01.03.26    Avyakt Bapdada     Assame Murli     09.03.2009     Om Shanti     Madhuban


“*“পৰমাত্ম সংগৰ ৰং আৰু সংযুক্ত স্বৰূপৰ যথাৰ্থ হোলী উদ্‌যাপন কৰা”*”


আজি পৱিত্ৰতম পিতাই নিজৰ পৱিত্ৰ সন্তানসকলৰ সৈতে হোলী (ফাকুৱা উৎসৱ) উদ্‌যাপন কৰিবলৈ আহিছেহঁক। সকলো সন্তান হোলী (পৱিত্ৰ) সন্তান। তোমালোকেও সকলো হোলী উদ্‌যাপন কৰিবলৈ আহিছা। ভাবি চোৱা, তোমালোক হোলী আত্মাসকলৰ ওপৰত কোনটো ৰং লাগিল যাৰ বাবে তোমালোক হোলী হৈ গ’লা! ৰঙতো অনেক আছে কিন্তু তোমালোকৰ ওপৰত কোনটো ৰং লাগিল? সকলোতকৈ শ্ৰেষ্ঠ ৰং কোনটো, যাৰ দ্বাৰা তোমালোক হোলী হৈ গ’লা? সকলোতকৈ শ্ৰেষ্ঠ ৰং হ’ল পৰমাত্ম সংগৰ ৰং। তেন্তে পৰমাত্ম সংগৰ ৰং লগাৰ ফলত সহজেই হোলী হৈ গ’লা কিয়নো পৰমাত্ম সংগ হৈছে অবিনাশী সংগৰ ৰং অন্য ৰঙতো অলপ সময়ৰ বাবেহে থাকে কিন্তু পৰমাত্ম সংগৰ ৰং লগাৰ ফলত সহজেই হোলী অৰ্থাৎ পৱিত্ৰ হৈ গ’লা। আত্মাৰ ৰং অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হৈ গ’ল কিয়নো তোমালোক সকলোৱে পৰমাত্মাক নিজৰ সংগী কৰি ল’লা, তেওঁৰ সান্নিধ্য ল’লা সেইবাবে সংযুক্ত হৈ গ’লা। এই সংযুক্ত স্বৰূপ ভাল লাগে নহয়! এই সংযুক্ত ৰূপ কেতিয়াও পৃথক হ’ব নোৱাৰে। অনুভৱ আছে নহয়! সদায় সংযুক্ত হৈ থাকা নহয়! অকলে নহয়। মায়াই অকলশৰীয়া কৰাৰ চেষ্টা কৰে কিন্তু যি সদায় সংযুক্ত হৈ থাকোঁতা তেওঁ কেতিয়াও পৃথক হ’ব নোৱাৰে কিয়নো মায়াই পৃথক কৰি আকৌ পুৰণি সংস্কাৰবোৰ জাগ্ৰত কৰে আৰু পুৰণি সংস্কাৰ জাগ্ৰত হৈ গ’লে শুদ্ধ সংস্কাৰ নিষ্ক্ৰিয় হৈ যায়। পুৰণি সংস্কাৰ হ’ল – অমনোযোগিতা আৰু এলাহ, এয়া ভিন্ন ভিন্ন ৰূপত জাগ্ৰত হোৱাৰ ফলত সংযুক্ত ৰূপ পৃথক হৈ যায়। গতিকে প্ৰত্যেকে নিজক পৰীক্ষা কৰা যে সদায় সংযুক্ত হৈ থাকোঁনে নে কেতিয়াবা অকলশৰীয়াও হৈ যাওঁ? মায়াৰ অনেক স্বৰূপকতো জানি গৈছা নহয়? মায়াই চতুৰালিৰে নিজৰ ৰং লগাই দিয়ে। পৃথক হোৱা অৰ্থাৎ মায়াৰ ৰঙেৰে ৰঙীন হোৱা। এই অমনোযোগিতা, এলাহ বহুত ভিন্ন ভিন্ন ৰূপত আহে আৰু সন্তানসকলেও সেয়া চিনিব নোৱাৰে কিয়নো মায়াই নিজৰ ফালে আকৰ্ষিত কৰি লয়। এই অমনোযোগিতা আৰু এলাহ যি ৰাৱণৰ সম্পদ, এয়া পিতাৰ সম্পদ নহয়, ৰাৱণৰ সম্পদক সন্তানসকলেও বৰ নিচাৰে কয় যে মই নিবিচাৰোঁ, এয়া মোৰ সংস্কাৰ। সংস্কাৰ মোৰ বুলি ক’বলৈ ধৰে। এয়া জানো পৰমাত্ম সম্পদ নে ৰাৱণৰ সম্পদ? তাক মোৰ সংস্কাৰ বুলি কোৱা, ভাবি চোৱাচোন, এয়া শুদ্ধনে? মোৰ কৰি লোৱা, এয়া মায়াৰ চতুৰালি। পিতাৰ সম্পদ প্ৰিয় নে এই ৰাৱণৰ সম্পদ প্ৰিয়? সাধাৰণ ৰীতিৰে সন্তানসকলে নিজক বচাবলৈ কৈ দিয়ে যে মোৰ সংস্কাৰ, মই নিবিচাৰোঁ। তেন্তে ভাবি চোৱাচোন এয়া জানো মোৰ! পিতাই কয় যে ৰাৱণৰ সম্পদ নিজৰ কৰি ল’লে ধীৰে ধীৰে যি শুভ সংস্কাৰ আছিল সেয়া সমাপ্ত হৈ যায়। পৰমাত্ম সংগৰ ৰং ঢিলা হৈ যায় আৰু মায়াৰ ৰং জাগ্ৰত হৈ যায়। গতিকে চলোঁতে-ফুৰোঁতে নিজকেই পৰীক্ষা কৰিব লাগে, কোনটো ৰং লাগি আছে? জগতৰ লোকেও হোলীত কি কৰে? প্ৰথমে বেয়াবোৰ জ্বলায় আকৌ ৰং লগায়, উদ্‌যাপন কৰে। গতিকে তোমালোকৰ ওপৰত বাপদাদাই সংগৰ ৰঙতো লগালে কিন্তু লগতে জ্ঞানৰ ৰং, শক্তিৰ ৰং গুণৰ ৰং, সেয়া লাগি থাকে।

