02.09.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আহিছে তোমালোকক এনেকুৱা শ্ৰেষ্ঠ কৰ্ম শিকাবলৈ, যাৰ দ্বাৰা তোমালোকে 21 জন্মৰ
বাদশ্বাহীৰ উত্তৰাধিকাৰ ল'ব পাৰা, অটল-অখণ্ড ৰাজ্যৰ মালিক হ'ব পাৰা”
প্ৰশ্ন:
গৃহস্থী আৰু
সন্ন্যাসীসকলৰ মাজত কোনটো এটা সিদ্ধান্তত বহুত ডাঙৰ পাৰ্থক্য আছে?
উত্তৰ:
অৱস্থা একৰস কৰি তুলিবলৈ পিতাৰ শ্ৰীমত হৈছে - সন্তানসকল নিতৌ পুৱাতে (অমৃতবেলা) উঠি
অতি মৰমেৰে পিতাক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা আৰু বাবাই যি শুনায় সেয়া শুনা।
যদি স্মৰণ নকৰা তেন্তে অদৰকাৰী খেয়াল চলিব, ব্যৰ্থ সংকল্প উদয় হ’ব সেইবাবে বাবাই
ৰায় দিয়ে – সন্তানসকল, নিতৌ পুৱাতে উঠি নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰা যে
চলোঁতে-ফুৰোঁতে, খাওঁতে…. ভোজন ৰান্ধোঁতে একমাত্ৰ বাবাকহে স্মৃতিত ৰাখিম।
গীত:
তুম্হে পাকে
হমনে... (তোমাক পাই আমি...)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে এই গীতটি শুনিলে। আত্মিক সন্তানসকলেহে কয় যে বাবা। সন্তানসকলে জানে এওঁ
বেহদৰ (অসীমৰ; পাৰলৌকিক) পিতা বেহদৰ সুখ দিওঁতা হয় অৰ্থাৎ তেওঁ সকলোৰে পিতা, তেওঁক
সকলো বেহদৰ সন্তান আত্মাসকলে স্মৰণ কৰে। কিবা নহয় কিবা প্ৰকাৰে স্মৰণ কৰে কিন্তু
তেওঁলোকে গম নাপায় যে আমি সেই পৰমপিতা পৰমাত্মাৰ পৰা কিবা উত্তৰাধিকাৰ ল'ব লাগে।
তোমালোকে জানা যে আমাক যিজন পিতাই সত্যযুগী বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) দিয়ে সেয়া
অটল, অখণ্ড, অচল হয়। আমাৰ সেই বাদশ্বাহী 21 জন্ম স্থায়ী হৈ থাকে। গোটেই বিশ্বত আমাৰ
ৰাজত্ব চলে, যাক কোনেও কাঢ়ি নিব নোৱাৰে, লুটিব নোৱাৰে। আমাৰ বাদশ্বাহী হৈছে অচল
কিয়নো তাত এটাই ধৰ্ম থাকে, দ্বৈত নাথাকে। সেয়া হৈছে অদ্বৈত ৰাজ্য। সন্তানসকলে যেতিয়া
গীতটি শুনে তেতিয়া বুদ্ধিত নিজৰ বাদশ্বাহীৰ নিচা জাগিব লাগে। এনেকুৱা গীত ঘৰত থাকিব
লাগে, যাৰ দ্বাৰা পিতা আৰু উত্তৰাধিকাৰ ততালিকে স্মৃতিলৈ আহে। পিতাৰ স্মৃতিৰ আনন্দৰ
গীত হ'ব লাগে। তোমালোকৰ সকলোবোৰ হৈছে গুপ্ত। গণ্যমান্য ব্যক্তিসকলৰতো বহুত আড়ম্বৰ (জাকজমকতা)
থাকে, তোমালোকৰ কোনোধৰণৰ আড়ম্বৰ নাই। তোমালোকে দেখিবলৈ পোৱা যিজনৰ শৰীৰত বাবাই
প্ৰৱেশ কৰিছে তেওঁৰো কোনো আড়ম্বৰ নাই। কাপোৰ আদি সকলোবোৰ সেয়াই। তোমালোকে বুদ্ধিৰে
