সন্তান সদায় কোনটো চিন্তনত থাকে?

উত্তৰ:
মই অবিনাশী আত্মা হওঁ, এই শৰীৰ বিনাশী। মই 84 টা শৰীৰ ধাৰণ কৰিছোঁ। এতিয়া এয়া হৈছে অন্তিম জন্ম। আত্মা কেতিয়াও সৰু-ডাঙৰ নহয়। শৰীৰহে সৰু-ডাঙৰ হয়। এই দুটি চকু শৰীৰত আছে কিন্তু ইয়াৰ দ্বাৰা চাওঁতা মই আত্মা হওঁ। বাবাই আত্মাসকলকহে জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে। তেৱোঁ যেতিয়ালৈকে শৰীৰৰ আধাৰ নলয় তেতিয়ালৈকে পঢ়াব নোৱাৰে। এনেকুৱা চিন্তন জ্ঞানী সন্তানে সদায় কৰে।

ওঁম্শান্তি।
এয়া কোনে কলে? আত্মাই। অবিনাশী আত্মাই শৰীৰৰ দ্বাৰা কলে। শৰীৰ আৰু আত্মাৰ মাজত কিমান পাৰ্থক্য আছে। শৰীৰ 5 তত্বৰ ইমান ডাঙৰ পুতলা হৈ যায়। যদিওবা সৰুও থাকে তথাপি আত্মাতকৈতো নিশ্চয় ডাঙৰ হয়। প্ৰথমেতো একদম সৰু পিণ্ড হয়, যেতিয়া অলপ ডাঙৰ হয় তেতিয়া আত্মা প্ৰৱেশ কৰে। ডাঙৰ হৈ-হৈ আকৌ ইমান ডাঙৰ হৈ যায়। আত্মাতো চৈতন্য নহয় জানো। যেতিয়ালৈকে আত্মা প্ৰৱেশ নকৰে তেতিয়ালৈকে পুতলা কোনো কামৰ নহয়। কিমান পাৰ্থক্য আছে। কওঁতা, চলাওঁতাও আত্মাই হয়। আত্মা ইমান সূক্ষ্ম বিন্দুৱেই হয়। আত্মা কেতিয়াও সৰু-ডাঙৰ নহয়। বিনাশ হৈ নাযায়। এতিয়া এওঁ পৰম আত্মা পিতাই বুজাইছে যে মই অবিনাশী হওঁ আৰু এই শৰীৰ বিনাশী হয়। এওঁৰ শৰীৰত মই প্ৰৱেশ কৰি ভূমিকা পালন কৰোঁ। এই কথাবোৰ এতিয়া তোমালোকে চিন্তন কৰা। আগতেতো আত্মা আৰু পৰমাত্মা কাকোৱে জনা নাছিলা কেৱল কৈছিলা - হে পৰমপিতা পৰমাত্মা। আত্মা বুলিও বুজিছিলা কিন্তু পিছত কোনোৱে ক'লে তুমিয়ে পৰমাত্মা। এয়া কোনে কলে? এই ভক্তি মাৰ্গৰ গুৰুসকলে আৰু শাস্ত্ৰবোৰে। সত্যযুগততো কোনেও নক'ব। এতিয়া পিতাই বুজাইছে তোমালোক মোৰ সন্তান। আত্মা নেচাৰেল (প্ৰাকৃতিক) শৰীৰ আননেচাৰেল (অপ্ৰাকৃতিক) মাটিৰে গঢ়িত। যেতিয়া আত্মা থাকে তেতিয়া কথা কয়, চলা ফুৰা কৰে। এতিয়া তোমালোক সন্তানসকলে জানা আমাক আত্মাসকলক পিতা আহি বুজায়। নিৰাকাৰ শিৱবাবা এই সংগমযুগতহে এই শৰীৰৰ দ্বাৰা আহি শুনায়। এই চকুতো শৰীৰত থাকেই। এতিয়া পিতাই জ্ঞান চক্ষু দিয়ে। আত্মাত যদি জ্ঞান নাথাকে তেন্তে অজ্ঞান চক্ষু। পিতা আহিলে আত্মাই জ্ঞান চক্ষু প্ৰাপ্ত কৰে। আত্মায়ে সকলো কৰে। আত্মাই শৰীৰৰ দ্বাৰা কৰ্ম কৰে। এতিয়া তোমালোকে বুজি পোৱা পিতাই এই শৰীৰ ধাৰণ কৰিছে। নিজৰো ৰহস্য শুনায়। