01.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক সন্তানসকলেই পিতাৰ প্ৰিয়, পিতাই তোমালোককে শুধৰাবৰ কাৰণে শ্ৰীমত দিয়ে, সদায়
ঈশ্বৰীয় মতত চলি নিজক পৱিত্ৰ কৰি তোলা”
প্ৰশ্ন:
বিশ্বত শান্তি
প্ৰতিষ্ঠা কেতিয়া আৰু কোনটো বিধিৰে হয়?
উত্তৰ:
তোমালোকে জানা বিশ্বত শান্তিতো মহাভাৰতৰ যুদ্ধৰ পাছতহে হয়। কিন্তু তাৰ কাৰণে
তোমালোক প্ৰথমৰ পৰাই তৈয়াৰ হ’ব লাগে। নিজৰ কৰ্মাতীত অৱস্থা গঢ়ি তোলাৰ পৰিশ্ৰম কৰিব
লাগে। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান সোঁৱৰি পিতাৰ স্মৃতিৰে সম্পূৰ্ণ পাৱন হ’ব লাগে
তেতিয়া এই সৃষ্টিৰ পৰিৱৰ্তন হ’ব।
গীত:
আজ অন্ধেৰে মে
হে ইনচান…….. (মনুষ্য আজি অন্ধকাৰত……..)
ওঁম্শান্তি।
এইটো
ভক্তিমাৰ্গত গোৱা গীত। এনেকৈ কয় যে আমি অন্ধকাৰত আছোঁ, এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ
প্ৰদান কৰক। জ্ঞান বিচাৰে জ্ঞানৰ সাগৰ পৰা। বাকী হৈছে অজ্ঞান। কোৱা হয় কলিযুগত সকলো
অজ্ঞানতাৰ আসুৰিক নিদ্ৰাত শুই থকা কুম্ভকৰ্ণ। পিতাই কয় - জ্ঞানতো বহুতেই সৰল।
ভক্তিমাৰ্গত কিমান বেদ-শাস্ত্ৰ আদি পঢ়ে, হঠযোগ কৰে, গুৰু আদিৰ শৰণ লয়। এতিয়া সেই
সকলোবোৰ এৰিবলগীয়া হয় কিয়নো তেওঁলোকে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। পিতাইহে ৰাজ্য
দিব। মনুষ্যই মনুষ্যক দিব নোৱাৰে। কিন্তু তাৰ বাবেই সন্ন্যাসীসকলে কয় কাউৰীৰ
বিষ্ঠাৰ সমান সুখ কিয়নো নিজেই ঘৰ-সংসাৰ এৰি আঁতৰি যায়। এই জ্ঞান জ্ঞান সাগৰ পিতাৰ
বাহিৰে অন্য কোনেও দিব নোৱাৰে। এই ৰাজযোগ ভগৱানেই শিকায়। মনুষ্যই মনুষ্যক পাৱন কৰিব
নোৱাৰে। পতিত-পাৱন এজনেই পিতা। মনুষ্য ভক্তিমাৰ্গত কিমান আৱদ্ধ হৈ আছে।
জন্ম-জন্মান্তৰৰ পৰাই ভক্তি কৰি আহিছে। স্নান কৰিবলৈ যায়। এনেকুৱাও নহয় যে কেৱল
গংগাতেই স্নান কৰে। য’তেই পানীৰ পুখুৰী আদি দেখিব তেতিয়া তাকো পতিত-পাৱন বুলি ভাবি
লয়। ইয়াতো গো-মুখ আছে। নিজৰাৰ পৰা পানী বৈ আহে। যেনেকৈ কুঁৱাত পানী আহে তেতিয়া তাক