বুজি পোৱা যে বাবা এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে - আমাক এই ৰাজ্য-ভাগ্য দিবলৈ। এইটোও
সন্তানসকলে জানে যে গোটেই সৃষ্টিত এই সময়ত যিয়েই মনুষ্য মাত্ৰ আছে, সকলোৱে
দেহ-অভিমানত আহি অধাৰ্মিক কাম কৰে, সেয়েহে অবোধ বুলি কোৱা হয়। সকলোৰে বুদ্ধিত তলা
লাগি আছে। তোমালোক কিমান বুদ্ধিমান, বিশ্বৰ মালিক আছিলা। এতিয়া মায়াই একেবাৰে অবোধ
কৰি দিলে, যে একো কামৰে হৈ নাথাকিল। পিতাৰ ওচৰত যাবৰ কাৰণে যজ্ঞ-তপ বহুত কৰে কিন্তু
প্ৰাপ্তি একোৱেই নহয়। এনেয়ে হাবাথুৰি খাই থাকে। পৰমাত্মাক কোনেও নাজানে, সৰ্বব্যাপী
বুলি কৈ দিয়ে, এয়াও কিমান ভুল হৈ যায়। পিতা শব্দটি বুদ্ধিত নাহে। খুব বেছি কোনোবাই
কয়ো, সেয়াও কোৱাতে সীমিত। যদি পৰমপিতা বুলি বুজি পায় তেন্তে বুদ্ধি একেবাৰে
চিকমিকাই উঠিব। পিতাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে তেওঁ হৈছে স্বৰ্গ স্থাপন কৰোঁতা
ঈশ্বৰ পিতা তেন্তে আকৌ আমি কলিযুগী নৰকত কিয় পৰি আছোঁ! এতিয়া আমি মুক্তি-জীৱনমুক্তি
কেনেকৈ প্ৰাপ্ত কৰিব পাৰোঁ, এইটো কাৰো বুদ্ধিত উদয় নহয়। এতিয়া তোমালোকে বোধশক্তি
পাইছা। বাবাই আমাক এইটো স্মৃতি দিছে, যেতিয়া নতুন সৃষ্টি, নতুন ভাৰত আছিল তেতিয়া
আমাৰ ৰাজত্ব আছিল। এটাই মত, এটাই ভাষা, এগৰাকীয়েই মহাৰজা-মহাৰাণী আছিল। সত্যযুগত
মহাৰজা-মহাৰাণী, ত্ৰেতাত ৰজা-ৰাণী বুলি কোৱা হয়। পুনৰ দ্বাপৰৰ পৰা বাম মাৰ্গ আৰম্ভ
হয় তেতিয়াৰ পৰা প্ৰত্যেকৰে কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। কৰ্ম অনুসৰি এটা শৰীৰ ত্যাগ কৰি
অন্য এটা লয়। এতিয়া পিতাই কয় - মই তোমালোক এনেকুৱা কৰ্ম শিকাওঁ যে 21 জন্ম
বাদশ্বাহীয়েই প্ৰাপ্ত কৰি থাকিবা। যদিওবা তাতো হদৰ পিতা পোৱা যায় কিন্তু তাত এইটো
জ্ঞান নাথাকে যে এই বাদশ্বাহীৰ উত্তৰাধিকাৰ বেহদৰ পিতাই দিয়া। আকৌ দ্বাপৰৰ পৰা ৰাৱণ
ৰাজ্য আৰম্ভ হয় তেতিয়া বিকাৰী সম্বন্ধ হৈ যায়। তেতিয়া যেনেকুৱা কৰ্ম তেনেকুৱা ফল
প্ৰাপ্ত হয়, দেৱতাসকল বাম মাৰ্গত গুচি যায়। তেতিয়া সত্যযুগৰ সকলোবোৰ শেষ হৈ যায়। আকৌ
কৰ্ম অনুসৰি জন্ম লয়। ভাৰতত পূজ্য ৰজাসকল আছিল তেন্তে পূজাৰী ৰজাসকলো আছিল।
সত্যযুগত ৰজা-ৰাণী প্ৰজা সকলো পূজ্য হয়। আকৌ যেতিয়া দ্বাপৰত ভক্তি আৰম্ভ হয় তেতিয়া
যেনেকুৱা ৰজা-ৰাণী তেনেকুৱাই প্ৰজা, পূজাৰী হৈ যায়। ডাঙৰ ৰজাসকল যিসকল সূৰ্যবংশী
