31.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এইখন ৱণ্ডাৰফুল (আচৰিত) পাঠশালা হয় য'ত তোমালোক পঢ়োঁতা আত্মাসকলকো দেখা পোৱা নাযায় আৰু পঢ়াওঁতাজনকো দেখা পোৱা নাযায়, এইটো হৈছে নতুন কথা

প্ৰশ্ন:
এই পাঠশালাত তোমালোকে মুখ্য শিক্ষা কোনটো লাভ কৰা যিটো আন কোনো পাঠশালাত দিয়া নহয়?

উত্তৰ:
ইয়াত পিতাই নিজৰ সন্তানসকলক শিক্ষা দিয়ে - সন্তানসকল, নিজৰ কৰ্মেন্দ্ৰিবোৰক বশ কৰি ৰাখিবা। কেতিয়াও কোনো ভগ্নীৰ প্ৰতি যাতে বেয়া দৃষ্টি নাযায়। তোমালোক আত্মা ৰূপত ভাই ভাই হোৱা আৰু প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হোৱা। তোমালোকৰ বেয়া চিন্তা কেতিয়াও উদয় হব নালাগে। এনেকুৱা শিক্ষা এইখন ইউনিভাৰচিটিৰ (বিশ্ব বিদ্যালয়ৰ) বাহিৰে আন ক'তো দিয়া নহয়।

গীত:
দূৰ দেশ কা ৰহনে ৱালা....(দূৰৈৰ দেশৰ নিবাসী....)

ওঁম্শান্তি।
দূৰৈৰ দেশৰ নিবাসী আত্মাকো দেখা পোৱা নাযায় আৰু দূৰৈৰ দেশৰ নিবাসী পৰমাত্মাকো দেখা পোৱা নাযায়। একমাত্ৰ পৰমাত্মা আৰু আত্মাহে আছে যাক এই দুচকুৰে দেখা পোৱা নাযায়। বাকী সকলো বস্তু দেখা পোৱা যায়। এইটো বুজি পোৱা যায় যে আমি আত্মা হওঁ। এইটো মনুষ্যই বুজি পায় যে আত্মা বেলেগ, শৰীৰ বেলেগ। আত্মা দূৰৈৰ দেশৰ পৰা আহি শৰীৰত প্ৰৱেশ কৰে। তোমালোকে প্ৰতিটো কথাই ভালদৰে বুজি আছা। আমি আত্মা কেনেকৈ দূৰৈৰ দেশৰ পৰা আহোঁ। আত্মাকো দেখিবলৈ পোৱা নাযায় আৰু পঢ়াওঁতা পিতা পৰমাত্মাকো দেখিবলৈ পোৱা নাযায়। এনেকৈতো কেতিয়াও কোনো সৎসঙ্গ বা শাস্ত্ৰত শুনা নাই। কেতিয়াও শুনাও নাই দেখাও নাই। এতিয়া তোমালোকে জানা যে আমাক; আত্মাসকলক দেখা পোৱা নাযায়। আত্মায়েই পঢ়িব লাগে। আত্মায়ে সকলো কৰে নহয় জানো। এইটো নতুন কথা নহয় জানো যিটো আন কোনেও বুজাব নোৱাৰে। পৰমপিতা পৰমাত্মা যি জ্ঞানৰ সাগৰ হয়, তেওঁকো দেখা পোৱা নাযায়। নিৰাকাৰে কেনেকৈ পঢ়াব? আত্মাও শৰীৰত আহে নহয় জানো। তেনেকৈ পৰমপিতা পৰমাত্মা পিতাও ভাগ্যশালী ৰথ অথবা ভাগীৰথত আহে। এই ৰথৰো নিজৰ আত্মা আছে। তেৱোঁ নিজৰ আত্মাক দেখা পায় জানো। পিতাই এই ৰথৰ আধাৰত আহি সন্তানসকলক পঢ়ায়। আত্মায়ো