পতিত-পাৱন গংগা বুলি ক’ব জানো। মনুষ্যই ভাবে এয়াও তীৰ্থ। বহুত মনুষ্যই ভাৱনাৰে তালৈ
গৈ স্নান আদি কৰে। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা। তোমালোকে ক’লেও তথাপিও
মানি নলয়। নিজৰ দেহ-অহংকাৰ বহুত আছে। আমি ইমান শাস্ত্ৰ পঢ়িছোঁ…….! পিতাই কয় – এয়া
যি পঢ়িলা সকলো পাহৰি যোৱা। এতিয়া এই সকলোবোৰ কথা মনুষ্যই কেনেকৈ জানিব সেইবাবে
পিতাই কয় এনেকুৱা এনেকুৱা কথা লিখি উৰাজাহাজৰ পৰা পেলোৱা। যেনেকৈ আজিকালি কয় -
বিশ্বত শান্তি কেনেকৈ হ’ব? কোনোৱে পৰামৰ্শ দিলে তেওঁ পুৰস্কাৰ পাই থাকে। এতিয়া তেওঁ
শান্তি প্ৰতিষ্ঠাতো কৰিব নোৱাৰে। শান্তি ক’ত? মিছা পুৰস্কাৰ দি থাকে।
এতিয়া তোমালোকে জানা
বিশ্বত শান্তিতো হয় যুদ্ধৰ পাছত। এই যুদ্ধতো যিকোনো সময়তে লাগিব পাৰে। এনেকৈ তৈয়াৰ
হৈ আছে। কেৱল তোমালোক সন্তানসকলহে সম্পূৰ্ণ হ’বলৈ বাকী। যেতিয়া তোমালোক সন্তানসকল
কৰ্মাতীত অৱস্থাত উপনীত হ’বা, ইয়াতেই পৰিশ্ৰম হয়। পিতাই কয় মামেকম্ (কেৱল মোক)
স্মৰণ কৰা আৰু গৃহস্থালিত থাকি পদুম ফুলৰ সমান পৱিত্ৰ হোৱা আৰু সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞান সোঁৱৰি থাকা। তোমালোকে লিখিবও পাৰা - ড্ৰামা অনুসৰি কল্প
পূৰ্বৰ দৰে বিশ্বত শান্তি প্ৰতিষ্ঠা হৈ যাব। তোমালোকে এইটোও বুজাব পাৰা যে বিশ্বত
শান্তিতো সত্যযুগতেই হয়। ইয়াত নিশ্চয় অশান্তি থাকিব। কিন্তু বহুত আছে যিয়ে তোমালোকৰ
কথাবোৰ বিশ্বাস নকৰে কিয়নো তেওঁলোক স্বৰ্গলৈ নাহেই গতিকে শ্ৰীমতত নচলিব। ইয়াতো বহুত
আছে যিসকল শ্ৰীমতত পৱিত্ৰ হৈ থাকিব নোৱাৰে। তোমালোকে উচ্চতকৈও উচ্চ ভগৱানৰ মত পোৱা।
কাৰোবাৰ চলন যদি ভাল নহয় তেতিয়া কয় নহয় যে ঈশ্বৰে আপোনাক সুমতি দিয়ক। এতিয়া তোমালোক
ঈশ্বৰৰ মতত চলিব লাগে। পিতাই কয় - 63 জন্ম তোমালোক বিষয় সাগৰত ডুবি আছিলা।
সন্তানসকলৰ লগত কথা পাতে। সন্তানসকলকে পিতাই শুধৰাব নহয়। সমগ্ৰ জগতৰ লোকক কেনেকৈ
শুধৰাব। বাহিৰৰসকলক ক’ব সন্তানসকলৰ পৰা বুজি লোৱা। পিতাই বাহিৰৰসকলৰ লগত কথা পাতিব
