01.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক সকলো পৰস্পৰ আত্মিক ভাই ভাই, তোমালোকৰ আত্মিক প্ৰেম থকা উচিত, আত্মাৰ প্ৰেম আত্মাৰ সৈতে থাকিব লাগে, শৰীৰৰ সৈতে নহয়

প্ৰশ্ন:
পিতাই নিজৰ ঘৰৰ কোনটো বিস্ময়কৰ কথা শুনাইছে?

উত্তৰ:
যিসকল আত্মা মোৰ ঘৰলৈ আহে, সেই আত্মাসকল নিজৰ নিজৰ শাখাত স্থিত হৈ যায়। সেই আত্মাসকল কেতিয়াও লৰচৰ নহয়। তাত সকলো ধৰ্মৰ আত্মা মোৰ সমীপত থাকে। তাৰ পৰা ক্ৰমানুসৰি নিজৰ নিজৰ সময়ত ভূমিকা পালন কৰিবলৈ আহে, এই অপূৰ্ব জ্ঞান এই সময়ত কল্পত এবাৰহে তোমালোকে পোৱা। আন কোনেও এই জ্ঞান দিব নোৱাৰে।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায়। সন্তানসকলে জানে যে আমাক আত্মাসকলক পিতাই বুজায় আৰু পিতাই নিজক আত্মাসকলৰ পিতা বুলি বুজে। এনেকৈ কোনেও নুবুজে বা কেতিয়াও কোনেও নুবুজায় যে নিজক আত্মা বুলি বুজা। এই পিতাইহে বহি আত্মাসকলক বুজায়। এই জ্ঞানৰ প্রালব্ধ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকে নতুন সৃষ্টিত লাভ কৰিবাগৈ। এইটোও সকলোৰে স্মৃতিত নাথাকে যে এই সৃষ্টি এতিয়া পৰিৱৰ্তন হব, পৰিৱৰ্তন কৰোঁতা হৈছে পিতা। ইয়াত সন্মুখত বহি আছা, ঘৰলৈ গলেই গোটেই দিন নিজৰ কাম-কাজত লাগি যোৱা। বাবাৰ শ্ৰীমত হৈছে সন্তানসকল, তোমালোক যতেই নাথাকা মোক স্মৰণ কৰি থাকা। যেনেকৈ কন্যাই নাজানে যে মই কেনেকুৱা পতি পাম, চিত্ৰ দেখিলে তেতিয়া তেওঁৰ স্মৃতিত স্থায়ী হৈ যায়। যতেই নাথাকক কিয় উভয়ে উভয়ক স্মৃতিলৈ আনি থাকে, ইয়াক পাৰ্থিৱ প্ৰেম বুলি কোৱা হয়। এয়া হৈছে আত্মিক প্ৰেম। আত্মিক প্ৰেম কাৰ সৈতে? সন্তানসকলৰ আত্মিক পিতাৰ সৈতে আৰু সন্তানসকলৰ পৰস্পৰৰ। তোমালোক সন্তানসকলৰ পৰস্পৰৰ বহুত প্ৰেম থকা উচিত অৰ্থাৎ আত্মাৰ আত্মাৰ সৈতে প্ৰেম থকা উচিত। এই শিক্ষাও তোমালোক সন্তানসকলে এতিয়া পোৱা। জগতৰ মনুষ্যই একো নাজানে। তোমালোক সকলো ভাই ভাই গতিকে পৰস্পৰৰ নিশ্চয় প্ৰেম থকা উচিত কিয়নো এজন পিতাৰে সন্তান নোহোৱা জানো। ইয়াকে কোৱা হয় আত্মিক প্ৰেম। ড্ৰামাৰ পৰিকল্পনা অনুসৰি কেৱল পুৰুষোত্তম সংগমযুগতহে আত্মিক পিতা আহি আত্মিক সন্তানসকলক সন্মুখত বুজায়। আৰু সন্তানসকলে জানে যে পিতা ইয়ালৈ আহিছে। আমাক সন্তানসকলক ফুলৰ দৰে, পৱিত্ৰ, পতিতৰ পৰা পাৱন কৰি লগত লৈ যাব। এনেকুৱা নহয় যে হাতেৰে