01.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ শ্ৰীমত হৈছে এই পুৰণি সৃষ্টিৰ পৰা নিজৰ মুখ ঘূৰাই লোৱা, জীৱনমুক্তিৰ বাবে
তোমালোকে দৈৱী আচৰণ ধাৰণ কৰা”
প্ৰশ্ন:
কোনটো আচৰণ
পিতাৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে?
উত্তৰ:
পৱিত্ৰ হোৱা আৰু আনক পৱিত্ৰ কৰি তোলা - এইটো হৈছে সকলোতকৈ শ্ৰেষ্ঠ দৈৱী আচৰণ।
তোমালোক ঘৰ-গৃহস্থালিত থাকি পৱিত্ৰ হৈ থাকা, এই শিক্ষা কেৱল এজন পিতাইহে দিয়ে, আন
কোনেও দিব নোৱাৰে। তোমালোক সন্তানসকলৰ হৈছে বেহদৰ সন্ন্যাস। তোমালোকে এই পুৰণি
জগতখনকেই বুদ্ধিৰে পাহৰি যোৱা। তোমালোকে জানা যে পৱিত্ৰতাৰ ধাৰণাৰে বাকী সকলো আচৰণ
স্বতঃ আহি যায়।
গীত:
আজ অন্ধেৰে মে
হে ইন্চান... (আজি মনুষ্য অন্ধকাৰত...)
ওঁম্শান্তি।
সন্তানসকলে
গীতটিৰ এটি কলি শুনিলা। এফালে আছে গোটেই জগত – ভক্তিমাৰ্গৰসকল আৰু আনফালে আছা
তোমালোক জ্ঞানমাৰ্গৰ সন্তানসকল। তেওঁলোকে ভক্তিৰ ছিৰি আৰোহণ কৰি থাকে আৰু তোমালোক
সন্তানসকলে আকৌ জ্ঞানৰ ছিৰি আৰোহণ কৰা। ভক্তিৰ ছিৰি অৱৰোহণ কৰা। সন্তানসকলে জানে -
আধাকল্পৰ পৰা ভক্তিৰ ছিৰি আৰোহণ কৰিবলগীয়া হয়। ভক্তিও প্ৰথমে অব্যভিচাৰী হয়, পাছলৈ
ব্যভিচাৰী হয়। একেবাৰে অন্ধশ্ৰদ্ধাত আহি যায়। একোৱে বুজি নাপায়। গায়নো কৰে - আমি
অন্ধকাৰত আছোঁ। সৎগুৰু অবিহনে ঘোৰ অন্ধকাৰ। গুৰুতো ইয়াত বহুত আছে। এতিয়া প্ৰকৃত গুৰু
কোন? সাধু-সন্ত, মহাত্মা, ভকত আদি সকলোৱে সাধনা কৰে আৰু স্মৰণ কৰে। শাস্ত্ৰ, বেদ,
উপনিষদ আদি পঢ়ে তথাপিও কয় - ভগৱান যেতিয়া আহিব তেতিয়াহে আহি আমাৰ সৎগতি কৰিব।
সৎগতিদাতাকে পতিত-পাৱন বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকল ঘোৰ অন্ধকাৰত নাই।
তোমালোক জ্ঞানৰ আলোকত আহিছা। পতিত-পাৱন পিতাক জানা আৰু তেওঁক স্মৰণ কৰা। সন্তানে
যিমানে স্মৰণ কৰে আৰু ধাৰণা কৰে সিমানে তেওঁৰ অজ্ঞান অন্ধকাৰ বিনাশ হৈ যায়। এতিয়া
আলোকলৈ লৈ যাওঁতা হৈছে এজনেই পিতা। জ্ঞান ৰূপী কাজল সৎগুৰুৱে লগালে….. এয়া কোনো
স্থূল কাজল নহয়। এয়া হৈছে জ্ঞানৰ কথা। জ্ঞানৰ লগতে যোগো থাকে। নিশ্চয় যি মনুষ্যই
ভক্তি শিকায়, তেন্তে তেওঁৰ সৈতেও যোগ থাকে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিযোগ
সংযোগ হৈ আছে নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ লগত। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে। আৰু
