03.05.26 Avyakt Bapdada
Assame
Murli
18.01.2010 Om Shanti Madhuban
“*“পিতা ব্ৰহ্মাৰ দৰে
নষ্টোমোহা স্মৃতি স্বৰূপ হ'বলৈ, মনৰ সময়-তালিকা প্ৰস্তুত কৰি কৰ্ম কৰি কৰ্মযোগী
অশৰীৰী হোৱাৰ অভ্যাস কৰা”*”
আজি চাৰিওফালৰ
সন্তানসকলৰ মাজত এক বিশেষ স্নেহ সমাহিত হৈ আছে। আজিৰ দিনটোক স্মৃতি দিৱস বুলি কোৱা
হয়। বাপদাদাই অমৃতবেলাৰে পৰা চাৰিওফালে দেশ-বিদেশৰ সকলো সন্তানৰ অন্তৰত পিতাৰ প্ৰতি
থকা স্নেহৰ ছবি দেখা পালে। পিতাৰ অন্তৰতো প্ৰতিগৰাকী সন্তানৰ স্নেহৰ ছবি সমাহিত হৈ
আছিল। আজিৰ দিনটোক বিশেষ স্নেহৰ আৰু স্মৃতিৰ দিৱস বুলি কোৱা হয়। বাপদাদাই
অমৃতবেলাৰ আগতেই সন্তানসকলৰ তৰফৰ পৰা অহা স্নেহৰ অনেক মুকুতাৰ মালা দেখিলে।
প্ৰতিগৰাকী সন্তানৰ অন্তৰত আপোনাআপুনি এইটো গীত বাজি আছে – "মোৰ বাবা, ব্ৰহ্মা বাবা,
মৰমৰ বাবা" আৰু বাপদাদাৰ অন্তৰত এইটো গীত বাজি আছে – "মৰমৰ সন্তান, চেনেহৰ সন্তান"।
আজি প্ৰত্যেকৰ অন্তৰত আন সকলো শক্তিতকৈ স্নেহৰ শক্তি বেছিকৈ সমাহিত হৈ আছে। এই
পৰমাত্ম স্নেহ, ঈশ্বৰীয় স্নেহ কেৱল সংগমযুগতহে অনুভৱ হয়। এই পৰমাত্ম স্নেহক
অনুভৱীজনেহে জানে, যিয়ে প্ৰতিগৰাকী সন্তানক সহজযোগী কৰি তোলে। বাপদাদাই দেখিলে যে
সকলো সন্তানৰ মাজত স্নেহৰ অনুভৱ বহুত বেছি ভৰি আছে। তোমালোক সকলোৰে জন্মৰ আধাৰ হৈছে
স্নেহ। এনেকুৱা কোনো সন্তান দেখা পোৱা নাযায় যাৰ শক্তি কম হ'ব পাৰে, কিন্তু পিতাৰ
স্নেহ বা নিমিত্ত হোৱা বিশেষ আত্মাসকলৰ স্নেহৰ অনুভৱ সৰহভাগৰে অন্তৰত আৰু চেহেৰাত
দেখিবলৈ পোৱা যায়। আজি তোমালোক সকলোকে ইয়ালৈ কোনে লৈ আহিল? কি বিমানেৰে আহিলা?