নোৱাৰে। পিতাৰ সন্তানসকলেই প্ৰিয়। সতীয়া সন্তান প্ৰিয় হ’ব জানো। লৌকিক পিতায়ো সু-সন্তানকে
ধন দিয়ে। সকলো সন্তান সমানতো নহ’ব। পিতায়ো কয় - যিসকল মোৰ হয়, তেওঁলোককেই মই
উত্তৰাধিকাৰ দিওঁ। যিসকল মোৰ নহয়, তেওঁলোকে হজম কৰিব নোৱাৰিব। শ্ৰীমতত চলিব নোৱাৰিব।
তেওঁলোক হৈছে ভক্ত। বাবাই (ব্ৰহ্মা বাবাই) বহুত দেখিছে। কোনোবা ডাঙৰ সন্ন্যাসী আহিলে
তেওঁলোকৰ বহুত অনুগামী হৈ যায়। চান্দা একত্ৰিত কৰে। নিজৰ নিজৰ সামৰ্থ্য অনুসৰি
চান্দা উলিয়ায়। ইয়াত পিতাইতো এনেকৈ নক’ব যে চান্দা একত্ৰিত কৰা। নহয়, ইয়াততো যি বীজ
ৰোপণ কৰিবা 21 জন্ম তাৰ ফল পাব। মনুষ্যই দান কৰিলে ভাবে আমি ঈশ্বৰৰ অৰ্থে কৰোঁ।
“ঈশ্বৰ সমৰ্পণম্” বুলি কয় অথবা ক’ব “শ্ৰীকৃষ্ণ সমৰ্পণম্”। শ্ৰীকৃষ্ণৰ নাম কিয় লয়?
কিয়নো ‘গীতা’ৰ ভগৱান বুলি ভাবে। “শ্ৰীৰাধে অৰ্পণম্” বুলি কেতিয়াও নকয়। ঈশ্বৰ অথবা
শ্ৰীকৃষ্ণ অৰ্পণম্ বুলি কয়। এইটো জানে যে ফল দিওঁতা ঈশ্বৰহে। কোনোবা চহকীৰ ঘৰত
জন্ম ল’লে কয় নহয় যে পূৰ্বৰ জন্মত বহুত দান-পুণ্য কৰিছে সেইবাবে এয়া হৈছে। ৰজাও হ'ব
পাৰে। কিন্তু সেয়া হ'ল অল্পকালৰ কাউৰীৰ বিষ্ঠাৰ সমান (তেনেই তাকৰীয়া) সুখ। ৰজাসকলকো
সন্ন্যাসীয়ে সন্ন্যাস কৰায় তেতিয়া তেওঁলোকক কয় স্ত্ৰীতো সৰ্পিণী, কিন্তু দ্ৰৌপদীয়েতো
মিনতি কৰিছিল, দুঃশাসনে মোক নগ্ন কৰিলে। এতিয়াও অবলাসকলে (দুৰ্বলা স্ত্ৰীসকলে)
কিমান মিনতি কৰে - আমাৰ লাজ ৰক্ষা কৰক। বাবা এওঁ মোক বহুত মাৰে। কয় যে বিষ দিয়া
নহ'লে হত্যা কৰিম। বাবা এই বন্ধনবোৰৰ পৰা মুক্ত কৰক। পিতাই কয় - বন্ধনতো সমাপ্ত
হ’বই পুনৰ 21 জন্ম কেতিয়াও নগ্ন হ'বলগীয়া নহ'ব। তাত বিকাৰ নাথাকে। এই মৃত্যুলোকত
এইটো অন্তিম জন্ম। এইখন হয়েই বিকাৰী সৃষ্টি।
দ্বিতীয় কথা পিতাই
বুজায় যে এই সময়ত মনুষ্য কিমান অবোধ হৈ গৈছে। যেতিয়া কোনোবা মৰে তেতিয়া কয় স্বৰ্গলৈ
গ’ল। কিন্তু স্বৰ্গ আছে ক'ত। এয়াতো নৰক। যদি স্বৰ্গবাসী হ'ল তেন্তে নিশ্চয় নৰকত
