02.06.24    Avyakt Bapdada     Assame Murli     18.01.20     Om Shanti     Madhuban


*পিতা ব্ৰহ্মাৰ দৰে ত্যাগ, তপস্যা আৰু সেৱাৰ প্ৰকম্পন বিশ্বত বিয়পোৱা*


আজি সমৰ্থ বাপদাদাই নিজৰ সমৰ্থ সন্তানসকলক চাই আছেহঁক। আজিৰ দিনটি হৈছে স্মৃতি দিৱস তথা সমৰ্থ দিৱস। আজিৰ দিনটি সন্তানসকলক সকলো শক্তি ইচ্ছা পত্ৰ কৰি দিয়াৰ দিৱস। জগতত অনেক প্ৰকাৰৰ ইচ্ছা পত্ৰ থাকে কিন্তু পিতা ব্ৰহ্মাই পিতাৰ পৰা প্ৰাপ্ত কৰা সৰ্ব শক্তি ইচ্ছা পত্ৰ কৰি সন্তানসকলক দিলে। এনেকুৱা অলৌকিক ইচ্ছা পত্ৰ আন কোনেও কৰিব নোৱাৰে। পিতাই পিতা ব্ৰহ্মাক সাকাৰত নিমিত্ত কৰিলে আৰু পিতা ব্ৰহ্মাই সন্তানসকলক নিমিত্ত ভৱৰ বৰদান দি ইচ্ছা পত্ৰ কৰি দিলে। এই ইচ্ছা পত্ৰই সন্তানসকলক সহজে শক্তিৰ অনুভূতি কৰাই থাকে। এটা হল নিজৰ পুৰুষাৰ্থৰ শক্তি আৰু এয়া হল পৰমাত্ম ইচ্ছা পত্ৰৰ দ্বাৰা শক্তিৰ প্ৰাপ্তি। এয়া প্ৰভুৰ দান, প্ৰভুৰ বৰদান। এয়া প্ৰভু বৰদানে চলাই আছে। বৰদানত পুৰুষাৰ্থৰ পৰিশ্ৰম নাই কিন্তু সহজে আৰু স্বতঃ নিমিত্ত কৰাই চলাই থাকে। সন্মুখত বহুত কম আছিল কিন্তু বাপদাদাৰ দ্বাৰা, বিশেষকৈ পিতা ব্ৰহ্মাৰ দ্বাৰা সন্তানসকলৰ বিশেষ এইটো ইচ্ছা শক্তি প্ৰাপ্ত কৰিলে আৰু বাপদাদায়ো দেখিলে যে যিসকল সন্তানসকলক পিতাই ইচ্ছা শক্তি কৰিলে সেই সকলো সন্তানে (আদি ৰত্নসকলে আৰু সেৱাৰ নিমিত্ত সন্তানসকলে) সেই প্ৰাপ্ত ইচ্ছা শক্তিক ভালদৰে কাৰ্যত লগালে। আৰু সেই ইচ্ছা শক্তিৰ বাবে এই ব্ৰাহ্মণ পৰিয়াল দিনে-প্ৰতিদিনে বৃদ্ধি হৈয়েই গৈ আছে। সন্তানসকলৰ বিশেষত্বৰ বাবে এই বৃদ্ধি হবলগীয়া আছিল আৰু হৈ আছে।

বাপদাদাই দেখিলে যে নিমিত্ত হোৱা আৰু সংগ দিওঁতা দুয়ো প্ৰকাৰৰ সন্তানৰ দুটি বিশেষত্ব বহুত ভাল দেখা গল। প্ৰথম বিশেষত্ব - স্থাপনাৰ আদি ৰত্নই হওঁক বা সেৱাৰ ৰত্নই হওঁক দুয়োবিধৰে সংগঠনৰ একতা বহুত ভাল দেখা গল। কাৰো মাজত কিয়, কি, কেনেকৈ এয়া সংকল্প মাত্ৰও নাছিল। দ্বিতীয় বিশেষত্ব - এগৰাকীয়ে কলে আনগৰাকীয়ে মানি ললে। এয়া অতিৰিক্ত ইচ্ছা শক্তিৰ বায়ুমণ্ডলৰ বিশেষত্ব আছিল সেয়েহে সকলো নিমিত্ত হোৱা আত্মাই কেৱল বাবাকেই দেখি থাকিল।