ৰে’লেৰে আহিলা নে বিমানেৰে আহিলা? সকলোৰে চেহেৰাত স্নেহ সমাহিত হৈ আছে, গতিকে
স্নেহৰ বিমানেৰে আহি উপস্থিত হ’লা নহয়। যিয়েই কৰিবলগীয়া নহ'ল কিন্তু স্নেহৰ
বিমানেৰে সকলো আহি উপস্থিত হ’লাহি।
আজিৰ দিনটোক স্মৃতি
দিৱস বুলি কোৱা হয় কিন্তু স্মৃতি দিৱসৰ লগতে সমৰ্থ দিৱস বুলিও কোৱা হয়। আজিৰ
দিনটোক ৰাজ অভিষেকৰ দিন বুলিও কোৱা হয়, কিয়নো আজিৰ দিনটোতেই বাপদাদাই বিশেষকৈ পিতা
ব্ৰহ্মাই নিমিত্ত হোৱা মহাবীৰ সন্তানসকলক বিশ্ব সেৱাৰ মুকুট পিন্ধালে। পিতা ব্ৰহ্মা
স্বয়ং অগোচৰ হৈ সন্তানসকলক বিশ্ব সেৱাৰ স্মৃতিৰ তিলক দিলে। সন্তানসকলক কৰণহাৰ কৰিলে
আৰু নিজে কৰাৱনহাৰ হ'ল। নিজৰ দৰে ফৰিস্তা ৰূপৰ বৰদান দি লাইটৰ মুকুট পিন্ধালে আৰু
বাপদাদাই যি মুকুট, তিলক বৰদান দিলে, সেই অনুসৰি সন্তানসকলৰ কৰ্তব্য দেখি বাপদাদা
আনন্দিত হৈছে। সন্তানসকলে সেৱাৰ বৰদান কাৰ্যত ৰূপায়িত কৰিলে, সেয়া দেখি বাপদাদা
আনন্দিত হৈছে। এতিয়ালৈকে যি ভূমিকা পালন কৰিলা আৰু আগলৈ যি কৰিবলগীয়া আছে, তাৰ
বাবে পিতা ব্ৰহ্মাই পদমগুণ অভিনন্দন জনাই আছে। বাঃ! সন্তান বাঃ! বিদেশতো পৰিক্ৰমা
লাগালোঁ, কি দেখিলোঁ? প্ৰতিগৰাকী সন্তান স্নেহত সমাহিত হৈ আছে, গতিকে পিতাৰ পৰা
সামৰ্থ্য লাভ কৰিছে, কিয়নো এই দিনটি স্নেহেৰে সামৰ্থ্যৰ বৰদান প্ৰাপ্ত কৰাৰ দিন।
বাপদাদাই দেখিলে যে কিছুমান সন্তান বৰ ভালকৈ স্মৃতিৰ নিচাত, সেৱাত ব্ৰতী হৈ আছে।
অমৃতবেলা বৰ সুন্দৰ অনুভৱ কৰে, অশৰীৰীবোধৰো অনুভৱ কৰে, কিন্তু যেতিয়া কৰ্মযোগী
হোৱাৰ সময় আহে তেতিয়া দুয়োটা কাম যোগী আৰু কৰ্মৰ, এই দুয়োটা কাম একেলগে কৰাত
পাৰ্থক্যৰ সৃষ্টি হৈ যায়। পুৰুষাৰ্থ কৰে যাতে কৰ্ম আৰু যোগৰ সন্তুলন থাকে, কিন্তু
অমৃতবেলা যেনেকুৱা শক্তিশালী অৱস্থাৰ অনুভৱ কৰে, কৰ্মত পাৰ্থক্যৰ সৃষ্টি হৈ যায়,
পৰিশ্ৰম কৰিবলগীয়া হয়। বাপদাদাই সকলো সন্তানক কৈ দিছে যে বিশ্বৰ বিনাশ অকস্মাত
হ'ব, গতিকে গোটেই দিনটো মনোযোগ নিদিলে, কোনো ধাৰণাৰ অভাৱৰ বাবে কৰ্মযোগী অৱস্থাত