আছিল। কিন্তু কাৰোবাক চিধাকৈ যদি কোৱা - আপুনি নৰকবাসী তেন্তে ক্ৰোধান্বিত হৈ
বিতুষ্ট হৈ যাব। এনেকুৱা লোকসকললৈ তোমালোকে লিখিব লাগে। অমুক স্বৰ্গবাসী হ'ল তাৰ
অৰ্থ আপুনি নৰকবাসী নহয় জানো। আমি আপোনাক এনেকুৱা যুক্তি শুনাম যে আপুনি সঁচাকৈ
স্বৰ্গলৈ যাব। এই পুৰণি সৃষ্টিতো এতিয়া নাশ হ'ব। বাতৰিকাকতত প্ৰকাশ কৰা যে এই
যুদ্ধৰ পাছত বিশ্বত শান্তি হ'ব, 5 হাজাৰ বছৰ পূৰ্বৰ দৰে। তাত এটাই আদি সনাতন
দেৱী-দেৱতা ধৰ্ম আছিল। সেই লোকসকলে আকৌ কয় তাতো কংস, জৰাসন্ধ আদি অসুৰবিলাক আছিল,
ত্ৰেতাত ৰাৱণ আছিল। এতিয়া তেওঁলোকৰ লগত কোনে মগজ খটুৱাই থাকিব। জ্ঞান আৰু ভক্তিৰ
মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। ইমান সহজ কথাটিও কাচিৎহে কাৰোবাৰ বুদ্ধিত ধাৰণ হয়।
গতিকে এনেধৰণৰ শ্লোগান তৈয়াৰ কৰিব লাগে। ড্ৰামা অনুসৰি এই যুদ্ধৰ পাছত বিশ্বত শান্তি
হ'ব। কল্পই কল্পই বিশ্বত শান্তি হয় আকৌ কলিযুগৰ অন্তত অশান্তি হয়। সত্যযুগতেই শান্তি
হয়। এয়াও তোমালোকে লিখিব পাৰা, ‘গীতা’ত ভুল কৰাৰ বাবেই ভাৰতৰ এনে অৱস্থা হৈছে।
সম্পূৰ্ণ 84 জন্ম লওঁতা শ্ৰীকৃষ্ণৰ নাম দি দিছে। শ্ৰীনাৰায়ণৰো নাম দিয়া নাই। তেওঁৰ
তথাপিও 84 জন্মতকৈ কিছুদিন কম বুলি কোৱা হ'ব নহয়। শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ 84 জন্ম হয়।
শিৱবাবা আহে সন্তানসকলক হীৰাতুল্য কৰি তুলিবলৈ সেয়েহে তাৰ বাবে বাকচো (শৰীৰো)
এনেকুৱা সোণৰ হ'ব লাগে, য'ত বাবা আহি প্ৰৱেশ কৰিব। এতিয়া এয়া সোণৰ কেনেকৈ হ'ব সেয়েহে
তৎক্ষণাৎ তেওঁক সাক্ষাৎকাৰ কৰালে - তুমিতো বিশ্বৰ মালিক হোৱাগৈ। এতিয়া মামেকম্
স্মৰণ কৰা, পৱিত্ৰ হোৱা তেতিয়া ততালিকে পৱিত্ৰ হ'বলৈ লাগি গ'ল। পৱিত্ৰ নোহোৱাকৈতো
জ্ঞানৰ ধাৰণা হ'ব নোৱাৰে। সিংহীৰ গাখীৰ ৰাখিবলৈ সোণৰ বাচন লাগে। এই জ্ঞানতো হৈছে -
পৰমপিতা পৰমাত্মাৰ। এয়া ধাৰণ কৰিবলৈও সোণৰ বাচন (পৱিত্ৰ বুদ্ধি) লাগে। পৱিত্ৰ হ'ব
লাগে, তেতিয়াহে ধাৰণ হ'ব। পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰি যদি অধঃপতিত হৈ যায় তেতিয়া যোগৰ
