02.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই ড্ৰামাত বিনাশ নিৰ্ধাৰিত হৈ আছে, তোমালোক বিনাশৰ আগতেই কৰ্মাতীত হ'ব লাগে”

প্ৰশ্ন:
পিতাৰ কোনবোৰ শব্দই সন্মুখত বহুত আকৰ্ষিত কৰে?

উত্তৰ:
পিতাই যেতিয়া কয় - তোমালোক মোৰ সন্তান, তেতিয়া এই শব্দবোৰে সন্মুখত বহুত আকৰ্ষিত কৰে। সন্মুখত শুনিলে বহুত ভাল লাগে। মধুবনে সকলো সন্তানক আকৰ্ষিত কৰে কিয়নো ইয়াত ঈশ্বৰীয় পৰিয়াল আছে। ইয়াত ব্ৰাহ্মণসকলৰ সংগঠন আছে। ব্ৰাহ্মণে পৰস্পৰ জ্ঞানৰহে লেন-দেন কৰে।

গীত:
হমাৰে তীৰ্থ ন্যাৰে হে….. (আমাৰ তীৰ্থ অনন্য…..)

ওঁম্শান্তি।
সন্তানসকলে জানে যে আমি অবিনাশী যাত্ৰা অথবা আত্মিক যাত্ৰাত গৈ আছোঁ, যি যাত্ৰাৰ পৰা আমি মৃত্যুলোকলৈ উভতি নাহোঁ। মনুষ্যইতো এই কথাবোৰ নাজানেই যে এনেকুৱা যাত্ৰাও থাকে, য'ৰ পৰা কেতিয়াও উভতি আহিবলগীয়া নহয়। তোমালোক ভাগ্যশালী তৰাসকলে এতিয়া গম পাইছা। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখিব লাগে। আমি আত্মাসকলে ভূমিকা পালন কৰোঁ। সেই ড্ৰামাত এনেকৈ নক'ব যে মই আত্মাই এই বস্ত্ৰ পৰিধান কৰি ভূমিকা পালন কৰিলোঁ, এতিয়া ঘৰলৈ যাওঁ। তেওঁলোকেতো নিজক শৰীৰ বুলিয়েই ভাবে। ইয়াত তোমালোক সন্তানসকলৰ জ্ঞান আছে - আমি আত্মা, এই শৰীৰ ৰূপী কাপোৰ এৰি আকৌ আন এটা ল'মগৈ। এয়া 84 জন্মৰ পুৰণি কাপোৰ, এয়া এৰি থৈ আকৌ নতুন সৃষ্টিত নতুন কাপোৰ পৰিধান কৰিম। এই লক্ষ্মী-নাৰায়ণে নতুন কাপোৰ পৰিধান কৰি আছে নহয়! তোমালোকৰে ৰাজধানীৰ হয়। তোমালোকো গৈ এনেকুৱা নতুন দৈৱী কাপোৰ পৰিধান কৰিবাগৈ। ইয়াততো কয় - মোৰ নিৰ্গুণহাৰীৰ কোনো গুণ নাই। পিতাইহে পুনৰ এনেকুৱা গুণৱান কৰি তোলে। পিতাই কয় - মোৰো ভূমিকা আছে, আহি তোমালোকক পুনৰ নিৰ্বিকাৰী কৰি তোলোঁ। ইয়াত এয়া হৈছে জীৱন বন্ধন ধাম, ৰাৱণৰাজ্য। এয়া তোমালোকৰ বুদ্ধিত আছে, আমি পতিতৰ পৰা পাৱন পুনৰ পাৱনৰ পৰা পতিত কেনেকৈ হওঁ। তোমালোক সন্তানসকলে জানা - কলিযুগ হৈছে অন্ধকাৰ। ৰাৱণৰাজ্যৰ এতিয়া অন্ত, ৰামৰাজ্যৰ এতিয়া আৰম্ভণি হ'ব। এতিয়া হৈছে সংগম। কল্পৰ সংগমযুগত পিতাহে আহিবলগীয়া হয়। জগতবাসীয়েও এতিয়া এইটো বুজি আছে যে এতিয়া বিনাশৰ সময় আৰু স্থাপনাৰ অৰ্থে ভগৱান ক'ৰবাত গুপ্তবেশত আছে। এতিয়া গুপ্তবেশততো তোমালোক আত্মাসকলো আছা। আত্মা বেলেগ, শৰীৰ বেলেগ। এই মনুষ্য চোলা (ব্ৰহ্মা