পাৰ্থক্য আহে। বিশ্বৰ বিনাশৰ তাৰিখতো বাপদাদাই ঘোষণা নকৰে, কিন্তু নিজৰ জীৱনকাল
কেতিয়া শেষ হ'ব, সেয়া গম পোৱানে? কোনোবাই গম পোৱানে যে মোৰ মৃত্যু অমুক তাৰিখে
হ’ব, গম পোৱানে? তেওঁলোকে হাত দাঙা। অকস্মাত যিকোনো ঘটনা ঘটিব পাৰে, কেতিয়াবা
প্ৰকৃতিও ইয়াৰ কাৰণ হৈ পৰে তেতিয়া একেলগে কিমানৰ মৃত্যু হৈ যায়। সেয়েহে বিশ্বৰ
তাৰিখৰ কথাত অসাৱধান নহ’বা। তোমালোকৰ জগদম্বাৰ শ্লোগান আছিল – কেতিয়াও ‘কেতিয়াবা’
বুলি নক’বা, ‘এতিয়া’ বুলি কোৱা। যিয়েই হৈ নাযাওক কিন্তু মই সদাপ্ৰস্তুত হৈ থাকিব
লাগে। তেন্তে ইমান প্ৰস্তুতিৰ প্ৰতি সকলোৰে মনোযোগ আছেনে? নিজৰ কৰ্মৰ হিচাপ-নিকাচ
নিষ্পত্তি কৰিছানে? চাৰিটাওটা বিষয় জ্ঞান, যোগ, সেৱা আৰু ধাৰণা—এই চাৰিওফালে
চাৰিওটাতে এনেকৈ প্ৰস্তুতি চলাইছানে? সম্পূৰ্ণ বেহদৰ বৈৰাগ্যৰ অনুভৱ পৰীক্ষা কৰিছানে?
নিজৰ অন্তৰত এইটো পৰীক্ষা কৰিছানে যে সদাপ্ৰস্তুত হওঁনে? নষ্টোমোহা স্মৃতি স্বৰূপ
কিয়নো পিতা ব্ৰহ্মায়ো পুৰুষাৰ্থ কৰি নিজকে এনেকৈ গঢ়িলে যিটো অনুভৱী সন্তানসকলে
দেখিলে, কোনোফালে কোনো হিচাপ-নিকাচৰ বাতাৱৰণ নাছিল, অকস্মাত অশৰীৰী হোৱাৰ অভ্যাসৰ
দ্বাৰা অশৰীৰী হৈ উৰি গ'ল। কোনোবাই ভাবিছিল জানো যে পিতা ব্ৰহ্মা এতিয়া যাবগৈ?
কিন্তু নষ্টোমোহা, সন্তানসকলৰ হাতে হাত দিও ক’ৰবাত আকৰ্ষণ আছিল জানো? ফৰিস্তা হৈ
গ'ল। সন্তানসকলক ফৰিস্তা হোৱাৰ তিলক দি গ'ল। ইয়াৰ কাৰণ আছিল দীৰ্ঘ সময়ৰ অশৰীৰী
বোধৰ অভ্যাস। বহুত অনুভৱী সন্তান যিসকল তেওঁৰ লগত আছিল, তেওঁলোকে অনুভৱ কৰিলে যে
কৰ্ম কৰি থাকোঁতে এনেদৰে অশৰীৰী হৈ যায়। গতিকে কৰ্মযোগত এয়া যি পাৰ্থক্য আহে তাৰ
কাৰণ হৈছে কৰ্ম কৰোঁতে এইটো স্মৃতিত নাথাকে যে মই আত্মা, এয়াতো সকলোৱে জানে কিন্তু
মই আত্মা কেনেকুৱা আত্মা? মই কৰাৱনহাৰ আত্মা আৰু এই কৰ্মেন্দ্ৰিয়বোৰ কৰণহাৰ, এইটো
কৰাৱনহাৰৰ স্বমান কৰ্ম কৰি থাকোঁতেও যাতে স্মৃতি স্বৰূপত থাকে, কৰ্মেন্দ্ৰিয়ৰ
দ্বাৰা কৰ্ম কৰাব লাগে, কিন্তু মই কৰাৱনহাৰ, মালিক, যদি এইখন আসনত স্থিৰ হৈ থাকা