তোমালোক সন্তানসকলৰ বাহিৰে কোনো মনুষ্য মাত্ৰৰ নিৰাকাৰ পৰমপিতা পৰমাত্মা
সৰ্বশক্তিমানৰ লগত যোগ নায়েই। তোমালোকে পিতাৰ লগত আৰু মুক্তি, জীৱনমুক্তিধামৰ লগত
যোগসূত্ৰ গঢ়িবলগীয়া হয়। জীৱনমুক্তিৰ বাবে বহুত ভাল দৈৱী আচৰণো থাকিব লাগে। এই সময়ততো
সকলোৰে আচৰণ আসুৰিক। পৰমপিতা পৰমাত্মাৰো গুণ গায়ন কৰা হয় নহয়। মনুষ্য সৃষ্টিৰ
বীজৰূপ, সত্য, চৈতন্য, আনন্দৰ সাগৰ, জ্ঞানৰ সাগৰ। চিৰকাল পৱিত্ৰতাৰ সাগৰ। তেওঁৰ এই
পদ অবিনাশী অন্য কোনো মনুষ্যৰ এই অবিনাশী পদ হ’ব নোৱাৰে। যদিও এতিয়া তোমালোক জ্ঞানৰ
সাগৰ, পৱিত্ৰতাৰ সাগৰ হোৱা, কিন্তু সীমিত পৰিসৰত হোৱা। পিতাই কয় – মই অসীমিত।
তোমালোকক অসীমিত কৰি তুলিব নোৱাৰোঁ। নহ’লে আকৌ সৃষ্টিৰ খেল কেনেকৈ চলিব? 84 জন্ম
কেনেকৈ ভোগ কৰিব? তোমালোক চিৰকালৰ বাবে হ’ব নোৱাৰা। তোমালোকক সীমিত ৰূপত গঢ়োঁ, 21
জন্মৰ বাবে তোমালোক হোৱা। 21 প্ৰজন্ম বুলিও লিখা আছে। তোমালোক চিৰকালৰ বাবে হ’বা,
ড্ৰামাত এইটো নিয়ম নাই। মইতো হওঁৱেই চিৰ পৱিত্ৰ। মই থাকোঁৱেই পৰমধামত। মোৰ জ্ঞান,
পৱিত্ৰতা আদি আছেই। তোমালোকে পাহৰি যোৱা সেয়েহে এতিয়া পিতা আহি সন্তানসকলক ঘোৰ
অন্ধকাৰৰ পৰা উলিয়াই জ্ঞান আৰু যোগেৰে পৱিত্ৰ কৰি তোলে অন্য কোনেও এনেকৈ ক’ব নোৱাৰে
যে মই পৰমধামৰ পৰা আহিছোঁ, এতিয়া মোক স্মৰণ কৰা। মোৰ এই মহাবাক্য কোনেও নকল কৰিব
নোৱাৰে। মই আহোঁৱেই তোমালোক সন্তানসকলক 21 জন্মৰ বাবে ৰজাৰো ৰজা কৰি তুলিবলৈ। তেন্তে
হ’ব লাগে নহয়। হ’বও তেওঁলোক যিসকল কল্প পূৰ্বে হৈছিল।
তোমালোকে জানা - কিমান সন্তান পৱিত্ৰ হয়, কিমান অজামিলৰ দৰে পাপী হৈ যায়। কিমান
অশুদ্ধ, মলিয়ন হৈ যায়। পিতা আহি মলিয়ন কাপোৰ পৰিষ্কাৰ কৰিবলগীয়া হয়। আত্মাই মলিয়ন
হয়। আত্মাক বুজায় - তোমালোকক মায়াই কিমান মলিয়ন কৰিছে, কেৱল এইটো জন্মৰ কথা নহয়।
এয়াতো জন্ম-জন্মান্তৰৰ কথা যে আত্মাক নিকা কৰিবৰ বাবে লক্ষ্য বান্ধি দিওঁ। মোক
স্মৰণ কৰিলে তোমালোক আত্মা যি নুমাই আছা, সেই আত্মা এই যোগৰ দ্বাৰা জ্বলি উঠিব –
যিমানে মোক পিতাক স্মৰণ কৰিবা। পিতাই স্মৃতি উদয় কৰে - তোমালোকক মই স্বৰ্গলৈ
পঠিয়াইছিলোঁ আকৌ মায়াই মলিয়ন কৰি দিলে। এতিয়া পুনৰাই মই তোমালোকক স্বৰ্গৰ মালিক কৰি
