04.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এতিয়া এই ছিঃ ছিঃ লেতেৰা সৃষ্টিখনত জুই লাগিব সেয়েহে শৰীৰ সহিত যাক তোমালোকে মোৰ মোৰ বুলি কোৱা সেয়া পাহৰি যাব লাগে, অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে

প্ৰশ্ন:
পিতাই তোমালোকক এই দুখধামৰ প্ৰতি বিতৃষ্ণা জন্মায় কিয়?

উত্তৰ:
কিয়নো তোমালোক শান্তিধাম-সুখধামলৈ যাব লাগে। এতিয়া এই লেতেৰা সৃষ্টিত থাকিব নালাগে। তোমালোকে জানা যে আত্মা শৰীৰৰ পৰা পৃথক হৈ ঘৰলৈ যাব, সেয়েহে এই শৰীৰকনো কি চাব লাগে। কাৰো নাম-ৰূপৰ ফালেও যাতে বুদ্ধি নাযায়। লেতেৰা খেয়ালো যদি আহে তেন্তে পদ ভ্ৰষ্ট হৈ যাব।

ওঁম্শান্তি।
শিৱবাবাই নিজৰ সন্তান; আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। আত্মাইহে শুনে। নিজক আত্মা বুলি নিশ্চয় কৰিব লাগে। নিশ্চয় জন্মাৰ পাছত এইটো বুজাব লাগে যে সকলোকে লৈ যাবলৈ বেহদৰ পিতাৰ আগমন হৈছে। দুখৰ বন্ধনৰ পৰা মুক্ত কৰি সুখৰ সম্বন্ধত লৈ যায়। সম্বন্ধ সুখক আৰু বন্ধন দুখক কোৱা হয়। এতিয়া ইয়াৰ কোনো নাম, ৰূপ আদিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। নিজৰ ঘৰলৈ যাবৰ কাৰণে প্ৰস্তুতি চলাব লাগে। বেহদৰ পিতা সকলো আত্মাক লৈ যাবলৈ আহিছে সেয়েহে ইয়াত কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। এয়া সকলো ইয়াৰ ছিঃ ছিঃ বন্ধন। তোমালোকে বুজি পোৱা যে আমি এতিয়া পৱিত্ৰ হৈছোঁ, সেয়েহে আমাৰ শৰীৰত যাতে কোনেও ছিঃ ছিঃ খেয়ালেৰে হাত নলগায়। তেনেকুৱা খেয়ালেই আঁতৰি যায়। পৱিত্ৰ নোহোৱাকৈ ঘৰলৈ উভতি যাবতো নোৱাৰে। যদি শুধৰণী নোহোৱা তেনেহ'লে আকৌ শাস্তি খাব লাগিব। এই সময়ত সকলো আত্মাই অপৰিশোধিত। শৰীৰ সহিত ছিঃ ছিঃ কৰ্ম কৰে। ছিঃ ছিঃ দেহধাৰীৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ আছে। পিতাই আহি কয় - এই সকলো লেতেৰা খেয়াল এৰা। আত্মা শৰীৰৰ পৰা পৃথক হৈ ঘৰলৈ যাব লাগে। এইখনতো বহুত ছিঃ ছিঃ লেতেৰা সৃষ্টি, ইয়াত এতিয়া আমি থাকিব নালাগে। কাকো চাবলৈও ইচ্ছা নাযায়। এতিয়াতো পিতা স্বৰ্গলৈ লৈ যাব আহিছে। পিতাই কয় - সন্তানসকল, নিজক আত্মা বুলি বুজা। পৱিত্ৰ হ'বলৈ পিতাক স্মৰণ কৰা। কোনো দেহধাৰীৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। মমত্ব একেবাৰে আঁতৰি যোৱা উচিত।। স্ত্ৰী-পুৰুষৰ মাজত বহুত প্ৰেম থাকে। পৰস্পৰ আঁতৰি থাকিব নোৱাৰে। এতিয়াতো নিজক আত্মা ভাই ভাই বুলি বুজিব লাগে। লেতেৰা খেয়াল থাকিব নালাগে। পিতাই বুজায় - এতিয়া এইখন হৈছে বেশ্যালয়। বিকাৰৰ কাৰণেই তোমালোকে আদি, মধ্য, অন্ত (জীৱনৰ সকলো সময়তে) দুখ পাইছা। পিতাই পুৰণি সৃষ্টিৰ প্ৰতি বিতৃষ্ণা জন্মাইছে। এতিয়া তোমালোক যাবৰ কাৰণে জাহাজত বহিছা। আত্মাই বুজি পায় এতিয়া আমি পিতাৰ ওচৰলৈ গৈ আছোঁ। এই গোটেই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য উপজিছে। এই ছিঃ ছিঃ সৃষ্টি, নৰক বেশ্যালয়ত আমি থাকিব নালাগে। সেয়েহে বিহৰ (বিকাৰৰ) কাৰণে লেতেৰা খেয়াল মনত উদয় হোৱাতো বহুত বেয়া কথা। পদো ভ্ৰষ্ট হৈ যাব। পিতাই কয় মই তোমালোকক ফুলৰ সৃষ্টিলৈ, সুখধামলৈ লৈ যাবলৈ আহিছোঁ। মই তোমালোকক এই বেশ্যালয়ৰ পৰা মুক্ত কৰি শিৱালয়লৈ লৈ যাম, সেয়েহে বুদ্ধিৰ যোগসূত্ৰ এতিয়া নতুন সৃষ্টিৰ লগতহে থাকিব লাগে। কিমান আনন্দিত হব লাগে। বেহদৰ বাবাই আমাক পঢ়ায়, এই বেহদৰ সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, সেয়াতো বুদ্ধিত আছে। সৃষ্টি চক্ৰক জানিলে অৰ্থাৎ স্বদৰ্শন চক্ৰধাৰী হলে তোমালোক চক্ৰৱৰ্ত্তী ৰজা হবাগৈ। যদি দেহধাৰীৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া তেনেহলে পদ ভ্ৰষ্ট হৈ যাব। দেহৰ কোনো সম্বন্ধই যাতে স্মৃতিলৈ নাহে। এয়াতো দুখৰ সৃষ্টি, ইয়াত সকলো দুখ দিওঁতাহে আছে।

পিতাই সকলোকে এই ছিঃ ছিঃ জগতৰ পৰা লৈ যায়, সেয়েহে এতিয়া বুদ্ধিৰ যোগসূত্ৰ নিজৰ ঘৰৰ সৈতে গঢ়িব লাগে। মনুষ্যই মুক্তি পাবলৈহে ভক্তি কৰে। তোমালোকেও কোৱা - আমি আত্মাসকল ইয়াত থাকিব নালাগে। আমি এই ছিঃ ছিঃ শৰীৰ ত্যাগ কৰি নিজৰ ঘৰলৈ যাম, এয়াতো হৈছে পুৰণা জোতা (শৰীৰ)। পিতাক স্মৰণ কৰি কৰি আকৌ এই শৰীৰ এৰি দিবা। অন্তিম সময়ত পিতাৰ বাহিৰে কোনো অন্য বস্তু যাতে স্মৃতিত নাথাকে। এই শৰীৰো ইয়াতেই ত্যাগ কৰিব লাগে। শৰীৰ ত্যাগ কৰা মানে সকলো ত্যাগ কৰা। দেহৰ সৈতে যিবোৰক তোমালোকে মোৰ মোৰ বুলি কোৱা সেই সকলোবোৰ পাহৰি যোৱা। এই