03.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল বিশ্বৰ মালিক কৰি তোলোঁতা পিতাক বহুত ৰুচিৰে স্মৰণ কৰা, স্মৃতিৰেহে তোমালোক সতোপ্ৰধান হ'বাগৈ

প্ৰশ্ন:
কোনটো কথাৰ প্ৰতি পূৰা ধ্যান থাকিলে বুদ্ধিৰ দ্বাৰ মুকলি হব?

উত্তৰ:
পঢ়াৰ প্ৰতি। ভগৱানে পঢ়ায় সেয়েহে কেতিয়াও পঢ়া খতি হব নালাগে। যেতিয়ালৈকে জীয়াই থাকিবা, তেতিয়ালৈকে অমৃত পান কৰি থাকিব লাগে। পঢ়াৰ প্ৰতি মনোযোগ দিব লাগে, অনুপস্থিত থাকিব নালাগে। অ'ৰ-ত'ৰ পৰা বিচাৰি হ'লেও মুৰুলী নিশ্চয় পঢ়িব লাগে। মুৰুলীত নিতৌ নতুন নতুন সাৰ কথা ওলাই থাকে যাৰ দ্বাৰা তোমালোকৰ বুদ্ধিৰ দ্বাৰ মুকলি হৈ যাব।

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ শালগ্ৰামসকলৰ প্ৰতি। এয়াতো গোটেই কল্পত এবাৰেই হয়, এয়াও তোমালোকে জানা অন্য কোনেও জানিব নোৱাৰে। মনুষ্যই এই ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তক একেবাৰেই নাজানে। তোমালোক সন্তানসকলে জানা যে স্থাপনাত বিঘিনি আহেই, ইয়াক জ্ঞান যজ্ঞ বুলি কোৱা হয়। পিতাই বুজায় - এই পুৰণি সৃষ্টিত তোমালোকে যিয়েই দেখিবলৈ পোৱা সেই সকলোবোৰ স্বাহা (বিনাশ) হৈ যাব। সেয়েহে সেইবোৰৰ প্ৰতি মমত্ব ৰখা উচিত নহয়। পিতা আহি নতুন সৃষ্টিৰ বাবে পঢ়ায়। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। এয়া হৈছে বিকাৰী আৰু নিৰ্বিকাৰীৰ সংগম, যেতিয়া পৰিৱৰ্তন হয়। নতুন সৃষ্টিক নিৰ্বিকাৰী বিশ্ব বুলি কোৱা হয়। আদি সনাতন দেৱী-দেৱতা ধৰ্মহে আছিল। এয়াতো সন্তানসকলে জানে যে সাৰ কথাবোৰ বুজিবলগীয়া। পিতাই দিনে-ৰাতিয়ে কৈ থাকে সন্তানসকল, তোমালোকক অতি গূঢ় কথা শুনাওঁ। যেতিয়ালৈকে পিতা আছে পঢ়া চলিয়েই থাকিব। আকৌ পঢ়াও বন্ধ হৈ যাব। এই কথাবিলাক তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে যিটো আকৌ বাপদাদাইহে জানে। কিমান অৱনমিত হয়, কিমান দুখ-কষ্ট হয়। এনেকুৱা নহয় যে সদায় সকলো পৱিত্ৰ হৈ থাকিব পাৰে। পৱিত্ৰ হৈ নাথাকিলে আকৌ শাস্তি খাবলগীয়া হয়। মালাৰ মণিহে সন্মানসহকাৰে উত্তীৰ্ণ হয়। আকৌ প্ৰজাও হয়। এই কথাবোৰ অতিকৈ বুজিবলগীয়া। তোমালোকে যাকেই বুজোৱা তেওঁলোকে জানো সহজে বুজিব পাৰে। সময় লাগে। তাকো পিতাই যিমান বুজাব পাৰে তোমালোকে সিমান নোৱাৰা। খবৰ আদি যি আহে, সেয়া পিতাইহে জানে - অমুক বিকাৰত অধঃপতিত হ'ল, এইটো হ'ল..। নামতো প্ৰকাশ কৰিব নোৱাৰি। নাম শুনালে আকৌ তেওঁৰ সৈতে কোনেও কথা পাতিবলৈও পচন্দ নকৰিব। সকলোৱে ঘৃণাৰ দৃষ্টিৰে চাব, অন্তৰৰ পৰা আঁতৰি যাব। গোটেই উপাৰ্জন নাইকিয়া হৈ যায়। এয়াতো যিয়ে খুন্দা খালে তেওঁ জানে আৰু বাবাই জানে। এয়া বহুত গুপ্ত কথা।

