03.08.25    Avyakt Bapdada     Assame Murli     28.03.2006     Om Shanti     Madhuban


“*“বিশ্বৰ আত্মাসকলক দুখৰ পৰা মুক্তি দিবৰ কাৰণে মনৰ সেৱা বঢ়োৱা, সম্পন্ন আৰু সম্পূৰ্ণ হোৱা”*”


আজি সকলো সম্পদৰ মালিক বাপদাদাই নিজৰ চাৰিওফালৰ সৰ্ব সম্পদেৰে সম্পন্ন সন্তানসকলক চাই আছেহঁক। বাপদাদাই প্ৰতিগৰাকী সন্তানক সকলো সম্পদৰ মালিক কৰি তুলিছে। এজনেই দিওঁতা আৰু সকলোকে একে নিচিনাই সকলো সম্পদ দিছে। কাৰোবাক কম, কাৰোবাক বেছিকৈ দিয়া নাই। কিয়? পিতা অক্ষয় সম্পদৰ মালিক। বেহদৰ সম্পদ সেইবাবে প্ৰতিগৰাকী সন্তান অক্ষয় সম্পদৰ মালিক। বাপদাদাই সকলো সন্তানকে একে সমানে একে নিচিনাকৈয়ে দিছে। কিন্তু ধাৰণ কৰোঁতাসকলৰ কিছুমানে সকলো সম্পদ ধাৰণ কৰে আৰু কিছুমান যথাশক্তি ধাৰণ কৰোঁতা। কোনোবা প্ৰথম নম্বৰত আৰু কোনোবা ক্ৰমানুসৰি। যিয়ে যিমানে ধাৰণ কৰিছে তেওঁৰ চেহেৰাত, নয়নত সম্পদৰ নিচা স্পষ্টকৈ দেখা যায়। সম্পদেৰে ভৰপূৰ আত্মাৰ চেহেৰাত, নয়নত ভৰপূৰ অৱস্থা দেখিবলৈ পোৱা যায়। যেনেকৈ স্থূল সম্পদ প্ৰাপ্ত কৰোঁতা আত্মাৰ চলনৰ দ্বাৰা, চেহেৰাৰ দ্বাৰা গম পোৱা যায়, তেনেকৈ এই অবিনাশী সম্পদৰ নিচা, আনন্দ স্পষ্টকৈ দেখিবলৈ পোৱা যায়। সম্পন্নতাৰ নিচাই নিশ্চিন্ত বাদশ্বাহ কৰি তোলে। য’ত ঈশ্বৰীয় নিচা আছে ত’ত চিন্তা থাকিব নোৱাৰে, নিশ্চিন্ত বাদশ্বাহ, বেগমপূৰৰ বাদশ্বাহ হৈ যায়। তেন্তে তোমালোক সকলো ঈশ্বৰীয় সম্পন্নতাৰ সম্পদধাৰী নিচিন্ত বাদশ্বাহ হোৱা নহয়! বেগমপূৰৰ বাদশ্বাহ হোৱা। কিবা চিন্তা আছে নেকি? কিবা দুখ আছে নেকি? কি হ’ব, কেনেকৈ হ’ব ইয়াৰো চিন্তা নাই। ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ থাকোঁতাসকলে জানা যি হৈ আছে সেয়া সকলো ভাল, যি হ’ব সেয়া আৰু ভাল হ’ব। কিয়? সৰ্বশক্তিমান পিতাৰ সঙ্গী হোৱা, সঙ্গত থাকোঁতা হোৱা। প্ৰত্যেকৰে নিচা আছে, গৌৰৱবোধ কৰে যে বাপদাদা সদায় আমাৰ অন্তৰত থাকে আৰু আমি সদায় পিতাৰ অন্তৰ আসনত থাকোঁ। তেন্তে এনেকুৱা নিচা আছে নহয়! যিসকল অন্তৰ আসনধাৰী তেওঁলোকৰ সংকল্পনো কি সপোনতো দুখৰ লহৰ আহিব নোৱাৰে, তাত ছাঁটোও পৰিব নোৱাৰে। কিয়? সৰ্ব সম্পদেৰে ভৰপূৰ, ভৰপূৰ বস্তু অস্থিৰ নহয়।

গতিকে চাৰিওফালৰ সন্তানসকলৰ সম্পন্নতাক চাই আছিলোঁ, প্ৰত্যেকৰে বাপদাদাই জমা পুঁজি পৰীক্ষা কৰিলে। সম্পদতো অক্ষয় পাইছা কিন্তু যি পাইছা সেই সম্পদ কাৰ্যত ব্যৱহাৰ কৰি শেষ কৰিছা নে প্ৰাপ্ত সম্পদ কাৰ্যতো ব্যৱহাৰ কৰিছা আৰু বৃদ্ধিও কৰিছা? প্ৰত্যেকৰে কিমান শতাংশ পুঁজি জমা আছে? কিয়নো এই সম্পদ কেৱল এতিয়াৰ এই সময়ৰ কাৰণে নহয়, এই সম্পদ ভৱিষ্যতেও লগত যাব। জমা হোৱাখিনিয়েই লগত যাব। সেয়েহে শতাংশ চাই আছিলোঁ। কি দেখিলোঁ? সেৱাতো প্ৰত্যেক সন্তানে যথা যোগ বা যথা শক্তি কৰি আছে কিন্তু সেৱাৰ ফল জমা হোৱা, সেই ক্ষেত্ৰত অন্তৰ হৈ যায়। বহুত সন্তানৰ জমা পুঁজি চালোঁ, সেৱা বহুত কৰে কিন্তু সেৱা কৰাৰ ফল জমা হৈছে নে নাই, তাৰ লক্ষণবোৰ কি হ’ব? সেৱা মনেৰে, বাণীৰে, কৰ্মৰে যিয়েই নহওক তিনিওটাতে 100 শতাংশ নম্বৰ থাকে। তিনিওটাতে 100 নম্বৰ আছে। সেৱাতো কৰিলা কিন্তু যদি সেৱা কৰাৰ সময়ত বা সেৱাৰ পাছত নিজৰ মনত, নিজৰ প্ৰতি সন্তুষ্ট আৰু লগতে যাৰ সেৱা কৰিলা, যিসকল সেৱাত সঙ্গী হয় বা যিসকলে সেৱা কৰোঁতাসকলক প্ৰত্যক্ষ কৰে, তেওঁলোকৰ কথা শুনে তেওঁলোকো যদি সন্তুষ্ট হয় তেন্তে বুজিবা জমা হ’ল। যদি নিজৰ সন্তুষ্টি, সকলোৰে সন্তুষ্টি নাই তেন্তে জমাৰ শতাংশ কম হৈ যায়।

যথাৰ্থ সেৱাৰ বিধি আগতেও শুনাইছোঁ – তিনিটা কথা বিধি পূৰ্বক হ’লে তেন্তে জমা হয়, সেয়া শুনাইছোঁ – এটা নিমিত্ত ভাৱ, দ্বিতীয়তে বিনয়ী ভাৱনা, তৃতীয়তে নিৰ্মল স্বভাৱ, নিৰ্মল বাণী। ভাৱ, ভাৱনা আৰু স্বভাৱ, বাণী যদি এই তিনিটা কথাৰ এটা কথাও কম হয়, এটা আছে দুটা নাই, দুটা আছে এটা নাই তেতিয়া সেই দুৰ্বলতাই জমাৰ শতাংশ কম কৰি দিয়ে। গতিকে চাৰিওটা বিষয়ত নিজেই নিজক পৰীক্ষা কৰা – চাৰিওটা বিষয়তে মোৰ পুঁজি জমা হৈছেনে? কিয়? বাপদাদাই দেখিছে যে বহুতৰে চাৰিওটা কথা যি শুনালোঁ, ভাৱ, ভাৱনা, স্বভাৱ, বাণী - সেই অনুসৰি বহুত সন্তানৰ সেৱাৰ খবৰ বহুত কিন্তু জমা পুঁজি কম।

