02.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
কেতিয়াও ভাগৰি স্মৃতিৰ যাত্ৰা এৰিব নালাগে, সদায় দেহী-অভিমানী হৈ থাকিবলৈ যত্ন কৰা,
পিতাৰ মৰম আকৰ্ষণ কৰিব আৰু আমায়িক হ'বৰ কাৰণে স্মৃতিত থাকা”
প্ৰশ্ন:
16 কলা
সম্পূৰ্ণ অথবা নিখুঁত হ'বৰ কাৰণে কোনটো পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে?
উত্তৰ:
যিমান দূৰ সম্ভৱ নিজক আত্মা বুলি বুজা। মৰমৰ সাগৰ পিতাক স্মৰণ কৰা তেতিয়া নিখুঁত হৈ
যাবা। জ্ঞান বহুত সহজ কিন্তু 16 কলা সম্পূৰ্ণ হ'বৰ কাৰণে স্মৃতিৰে আত্মাক নিখুঁত কৰি
তুলিব লাগে। আত্মা বুলি বুজিলে অমায়িক হৈ যাবা। সকলো সংঘাত সমাপ্ত হৈ যাব।
গীত:
তু প্যাৰ কা
সাগৰ হে....... (তুমি প্ৰেমৰ সাগৰ………)
ওঁম্শান্তি।
প্ৰেমৰ সাগৰে
নিজৰ সন্তানসকলকো এনেকুৱা প্ৰেমৰ সাগৰ কৰি তোলে। সন্তানসকলৰ লক্ষ্য-উদ্দেশ্যই হৈছে
যে আমি এনেকুৱা লক্ষ্মী-নাৰায়ণ হওঁ। এওঁলোকক সকলোৱে কিমান মৰম কৰে। সন্তানসকলে জানে
বাবাই আমাক এওঁলোকৰ দৰে অমায়িক কৰি তোলে। অমায়িক ইয়াতেই হ'ব লাগে আৰু হ'বা স্মৃতিৰ
দ্বাৰা। ভাৰতৰ যোগৰ গায়ন কৰা হৈছে, এয়া হৈছে স্মৃতি। এই স্মৃতিৰ দ্বাৰাই তোমালোক
এওঁলোকৰ দৰে বিশ্বৰ মালিক হোৱাগৈ। এয়াই সন্তানসকলে পৰিশ্ৰম কৰিব লাগে। তোমালোক এইটো
অহংকাৰত নাহিবা যে মোৰ জ্ঞান বহুত আছে। মূল কথা হৈছে স্মৃতি। স্মৃতিয়েহে মৰম
প্ৰাপ্ত কৰায়। যদি বহুত অমায়িক, বহুত মৰমৰ হ'ব বিচৰা, উচ্চ পদ প্ৰাপ্ত কৰিব বিচৰা
তেন্তে পৰিশ্ৰম কৰা। নহ'লে বহুত অনুতাপ কৰিবা কিয়নো বহুত সন্তান আছে যিসকল স্মৃতিত
থাকিব নোৱাৰে, ভাগৰি পৰে গতিকে এৰি দিয়ে। এটাতো দেহী-অভিমানী হ’বলৈ বহুত যত্ন কৰা।
নহ'লে বহুত কম পদ পাবা। ইমান অমায়িক কেতিয়াও নোহোৱা। বহুত কম সন্তান আছে যিসকলে
আকৰ্ষিত কৰে কিয়নো স্মৃতিত থাকে। কেৱল পিতাৰ স্মৃতিত থাকিব লাগে। যিমান স্মৰণ কৰিবা
সিমান বহুত অমায়িক হ'বা। এই লক্ষ্মী-নাৰায়ণেও আগৰ জন্মত বহুত স্মৰণ কৰিছিল। স্মৃতিৰ
দ্বাৰাই অমায়িক হৈছে। সত্যযুগৰ সূৰ্যবংশী প্ৰথম নম্বৰ, চন্দ্ৰবংশী দ্বিতীয় নম্বৰ হৈ