বাপদাদাই এনেকুৱা সময়ত নিমিত্ত হোৱা সন্তানসকলক অন্তৰেৰে স্নেহ যাচি আছে। পিতাৰ চমৎকাৰতো হয়েই কিন্তু সন্তানসকলৰ চমৎকাৰো কম নহয়। আৰু সেই সময়ৰ সংগঠন, একতা - আমি সকলো এক, সেয়াই আজিও সেৱা বৃদ্ধি কৰাই আছে। কিয়? নিমিত্ত হোৱা আত্মাসকলৰ আধাৰ দৃঢ় আছিল। তেন্তে বাপদাদাও আজিৰ দিনটিত সন্তানসকলৰ চমৎকাৰৰ মহিমা কৰি আছিল। সন্তানসকলে চাৰিওফালৰ পৰা স্নেহৰ মালা পিন্ধালে আৰু পিতাই সন্তানসকলৰ চমৎকাৰৰ গুণগান কৰিলে। ইমান সময় চলিব লাগিব, এইটো ভাবিছিলানে? কিমান সময় হৈ গল? সকলোৰে মুখেৰে, অন্তৰেৰে এইটোৱে ওলায়, এতিয়া যাব লাগে, এতিয়া যাব লাগে... কিন্তু বাপদাদাই জানিছিল যে এতিয়া অব্যক্ত ৰূপত সেৱা হবলগীয়া আছে। সাকাৰত ইমান ডাঙৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাইছিল জানো? বাবাৰ অতিকৈ মৰমৰ ডবল বিদেশীসকল আহিছিল জানো? তেন্তে বিশেষ ডবল বিদেশীসকলৰ অব্যক্ত প্ৰতিপালনৰ দ্বাৰা অলৌকিক জন্ম হবলগীয়াই আছিল, ইমানবিলাক সন্তান আহিবলগীয়াই আছিল। সেয়েহে পিতা ব্ৰহ্মাই নিজৰ সাকাৰ শৰীৰো এৰিবলগীয়া হল। ডবল বিদেশীসকলৰ নিচা আছেনে যে আমি অব্যক্ত প্ৰতিপালনৰ পাত্ৰ হওঁ?

পিতা ব্ৰহ্মাৰ ত্যাগ ড্ৰামাত বিশেষভাৱে নিৰ্ধাৰিত হৈ আছে। আদিৰ পৰা পিতা ব্ৰহ্মাৰ ত্যাগ আৰু তোমালোক সন্তানসকলৰ ভাগ্য নিৰ্ধাৰিত হৈ আছে। সকলোতকৈ এক নম্বৰ ত্যাগৰ উদাহৰণ পিতা ব্ৰহ্মা হল। সকলো প্ৰাপ্ত হোৱা সত্ত্বেও ত্যাগ কৰিলে তাকে ত্যাগ বুলি কোৱা হয়। সময় অনুসৰি, সমস্যা অনুসৰি কৰা ত্যাগ শ্ৰেষ্ঠ ত্যাগ নহয়। আৰম্ভণিৰে পৰাই চোৱা শৰীৰ, মন, ধন, সম্বন্ধ, সৰ্ব প্ৰাপ্তি হোৱা সত্ত্বেও ত্যাগ কৰিলে। শৰীৰো ত্যাগ কৰিলে, সকলো সাধন থকা সত্ত্বেও নিজে পুৰণাতে থাকিল। সাধন আৰম্ভ হৈ গৈছিল। থকা সত্ত্বেও সাধনাত অটল হৈ থাকিল। ব্ৰহ্মাৰ এই তপস্যাই তোমালোক সকলো সন্তানৰ ভাগ্য গঢ়ি গল। ড্ৰামানুসৰি এনেকুৱা ত্যাগৰ উদাহৰণৰ ৰূপত ব্ৰহ্মাই হল আৰু এই ত্যাগেই সংকল্প শক্তিৰ সেৱাৰ বিশেষ ভূমিকাৰ সৃষ্টি কৰিলে। যাৰ ফলত নতুন নতুন সন্তানসকলে সংকল্প শক্তিৰে তীব্ৰতাৰে বৃদ্ধি প্ৰাপ্ত কৰি আছে। তেন্তে শুনিলা ব্ৰহ্মা ত্যাগৰ কাহিনী।

ব্ৰহ্মাৰ তপস্যাৰ ফল তোমালোক সন্তানসকলে প্ৰাপ্ত কৰি আছা। তপস্যাৰ প্ৰভাৱ এই মধুবন ভূমিত সমাহিত হৈ আছে। লগত সন্তানসকলো আছে, সন্তানসকলৰো তপস্যা আছে কিন্তু নিমিত্ততো পিতা ব্ৰহ্মাক কোৱা হব। যিয়েই মধুবন তপস্বী ভূমিলৈ আহে তেতিয়া ব্ৰাহ্মণ সন্তানসকলেও অনুভৱ কৰে যে ইয়াৰ বায়ুমণ্ডলে, ইয়াৰ প্ৰকম্পনে সহজযোগী কৰি দিয়ে। যোগযুক্ত হোৱাত পৰিশ্ৰম কৰিবলগীয়া নহয়, সহজে যুক্ত হৈ যায় আৰু যেনেকুৱাই আত্মা নাহক, তেওঁলোকে কিবা নহয় কিবা অনুভৱ কৰিয়েই যায়। জ্ঞান বুজি নাপালেও অলৌকিক প্ৰেম আৰু শান্তিৰ অনুভৱ কৰিয়েই যায়। কিবা নহয় কিবা পৰিৱৰ্তন কৰাৰ সংকল্প লৈয়েই যায়। এয়া হল ব্ৰহ্মা আৰু ব্ৰাহ্মণ সন্তানসকলৰ তপস্যাৰ প্ৰভাৱ। লগতে সেৱাৰ বিধি - ভিন্ন ভিন্ন প্ৰকাৰৰ সেৱা সন্তানসকলৰ দ্বাৰা বাস্তৱত কৰাই দেখুৱালে। সেই বিধিবোৰকে এতিয়া বিস্তাৰত আনি আছা। গতিকে যেনেকৈ পিতা ব্ৰহ্মাৰ ত্যাগ তপস্যা আৰু সেৱাৰ ফল তোমালোক সন্তানসকলে প্ৰাপ্ত কৰি আছা তেনেকৈ প্ৰত্যেক সন্তানে নিজৰ ত্যাগ, তপস্যা আৰু সেৱাৰ প্ৰকম্পন বিশ্বত বিয়পোৱা। যেনেকৈ বিজ্ঞানৰ বলে নিজৰ প্ৰভাৱ প্ৰত্যক্ষ ৰূপত দেখুৱাই আছে তেনেকৈ বিজ্ঞানৰো ৰচিয়তা হৈছে শান্তিৰ শক্তি। বিজ্ঞানৰ বল এতিয়া প্ৰত্যক্ষ ৰূপত দেখুওৱাৰ সময়। শান্তিৰ বলৰ প্ৰকম্পন তীব্ৰ গতিৰে বিয়পোৱাৰ সাধন হল মন-বুদ্ধিৰ একাগ্ৰতা। এই একাগ্ৰতাৰ অভ্যাস বৃদ্ধি হোৱা উচিত। একাগ্ৰতাৰ শক্তিৰেই বায়ুমণ্ডল গঢ়ি তুলিব পাৰা। অস্থিৰতাৰ বাবে শক্তিশালী বায়ুমণ্ডল গঢ়ি উঠিব নোৱাৰে।

বাপদাদাই আজি চাই আছিল যে একাগ্ৰতাৰ শক্তি এতিয়া বেছিকৈ লাগে। সকলো সন্তানৰ এটাই দৃঢ় সংকল্প হওঁক যে এতিয়া নিজৰ ভাতৃ-ভগ্নীসকলৰ দুখৰ ঘটনাৰাজি পৰিৱৰ্তন হৈ যাওঁক। অন্তৰৰ পৰা দয়া জাগ্ৰত হওঁক। বিজ্ঞানৰ শক্তিয়ে যেতিয়া অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে তেন্তে ইমানবিলাক ব্ৰাহ্মণৰ শান্তিৰ শক্তি, দয়াৰ ভাৱনাৰ দ্বাৰা বা সংকল্পৰ দ্বাৰা অস্থিৰতাক পৰিৱৰ্তন কৰিব নোৱাৰানে! যিহেতু কৰিবই লাগিব, হবই লাগিব তেন্তে এই কথাটিৰ প্ৰতি বিশেষ মনোযোগ দিয়া। যিহেতু তোমালোক গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰৰ সন্তান, তোমালোকৰে সকলো ভাই ভাই, শাখা আছে, পৰিয়াল আছে, তোমালোকেই ভক্তসকলৰ ইষ্টদেৱ। এইটো নিচা আছেনে যে আমিয়েই ইষ্টদেৱ? ভক্তসকলে চিয়ঁৰি আছে, তোমালোকে শুনি আছা! তেওঁলোকে মিনতি কৰি আছে - হে ইষ্টদেৱ, তোমালোকে কেৱল শুনি আছা, তেওঁলোকক সঁহাৰি নজনোৱা নেকি? সেয়েহে বাপদাদাই কয় - হে ভক্তসকলৰ ইষ্টদেৱ এতিয়া মিনতি শুনা, সঁহাৰি জনোৱা, কেৱল নুশুনিবা। কি সঁহাৰি জনাবা? পৰিৱৰ্তনৰ বায়ুমণ্ডল গঢ়ি তোলা। তেওঁলোকে তোমালোকৰ সঁহাৰি নাপালে তেতিয়া তেওঁলোক অমনোযোগী হৈ যায়। চিয়ঁৰে আকৌ চুপ হৈ যায়।