ধৰি লৈ যায়। সকলো আত্মা ফৰিঙৰ জাকৰ দৰে উৰি যাবগৈ। সিহঁতৰো কোনোবা মাৰ্গ- দৰ্শক থাকে। মাৰ্গ-দৰ্শকৰ লগত আৰু অন্য মাৰ্গ-দৰ্শক থাকে যি একেবাৰে আগত থাকে। গোটেই জাকটো যেতিয়া একেলগে উৰে বহুত শব্দ হয়। জাক ইমান ডাঙৰ হয় যে সূৰ্যৰ ৰশ্মিকো ঢাকি পেলায়। তোমালোক আত্মাসকলৰতো কিমান অগণন জাক আছে। কেতিয়াও গণনা কৰিব নোৱাৰা। ইয়াত মনুষ্যৰ গণনা কৰিব নোৱাৰি। তথাপি লোকপিয়ল কৰে। সেয়াও সঠিক নহয়। কিমান আত্মা আছে, তাৰ হিচাপ কেতিয়াও উলিয়াব নোৱাৰে। সত্যযুগত কিমান মনুষ্য হব তাৰ অনুমান কৰা হয় কিয়নো কেৱল ভাৰতহে থাকি যায়। তোমালোকৰ বুদ্ধিত আছে যে আমি বিশ্বৰ মালিক হবলৈ গৈ আছোঁ। আত্মা যেতিয়া শৰীৰত থাকে তেতিয়া জীৱাত্মা বুলি কোৱা হয়, তেতিয়া দুয়ো একেলগে সুখ বা দুখ ভোগ কৰে। বহু লোকে এনেকৈ বুজি লয় যে আত্মাই পৰমাত্মা, আত্মাই কেতিয়াও দুখ ভোগ নকৰে, নিৰ্লেপ হয়। বহুত সন্তান এইটো কথাত বিভ্ৰান্ত হয় যে মই নিজক আত্মা বুলি নিশ্চয় কৰিলোৱেই যেনিবা কিন্তু পিতাক কত স্মৰণ কৰোঁ? এইটোতো জানা যে পিতা হৈছে পৰমধাম নিবাসী। পিতাই নিজৰ পৰিচয় দিছে। যতেই চলা-ফুৰা নকৰা কিয় পিতাক স্মৰণ কৰি থাকিবা। পিতা পৰমধামত থাকে। তোমালোক আত্মাসকলো তাৰেই নিবাসী আকৌ ইয়াত ভূমিকা পালন কৰিবলৈ আহা। এই জ্ঞানো এতিয়াহে পাইছা।

যেতিয়া তোমালোক দেৱতা হৈ থাকা তাত তোমালোকৰ এইটো স্মৃতি নাথাকে যে অমুক অমুক ধৰ্মৰ আত্মা ওপৰত আছে। ওপৰৰ পৰা আহি ইয়াত শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে তাত এইটো চিন্তন নচলে। আগেয়ে এইটো জনা নাছিলা যে পিতাও পৰমধামত থাকে, তাৰ পৰা ইয়ালৈ আহি শৰীৰত প্ৰৱেশ কৰে। এতিয়া তেওঁ কাৰ শৰীৰত প্ৰৱেশ কৰে, তেওঁ নিজৰ ঠিকনা শুনায়। তোমালোকে যদি লিখা যে শিৱবাবা মাৰফৎ পৰমধাম তেন্তে পৰমধামলৈতো চিঠি যাব নোৱাৰে সেয়েহে এনেকৈয়ে লিখা শিৱবাবা মাৰফৎ ব্ৰহ্মা, আকৌ ইয়াৰ ঠিকনা লিখা কিয়নো তোমালোকে জানা যে পিতা ইয়ালৈকে আহে, এই ৰথত প্ৰৱেশ কৰে। এনেয়েতো আত্মাসকলো ওপৰৰে নিবাসী। তোমালোক হৈছা ভাই ভাই। সদায় এনেকৈয়ে বুজিবা যে এওঁ আত্মা, এওঁৰ নাম অমুক। আত্মা বুলি ইয়াত চোৱা, কিন্তু মনুষ্য দেহ-অভিমানত আহি যায়। পিতাই দেহী-অভিমানী কৰি তোলে। পিতাই কয় - তোমালোকে নিজক আত্মা বুলি বুজা আৰু মোক স্মৰণ কৰা। এই সময়ত পিতাই