গ'ল। এই লক্ষ্মী-নাৰায়ণ বহুত প্ৰিয় হয়। এই লক্ষ্মী-নাৰায়ণৰ চেহেৰা আৰু ৰাম-সীতাৰ
চেহেৰাৰ মাজত বহুত পাৰ্থক্য আছে। এই লক্ষ্মী-নাৰায়ণৰ ওপৰত কেতিয়াও কোনোধৰণৰ কলংক
লগোৱা নাই। শ্ৰীকৃষ্ণৰ ওপৰত ভুল বশতঃ কলংক লগাইছে, ৰাম-সীতাৰ ওপৰতো লগাইছে।
পিতাই কয় - বহুত
অমায়িক তেতিয়া হ'বা যেতিয়া বুজিবা যে আমি আত্মা। আত্মা বুলি বুজি পিতাক স্মৰণ কৰাত
বহুত মজা আছে। যিমান স্মৰণ কৰিবা সিমান সতোপ্ৰধান, 16 কলা সম্পূৰ্ণ হ'বা। 14 কলা
তথাপিও খুঁত থকা হৈ গ'ল পাছত আৰু ত্ৰুটিপুৰ্ণ হৈ গৈ থাকে। 16 কলা নিখুঁত হ'ব লাগে।
জ্ঞানতো একেবাৰে সহজ। যিকোনো লোকে শিকি যাব। 84 জন্মই কল্প কল্পই লৈ আহিছা। এতিয়া
উভতিতো কোনেও যাব নোৱাৰে, যেতিয়ালৈকে পূৰা পৱিত্ৰ নহয়। নহ'লে শাস্তি ভোগ কৰিব লাগিব।
বাবাই বাৰে বাৰে বুজায়, যিমান দূৰ সম্ভৱ প্ৰথমতে এই এটা কথা দৃঢ় কৰা যে মই আত্মা।
মই আত্মা নিজৰ ঘৰত থাকোঁ গতিকে মই সতোপ্ৰধান হওঁ আকৌ ইয়াত জন্ম লওঁ। কোনোবাই কিমান
জন্ম, কোনোবাই কিমান জন্ম লয়। পাছলৈ তমোপ্ৰধান হৈ যায়। সৃষ্টিৰ সেই সন্মান কম হৈ
যায়। ঘৰ নতুন হ’লে তেতিয়া তাত কিমান আৰাম পোৱা যায়। আকৌ ত্ৰুটিপুৰ্ণ হৈ যায়,
কলাসমূহ কম হৈ যায়। যদি তোমালোক সন্তানসকলে বিচৰা যে নিখুঁত সৃষ্টিলৈ যাওঁ তেন্তে
নিখুঁত হ'ব লাগিব। কেৱল জ্ঞানক নিখুঁত বুলি কোৱা নহয়। আত্মা নিখুঁত হ’ব লাগে। যিমান
দূৰ সম্ভৱ চেষ্টা কৰা - মই আত্মা, বাবাৰ সন্তান। অন্তৰ বহুত আনন্দিত হৈ থকা উচিত।
মনুষ্যই নিজক দেহধাৰী বুলি বুজি আনন্দিত হয়। মই অমুকৰ সন্তান........ সেয়া হৈছে
অল্পকালৰ নিচা। এতিয়া তোমালোক সন্তানসকলে পিতাৰ সৈতে পূৰা বুদ্ধিৰ যোগসূত্ৰ গঢ়ি
তুলিব লাগে, এই ক্ষেত্ৰত বিবুদ্ধিত পৰিব নালাগে। লাগিলে বিদেশ বা য'লৈকে নোযোৱা
কেৱল এটা কথা দৃঢ় কৰি ৰাখা যে বাবাক স্মৰণ কৰিব লাগে। বাবা প্ৰেমৰ সাগৰ হয়। এই মহিমা
কোনো মনুষ্যৰ নহয়। আত্মাই নিজৰ পিতাৰ মহিমা গায়। আত্মাসকল সকলো পৰস্পৰ ভাই ভাই।
সকলোৰে পিতা এজনেই। পিতাই সকলোকে কয় - সন্তানসকল, তোমালোক সতোপ্ৰধান আছিলা এতিয়া