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্যও শুনায়। গোটেই নাটকৰো জ্ঞান দিয়ে। আগতে তোমালোকে একোৱেই নাজানিছিলা। এইখন নিশ্চয় নাটকে হয়। সৃষ্টিৰ চক্ৰ ঘূৰে। কিন্তু কেনেকৈ ঘূৰে, এয়া কোনেও নাজানে। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান এতিয়া তোমালোকে প্ৰাপ্ত কৰা। বাকী সকলো হৈছে ভক্তি। পিতাহে আহি তোমালোকক জ্ঞানী আত্মা কৰি তোলে। আগতে তোমালোক ভক্ত আত্মা আছিলা। গতিকে তোমালোক আত্মাসকলে ভক্তি কৰিছিলা। এতিয়া তোমালোক আত্মাসকলে জ্ঞান শুনা। ভক্তিক অন্ধকাৰ বুলি কোৱা হয়। এনেকৈ নকয় যে ভক্তিৰ দ্বাৰা ভগৱানক পোৱা যায়। পিতাই বুজাইছে - ভক্তিৰো ভূমিকা আছে, জ্ঞানৰো ভূমিকা আছে। তোমালোকে জানা আমি যেতিয়া ভক্তি কৰিছিলোঁ তেতিয়া কোনো সুখ নাছিল। ভক্তি কৰি হাবাথুৰি খাই ফুৰিছিলা। পিতাক বিচাৰি ফুৰিছিলা। এতিয়া বুজি পোৱা যজ্ঞ, তপ, দান, পুণ্য আদি যি কৰিছিলোঁ, বিচাৰি-বিচাৰি হাবাথুৰি খাই-খাই অশান্ত হৈ গৈছিলোঁ। তমোপ্ৰধান হৈ যোৱা কিয়নো অৱনমিত হব নালাগে জানো। ভুল কৰ্ম কৰা মানে ছিঃ-ছিঃ হোৱা। পতিতো হৈ গলা। এনেকুৱা নহয় যে পাৱন হবৰ বাবে ভক্তি কৰিছিলা। ভগৱানৰ দ্বাৰা পাৱন নোহোৱাকৈ আমি পাৱন সৃষ্টিলৈ যাব নোৱাৰিম। এনেকুৱা নহয় যে পাৱন নোহোৱাকৈ ভগৱানৰ সৈতে মিলিত হব নোৱাৰে। ভগৱানকতো কয় - আহি পাৱন কৰি তোলক। পতিতেহে পাৱন হ'বৰ কাৰণে ভগৱানৰ সৈতে মিলিত হয়। পাৱনসকলকতো ভগৱানে লগ নকৰে। সত্যযুগত জানো এই লক্ষ্মী-নাৰায়ণৰ সৈতে ভগৱান মিলিত হয়! ভগৱান আহি তোমালোক পতিতসকলক পাৱন কৰি তোলে আৰু তোমালোকে এই শৰীৰ ত্যাগ কৰি দিয়া। পাৱনতো এই তমোপ্ৰধান পতিত সৃষ্টিত থাকিব নোৱাৰে। পিতাই তোমালোকক পাৱন কৰি অন্তৰ্ধান হৈ যায়, ড্ৰামাত তেওঁৰ ভূমিকাই আশ্চৰ্যকৰ। যেনেকৈ আত্মা দেখা পোৱা নাযায়। সাক্ষাৎকাৰ হলেও বুজিব নোৱাৰিব। অন্যতো সকলোকে বুজিব পাৰে যে এওঁ অমুক হয়, এওঁ অমুক হয়। স্মৰণ কৰে। এইটোৱে বিচাৰে যে অমুকক চৈতন্য ৰূপত সাক্ষাৎকাৰ কৰো আৰু কোনো মতলব নাই। অচ্ছা, চৈতন্যত দেখিলাই যেনিবা তাৰ পিছত কি? সাক্ষাৎকাৰ হ'ল তাৰ পাছততো অন্তৰ্ধান হৈ যাব। খন্তেকীয়া ক্ষণভঙ্গুৰ সুখৰ আশা পূৰ্ণ হ'ব। তাক কোৱা হ'ব খন্তেকীয়া ক্ষণভঙ্গুৰ সুখ। সাক্ষাৎকাৰৰ ইচ্ছা আছিল সেয়া প্ৰাপ্ত হ'ল। ইয়াততো মূল কথা হৈছে পতিতৰ পৰা পাৱন হোৱাৰ। পাৱন হ'লে তেতিয়া দেৱতা হৈ যাবা অৰ্থাৎ স্বৰ্গলৈ গুছি যাবা।