তেন্তে সকলোৰে ওপৰত এই আত্মিক ৰং লাগি আছে নহয়! লাগি আছেনে? হাত দাঙা। আত্মিক ৰং লাগি গ’ল, এৰিতো নযায় নহয়! যাৰ ওপৰত আত্মিক ৰং লাগি গ’ল, অবিনাশী ৰং লাগি গ’ল, তাৰ ওপৰত অন্য কোনো ৰং লাগিব নোৱাৰে। এই ৰঙৰ দ্বাৰা কিমান হোলী হৈ গ’লা? যে গোটেই কল্পত তোমালোকৰ নিচিনা হোলী, পৱিত্ৰ আৰু কোনো হ’ব নোৱাৰে। তোমালোকৰ পৱিত্ৰতা প্ৰভুৰ সংগৰ ৰং, পৰমাত্মাৰ সৈতে সংযুক্ত হৈ থকাৰ অনুভৱ সকলোতকৈ অনন্য আৰু মধুৰ। বাকী যিসকল হোলী, পৱিত্ৰ হয় তেওঁলোকৰ শৰীৰ পৱিত্ৰ নহয়, আত্মা পৱিত্ৰ হয় কিন্তু তোমালোক এনেকুৱা হোলী, পৱিত্ৰ হোৱা যে তোমালোকৰ শৰীৰ আৰু আত্মা দুয়োটা পৱিত্ৰ হৈ থাকে আৰু পৱিত্ৰতাক সুখ, শান্তি, প্ৰেম, আনন্দৰ মাতৃ বুলি কোৱা হয়। য’ত পৱিত্ৰতা আছে ত’ত সুখ-শান্তি লগত আছেই কিয়নো য’ত মাতৃ থাকে ত’ত সন্তান থাকে কিয়নো পিতা আহি তোমালোকক এনেকুৱা হোলী কৰি তোলে যে তোমালোকৰ জড় চিত্ৰ কিমান বিধিপূৰ্বক পূজা কৰা হয়। কলিযুগৰ অন্তিম জন্মতো তোমালোকে নিজৰ চিত্ৰবোৰ চোৱা কেনেকৈ বিধিপূৰ্বক সেইবোৰৰ পূজা হয়, এয়া হৈছে পৱিত্ৰতাৰ বিশেষত্ব, অন্য কিমান মহান আত্মা, ধৰ্ম আত্মা পৱিত্ৰ হৈছে কিন্তু মন্দিৰ কাৰো নিৰ্মাণ নহয়। এনেকুৱা বিধি পূৰ্বক পূজা কাৰো নহয় আৰু অন্তিম জন্মলৈকে তোমালোকৰ চিত্ৰবোৰেও আশীৰ্বাদ দি থাকে। অলপ সময়ৰ সুখ-শান্তি অনুভৱ কাৰায়। তেন্তে তোমালোকৰ হোলী আৰু জগতৰ হোলীৰ মাজত কিমান পাৰ্থক্য! যদিও মনোৰঞ্জনৰ বাবে তোমালোকেও কম বেছি পৰিমাণে পালন কৰা কিন্তু সঁচা হোলী পৰমাত্ম সংগৰ ৰঙৰ আৰু সংযুক্ত স্বৰূপৰ যথাৰ্থ হোলী