আছিল তেওঁলোকেই পূজাৰী হৈ যায় তেতিয়া বৈশ্য বংশী হৈ যায়। এতিয়া তোমালোক নিৰ্বিকাৰী
হোৱা। তাৰ প্ৰালব্ধ আকৌ 21 জন্ম চলে পুনৰ ভক্তি মাৰ্গ আৰম্ভ হয়। যিসকল পূজ্য
দেৱী-দেৱতা হৈ গৈছে, তেওঁলোকৰ মন্দিৰ নিৰ্মাণ কৰি তেওঁলোকৰ পূজা কৰে। এয়া কেৱল
ভাৰততহে হয়। এয়া 84 জন্মৰ কাহিনী যি পিতাই শুনায়, এয়াও ভাৰতবাসীৰ কাৰণে। অন্য ধৰ্মৰ
লোকসকল আহেই পাছত তেতিয়াতো বৃদ্ধি হৈ হৈ অনেক হৈ যায়। হৰেক-ৰকম ভিন্ন ভিন্ন
দেৱী-দেৱতাসকলৰ ৰীতি-প্ৰথা আছিল, সেয়া ভাৰতৰ গুৰুসকলৰ নাই। আধাকল্পৰ পাছত ৰাৱণ
ৰাজ্য আৰম্ভ হোৱা বাবে সকলো ৰীতি-প্ৰথাই সলনি হৈ যায় তেতিয়া পূজ্যৰ পৰা পূজাৰী হৈ
যায়। পূজাও প্ৰথমে অব্যাভিচাৰী এজন শিৱৰ কৰে। তেওঁৰ মন্দিৰ নিৰ্মাণ কৰে আকৌ
লক্ষ্মী-নাৰায়ণৰ নিৰ্মাণ কৰিব। এজনে লক্ষ্মী-নাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰিলে তেতিয়া
আনেও নিৰ্মাণ কৰিব। তাৰপাছত ৰাম-সীতাৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ লাগি যায় আকৌ কলিযুগত
চোৱা গণেশ, হনুমান, চন্দিকা দেৱী আদি আদি অনেক দেৱ-দেৱীৰ চিত্ৰ তৈয়াৰ কৰি থাকে।
ভক্তি মাৰ্গৰ কাৰণে সামগ্ৰীও লাগে নহয় জানো। যেনেকৈ বীজ কিমান সূক্ষ্ম, বৃক্ষ কিমান
ডাঙৰ সেইদৰে ভক্তিৰ বিস্তাৰ হৈ যায়। অনেক শাস্ত্ৰ ৰচনা কৰা হয়। এতিয়া পিতাই
সন্তানসকলক কয় - এই ভক্তি মাৰ্গৰ সকলোবোৰ সামগ্ৰী এতিয়া নাশ হ'ব। এতিয়া মোক পিতাক
স্মৰণ কৰা। ভক্তিৰ প্ৰভাৱো বহুত নহয় জানো। কিমান সৌন্দৰ্য আছে। নৃত্য-গীত,
নাম-কীৰ্তন আদিত কিমান খৰচ কৰে। এতিয়া পিতাই কয় - মোক পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ
কৰা। আদি সনাতন ধৰ্মক স্মৰণ কৰা। অনেক প্ৰকাৰৰ ভক্তি তোমালোকে জন্ম-জন্মান্তৰ কৰি
আহিছা। গৃহস্থ ধৰ্মৰ সকলেই ভক্তি আৰম্ভ কৰে। সন্ন্যাসীসকলেতো ভক্তি কৰিব নালাগে,
যজ্ঞ-তপ, দান-পুণ্য, তীৰ্থ আদি এই সকলোবোৰ গৃহস্থীসকলৰ কাম, সন্ন্যাসীসকলৰ নহয়।
তেওঁলোক হয়েই নিবৃত্তি মাৰ্গৰ। তেওঁলোকৰ কাৰণে নিয়ম আছে - ঘৰ-সংসাৰ এৰি গৈ জংঘলত থকা
আৰু ব্ৰহ্ম মহতত্বক স্মৰণ কৰা। তেওঁলোক হয়েই তত্ব জ্ঞানী, ব্ৰহ্ম জ্ঞানী। তত্ব অথবা
ব্ৰহ্মকেই ঈশ্বৰ বুলি কৈ দিয়ে। যেনেকৈ ভাৰতবাসী আচলতে হৈছে আদি সনাতন দেৱী-দেৱতা
ধৰ্মৰ। কিন্তু হিন্দুস্তানত থাকে সেয়েহে নিজৰ ধৰ্ম হিন্দু বুলি ভাবি লৈছে। সেইদৰে