এটা শৰীৰ এৰি আকৌ আন এটা শৰীৰ লয়। আত্মাৰ পৰিচয় আছে, দেখা পোৱা নাযায়। সেই পিতা যাক দেখা পোৱা নাযায়, তেওঁ তোমালোকক পঢ়াই আছে। এইটো হৈছে একেবাৰে নতুন কথা। পিতাই কয় ময়ো ড্ৰামা প্লেন (নাটকৰ পৰিকল্পনা) অনুসৰি নিজৰ সময়ত আহি শৰীৰ ধাৰণ কৰোঁ। নহ'লে তোমালোক মৰমৰ সন্তানসকলক দুখৰপৰা কেনেকৈ মুক্ত কৰিম। এতিয়া তোমালোক সন্তানসকল জাগি আছা। জগতৰ সকলো মনুষ্য এতিয়া শুই আছে। যেতিয়ালৈকে তোমালোকৰ ওচৰত আহি নুবুজে আৰু ব্ৰাহ্মণ নহয়। অন্য সৎসংগত যিকোনো লোকে গৈ বহিব পাৰে। ইয়াত এনেকৈ কোনো আহিব নোৱাৰে, কিয়নো এইখন পাঠশালা হয়। বেৰিষ্টাৰীৰ পৰীক্ষাত গৈ তোমালোক বহিলে একো বুজি নাপাবা। এয়া হৈছে একেবাৰে নতুন কথা। পঢ়াওঁতাজনকো দেখা পোৱা নাযায়। পঢ়োঁতাসকলকো দেখা পোৱা নাযায়। ভিতৰত থকা আত্মাই শুনে আৰু ধাৰণ কৰে। ভিতৰি নিশ্চয় হৈ গৈ থাকে। এই কথাবোৰতো যথাযথ সঠিক হয়। পৰমাত্মা আৰু আত্মা দুয়োকে দেখা পোৱা নাযায়। বুদ্ধিৰে বুজি পোৱা যায় - মই আত্মা হওঁ। কোনোৱেতো এইটোও নামানে, কৈ দিয়ে নেচাৰ (প্ৰকৃতি) হয়। আকৌ তাৰ বৰ্ণনাও কৰে। অনেক মত আছে নহয়। তোমালোক সন্তানসকল এই নলেজত (জ্ঞানত) বিজী (ব্যস্ত)হৈ থাকিব লাগে। যিটো কৰ্মেন্দ্ৰিয়ই প্ৰবঞ্চনা কৰে, তাকো বশ কৰিব লাগে। মুখ্য হৈছে এই দুচকু যিয়ে সকলো দেখে। চকুৱেই সন্তানক দেখে তেতিয়া কয় যে এইটো মোৰ সন্তান। নহ'লে জানিব কেনেকৈ! কোনোবা জন্মৰ পৰাই অন্ধ হ'লে তেতিয়া তেওঁক বুজায় যে এওঁ তোমাৰ ভাই হয়, দেখা নাপায়। বুদ্ধিৰে বুজে। বাস্তৱত কোনোবা অন্ধ সুৰদাস হ'লে তেতিয়া জ্ঞান ভালদৰে ধাৰণ কৰিব পাৰে, কিয়নো প্ৰবঞ্চনা কৰোঁতা চকু নাই। যদিও আন কোনো কাম তেওঁ কৰিব নোৱাৰে কিন্তু জ্ঞান ভালদৰে ল'ব পাৰে। স্ত্ৰীকো নেদেখিব। বেলেগক দেখিলে তেতিয়াহে বুদ্ধি সেইফালে যাব। তেওঁক ধৰিবও। যদি নেদেখেই তেন্তে ধৰিব কেনেকৈ? সেয়েহে পিতাই বুজায় - কৰ্মেন্দ্ৰিয়বোৰক পৰিপক্ক কৰাব লাগে। ক্ৰিমিনেল (বিকাৰী) অৰ্থাৎ বেয়া দৃষ্টিৰে কোনো ভগ্নীকে চাব নালাগে। তোমালোকো ভাই-ভনী হোৱা নহয় জানো। বেয়া দৃষ্টিৰ অলপো যাতে খেয়াল নাহে। যদিও আজিকালি হৈছে কলিযুগ, ভাই-ভনীও নষ্ট হৈ যায়। কিন্তু ল (বিধি) অনুসৰি ভাই-ভনীৰ বেয়া খেয়াল নাথাকিব।