তমোপ্ৰধান হৈ গ’লা। তমোপ্ৰধান হোৱাৰ কাৰণে তোমালোক দুখী হৈ গ’লা। এতিয়া মোক আত্মাক
পৰমাত্মা পিতাই কয় – তুমি প্ৰথমে নিখুঁত আছিলা। সকলো আত্মা তাত নিখুঁতেই হয়। যদিও
ভূমিকা বেলেগ বেলেগ, কিন্তু নিখুঁততো হয় নহয়। পৱিত্ৰতা অবিহনেতো তালৈ কোনেও যাব
নোৱাৰে। সুখধামত তোমালোকৰ সুখো আছে আৰু শান্তিও আছে, সেয়েহে তোমালোকৰ উচ্চতকৈও উচ্চ
ধৰ্ম। অপাৰ সুখ থাকে। বিচাৰ কৰা আমি কি হৈ যাওঁ। স্বৰ্গৰ মালিক হওঁগৈ। সেয়া হৈছে
হীৰাতুল্য জন্ম। এতিয়াতো কড়িতুল্য জন্ম। এতিয়া পিতাই স্মৃতিত থাকিবলৈ ইংগিত দিয়ে।
তোমালোকে আহ্বানেই জনোৱা যে আমাক আহি পতিতৰ পৰা পাৱন কৰি তোলক। সত্যযুগত হৈছে
সম্পূৰ্ণ নিৰ্বিকাৰী। ৰাম-সীতাকো সম্পূৰ্ণ বুলি কোৱা নহয়। তেওঁলোক দ্বিতীয় শ্ৰেণীত
গুচি গ'ল। স্মৃতিৰ যাত্ৰাত কৃতকাৰ্য নহ’ল। জ্ঞানত লাগিলে যিমানেই চোকা নহওঁক পিতাৰ
কেতিয়াও প্ৰিয় নহ’ব। স্মৃতিত থাকিলে তেতিয়াহে প্ৰিয় হ'বাগৈ। তেতিয়া পিতাও তোমালোকৰ
প্ৰিয় হ’ব। পঢ়াতো একেবাৰেই গতানুগতিক, পৱিত্ৰ হ'ব লাগে, স্মৃতিত থাকিব লাগে। এইটো
ভালকৈ টুকি ৰাখা যে স্মৃতিৰ যাত্ৰাত থাকিলে তেতিয়া ক’ৰবাত ক’ৰবাত যি সংঘাত হয়,
অহংকাৰ আহি যায়, সেয়া কেতিয়াও নহ'ব। মূল কথা নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা।
সৃষ্টিত মনুষ্যই কিমান হাই-কাজিয়া কৰে। জীৱনেই যেন বিহ সদৃশ কৰি দিয়ে। এই কথাবোৰ
সত্যযুগত নাথাকিব। আগলৈ গৈ ইয়াততো মনুষ্যৰ জীৱন আৰুহে বিহ হৈ গৈ থাকিব। এয়া হয়েই
বিষয় সাগৰ। ৰৌৰৱ নৰকত সকলো পৰি আছে, বহুত লেতেৰা। দিনে-প্ৰতিদিনে মলিনতা বৃদ্ধি হৈ
গৈ থাকে। ইয়াক কোৱা হয় মলিয়ন সৃষ্টি। ইজনে সিজনক দুখেই দি থাকে কিয়নো দেহ-অভিমানৰ
ভূত আছে। কাম বিকাৰৰ ভূত আছে। পিতাই কয় এই ভূতবোৰক আঁতৰ কৰা। এই ভূতবোৰেই তোমালোকৰ
মুখ ক'লা কৰি দিয়ে। কাম চিতাত বহি ক'লা হৈ যায় সেইবাবেতো পিতাই কয় - পুনৰ মই আহি
জ্ঞান অমৃত বৰষোঁ। এতিয়া তোমালোক কি হৈ যোৱা! তাততো হীৰাৰ মহল থাকে, সকলো প্ৰকাৰৰ
বৈভৱ থাকে। ইয়াততো সকলোবোৰ ভেজাল সামগ্ৰী। গৰুৰ দানা চোৱা, সকলোৰে পৰা সাৰ উলিয়াই