তোমালোকে উদ্‌যাপন কৰা। হোলী মনুষ্যয়ো ভিন্ন ভিন্ন ৰূপত পালন কৰে, এনেও তোমালোকে জানা যে ‘হোলী’ শব্দৰো ৰহস্য আছে, যিটো তোমালোকেহে জানা, তোমালোকেহে পালন কৰা। হোলীৰ অৰ্থ হৈছে, ‘হো লী’, হৈ যোৱাটো হৈ গ’ল। গতিকে তোমালোক সকলোৱে পুৰণি জীৱন, পুৰণি কথা, পুৰণি সংস্কাৰ, পুৰণি ব্যৰ্থ সংকল্প ‘হো লী’ কৰি দিলা নহয়। যি পাৰ হৈ গ’ল সেয়া পাৰ কৰি দিয়া অৰ্থাৎ ‘হো লী’। তেন্তে এনেকৈ কৰিছানে? এতিয়াও কেতিয়াবা ভুলতে পুৰণি সংস্কাৰ আহি যায় নেকি? যেতিয়া আমাৰ জন্মই নতুন, তোমালোক সকলো জীৱন্তে মৃত হৈছা নহয়! হৈছানে? জীৱন্তে মৃতনে? হাত দাঙা। বাৰু। নতুন জন্ম হৈ গ’ল তেন্তে পুৰণি জন্ম কেনেকৈ স্মৃতিলৈ আহে? পুৰণি, পুৰণি হৈ গ’ল। যদি পাৰ হৈ যোৱা কথা বা সংকল্প, সংস্কাৰ জাগ্ৰত হয় তেন্তে কি বুলি কোৱা হ’ব? হোলী উদ্‌যাপন কৰিলানে? ‘হো লী’ নকৰিলা। পৰমাত্ম সংগৰ ৰঙ ভালদৰে লগা নাই। পৰমাত্ম সংগৰ ৰং লগা অৰ্থাৎ পুৰণি জন্ম পাহৰি যোৱা। পুৰণি কথাবোৰ পাহৰি যোৱা কিয়নো জীৱন্তে মৃত হৈ গ’লা নহয়। যেনেকৈ শৰীৰৰ পৰা এটা জন্ম ত্যাগ কৰি আন এটা লোৱা তেতিয়া জানো পুৰণি জন্ম স্মৃতিত থাকে? তেন্তে তোমালোক সকলো এতিয়া ব্ৰাহ্মণ জন্ম ধাৰণ কৰোঁতা হোৱা। গতিকে পিছৰ জন্মৰ সংস্কাৰ যাক ভুলতে “মোৰ সংস্কাৰ” বুলি কোৱা, সেয়া তোমালোকৰ হয় জানো? ব্ৰাহ্মণ জীৱনৰ এই সংস্কাৰ হয়নে? কেতিয়াবা অমনোযোগিতা, কেতিয়াবা মাৰ্জিত এলাহ, এলাহৰ বহুত ভিন্ন ভিন্ন ৰূপ আছে, কেতিয়াবা ইয়াৰ ওপৰত পাঠদানৰ ব্যৱস্থা কৰিবা। এলাহ কিমান প্ৰকাৰৰ আৰু কিমান মাৰ্জিত ৰূপত আহে!