তুলিবলৈ আহিছোঁ। মই এই ব্ৰহ্মা তনৰ দ্বাৰা শিক্ষা দি আছোঁ। আত্মাৰ লগত কথা পাতোঁ,
হে সন্তানসকল লৌকিক পিতাক পাহৰি যোৱা। দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি মোক নিজৰ
পিতাক স্মৰণ কৰা তেতিয়া তোমালোক আত্মা স্বচ্ছ হৈ গৈ থাকিবা। পুনৰ তোমালোকে শৰীৰো
ভৱিষ্যতে নতুন পাবা। তেতিয়া তত্ত্ব আদি সকলো নতুন সতোপ্ৰধান হৈ যায়। পিতাই কয় -
এতিয়া এই পুৰণি সৃষ্টিক পাহৰি যোৱা। মোক স্মৰণ কৰা তেতিয়া তোমালোক মোৰ ওচৰলৈ আহি
পুনৰ স্বৰ্গলৈ যাবা। এইখন পুৰণি সৃষ্টি। ইয়াত কিবা বস্তু তৈয়াৰ কৰিলে তেতিয়া তাৰ
নতুন নাম ৰাখি দিয়ে। যেনেকৈ নতুন দিল্লী, পুৰণি দিল্লী বুলি কয়। কিন্তু সৃষ্টিতো
পুৰণি হয় নহয়। এতিয়া তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ পৰা বুদ্ধিযোগ একেবাৰে
আঁতৰি যাব লাগে। আমাৰ অৰ্থাৎ আত্মাসকলৰ মৰমৰ ঘৰ বা নিৰ্বাণধাম আছে তালৈ যাব লাগে।
নিজক আত্মা বুলি নিশ্চয় কৰিবলগীয়া হয়। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া অন্তিমৰ
স্থিতি অনুসৰি গতি হৈ যাব। মনুষ্যই অনেকক স্মৰণ কৰে। কোনোবাই কোনো গুৰুক, কোনোবাই
শ্ৰীকৃষ্ণক। শ্ৰীকৃষ্ণ আদি ক'লৈ গ'ল? এইটো কোনেও নাজানে। এইটো বুজি নাপায় -
পুনৰ্জন্মত সকলো আহিব লাগে। এইটো ৰীতি-প্ৰথা সৃষ্টিৰ আদিৰ পৰা চলি আহিছে। সত্যযুগৰ
আদিত দেৱী-দেৱতাসকল থাকে, নিশ্চয় পুনৰ্জন্ম তাৰ পৰাই আৰম্ভ হৈছে। পোন-প্ৰথমে হৈছে
শ্ৰীকৃষ্ণ প্ৰথম পৱিত্ৰ মনুষ্য, তেওঁৰ মহিমা বেছি। লক্ষ্মী-নাৰায়ণৰ ইমান নাই কিয়নো
শিশু পৱিত্ৰ সতোপ্ৰধান হয় সেয়েহে মহিমা শিশুসকলৰ গায়ন কৰা হয়। শ্ৰীকৃষ্ণৰ বহুত মহিমা
আছে। কিন্তু এইটো নাজানে যে কৃষ্ণপুৰী ক'ত আছে। বৈকুণ্ঠ বুলি সত্যযুগক কয়ো, কিন্তু
গম নাপাওঁ শ্ৰীকৃষ্ণক দ্বাপৰত বুলি কিয় কৈ দিছে। একেটা বস্তুৱেই অন্য কোনো নাম, ৰূপ,
দেশত আহিব নোৱাৰে। সেইটোৱে নাম ৰূপ দ্বিতীয় জন্মত হ'ব নোৱাৰে। শ্ৰীকৃষ্ণতো সত্যযুগত
আছিল। তোমালোকে জানা, এওঁলোক জগত অম্বা, জগত পিতা গৈ লক্ষ্মী-নাৰায়ণ হয়। সত্যযুগক
কৃষ্ণপুৰী বুলি কোৱা হয়। এতিয়া হৈছে কংসপুৰী। এই সকলোবোৰ আসুৰিক নাম। তাত আছিল দৈৱী
সম্প্ৰদায়, ইয়াত হৈছে আসুৰিক সম্প্ৰদায়। পিতাই বহি সন্তানসকলক সংগমত বুজায়, সেইজন
পিতা হৈছে ৰচয়িতা। তেওঁক কোৱা হয়, মনুষ্য সৃষ্টিৰ বীজৰূপ। তেন্তে নিশ্চয় নতুন