পিতা ব্ৰহ্মাৰ প্ৰতিটো কাৰ্যৰ উৎসাহতো দেখিছাই। যেনেকৈ আৰম্ভণিত উৎসাহ আছিল, চাবি লাগে। এতিয়াও পিতা ব্ৰহ্মাই এয়াই শিৱ পিতাক কয় - এতিয়া ঘৰৰ দুৱাৰৰ চাবি দিয়া। কিন্তু লগত যোৱাসকলোতো সাজু হওঁক। অকলে কি কৰিব! তেন্তে এতিয়া লগত যাব লাগে নহয় নে পিছে পিছে যাবা? লগত যাবা নহয়? সেয়েহে পিতা ব্ৰহ্মাই কয় যে সন্তানসকলক সোধা যদি পিতাই চাবি দি দিয়ে তেন্তে তোমালোক সদাপ্ৰস্তুত আছানে? প্ৰস্তুত নে সদাপ্ৰস্তুত আছা? প্ৰস্তুত নহয় সদাপ্ৰস্তুত। ত্যাগ, তপস্যা, সেৱা তিনিওখন কাকততে প্ৰস্তুত হৈ গলানে? পিতা ব্ৰহ্মাই মিচিকিয়ায় যে প্ৰেমৰ চকুলো বহুত বোৱায় আৰু পিতা ব্ৰহ্মাই সেই চকুলো মুকুতাৰ দৰে অন্তৰত সমাহিতও কৰে কিন্তু এটা সংকল্প নিশ্চয় চলে যে সকলো সদাপ্ৰস্তুত কেতিয়া হব! তাৰিখ নিৰ্ধাৰণ কৰি দিওঁনে। তোমালোকে কবা যে আমিতো সদাপ্ৰস্তুত আছোঁ, কিন্তু তোমালোকৰ যিসকল সংগী আছে তেওঁলোককোতো তৈয়াৰ কৰা নে তেওঁলোকক এৰি থৈ যাবা? তোমালোকে কবা পিতা ব্ৰহ্মাওতো গুচি গল নহয়! কিন্তু তেওঁৰতো এই ৰচনা ৰচিবলগীয়া আছিল। তীব্ৰ গতিত বৃদ্ধি কৰোৱাৰ দ্বায়িত্ব আছিল। তেন্তে সকলো সদাপ্ৰস্তুতনে, এগৰাকী নহয়? সকলোকে লগত লৈ যাব লাগে নহয় নে অকলে অকলে যাবা? তেন্তে সকলো সদাপ্ৰস্তুত আছা নে হৈ যাবা? কোৱা। অতিকমেও 9 লাখতো লগত যাওঁক। নহলে কাৰ ওপৰত ৰাজ্য কৰিবা? নিজৰ ওপৰত ৰাজ্য কৰিবা নেকি? সেয়েহে পিতা ব্ৰহ্মাৰ সন্তানসকলৰ প্ৰতি এইটোৱে শুভভাৱনা আছে যে সদাপ্ৰস্তুত হোৱা আৰু সদাপ্ৰস্তুত কৰি তোলা।