তেন্তে ব্ৰাহ্মণ জীৱন অৰ্থাৎ নতুন জীৱন, ইয়াত পুৰণা একো থাকিব নোৱাৰে। তেন্তে আজি হোলী উদ্‌যাপন কৰিবলৈ আহিছা নহয়! গতিকে হোলী অৰ্থাৎ ‘হো লী’ গতিকে আজি হোলী উদ্‌যাপন কৰা অৰ্থাৎ পুৰণা সংস্কাৰৰ হোলী জ্বলোৱা। জ্বলোৱাৰ পাছতহে উদ্‌যাপন কৰিব লাগে। গতিকে এতিয়া তোমালোকৰ স্বৰূপ হৈছে উদ্‌যাপনৰ। জ্বলাই দিলা, এতিয়া উদ্‌যাপন কৰিব লাগে। প্ৰভুৰ সংগৰ ৰঙৰ মজা লওঁতা হোৱা। সংযুক্ত হৈ থকাৰ অনুভৱ কৰোঁতা, কিয়? পৱিত্ৰতম পিতাই তোমালোকৰ ওপৰত হোলী হোৱাৰ, পৱিত্ৰ হোৱাৰ ৰং লগাইছে।

তেন্তে আজি কি হোলী উদ্‌যাপন কৰি আছা? আজিৰ পৰা বিশেষকৈ কোনো পুৰণা সংস্কাৰ আহিবলৈ নিদিবা, এইটো হোলী উদ্‌যাপন কৰিব লাগে। উদ্‌যাপন কৰিব পাৰিবা নে কেতিয়াবা কেতিয়াবা আহি যাব? এই মাৰ্জিত শব্দ যে মই কৰিব খোজা নাছিলোঁ, কিন্তু মোৰ সংস্কাৰ। এইটো শব্দ আজি দৃঢ় সংকল্পৰ বিধিৰে সমাপ্ত কৰি লোৱা। এনেকুৱা হোলী আজি সদাকালৰ বাবে উদ্‌যাপন কৰিবলৈ সাহস আছেনে? নে কেতিয়াবা কেৰিয়াবা উদ্‌যাপন কৰিবা? যিসকলে ভাবা যে আজিৰ পৰা পুৰণা সংস্কাৰৰ হোলী, হো লী, যি হৈ গ’ল সেয়া অতীত হ’ল, জন্ম নতুন, সেই পুৰণা জন্ম শেষ। এনেকুৱা সাহস ৰাখোঁতা তোমালোক পিতাৰ অতিকৈ মৰমৰ কল্পৰ শেষত পুনৰাই লগ পোৱা সন্তান হোৱা নহয়। গতিকে এইটো সংকল্প নহয়, দৃঢ় সংকল্প কৰাৰ সাহস আছেনে? হাত দাঙা। সকলোৱে সাহস কৰিছে। বাৰু অলপ থাকিও গ’ল, কিন্তু তোমালোক সকলো সংগী হোৱা নহয়। দৃঢ় সংগী, দুয়োখন হাত দাঙা। এওঁলোক সকলোৰে ফটো তোলা। বাৰু। ডবল বিদেশীসকলেও দাঙি আছে।