বাকীখিনি দি দিয়ে। গাই গৰুৱে দানাও সঠিকভাৱে নাপায়। শ্ৰীকৃষ্ণৰ গাইবোৰ চোৱা কেনেকুৱা
অতি উত্তম দেখুৱায়। সত্যযুগত গাই গৰু এনেকুৱা হয়, কথাই নুসুধিবা। দেখাৰ লগে লগে আহি
যায়। ইয়াততো সকলো বস্তুৰ পৰা সাৰ উলিয়াই দিয়ে। এইখন বহুত ছিঃ ছিঃ মলিয়ন সৃষ্টি।
তোমালোকে ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পিতাই কয় - তোমালোক কিমান বিকাৰী
হৈ গ’লা। যুদ্ধত কেনেকৈ ইজনে সিজনক মাৰি থাকে। আণৱিক বোমা তৈয়াৰ কৰোঁতাসকলৰো কিমান
মান আছে, ইয়াৰ দ্বাৰা সকলোৰে বিনাশ হৈ যায়। পিতাই বহি শুনায় - আজি মনুষ্য কেনেকুৱা,
কাইলৈ কি হ'ব। এতিয়া তোমালোক মাজত আছা। সৎ সংগই উদ্ধাৰ কৰে অসৎ সংগই ডুবায়। তোমালোক
পুৰুষোত্তম হ'বৰ কাৰণে পিতাৰ হাতত ধৰা। কোনোৱে সাঁতুৰিবলৈ শিকিলে তেতিয়া
শিকাওঁতাজনৰ হাতত ধৰিবলগীয়া হয়। নহ'লে ডুবি যাব, ইয়াতো হাতত ধৰিবলগীয়া হয়। নহ'লে
মায়াই টানি লৈ যায়। তোমালোকে এই গোটেই বিশ্বক স্বৰ্গ কৰি তোলা। নিজক নিচাত লৈ আহিব
লাগে। আমি শ্ৰীমতত নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ। সকলো মনুষ্য মাত্ৰেই দানতো কৰেই।
ফকীৰসকলক দিয়ে। তীৰ্থ যাত্ৰাত পাণ্ডাসকলক দান কৰে, চাউল এমুঠি হ'লেও দান নিশ্চয়
কৰিব। সেই সকলোবোৰ ভক্তিমাৰ্গত চলি আহি থাকে। এতিয়া পিতাই আমাক ডবল দানী কৰি তোলে।
পিতাই কয় - তিনিপদ ভূমিত তোমালোকে এই ঈশ্বৰীয় বিশ্ব বিদ্যালয়, ঈশ্বৰীয় চিকিৎসালয়
খোলা য'ত মনুষ্য আহি 21 জন্মৰ কাৰণে আৰোগ্য হৈ যাব। ইয়াততো কেনেকুৱা কেনেকুৱা বেমাৰ
হয়। বেমাৰত কিমান দুৰ্গন্ধ ওলায়। হস্পিতাললৈ চালে ঘৃণা ওপজে। কৰ্মভোগ কিমান আছে। এই
সকলোবোৰ দুখৰ পৰা মুক্ত হ'বৰ কাৰণে পিতাই কয় - কেৱল স্মৰণ কৰা আৰু কোনো কষ্ট
তোমালোকক নিদিওঁ। বাবাই জানে সন্তানসকলে বহুত কষ্ট দেখিছে। বিকাৰী মনুষ্যৰ
মুখমণ্ডলেই সলনি হৈ যায়। একেবাৰে যেন মৃতকৰ দৰে হৈ যায়। যেনেকৈ মদাহীয়ে মদ অবিহনে
থাকিব নোৱাৰে। মদ্যপান কৰাৰ কাৰণে বহুত নিচা বাঢ়ি যায় কিন্তু অলপ সময়ৰ কাৰণে। ইয়াৰ