শাস্ত্ৰততো কল্পৰ আয়ুস লাখ-লাখ বছৰ বুলি লিখি দিছে। এনেকৈ ভাবে যে কলিযুগৰ এতিয়াও 40 হাজাৰ বছৰ বাকী আছে। বাবাইতো বুজায় - গোটেই কল্পই হৈছে 5 হাজাৰ বছৰৰ। তেন্তে মনুষ্য অন্ধকাৰত নাই জানো। তাক ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। জ্ঞান কাৰো নাই। সেয়া সকলো হৈছে ভক্তি। ৰাৱণ যেতিয়াৰ পৰা আহে তেতিয়াৰ পৰাই ভক্তিও তাৰ লগতে আহে আৰু যেতিয়া পিতা আহে তেতিয়া তেওঁৰ লগত জ্ঞান আহে। পিতাৰ পৰা এবাৰেই জ্ঞান ৰূপী সম্পত্তি প্ৰাপ্ত হয়। বাৰে-বাৰে পোৱা নাযায়। তাততো তোমালোকে কাকো জ্ঞান নিদিয়া। দৰকাৰেই নাই। জ্ঞান তেওঁলোকেহে প্ৰাপ্ত কৰে যি অজ্ঞানত থাকে। পিতাক কোনেও নাজানেই। পিতাক গালি নিদিয়াকৈ কোনো কথাই নকয়। এয়াও তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা। তোমালোকে কোৱা ঈশ্বৰ সৰ্বব্যাপি নহয়, তেওঁ আমাৰ আত্মাসকলৰ পিতা আৰু তেওঁলোকে কয় - নহয় পৰমাত্মা পাথৰ-শিল সকলোতে আছে। তোমালোক সন্তানসকলে ভালকৈ বুজি পাইছা - ভক্তি একেবাৰে বেলগ বস্তু, তাত অলপো জ্ঞান নাথাকে। সময়েই গোটেই সলনি হৈ যায়। ভগৱানৰ নামো সলনি হৈ যায় আকৌ মনুষ্যৰো নাম সলনি হৈ যায়। প্ৰথমতে কোৱা হয় দেৱতা তাৰ পাছত ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। সেইসকল দৈৱীগুণ সম্পন্ন মনুষ্য আৰু এয়া হৈছে আসুৰী গুণ সম্পন্ন মনুষ্য। একেবাৰে ছিঃ-ছিঃ। গুৰু নানকেও কৈছে - অশংঙ্খ চোৰ (বহুলোকে অসৎ পন্থাৰে উপাৰ্জন কৰে) যদি অন্য কোনো মনুষ্যই এনেকৈ কয় তেন্তে তেওঁক তৎক্ষণাৎ কব - তুমি এয়া কি গালি দিছা। কিন্তু পিতাই কয় - এয়া সকলো আসুৰী সম্প্ৰদায়। তোমালোকক স্পষ্টকৈ বুজায়। সেয়া ৰাৱণ সম্প্ৰদায়, আনটো ৰাম সম্প্ৰদায়। গান্ধীজীয়েও কৈছিল - আমাক ৰামৰাজ্য লাগে। ৰামৰাজ্যত সকলো নিৰ্বিকাৰী, ৰাৱণ ৰাজ্যত সকলো বিকাৰী। এইখনৰ নামেই হৈছে বেশ্যালয়। ৰৌৰৱ নৰক নহয় জানো। এই সময়ৰ মনুষ্যই বিষয় বৈতৰণী নদীত পৰি আছে। মনুষ্য, জন্তু আদি সকলো একে সমান। মনুষ্যৰ কোনো মহিমা নাই। 5 বিকাৰৰ ওপৰত তোমালোক সন্তানসকল বিজয়ী হৈ মনুষ্যৰ পৰা দেৱতা পদ পোৱা, বাকী সকলো শেষ হৈ যায়। দেৱতাসকল সত্যযুগত আছিল। এতিয়া এই কলিযুগত অসুৰ থাকে। অসুৰৰ চিহ্ন কি? 