04.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিশ্চয়বুদ্ধিৰ হৈ পিতাৰ প্ৰতিটো আজ্ঞা অনুসৰি চলি থাকা, আজ্ঞা অনুসৰি চলিলেহে শ্ৰেষ্ঠ হ'বা”

প্ৰশ্ন:
কোনসকল সন্তানক প্ৰকৃতাৰ্থত ঈশ্বৰৰ সহায়কাৰী বুলি কোৱা হ’ব?

উত্তৰ:
যিসকলে বাদশ্বাহী পাবলৈ পুৰুষাৰ্থ কৰে আৰু অন্যকো নিজৰ সমান কৰি তোলে। এনেকুৱা ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ থকা সন্তানসকল প্ৰকৃতাৰ্থত ঈশ্বৰৰ সহায়কাৰী হয়। তেওঁলোকক দেখি অন্যও সহযোগী হয়।

ওঁম্শান্তি।
তোমালোক যেতিয়া ইয়াত বহা তেতিয়া সকলোকে ক’ব লাগে যে শিৱবাবাক স্মৰণ কৰা। এয়াতো তোমালোকে জানা শিৱবাবা আছে, তেওঁৰ মন্দিৰলৈও যায় কিন্তু কেৱল তোমালোক সন্তানসকলৰ বাহিৰে এইটো কোনেও নাজানে যে শিৱবাবা কোন হয়। গতিকে শিৱবাবাৰ স্মৃতি সোঁৱৰাই দিব লাগে। ইয়াত বহিও বহুতৰে বুদ্ধিযোগ ক'ত ক'ত দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে সেয়েহে তোমালোকৰ দায়িত্ব হৈছে স্মৃতি সোঁৱৰাই দিয়া। ভাই আৰু ভনীসকল পিতাক স্মৰণ কৰা, যিজন পিতাৰ পৰা উত্তৰাধিকাৰ পাবা। তোমালোক এতিয়া সঁচা ভাই-ভনী। তেওঁলোকেতো কেৱল পুৰুষ মহিলাৰ কাৰণে ভাই-ভনী বুলি কৈ দিয়ে। ভাষণো এনেকৈ দিব - ভাই-ভনীসকল…… সেয়া শৰীৰৰ সম্বন্ধত ভাই-ভনী। ইয়াত সেইটো কথা নাই। ইয়াততো আত্মাসকলক বুজোৱা হয় যে নিজৰ ৰচয়িতা পিতাক স্মৰণ কৰা, তেওঁৰ পৰা উত্তৰাধিকাৰ পাম। পার্থক্য আছে নহয়। ভাই-ভনী এয়াতো গতানুগতিক শব্দ। ইয়াত পিতাই সন্তানসকলক কয় - মোক পিতাক স্মৰণ কৰা। তেওঁ শিৱবাবা হৈছে আত্মিক পিতা আৰু প্ৰজাপিতা ব্ৰহ্মা হৈছে পাৰ্থিৱ পিতা। গতিকে বাপদাদা দুয়োজনে কয় - সন্তানসকল, পিতাক স্মৰণ কৰা আৰু ক’লৈকো যাতে বুদ্ধিযোগ নাযায়। বুদ্ধি বহুত দিগভ্ৰান্ত হৈ ফুৰে। ভক্তিমাৰ্গতো এনেকুৱা হয়। শ্ৰীকৃষ্ণৰ আগত বা যিকোনো দেৱতাৰ আগত বহে, মালা জপ কৰে। বুদ্ধি ক'ত ক'ত বিচৰণ কৰি ফুৰে। দেৱতাসকল কোন? তেওঁলোকে এই ৰাজ্য কেনেকৈ পালে, কেতিয়া পালে! এয়া কোনেও নাজানে। শিখসকলে