প্ৰতিটো সম্পদ পৰীক্ষা কৰা – জ্ঞানৰ সম্পদ অৰ্থাৎ যি সংকল্প, কৰ্ম কৰিলা সেয়া জ্ঞানৱান হৈ কৰিলানে? সাধাৰণতো নহ’ল? যোগ অৰ্থাৎ সৰ্ব শক্তিৰ সম্পদ ভৰপূৰ হওঁক। গতিকে পৰীক্ষা কৰা প্ৰতিদিনৰ দিনচৰ্যাত সময় অনুসৰি যিটো শক্তিৰ আৱশ্যক, সেই সময়ত সেইটো শক্তি আদেশ মতে থাকিলনে? মাষ্টৰ সৰ্বশক্তিমানৰ অৰ্থই হৈছে মালিক। এনেকুৱাতো নহয় যে সময় পাৰ হৈ যোৱাৰ পাছত শক্তিৰ কথা ভাবি থাকিবা। যদি সময়ত আদেশ কৰাৰ পাছত শক্তি জাগ্ৰত নহয়, এটা শক্তিকো যদি আদেশ মতে চলাব নোৱাৰা তেন্তে নিৰ্বিঘ্ন ৰাজ্যৰ অধিকাৰী কেনেকৈ হ’বা? সেয়েহে শক্তিসমূহৰ সম্পদ কিমান জমা আছে? যিটো সময়ত কাৰ্যত ব্যৱহাৰ হয় সেয়া জমা হয়। পৰীক্ষা কৰি গৈছা আছানে যে মোৰ পুঁজি কি? কিয়নো বাপদাদাৰ সকলো সন্তানলৈ অতি স্নেহ আছে, বাপদাদাই এইটোৱে বিচাৰে যে সকলো সন্তানৰে জমা পুঁজি ভৰপূৰ হওঁক। ধাৰণাতো ভৰপূৰ, ধাৰণাৰ লক্ষণ হৈছে - প্ৰতিটো কৰ্ম গুণসম্পন্ন হ’ব। যি সময়ত যিটো গুণৰ আৱশ্যক সেইটো গুণ চেহেৰা, চলনত যাতে জাগ্ৰত ৰূপত দেখা দিয়ে। যদি কোনোবাটো গুণৰ অভাৱ আছে, ধৰি লোৱা সৰলতা গুণ কৰ্মৰ সময়ত আৱশ্যক হয়, মধুৰতাৰ আৱশ্যক হয়, বাণীতে হওঁক বা কৰ্মতে হওঁক যদি সৰলতা, মধুৰতাৰ সলনি অলপো উত্তেজনা বা ক্লান্তিৰ কাৰণে বাণী মধুৰ নহয়, চেহেৰা মধুৰ নহয়, অতি গহীন হয় তেতিয়া গুণ সম্পন্ন বুলিতো নক’ব নহয়! যেনেকুৱাই পৰিস্থিতি নহওঁক কিন্তু মোৰ যি গুণ আছে সেই মোৰ গুণ জাগ্ৰত হ’ব লাগে। এতিয়া চমুকৈ শুনাই আছোঁ।