দ্বাৰা বিকাৰী মনুষ্যৰ আয়ুসো কিমান চুটি হৈ যায়। নিৰ্বিকাৰী দেৱতাসকলৰ আয়ুস গড়
হিচাপত 125-150 বছৰ হয়। সৰ্বদা স্বাস্থ্যৱান হ’লে তেতিয়া আয়ুসো বাঢ়িব নহয়। শৰীৰ
নিৰোগী হৈ যায়। পিতাক অবিনাশী ছাৰ্জন বুলিও কোৱা হয়। জ্ঞানৰ বেজী সৎগুৰুৱে দিলে
অজ্ঞান অন্ধকাৰ নাশ হ’ল। পিতাক নাজানে সেয়েহে অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়,
ভাৰতবাসীৰে কথা। যীশুখ্ৰীষ্টকতো জানে অমুক চনত আহিল। তেওঁলোকৰ গোটেই তালিকা আছে।
কেনেকৈ ক্ৰমানুসৰি পোপ গাদীত বহে। এখনেই ভাৰত আছে য'ত কাৰোৰেই জীৱন বৃত্তান্ত নাজানে।
আহ্বানো জনায় হে দুখ হৰ্তা, সুখ কৰ্তা পৰমাত্মা, হে মাতা-পিতা....... বাৰু,
মাতা-পিতাৰ জীৱন বৃত্তান্ততো শুনোৱা। একোৱেই গম নাপায়।
তোমালোকে জানা - এয়া
হৈছে পুৰুষোত্তম সংগমযুগ। আমি এতিয়া পুৰুষোত্তম হৈ আছোঁ গতিকে পূৰা পঢ়িব লাগে।
লোক-লাজ কুলৰ মৰ্যাদাতো বহুত আৱদ্ধ হৈ থাকে। এই বাবাইতো (ব্ৰহ্মা বাবাই) কাৰোলৈকে
ভ্ৰূক্ষেপ নকৰিলে। কিমান গালি শুনিলে, ভবাও নাছিল, সপনতো নাছিল। ৰাস্তাৰে গৈ গৈ
ব্ৰাহ্মণ ফান্দত পৰি গ’ল। বাবাই ব্ৰাহ্মণ কৰিলে তেতিয়া গালি শুনিবলৈ ল'লে। গোটেই
পঞ্চায়ত এফালে, দাদা (ব্ৰহ্মা বাবা) আনফালে। গোটেই সিন্ধুৰ পঞ্চায়তে ক’লে যে এয়া কি
কৰিছা! হেৰ’ ‘গীতা’ত ভগৱানুবাচ আছে নহয় - কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হ’লে
বিশ্বৰ মালিক হ'বা। এয়াতো ‘গীতা’ৰ কথা। মোৰ দ্বাৰাও কোনোবাই কোৱায় যে কাম বিকাৰক জয়
কৰিলে তোমালোক জগতজিৎ হ'বা। এই লক্ষ্মী-নাৰায়ণেও বিজয় প্ৰাপ্ত কৰিছে নহয়। ইয়াত
কাজিয়া আদিৰ কোনো কথা নাই। তোমালোকক স্বৰ্গৰ বাদশ্বাহী দিবলৈ আহিছোঁ। এতিয়া পৱিত্ৰ
হোৱা আৰু পিতাক স্মৰণ কৰা। স্ত্ৰীয়ে কয় মই পাৱন হ'ম, স্বামীয়ে কয় মই নহওঁ। স্ত্ৰী
হংস স্বামী বগলী হৈ যায়। পিতা আহি জ্ঞান ৰত্ন গ্ৰহণ কৰোঁতা হংস কৰি তোলে। কিন্তু
এজন হ’লে, আনজন নহ’লে তেতিয়া কাজিয়া হয়। আৰম্ভণিততো বহুত শক্তি আছিল। এতিয়া সিমান
সাহস কাৰোৰে নাই। যদিও কয় আমি উত্তৰাধিকাৰী হওঁ, কিন্তু উত্তৰাধিকাৰী হোৱা সেয়া