জানে - গুৰু নানকে শিখ পন্থ প্ৰতিষ্ঠা কৰিলে। আকৌ তেওঁৰ গুৰু নাতি চলি আহি থাকে। তেওঁ পুনৰ্জন্মত আহি থাকে, এই কথাবোৰ কোনেও নাজানে। সদায় জানো গুৰু নানককে স্মৰণ কৰিব। বাৰু ধৰি লোৱা, গুৰু নানকক বা বুদ্ধক বা যিকোনো লোকে নিজৰ ধৰ্ম-প্ৰতিষ্ঠাপকক স্মৰণ কৰে কিন্তু এইটো কোনেও নাজানে যে এতিয়া তেওঁলোক ক'ত আছে। তেওঁলোকেতো কৈ দিয়ে জ্যোতি জ্যোতিত সমাহিত হৈ গ’ল। বাণীৰ সিপাৰে গুচি গ’ল নতুবা কৈ দিয়ে শ্ৰীকৃষ্ণ সকলোতে বিৰাজমান হৈ আছে, যিফালে চোৱা কৃষ্ণই কৃষ্ণ। ৰাধাই ৰাধা। এনেকৈ কৈ থাকে। পিতাই বহি বুজায় - তোমালোক ভাৰতবাসী দেৱতা আছিলা। তোমালোকৰ চেহেৰা মনুষ্যৰ দৰে, চৰিত্ৰ দেৱতাৰ দৰে আছিল। দেৱতাসকলৰ চিত্ৰতো আছে নহয়। চিত্ৰ নথকাহেঁতেন এয়াও বুজি নাপালেহেঁতেন। ৰাধা-কৃষ্ণৰ সৈতে আকৌ লক্ষ্মী-নাৰায়ণৰ কি সম্বন্ধ, এয়া পিতাহে আহি বুজায়। তোমালোকে যিকোনো লোককে বুজাব পাৰা - এয়াতো নিৰাকাৰ বাবাই আমাক বুজায়। বাস্তৱত নিৰাকাৰতো সকলো হয়। আত্মা নিৰাকাৰ, আকৌ এই সাকাৰৰ দ্বাৰা কথা কয়। নিৰাকাৰেতো কথা ক’ব নোৱাৰে। তোমালোকে বুজাব পাৰা - আমাৰ বাবা সেইজন তোমালোকৰো বাবা। শিৱবাবা জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ হয়। বেহদৰ পিতা। তেওঁকো শৰীৰ লাগে নহয়। নিজেই কয় - মই এই ব্ৰহ্মাৰ শৰীৰত আহোঁ, তেতিয়াহে এই ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা হ'ব। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলৰ ৰচনা হয়। গতিকে পিতাই ব্ৰাহ্মণ সন্তানসকলকহে বুজায়, অন্য কাকো নুবুজায়, সন্তানসকলকহে বুজায়। এনেকুৱা নহয় যে আমি শিৱবাবাৰ সন্তান সেয়েহে ভগৱান। নহয়। পিতা, পিতা হয়, সন্তান, সন্তান হয়। অৱশ্যে হয়, যেতিয়া সন্তান ডাঙৰ হ’ব, পিতা হ’ব, সন্তান জন্ম দিব তেতিয়া পিতা বুলি কোৱা হ’ব। এওঁৰতো অনেক সন্তান আছে, সন্তানসকলকহে বুজায়। যিসকল নিশ্চয় বুদ্ধিৰ হয়, নিশ্চয় বুদ্ধিৰসকল পিতাৰ আজ্ঞা অনুসৰি চলিব কিয়নো শ্রীমতৰ দ্বাৰাহে শ্রেষ্ঠ হ'ব পাৰে।