তেনেকৈয়ে সেৱা – সেৱাত সেৱাধাৰীৰ সকলোতকৈ ভাল লক্ষণ হৈছে - নিজেও সদায় পাতল, লাইট আৰু আনন্দময় দেখা যাব। সেৱাৰ ফল হৈছে আনন্দ। যদি সেৱা কৰোঁতে আনন্দ নোহোৱা হৈ যায় তেন্তে সেৱাৰ পুঁজি জমা নহয়। সেৱা কৰিলে, সময় দিলে, পৰিশ্ৰম কৰিলে তেতিয়া অলপ শতাংশত সেয়া জমা হ’ব, অথলে নাযায়। কিন্তু যিমান শতাংশ জমা হ’ব লাগে সিমান নহয়। তেনেকৈয়ে সম্বন্ধ-সম্পৰ্কৰ লক্ষণ – আশীৰ্বাদ প্ৰাপ্তি হওঁক। যাৰেই সম্বন্ধ-সম্পৰ্কত আহা তেওঁৰ মনৰ পৰা তোমালোকৰ প্ৰতি আশীৰ্বাদ নিগৰক – বৰ ভাল, বাহিৰৰ পৰা নহয়, অন্তৰৰ পৰা নিগৰক। অন্তৰৰ পৰা আশীৰ্বাদ নিগৰক আৰু আশীৰ্বাদ যদি প্ৰাপ্ত হয়, তেন্তে আশীৰ্বাদ পোৱা এয়া বহুত সহজ পুৰুষাৰ্থৰ সাধন। ভাষণ দিব নালাগে, বাৰু মনৰ সেৱাও ইমান শক্তিশালী নহয়। কোনো নতুন নতুন পৰিকল্পনা কৰিবও নাজানা, কোনো কথা নাই। সকলোতকৈ সহজ পুৰুষাৰ্থৰ সাধন হ’ল আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা। এনেয়ে বাপদাদাই বহুত সন্তানৰ মনৰ সংকল্প পাঠ কৰে। বহুত সন্তানে সময় অনুসৰি, পৰিস্থিতি অনুসৰি কয় যে যদি কোনোবাই বেয়া কাম কৰে তেন্তে তেওঁক আশীৰ্বাদ কেনেকৈ দিওঁ? তেওঁৰ প্ৰতিতো ক্ৰোধ জন্মে নহয়, আশীৰ্বাদ কেনেকৈ দিম! আকৌ ক্ৰোধৰ সতি-সন্তানোতো বহুত। কিন্তু তেওঁ বেয়া কাম কৰিলে, তেওঁ বেয়া তুমি ঠিক বুজিছা যে এয়া বেয়া। এয়াতো ভাল নিৰ্ণয় ল’লা, ভালেই বুজিলা কিন্তু এটা হ’ল বুজা, আনটো হ’ল তেওঁৰ বেয়া কাম, বেয়া কথা নিজৰ অন্তৰত সমাহিত কৰা। বুজা আৰু সমাহিত কৰাৰ পাৰ্থক্য আছে। যদি তুমি বুদ্ধিমান, তেন্তে বুদ্ধিমানে জানো কিবা বেয়া বস্তু নিজৰ ওচৰত ৰাখিব! কিন্তু তেওঁ বেয়া, তুমি অন্তৰত সমাহিত কৰি ল’লা অৰ্থাৎ তুমি বেয়া বস্তু নিজৰ ওচৰত ৰাখিলা, যত্ন ল’লা। বুজা বেলেগ কথা, সমাহিত কৰা বেলেগ কথা। বুদ্ধিমান হোৱাতো ভাল, কিন্তু সমাহিত কৰি নল’বা। এওঁতো হয়েই এনেকুৱা, এয়া সমাহিত কৰি ল’লা। এনেকৈ বুজি ব্যৱহাৰত অহা, এয়া বুদ্ধিমত্তা নহয়। গতিকে বাপদাদাই পৰীক্ষা কৰিলে, এতিয়া সময় এনেয়ে সমীপত নাহে, তোমালোকে আনিব লাগিব। বহুতে সোধে অলপ ইঙ্গিতো দি দিয়কচোন – 10 বছৰ লাগিব, 20 বছৰ লাগিব, কিমান সময় লাগিব! সেয়েহে পিতাই সন্তানসকলক প্ৰশ্ন সুধিছে, পিতাকতো বহুত প্ৰশ্ন সোধা নহয়, গতিকে আজি পিতাই সন্তানসকলক প্ৰশ্ন সুধিছে – সময়ক সমীপত আনোঁতা কোন? ড্ৰামা হয় কিন্তু নিমিত্ত কোন? তোমালোকৰ এটা গীতো আছে – কাৰ বাধাই