তোমালোকে কোৱা - অমুকক পালোঁ, তেওঁক বহুত ভালকৈ বুজালোঁ, তেওঁ সেৱাত সহায় কৰিব পাৰে। কিন্তু সেয়াও যেতিয়া সন্মুখত আহিব। ধৰি লোৱা ৰাজ্যপালক তোমালোকে ভালকৈ বুজালা কিন্তু তেওঁ জানো কাৰোবাক বুজাব পাৰিব। কাৰোবাক বুজালেও নামানিব। যিসকল বুজিবলগীয়া হব তেওঁলোকেই বুজিব। অন্যক জানো বুজাব পাৰিব। তোমালোক সন্তানসকলে বুজোৱা যে এয়াতো কাঁইটৰ জংঘল, ইয়াক আমি মংগল কৰি তোলোঁ। মংগলম ভগৱান বিষ্ণু বুলি কয় নহয়। এই শ্লোক আদি সকলো ভক্তিমাৰ্গৰ। মংগল তেতিয়া হয় যেতিয়া বিষ্ণুৰ ৰাজ্য হয়। বিষ্ণুৰ অৱতৰণো দেখুৱায়। বাবাই (ব্ৰহ্মাই) সকলো দেখিছে। অনুভৱী হয় নহয়। সকলো ধৰ্মাৱলম্বীক ভালদৰে জানে। পিতা যিটো শৰীৰত আহিব তেওঁৰ ব্যক্তিত্বও থাকিব লাগে নহয়। সেয়েহে কোৱা হয় বহুত জন্মৰ অন্তত, যেতিয়া ইয়াৰ বহুত অনুভৱী হয়, তেতিয়া মই তেওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। তেৱোঁ সাধাৰণ, ব্যক্তিত্বৰ অৰ্থ এইটো নহয় যে ৰজা বা ৰাজকীয় পৰিয়ালৰ হ'ব লাগিব। নহয়, তেওঁৰতো বহুত অনুভৱ আছে। বহুত জন্মৰ অন্তত তেওঁৰ ৰথত (শৰীৰত) আহোঁ।

তোমালোকক বুজাবলগীয়া হয় - এয়া ৰাজধানী স্থাপনা হৈ আছে। মালা গঁথা হয়। এই ৰাজধানী কেনেকৈ স্থাপনা হৈ আছে, কোনোবা ৰজা-ৰাণী, কোনোবা আন কিবা হয়। এই সকলো কথা এদিনতে কোনেও বুজিব নোৱাৰে। বেহদৰ পিতাইহে বেহদৰ উত্তৰাধিকাৰ দিয়ে। ভগৱান আহি বুজায় তথাপিও কাচিৎহে কিছুসংখ্যক পৱিত্ৰ হয়। এয়াও বুজিবলৈ সময় লাগে। কিমান শাস্তি ভোগ কৰে। শাস্তি ভোগ কৰিও প্ৰজা হয়। পিতাই বুজায় - সন্তানসকল, তোমালোক বহুত অমায়িক হ'ব লাগে। কাকো দুখ দিব নালাগে। পিতা আহেই সকলোকে সুখৰ মাৰ্গ-দৰ্শন কৰাবলৈ, দুখৰ পৰা মুক্ত কৰিবলৈ।। তেন্তে আকৌ নিজে কাৰোবাক কেনেকৈ দুখ দিব। এই সকলোবোৰ কথা তোমালোক সন্তানসকলেহে জানা। বাহিৰত থকাসকলে কাচিৎহে বুজে।