তোমালোকে এতিয়া জানা আমি সেই দেৱতাসকলৰ দৰে হৈ আছোঁ। জন্ম-জন্মান্তৰ আমি দেৱতাসকলৰ মহিমা গাই আহিছোঁ। এতিয়া আমি শ্ৰীমতত এনেকুৱা হ'ব লাগে, ৰাজ্য স্থাপন হ'ব। সকলোৱেতো সম্পূৰ্ণ ৰীতিৰে শ্রীমতত নচলিব, ক্ৰমানুসৰি চলিব কিয়নো বহুত বিশাল ৰাজ্য। ৰাজ্যত প্ৰজা, চাকৰ, চণ্ডাল আদি সকলো লাগে। এনেকুৱা চলনযুক্ত সকলৰো সাক্ষাৎকাৰ হ'ব যে এওঁ চণ্ডালৰ পৰিয়ালত যাব। চণ্ডাল এজনেতো নহ’ব, তেওঁলোকৰো পৰিয়াল থাকিব। চণ্ডালৰো সংগঠন থাকে। সকলো পৰস্পৰ মিলিত হয়। ধৰ্মঘট আদি কৰিলে সকলোৱে কাম বন্ধ কৰে। সত্যযুগততো এনেকুৱা কথা নাথাকে। তোমালোকৰ এখন চিত্ৰও আছে, যিখনত তোমালোকে সোধা যে কি হ'ব বিচাৰে - উকিল হ’বনে, নে দেৱতা হ’ব? তোমালোকৰ গোটেই ৰাজধানী স্থাপন হৈ আছে, এয়া জানো কম কথা। বেহদৰ পিতাই বেহদৰ কথাবোৰ বহি বুজায়। এয়া বুদ্ধিত ধাৰণ হৈ যাব লাগে। আমি ভৱিষ্যতৰ কাৰণে পুৰুষাৰ্থ কৰি উচ্চ পদ পাম। শ্রীমতত আমি শ্রেষ্ঠতকৈও শ্ৰেষ্ঠ ৰাজকীয় পদ পাম আকৌ অন্যক যেতিয়া নিজৰ সমান কৰি তুলিবা তেতিয়া কোৱা হ’ব ঈশ্বৰৰ সহায়কাৰী। কাৰো একো লুকাই থাকিব নোৱাৰে। আগলৈ গৈ সকলো গম পোৱা যাব। ইয়াকে জ্ঞানৰ প্ৰকাশ বুলি কোৱা হয়, ৰশ্মি প্ৰাপ্ত হৈ থাকে। মনুষ্যই জানো কিবা গম পায়। বোমাও গুপ্তভাৱে সাজি থাকে। কোনো বস্তু ৰাখি থবৰ বাবে সাজে জানো। প্ৰথমতে তৰোৱালেৰে যুদ্ধ হৈছিল আকৌ বন্দুক সাজিলে, কামত আনিবৰ বাবে, ৰাখি থ’বলৈ নহয়। বুজিও পায় ইয়াৰ দ্বাৰা মৃত্যু হ'ব। অনুশীলনতো কৰিলে নহয়। হিৰোশিমাত এটা বোমাৰে কিমান মৰিছিল, তাৰপাছত চোৱা কিমান উন্নতি কৰিলে, কিমান অনেক ঘৰ নিৰ্মাণ কৰিলে। এতিয়া এনেকুৱা বিনাশ নহ’ব যে হস্পিতালত পৰি থাকিব। হস্পিতাল আদিতো নাথাকিব, সেয়েহে ভূমিকম্প আদি একেলগে হ'ব। প্ৰাকৃতিক দুৰ্যোগক কোনেও ৰখাব নোৱাৰে। এনেকৈ কয়ো - এয়া সকলো ঈশ্বৰৰ হাতত আছে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা বিনাশতো হ'বই, অকাল হ’ব, পানী পোৱা নাযাব…… সেয়াও তোমালোকে জানা। কোনো নতুন কথা নহয়। কল্প পূৰ্বেও এনেকুৱা হৈছিল। কল্পৰ জ্ঞানতো কাৰো নাই। কয়ো যে যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে স্বর্গ আছিল। আকৌ শাস্ত্ৰত কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে! কাৰো মনোযোগ আকৰ্ষিত নহয়, শুনি আকৌ নিজৰ কাম-কাজ আদিত লাগি যায়। সেয়েহে পিতাই এতিয়া সন্তানসকলক বুজায় - এতিয়া সোনকালে পুৰুষাৰ্থ কৰা। স্মৃতিত থাকিলে খাদ (বিকাৰৰ লেপ) আঁতৰি গৈ থাকিব। তোমালোক ইয়াতে সতোপ্ৰধান হ'ব লাগে। নহ’লে শাস্তি ভোগ কৰি আকৌ নিজৰ নিজৰ ধর্মত গুচি যাবা। শ্রীমত ভগৱানৰ পোৱা যায়। শ্ৰীকৃষ্ণতো ৰাজকুমাৰ হয়, তেওঁ আনক কি মত দিব! এই কথাবোৰ জগতত কোনেও নাজানে। মৰমেৰে বুজাব লাগে যে শিৱবাবাক স্মৰণ কৰক। শিৱবাবাই নিজে কয় – মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। তেৱেঁই কল্যাণকাৰী, অন্যৰ সংগ ত্যাগ কৰি এজনৰ সংগ ল’ব লাগে। তোমালোক হৈছা ভাৰতৰ নাও পাৰ কৰোঁতা। সত্য-নাৰায়ণৰ কথাৰো ভাৰতৰ সৈতেই সম্পৰ্ক আছে। অন্য ধৰ্মৰ লোকে কেতিয়াও সত্য-নাৰায়ণৰ কথা নুশুনিব। এয়া শুনিব তেওঁলোকে যিসকল নৰৰ পৰা নাৰায়ণ হ'বলগীয়া আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হ'ব। তেওঁলোকেই অমৰ কথা শুনিব। অমৰলোকত দেৱী-দেৱতাসকল আছিল তেন্তে নিশ্চয় অমৰলোকত অমৰ কথাৰে এই পদ পাইছিল। এটি এটি কথা স্মৰণ কৰাৰ যোগ্য। এটা কথা যদি বুদ্ধিত ভালদৰে ধাৰণ হৈ যায় তেন্তে সকলো আহি যাব। পিতাক স্মৰণ কৰিব লাগে আৰু স্বদর্শন চক্ৰ ধ্যানত ৰাখিব লাগে। শিৱবাবাৰ লগত ইয়াত ভূমিকা পালন কৰি আছোঁ আকৌ যাব লাগে।