সন্ন্যাসীসকলেও আত্মাৰ থকা স্থান তত্বক পৰমাত্মা বুলি ভাবি লয়। ব্ৰহ্ম বা তত্ত্বকেই
স্মৰণ কৰে। বাস্তৱত সন্ন্যাসীসকল যেতিয়া সতোপ্ৰধান হৈ থাকে তেতিয়া জংঘলত গৈ শান্তিত
থাকে। এনেকুৱা নহয় যে তেওঁলোক ব্ৰহ্মত গৈ লীন হ'ব লাগে। পিতাই কয় - এয়া তেওঁলোকৰ
মিথ্যা জ্ঞান। লীন কোনেও হ'ব নোৱাৰে। আত্মাতো অবিনাশী হয়, নহয় জানো, আত্মা কেনেকৈ
লীন হ'ব পাৰে। ভক্তি মাৰ্গত কিমান মগজ খটুৱাই থাকে। আকৌ কয় ভগৱান কিবা নহয় কিবা
ৰূপত কেতিয়াবা আহি সাক্ষাৎ কৰিব। এতিয়া কোন শুদ্ধ? তেওঁলোকে কয় - ব্ৰহ্মৰ সৈতে
যোগযুক্ত হৈ ব্ৰহ্মত লীন হৈ যাম। গৃহস্থীসকলে কয় যে ভগৱান কিবা নহয় কিবা ৰূপত আহিব।
পতিতসকলক পাৱন কৰি তুলিব। এনেকুৱা নহয় যে ওপৰৰ পৰা প্ৰেৰণাৰ দ্বাৰাই শিকাব। শিক্ষকে
ঘৰত বহি প্ৰেৰণা দিব জানো! প্ৰেৰণা শব্দটি নাই। প্ৰেৰণাৰ দ্বাৰা একো কাম নহয়। যদিওবা
শংকৰৰ প্ৰেৰণাৰ দ্বাৰা বিনাশ বুলি কোৱা হয় কিন্তু এয়া নাটকত নিৰ্ধাৰিত হৈ আছে।
তেওঁলোকে এই ক্ষেপণাস্ত্ৰ আদি তৈয়াৰ কৰিব লাগেই। প্ৰেৰণাৰ কথাই নাই। মনুষ্যইতো কৈ
দিয়ে যে ভগৱানৰ প্ৰেৰণাৰে সকলোবোৰ হয় বা কয় যে শংকৰৰ চকু মেল খোৱাৰ কাৰণে প্ৰলয় হৈ
গ'ল। এই সকলোবোৰ হৈছে কাহিনী, অৰ্থ একোৱেই বুজি নাপায়। কাৰোবাৰ মন্দিৰলৈ গ’লে তেতিয়া
ক'ব অশ্চ্যোতম্ কেশৱম্..... অৰ্থ একোৱে বুজি নাপায়। কোনেও নিজৰ জ্যেষ্ঠসকলৰ মহিমা
নাজানে। ধৰ্ম প্ৰতিষ্ঠাপকসকলক গুৰু বুলি কৈ দিয়ে। বাস্তৱত তেওঁলোকক গুৰু বুলি কোৱাতো
ভুল। যীশুখ্ৰীষ্ট জানো গুৰু হয়। তেওঁতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে। গুৰু তেওঁক কোৱা
হয় যিজনে সৎগতি কৰে। তেওঁতো ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহে। তেওঁৰ পাছে পাছে তেওঁৰ
বংশাৱলী আহে। সৎগতিতো কাৰো নকৰেই। তেন্তে তেওঁক গুৰু বুলি কেনেকৈ ক’বা। গুৰুতো
এজনেই, যাক সকলোৰে সৎগতি দাতা বুলি কোৱা হয়। ভগৱান পিতাহে আহি সকলোৰে সৎগতি কৰে।
মুক্তি-জীৱনমুক্তি দিয়ে। তেওঁৰ স্মৃতি কেতিয়াও কাৰো পৰা আঁতৰি যাব নোৱাৰে। মনুষ্যই
হে ভগৱান, হে ঈশ্বৰ বুলি কৈ এজন পিতাকেই স্মৰণ কৰে কিয়নো তেওঁ হৈছে সকলোৰে সৎগতি
দাতা। পিতাই বুজায় এই সকলোবোৰ হৈছে ৰচনা। ৰচয়িতা পিতা ময়েই হওঁ - সকলোকে সুখ দিওঁতা,
উত্তৰাধিকাৰ দিওঁতা একমাত্ৰ পিতাই হ’ল। ভায়ে ভাইক উত্তৰাধিকাৰ দিব নোৱাৰে।