তেতিয়া যিকোনো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলিব। আসনত স্থিৰ হৈ নাথাকিলে কোনেও কাৰো
কথা নামানে। গতিকে কৰাৱনহাৰ আত্মা হওঁ, এই কৰ্মেন্দ্ৰিয়বোৰ কৰণহাৰ, কৰাৱনহাৰ নহয়।
যেনেকৈ পিতা ব্ৰহ্মাৰ
অনুভৱ শুনিলা যে পিতা ব্ৰহ্মাই আৰম্ভণিতে এইটো অভ্যাস কৰিছিল, প্ৰতিদিনে দিনটোৰ
শেষত এই কৰ্মেন্দ্ৰিয়বোৰৰ ৰাজদৰবাৰ বহুৱাইছিল। পুৰণি সন্তানসকলে সেই ডায়েৰীখন
দেখিছা চাগৈ, প্ৰতিদিনে ৰাজদৰবাৰ বহুৱাইছিল আৰু কৰাৱনহাৰ মালিক হৈ প্ৰতিটো
কৰ্মেন্দ্ৰিয়ৰ খবৰ লৈছিল। ইমান মনোযোগ আৰম্ভণিতে পিতা ব্ৰহ্মাই দিছিল, সেয়েহে
তোমালোকেও নিজক কৰাৱনহাৰ মালিক বুলি বুজি কৰ্মেন্দ্ৰিয়বোৰৰ দ্বাৰা কৰ্ম কৰাব লাগে,
কিয়নো আত্মা হৈছে ৰজা আৰু এই কৰ্মেন্দ্ৰিয়বোৰ হৈছে সংগী। গতিকে এইটো পৰীক্ষা কৰিব
লাগে যে আজিৰ দিনটোত বিশেষকৈ মন-বুদ্ধি-সংস্কাৰ, স্বভাৱ বুলিয়ে কোৱা বা সংস্কাৰ,
অৱস্থা কেনেকুৱা আছিল। আৰু লগে লগে পৰীক্ষা কৰিলে কৰ্মেন্দ্ৰিয়বোৰৰ ওপৰত মনোযোগ
থাকে যে আমাৰ ৰজাই আমাৰ খবৰ ল'ব, গতিকে আত্মা ৰজা কৰাৱনহাৰে পৰীক্ষা কৰা। নহ’লে দেখা
গৈছে যে বহুত সন্তানে কয় যে আমি কৰ্মেন্দ্ৰিয়বোৰক আদেশ দিওঁ কিন্তু তথাপিও হৈ যায়।
পুৰুষাৰ্থ কৰে কিন্তু কিছুমান সংস্কাৰ বা স্বভাৱে আদেশ নামানে। ইয়াৰ কাৰণ হৈছে
নিজৰ স্বমানৰ আসনত স্থিৰ হৈ নথকাটো। আসনত স্থিৰ নোহোৱাকৈ যিমানেই আদেশ নিদিয়া আদেশ
মানোতাই নামানে। গতিকে কৰ্ম কৰি নিজৰ কৰাৱনহাৰ মালিকৰ আসনত স্থিৰ হৈ থাকা। বহুত
সন্তানে বাপদাদাৰ লগত এইটোও বাৰ্তালাপ কৰে যে বাবা আপুনি মোক সৰ্বশক্তিমানৰ কৰি দিলে,
শক্তিমানো নহয় সৰ্বশক্তিমানৰ বৰদান প্ৰত্যেক সন্তানক ব্ৰাহ্মণ জন্ম লওঁতেই দিছে,
স্মৃতিত আছেনে নিজৰ জন্মৰ বৰদান! প্ৰতিগৰাকী সন্তানক পিতাই মাষ্টৰ সৰ্বশক্তিমান
হোৱাৰ বৰদান দিছে। কোনে বৰদান দিলে? সৰ্বশক্তিমান হৰ্তা-কৰ্তাই। কিন্তু অভিযোগ দিয়ে
যে যি সময়ত যিটো শক্তি লাগে সেই সময়ত সেয়া নাহে। আদেশ নামানে। সেয়া কিয়? যিহেতু