পিতাইহে বুজায় - সঁচা কি, মিছা কি। সত্য এটা বাকী সকলো মিছা। লংকাত ৰাৱণ আছিল এজনৰে কথা জানো! সত্যযুগ-ত্ৰেতাততো এনেকুৱা কথা নহয়। এই গোটেই মনুষ্য সৃষ্টিখনেই লংকা, এয়া হয়েই ৰাৱণৰ ৰাজ্য। সকলো সীতাই এজন ৰামক স্মৰণ কৰে অথবা সকলো ভক্তই, প্ৰেমিকে এজন ভগৱানক, প্ৰেমিকক স্মৰণ কৰে কিয়নো ৰাৱণৰাজ্য। সন্ন্যাসীয়ে এই কথাবোৰ বুজিব নোৱাৰে। সকলো দুখী, শোকৰ বাগিচাত আছে, শোকৰ বাগিচা হৈছে কলিযুগ। অশোক বাগিচা হৈছে সত্যযুগ। ইয়াততো খোজে প্ৰতি শোক, দুখ। তোমালোকক বাবাই, অশোক স্বৰ্গলৈ লৈ যায়। ইয়াততো মনুষ্যই কিমান শোক কৰে। কাৰোবাৰ মৃত্যু হ’লে তেতিয়া যেন পগলা হৈ যায়। স্বৰ্গততো এইবোৰ কথা নহয়। কেতিয়াও অকাল মৃত্যু নহয় যে স্ত্ৰী বিধবা হ'ব, তাততো সময়ত এটা চোলা সলনি কৰি অন্য এটা লয়। পুৰুষ বা মহিলাৰ ল'ব, তেতিয়া ইয়াৰ সাক্ষাৎকাৰ হৈ যাব। অন্তিমত সকলো গম পোৱা যাব। কোন কোন কি হ’ব। তেতিয়া সেই সময়ত ক’ব আমি ইমান সময় পৰিশ্ৰম নকৰিলোঁ। কিন্তু সেই সময়ত ক’লে কি হ'ব। সময়তো পাৰ হৈ গ'ল সেয়েহে পিতাই কয় - সন্তানসকল পৰিশ্ৰম কৰা, সেৱাত সঁচা সোঁহাত স্বৰূপ হোৱা তেতিয়া ৰাজ্যত আহি যাবা। সেৱাত ব্ৰতী হৈ থাকা। দৃষ্টান্তও আছে নহয়, কেনেকৈ কুটুম্ব সহিত সেৱাত লাগি গৈছে। এনেকৈ ক’ব যে এই পৰিয়ালটিয়ে কর্ম ইমান ভাল কৰিছে যে সকলো ঈশ্বৰীয় সেৱাত লাগি গৈছে। মা-পিতা, সন্তান……. এয়াতো ভাল কথা হয় নহয়। সেৱাৰ পিছত চক্ৰ লগাই থাকে। তোমালোক সন্তানসকল বহুত উৎসাহিত হোৱা উচিত। কেনেকৈ মনুষ্যক ৰাস্তা দেখুৱাওঁ, যাতে তেওঁলোক আত্মা আনন্দিত হয়। কিমানক ৰাস্তা দেখুওৱা। এয়া তোমালোকে প্ৰজা তৈয়াৰ কৰিলা, বীজ ৰোপণ কৰিলা নহয়। জন্মতেই ৰজাতো কোনো নহয়। প্ৰথমতে প্ৰজাৰ অধিকাৰী হয় আকৌ পুৰুষাৰ্থ কৰি কৰি কিহৰ পৰা কি হ'ব পাৰে। তোমালোকক সেৱাত দেখিলে আনৰো উদ্দীপনা জাগিব, আমিওনো কিয় এনেকুৱা পুৰুষাৰ্থ নকৰো। নহ’লে আকৌ কল্পই কল্পই এনেকুৱা অৱস্থা হ'ব। বহুত আহিব, অনুতাপ কৰিব। সেই সময়ৰ দৰে দুখ মনুষ্যই গোটেই জীৱনকালত কেতিয়াও নেদেখে। শ্রীমতত নচলাৰ কাৰণে অন্তিমত এনেকুৱা দুখ দেখিব, কথাই নুসুধিবা কিয়নো অনেক বিকৰ্ম কৰিছে। বাবাই ৰাস্তাও বহুত সহজ দেখুৱায় কেৱল পিতাক স্মৰণ কৰিব লাগে। অন্যকো এই ৰাস্তা দেখুওৱা।