উত্তৰাধিকাৰ সদায় পিতাৰ পৰা প্ৰাপ্ত হয়। মই সকলো বেহদৰ সন্তানক বেহদৰ উত্তৰাধিকাৰ
দিওঁ সেয়েহে মোক স্মৰণ কৰে হে পৰমাত্মা ক্ষমা কৰক। বুজি একোৱেই নাপায়।
পিতাই কয় - মই এওঁলোকে আহ্বান জনোৱা কাৰণে নাহোঁ। এয়াতো নাটকত নিৰ্ধাৰিত হৈ আছে।
নাটকত মই অহাও ভূমিকাও নিৰ্ধাৰিত হৈ আছে। অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা বা
কলিযুগৰ বিনাশ, সত্যযুগৰ স্থাপনা কৰিবলগীয়া হয়। মই নিজৰ সময়ত নিজেই আহোঁ। নাটকত এই
ভক্তি মাৰ্গৰো ভূমিকা আছে। এতিয়া যেতিয়া ভক্তি মাৰ্গৰ ভূমিকা সম্পূৰ্ণ হয় তেতিয়া
আহিছোঁ। কল্প পূৰ্বেও বাবা আপুনি ব্ৰহ্মাৰ শৰীৰত আহিছিল। এই জ্ঞান এতিয়া তোমালোকে
প্ৰাপ্ত কৰা। পুনৰ কেতিয়াও নাপাবা। এয়া হৈছে জ্ঞান, সেয়া হৈছে ভক্তি। জ্ঞানৰ
প্ৰালব্ধ হৈছে আৰোহণ কলা। কোৱা হয় - চেকেণ্ডত জীৱনমুক্তি। জনকে চেকেণ্ডত জীৱনমুক্তি
লাভ কৰিছিল নহয় জানো, কিন্তু কি এজন জনকেই জীৱনমুক্তি লাভ কৰিলেনে? জীৱনমুক্তিতো
সকলোৱে প্ৰাপ্ত কৰে নহয় জানো। গোটেই বিশ্বই প্ৰাপ্ত কৰে। সৎগতি বা জীৱনমুক্তি একেই
শব্দ। জীৱনমুক্তি অৰ্থাৎ জীৱনক এই ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰে। বাবাই জানে
সন্তানসকলৰ কিমান দুৰ্গতি হৈ গৈছে, একেবাৰে দুখী হৈ গৈছে। তেওঁলোকৰ পুনৰ সৎগতি হ'ব।
প্ৰথমে মুক্তিত গৈ পুনৰ জীৱনমুক্তিত আহিব। শান্তিধামৰ পৰা পুনৰ সুখধামলৈ আহিব। এইটো
চক্ৰৰ ৰহস্য পিতাই বুজাইছে। পিতাই কয় - এই সময়ত গোটেই সৃষ্টিৰ বৃক্ষ জৰ্জৰিত,
তমোপ্ৰধান হৈ গৈছে সেয়েহে কোনেও নিজক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ বুলি নুবুজে। আদি
সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিল কিয়নো দেৱতাসকল পৱিত্র আছিল। আমি অপৱিত্ৰ পতিত নিজক
দেৱতা বুলি কেনেকৈ পৰিচয় দিম সেয়েহে কোৱা হয় - এই বিকাৰসমূহক ত্যাগ কৰি গৈ থাকা। এই
বিকাৰ আদি আধাকল্পৰ পৰা আছে। এতিয়া এটা জন্মত এইবোৰ ত্যাগ কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া
হয়। পৰিশ্ৰম নকৰাকৈ জানো বিশ্বৰ মালিক হ'বা। পিতাক স্মৰণ কৰিলে তেতিয়াহে তোমালোকে
নিজক বাদশ্বাহীৰ তিলক দিবা অৰ্থাৎ বাদশ্বাহীৰ অধিকাৰী হ'বা। যিমান ভালদৰে স্মৰণ
কৰিবা, শ্ৰীমতত চলিবা তেন্তে তোমালোক ৰজাৰো ৰজা হ'বাগৈ। পঢ়াওঁতা শিক্ষকজনতো পঢ়াবলৈ
আহিছে । এইখন পাঠশালা হয়েই মনুষ্যৰ পৰা দেৱতা হোৱাৰ বাবে। নৰৰ পৰা নাৰায়ণ হোৱাৰ কথা