5 বিকাৰ। দেৱতাসকলক সম্পূৰ্ণ নিৰ্বিকাৰী আৰু অসুৰসকলক সম্পূৰ্ণ বিকাৰী বুলি কোৱা হয়। তেওঁলোক হৈছে 16 কলা সম্পূৰ্ণ আৰু ইয়াততো কোনো কলাই নাই। সকলোৰে কলা আৰু শৰীৰ ভ্ৰষ্ট হৈ গল। এতিয়া এয়া পিতাই সন্তানসকলক বহি বুজায়। পিতা আহেও পুৰণি আসুৰি সৃষ্টিৰ পৰিৱৰ্তন কৰিবলৈ। ৰাৱণ ৰাজ্য বেশ্যালয়ক শিৱালয় কৰি তোলে। তেওঁলোকেতো ইয়াতেই নাম ৰাখি দিলে ত্ৰিমূৰ্তি ভৱন, ত্ৰিমূৰ্তি মাৰ্গ আগতে জানো এইবোৰ নাম আছিল। এতিয়া কি হোৱা উচিত? এই গোটেই সৃষ্টিখন কাৰ? পৰমাত্মাৰ নহয় জানো। পৰমাত্মাৰ সৃষ্টি যিখন আধাকল্প পবিত্ৰ, আধাকল্প অপবিত্ৰ হৈ থাকে। ক্ৰিয়েটৰ (স্ৰষ্টা) বুলিতো পিতাকে কোৱা হয়। তেন্তে এই সৃষ্টিখন তেওঁৰেই নহল জানো। পিতাই বুজায় - ময়েই মালিক হওঁ। মই বীজৰূপ, চৈতন্য, জ্ঞানৰ সাগৰ হওঁ। মোৰ গোটেই জ্ঞান আছে আন কাৰো নাই। তোমালোকে বুজিব পাৰা যে এই সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাৰহে আছে। বাকীতো সকলো হৈছে মনে সজা কাহিনী। মুখ্য কাহিনীটো বহুত বেয়া, যাৰ বাবে পিতাই আপত্তি কৰে। তোমালোকে মই পাথৰ-শিল, কুকুৰ, মেকুৰী সকলোতে আছো বুলি ভাবি বহি আছা। তোমালোকৰ কি দুৰ্দশা হৈ গল।

নতুন সৃষ্টিৰ মনুষ্য আৰু পুৰণি সৃষ্টিৰ মনুষ্যৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। আধাকল্পৰ পৰা অপবিত্ৰ মনুষ্যই, পবিত্ৰ দেৱতাসকলৰ আগত মূৰ দোৱাই থাকে। এয়াও সন্তানসকলক বুজোৱা হৈছে যে প্ৰথমে-প্ৰথমে শিৱবাবাৰ পূজা হয়। যিজন শিৱবাবাই তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তোলে। ৰাৱণে তোমালোকক পূজ্যৰ পৰা পূজাৰী কৰি দিয়ে। আকৌ পিতাই ড্ৰামাৰ প্লেন (পৰিকল্পনা) অনুসৰি তোমালোকক পূজ্য কৰি তোলে। ৰাৱণ আদি এই সকলোবোৰ নাম আছে নহয় জানো। দশহৰা যেতিয়া পালন কৰে তেতিয়া কিমান মনুষ্যক বাহিৰৰ পৰা আমন্ত্ৰণ কৰে। কিন্তু অৰ্থ একো নুবুজে। দেৱতাসকলৰ কিমান নিন্দা কৰে। এনেকুৱা কথাটো একেবাৰে নাই। যেনেকৈ কয় - ঈশ্বৰ নাম-ৰূপৰ পৰা উপৰাম অৰ্থাৎ নাই। তেনেকৈ এয়া যি খেল আদি ৰচনা কৰে সেইবোৰ একোৱেই নাই। এয়া সকলো হৈছে মনুষ্য বুদ্ধি। মনুষ্য মতক আসুৰী মত বুলি কোৱা হয়। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। সকলো এনেকুৱা হৈ যায়। ইয়াক ডেভিল ৱল্ড (আসুৰী সৃষ্টি) বুলি কোৱা হয়। সকলোৱে ইজনে-সিজনক গালি দি থাকে। সেয়েহে পিতাই বুজায় - সন্তানসকল, যেতিয়া বহা তেতিয়া নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবা। তোমালোক অজ্ঞানত আছিলা তেতিয়া পৰমাত্মাক ওপৰত আছে বুলি ভাবিছিলা। এতিয়াতো