তোমালোক দেৱী-দেৱতা ধৰ্মৰ আছিলা, যেনেকৈ খ্ৰীষ্টান ধর্মৰ মনুষ্য, ইছলাম ধৰ্মৰ মনুষ্য, তেনেকৈ এয়াও। এয়া হৈছে সকলোতকৈ পৱিত্ৰ। ইয়াৰ নিচিনা ধৰ্ম কোনো হ'ব নোৱাৰে, আধাকল্প তোমালোক পৱিত্ৰ হৈ থাকা। স্বর্গ আৰু নৰক বুলি গায়ন কৰা হৈছে। স্বর্গ কাক কোৱা হয়, এয়াও কোনেও নাজানে। পিতা ভাৰতলৈকে আহি সন্তানকসকলক জগায়। 5 হাজাৰ বছৰৰ কথা। যিসকল স্বৰ্গবাসী আছিল তেওঁলোকেই এতিয়া নৰকবাসী হৈছে আকৌ পিতা আহি পাৱন স্বৰ্গবাসী কৰি তোলে। এজন প্ৰেমিক আহি সকলো প্ৰেমিকাক নিজৰ অশোক বাগিচালৈ লৈ যায়। গতিকে প্ৰথমতে সকলোকে এনেকৈ কোৱা যে পিতাক স্মৰণ কৰক। নহ’লে ইয়াত বহি থাকোঁতে বুদ্ধি ক’ত ক’ত দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। ভক্তিমাৰ্গতো এইটো অৱস্থা হয়। বাবাতো অনুভৱী হয় নহয়। সকলোতকৈ ভাল ব্যৱসায় হীৰা-মুকুতাৰ। তাত সঁচা আৰু মিছা কাচিৎহে বুজি পায়। ইয়াতো সঁচা লুকাই আছে, মিছাই মিছা চলি থাকে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকে জানা যে আমি সকলো ড্ৰামাৰ ভাৱৰীয়া, ইয়াৰ পৰা কোনেও আঁতৰি যাব নোৱাৰে। কোনেও মোক্ষ পাব নোৱাৰে। বিবেকেৰে কাম চলাবলগীয়া হয়। ভূমিকা পালন কৰিয়ে থাকে আকৌ কল্পৰ পাছত সেয়াই ভূমিকা পুনৰাবৃত্তি কৰিব। তোমালোকে দেখিবা কেনেকৈ মনুষ্য মৰে, বিনাশ হ'বই। সকলো আত্মা নিৰ্বাণধামলৈ গুচি যাব। বুদ্ধিত এই জ্ঞান আছে। সেৱাত ব্ৰতী হৈ থাকিলে বহুতৰ কল্যাণ হ'ব। গোটেই পৰিয়াল এই জ্ঞানত লাগি গ’লে বৰ চমৎকাৰ হৈ যাব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তিমৰ ভয়ানক দৃশ্যৰ পৰা বা দুখৰ পৰা ৰক্ষা পাবলৈ এতিয়াৰ পৰা পিতাৰ শ্রীমতত চলিব লাগে। নিজৰ সমান কৰি তোলাৰ সেৱা শ্রীমত অনুসৰি কৰিব লাগে।