যিয়েই সম্বন্ধীয় আদি আছে, সেই সকলোৰে পৰা মমত্ব আঁতৰাব লাগে। ঘৰত থাকিব লাগে কিন্তু নিমিত্ত মাত্ৰ। এয়াতো বুদ্ধিত আছে যে এই গোটেই সৃষ্টি শেষ হৈ যাব। কিন্তু এইটো খেয়ালো কাৰো নাথাকে। যিসকল অনন্য সন্তান তেওঁলোকে বুজি পায়, তেওঁলোকেও এতিয়া শিকিবলৈ পুৰুষাৰ্থ কৰি থাকে। বহুত অকৃতকাৰ্য হৈও যায়। মায়াৰ পাকচক্ৰ বহুত চলে। মায়াও বহুত বলৱান। কিন্তু এই কথাবোৰ আন কাৰোবাক বুজাব পাৰা জানো। তোমালোকৰ ওচৰলৈ আহে, বুজিবলৈ বিচাৰে - ইয়াত কি হয়, ইমান খবৰ আদি কিয় ওলায়? এতিয়া এই লোকসকলতো (মন্ত্ৰী আদি) বদলি হৈ থাকে সেইবাবে আকৌ এজন এজনক বুজাবলগীয়া হয়। আকৌ কয় - এইটো দেখোন বহুত ভাল সংস্থা। ৰাজধানী স্থাপনাৰ কথাবোৰ অতি গূঢ়, গোপনীয়। বেহদৰ পিতাক সন্তানসকলে পাইছে তেন্তে কিমান হৰ্ষিত হ'ব লাগে। আমি বিশ্বৰ মালিক দেৱতা হওঁগৈ গতিকে আমাৰ দৈৱীগুণো নিশ্চয় থাকিব লাগে। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। এওঁলোক (লক্ষ্মী-নাৰায়ণ) হৈছে নতুন সৃষ্টিৰ মালিক। এয়া তোমালোকেহে বুজি পোৱা। আমি পঢ়োঁ, বেহদৰ পিতা যি জ্ঞানেৰে পৰিপূৰ্ণ তেওঁ আমাক পঢ়ায়। অমৰপুৰী অথবা স্বৰ্গলৈ লৈ যোৱাৰ বাবে আমাক এই জ্ঞান দিয়ে। সেই সকলেই আহিব যিসকলে কল্পই কল্পই ৰাজ্য লৈছে। কল্প পূৰ্বৰ দৰেই আমি নিজৰ ৰাজধানী স্থাপনা কৰি আছোঁ। ক্ৰমানুসৰি এই মালা তৈয়াৰ হৈ আছে। যেনেকৈ স্কুলতো যিয়ে ভালকৈ পঢ়ে তেওঁ বৃত্তি পায় নহয়। সেয়া হ'ল হদৰ কথা, তোমালোকৰ হ'ল বেহদৰ কথা। তোমালোক যিসকল পিতাৰ সহায়কাৰী হোৱা, তেওঁলোকেই উচ্চ পদ লাভ কৰে। বাস্তৱত সহায়তো নিজকেই কৰিব লাগে। পৱিত্ৰ হ'ব লাগে, সতোপ্ৰধান আছিলা আকৌ নিশ্চয় হ'ব লাগে। পিতাক স্মৰণ কৰিব লাগে। উঠোঁতে, বহোঁতে, চলোঁতে পিতাক স্মৰণ কৰিব পাৰা। যিজন পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে, তেওঁক বহুত ৰুচিৰে স্মৰণ কৰিব লাগে। কিন্তু মায়াই এৰি নিদিয়ে। অনেক প্ৰকাৰৰ ভিন্ন ভিন্ন খবৰ লিখে - বাবা, মোৰ মায়াৰ নেতিবাচক সংকল্প বহুত আহে। পিতাই কয় যুদ্ধক্ষেত্ৰ নহয় জানো। পাঁচ বিকাৰৰ ওপৰত বিজয়ী হ'ব লাগে। তোমালোকেও বুজি পোৱা যে পিতাক স্মৰণ কৰিলে আমি সতোপ্ৰধান হওঁ। পিতা আহি বুজায়, ভক্তিমাৰ্গৰ কোনেও নাজানে। এয়াতো হৈছে পঢ়াৰ কথা। পিতাই কয় - তোমালোক পাৱন কেনেকৈ হ'বা! তোমালোক পাৱন আছিলা, পুনৰ হ'ব লাগে। দেৱতা পাৱন নহয় জানো। সন্তানসকলে জানে আমি বিদ্যাৰ্থীসকলে পঢ়ি আছোঁ। ভৱিষ্যতে পুনৰ সুৰ্যবংশী ৰাজ্যত আহিম। ইয়াৰ বাবে পুৰুষাৰ্থও ভালকৈ কৰিব লাগে। সকলো নম্বৰৰ ওপৰতেই নিৰ্ভৰ কৰে। যুদ্ধক্ষেত্ৰত অকৃতকাৰ্য হ'লে চন্দ্ৰবংশীত গুচি যায়। তেওঁলোকে আকৌ যুদ্ধৰ নাম শুনি ধনু-কাঁড় আদি দি দিছে। তাত জানো বাহুবলৰ যুদ্ধ হৈছিল যে ধনু-কাঁড় আদি চলালে! এনেকুৱা কোনো কথা নাই। আগতে ধনু-কাঁড়েৰে যুদ্ধ হৈছিল। এতিয়াও তাৰ চিহ্ন আছে। কোনো কোনো কাঁড় চলোৱাত বৰ পাকৈত হয়। এতিয়া এই জ্ঞানত যুদ্ধ আদিৰ কোনো কথা নাই।