সৰ্বশক্তিমান হৰ্তা-কৰ্তাৰ বৰদান, তেওঁতকৈ ডাঙৰ কোনো নাই। সেয়েহে বৰদানৰ স্থিতিত
স্থিৰ হৈ থাকি যদি আদেশ দিয়া তেন্তে এইটো হ’ব নোৱাৰে যে তোমালোকে আদেশ দিবা আৰু
শক্তিয়ে নামানিব। এটাতো আত্মা মালিক, সৰ্বশক্তিমানৰ বৰদান প্ৰাপ্ত হৈছে, সেইটো
স্বৰূপত স্থিৰ হৈ মালিক হওঁ আৰু বৰদান প্ৰাপ্ত হৈছে — দুয়োটা স্বৰূপৰ স্মৃতিত
স্থিৰ হৈ থাকি আদেশ দিয়া। শক্তিয়ে তোমালোকৰ আদেশ নামানিব অসম্ভৱ কিয়নো বৰদান আৰু
পিতাৰ সম্পত্তিৰ অধিকাৰ আছে। সংগমযুগত তোমালোক সকলোৱে ‘সৰ্বশক্তিমান’ উপাধি পাইছা
কেৱল সেইটো স্থিতিত স্থিৰ হৈ নাথাকা। ‘কেতিয়াবা’ ‘কেতিয়াবা’ আহি যায়। এই
‘কেতিয়াবা’ শব্দটি ব্ৰাহ্মণৰ অভিধানৰ পৰা আঁতৰাই দিয়া। এতিয়াই হাজিৰ। তোমালোকে
কোৱা নহয় যে বাবা আপোনাক স্মৰণ কৰিলে আপুনি হাজিৰ হৈ যায়। এইটো অনুভৱ হৈছেনে? হাত
দাঙা। অনুভৱ হৈছেনে? এতিয়া চোৱা, হাততো দাঙি আছা। পিতা হাজিৰ হৈ যায়, হুজুৰ হাজিৰ
হৈ যায়, তেন্তে এই শক্তিবোৰনো কি? এই শক্তিবোৰো তোমালোকে পিতাৰ সম্পত্তি হিচাপে
পাইছা। গতিকে মালিক হৈ আদেশ দিয়া। মালিক হৈ আদেশ নিদিয়া, শক্তি হেৰাই যায় নহয়,
সেয়েহে সেইটো স্থিতিত থাকি আদেশ দিয়া গতিকে মালিকেই নহয় তেন্তে আদেশ কিয় নামানিব!
বাপদাদাই এতিয়া কি
বিচাৰে? গম পোৱা নহয়! পিতাই এতিয়া এয়াই বিচাৰে যে মোৰ এটি এটি সন্তানে কৰ্ম কৰিও
ৰজা সন্তান হৈ, স্বৰাজ্য অধিকাৰী হৈ স্বৰাজ্যৰ আসন কেতিয়াও নেৰক। ৰজা গোটেই দিনটো
ৰজা হৈয়ে থাকে নহয়! নে কেতিয়াবা ৰজা হয়, কেতিয়াবা নহয়। সিংহাসনত বহা বা নবহা
সেয়া বেলেগ কথা কিন্তু ঘৰত থাকিলেও মই ৰজা, এইটোতো নাপাহৰে। গতিকে কৰ্মযোগী আৰু
অমৃতবেলাৰ যথাৰ্থ যোগৰ শক্তিশালী স্থিতি তাত পাৰ্থক্য থাকিব নালাগে। দুগুণ কাম
কিন্তু তোমালোক কোন? তোমালোকতো বিশ্ব পৰিৱৰ্তক হোৱা, বিশ্ব কল্যাণকাৰী হোৱা, সেয়েহে
পিতাই এয়াই বিচাৰে যে চলোঁতে-ফুৰোঁতে যাতে ৰজাবোধ পাহৰি নোযোৱা, আসন ত্যাগ নকৰা।