আজি বতনতো সকলো বিশেষ আদি ৰত্ন আৰু সেৱাৰ আদি ৰত্ন প্ৰকট হল। আগতীয়া দলটিয়ে কয় আমিতো সাজু হৈ আছোঁ। কোনটো কথাৰ বাবে সাজু আছে? তেওঁলোকে কয় - এওঁলোকে প্ৰত্যক্ষতাৰ নাগাৰা বজাওঁক তেতিয়া আমি সকলো প্ৰত্যক্ষ হৈ নতুন সৃষ্টিৰ ৰচনাৰ নিমিত্ত হমগৈ। আমিতো আহ্বান জনাই আছোঁ যে নতুন সৃষ্টি ৰচনা কৰোঁতাসকল আহক। এতিয়া সকলো কাম তোমালোকৰ ওপৰত। নাগাৰা বজোৱা। আহি গল আহি গলৰ নাগাৰা বজোৱা? নাগাৰা বজাব জানানে? বজাবতো লাগিব নহয়! এতিয়া পিতা ব্ৰহ্মাই কয় - তাৰিখ নিৰ্ধাৰণ কৰি আহা। তোমালোকেও কোৱা নহয় যে তাৰিখ অবিহনে কাম নহয়। তেন্তে ইয়াৰো তাৰিখ নিৰ্ধাৰণ কৰা। তাৰিখ নিৰ্ধাৰণ কৰিব পাৰানে? পিতাইতো কয় তোমালোকে নিৰ্ধাৰণ কৰা। পিতাই কয় - আজিয়েই নিৰ্ধাৰণ কৰা। সন্মিলনৰ তাৰিখ নিৰ্ধাৰণ কৰিলা আৰু ইয়াৰ, ইয়াৰো সন্মিলন কৰাচোন! বিদেশীসকলে কি ভাবা, তাৰিখ নিৰ্ধাৰণ কৰিব পাৰিবানে? তাৰিখ নিৰ্ধাৰণ কৰিব পাৰানে? তাৰিখ নিৰ্ধাৰণ কৰিবানে? কৰিবা নে নকৰা! বাৰু, দাদী জানকীৰ সৈতে ৰায় লৈ কৰিবা। বাৰু।

দেশ-বিদেশৰ চাৰিওফালৰ, বাপদাদাৰ অতি সমীপৰ, অতি স্নেহী আৰু উপৰাম, বাপদাদাই চাই আছে যে সকলো সন্তান নিষ্ঠাৰে মগন হৈ স্নেহত লীন স্বৰূপত বহি আছে। শুনি আছে আৰু মিলনৰ দোলনাত দুলি আছে। দূৰৈত নহয় কিন্তু নয়নৰ সন্মুখতো নহয়, সমাহিত হৈ আছে। গতিকে এনেকৈ সন্মুখত মিলন উদ্‌যাপন কৰোঁতা আৰু অব্যক্ত ৰূপত স্নেহত লীন সন্তানসকলক, সদায় পিতাৰ সমান ত্যাগ, তপস্যা আৰু সেৱাৰ প্ৰমাণ দিওঁতা সু-সন্তানসকলক, সদায় একাগ্ৰতা শক্তিৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন কৰোঁতা বিশ্ব পৰিৱৰ্তক সন্তানসকলক, সদায় পিতাৰ সমান তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা উৰুতা ডবল লাইট সন্তানসকলক বাপদাদাৰ বহুত বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