প্ৰভাতক ভেটা দি ৰাখে। আছে নহয় গীত? তেন্তে প্ৰভাত আনোঁতা কোন? বিনাশকাৰীতো ব্যাকুল হৈ আছে যে বিনাশ কৰোঁ, বিনাশ কৰোঁ… কিন্তু নৱ নিৰ্মাণ কৰোঁতাসকল ইমান প্ৰস্তুত হৈ আছেনে? যদি পুৰণা নাশ হৈ যায় আৰু নতুন নিৰ্মাণ নহয় তেন্তে কি হ’ব? সেইবাবে বাপদাদাই এতিয়া পিতাৰ সলনি শিক্ষকৰ ৰূপ ধাৰণ কৰিছে। ঘৰৰ কাম দিছে নহয়? কোনে ঘৰৰ কাম দিয়ে? শিক্ষকে। অন্তত হৈছে সৎগুৰুৰ ভূমিকা। গতিকে নিজেই নিজক সোধা সম্পন্ন আৰু সম্পূৰ্ণ অৱস্থা কিমানলৈকে হৈছে? আৱাজৰ উৰ্দ্ধত যোৱা বা আৱাজত অহা, দুয়োটাই সমান হয়নে? যেনেকৈ যেতিয়াই বিচৰা আৱাজত অহা সহজ, তেনেকৈয়ে যেতিয়াই বিচৰা, যেনেকৈ বিচৰা আৱাজৰ উৰ্দ্ধত গুচি যোৱা সেয়া হয়নে? চেকেণ্ডত আৱাজত আহিব পাৰা, চেকেণ্ডত আৱাজৰ উৰ্দ্ধত গুচি যোৱা – ইমান অভ্যাস আছেনে? যেনেকৈ শৰীৰৰ দ্বাৰা যেতিয়াই বিচৰা, য’ত বিচৰা তালৈ অহা-যোৱা কৰিব পাৰা নহয়। তেনেকৈ মন বুদ্ধিৰ দ্বাৰা যেতিয়াই বিচৰা, য’ত বিচৰা তালৈ অহা-যোৱা কৰিব পাৰানে? কিয়নো অন্তিমত উত্তীৰ্ণ হোৱাৰ নম্বৰ তেওঁ পাব যি চেকেণ্ডত য’ত বিচাৰে যেনেকৈ বিচাৰে, যি আদেশ কৰিব বিচাৰে তাত সফল হৈ যাব। বিজ্ঞানীসকলেও যত্ন কৰি আছে, সহজো হওঁক আৰু কম সময়তো হওঁক। তেন্তে এনেকুৱা স্থিতি হয়নে? মিনিটলৈকে আহিছে, চেকেণ্ডলৈকে আহিছে, কিমানলৈকে আহিছে? যেনেকৈ ‘লাইট হাউচ’ ‘মাইট হাউচ’ চেকেণ্ডত বুতাম টিপিলেই নিজৰ ‘লাইট’ বিয়পাই দিয়ে, তেনেকৈ তোমালোকে চেকেণ্ডত ‘লাইট হাউচ’ হৈ চাৰিওফালে ‘লাইট’ বিয়পাই দিব পাৰানে? এই স্থূল চক্ষুৱে এটা স্থানত বহি দূৰলৈকে চাব পাৰে নহয়! নিজৰ দৃষ্টি দিব পাৰে নহয়! তেনেকৈ তোমালোকে তৃতীয় নেত্ৰৰ দ্বাৰা এটা স্থানত বহি চাৰিওফালে বৰদাতা, বিধাতা হৈ দৃষ্টিৰে ভৰপূৰ কৰিব পাৰানে? নিজক সকলো কথাতে পৰীক্ষা কৰি আছানে? তৃতীয় নেত্ৰ ইমান পৰিষ্কাৰ আৰু স্বচ্ছ হয়নে? সকলো কথাত যদি অলপো দুৰ্বলতা আছে, তেন্তে তাৰ কাৰণ আগতেও শুনাইছোঁ যে এই হদৰ আকৰ্ষণ “মই আৰু মোৰ”। যেনেকৈ ‘মই’ৰ ক্ষেত্ৰত স্পষ্ট কৰিছিলোঁ – ঘৰৰ কামো দিছিলোঁ। দুটা ‘মই’ সমাপ্ত কৰি এটা ‘মই’ ৰাখিব লাগে। সকলোৱে এইটো ঘৰৰ কাম কৰিলানে? যিসকল এই ঘৰৰ কামত সফল হৈছা তেওঁলোকে হাত দাঙা। বাপদাদাই সকলোকে দেখিছে। সাহস কৰা, ভয় নকৰিবা হাত দাঙা। ভাল কথা অভিনন্দন পাবা। বহুত কমসংখ্যক আছে। এওঁলোক সকলোৰে হাত টি.ভি.ত দেখুওৱা। বহুত কমসংখ্যকে হাত দাঙিছে। এতিয়া কি কৰোঁ? সকলোৰে নিজৰ ওপৰত হাঁহিও উঠিছে।