তোমালোকে জানা শিৱবাবাহে হৈছে জ্ঞানৰ সাগৰ, যাৰ দ্বাৰা আমি এই পদ পাওঁ। এতিয়া পিতাই কয় - - দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা মমত্ব আঁতৰাব লাগে। এয়া সকলো পুৰণা। নতুন সৃষ্টি সোণালীযুগী ভাৰত আছিল। নাম কিমান প্ৰসিদ্ধ আছিল। প্ৰাচীন যোগ কেতিয়া আৰু কোনে শিকালে? এয়া কোনেও নাজানে। যেতিয়ালৈকে স্বয়ং আহি নুবুজায়! এয়া হৈছে নতুন কথা। কল্পই কল্পই যি হৈ আহিছে, সেয়াই আকৌ পুনৰাবৃত্তি হ'ব। সেই ক্ষেত্ৰত কোনো হীনডেঢ়ি হ'ব নোৱাৰে। পিতাই কয় - এতিয়া এই অন্তিম জন্ম পৱিত্ৰ হৈ থাকিলে 21 জন্মলৈ তোমালোক কেতিয়াও অপৱিত্ৰ হ'ব নালাগে। পিতাই কিমান ভালকৈ বুজায় তথাপি সকলোৱে জানো একৰস হৈ পঢ়ে। দিন-ৰাতিৰ পাৰ্থক্য আছে। পঢ়িবলৈ আহে আকৌ অলপ পঢ়ি নোহোৱা হৈ যায়। যিসকলে ভালকৈ বুজি পায় তেওঁলোকে নিজৰ অনুভৱো শুনায়- কেনেকৈ আমি আহিলোঁ, আকৌ কেনেকৈ আমি পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰিলোঁ। পিতাই কয় - পৱিত্ৰতাৰ প্ৰতিজ্ঞা কৰি আকৌ এবাৰো যদি পতিত হোৱা তেন্তে যি উপাৰ্জন কৰিলা সেয়া সকলো শেষ হৈ যাব। তেতিয়া অন্তৰ দহি থাকিব। কাকো কব নোৱাৰিব যে পিতাক স্মৰণ কৰা। মুখ্য কথাতো বিকাৰৰ কাৰণেহে সোধে। তোমালোক সন্তানসকলে এই পঢ়া নিয়মীয়াকৈ পঢ়িব লাগে। পিতাই কয় - মই তোমালোকক নতুন নতুন কথা শুনাওঁ। তোমালোক হৈছা বিদ্যাৰ্থী, তোমালোকক ভগৱানে পঢ়ায়! ভগৱানৰ তোমালোক বিদ্যাৰ্থী। এনেকুৱা অতিকৈ উচ্চ পঢ়া এদিনো খতি কৰিব নালাগে। এটা দিনো যদি মুৰুলী নুশুনা তেনেহলে অনুপস্থিতিৰ দাগ লাগি যায়। ভাল ভাল মহাৰথীয়েও মুৰুলী খতি কৰে। তেওঁলোকে ভাবে আমিতো সকলো জানো, মুৰুলী নপঢ়িলেনো কি হ'ল! হেৰ, অনুপস্থিত হৈ যাবা, অনুত্তীৰ্ণ হৈ যাবা। পিতাই নিজেই কয় - নিতৌ এনেকুৱা ভাল ভাল সাৰ কথা শুনাওঁ যিবোৰ সময়ত বুজালে বহুত কামত আহিব। যদি নুশুনা তেন্তে কেনেকৈ কামত