আমি এজন পিতাৰ সন্তান হওঁ। বাবাই ডায়ৰেকশ্বন (নিৰ্দেশনা) দিয়ে - তোমালোক ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী হোৱা গতিকে এই জ্ঞান দৃঢ় হৈ যাব লাগে যে আমি ভাই-ভনী হওঁ। আমি আত্মাসকল ভগৱানৰ সন্তান ভাই-ভাই হওঁ, আকৌ শৰীৰৰ হিচাপত প্ৰজাপিতা ব্ৰহ্মাৰদ্বাৰা ভাই-ভনী হওঁ কিয়নো এডাপ্ট (তোলনীয়া) হওঁ নহয় জানো। বেয়া দৃষ্টি যাব নোৱাৰে। এইটো দৃঢ়ভাৱে বুজা - আমি আত্মা হওঁ। বাবাই আমাক পঢ়ায়, আমি আত্মাসকলে এই শৰীৰৰ দ্বাৰা পঢ়োঁ। এইবোৰ অৰ্গেন্স (ইন্দ্ৰিয়) হয়। আমি আত্মাসকল ইয়াৰ পৰা পৃথক, এই কৰ্মেন্দ্ৰিয়বোৰৰ দ্বাৰা আমি কৰ্ম কৰোঁ। মই জানো কৰ্মেন্দ্ৰিয় হওঁ। মই ইয়াৰ পৰা পৃথক আত্মা হওঁ। এই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰোঁ, সেয়াও অলৌকিক। আৰু কোনো মনুষ্যই এই ভূমিকা পালন নকৰে। তোমালোকে পালন কৰা। বাৰে বাৰে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। আকৌ তেৱেঁই আমাৰ শিক্ষকো হয়, গুৰুও হয়। সেই সাকাৰ পিতা-গুৰু বেলেগ বেলেগ হয়। এয়া নিৰাকাৰী এজনেই পিতা-শিক্ষক-গুৰু হয়। ইয়াত সন্তানসকলে এতিয়া নতুন শিক্ষা লাভ কৰি আছে। পিতা-শিক্ষক-গুৰু তিনিওজনেই নিৰাকাৰী। আমিও নিৰাকাৰ সন্তানসকলে পঢ়োঁ সেইবাবেতো বুজিব পাৰি যে আত্মা-পৰমাত্মা বহুকাল পৃথকে থাকিল। মিলন ইয়াতেই হয়। যিহেতু পিতা আহি পাৱন কৰি তুলিবলগীয়া হয়। মূলবতনত আত্মাসকল গৈ মিলিত হ'ব। তাততো কোনো খেল নহয়, সেয়াতো হৈছে নিজৰ ঘৰ। তাত সকলো আত্মা থাকে। অন্তিমত সকলো আত্মা তালৈ গুচি যাব। যিসকল আত্মা ভূমিকা পালন কৰিবলৈ আহে, তেওঁলোক মাজতে উভতি যাব নোৱাৰে। অন্তিমলৈকে ভূমিকা পালন কৰিব লাগে। পুনৰ্জন্ম লৈ থাকিব লাগে, যাতে সকলোবোৰ আত্মা আহি যায়। সতোপ্ৰধানৰ পৰা সতো-ৰজো-তমোত আহি যায়। আকৌ শেষৰ ফালে নাটক পুৰা হয় তেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হব লাগে। পিতাই সকলোবোৰ কথাতো ঠিকেই বুজায় নহয় জানো। জ্ঞান মাৰ্গ হয়েই