যাত্ৰাই সমাপ্ত হৈ যায়। জ্ঞানো সমাপ্ত হৈ যায়। কাকো ক'ব নোৱাৰে যে - ভগৱানুবাচ, কাম
মহাশত্ৰু। তেওঁলোকৰ তীৰ নালাগিব (শুনোৱা জ্ঞানে প্ৰভাৱ নেপেলাব)। তেওঁলোক তেতিয়া
কুকুৰা জ্ঞানী অৰ্থাৎ জ্ঞান নিজে ধাৰণ নকৰি কেৱল আনক জ্ঞান শুনাই থকা বিধৰ হৈ পৰে।
কোনো বিকাৰেই যাতে নাথাকে। সদায় খতিয়ান ৰাখিবা। যেনেকৈ পিতা সৰ্বশক্তিমান তেনেকৈ
মায়াও সৰ্বশক্তিমান। আধাকল্প ৰাৱণৰ ৰাজত্ব চলে। পিতাৰ বাহিৰে কোনেও ইয়াৰ (ৰাৱণৰ)
ওপৰত বিজয়ী কৰি তুলিব নোৱাৰে। ড্ৰামা অনুসৰি ৰাৱণৰাজ্যও হ'বই। ভাৰতৰেই জয় আৰু
পৰাজয়ৰ ওপৰত এই ড্ৰামা ৰচিত হৈছে। এই পিতাই তোমালোক সন্তানসকলকহে বুজায়। মুখ্য কথা
হৈছে পৱিত্ৰ হোৱা। পিতাই কয় - মই আহোঁৱেই পতিতসকলক পাৱন কৰি তুলিবলৈ। বাকী
শাস্ত্ৰবোৰত কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ, জুৱা আদি দেখুৱাইছে। এনেকুৱা কথা কেনেকৈ হ'ব
পাৰে। ৰাজযোগৰ পঢ়া এনেকুৱা হয় জানো? যুদ্ধক্ষেত্ৰত গীতা পাঠশালা থাকে জানো? ক'ত
জন্ম-মৃত্যু ৰহিত শিৱবাবা, ক'ত সম্পূৰ্ণ 84 জন্ম লওঁতা শ্ৰীকৃষ্ণ। তেওঁৰেই অন্তিম
জন্মত পিতা আহি প্ৰৱেশ কৰে। কিমান স্পষ্ট। গৃহস্থালিত থাকি পৱিত্ৰও হ'ব লাগে।
সন্ন্যাসীয়েতো কয় - দুয়ো (যুগল) একেলগে থাকি পৱিত্ৰ হৈ থাকিব নোৱাৰে। তোমালোকে কোৱা
- আপোনালোকৰতো কোনো প্ৰাপ্তি নাই, তেন্তে কেনেকৈ থাকিব। ইয়াততো বিশ্বৰ বাদশ্বাহী
পোৱা যায়। পিতাই কয় - মোৰ খাতিৰত কুলৰ লাজ ৰক্ষা কৰা। শিৱবাবাই কয় এওঁৰ (ব্ৰহ্মাৰ)
দাড়িৰ লাজ ৰক্ষা কৰা। এই এটা অন্তিম জন্ম পৱিত্ৰ হৈ থাকিলে স্বৰ্গৰ মালিক হ'বাগৈ।
নিজৰ বাবেহে পৰিশ্ৰম কৰে। অন্য কোনো স্বৰ্গলৈ আহিব নোৱাৰে। এয়া তোমালোকৰ ৰাজধানী
স্থাপনা হৈ আছে। ইয়াত সকলো লাগিব নহয়। তাত (স্বৰ্গত) মন্ত্ৰীতো (পৰামৰ্শদাতাতো)
নাথাকে। ৰজাসকলক মন্ত্ৰণাৰ প্ৰয়োজন নাই। পতিত ৰজাসকলৰো এজন মন্ত্ৰী থাকে। ইয়াততো