বুজায় - যেতিয়া মই ইয়ালৈ আহোঁ, আহি সন্তানসকলক জ্ঞানো দিওঁ। পুৰণা ইন্দ্ৰিয় লওঁ যাৰ ভিতৰত এই মুখ হৈছে মুখ্য, চকুও আছে, জ্ঞান অমৃত মুখৰ দ্বাৰা পোৱা যায়। গোমুখ বুলিও কয় অর্থাৎ এয়া মাতাৰ মুখ। বৰ মাৰ দ্বাৰা তোমালোকক তুলি লয়। কোনে? শিৱবাবাই। তেওঁ ইয়াতে আছে নহয়। এই গোটেই জ্ঞান বুদ্ধিত থাকিব লাগে। মই তোমালোকক প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তুলি লওঁ। গতিকে এওঁ মাও হৈ গল। গায়নো কৰা হয় - তুমিয়ে মাতা-পিতা, আমি তোমাৰ সন্তান..। গতিকে তেওঁ সকলো আত্মাৰ পিতা। তেওঁক মাতা বুলি কোৱা নহয়। তেওঁতো পিতাই হয়। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়, আকৌ মাতাও লাগে। তেওঁ ইয়ালৈ আহে। এতিয়া তোমালোকে গম পাইছা যে পিতা ওপৰত থাকে। আমি আত্মাসকলো ওপৰত থাকোঁ। আকৌ ইয়ালৈ ভূমিকা পালন কৰিব আহে। জগতৰ লোকে এইবোৰ কথা একোৱে নাজানে। তেওঁলোকেতো পাথৰ, শিলগুটি সকলোতে পৰমাত্মা আছে বুলি কৈ দিয়ে, তেনেহলেতো অগণন হৈ যাব। ইয়াকে ঘোৰ অন্ধকাৰ বুলি কোৱা হয়। গায়নো আছে - জ্ঞান সূৰ্য প্ৰকট হল, অজ্ঞান অন্ধকাৰ বিনাশ হল। এই সময়ত তোমালোকৰ জ্ঞান আছে এয়া হল ৰাৱণৰাজ্য, যাৰ কাৰণে অন্ধকাৰ হৈ আছে। তাততো ৰাৱণৰাজ্য নাথাকেই সেইবাবে কোনো বিকাৰো নাই। দেহ-অভিমানো নাই। তাত আত্মঅভিমানী হৈ থাকে। আত্মাৰ জ্ঞান থাকে এতিয়া শিশু, এতিয়া মই ডেকা হৈছোঁ, এতিয়া শৰীৰ বৃদ্ধ হৈছে, সেইবাবে এতিয়া এই শৰীৰ এৰি আন এটা লব লাগে। তাত এনেকৈ কোৱা নহব যে অমুকৰ মৃত্যু হল। সেয়াতো হয়েই অমৰলোক। আনন্দেৰে এটা শৰীৰ এৰি আন এটা লয়। এতিয়া আয়ুস পূৰা হল, এইটো এৰি নতুন লব লাগে, সেইবাবে সন্ন্যাসী লোকসকলে সাপৰ দৃষ্টান্ত দিয়ে। দৃষ্টান্ত বাস্তৱত পিতাইহে দিয়া। সেইটোকে আকৌ সন্ন্যাসীসকলে ব্যৱহাৰ কৰে। সেইবাবে পিতাই কয় মই তোমালোকক এয়া যি জ্ঞান দিওঁ, সেয়া প্ৰায় লোপ হৈ যায়। পিতাৰ কথাও আছে, সেইদৰে চিত্ৰও আছে কিন্তু সেয়া যেন আটাত নিমখৰ পৰিমাণৰ দৰে। গতিকে পিতাই বহি অৰ্থ বুজায় যেনেকৈ সাপে মোট সলায় আৰু নতুন ছাল আহি যায়। সাপৰ ক্ষেত্ৰত এনেকৈ কোৱা নহব যে এটা শৰীৰ এৰি আন এটাত প্ৰৱেশ কৰে। নহয়। মোট সলনি কৰাৰ দৃষ্টান্তটি এটা সাপৰহে। সেই মোট দেখিবলৈও পোৱা যায়। যেনেকৈ কাপোৰ সলোৱা হয় তেনেকৈ সাপেও মোট সলায়, আন এটা পাই যায়। সাপতো জীৱিত হৈয়ে থাকে, এনেকুৱাও নহয় যে সদায় অমৰ হৈ থাকে। 