তন) গুপ্তবেশ। পিতাও এই শৰীৰত আহিবলগীয়া হয়। তোমালোকৰ শৰীৰৰ নাম দিয়া হয়, তেওঁৰতো শৰীৰ নাই। তোমালোকো আত্মা, তেৱোঁ আত্মা। আত্মাৰ আত্মাৰ সৈতে এতিয়া মোহ উৎপন্ন হৈছে। গায়নো কৰে - অন্যৰ সংগ এৰি, তোমাৰ সৈতে সংগ গঢ়িম। যেনেকৈ আপুনি মোহজিৎ, তেনেকৈ আমিও হ'ম। বাবা বহুত মোহজিৎ। কিমান অনেক সন্তান আছে, যিসকল কাম চিতাত বহি জ্বলি গৈছে। পৰমপিতা পৰমাত্মা আহেই - পুৰণি সৃষ্টিৰ বিনাশ কৰাবলৈ, তেন্তে মোহ কেনেকৈ হ'ব। পতিতসকলৰ যেতিয়া বিনাশ হ'ব তেতিয়াহে শান্তিৰ ৰাজ্য হ'ব। এই সময়ত সুখতো কাৰো নাই। সকলো তমোপ্ৰধান দুখী হৈ গৈছে। এইখন হৈছেই পতিত সৃষ্টি। শিৱবাবাহে আহি স্বৰ্গৰ স্থাপনা কৰে, যাৰ নাম শিৱালয় হয়। শিৱবাবাই দেৱতাসকলৰ ৰাজধানী স্থাপন কৰিলে। সেয়া হৈছে চৈতন্য শিৱালয় আৰু সেই শিৱালয় য'ত শিৱৰ চিত্র আছে সেয়াতো জড় হৈ গ'ল। এতিয়া তোমালোকে বুজি পালা যে লক্ষ্মী-নাৰায়ণ যথাযথ স্বৰ্গৰ মালিক আছিল। পূজ্য আছিল, এতিয়া আকৌ পূজ্য হৈ আছে। তোমালোকৰ এতিয়া জ্ঞান আছে। তোমালোকে লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গৈ তেওঁলোকৰ আগত নতশিৰ নোহোৱা। তোমালোকতো তেওঁলোকৰ ৰাজধানীলৈ চৈতন্য ৰূপত যোৱা। জানা যে আমি দেৱতা আছিলোঁ, এতিয়া নহয়। যি অতীত হৈ গ'ল তাৰ চিত্র তৈয়াৰ কৰে। লক্ষ্মী-নাৰায়ণৰ মন্দিৰ সকলোতকৈ অধিক বিৰলাই নিৰ্মাণ কৰে। গতিকে তেওঁলোকৰো সেৱা কৰিব লাগে। আপুনি লক্ষ্মী-নাৰায়ণৰ এয়া যি মন্দিৰ নিৰ্মাণ কৰে, আমি আপোনাক এওঁলোকৰ 84 জন্মৰ কাহিনী শুনাম। যুক্তিৰে এই উপহাৰ দিব লাগে। বাবাই সেৱাৰ যুক্তিতো শুনায়। মাতাসকলে গৈ কোৱা - আপুনি তেওঁলোকৰ মন্দিৰতো নিৰ্মাণ কৰে কিন্তু তেওঁলোকৰ জীৱন কাহিনী নাজানে। আমি জানোঁ আৰু বুজাবও পাৰো। বুজাওঁতাসকল বৰ ৰসাল হ'ব লাগে। পিতায়ো বহি বুজায় নহয়। বাবাই কয় - যদি ছুটী পোৱা নাযায় তেন্তে ঘৰত বহি স্মৰণ কৰা। এইটোতো জানা যে আমি শিৱবাবাৰ সন্তান। মুৰুলীতো পোৱা যায়। এনেকুৱা নহয় যে ইয়ালৈ আহিলে স্মৃতিৰ যাত্ৰা ভাল হ’ব, ঘৰত বহিলে স্মৃতিৰ যাত্ৰা কম হৈ যাব। ডাৱৰ আহে সজীৱ হ'বলৈ। তোমালোকো আহা, সজীৱ হ'বলৈ। বাবাৰ ওচৰলৈ সন্মুখত যাওঁ। আত্মাৰ জ্ঞান আছে, সন্মুখত শুনিলে ভাল লাগে। কথাতো সেয়াই, দেখিবলৈ পোৱা - শিৱবাবাই কেনেকৈ বহি সন্তানসকলক বুজায়। "সন্তানসকল তোমালোক মোৰ হোৱা", তোমালোকে 84 জন্মৰ ভূমিকা পালন কৰিলা। তোমালোক জন্ম-মৃত্যুত আহা, মই নাহোঁ, মই পুনৰ্জন্ম নলওঁ। অজন্মাও নহওঁ। আহোঁ কিন্তু বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ। তোমালোক আত্মাসকলে শিশুৰ শৰীৰত প্ৰৱেশ কৰা, মই পৰমধামৰ পৰা আহোঁ, তলত ভূমিকা পালন কৰিবলৈ। মই বিকাৰীৰ গৰ্ভত নাহোঁ। মোক কোৱা - তুমিয়েই মাতা-পিতা....... মোৰ কোনো মা-পিতা থাকিব নোৱাৰে। মই কেৱল শৰীৰৰ আধাৰ লৈ ভূমিকা পালন কৰোঁ। তোমালোকে মোক আহ্বান জনোৱা দুখ হৰণ কৰি, সুখ দিবৰ কাৰণে। এতিয়া সন্মুখত আহিছোঁ, আত্মাসকলৰ সৈতে কথা পাতি আছোঁ। ইয়াততো সকলো ব্ৰাহ্মণেই আছে। তোমালোক বাহিৰলৈ যোৱা তেতিয়া হংস আৰু বগলী হৈ যোৱা, ইয়াত (মধুবনত) তোমালোকৰ সংগই হৈছে ব্ৰাহ্মণসকলৰ। পৰস্পৰ জ্ঞানৰ বাৰ্তালাপহে কৰিব। আমি নিজৰ ৰাজধানী স্থাপন কৰি আছোঁ। বাবা আহিছে, ইজনে-সিজনক পিতাক স্মৰণ কৰাৰ এই যুক্তি শুনাই থাকা। ভোজনৰ সময়তো ইজনে-সিজনক ইংগিত দি থাকা যে পিতাক স্মৰণ কৰা। বহুত ডাঙৰ সংগঠন হয় নহয়। তাততো বিকাৰীসকল লগত থাকে, গতিকে তেওঁলোকে আকৰ্ষিত কৰে। ইয়াততো কোনেও আকৰ্ষিত নকৰে। যোদ্ধা যোদ্ধাৰ লগত থাকে। তোমালোকৰ কুটুম্ব হৈছে এয়া। বুদ্ধিত এইটোৱেই থাকে, যাকে পাওঁ তেওঁলোকক পিতাৰ পৰিচয় দিওঁ যে ভগৱানক স্মৰণ কৰি থাকক। দুজন পিতা আছে নহয়। লৌকিক পিতা থকা সত্ত্বেও ভগৱানক স্মৰণ কৰা নহয়। তেওঁ লৌকিক পিতা। লৌকিক পিতাক ঈশ্বৰ পিতা বুলি কোৱা নহয়। এয়া হৈছে পাৰলৌকিক পিতা, নিশ্চয় ঈশ্বৰ পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। এনেকৈ ভোঁ ভোঁ কৰি থাকা। তোমালোক ব্ৰাহ্মণ হোৱা নহয়। সন্ন্যাসীসকলেও ভোঁ ভোঁ কৰে নহয়। এই জগতৰ সুখ কাউৰীৰ বিষ্ঠাৰ সমান, কিমান দুখ আছে। তেওঁলোকতো হৈছে হঠযোগী, নিবৃত্তি মাৰ্গৰ লোক। তেওঁলোকৰ ধৰ্মই বেলেগ। তোমালোকে জানা - সত্যযুগত আমি কিমান সুখী পৱিত্ৰ আছিলোঁ। ভাৰত প্ৰবৃত্তি মাৰ্গৰ আছিল, দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। যিসকল পৱিত্র আছিল, তেওঁলোকেই পতিত হৈ গ’ল। আহ্বানো জনাই থাকে - হে পতিত-পাৱন আহক আকৌ কৈ দিয়ে পৰমাত্মা সৰ্বব্যাপী। আমি জ্যোতি গৈ জ্যোতিত সমাহিত হৈ যাম। পুনৰ্জন্মকো নামানে। অনেক মত আছে নহয়। দিনে-প্ৰতিদিনে বৃদ্ধি হৈ গৈ থাকে। এইটোও ক'ব লাগে যে সন্ন্যাসীসকলৰ বৃদ্ধি কেনেকৈ হয়। নগ্ন