মনুষ্য সৃষ্টি ৰচিব। তোমালোকে গায়নো কৰা - বাবা আপুনি পতিত-পাৱন। এই পতিত সৃষ্টিক
আহি পাৱন কৰি তোলক। পাৱন সৃষ্টি ৰচি পতিত সৃষ্টিৰ বিনাশ কৰাওক। যথাযথ ব্ৰহ্মাৰ
দ্বাৰা পাৱন সৃষ্টি ৰচি শঙ্ককৰৰ দ্বাৰা পতিত সৃষ্টিৰ বিনাশ কৰায়। এই কথাবোৰ অন্য
কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা।
তোমালোকে দেখিবলৈ পোৱা বাবাই মলিয়ন কাপোৰ আছাৰে। কোনোবাটো ফাটি যায়, কোনোবাটো ছিঙি
যায়। কোনোবাতো বহুত মলিয়ন, অজামিলৰ দৰে পাপী, যাৰ একেবাৰেই ধাৰণা নহয়। পিতাই কিমান
ভাল কথা বুজায়। অতি মৰমৰ সন্তানসকল - মোক আটাইতকৈ মৰমৰ পিতাক স্মৰণ কৰা। আটাইতকৈ
মৰমৰ সুখধামক স্মৰণ কৰা। এইটোও তোমালোকে এতিয়া জানা। জগতত কোনেও নাজানে। এয়াতো এতিয়া
হৈছে অতি দুখধাম। মনুষ্যই ত্ৰাহি ত্ৰাহি কৰি থাকে, ইজনে-সিজনক মাৰি থাকে। আকৌ কয় -
ভগৱান ৰক্ষা কৰক, এনেকৈ নিশ্চয় মুখৰে উচ্চাৰিত হ’ব। পিতাতো মুক্তিদাতা হয়।
তোমালোকে জানা - পিতা আহিছে বিশেষভাৱে আমাক সন্তানসকলক আৰু সাধাৰণভাৱে সকলোকে
সুখধামলৈ লৈ যাবৰ কাৰণে। তোমালোক সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰি আছে যিসকলৰ এইটো নিচা
আছে। এই পঢ়া কোনো কম নহয়, পঢ়ায়ো চোৱা কাক। অজামিলৰ দৰে পাপ আত্মাসকলক পঢ়াই স্বৰ্গৰ
মালিক কৰি তোলে। তমোপ্ৰধানতো সকলো হয়, তেওঁলোকক সতোপ্ৰধান জগতলৈ লৈ যাবলগীয়া হয়।
সন্তানসকলক বাৰে বাৰে বুজায় যে ইয়াত দৈৱীগুণ ধাৰণ কৰিব লাগে। ইয়াত তোমালোকৰ
লক্ষ্য-উদ্দেশ্য বুদ্ধিত আছে। এই পৱিত্ৰতাৰ আচৰণ আৰু কোনেও নিশিকায়। সন্ন্যাসীয়েতো
ঘৰ-সংসাৰ এৰুৱায়। ইয়াত পিতাই কয় - তোমালোকে ঘৰ-সংসাৰ এৰিব নালাগে। তোমালোকেতো এই
পুৰণি সৃষ্টিক এৰিব লাগে। সেয়া হৈছে হদৰ সন্ন্যাস, এয়া হৈছে বেহদৰ সন্ন্যাস। সেই
সন্ন্যাসীসকলেও কিমান মান পায়। সাধু সমাজে চৰকাৰকো মত দিয়ে। আগলৈ গৈ এই সন্ন্যাসী
আদিও তোমালোক মাতাসকলৰ চৰণত পৰিব। মাতাসকলৰ অবিহনে তেওঁলোকৰ উদ্ধাৰ হ'ব নোৱাৰে কিয়নো
তোমালোকে জ্ঞান দিয়া। বাকী চৰণত পৰাৰ কথা নাই। অৱশ্যে হয় কোনোবাই ‘নমস্কাৰ’ বা ‘ৰাম
ৰাম’ বুলি ক’লে তেতিয়া সঁহাৰি জনাবলগীয়া হয়। বাবায়ো কয়, সন্তানসকল নমস্কাৰ। মই
তোমালোক সন্তানসকলক নিজতকৈও উচ্চ কৰি গঢ়ি তোলোঁ। তোমালোকক ব্ৰহ্মাণ্ড আৰু সৃষ্টি