গতিকে বাপদাদাই তোমালোকক পদম হোলীৰ, হো লী উদ্‌যাপন কৰাৰ পদমগুণ অভিনন্দন জনাই আছে। এতিয়া ভুলতো নিজৰ মুখেৰে এইটো শব্দ উচ্চাৰণ নকৰিবা। মোৰ সংস্কাৰ, ৰাৱণৰ সংস্কাৰক মোৰ বুলি কোৱা, আচৰিত! ৰাৱণক শত্ৰু বুলি কোৱা হয়, শত্ৰুৰ সম্পদ নিজৰ কৰি লোৱা এয়াতো আচৰিত কথা! তোমালোকো আচৰিত হৈছা নহয় যে কি কয়! ভুলতে কৈ দিয়ে। কৈ দিয়ে আকৌ ভিতৰি অন্তৰ দহিও থাকে, উপলব্ধিও কৰে, পিতাৰ সৈতে বাৰ্তালাপো কৰে, ক্ষমাও বিচাৰে। বাবা কাইলৈৰ পৰা নকৰোঁ। তথাপিও কৰি দিয়ে। এতিয়া বাপদাদাই কি কৰিব? চাই থাকিব জানো? এতিয়া এইটো শব্দৰ হোলী জ্বলাই দিয়া। চোৱা জ্বলাওঁতেও এটা বহুত ভাল কথা কয়, কোকি (মিঠা ৰুটি) সূতাৰে বান্ধি পকায়, যেতিয়া কোকি পকি যায় আৰু উলিয়াই আনে তেতিয়া কোকি পকি যায় কিন্তু সূতা নজ্বলে। এয়া তোমালোকে শিকা প্ৰথম পাঠ - আত্মা অবিনাশী আৰু শৰীৰ বিনাশী তাৰে প্ৰতীক। গতিকে বাপদাদাই দেখিছে যে এই উৎসৱ বা শাস্ত্ৰ ৰচনা কৰা সন্তানসকলৰো কম চমৎকাৰ নহয়। হওঁতেতো তেওঁলোকো পিতাৰেই সন্তান কিন্তু তোমালোক হ’লা কল্পৰ পাছত পুনৰাই মিলিত হোৱা। সেয়েহে যদিও তাত আটাত নিমখৰ পৰিমাণৰ দৰে কিন্তু বৰ ৰমণীয়তাৰে ৰচিছে। তোমালোকে চোৱা প্ৰতিটো উৎসৱৰ স্মাৰক তৈয়াৰ কৰিছে, কিন্তু অনেক কথা যিবোৰ সূক্ষ্ম সেইবোৰক স্থূল ৰূপ দি দিছে। কিন্তু স্মাৰকতো তৈয়াৰ কৰিছে নহয়! ভক্তিতো কম কৰা নাই, ভক্তিত দ্বাপৰ কলিযুগত তথাপিও কিবা নহয় কিবা স্মৃতিৰ কথা ৰাখিলে, অতি বিকাৰী হোৱাৰ পৰা ৰক্ষা কৰিলে। গতিকে বাপদাদাই এই সামগ্ৰী, উৎসৱ বা শাস্ত্ৰ ৰচনা কৰাসকলকো তাৰ ফল দিয়ে। তথাপিও ভক্তিত কিবাতো স্মৰণ কৰে, বিকাৰৰ পৰা অলপ সময়ৰ বাবে বাচি যায়।

তেন্তে তোমালোকে আজি কি হোলী উদ্‌যাপন কৰিলা? কি হোলী উদ্‌যাপন কৰিলা? হো লী, সকলোৱে কোৱা হো লী (যি হৈ গ’ল সেয়া অতীত হ’ল)। এনেকৈ কৰা (হাতৰ ইংগিত) হো লী। দৃঢ় হোৱা নহয়! উদ্‌যাপন কৰিলানে? উদ্‌যাপন কৰিলানে? বাৰু। আকৌ কাইলৈ মায়া আহিব, কিয়নো মায়ায়ো শুনি আছে কিন্তু তোমালোকে এনেকৈ নকৰিবা। (নিজৰ ফালে নামাতিবা) মজা আছে নহয়, এই ক্ষেত্ৰত মজা আছে নহয়। গতিকে আনন্দত থাকিবা।