বেলেগ কথা। আৰম্ভণিততো চমৎকাৰ হৈছিল। ডাঙৰ ডাঙৰ ঘৰৰ লোকসকল উত্তৰাধিকাৰ ল'বলৈ
ততালিকে ঘৰ এৰি থৈ আহিছিল। গতিকে তেওঁলোক যোগ্য হৈ গ’ল। পোন-প্ৰথমে অহাসকলেতো
চমৎকাৰ কৰিলে। এতিয়া এনেকুৱা কোনোবা বিৰলজনহে ওলাব। লোক-লাজ বহুত আছে। প্ৰথমতে
যিসকল আহিল তেওঁলোকে বহুত সাহস দেখুৱালে। এতিয়া কোনোবাই ইমান সাহস ৰাখিব – সেইটো
বহুত কঠিন। অৱশ্যে হয়, গৰিবসকলে ৰাখিব পাৰে। মালাৰ মণি হ'বলৈ হ’লে পুৰুষাৰ্থ কৰিব
লাগে। মালাতো বহুত ডাঙৰ। 8 (আঠৰো) আছে, 108 ৰো আছে, আকৌ 16108 ৰো আছে। পিতাই নিজে
কয় বহুত পৰিশ্ৰম কৰা। নিজক আত্মা বুলি বুজা। সঁচা কথা নকয়। যিসকলে নিজক ভাল বুলি
ভাবে, তেওঁলোকৰ দ্বাৰাও বিকৰ্ম হৈ যায়। যদিওবা জ্ঞানী আত্মা। বুজনি ভাল কিন্তু যোগ
নাই, অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। স্মৃতিতেই নাথাকে গতিকে অন্তৰতো অধিষ্ঠিত নহয়।
পিতাক স্মৰণ কৰিলেহে পিতাই স্মৰণ কৰিব নহয়। আৰম্ভণিত ততালিকে উৎসৰ্গিত হৈ গৈছিল।
এতিয়া উৎসৰ্গিত হৈ যোৱাতো মাহীৰ ঘৰ (ইমান উজু) নহয়। মূল কথা হৈছে স্মৃতি, তেতিয়াহে
আনন্দৰ পাৰা উৰ্দ্ধগামী হ'ব। যিমানে কলা কম হৈ গৈ থাকিল সিমানে দুখ বাঢ়ি গৈ থাকিল।
এতিয়া পুনৰ যিমান কলা বৃদ্ধি হ'ব সিমান আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। অন্তিমত
তোমালোকৰ সকলো সাক্ষাৎকাৰ হ'ব। বেছিকৈ স্মৰণ কৰাসকলে কি পদ প্ৰাপ্ত কৰে। একেবাৰে
অন্তিমত সাক্ষাৎকাৰ হ'ব। যেতিয়া বিনাশ হ'ব তেতিয়া তোমালোকে স্বৰ্গৰ সাক্ষাৎকাৰৰ
হালোৱা খাবা। বাবাই বাৰে বাৰে বুজায় – স্মৃতিত থকাতো বঢ়োৱা। কাৰোবাক অলপ বুজালা-
তাতে বাবা আনন্দিত নহয়। এজন পণ্ডিতৰো কাহিনী আছে নহয়। পণ্ডিতে শিষ্যক ক'লে – ৰাম
ৰাম বুলি ক'লে সাগৰ পাৰ হৈ যাবা। এইটো দেখুৱায় যে নিশ্চয়তাতে বিজয় আছে। পিতাৰ প্ৰতি
সংশয় জন্মিলে বিনাশ হৈ যায়। পিতাৰ স্মৃতিৰেহে পাপ খণ্ডন হয়, ৰাতিয়ে-দিনে চেষ্টা
কৰিব লাগে। তেতিয়া কৰ্মেন্দ্ৰিয়ৰ চঞ্চলতা বন্ধ হৈ যাব। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়।
বহুত আছে যাৰ স্মৃতিৰ খতিয়ানেই নাই। অৰ্থাৎ আধাৰ নাই। যিমান দূৰ সম্ভৱ যেনেকৈ