চোৱা কিমান মন্ত্ৰী থাকে। পৰস্পৰ যুঁজ-বাগৰ কৰি থাকে। পিতাই সকলো জঞ্জালৰ পৰা মুক্ত
কৰি দিয়ে। তিনি হাজাৰ বছৰলৈ আৰু কোনো যুদ্ধ নহ'ব। কাৰাগাৰ আদি নাথাকিব। আদালত আদি
একোৱেই নাথাকিব। তাততো সুখেই সুখ। ইয়াৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। মৃত্যু শিৰত থিয়
হৈ আছে। স্মৃতিৰ যাত্ৰাৰে বিকৰ্মাজিৎ হ'ব লাগে। তোমালোকেই বাৰ্তা-বাহক হোৱা যিয়ে
সকলোকে পিতাৰ বাৰ্তা দিয়া যে ‘মনমনাভৱ’। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান
ধাৰণা কৰিবৰ কাৰণে পৱিত্ৰ হৈ বুদ্ধিৰূপী পাত্ৰ স্বচ্ছ কৰি তুলিব লাগে। কেৱল কুকুৰা
জ্ঞানী অৰ্থাৎ জ্ঞান নিজে ধাৰণ নকৰি কেৱল আনক জ্ঞান শুনাই থকা বিধৰ হ'ব নালাগে।
(2) পোনপটীয়াকৈ পিতাৰ
আগত সকলো অৰ্পণ কৰি শ্ৰীমতত চলি 21 জন্মৰ বাবে ৰাজ্যপদ ল’ব লাগে।
বৰদান:
প্ৰতিটো শক্তি
কাৰ্যত ব্যৱহাৰ কৰি বৃদ্ধি কৰোঁতা শ্ৰেষ্ঠ ধনৱান আৰু বুদ্ধিমান হোৱা
বুদ্ধিমান সন্তানে
প্ৰতিটো শক্তি কাৰ্যত ব্যৱহাৰ কৰাৰ বিধি জানে। যিয়ে শক্তিসমূহ যিমানে কাৰ্যত
ব্যৱহাৰ কৰে সিমানে তেওঁৰ সেই শক্তিসমূহ বৃদ্ধি প্ৰাপ্ত হয়। গতিকে এনেকুৱা ঈশ্বৰীয়
বাজেট প্ৰস্তুত কৰা যাতে বিশ্বৰ প্ৰত্যেক আত্মাই তোমালোকৰ দ্বাৰা কিবা নহয় কিবা
প্ৰাপ্তি কৰি তোমালোকৰ গুণগান কৰে। সকলোকে কিবা নহয় কিবা দিবই লাগে। লাগিলে মুক্তি
দিয়া বা জীৱনমুক্তি দিয়া। ঈশ্বৰীয় বাজেট প্ৰস্তুত কৰি সৰ্ব শক্তি ৰাহি কৰি জমা কৰা
আৰু জমা কৰা শক্তিৰ দ্বাৰা সৰ্ব আত্মাক ভিক্ষাৰীবোধৰ পৰা, দুখ-অশান্তিৰ পৰা মুক্ত
কৰা।
স্লোগান:
শুদ্ধ সংকল্পক নিজৰ জীৱনৰ অমূল্য সম্পদ কৰি লোৱা তেতিয়া সমৃদ্ধিশালী হৈ যাবা।
মাতেশ্বৰীজীৰ অমূল্য
মহাবাক্য :-
"এতিয়া বিকৰ্ম কৰাৰ
প্ৰতিযোগিতা কৰিব নালাগে"
পোন-প্ৰথমেতো নিজৰ
আগত এইটো লক্ষ্য-উদ্দেশ্য ৰাখিব লাগে যে মই যিকোনো ৰীতিৰে বিকাৰসমূহ বশ কৰিব লাগে,
তেতিয়াহে ঈশ্বৰীয় সুখ-শান্তিত থাকিব পাৰা। নিজৰ মুখ্য পুৰুষাৰ্থ হৈছে নিজে
শান্তিত থাকি আনকো শান্ত কৰি তোলা। এই ক্ষেত্রত সহনশক্তি নিশ্চয় লাগে। সকলো নিজৰ