দুয়োৰে মালিক কৰি তোলোঁ আৰু মই বানপ্ৰস্থত গুচি যাওঁ। কিন্তু তোমালোক শ্ৰীমত
অনুসৰিও চলিব লাগে। এই পুৰণি সৃষ্টিৰ পৰা মুখ ঘূৰাই ল'ব লাগে। ৰাম, ৰাৱণ আৰু সীতাৰ
পুতলা আছে নহয়। সীতাই ৰাৱণৰ ফালে পিঠি দিয়ে, ৰামৰ ফালে মুখ কৰে। শ্ৰীকৃষ্ণৰো চিত্ৰ
আছে - নৰকক লঠিয়াই আছে আৰু স্বৰ্গৰ গোলক হাতত আছে। পিতাই বহুত ভালকৈ বুজায় কিন্তু
বিৰল বেপাৰীয়েহে এই বেপাৰ কৰিব। পিতাক নিজৰ পুৰণা তন-মন-ধন দি নতুন ল’ব। এয়া হৈছে
অতিকৈ উত্তম বীমা। পিতাই কয় - তোমালোকে নিজ আত্মাক পৱিত্ৰ কৰি তুলিলে তেতিয়া আকৌ
শৰীৰো পৱিত্ৰ পাবা। পুনৰ তোমালোক স্বৰ্গত ৰাজত্ব কৰিবা সেয়েহে তেওঁক সদাগৰ, যাদুকৰ
বুলি কয়। পতিতক পাৱন কৰোঁতা - এয়া ঈশ্বৰীয় যাদুকৰী বুলি কোৱা হ'ব নহয়। পিতাই কয় -
নৰকবাসীসকলক স্বৰ্গবাসী কৰি তোলা, কেনেকুৱা উত্তম যাদু। ইয়াত প্ৰাপ্তি বহুত আছে।
পিতাই কয় - ৰজাৰো ৰজা হোৱা, অনুসৰণ কৰা। পিতা (ব্ৰহ্মা) বহি আছে নহয়। এওঁ অৰ্ধকুমাৰ,
মম্মা কুমাৰী কন্যা। তেন্তে অনুসৰণ কৰিব লাগে। পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে।
তোমালোকে ক’বা - আমি ভাই-ভনীয়ে পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। এনেয়ে লৌকিক ৰীতিৰে
ভনীয়েকে উত্তৰাধিকাৰ নাপায়, ভায়েকে উত্তৰাধিকাৰ পায়। ইয়াততো তোমালোক সকলোৱে পোৱা
কিয়নো তোমালোক সকলো আত্মা হোৱা নহয়। পিতাই কয় – তোমালোক সকলোৱে মোৰ ওচৰলৈ আহিব লাগে।
তেতিয়াতো আকৌ এই ভাই-ভনীৰ সম্বন্ধও ছিঙি যাব। তাত নিৰ্বাণধামত হৈছে পিতা আৰু
সন্তানৰ সম্বন্ধ, সেই কাৰণে কয় – আমি সকলো ভাই ভাই। যদি ঈশ্বৰ সৰ্বব্যাপী বুলি কয়
তেন্তে আকৌ সকলো পিতাই পিতা যায়। এই সৰ্বব্যাপীৰ জ্ঞানে কিমান লোকচান কৰিছে।
এতিয়া তোমালোক সন্তানসকলৰ পিতাৰ স্মৃতি আছে। পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে অধিক
পৰিশ্ৰম হয়। এনেকুৱাও নহয় যে তোমালোকক কোনোবাই যোগাভ্যাসত বহাওক। তোমালোকেতো লক্ষ্য
পাইছা। ইয়াততো তোমালোকে কেৱল মুৰুলী বহি শুনোৱা। যোগতো তোমালোকৰ সদায় থাকে। মুৰুলী
শুনা আৰু চলোঁতে-ফুৰোঁতে স্মৃতিত থাকিব লাগে। আমি যাত্ৰাত গৈ আছোঁ। যিমান সম্ভৱ
স্মৃতিত থাকিব লাগে। 8 (আঠ) ঘণ্টা সেৱা কৰা, সেয়াও ৰেহাই আছে। বাকী সময় দিব লাগে।
মূল কথা হয়েই পৱিত্ৰতাৰ। তোমালোকে জানা যে এয়া হৈছে কাঁইটৰ জংঘল। ইজনে-সিজনক কাঁইট