(কাহিনী) শুনায়। এই কথা কিমান প্ৰসিদ্ধ হয়। ইয়াক অমৰকথা, সত্য-নাৰায়ণৰ কথা, তৃতীয়
নেত্ৰৰ কথা বুলিও কয়।
চোৱা, গীতটি কিমান ভাল। বাবাই আমাক বিশ্বৰ মালিক কৰি তোলে, যি মালিকানা কোনেও লুটিব
নোৱাৰে। কোনো ভূমিকম্প আদি নহ'ব। তাত বিঘিনিৰ কোনো কথাই নাই। এনেকুৱা অটল, অখণ্ড,
পৱিত্ৰতা, সুখ-শান্তিৰ ৰাজ্য তোমালোকে এতিয়া প্ৰাপ্ত কৰি আছা। কল্প পূৰ্বৰ দৰে
প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত ভাৰত স্বৰ্গ হয়। তোমালোকে জানা আমিয়েই দেৱতা আছিলোঁ
পুনৰ 84 জন্ম লৈ লৈ আহি এনেকুৱা হওঁ। পুনৰ আমিয়েই দেৱতা হ'মগৈ। ইয়াক কোৱা হয়
স্বদৰ্শন চক্ৰধাৰী। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজে নিজক
বাদশ্বাহীৰ তিলক দিবৰ কাৰণে পৰিশ্ৰম কৰিব লাগে। সকলো বিকাৰ ত্যাগ কৰিব লাগে।
(2) পিতা ব্ৰহ্মাৰ
সমান সাধাৰণ আৰু গুপ্ত হৈ থাকিব লাগে। বাহিৰৰ আড়ম্বৰ (জাকজমকতা) আদি কৰিব নালাগে।
নিজৰ ভৱিষ্যতৰ বাদশ্বাহীৰ নিচাত থাকিব লাগে।
বৰদান:
নিজৰ চঞ্চল
বৃত্তি পৰিৱৰ্তন কৰি সতোপ্ৰধান বায়ুমণ্ডল গঢ়ি তোলাৰ দায়িত্বশীল শ্ৰেষ্ঠ আত্মা
হোৱা
যিসকল সন্তানে নিজৰ
চঞ্চল বৃত্তি পৰিৱৰ্তন কৰি দিয়ে, তেওঁলোকেই সতোপ্ৰধান বায়ুমণ্ডল গঢ়ি তুলিব পাৰে
কাৰণ বৃত্তিৰেই বায়ুমণ্ডলৰ সৃষ্টি হয়। বৃত্তি তেতিয়াহে চঞ্চল হয়, যেতিয়া
বৃত্তিত ইমান বৃহৎ কাৰ্যৰ স্মৃতি নাথাকে। যদি কোনোবা অতি চঞ্চল সন্তান ব্যস্ত হৈ
থকাৰ পিছতো চঞ্চলতা এৰি নিদিয়ে, তেন্তে তেওঁক বান্ধি থয়। ঠিক তেনেকৈয়ে, যদি
জ্ঞান-যোগত ব্যস্ত হৈ থকাৰ পিছতো বৃত্তি চঞ্চল হয় তেন্তে এজন পিতাৰ সৈতে সকলো
সম্বন্ধৰ বন্ধনত বৃত্তি বান্ধি দিয়া তেতিয়া চঞ্চলতা সহজে সমাপ্ত হৈ যাব।
স্লোগান:
আলস্যৰ লহৰ সমাপ্ত কৰাৰ সাধন হ’ল বেহদৰ (গোটেই পুৰণি সৃষ্টিৰ প্ৰতি) বৈৰাগ্য।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
দাতাবোধৰ সংস্কাৰ
জাগ্ৰত কৰি মনেৰে পুণ্যৰ পুঁজি জমা কৰা, বাণীৰ দ্বাৰা দুৰ্বল আত্মাসকলক আনন্দিত কৰা,
দুশ্চিন্তাগ্ৰস্তসকলক নিজৰ মান-সম্ভ্ৰমৰ স্মৃতিত আনা আৰু নিৰাশ আত্মাসকলক
উৎসাহ-উদ্দীপনাত আনা, সম্বন্ধ-সম্পৰ্কৰ দ্বাৰা আত্মাসকলক নিজৰ শ্ৰেষ্ঠ সংগৰ ৰং
অনুভৱ কৰোৱা তেতিয়া পুণ্যৰ পুঁজি জমা হৈ গৈ থাকিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]