ওপৰতে নিৰ্ভৰ কৰে। এনেকুৱা নহয় যে কোনোবাই কিবা ক’লে অশান্ত হৈ যাব লাগে, নহয়।
জ্ঞানৰ প্রথম গুণো হৈছে সহনশক্তি ধাৰণ কৰা। চোৱা, অজ্ঞানকালত এনেকৈ কয় যে কোনোবাই
লাগিলে যিমানেই গালি নিদিয়ক, এনেকৈ ভাবিবা যে মোক ক'ত আঘাত কৰিলে? যিয়ে গালি দিলে
তেওঁ নিজেতো অশান্ত হৈ গ'ল, তেওঁৰ নিজৰ হিচাপ-নিকাচ সৃষ্টি হ’ল। কিন্তু যদি আমিও
অশান্ত হৈ যাওঁ, কিবা কৈ দিওঁ তেন্তে আমাৰ বিকৰ্ম হ'ব, গতিকে বিকৰ্ম কৰাৰ
প্ৰতিযোগিতা কৰিব নালাগে। নিজৰ বিকৰ্মতো ভস্ম কৰিব লাগে, নতুনকৈ সৃষ্টি কৰিব নালাগে,
এনেকুৱা বিকৰ্মতো জন্ম-জন্মান্তৰ কৰি আহিলা আৰু দুখো পালা। এতিয়াতো জ্ঞান পাই আছা
এই পাঁচ বিকাৰক জয় কৰা। বিকাৰৰো বহুত বিস্তাৰ আছে, বহুত সূক্ষ্ম ৰীতিৰে আহে।
কেতিয়াবা ঈৰ্ষা উৎপন্ন হ’লে ভাবে এওঁ এনেকুৱা কৰিলে তেন্তে মই কিয় নকৰিম? এইটো
বহুত ডাঙৰ ভুল। নিজকতো অভুল (ক্ৰুটিমুক্ত) কৰিব লাগে, যদি কোনোবাই কিবা কয় তেতিয়া
এনেকৈ ভাবিবা যে এয়া মোৰ পৰীক্ষা, মোৰ ভিতৰত কিমানলৈকে সহনশক্তি আছে? যদি কোনোবাই
কয় মই বহুত সহ্য কৰিলোঁ, আৰু এবাৰো যদি উত্তেজিত হৈ গ’ল তেন্তে অৱশেষত অকৃতকাৰ্য
হৈ গ'ল। যিয়ে ক’লে তেওঁ নিজৰ ক্ষতি কৰিলে, কিন্তু নিজকতো গঢ়িব লাগে, নে ক্ষতি কৰাব
লাগে সেইবাবে ভালকৈ পুৰুষাৰ্থ কৰি জন্ম-জন্মান্তৰৰ কাৰণে শ্ৰেষ্ঠ প্ৰালব্ধ গঢ়িব লাগে।
বাকী যিসকল বিকাৰৰ বশ হৈ আছে তাৰমানে তেওঁলোকৰ মাজত ভূত প্ৰৱেশ কৰিছে, ভূতৰ ভাষাই
এনেকুৱা কিন্তু যিসকল দৈৱী আত্মা তেওঁলোকৰ ভাষা দৈৱীয়েই হ’ব। গতিকে নিজক দৈৱী কৰি
তুলিব লাগে আসুৰিক নহয়। ভাল বাৰু – ওঁম্ শান্তি।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
পৰমাত্ম-স্নেহৰ অনুভৱী
হোৱা তেতিয়া এই অনুভৱেৰে সহজযোগী হৈ উৰি থাকিবা। পৰমাত্ম-স্নেহ হৈছে উৰাৰ সাধন।
উৰোঁতাসকল কেতিয়াও ধৰণীৰ আকৰ্ষণত আহিব নোৱাৰে। মায়াৰ যিমানেই আকৰ্ষিত ৰূপ নহওঁক সেই
আকৰ্ষণ উৰন্ত কলাধাৰীৰ কাষ চাপিব নোৱাৰে।