লগাবা। যেতিয়ালৈকে জীয়াই থাকিবা অমৃত পান কৰি থাকিব লাগে, শিক্ষা ধাৰণ কৰিব লাগে। অনুপস্থিত কেতিয়াও হ'ব নালাগে। অ'ৰ-ত'ৰ পৰা বিচাৰি, কাৰোবাৰ পৰা লৈ হ'লেও মুৰুলী পঢ়িব লাগে। নিজৰ অহংকাৰ থাকিব নালাগে। হেৰ, ভগৱান পিতাই পঢ়ায়, সেয়া এদিনো খতি কৰিব নালাগে। এনেকুৱা সাৰ কথা ওলায় যিয়ে তোমালোকৰ বা আনৰো বুদ্ধিৰ দ্বাৰ মুকলি কৰিব পাৰে। আত্মানো কি, পৰমাত্মা কি, কেনেকৈ ভুমিকা পালন কৰে, এয়া বুজিবলৈ সময় লাগে। অন্তিমত কেৱল এইটোহে স্মৃতিত থাকিব যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। কিন্তু এতিয়া বুজাবলগীয়া হয়। অন্তিমৰ অৱস্থা এইটোৱেই, পিতাক স্মৰণ কৰি কৰি গুচি যাব লাগিব। স্মৃতিৰেই তোমালোক পৱিত্ৰ হোৱা। কিমান হৈছা সেয়াতো তোমালোকে জানা। অপৱিত্ৰই শক্তি নিশ্চয় কম পাব। মুখ্য 8 (আঠ) ৰত্নহে আছে যিসকল সন্মানসহকাৰে উত্তীৰ্ণ হয়। তেওঁলোকে কোনো শাস্তি ভোগ নকৰে। এয়া অতি সূক্ষ্ম কথা। কিমান উচ্চ পঢ়া। সপোনতো ভবা নাছিলা যে আমি দেৱতা হ'ব পাৰোঁ। পিতাক স্মৰণ কৰিলেহে তোমালোক পদ্মাপদম ভাগ্যশালী হোৱা। ইয়াৰ তুলনাত সেই পেছাগত বৃত্তি আদি একো কামৰ নহয়। কোনো বস্তুৱেই কামত নাহিব। তথাপিও কৰিবলগীয়াতো হয়। এইটো কেতিয়াও খেয়াল আহিব নালাগে যে আমি শিৱবাবাক দিওঁ। হেৰ, তোমালোকতো পদ্মাপদমপতি হোৱাগৈ। দিছোঁ বুলি খেয়াল আহিলে তেতিয়া শক্তি কম হৈ যায়। মনুষ্যই ঈশ্বৰৰ অৰ্থে দান-পুণ্য কৰে, প্ৰাপ্তিৰ বাবে। সেয়া দান কৰা হ'ল জানো। ভগৱানতো দাতা নহয় জানো। পৰৱৰ্তী জন্মত কিমান দিয়ে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ভক্তিমাৰ্গত হৈছে অল্পকালৰ সুখ, তোমালোকে বেহদৰ পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেতিয়ালৈকে জীয়াই থাকিবা অমৃত পান কৰি থাকিব লাগে, শিক্ষা ধাৰণ কৰিব লাগে। ভগৱানে পঢ়ায়, সেয়েহে এদিনো মুৰুলী খতি কৰিব নালাগে।