(2) সেৱাত পিতাৰ সোঁহাত স্বৰূপ হ'ব লাগে। আত্মাক আনন্দিত কৰাৰ ৰাস্তা দেখুৱাব লাগে। সকলোৰে কল্যাণ কৰিব লাগে।

বৰদান:
নিজৰ সংকল্পৰ বিভ্ৰান্তি অথবা শাস্তিৰ পৰাও উৰ্দ্ধত থাকোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা

সন্মান সহকাৰে উত্তীৰ্ণ অৰ্থাৎ মনতো সংকল্পৰ বাবে যাতে শাস্তি নোখোৱা। ধৰ্মৰজাৰ শাস্তি সেয়াতো পাছৰ কথা কিন্তু নিজৰ সংকল্পৰো বিভ্ৰান্তি অথবা শাস্তিৰ পৰা উৰ্দ্ধত থকা – এয়া সন্মান সহকাৰে উত্তীৰ্ণ হওঁতাসকলৰ লক্ষণ। বাণী, কৰ্ম, সম্বন্ধ-সম্পৰ্কৰ কথাতো স্থূল কিন্তু সংকল্পতো যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয়, এনেকুৱা প্ৰতিজ্ঞা কৰা তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হ’বা।

স্লোগান:
জ্ঞান, ঘৃত আৰু যোগৰ শলিতা ঠিকে থাকিলে আনন্দ ৰূপী দীপক জ্বলি থাকিব।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

জগতৰ কোনো ধৰণৰ অস্থিৰতাই যাতে অচল-অটল স্থিতিত বাধা নিদিয়ে। এনেকৈ বিঘ্ন-বিনাশক অচল-অটল হৈ প্ৰতিটো বাধা অতিক্ৰম কৰি যোৱা, যেন এয়া কোনো বাধা নহয় খেলহে। পাহাৰ সৰিয়হৰ বীজৰ দৰে (সামান্য) অনুভৱ হওক, কাৰণ জ্ঞানপূৰ্ণ আত্মাসকলে আগতেই জানে যে এই সকলোবোৰতো আহিবই, হ'বই।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]