আসনত নবহিলে কোনেও আদেশ নামানে। আজিকালি চোৱা আসনৰ বাবে কিমান চেষ্টা কৰে? নিজৰ
অধিকাৰ ল'বলৈ কিমান প্ৰয়াস কৰে। নিজৰ অধিকাৰ কোনেও এৰিব নিবিচাৰে। গতিকে তোমালোকৰ
নিজৰ পৰমাত্ম অধিকাৰ “মই কোন” দাবী কৰিব লাগে! সকলো সময়ত যি কাম কৰা, কাম কৰিও
নিজৰ মনৰ সময়-তালিকা প্ৰস্তুত কৰি ৰাখা। এইটো কাম কৰোতে মনৰ স্বমান কি হ'ব? আজিৰ
দিনটোত মোৰ লক্ষ্য কি হ'ব? সকলো কামৰ সময়ত নিজৰ স্বমানৰ যি তালিকা আছে, লাগিলে
ভিন্ন ভিন্ন সময়-তালিকা প্ৰস্তুত কৰা যেনেকৈ স্থূল কৰ্মৰ সময়-তালিকা নিৰ্ধাৰিত কৰা,
তেনেকৈ মনৰ সময়-তালিকা নিৰ্ধাৰণ কৰা। গমতো পোৱা যে এই সময়ত এইটো কাম কৰিব লাগে আৰু
তাৰ লগত কোনটো স্বমান ৰাখিব লাগে? মালিকবোধৰ অধিকাৰ কোনটো স্বমানৰ ৰূপত ৰাখিব লাগে,
এয়া মনৰ সময়-তালিকা প্ৰস্তুত কৰা। সময়-তালিকা প্ৰস্তুত কৰিব জানা নহয়! মাতাসকলে
জানানে? মাতাসকলে নিজৰ কাৰ্যসূচী নিজে প্ৰস্তুত কৰা। বাৰু ভোজন ৰান্ধিব লাগে, সেই
সময়ত কোনটো স্বমান নিজৰ বুদ্ধিত জাগ্ৰত কৰি ৰাখিব লাগে। স্বমানৰ বহুত দীঘলীয়া মালা
আছে। ইমান ডাঙৰ মালা আছে যে স্বমান হিচাপ কৰি যোৱা আৰু মালাত সমাহিত হৈ যোৱা। গতিকে
এতিয়া বহুকালৰ অভ্যাসৰ প্ৰয়োজন। কিছুমান সন্তানে কয়, এতিয়ালৈকেতো বিনাশৰ কোনো
লক্ষণ দেখা নাই। এতিয়াওতো তাৰিখ নিৰ্ধাৰিত হোৱা নাই, কৰিম, হৈ যাব, এয়া হৈছে
অসাৱধানতা। বাৰ্তা দিয়াৰ ক্ষেত্ৰতো বিশ্ব কল্যাণকাৰী, বহুত সন্তানে ভাবে যে
এতিয়াও সময় আছে, আগলৈ গৈ বাৰ্তা দি দিম, কিন্তু নহয়। যিসকলক পিছত বাৰ্তা দিবা,
তেওঁলোকেও তোমালোকক ওজৰ-আপত্তি দৰ্শাব, কি ওজৰ-আপত্তি দৰ্শাব? আপোনালোকে আগতে কিয়
কোৱা নাছিল, আমিও অলপ কৰিলোহেঁতেন, এতিয়া আপোনালোকে শেষত জনালে। আমিতো কেৱল চিনি
পালোঁ আৰু প্ৰভু তোমাৰ লীলা অপাৰ, এয়াই ক'ব পাৰিম। পদতো পাব নোৱাৰিম। কিয়? বহুত
সময়ৰ সহযোগ লাগে। তোমালোক সকলো উত্তৰাধিকাৰী বহি আছা নহয়! যিসকলে নিজক
উত্তৰাধিকাৰী বুলি ভাবা তেওঁলোকে হাত দাঙা, উত্তৰাধিকাৰী হোৱানে? বাৰু, উত্তৰাধিকাৰী