বাৰু – দ্বিতীয়টো ঘৰৰ কাম আছিল – ক্ৰোধ ত্যাগ কৰা, এয়াতো সহজ হয় নহয়! তেন্তে ক্ৰোধ কোনে এৰিলা? ইমান দিন ক্ৰোধ নাই কৰা? (এই ক্ষেত্ৰত বহুতে হাত দাঙিলে) এই ক্ষেত্ৰত অলপ বেছি, যিসকলে ক্ৰোধ কৰা নাই, তোমালোকৰ ওচৰে-পাজৰে থকাসকলকো সুধিম। যিসকলে হাত দাঙিছা তেওঁলোক ঠিয় হোৱা। ভাল কথা বহুত আছে। ক্ৰোধ কৰা নাইনে? সংকল্পত, মনত ক্ৰোধ আহিল নেকি? বাৰু, তথাপিও অভিনন্দন, যদি মনত আহিল মুখেৰে কৰা নাই তেতিয়াও অভিনন্দন। বৰ ভাল কথা।

গতিকে তোমালোকেই ফলাফলৰ হিচাপত চোৱা – স্থাপনাৰ কাৰ্য, নিজক সম্পন্ন কৰি তোলা আৰু সকলো আত্মাক মুক্তিৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোৱা - এয়া সম্পন্ন হৈছেনে? নিজক জীৱনমুক্তি স্বৰূপ কৰি তোলা আৰু সকলো আত্মাক মুক্তিৰ উত্তৰাধিকাৰ দিয়া – এয়া হ’ল স্থাপনা কৰোঁতা আত্মাসকলৰ শ্ৰেষ্ঠ কৰ্ম। বাপদাদাই এইকাৰণেই সোধে যে সৰ্ব বন্ধনৰ পৰা মুক্ত, জীৱনমুক্ত অৱস্থাত সংগমতেই উপনীত হ’ব লাগে নে সত্যযুগত উপনীত হ’ব লাগে? সংগমযুগত সম্পন্ন হ’ব লাগে নে তাতো ৰাজযোগ কৰি শিকিব লাগে? সম্পন্নতো ইয়াতে হ’ব লাগে নহয়? সম্পূৰ্ণও ইয়াতে হ’ব লাগে। সংগমযুগৰ সময়ো অতি শ্ৰেষ্ঠ সম্পদ। তেন্তে কাৰ বাধাই প্ৰভাতক ভেটা দি ৰাখে, কোৱা।

তেন্তে বাপদাদাই কি বিচাৰে? কিয়নো পিতাৰ আশাৰ দীপক সন্তানসকলেই। সেয়েহে নিজৰ পুঁজি ভালদৰে পৰীক্ষা কৰা। বহুত সন্তানকতো দেখিলোঁ, বহুত সন্তান আৰামপ্ৰিয়, আৰামত চলি আছে। যি হ’ল সেয়া ভাল। এতিয়াতো আৰাম কৰি লওঁ, সত্যযুগ কোনে দেখিব, কোনে জানে। গতিকে জমাৰ পুঁজিত এনেকুৱা আৰামপ্ৰিয় বুলি কোৱা বা মজা কৰোঁতা বুলি কোৱা, এনেকুৱাও সন্তান দেখিলোঁ। আমোদ-প্ৰমোদ কৰি লওঁ। আনকো কয় আৰু কি কৰিব লাগে, আমোদ-প্ৰমোদ কৰা। খোৱা-বোৱা আমোদ-প্ৰমোদ কৰা। কৰি লোৱা আমোদ-প্ৰমোদ, পিতায়ো কয় কৰি লোৱা। যদি অলপতে সন্তুষ্ট হওঁতা হোৱা তেন্তে অলপতে সন্তুষ্ট হৈ যোৱা। বিনাশী সাধনৰ আনন্দ-উল্লাস অল্পকালৰ। সদাকালৰ আনন্দ-উল্লাস এৰি যদি অল্পকালৰ সাধনৰ আনন্দ-উল্লাসত থাকিব বিচৰা তেন্তে বাপদাদাই কি কৰিব? ইংগিত দিব আৰু কি কৰিব? কোনোবা যদি হীৰাৰ খনিত যায় আৰু দুটুকুৰা হীৰা লৈ আনন্দিত হৈ যায় তেওঁক কি বুলি ক’ব? গতিকে এনেকুৱা নহ’বা। অতীন্দ্ৰিয় সুখৰ আনন্দ-উল্লাসৰ দোলনাত দোলা। অবিনাশী প্ৰাপ্তিসমূহৰ দোলনাত আনন্দ-উল্লাসত দোলা। ড্ৰামাত চোৱা, মায়াৰ ভূমিকাও বিচিত্ৰ। এই সময়ত এনেকুৱা এনেকুৱা সাধন ওলাইছে, যিবোৰ আগতে নাছিলেই। কিন্তু সাধন অবিহনেও যিসকলে সাধনা কৰিলে, সেৱা কৰিলে সেই উদাহৰণো সন্মুখত আছে নহয়! এই সাধনবোৰ আছিল জানো? কিন্তু সেৱা কিমান হ’ল? গুণৱানতো ওলাল নহয়! আদি ৰত্নতো তৈয়াৰ হৈ গ’ল নহয়! এয়া সাধনৰ আকৰ্ষণ। সাধন ব্যৱহাৰ কৰাটো ভুল বুলি নকয় কিন্তু সাধনাক পাহৰি সাধনত লাগি যোৱা, ইয়াক বাপদাদাই ভুল বুলি কয়। সাধন জীৱনৰ উৰন্ত কলাৰ সাধন নহয়, আধাৰ নহয়। সাধনা হৈছে আধাৰ। যদি সাধনাৰ পৰিৱৰ্তে সাধনক আধাৰ কৰি লোৱা তেন্তে ফলাফল কি হ’ব? সাধন বিনাশী, ফলাফল কি? সাধনা অবিনাশী, তাৰ ফলাফল কি হ’ব? বাৰু।