নহ’লেও স্মৰণ কৰিব লাগে তেতিয়াহে সতোপ্ৰধান, 16 কলা সম্পন্ন হ’বাগৈ। পৱিত্ৰতাৰ লগতে
স্মৃতিৰ যাত্ৰাও লাগে। পৱিত্র হৈ থাকিলেহে স্মৃতিত থাকিব পাৰিবা। এইটো কথা ভালদৰে
ধাৰণ কৰা। পিতা কিমান নিৰহংকাৰী। আগলৈ গৈ সকলো তোমালোকৰ চৰণত পৰিব। ক'ব যথাযথ এই
মাতাসকলে স্বৰ্গৰ দ্বাৰ মুকলি কৰে। স্মৃতিৰ ধাৰ (শক্তি) এতিয়া কম আছে। কোনো
দেহধাৰীক স্মৰণ কৰিব নালাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বলৈয়ে পৰিশ্ৰম কৰিবলগীয়া
হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পতিত
ছিঃ ছিঃ দুখদায়ী সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। এজন পিতাৰ হাতত ধৰি
ইয়াৰ সিপাৰে যাব লাগে।
(2) মালাৰ মণি হ'বৰ
কাৰণে বহুত সাহসেৰে পুৰুষাৰ্থ কৰিব লাগে। জ্ঞান ৰত্ন গ্ৰহণ কৰোঁতা হংস হ'ব লাগে।
কোনো ধৰণৰ বিকৰ্ম কৰিব নালাগে।
বৰদান:
নিমিত্ত ভাৱৰ
দ্বাৰা সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা
নিমিত্ত ভাৱে সেৱাত
স্বতঃ সফলতা প্ৰাপ্ত কৰায়। নিমিত্ত ভাৱ নাথাকিলে সফলতা নাহে। শ্ৰেষ্ঠ সেৱাধাৰী অৰ্থাৎ
পিতাৰ খোজে প্ৰতি প্ৰতিটো খোজ দিওঁতা। প্ৰতিটো খোজ শ্ৰেষ্ঠ মতত শ্ৰেষ্ঠ কৰি তোলোঁতা।
যিমানে সেৱাত, নিজৰ মাজত ব্যৰ্থ সমাপ্ত হৈ যায় সিমানে সমৰ্থ হয় আৰু সমৰ্থ আত্মাই
প্ৰতিটো খোজত সফলতা প্ৰাপ্ত কৰে। শ্ৰেষ্ঠ সেৱাধাৰী সেইগৰাকী যি নিজেও সদায়
উৎসাহ-উদ্দীপনাত থাকে আৰু আনকো উৎসাহ-উদ্দীপনা যুগায়।
স্লোগান:
ঈশ্বৰীয় সেৱাত নিজকে আগবঢ়াই দিয়া তেতিয়া ধন্যবাদ পাই থাকিবা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
এই পৰমাত্ম স্নেহৰ
জৰীয়ে দূৰ-দূৰণিৰ পৰা আকৰ্ষিত কৰি লৈ আহে। এয়া এনেকুৱা সুখময় স্নেহ যে এই স্নেহত এক
চেকেণ্ডো যদি মগন হৈ যোৱা তেন্তে অনেক দুখ পাহৰি যাবা আৰু সদাকালৰ বাবে সুখৰ ঝুলনাত
ঝুলিবলৈ ধৰিবা। পিতাৰ তোমালোক সন্তানসকলৰ প্ৰতি ইমান স্নেহ আছে যে জীৱনৰ
সুখ-শান্তিৰ সকলো কামনা পূৰ্ণ কৰি দিয়ে। পিতাই কেৱল সুখেই নিদিয়ে, সুখৰ ভঁৰালৰ
মালিক কৰি দিয়ে।