পিতাক স্মৃতিত ৰাখিবা তেন্তে পিতাই আমাক কিমান আত্মিক ৰং ঢালি আছে, যাৰ দ্বাৰা তোমালোক পৱিত্ৰ হংস হৈ গ’লা। পৱিত্ৰ হংস অৰ্থাৎ নিৰ্ণয় শক্তি সম্পন্ন পৱিত্ৰ হংস। যিয়েই কাম কৰা নহয়, তেতিয়া এখন আসন স্থিৰ কৰি লোৱা, প্ৰথমে সেই আসনত স্থিৰ হৈ তাৰ পাছত নিৰ্ণয় কৰা, সেই আসনখন জানা, সেই আসনখন হৈছে ত্ৰিকালদৰ্শী আসন। প্ৰথমে ত্ৰিকালদৰ্শীৰ আসনত স্থিৰ হৈ তিনিওকালক চোৱা, কেৱল বৰ্তমান নহয়, আদি মধ্য অন্ত, তিনিওকালক চোৱা, তিনিওকালত লাভ হ’ল নে লোকচান? বহুত সন্তান বৰ চতুৰ। চতুৰালি শুনাওঁনে? কি কয়, এই কামটো কৰিবলগীয়া আছিল নহয়, সেইবাবে কাম কৰি ল’লোঁ। বাকী মই বুজি পাওঁ, কৰিব নালাগিছিল কিন্তু কৰি পেলালোঁ। কিন্তু কৰি পেলালা যেতিয়া কৰ্মৰ ফলতো পাবা নহয়! গতিকে চতুৰালি নকৰিবা। পিতাকো বহুত সন্তুষ্ট কৰে। ভুল কৰে আকৌ বাপদাদাক এনেকুৱা এনেকুৱা কথা শুনায় – বাবা আপুনিতো দয়ালু হয় নহয়! আপুনিতো ক্ষমাৰ সাগৰ হয় নহয়! পিতাকো সোঁৱৰাই দিয়ে যে আপুনি কোন! আপুনি কৈছে নহয় যে মোক শুনাই শেষ কৰি দিয়া। কিন্তু উপলব্ধিৰে শুনাই শেষ কৰি দিয়া। এটা শব্দ দৃঢ় কৰা, শুনাইতো দিয়া কিন্তু প্ৰথমে দৃঢ় সংকল্পৰে নিজক পৰিৱৰ্তন কৰি পাছত শুনোৱা। সন্তুষ্ট বহুত কৰা, আপুনি কৈছে নহয়! পিতাকো সোঁৱৰাই দিয়ে – আপুনি এইটো কৈছে নহয়, আপুনি এইটো কৈছে নহয়। বৰ চতুৰালি কৰে। এতিয়া চতুৰালি নকৰিবা, সাহস ৰাখিবা। কৰিবই লাগে, ‘ম’ ‘ম’ (কৰিম কৰিম) নকৰিবা।

বাপদাদাই গোটেই দিনটোত ‘ম’ ‘ম’ৰ গোৱা গীত বহুত শুনে। কৰিম, দেখুৱাম, হ’ম, কিন্তু গতি কি? ‘ম’ ‘ম’ বুলি কোৱাসকল পিতাৰ লগত যাবনে? পিতাতো সদাপ্ৰস্তুত আৰু ‘ম’ ‘ম’ বুলি কোৱাসকল সদাপ্ৰস্তুততো নহ’ল। তেন্তে পিতাৰ লগত কেনেকৈ যাবা? চাই থাকিব, পিতাৰ লগত গৈ আছে। পিতাৰ এটি এটি সন্তানলৈ পদমগুণ স্নেহ আছে। পিতাই নিবিচাৰে যে মোৰ সন্তান আৰু লগত নাযাব। যেতিয়া ঘৰলৈ ওভতাৰ সময় আহি পালে তেন্তে ঘৰলৈ নাযাবা জানো? কিয়নো ঘৰলৈ গৈ পুনৰ ৰাজ্যলৈ আহিব লাগে। যদি লগত ঘৰলৈ নোযোৱা তেন্তে পিতা ব্ৰহ্মাৰ লগত ৰাজ্যলৈও আহিব নোৱাৰিবা, পিছত আহিবা। তেন্তে তোমালোকৰ প্ৰতিশ্ৰুতি কি? লগত যাবা নে আহি যাবা… এই ক্ষেত্ৰতো ‘ম’ ‘ম’ বুলি ক’বা। গৈ পাই যাম, চাব বাবা নিশ্চয় গৈ পাই যাম। গতিকে এই ভাষা এতিয়া সমাপ্ত কৰা। বাৰু।