চাৰিওফালৰ সন্তানসকলৰ পুৰুষাৰ্থ আৰু স্নেহৰ খবৰ জনাই দিয়া পত্ৰ বাপদাদাই পাইছে, বাপদাদাই সন্তানসকলৰ উৎসাহ-উদ্দীপনা দেখি এইটো কৰিম, এইটো কৰিম… এই খবৰ শুনি আনন্দিত হয়। এতিয়া কেৱল যিসকলে সাহস কৰিছে, উৎসাহ-উদ্দীপনা আছে, ইয়াক বাৰে বাৰে মনোযোগ দি বাস্তৱত ৰূপায়িত কৰা। এয়াই সকলো সন্তানৰ প্ৰতি বাপদাদাৰ অন্তৰৰ আশীৰ্বাদ আৰু চাৰিওফালৰ সংকল্প, বাণী আৰু কৰ্মত, সম্বন্ধ-সম্পৰ্কত সম্পন্ন হওঁতা সকলো শ্ৰেষ্ঠ আত্মাক সদায় স্বদৰ্শন কৰোঁতা, স্বদৰ্শন চক্ৰধাৰী সন্তানসকলক, সদায় দৃঢ় সংকল্পৰ দ্বাৰা মায়াজিৎ হৈ পিতাৰ আগত নিজক প্ৰত্যক্ষ কৰোঁতা আৰু বিশ্বৰ আগত পিতাক প্ৰত্যক্ষ কৰোঁতা সেৱাধাৰী, জ্ঞানৱান, সফল সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু অন্তৰৰ পৰা পদম পদমগুণ আশীৰ্বাদ, নমস্কাৰ। নমস্কাৰ।

বৰদান:
সৎ নিকা অন্তৰৰ আধাৰত প্ৰথম নম্বৰ লওঁতা দিলাৰামৰ পচন্দৰ হোৱা

দিলাৰাম পিতাৰ সৎ অন্তৰৰ সন্তানসকলহে পচন্দৰ। জগতৰ লোকৰ মগজ নাথাকিলেও কিন্তু সৎ নিকা অন্তৰৰ হ’লে তেতিয়া প্ৰথম নম্বৰ লৈ ল’ব কিয়নো মগজতো পিতাই ইমান বেছি দি দিয়ে যাৰ দ্বাৰা ৰচয়িতাক জানিলে ৰচনাৰ আদি, মধ্য, অন্তৰ জ্ঞান জানি লোৱা। গতিকে সৎ নিকা অন্তৰৰ আধাৰতেই নম্বৰ পোৱা যায়, সেৱাৰ আধাৰত নহয়। সঁচা অন্তৰেৰে কৰা সেৱাৰ প্ৰভাৱ অন্তৰলৈকে পৰে। মগজ খটুৱাই নাম আৰ্জে আৰু অন্তৰেৰে কৰোঁতাই আশীৰ্বাদ আৰ্জে।

স্লোগান:
সকলোৰে প্ৰতি শুভ চিন্তন আৰু শুভ কামনা ৰখাটোৱেই সঁচা পৰোপকাৰ।

অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

যিসকল সন্তান পৰমাত্ম স্নেহত সদায় লীন হৈ, মগন হৈ থাকে তেওঁলোকৰ জেউতি আৰু ৰেঙনি, অনুভূতিৰ কিৰণ ইমান শক্তিশালী হয় যে কোনো সমস্যা সমীপত অহাতো দূৰৈৰ কথা চকু তুলিও চাব নোৱাৰে। তেওঁলোকৰ কেতিয়াও কোনো প্ৰকাৰৰ পৰিশ্ৰম হ’ব নোৱাৰে।