2-3 বাৰ মোট সলাই আকৌ মৰিব যাব। ইয়াত তোমালোকে সময়ত এটা শৰীৰ এৰি আন এটা শৰীৰ লোৱা। এইটো জানা যে এতিয়া মই গর্ভত প্ৰৱেশ কৰিব লাগে। তাততো যোগবলৰে কথা। যোগবলৰ দ্বাৰা তোমালোক জন্মা, সেইবাবে অমৰ বুলি কোৱা হয়। আত্মাই কয় - এতিয়া মই বুঢ়া হৈ গলোঁ, শৰীৰতো পুৰণা হৈ গল। সাক্ষাৎকাৰ হৈ যায়। এতিয়া মই গৈ শিশু হমগৈ। আত্মাই নিজেই শৰীৰ ত্যাগ কৰি শিশুৰ শৰীৰত প্ৰৱেশ কৰেগৈ। সেই গৰ্ভক কাৰাগাৰ বুলি নকয়, মহল বুলি কোৱা হয়। পাপতো একো নহয় যাৰ বাবে কৰ্মভোগ ভুগিবলগীয়া হব। গৰ্ভ মহলত আৰামত থাকে, দুখৰ কোনো কথা নাই। এনেকুৱা কিবা বেয়া বস্তুও নুখুৱায় যাৰ বাবে বেমাৰ আদি হব।

এতিয়া পিতাই কয় সন্তানসকল, তোমালোক নিৰ্বাণধামলৈ যাব লাগে, এই সৃষ্টিৰ পৰিৱৰ্তন হব। পুৰণিৰ পৰা আকৌ নতুন হব। প্ৰতিটো বস্তুৰেই পৰিৱৰ্তন হয়। গছৰ পৰা গুটি ওলায়, পুনৰ বীজ সিঁচিলে কিমান ফল পোৱা যায়। এটা বীজৰ পৰা কিমান ফল পোৱা যায়। সত্যযুগত যোগবলেৰে এটাই সন্তান জন্ম হয়। ইয়াত বিকাৰৰ দ্বাৰা 4-5 টা সন্তান জন্ম হয়। সত্যযুগ আৰু কলিযুগৰ মাজত বহুত পাৰ্থক্য আছে যিবোৰ পিতাই শুনায়। নতুন সৃষ্টি আকৌ কেনেকৈ পুৰণা হয়, ইয়াত আত্মাই কেনেকৈ 84 জন্ম লয় - সেয়াও বুজোৱা হৈছে। প্ৰত্যেক আত্মাই নিজৰ ভূমিকা পালন কৰি যেতিয়া উভতি যাব তেতিয়া গৈ নিজৰ নিজৰ স্থানত স্থিত হৈ যায়, স্থান সলনি নহয়। নিজৰ নিজৰ ধৰ্মত, নিজৰ স্থানত ক্ৰমানুসৰি স্থিত হৈ থাকিব, আকৌ ক্ৰমানুসৰিয়ে তললৈ আহিব লাগে, সেইবাবে মূললোকৰ সৰু সৰু আৰ্হি তৈয়াৰ কৰি ৰখা হয়। প্ৰত্যেক ধৰ্মৰে নিজা নিজা শাখা আছে। দেৱী-দেৱতা হৈছে প্ৰথম ধৰ্ম, পাছত ক্ৰমানুসৰি আহে। ক্ৰমানুসৰিয়ে গৈ থাকিব। তোমালোকো ক্ৰমানুসৰি উত্তীৰ্ণ হোৱা, সেই নম্বৰৰ ভিত্তিতে স্থান লোৱা। পিতাৰ এই পঢ়া-শুনা কল্পত এবাৰহে হয়। তোমালোক আত্মাসকলৰ কিমান সৰু বংশবৃক্ষ হব। যেনেকৈ তোমালোকৰ ইমান ডাঙৰ বৃক্ষ আছে। তোমালোক সন্তানসকলে দিব্য দৃষ্টিৰে দেখি আকৌ ইয়াত বহি এই চিত্ৰসমূহ অংকন কৰিছা। আত্মা কিমান সূক্ষ্ম, শৰীৰ কিমান ডাঙৰ। সকলো আত্মা তাত গৈ বহিব। একেবাৰেই কম ঠাইত সমীপত গৈ স্থিত হয়। মনুষ্যৰ বৃক্ষ কিমান ডাঙৰ। মনুষ্যকতো চলা-ফুৰা কৰিবলৈ, খেলিবলৈ, পঢ়া-শুনা কৰিবলৈ, চাকৰি আদি কৰিবলৈ ঠাই লাগে নহয়। সকলোবোৰ কৰিবলৈ ঠাইৰ দৰকাৰ। নিৰাকাৰ জগতত আত্মাসকলৰ অলপ ঠাই থাকিব সেইবাবে এই চিত্ৰবোৰতো দেখুওৱা হৈছে। ৰচি থোৱা নাটক, শৰীৰ ত্যাগ কৰি আত্মাসকল তালৈ যাব লাগে। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি তাত কেনেকৈ থাকোঁ আৰু অন্য ধৰ্মৰসকল কেনেকৈ থাকে। আকৌ ক্ৰমানুসৰি কেনেকৈ বেলেগ বেলেগ হয়। এই সকলোবোৰ কথা কল্পই কল্পই এবাৰেই পিতা আহি শুনায়। বাকীতো সকলো হৈছে পাৰ্থিৱ শিক্ষা। তাক আত্মিক শিক্ষা বুলি কব নোৱাৰি।

এতিয়া তোমালোকে জানা যে আমি আত্মা। আই (I) মানে আত্মা মাই (my) মানে মোৰ এইটো শৰীৰ। মনুষ্যই এইটো নাজানে। তেওঁলোকৰতো সদায় দৈহিক সমন্ধ থাকে। সত্যযুগতো দৈহিক সমন্ধ থাকিব। কিন্তু তাত তোমালোক আত্ম-অভিমানী হৈ থাকিবা। এইটো বুজিবা যে মই আত্মা, এয়া মোৰ শৰীৰ এতিয়া বৃদ্ধ হৈছে, সেইবাবে মই আত্মাই এটা শৰীৰ এৰি আন এটা শৰীৰ লম। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। তোমালোক সন্তানসকলেতো পিতাৰ পৰা বাদশ্বাহী লব লাগে। নিশ্চয় বেহদৰ পিতা নহয় জানো। মনুষ্যই যেতিয়ালৈকে জ্ঞান পূৰা বুজি নাপায় তেতিয়ালৈকে অনেক প্ৰশ্ন সুধি থাকে। জ্ঞান তোমালোক ব্রাহ্মণসকলৰ আছে। তোমালোক ব্রাহ্মণসকলৰ মন্দিৰো বাস্তৱত আজমীৰত আছে। এবিধ হৈছে পুষ্কৰণী ব্ৰাহ্মণ, আনবিধ হৈছে সাৰসিদ্ধ ব্ৰাহ্মণ। আজমীৰত ব্ৰহ্মাৰ মন্দিৰ চাবলৈ যায়। ব্ৰহ্মা বহি আছে, দাড়ি আদি দেখুৱাই দিছে। তেওঁক মনুষ্যৰ ৰূপত দেখুৱাইছে। তোমালোক ব্রাহ্মণসকলো মনুষ্যৰ ৰূপত আছা। ব্রাহ্মণক দেৱতা বুলি কোৱা নহয়। সঁচা ব্ৰাহ্মণ হৈছা তোমালোক ব্ৰহ্মাৰ সন্তানসকল। তেওঁলোক কোনো ব্ৰহ্মাৰ সন্তান নহয়, পাছত অহাসকলে এয়া বুজি নাপায়। এয়া হৈছে তোমালোকৰ বিৰাট ৰূপ। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। এই সকলো জ্ঞান তোমালোকে যিকোনো লোককে ভালদৰে বুজাব পাৰা। আমি আত্মা, পিতাৰ সন্তান। এইটো যথাৰ্থ ৰীতিৰে বুজি, এইটো নিশ্চয়তা দৃঢ় হোৱা উচিত। এয়াতো যথাৰ্থ কথা, সকলো আত্মাৰ পিতা হৈছে এজন পৰমাত্মা। সকলোৱে তেওঁক স্মৰণ কৰে। মনুষ্যৰ মুখৰ পৰা হে ভগৱান নিশ্চয় উচ্চাৰিত হয়। পৰমাত্মা কোন এইটো কোনেও নাজানে যেতিয়ালৈকে পিতা আহি নুবুজায়। পিতাই বুজাইছে এই লক্ষ্মী-নাৰায়ণ যি বিশ্বৰ মালিক আছিল তেওঁলোকেই