সকলৰো বৃদ্ধি হয়, যাৰ যিটো ধৰ্ম, তাতেই থাকিলে তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যায়। যিয়ে যিটো বেছিকৈ অভ্যাস কৰে যেনেকৈ শাস্ত্ৰ আদি পঢ়ে তেন্তে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি, তেতিয়া সৰু কালতেই শাস্ত্ৰ কণ্ঠস্থ হৈ যায়। এতিয়া পিতাই কয় - মই অমুক হওঁ, এয়া হওঁ, এই সকলোবোৰ দেহ-অভিমানৰ কথা এৰি দিয়া। নিজক অশৰীৰী আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা। এই শৰীৰক দেখিও নাচাবা। দেহ সহিত দেহৰ যি সম্বন্ধ আদি আছে, সকলো ত্যাগ কৰা। নিজক আত্মা বুলি নিশ্চয় কৰা, পৰমাত্মাক স্মৰণ কৰা। এই ক্ষেত্ৰত সময় বহুত লাগে। মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। নহ'লেতো বানপ্ৰস্থীসকলৰ কাৰণে বহুত সহজ। পিতাই নিজে কয় - এতিয়া তোমালোক সৰু-ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। এফালে বিনাশো হৈ থাকিব আনফালে জন্মও লৈ থাকিব। পুনৰ্জন্ম ল'বলগীয়া থাকিলে আহি যাব। সন্তানো জন্ম হ'ব। আকৌ বিনাশো হৈ যাব। এইটোতো তোমালোকে জানা - কোনোবা গৰ্ভত থাকিব, কোনোবা ক'ৰবাত, সকলো নাশ হৈ যাব। সকলোৱে নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি উভতি যাব। হিচাপ-নিকাচ বাকী থাকিলে তেন্তে ভালদৰে শাস্তি ভোগ কৰিব লাগিব। তেতিয়া সেয়াও পাতল হৈ যাব। এনেকুৱা নহয় যে যোগতো থাকিবা আৰু পাপো কৰি থাকিবা। বহুত সন্তানে এফালে খতিয়ানো লিখি থাকে আকৌ কয় মায়াই মুখ ক'লা কৰি দিলে। মায়াই পৰাস্ত কৰি দিলে তেন্তে কেঁচা বুলি ক’ব নহয়। গতিকে পিতাই বুজায় যে তোমালোকে এনেকৈ বুজিবা যে আমি কিছুদিনৰ কাৰণে ইয়াত আছোঁ পুনৰ গুচি যাম। এই সকলোবোৰ বিনাশ হৈ আছে। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব, নিজৰ খতিয়ান চাই থাকা - মই কিমানক ৰাস্তা দেখুৱাও আৰু পুৰুষাৰ্থ কৰাওঁ। তন-মন-ধনেৰে আত্মিক সেৱাত সহায়কাৰী হ'ব লাগে। এনেকৈ কয় যে মনক শান্ত কৰিব নোৱাৰি। আত্মাতো হয়েই শান্ত। আমি আত্মা নিজৰ পৰমধামত গৈ বহিম। জগতৰ কোনো সংকল্প নাহিব। এনেকুৱা নহয় যে চকু বন্ধ কৰি চেতনাহীন হ'ব লাগে। এনেকৈ বহুতে শিকেও। 10-15 দিন চেতনাহীনো হৈ যায়। এইটো অভ্যাস কৰে আকৌ ইমান সময়ৰ পাছত জাগি উঠিব। যেনেকৈ টাইম বোমা থাকে, সেই বোমাৰো সময় থাকে, এইটো ইমান সময়ৰ পাছত ফুটিব।