হোৱা তেন্তে তোমালোকে সম্পূৰ্ণ উত্তৰাধিকাৰ পাব লাগে নে অলপ? সকলোৱে ক'ব সম্পূৰ্ণ
উত্তৰাধিকাৰ পাব লাগে। গতিকে সম্পূৰ্ণ উত্তৰাধিকাৰ হৈছে পূৰা 21 জন্ম, আৰম্ভণিৰ পৰা
অন্তলৈকে অভিজাত প্ৰজাত নহয়, অভিজাত পৰিয়ালত অহা। ৰাজকীয় পৰিয়ালত অহা। সিংহাসনততো
এজনহে বহিব, যুগল বহিব। কিন্তু তাত যেতিয়াই সভা বহে অভিজাত পৰিয়ালৰ বিশেষ নিমিত্ত
আত্মাসকলে মুকুট পৰিধান কৰি বহে। মুকুট অবিহনে নবহে। আৰু প্ৰতিটো কামত দিহা-পৰামৰ্শ
দিওতা, এনে নহয় যে কেৱল তেওঁহে ৰাজত্ব কৰিব, লগতে পৰামৰ্শ লৈহে কৰে সেয়েহে যদি
সম্পূৰ্ণ উত্তৰাধিকাৰ ল'ব লাগে, তেন্তে প্ৰথম জন্মৰ পৰা পূৰা 21 জন্মলৈকে, আধাও নহয়,
মাজততো যাব নালাগে বা অকালতে মৃত্যু হ’বতো হ'ব নালাগে। তেন্তে সম্পূৰ্ণ উত্তৰাধিকাৰ
ল'বলৈ হ'লে অলপত সন্তুষ্ট হ'ব লাগে জানো? তোমালোকৰ মাতেশ্বৰী জগত অম্বাই সদায় এইটো
লক্ষ্য ৰাখিছিল যে বাপদাদাই যি শ্ৰীমত দিছে, মন-বাণী-কৰ্মৰে যিয়েই শ্ৰীমত দিছে সেয়া
আমি কৰিবই লাগে। এনেকুৱা সম্পূৰ্ণ উত্তৰাধিকাৰ লওঁতাসকলে বুদ্ধিত এইটোৱে লক্ষ্য ৰাখা
অকস্মাত, সদাপ্ৰস্তুত আৰু বহুত সময়, এই তিনিওটা শব্দ সদায় স্মৃতিত ৰাখা সেয়েহে
বাপদাদাই সকলো আশাৰ প্ৰদীপ সন্তানসকলৰ প্ৰতি এয়াই বৰদান দিছে যে সদায় এই তিনিওটা
শব্দ স্মৃতিত ৰাখি সকলো আশাৰ প্ৰদীপ হোৱাৰ প্ৰত্যক্ষ প্ৰমাণ দিয়া। বাৰু। বিদেশৰসকলো
মনৰ সেৱাত সহযোগী হোৱা নহয়! বাপদাদাই দেখিছে যে বৃদ্ধি সকলো ধৰ্মত হৈ আছে, কেৱল এটা
ধৰ্ম নহয়, কেৱল হিন্দু নহয়, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান সকলো ধৰ্মই লাহে লাহে
আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হৈ আছে। আগতে চোৱা ব্ৰহ্মা কুমাৰীসকলৰ নাম শুনি ভয়
খাইছিল, বিনাশ বিনাশ কি কৈ থাকে। আৰু এতিয়া কি কয়? এতিয়া কয় কওঁকচোন বিনাশ
কেতিয়া হ'ব, কেনেকৈ হ'ব আৰু আমি কি কৰোঁ? সেয়েহে হ'বই, এইটোতো নিশ্চিত। তোমালোক
সকলোৰে নিশ্চয়তা আছে নহয় বিদেশৰে হওক বা ভাৰতৰে হওক নিশ্চয়তা আছে নহয়! বাপদাদাই