সত্য। সত্যম্‌ শিৱম্‌ সুন্দৰম্‌ বুলি কোৱা হয় নহয়। সত্য কওঁতা এজনেই পিতা, এই সংগমত পুৰুষাৰ্থী হবলৈ এই এজনেই সত্যৰ সংগ পোৱা যায়। পিতা যেতিয়া আহে, সন্তানসকলৰ সৈতে মিলিত হয়, তেতিয়াহে তেওঁকে সৎসঙ্গ বুলি কোৱা হয়। বাকী সকলো কুসঙ্গ। গায়ন কৰা হয় - সৎসঙ্গই উদ্ধাৰ কৰে কুসঙ্গই বুৰায় কুসঙ্গ হৈছে ৰাৱণৰ। পিতাই কয় - মইতো তোমালোকক পাৰলৈ যাওঁ। পুনৰ তোমালোকক ডুবায় কোনে? তমোপ্ৰধান কেনেকৈ হৈ যোৱা, সেয়াও শুনাবলগীয়া হয়। সন্মুখত শত্ৰু হৈছে মায়া। শিৱবাবা হৈছে মিত্ৰ। তেওঁক কোৱা হয় স্বামীসকলৰো স্বামী। এই মহিমা কোনো ৰাৱণৰ নহয়। কেৱল ৰাৱণ বুলি ক'ব, বচ আৰু একো নাই। ৰাৱণক কিয় জ্বলায়? তাতো তোমালোকে বহুত ছাৰ্ভিচ (সেৱা) কৰিব পাৰা। কোনো মনুষ্য মাত্ৰই নাজানে ৰাৱণ কোন হয়? কেতিয়া আহে, কিয় জ্বলায়? ব্লাইণ্ড ফেইথ্‌ (অন্ধবিশ্বাস) আছে নহয়। তোমালোক সন্তানসকলৰ বুজোৱাৰ অথৰিটি (কৰ্তৃত্ব) আছে। যেনেকৈ সেই শাস্ত্ৰ অথৰিটিৰে (কৰ্তৃত্বৰে) শুনায় নহয় জানো। শুনোঁতাসকলো বৰ মগ্ন হৈ যায়। ধন দি থাকে। সংস্কৃত শিকোৱা, গীতা শিকোৱা। ইয়াৰ বাবেও বহুত ধন দিয়ে। পিতাই বুজায় - সন্তানসকল তোমালোকে কিমান ৱেষ্ট অফ্‌ টাইম (সময়ৰ অপচয়), ৱেষ্ট অফ্‌ মানি (ধনৰ অপচয়) কৰি আহিছা।

তোমালোকৰ ওচৰলৈ যিসকল এই ব্ৰাহ্মণ কুলৰ হ'ব তেওঁলোক আহি থাকিব সেইকাৰণে তোমালোকে প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা। ইয়াৰ ফুল হ'লে নিশ্চয় আহিব। এই বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। পিতাই বীজ ৰোপণ কৰিলে এজন ব্ৰহ্মা তেওঁৰ পৰা আকৌ ব্ৰাহ্মণ কুল হয়। এজনৰ পৰা বৃদ্ধি হৈ গ'ল। প্ৰথমতে ঘৰৰ লোকসকল তাৰপাচত মিত্ৰ সম্বন্ধীয় ওচৰ-চুবুৰীয়াসকল আহিবলৈ ললে। আকৌ শুনি শুনি কিমান আহি যায়। এনেকৈ ভাবে যে এয়াও সৎসঙ্গ হয়। কিন্তু ইয়াত পবিত্ৰতাৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়, যাৰ বাবেই হুলস্থুলৰ সৃষ্টি হল। এতিয়াও হৈ থাকে সেইকাৰণে গালি দিয়ে। এনেকৈ কয় যে পলুৱাই নিছিল, পাটৰাণী কৰিছিল। পাটৰাণীতো স্বৰ্গত হ'ব নহয় জানো। নিশ্চয় ইয়াত