(2) পদমৰ উপাৰ্জন জমা কৰিবলৈ নিমিত্ত মাত্ৰ ঘৰত থাকি, কাম-কাজ কৰি এজন পিতাৰ স্মৃতিত থাকিব লাগে।

বৰদান:
প্ৰসন্নতাৰ আত্মিক ব্যক্তিত্বৰ দ্বাৰা সকলোকে অধিকাৰী কৰি তোলোঁতা গায়ন আৰু পূজন যোগ্য হোৱা

যিসকলে সকলোৰে পৰা সন্তুষ্টতাৰ প্ৰমাণ পত্ৰ লয় তেওঁলোক সদায় প্ৰসন্ন হৈ থাকে, আৰু এই প্ৰসন্নতাৰ আত্মিক ব্যক্তিত্বৰ কাৰণে প্ৰসিদ্ধ অৰ্থাৎ গায়ন আৰু পূজন যোগ্য হৈ যায়। তোমালোক শুভ চিন্তক, প্ৰসন্নচিত হৈ থকা আত্মাসকলৰ দ্বাৰা সকলোৰে আনন্দৰ, সহায়ৰ, সাহসৰ ডেউকাৰ, উৎসাহ-উদ্দীপনাৰ যি প্ৰাপ্তি হয় এই প্ৰাপ্তিয়ে কাৰোবাক অধিকাৰী কৰি তোলে, কোনোবা ভক্ত হৈ যায়।

স্লোগান:
পিতাৰ পৰা বৰদান প্ৰাপ্ত কৰাৰ সহজ সাধন হৈছে - আন্তৰিক স্নেহ।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ কৰ্ম স্বতঃ চলি থাকে, কৰ্মেন্দ্ৰিয়সমূহৰ স্বভাৱসিদ্ধ অভ্যাস আছে তেনেকৈ বুদ্ধিৰো স্মৃতিত থকাৰ স্বভাৱসিদ্ধ অভ্যাস থাকিব লাগে। এই কৰ্মেন্দ্ৰিয়সমূহৰ আদি-অনাদি নিজস্ব কাৰ্য আছে। হাত লৰচৰ কৰা বা ভৰি চালনা কৰাত কোনো প্ৰচেষ্টা চলোৱাৰ প্ৰয়োজন নহয়, সেইদৰে ব্ৰাহ্মণ জীৱনত তথা এই সংগমযুগী জীৱনত বুদ্ধিৰ নিজস্ব কাৰ্য আৰু জন্মৰ কাৰ্য হৈছে পিতাক স্মৰণ কৰা। জীৱনৰ যি নিজস্ব কাৰ্য সেয়া স্বভাৱসিদ্ধ আৰু সহজেই হয়। গতিকে নিজক সহজ কৰ্মযোগী হিচাপে অনুভৱ কৰা।।