কেৱল ইংগিত দিছে যে পুৰুষাৰ্থ তীব্ৰ কৰা। পুৰুষাৰ্থ নহয়, পুৰুষাৰ্থৰ সময় গ'ল, এতিয়া
তীব্ৰ পুৰুষাৰ্থৰ সময়। আৰু কেতিয়াবা কেতিয়াবা নহয়, এতিয়া। এতিয়া কৰিব লাগে,
এতিয়া হ'ব লাগে। তেন্তে হ'বই। বাৰু।
চাৰিওফালৰ তীব্ৰ
পুৰুষাৰ্থী, সদায় উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি যোৱা সন্তানসকলক বাপদাদাই স্মৃতি দিৱসত
স্নেহসহিত স্মৰণ কৰি আছে। বাপদাদাৰ অন্তৰত প্ৰতিগৰাকী সন্তান সমাহিত হৈ আছে আৰু
প্ৰতিগৰাকী সন্তানৰ অন্তৰত পিতা সমাহিত হৈ আছে, পিতাৰ অন্তৰত সন্তান সমাহিত হৈ আছে,
গতিকে অভিনন্দন, অভিনন্দন আৰু অভিনন্দনৰ লগতে নমস্কাৰো।
বৰদান:
শক্তিশালী
স্থিতিৰ দ্বাৰা ৰচনাৰ সকলো আকৰ্ষণৰ পৰা দূৰৈত থাকোঁতা মাষ্টৰ ৰচয়িতা হোৱা
যেতিয়া মাষ্টৰ
ৰচয়িতা, মাষ্টৰ জ্ঞানৱানৰ শক্তিশালী স্থিতি বা নিচাত স্থিৰ হৈ থাকিবা তেতিয়া
ৰচনাৰ সকলো আকৰ্ষণৰ পৰা দূৰৈত থাকিব পাৰিবা কিয়নো এতিয়া ৰচনাই আৰু অধিক বিভিন্ন
ৰং-ধং আৰু ৰূপৰ সৃষ্টি কৰিব। সেয়েহে, এতিয়া শৈশৱৰ ভুলবোৰ যিবোৰ থাকি গৈছে যেনে
অসাৱধানতা, এলাহ, ভ্ৰূক্ষেপ নকৰাৰ মনোভাৱ – সেয়া পাহৰি নিজক শক্তিশালী,
শক্তি-স্বৰূপ, শস্ত্ৰধাৰী স্বৰূপ আৰু সদায় জাগ্ৰত জ্যোতি স্বৰূপ প্ৰত্যক্ষ কৰা
তেতিয়া মাষ্টৰ ৰচয়িতা বুলি কোৱা হ'ব।
স্লোগান:
মনৰ স্থিতিত
এনেকুৱা কঠোৰ হোৱা যাতে কোনো পৰিস্থিতিয়ে সেয়া গলাব নোৱাৰে।
অব্যক্ত ইংগিত: সদায়
অচল, অটল, একৰস স্থিতিৰ অনুভৱ কৰক
যিয়েই বাতাৱৰণত,
বায়ুমণ্ডলত নাথাকা কিয় কিন্তু স্থিতি যাতে সদায় অচল-অটল একৰস হৈ থাকে। কেতিয়াবা
কোনো নিমিত্ত হোৱা লোকে যদি কিবা ৰায় দিয়ে, তেন্তে তাত বিভ্ৰান্ত হ'ব নালাগে,
কিয়নো যি নিমিত্ত হৈছে তেওঁ অনুভৱী হৈ গৈছে। যদি তেওঁলোকৰ কোনো নিৰ্দেশনা স্পষ্ট
নহয়ো, তেতিয়াও বিচলিত হ'ব নালাগে। ধৈৰ্যৰে কোৱা ইয়াক বুজিবলৈ চেষ্টা কৰিম তেতিয়া
স্থিতি একৰস অচল, অটল হৈ থাকিব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]