তোমালোক সন্তানসকলে গম পোৱা - আমি যোগযুক্ত হৈ আছোঁ। যেতিয়া তমোপ্ৰধান ময়লা আঁতৰিব আমি সতোপ্ৰধান হৈ যাম তেতিয়া আকৌ এই শৰীৰ এৰি দিম। আমি এতিয়া যোগৰ যাত্ৰাত আছোঁ। সময় পাইছোঁ পুনৰ এই শৰীৰ এৰিবই লাগিব তেতিয়া সকলোবোৰ নাশ হৈ যাব। সময় নিৰ্ধাৰিত কৰা আছে আকৌ অন্তিমত মহৰ সদৃশ শৰীৰ ত্যাগ কৰিব। বিনাশ হ'ব, তোমালোকে কৰ্মাতীত অৱস্থা পাবা তেতিয়া বিনাশ আৰম্ভ হৈ যাব। বিনাশৰ দৃশ্য বহুত ভয়ানক হয়। এই ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকে জানা - আমাৰ অৱস্থা একৰস হৈ থাকিব। আনন্দত সদায় হৰ্ষিত হৈ থাকিম। এই সৃষ্টিখনতো নাশ হ'বই। জানে যে কল্পই কল্পই সংগমযুগ আহে, তেতিয়া বিনাশ হয়। কেৱল বোমা নহয়, প্ৰাকৃতিক দুৰ্যোগেও সহায় কৰে। গতিকে সন্তানসকলে এইটো বুদ্ধিত ৰাখিব লাগে - এতিয়া আমি যাব লাগে। যিমান বাবাক স্মৰণ কৰিম বিকৰ্ম বিনাশ হ'ব, উচ্চ পদ পাম। ঘৰৰ পৰাই সেৱা আৰম্ভ হয়। চেষ্টা কৰিব লাগে। কন্যা সেইসকল যিয়ে মা-পিতাৰ ঘৰ আৰু শহুৰ ঘৰৰ উদ্ধাৰ কৰে। তেন্তে আৰম্ভণি প্ৰথম ঘৰতেই হ'ল নহ’ল। সেৱাত লাগি থাকিব লাগে। কোৱা, শিৱবাবাই কয় - মোক স্মৰণ কৰা তেন্তে উত্তৰাধিকাৰ পাবা। চিধা কথা। মোক ‘অল্ফ’ক স্মৰণ কৰা তেন্তে স্বৰ্গৰ উত্তৰাধিকাৰ তোমাৰ। বিশ্বৰ মালিক তোমালোক হৈ যাবা। এতিয়া উত্তৰাধিকাৰ পাবলৈ হ’লে মোক স্মৰণ কৰা। এই বাৰ্তা দিয়াতো সন্তানসকলৰ দায়িত্ব। আগতেও দিছিলা। ক'ব লাগে বিনাশ সন্মুখত ঠিয় হৈ আছে। কলিযুগৰ পাছত সত্যযুগ আহিব। পিতাহে আহি উত্তৰাধিকাৰ দিয়ে। ৰাৱণে নৰকবাসী কৰি তোলে। পিতা আহি স্বৰ্গবাসী কৰি তোলে। কাহিনী ভাৰতৰ। ভাৰতবাসীক থিয় কৰাব লাগে। প্ৰথমে শিৱৰ মন্দিৰত গৈ বুজাব লাগে। এইজন পিতা নতুন সৃষ্টি ৰচয়িতা হয়। কয় - মোক স্মৰণ কৰা তেন্তে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। এওঁৰ নিৰাকাৰ বাবাৰ আগমন হৈছে। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা কৰি আছে। এতিয়া পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। 84 জন্ম পূৰা হ'ল। এতিয়া আমি আপোনালোকক কওঁ। এতিয়া মানি লয় বা নলয়, আপোনালোকৰ ইচ্ছা। কথাবোৰতো বৰ ভাল। পিতাহে দুখ-হৰ্তা, সুখ-কৰ্তা হয়। অলপমানেই বুজোৱা – তাৰপাছত তাৰ পৰা গুচি আহা। এইটো হৈছে তোমালোকৰ বেপাৰ। পৰিশ্ৰমতো একো নাই। কেৱল মুখেৰে ক'ব লাগে - পিতাই কয় মোক স্মৰণ কৰা। দেহী-অভিমানী হোৱা। শিৱৰ পূজাৰীসকলৰ ওচৰলৈ যোৱা আকৌ লক্ষ্মী-নাৰায়ণৰ পূজাৰীসকলৰ ওচৰলৈ যোৱা। তেওঁলোকক লক্ষ্মী-নাৰায়ণৰ জীৱন কাহিনী শুনোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) তন, মন, ধনেৰে আত্মিক সেৱাত সহায়কাৰী হ'ব লাগে। সকলোকে ‘অল্ফ’ৰ (পৰমপিতাৰ) পৰিচয় দি উত্তৰাধিকাৰৰ অধিকাৰী কৰি তুলিব লাগে। বিনাশৰ আগতে কৰ্মাতীত হ'বৰ কাৰণে পিতাৰ স্মৃতিত থাকিব লাগে।