ৰাজস্থানৰ সেৱাধাৰীসকলক:- ৰাজস্থানে বহুত ভাল সেৱাৰ সুযোগ পালে। ৰাজস্থানৰ যেনেকুৱা নাম ৰাজস্থান, গতিকে ৰাজস্থানৰ পৰা ৰজাৰ গুণ থকাসকলক উলিওৱা। প্ৰজা নহয়, ৰাজ পৰিয়ালৰ ৰজা উলিওৱা। তেতিয়া যেনেকুৱা নাম ৰাজস্থান, তেনেকুৱাই যেনেকুৱা নাম তেনেকুৱাই গুণগত সেৱা হব। কোনোবা লুকাই থকা ৰজা লোক আছে নেকি নে এতিয়া ডাৱৰত লুকাই আছে? এনেয়ে যিসকল ব্যৱসায়ী তেওঁলোকৰ সেৱাৰ প্ৰতি বিশেষ মনোযোগ দিয়া। এই মন্ত্ৰী আৰু সচিবতো সলনি হৈয়েই থাকে কিন্তু ব্যৱসায়ীসকল পিতাৰ সৈতেও ব্যৱসায় কৰাত আগবাঢ়ি যাব পাৰে। আৰু ব্যৱসায়ীৰ সেৱা কৰিলে তেওঁলোকৰ পৰিয়ালৰ মাতাসকলো সহজে আহিব পাৰে। মাতাসকল অকল চলিব নোৱাৰে কিন্তু যদি ঘৰৰ স্তম্ভ আহি যায় তেতিয়া পৰিয়াল আপোনাআপুনি লাহে লাহে বৃদ্ধি হৈ গৈ থাকে সেয়েহে ৰাজস্থানে ৰজাৰ গুণধাৰী উলিয়াব লাগে। এনেকুৱা কোনো নাই, এনেকৈ নকবা! অলপ বিচাৰিব লাগিব কিন্তু আছে। অলপ তেওঁলোকৰ বাবে সময় দিবলগীয়া হয়। ব্যস্ত হৈ থাকে নহয়। এনেকুৱা কিবা বিধি উলিয়াব লাগে যাতে সমীপত আহে। বাকী ঠিকে আছে, সেৱাৰ সুযোগ ললা, প্ৰতিটো মণ্ডলে লয় এয়া সমীপত অহাৰ আৰু আশীৰ্বাদ লোৱাৰ বহুত ভাল সাধন। তোমালোকক সকলোৱে দেখক বা নেদেখক, জানক বা নাজানক, কিন্তু যিমান ভাল সেৱা হয় তেতিয়া স্বতঃ আশীৰ্বাদ নিগৰে আৰু সেই আশীৰ্বাদ বহুত সোনকালে আহি পায়। অন্তৰৰ আশীৰ্বাদ নহয় জানো। সেয়েহে অন্তৰত সোনকালে আহি পায়। বাপদাদাইতো কয় - সকলোতকৈ সহজ পুৰুষাৰ্থ হল আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। আশীৰ্বাদেৰে যেতিয়া পুঁজি ভৰি যাব তেতিয়া ভৰপূৰ পুঁজিত মায়ায়ো আমনি নকৰিব। জমাৰ বল পোৱা যায়। ৰাজী হৈ থাকা আৰু সকলোকে ৰাজী কৰা। প্ৰত্যেকৰে স্বভাৱক জানি ৰাজী কৰা। এনেকৈ নকবা যে এওঁতো নাৰাজ হৈয়েই থাকে। তোমালোকে নিজে ৰহস্যক জানি লোৱা, তেওঁলোকৰ নাড়ীৰ স্পণ্ডন জানি লোৱা তাৰপাছত আশীৰ্বাদৰ দৰৱ দিয়া। তেতিয়া সহজ হৈ যাব। ঠিক আছে নহয় ৰাজস্থান! ৰাজস্থানৰ শিক্ষকসকল উঠা। সেৱাৰ বাবে অভিনন্দন। সহজ পুৰুষাৰ্থ কৰা, আশীৰ্বাদ দি যোৱা। লোৱাৰ সংকল্প নকৰিবা, দি যোৱা তেতিয়াই পাই থাকিবা। দিয়া মানেই লোৱা। ঠিক আছে নহয়! এনেকুৱা হয় নহয়! দাতাৰ সন্তান হোৱা নহয়! কোনোবাই দিলেহে দিম। এনেকুৱা নহয়, দাতা হৈ দি যোৱা তেতিয়া স্বতঃ প্ৰাপ্ত হব। বাৰু।

যিসকল এইটো কল্পত প্ৰথমবাৰ আহিছে তেওঁলোকে হাত উঠোৱা। আধাসংখ্যক প্ৰথমবাৰ আহে, আধা নতুন আহে। বাৰু পিছৰসকল, কাষত বহি থকাসকল সকলো সহজযোগী হোৱানে? সহজযোগী হোৱা যদি এখন হাত উঠোৱা। বাৰু।