পবিত্ৰ কৰি তুলিছিল। তোমালোকে সকলোকে শুনোৱা - এই জ্ঞান মহাৰাণী-মহাৰজা হোৱাৰ বাবে। নৰৰ পৰা নাৰায়ণ হোৱাৰ সঁচা কাহিনী তোমাোলোকে সঁচা ভগৱানৰ পৰা শুনা। এই লক্ষ্মী-নাৰায়ণক কোনেও ভগৱান-ভগৱতী বুলি কব নোৱাৰে। কিন্তু পূজাৰীসকলে নাৰায়ণৰ চিত্ৰক ইমান নামানে যিমান কৃষ্ণক মানে। কৃষ্ণৰ চিত্ৰ বহুত ক্ৰয় কৰে। কৃষ্ণৰ ইমান মান কিয়? কিয়নো সৰু শিশু হয় নহয় জানো। মহাত্মাতকৈও শিশুসকলক উচ্চত ৰাখে কিয়নো মহাত্মাসকলেতো ঘৰ-সংসাৰ আদি সকলো ৰচনা কৰি পাচত ত্যাগ কৰে। কোনোবা বাল ব্ৰহ্মচাৰীও থাকে। কিন্তু তেওঁলোকে জানে কাম-ক্ৰোধ কি হয়। শিশুসকলে নাজানে সেইকাৰণে মহাত্মাতকৈও উচ্চ বুলি কোৱা হয় সেইবাবে কৃষ্ণক বেছি মান দিয়ে। কৃষ্ণক দেখি বহুত আনন্দিত হয়। ভাৰতৰ লৰ্ড কৃষ্ণ হয়। কন্যাসকলেও কৃষ্ণক বহুত মৰম কৰে। তেওঁৰ নিচিনা পতি বিচাৰে, তেওঁৰ নিচিনা সন্তান বিচাৰে। কৃষ্ণৰ বহুত আকৰ্ষণ আছে। সতোপ্ৰধান হয় নহয় জানো। পিতাই কৈ থাকে, যিমান স্মৃতিত থাকিবা সিমান তমোপ্ৰধানৰ পৰা তমো ৰজোত আহি থাকিবা আৰু আনন্দিতও হ'বা। প্ৰথমতে তোমালোক সতোপ্ৰধান আছিলা তেতিয়া বহুত আনন্দ আছিল পাচত কলা কম হৈ যায়। তোমালোকে যিমান স্মৰণ কৰি থাকিবা তেতিয়া সুখো সিমানে ফিল (অনুভৱ) হব আৰু তোমালোক ট্ৰান্সফাৰ (স্থানান্তৰিত) হৈ গৈ থাকিবা। তমোৰ পৰা ৰজো সতোত আহি থাকিবা তেতিয়া শক্তি, আনন্দ, ধাৰণা বাঢ়ি গৈ থাকিব। এই সময়ত তোমালোকৰ হৈছে আৰোহণ কলা। শিখসকলে গায়ো যে তোমালোকৰ ভাল হলে সকলোৰে ভাল হয়। তোমালোকে জানা যে এতিয়া আমাৰ স্মৃতিৰ দ্বাৰা আৰোহণ কলা হয়। যিমান স্মৰণ কৰিবা সিমান উচ্চ আৰোহণ কলা হ'ব। সম্পূৰ্ণ হ'ব লাগে নহয় জানো। চন্দ্ৰমাৰো ৰেখা থাকি যায় আকৌ কলা বাঢ়ি বাঢ়ি সম্পূৰ্ণ হৈ যায়। তোমালোকৰ ক্ষেত্ৰতো এনেকুৱা। চন্দ্ৰমাৰো গ্ৰহণ লাগে তেতিয়া কয় দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। তোমালোকে ততালিকে 5 বিকাৰৰ দান দিব নোৱাৰা। চকুৱেও কিমান প্ৰবঞ্চনা কৰে। বুজি নাপায় যে আমাৰ কু-দৃষ্টি যায়। আমি যিহেতু ব্ৰহ্মাকুমাৰ-কুমাৰী হলোঁ গতিকে ভাই-ভনী হৈ গলোঁ। আকৌ যদি