নাজানিছিল তেনেস্থলত ঋষি-মুনিসকলে আকৌ কেনেকৈ জানিব! এতিয়া তোমালোকে পিতাৰ পৰা জানিছা। তোমালোক হৈছা আস্তিক, কিয়নো তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তক জানা। কোনোবাই ভালদৰে জানে, কোনোবাই কমকৈ জানে। পিতা সন্মুখত আহি পঢ়ায়, আকৌ কোনোবাই ভালদৰে ধাৰণ কৰে, কোনোবাই কমকৈ ধাৰণ কৰে। এই পঢ়া একেবাৰে সাধাৰণো হয় আৰু অতি উচ্চও হয়। পিতাৰ ইমান জ্ঞান আছে যে সাগৰক চিয়াঁহী কৰি লৈ লিখিলেও তাৰ অন্ত পাব নোৱাৰি। পিতাই সহজ কৰি বুজায়। পিতাক জানিব লাগে, স্বদর্শন চক্ৰধাৰী হব লাগে। বচ্‌! ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় যাতে সহজে স্মৃতিত থাকিব পাৰা তাৰ বাবে চলোঁতে-ফুৰোঁতে এইটো চিন্তন কৰিব লাগে যে মই আত্মা, পৰমধামৰ নিবাসী মই আত্মা ইয়ালৈ ভূমিকা পালন কৰিব আহিছোঁ। পিতাও পৰমধামত থাকে। তেওঁ ব্ৰহ্মাৰ শৰীৰত আহিছে।

(2) যেনেকৈ আত্মাৰ আত্মিক পিতাৰ প্ৰতি স্নেহ আছে, তেনেকৈ পৰস্পৰৰ মাজতো আত্মিক স্নেহ থাকিব লাগে। আত্মাৰ আত্মাৰ সৈতে স্নেহ থাকিব লাগে, শৰীৰৰ সৈতে নহয়। আত্ম-অভিমানী হবলৈ পূৰা পূৰা অভ্যাস কৰিব লাগে।

বৰদান:
হদৰ (সীমিত) কামনাবোৰৰ পৰা মুক্ত হৈ থাকি সকলো প্ৰশ্নৰ পৰা উপৰাম হৈ থাকোঁতা সৰ্বদা প্ৰসন্নচিত হোৱা

যিসকল সন্তান হদৰ কামনাৰ পৰা মুক্ত হৈ থাকে তেওঁলোকৰ চেহেৰাত প্ৰসন্নতাৰ ৰেঙনি দেখিবলৈ পোৱা যায়। প্ৰসন্নচিতসকল কোনো কথাতে প্ৰশ্নচিত নহয়। তেওঁলোক সদায় স্বাৰ্থ ৰহিত আৰু সদায় সকলোকে নিৰ্দোষী অনুভৱ কৰিব, আন কাকো দোষাৰোপ নকৰিব। যিয়েই পৰিস্থিতি নাহক, লাগিলে কোনোবা হিচাপ-নিকাচ নিষ্পত্তি কৰোঁতা আত্মা বিৰুদ্ধাচৰণ কৰিবলৈ সন্মুখত আহি থাকক, লাগিলে শৰীৰৰ কৰ্মভোগ সন্মুখত আহি থাকক কিন্তু সন্তুষ্টতাৰ কাৰণে তেওঁলোক সদায় প্ৰসন্নচিত হৈ থাকিব।

স্লোগান:
ব্যৰ্থৰ পৰীক্ষা মনোযোগেৰে কৰা, অমনোযোগিতাৰে নহয়।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্মযোগী অৰ্থাৎ প্ৰতিটো কৰ্ম যোগযুক্ত, যুক্তিযুক্ত, শক্তিযুক্ত হওঁক। কেৱল বহি যোগ কৰোঁতা নহয়। যোগী জীৱন অৰ্থাৎ যোগযুক্ত। কৰ্মযোগী কোনো কৰ্মৰ ফালে আকৰ্ষিত নহয়, তেওঁলোকে নিজৰ যোগশক্তিৰে কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম কৰায়। যিসকল কৰ্মৰ বশ হৈ চলোঁতা তেওঁলোকক কৰ্মযোগী বুলি কব নোৱাৰি।