জানা যে পিতা ইয়ালৈ আহিছে গতিকে তোমালোকে ওপৰত আছে বুলি নাভাবা। তোমালোকে পিতাক ইয়ালৈ আহ্বান কৰিছা, এইটো শৰীৰত। তোমালোকে যেতিয়া নিজৰ-নিজৰ কেন্দ্ৰত বহি থাকা তেতিয়া এইটো বুজিবা যে শিৱবাবা মধুবনত এওঁৰ শৰীৰত আছে। ভক্তি মাৰ্গততো পৰমাত্মাক ওপৰত আছে বুলি মানে। হে ভগৱান এতিয়া তোমালোকে পিতাক কত স্মৰণ কৰা? বহি কি কৰা? তোমালোকে জানা যে ব্ৰহ্মাৰ শৰীৰত আছে তেন্তে নিশ্চয় ইয়াত স্মৰণ কৰিব লাগিব। ওপৰততো নাই। ইয়ালৈ আহিছে - পুৰুষোত্তম সংগমযুগত। পিতাক কয় - তোমালোকক ইমান উচ্চ কৰি গঢ়ি তুলিবলৈ মই ইয়ালৈ আহিছোঁ। তোমালোক সন্তানসকলে ইয়াত স্মৰণ কৰিবা। ভক্তই ওপৰত স্মৰণ কৰিব। তোমালোকে বিদেশত থাকিলেও কবা যে ব্ৰহ্মাৰ শৰীৰত শিৱবাবা আছে। শৰীৰতো নিশ্চয় লাগিব নহয় জানো। তোমালোক যতে বহি নাথাকা তেওঁক নিশ্চয় ইয়াতে স্মৰণ কৰিবা। ব্ৰহ্মাৰ শৰীৰতে স্মৰণ কৰিব লাগিব। কোনো বুদ্ধিহীনে ব্ৰহ্মাক নামানে। বাবাই এনেকৈ নকয় যে ব্ৰহ্মাক স্মৰণ কৰা। ব্ৰহ্মাৰ অবিহনে শিৱবাবা কেনেকৈ স্মৃতিলৈ আহিব। পিতাই কয় মই এইটো শৰীৰত আছোঁ। এওঁৰ শৰীৰত মোক স্মৰণ কৰা সেই কাৰণে তোমালোকে পিতা আৰু ককা দুয়োজনকে স্মৰণ কৰা। বুদ্ধিত এই জ্ঞান আছে, এওঁৰ নিজৰ আত্মা আছে। শিৱবাবাৰতো নিজৰ শৰীৰ নাই। পিতাই কৈছে - মই এই প্ৰকৃতিৰ আধাৰ লওঁ। পিতাই বহি গোটেই ব্ৰহ্মাণ্ড আৰু সৃষ্টিৰ আদি, মধ্য, অন্তৰ ৰহস্য বুজায় অন্য কোনেও ব্ৰহ্মাণ্ডক নাজানে। ব্ৰহ্ম যত মই থাকোঁ আৰু তোমালোক থাকা, চুপ্ৰিম (পৰম) পিতা, নানচুপ্ৰিম (সাধাৰণ) আত্মাসকল নিবাস কৰোঁতা সেই ব্ৰহ্মলোক হৈছে শান্তিধামৰ। শান্তিধাম অতি মিঠা নাম। এই সকলো কথা তোমালোকৰ বুদ্ধিত আছে। আমি আচলতে ব্ৰহ্ম মহাতত্ত্বৰ নিবাসী, যাক নিৰ্বাণধাম, বানপ্ৰস্থ বুলি কোৱা হয়। এই কথাবোৰ এতিয়া তোমালোকৰ বুদ্ধিত আছে। যেতিয়া ভক্তি থাকে তেতিয়া জ্ঞান শব্দটি নাথাকে। ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয় যিসময়ত পৰিৱৰ্তন হয়। পুৰণি সৃষ্টিত অসুৰ থাকে, নতুন সৃষ্টিত দেৱতাসকল থাকে সেয়েহে পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰিবলৈ পিতা আহিবলগীয়া হয়। সত্যযুগত তোমালোকে একোৱেই গম নাপাবা। এতিয়া তোমালোক কলিযুগত আছা তেতিয়াও একো নাজানা। যেতিয়া নতুন সৃষ্টিত থাকিবা তেতিয়াও এই পুৰণি সৃষ্টিৰ বিষয়ে একো নাজানিবা। এতিয়া পুৰণি সৃষ্টিত