অন্তৰে বিচাৰে যে এওঁক স্পৰ্শ কৰোঁ তেন্তে সেয়া ব্ৰাদাৰ্লী লভ (ভাতৃ প্ৰেম) আঁতৰি স্ত্ৰীভাৱৰ ক্ৰিমিনেল লভ (বিকাৰী প্ৰেম) হৈ যায়। কিছুমানৰ ভিতৰি অন্তৰ দহি থাকে যে মই পিতাৰ হ'লো গতিকে মোক কোনেও বেয়া দৃষ্টিৰে হাত লগাব নোৱাৰে। আকৌ কয় বাবা এওঁ মোক হাত লগায়, মোৰ ভাল নালাগে। বাবাই তেতিয়া মুৰুলীত শুনায় - ইয়াৰ দ্বাৰা তোমালোকৰ অৱস্থা ঠিকে নাথাকিব। যদিও মুৰুলী বহুত ভালকৈ শুনায়, বহুতকে বুজায় কিন্তু অৱস্থা ভাল নহয়। কু-দৃষ্টি হৈ যায়। ইমান লেতেৰা সৃষ্টি। সন্তানসকলে বুজি পায় লক্ষ্য বহুত উচ্চ। পিতাৰ স্মৃতিত চেন্সীবল (যুক্তিযুক্ত) হৈ থাকিব লাগে। আমি ব্ৰহ্মাকুমাৰ-কুমাৰী হওঁ। আমাৰ আত্মিক কানেকশ্বন (সম্পৰ্ক) আছে, ব্লাড কানেকশ্বন (তেজৰ সম্পৰ্ক) নাই। এনেয়েতো তেজেৰেই সকলোৱে জন্ম হয়, সত্যযুগতো ব্লাড কানেকশ্বন (তেজৰ সম্পৰ্ক) থাকে কিন্তু সেই শৰীৰ যোগবলেৰে পোৱা যায়। কব বিকাৰ অবিহনে সন্তান কেনেকৈ জন্ম হব! পিতাই কয় - সেইখন হয়েই নিৰ্বকাৰী সৃষ্টি, তাত বিকাৰ নাথাকেই। তাতো যদি নগ্ন হয় তেন্তে তাতো ৰাৱণ ৰাজ্য হৈ যাব। পুনৰ ইয়াৰ আৰু তাৰ মাজত পাৰ্থক্যই বা কি থাকিল! এই সকলোবোৰ বুজিবলগীয়া কথা। বেয়া দৃষ্টি নাইকিয়া কৰিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। কলেজত লৰা-ছোৱালীয়ে একেলগে পঢ়ে, তেতিয়া বহুতৰে ক্ৰিমিনেল আই (কু-দৃষ্টি) হৈ যায়। সন্তানসকলক বুজাব লাগে যে আমি গড্‌ ফাদাৰৰ সন্তান হওঁ গতিকে পৰস্পৰ ভাই-ভনী হৈ গলা। তেন্তে বেয়া দৃষ্টি কিয় ৰাখা। সকলোৱে কয়ো যে আমি ঈশ্বৰৰ সন্তান। আত্মাসকলতো হল নিৰাকাৰী সন্তান। আকৌ পিতাই ৰচনা কৰে তেন্তে নিশ্চয় সাকাৰী ব্ৰাহ্মণ ৰচনা কৰিব। প্ৰজাপিতা ব্ৰহ্মাতো সাকাৰত হব নহয় জানো। সেয়া হৈ গল এডাপ্টশ্বন (তুলি লোৱা)। কোলাৰ সন্তান। মনুষ্যৰ বুদ্ধিত এইটো একেবাৰে উদয় নহয় যে প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি কেনেকৈ ৰচনা কৰে।

তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী ভাই-ভনী হলা। বেয়া দৃষ্টি যাতে নাযায় তাৰ বাবে বহুত সাৱধান হব লাগে। এই ক্ষেত্ৰত বহুতে কঠিনতাৰ সন্মুখীন হয়। উচ্চতকৈ উচ্চ পদ পাবলৈ হলেতো পৰিশ্ৰম কৰিব লাগিব। পিতাই কয় পবিত্ৰ হোৱা। তেওঁৰ কথাও কোনোবাই মানে, কোনোবাই নামানে। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। পৰিশ্ৰম অবিহনে উচ্চ কেনেকৈ হবা? সন্তানসকল সাৱধান হৈ থকা উচিত। ভাই-ভনীৰ অৰ্থই হৈছে এজন পিতাৰ সন্তান, তেন্তে বেয়া দৃষ্টি কিয় যাব লাগে। সন্তাসকলে বুজি পায় যে বাবাই ঠিক কথা কয় - আমাৰ ক্ৰিমিনেল (কু) দৃষ্টি যায়। স্ত্ৰীৰো যায়, পুৰুষৰো যায়। লক্ষ্য আছে নহয় জানো। নলেজতো (জ্ঞানতো) বহুত শুনায় কিন্তু চলনো পবিত্ৰ হব লাগে সেইবাবে বাবাই কয় - সকলোতকৈ অধিক প্ৰবঞ্চনা কৰোঁতা হৈছে এই দুচকু। মুখেও মেও মেও তেতিয়া কৰে যেতিয়া দুচকুৰে বস্তু দেখে তেতিয়া অন্তৰে বিচাৰে এইটো খাওঁ সেইকাৰণে কৰ্মেন্দ্ৰিয়বোৰৰ ওপৰত জয় লাভ কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পবিত্ৰতাৰ চলন ধাৰণ কৰিব লাগে। বেয়া দৃষ্টি, বেয়া চিন্তা সমাপ্ত কৰিবৰ কাৰণে নিজক এই কৰ্মেন্দ্ৰিয়বোৰৰ পৰা পৃথক আত্মা বুলি বুজিব লাগে।

(2) পৰস্পৰ আত্মিক কানেকশ্বন (সম্পৰ্ক) ৰাখিব লাগে, ব্লাড কানেকশ্বন (তেজৰ সম্পৰ্ক) নহয়। নিজৰ অমূল্য টাইম (সময়) আৰু মানি (ধন) ৱেষ্ট (অপচয়) কৰিব নালাগে। সংগদোষৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে।

বৰদান:
ব্ৰহ্ম-মুহূৰ্তৰ সময়ত বৰদান লওঁতা আৰু দিওঁতা পিতাৰ সমান বৰদানী, মহাদানী হোৱা

ব্ৰহ্ম-মুহূৰ্তৰ সময়ত বিশেষ ব্ৰহ্মলোক নিবাসী পিতা জ্ঞান সূৰ্যৰ লাইট আৰু মাইটৰ কিৰণ সন্তানসকলক বৰদানৰ ৰূপত দিয়ে। লগতে পিতা ব্ৰহ্মা ভাগ্য বিধাতাৰ ৰূপত ভাগ্য ৰূপী অমৃত বিলায় কেৱল বুদ্ধি ৰূপী কলহ অমৃত ধাৰণ কৰিবৰ বাবে যোগ্য হব লাগে। কোনো প্ৰকাৰৰ বিঘিনি বা বাধা যাতে নাথাকে। গতিকে গোটেই দিনটোৰ কাৰণে শ্ৰেষ্ঠ স্থিতি বা কৰ্মৰ মুহূৰ্ত উলিয়াব পাৰা কিয়নো অমৃতবেলাৰ বাতাৱৰণেই বৃত্তিক সলনি কৰোঁতা হয় সেইবাবে সেই সময়ত বৰদান লৈ দান দিয়া অৰ্থাৎ বৰদানী আৰু মহাদানী হোৱা।

স্লোগান:
ক্ৰোধীৰ কাম হৈছে ক্ৰোধ কৰা আৰু তোমালোকৰ কাম হৈছে স্নেহ দিয়া।