হৈ বিন্ধি থাকে। এতিয়া পিতাই কয় - শ্ৰীমতত চলা। শিৱবাবায়ো বাৰ্তালাপ কৰে। ব্ৰহ্মায়ো
বাৰ্তালাপ কৰে কিন্তু তোমালোকে জানা যে শিৱবাবাই আমাক পঢ়ায়, তোমালোক হৈছা বিদ্যাৰ্থী।
তোমালোকে কোৱা তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। প্ৰতিশ্ৰুতি দিয়ে যে
তোমালোকক উভতাই লৈ যাম। এনেকুৱা নহয় যে কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰে। এয়া পিতায়ে কয়
– ঈশ্বৰ পিতাইহে সুখ দিওঁতা ধৰ্ম প্ৰতিষ্ঠা কৰে। সেইজন পিতাক কোনেও নাজানে। যদি
পিতাক জানে তেন্তে পিতাৰ সম্পত্তিকো জানি যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
লক্ষ্য-উদ্দেশ্য সদায় সন্মুখত ৰাখি দৈৱীগুণ ধাৰণ কৰিব লাগে। সতোপ্ৰধান সৃষ্টিলৈ
যাবৰ কাৰণে পৱিত্ৰতাৰ আচৰণ ধাৰণ কৰিব লাগে। বুদ্ধিৰে বেহদৰ সন্ন্যাস কৰিব লাগে।
(2) আটাইতকৈ মৰমৰ পিতা
আৰু নিজৰ সুখধামক স্মৰণ কৰিব লাগে। এই দুখধামৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙিব লাগে।
বৰদান:
সকলোৰে গুণ
চাওঁতা তথা সন্তুষ্ট কৰাৰ উৎকণ্ঠাৰ দ্বাৰা সদায় একৰস উৎসাহত থাকোঁতা গুণমূৰ্ত হোৱা
সদায় একৰস
উৎসাহ-উদ্দীপনাত থাকিবৰ কাৰণে যিসকল সম্বন্ধত আহে তেওঁলোকক সন্তুষ্ট কৰাৰ উৎকণ্ঠা
থাকিব লাগে। যাকেই চোৱা তেওঁৰ পৰা সকলো সময়ত গুণ ধাৰণ কৰি থাকা। সকলোৰে গুণৰ বল
প্ৰাপ্ত কৰিলে উৎসাহ সদাকালৰ কাৰণে থাকিব। উৎসাহ কম তেতিয়া হয় যেতিয়া অন্যৰ ভিন্ন
ভিন্ন স্বৰূপ, ভিন্ন ভিন্ন কথাক চোৱা বা শুনা। কিন্তু গুণ চোৱাৰ উৎকণ্ঠা থাকিলে
তেতিয়া একৰস উৎসাহ থাকিব আৰু সকলোৰে গুণ চালে নিজেও গুণমূৰ্ত হৈ যাবা।
স্লোগান:
বেহদৰ বৈৰাগ্য বৃত্তিৰ আধাৰ শক্তিশালী হ’লে তেতিয়া চেকেণ্ডত অশৰীৰী হোৱা সহজ হয়।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
নিজৰ এই চেহেৰা সদায়
হৰ্ষিত কৰি ৰখা - এয়া সংগমযুগৰ আটাইতকৈ ডাঙৰ উপহাৰ। চেহেৰাত কেতিয়াও কোনো চিন্তাৰ
ৰেখা থাকিব নালাগে। যেনেকৈ পূৰ্ণিমাৰ সম্পূৰ্ণ চন্দ্ৰ দেখিবলৈ কিমান ধুনীয়া লাগে,
তেনেকৈ নিজৰ চেহেৰা যাতে সদায় হৰ্ষিত হৈ থাকে। চেহেৰা এনেকুৱা উজ্জ্বল হওক যাতে
আনেও তোমালোকৰ চেহেৰাত নিজৰ ৰূপ চাব পাৰে, ইয়াৰ বাবে নিজৰ স্বভাৱ সৰল কৰি তোলা আৰু
সহনশীল হোৱা।
[বি:দ্ৰ: প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]