আছা সেয়েহে নতুন সৃষ্টিৰ বিষয়ে একো নাজানা। নতুন সৃষ্টি কেতিয়া আছিল, একো নাজানে। তেওঁলোকেতো লাখ-লাখ বছৰ বুলি কৈ দিয়ে। তোমালোক সন্তানসকলে জানা যে পিতা এই সংগমযুগতে কল্পই-কল্পই আহে, আহি এই বৈচিত্ৰ্যময় বৃক্ষৰ ৰহস্য বুজায় আৰু এই চক্ৰ কেনেকৈ ঘূৰে সেয়াও তোমালোক সন্তানসকলক বুজায়। তোমালোকৰ ধান্দাই হৈছে এয়া বুজোৱাৰ। এতিয়া এজন-এজনক বুজালেতো বহুত সময় লাগি যাব সেই কাৰণে এতিয়া তোমালোকে বহুতকে বুজোৱা। বহুতে বুজে। এই মধুৰ কথাবোৰ আকৌ বহুতক বুজাব লাগে। তোমালোকে প্ৰদৰ্শনী আদিত নুবুজোৱা জানো এতিয়া শিৱ জয়ন্তীৰ ওপৰত আৰু বেছি ভালকৈ বহুতক আমন্ত্ৰণ কৰি বুজাব লাগে। খেলৰ ড্যুৰেশ্বন (সময় সীমা) কিমান। তোমালোকেতো এক্যুৰেট (সঠিককৈ) কবা। এইবোৰ হৈছে টপিক (বিষয় বস্তু) যিবোৰৰ ওপৰত আমি বুজাম। তোমালোকক পিতাই নুবুজায় জানো - যাৰ দ্বাৰা তোমালোক দেৱতা হৈ যোৱা। যেনেকৈ তোমালোকে বুজি দেৱতা হোৱাগৈ তেনেকৈ আনকো শুনোৱা। পিতাই আমাক এয়া বুজাইছে। আমি কাৰো গ্লানি আদি নকৰো। আমি এয়াই শুনাওঁ যে জ্ঞানক সৎগতি মাৰ্গ বুলি কোৱা হয়, এক সৎগুৰুৱেই হৈছে পাৰ কৰোঁতা। এনেকুৱা মুখ্য পইণ্টবোৰ উলিয়াই বুজোৱা। এই গোটেই জ্ঞান পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পূজাৰীৰ পৰা পূজ্য হবলৈ সম্পূৰ্ণ নিৰ্বিকাৰী হব লাগে। জ্ঞানসম্পন্ন হৈ নিজেই নিজক পৰিৱৰ্তন কৰিব লাগে। খন্তেকীয়া সুখৰ পিছত যাব নালাগে।

(2) পিতা আৰু দাদা দুয়োকে স্মৰণ কৰিব লাগে। ব্ৰহ্মা অবিহনে শিৱবাবা স্মৃতিত আহিব নোৱাৰে। ভক্তিত ওপৰত স্মৰণ কৰিলা, এতিয়া ব্ৰহ্মাৰ শৰীৰত আহিছে গতিকে দুয়োজনে স্মৃতিলৈ অহা উচিত।

বৰদান:
হদৰ কামনাৰ পৰা মুক্ত হৈ সকলো প্ৰশ্নৰ পৰা নিলগত থাকোঁতা প্ৰসন্নচিত (আনন্দময়) হোৱা

যিসকল সন্তান হদৰ কামনাৰ পৰা মুক্ত হৈ থাকে তেওঁলোকৰ চেহেৰাত আনন্দৰ জিলিকনি দেখিবলৈ পোৱা যায়। প্ৰসন্নচিত সন্তানৰ কেতিয়াও কোনো কথাত প্ৰশ্ন উদয় নহয়। তেওঁ সদায় স্বাৰ্থ ৰহিত আৰু সদায় সকলোকে নিৰ্দোষী অনুভৱ কৰিব, অন্যক দোষাৰোপ নকৰিব। যেনেকুৱা পৰিস্থিয়েই নাহক, হিচাপ-নিকাচ নিষ্পত্তি কৰোঁতা কোনো আত্মা বিৰুদ্ধাচৰণ কৰিবলৈ আহিলেও, শৰীৰৰ কৰ্মভোগ সন্মুখত আহি থাকিলেও সন্তুষ্টতাৰ কাৰণে তেওঁ সদায় আনন্দিত হৈ থাকিব।
 

স্লোগান:
ব্যৰ্থৰ চেকিং (পৰীক্ষা) এটেন্শ্বনেৰে (মনোযোগেৰে) কৰা, অমনোযোগী হৈ নহয়।