(2) পিতাৰ সমান মোহজিৎ হ'ব লাগে। আত্মাৰ আত্মাৰ সৈতে যি মোহ গঢ়ি উঠিছে সেয়া আঁতৰাই এজন পিতাৰ প্ৰতি নিষ্ঠাৱান হ’ব লাগে।

বৰদান:
সৰ্বশক্তিমানৰ সান্নিধ্যৰ স্মৃতিৰে সমস্যাসমূহ দূৰ কৰোঁতা পৰমাত্ম স্নেহী হোৱা

যিসকল সন্তান পৰমাত্ম স্নেহী তেওঁলোকে স্নেহীক সদায় লগত ৰাখে সেয়েহে কোনোধৰণৰ সমস্যা সন্মুখত নাহে। যাৰ লগত স্বয়ং সৰ্বশক্তিমান পিতা আছে তেওঁৰ সন্মুখত সমস্যা টিকি থাকিব নোৱাৰে। সমস্যা উৎপন্ন হ'ল আৰু তাতেই সমাপ্ত কৰি দিয়া তেতিয়া বৃদ্ধি নহ'ব। এতিয়া সমস্যাসমূহৰ জন্ম নিয়ন্ত্ৰণ কৰা। সদায় স্মৃতিত ৰাখা যে সম্পূৰ্ণতাক সমীপত আনিব লাগে আৰু সমস্যাসমূহ দূৰ কৰিব লাগে।

স্লোগান:
স্নেহী হোৱাৰ পুৰুষাৰ্থ নহয়, আনাসক্ত হোৱাৰ পুৰুষাৰ্থ কৰা তেতিয়া স্নেহী স্বতঃ হৈ যাবা।


অব্যক্ত ইংগিত: সদায় অচল, অটল, একৰস স্থিতিৰ অনুভৱ কৰা

সময়ে সময়ে অনেক প্ৰকাৰৰ বিঘিনি আহে, কোনোবা ভাল অনন্য সন্তান মায়াৰ বশীভূত হৈ বিৰোধী হৈ যায় আৰু সেৱাত অশান্তিৰ সৃষ্টি কৰে। এনেকুৱা সময়ত ভয়-ভীততো নোহোৱা! এটা হ’ল তেওঁৰ প্ৰতি কল্যাণৰ ভাৱেৰে পুতৌ কৰা, কিন্তু তেওঁৰ কাৰণে অস্থিৰতাত অহা অথবা ব্যৰ্থ সংকল্প কৰা – এয়া হৈছে বিচলিত হোৱা। যিয়ে প্ৰত্যেক আত্মাৰ ভূমিকা সাক্ষীদৃষ্টা স্থিতিত থাকি প্ৰত্যক্ষ কৰে তেওঁ অচল-অটল একৰস হৈ থাকে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]