চাৰিওফালৰ সকলো সন্তানকো বাপদাদাই চাই আছে যে দূৰৈত বহিও বিজ্ঞানৰ সাধনৰ দ্বাৰা বেছিভাগ ঠাইতে সেৱাকেন্দ্ৰত তেওঁলোকেও বাপদাদাক চাই থাকে, তোমালোকে টোলী খোৱা নহয় তেনেকৈ তেওঁলোকেও টোলী বিলায়। গতিকে সকলোকে বাপদাদায়ো চাই আছে যে কেনেকৈ দূৰৈত বহিও সমীপতাৰ অনুভৱ কৰি আছে। গতিকে চাৰিওফালৰ সন্তানসকলক যিসকলে সদায় পিতাৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ হ’ব লাগে, এইটো সংকল্প ধাৰণ কৰিছে আৰু সময়ে সময়ে এই সংকল্পত দৃঢ়তাৰ বল দি থাকে, এনেকুৱা চাৰিওফালৰ শুভ সংকল্প ধাৰণ কৰোঁতা, লগতে পিতাৰ আশাবোৰ পূৰণ কৰোঁতা আশাৰ তৰাসকল, লগতে দাদীৰ বাণী, কৰ্মাতীত হ’বই লাগে, হ’বই লাগে, হ’বই লাগে… আৰু মম্মাৰ এইষাৰ বাণী যে সদায় যি কৰিব লাগে সেয়া আজিয়ে কৰা, কালিলৈ থৈ নিদিবা, আৰু দীদীৰ এইষাৰ বাণী এতিয়া ঘৰলৈ যাব লাগে- এয়া কাণত গুঞ্জৰিত হ’ব লাগে। বাৰে বাৰে এতিয়া ঘৰলৈ যাব লাগে। তেন্তে নিচাত থাকা যে কৰ্মাতীত হ’ব লাগে, এতিয়া ঘৰলৈ যাব লাগে। এইষাৰ বাণী বাৰে বাৰে স্মৃতিলৈ আনোঁতা সমৰ্থ আত্মাসকলক বাপদাদাৰ হোলী সন্তানসকলক হোলীৰ অভিনন্দন, আৰু লগতে সকলোকে বাপদাদাই আগতিয়াকৈ মধুবনৰ ‘ঘেৱৰ’ (ৰাজস্থানৰ এবিধ বিশেষ মিঠাই) আগতে সকলোৱে মুখ মেলা আৰু ‘ঘেৱৰ’ খোৱা, খালা, তেন্তে সকলোকে বহুত বহুত পদমগুণ বাপদাদা আৰু আগতীয়া দলৰ সকলো সন্তানক স্নেহপূৰ্ণ স্মৰণ আৰু পিতাৰ নমস্কাৰ।

বৰদান:
সকলো আত্মাৰ প্ৰতি স্নেহ আৰু শুভচিন্তক ভাৱনা ৰাখোঁতা দেহী-অভিমানী হোৱা

যেনেকৈ মহিমা কৰা আত্মাৰ প্ৰতি স্নেহৰ ভাৱনা থাকে তেনেকৈয়ে যেতিয়া কোনোবাই শিক্ষাৰ ইংগিত দিয়ে তেতিয়া তেনে ক্ষেত্ৰতো যাতে সেই আত্মাটিৰ প্ৰতি এনেকুৱাই স্নেহৰ, শুভচিন্তনৰ ভাৱনা থাকে যে এওঁ মোৰ বাবে আটাইতকৈ ডাঙৰ শুভচিন্তক – এনেকুৱা স্থিতিক দেহী-অভিমানী বুলি কোৱা হয়। যদি দেহী-অভিমানী নহয় তেন্তে নিশ্চয় অভিমান আছে। অভিমানী লোকে কেতিয়াও নিজৰ অপমান সহন কৰিব নোৱাৰে।

স্লোগান:
সদায় পৰমাত্ম প্ৰেমত লীন হৈ থাকা তেতিয়া দুখৰ জগত পাহৰি যাবা।

অব্যক্ত ইংগিত: “নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা”

যেতিয়া কোনো ডাঙৰৰ হাতত হাত থাকে তেতিয়া কনিষ্ঠৰ স্থিতি নিশ্চিন্ত, নিশ্চিত হৈ থাকে। তোমালোকৰ নিশ্চয়তা আছে যে প্ৰতিটো কৰ্মত বাপদাদা মোৰ লগতো আছে আৰু মোৰ এই অলৌকিক জীৱনৰ হাত তেওঁৰ হাতত আছে অৰ্থাৎ জীৱন তেওঁৰ অধীনত আছে তেতিয়া দ্বায়িত্ব তেওঁৰ হৈ যায়। সকলো বোজা পিতাৰ ওপৰত থৈ নিজক পাতল কৰি দিয়া তেতিয়া সদায় নিশ্চিন্ত হৈ থাকিবা আৰু প্ৰতিটো কৰ্ম সঠিক হ’ব।