বিদায় বেলাত:- (বাপদাদাক ৰথযাত্ৰাৰ বাতৰি শুনালে) চাৰিওফালৰ যাত্ৰাৰ বাতৰি সময়ে সময়ে বাপদাদাৰ ওচৰলৈ আহি থাকে। বাৰু, সকলোৱে উৎসাহ-উদ্দীপনাৰে সেৱাৰ ভূমিকা পালন কৰি আছে। ভক্তসকলে আশীৰ্বাদ প্ৰাপ্ত কৰি আছে আৰু যিসকল ভক্তৰ ভক্তি পূৰা হল, তেওঁলোকে পিতাৰ পৰিচয় পাই যাব আৰু পৰিচয় পোৱাসকলৰ ভিতৰত যিসকল সন্তান হব তেওঁলোকো দৃষ্টিগোচৰ হৈ থাকিব। বাকী সেৱা ভালকৈ চলি আছে আৰু যি সাধন তৈয়াৰ কৰা হৈছে সেই সাধনে সকলোকে ভালকৈ আকৰ্ষিত কৰি আছে। এতিয়া ফলাফলত কোন কোন কি শাখাত ওলাব সেয়া গম পোৱা যাব কিন্তু ভক্তসকলেও তোমালোক সকলোৰে নজৰ-দৃষ্টি পালে, পৰিচয় পালে - এয়াও ভাল সাধন। এতিয়া আগলৈ এওঁলোকৰ সেৱা কৰি আগবঢ়াই লৈ গৈ থাকিবা। যিসকলে ৰথ যাত্ৰাত সেৱা কৰি আছে, অক্লান্ত হৈ সেৱা কৰি আছে, তেওঁলোক সকলোকে স্নেহপূৰ্ণ স্মৰণ। বাপদাদাই সকলোকে চাই থাকে আৰু সফলতাতো হৈছে জন্মসিদ্ধ অধিকাৰ। বাৰু।

মৰিচাচত আমাৰ ঈশ্বৰীয় বিশ্ব বিদ্যালয়ে ৰাষ্ট্ৰীয় একতা পুৰস্কাৰ প্ৰধান মন্ত্ৰীৰ দ্বাৰা প্ৰাপ্ত কৰিছে:- মৰিচাচত এনেও ভি.আই.পি.ৰ ভাল সংযোগ আছে আৰু প্ৰভাৱো ভাল গতিকে গুপ্ত সেৱাৰ ফল প্ৰাপ্ত হৈছে সেয়েহে সকলোকে বিশেষ অভিনন্দন। বাৰু ওঁম্‌ শান্তি।

বৰদান:
প্ৰতিটো শ্বাসত স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা সদায় প্ৰসন্নচিত হোৱা

যেনেকৈ স্মৃতিৰ যোগসূত্ৰ স্থায়ী কৰি ৰখাৰ প্ৰতি মনোযোগ দিয়া তেনেকৈ সেৱাতো যাতে সদায় যোগসূত্ৰ স্থায়ী হৈ থাকে। প্ৰতিটো শ্বাসতে স্মৃতি আৰু প্ৰতিটো শ্বাসতে সেৱা হওঁক - ইয়াকে সন্তুলন বুলি কোৱা হয়, এই সন্তুলনেৰে সদায় আশীৰ্বাদৰ অনুভৱ কৰি থাকিবা আৰু এয়াই আৱাজ অন্তৰৰ পৰা ওলাব যে আশীৰ্বাদেৰে প্ৰতিপালিত হৈ আছোঁ। পৰিশ্ৰমৰ পৰা, যুদ্ধৰ পৰা হাত সাৰি যাবা। কি, কিয়, কেনেকৈ - এই প্ৰশ্নবোৰৰ পৰা মুক্ত হৈ সদায় প্ৰসন্নচিত হৈ থাকিবা। তেতিয়া সফলতা জন্মসিদ্ধ অধিকাৰৰ ৰূপত অনুভৱ হব।

স্লোগান:
পিতাৰ পৰা পুৰস্কাৰ লবলৈ হলে নিজৰ আৰু সংগীসকলৰ পৰা নিৰ্বিঘ্ন হৈ থকাৰ প্ৰমাণপত্ৰ লগত থাকক।

কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্মযোগী কৰ্মভোগ ভোগাৰ ক্ষেত্ৰত ভাল বা বেয়া কৰ্মৰ বশীভূত হব নোৱাৰে। কৰ্মযোগী নামটিয়ে সিদ্ধ কৰে যে যোগী হয় অৰ্থাৎ নিৰাকাৰী আত্মিক স্বৰূপত স্থিত হৈ কৰ্ম কৰোঁতা। যেনেকৈ কৰ্ম অবিহনে এটা চেকেণ্ডো থাকিব নোৱাৰে তেনেকৈ স্মৃতি অৰ্থাৎ যোগ অবিহনেও এটা চেকেণ্ডো থাকিব নোৱাৰে, সেয়েহে কৰ্মৰ লগতে যোগী নামটিও একেলগেই আছে।