লেতেৰা সৃষ্টিখনত জুই লাগিব, সেয়েহে ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পিতাই কয় - মৰমৰ সন্তানসকল, মই তোমালোকৰ বাবে স্বৰ্গ স্থাপনা কৰি আছোঁ। তোমালোকহে তাত গৈ থাকিবা। এতিয়া তোমালোকৰ মুখ সেইফালে আছে। পিতাক, ঘৰখনক, স্বৰ্গক স্মৃতিলৈ আনা। দুখধামৰ প্ৰতি ঘৃণা জন্মে। এই শৰীৰৰ প্ৰতিও ঘৃণা জন্মে। বিবাহ পাশত আৱদ্ধ হোৱাৰো কি দৰকাৰ। বিবাহ পাশত আৱদ্ধ হলে আকৌ শৰীৰৰ প্ৰতি অন্তৰৰ আকৰ্ষণ জাগি উঠে। পিতাই কয় - এই পুৰণি শৰীৰৰ প্ৰতি অলপো স্নেহ নাৰাখিবা। এইখন হয়েই বেশ্যালয়। সকলো পতিত। ৰাৱণৰাজ্য। ইয়াত পিতাৰ বাহিৰে আন কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পিতাক স্মৰণ নকৰিলে জন্ম-জন্মান্তৰৰ পাপ খণ্ডন নহব। আকৌ শাস্তিও বৰ কঠোৰ হয়। পদো ভ্ৰষ্ট হৈ যাব। তেনেহলে, কিয়নো এই কলিযুগী বন্ধন ত্যাগ নকৰোঁ। বাবাই সকলোৰে বাবে এই বেহদৰ কথাবোৰ বুজায়। যেতিয়া ৰজোপ্ৰধান সন্ন্যাসী আছিল তেতিয়া জগতখন লেতেৰা নাছিল। জংঘলত বাস কৰিছিল। সকলো আকৰ্ষিত হৈছিল। মনুষ্য তালৈ গৈ ভোজন দি থৈ আহিছিল। নিৰ্ভয়ে আছিল। তোমালোকো নিৰ্ভীক হব লাগে, ইয়াৰ কাৰণে বুদ্ধি বিশাল হব লাগে। পিতাৰ ওচৰলৈ আহে, গতিকে সন্তানসকল আনন্দিত হৈ থাকে। আমি বেহদৰ পিতাৰ পৰা সুখধামৰ উত্তৰাধিকাৰ লওঁ। ইয়াত কিমান দুখ। অনেক লেতেৰা বেমাৰ আদি হয়। পিতাই প্ৰতিশ্ৰুতি দিয়ে - তোমালোকক তালৈ লৈ যাওঁ যত দুখ, বেমাৰ আদিৰ নামেই নাই। আধাকল্পলৈ তোমালোকক নিৰোগী কৰি তোলে। ইয়াত কাৰোবাৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিলে বহুত শাস্তি খাবলগীয়া হব।

তোমালোকে বুজাব পাৰা - তেওঁলোকে 3 মিনিট শান্ত হৈ থকাৰ কথা কয়, কোৱা - কেৱল শান্ত হৈ থাকিলে কি হ'ব। এয়াতো পিতাক স্মৰণ কৰিব লাগে যাৰ দ্বাৰা বিকৰ্ম বিনাশ হব। শান্তিৰ আশীৰ্বাদ দিওঁতা হৈছে পিতা। তেওঁক স্মৰণ নকৰাকৈ শান্তি কেনেকৈ প্ৰাপ্ত হ'ব? তেওঁক স্মৰণ কৰিলেহে উত্তৰাধিকাৰ পাবা। শিক্ষকেও বহুত পাঠ পঢ়াব লাগে। আগবাঢ়ি আহিব লাগে, কোনেও একো নকব। পিতাৰ হৈছা গতিকে পেটৰ কাৰণেতো পাবাই, শৰীৰ নিৰ্বাহৰ অৰ্থে বহুত পাবা। যেনেকৈ কন্যা বেদান্তীয়ে পৰীক্ষা দিলে, তাত এষাৰ কথা আছিল গীতাৰ ভগৱান কোন? তেওঁ পৰমপিতা পৰমাত্মা বুলি লিখি দিলে গতিকে উত্তীৰ্ণ নহল। আৰু যিসকলে শ্ৰীকৃষ্ণৰ নাম লিখিছিল তেওঁলোকক উত্তীৰ্ণ কৰাই দিলে। কন্যাগৰাকীয়ে সঁচা কথা কলে কিন্তু শিক্ষকে সেয়া নজনা কাৰণে অনুত্তীৰ্ণ কৰাই দিলে। আকৌ যুঁজিবলগীয়া হ'ল - মইতো এয়া সঁচা কথাই লিখিলোঁ। গীতাৰ ভগৱান হয়েই নিৰাকাৰ পৰমপিতা পৰমাত্মা। দেহধাৰী শ্ৰীকৃষ্ণতো হব নোৱাৰে। কিন্তু কন্যাটিৰ ইচ্ছা আছিল আত্মিক সেৱা কৰাৰ সেইবাবে এৰি দিলে।

তোমালোকে জানা, এতিয়া পিতাক স্মৰণ কৰি কৰি নিজৰ এই শৰীৰটোও ত্যাগ কৰি শান্তিৰ জগতলৈ যাব লাগে। স্মৰণ কৰিলে স্বাস্থ্য-সম্পদ দুয়োটাই প্ৰাপ্ত হয়। ভাৰতত শান্তি, সমৃদ্ধি আছিল নহয়। এনেধৰণৰ কথাবোৰ তোমালোক কুমাৰীসকলে বহি বুজোৱা তেতিয়া তোমালোকৰ কোনেও নাম নলব। যদি কোনোবাই বিৰুদ্ধাচৰণ কৰে তেন্তে তোমালোকে বিধি অনুসৰি যুক্তি দৰ্শোৱা, ডাঙৰ ডাঙৰ বিষয়াসকলৰ ওচৰলৈ যোৱা। কি কৰিব? এনেকুৱা নহয় যে তোমালোক ভোকত মৰিবা। কল, দৈ আদিৰেও ৰুটি খাব পাৰা। মনুষ্যই পেটৰ কাৰণে কিমান পাপ কৰে। পিতা আহি সকলোকে পাপ আত্মাৰ পৰা পুণ্য আত্মা কৰি তোলে। ইয়াত পাপ কৰা, মিছা কোৱাৰ কোনো দৰকাৰ নাই। তোমালোকেতো চাৰি ভাগৰ তিনিভাগ সুখ পোৱা, বাকী চাৰি ভাগৰ এভাগ দুখ ভোগ কৰা। এতিয়া পিতাই কয় - মৰমৰ সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। অন্য কোনো উপায় নাই। ভক্তিমাৰ্গত বহুত হায়ৰাণ হোৱা। শিৱৰ পূজাতো ঘৰতো কৰিব পাৰে, কিন্তু তথাপিও বাহিৰৰ মন্দিৰলৈ নিশ্চয় যায়। ইয়াত তোমালোকে পিতাক পাইছা। তোমালোকে চিত্ৰ ৰখাৰ দৰকাৰ নাই। পিতাক তোমালোকে জানা। তেওঁ আমাৰ বেহদৰ পিতা, সন্তানসকলক স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ দি আছে। তোমালোক পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ আহা। ইয়াত কোনো শাস্ত্ৰ আদি পঢ়াৰ কথা নাই। কেৱল পিতাক স্মৰণ কৰিব লাগে। বাবা বচ্‌ আমি এতিয়া যাম। তোমালোকে ঘৰ এৰি থৈ অহাৰ কিমান সময় হল? সুখধাম এৰাৰ 63 জন্ম হল। এতিয়া পিতাই কয় - শান্তিধাম, সুখধামলৈ বলা। এই দুখধামক পাহৰি যোৱা। শান্তিধাম, সুখধাম স্মৃতিলৈ আনা, আৰু কোনো কঠিন কথা নাই। শিৱবাবাই কোনো শাস্ত্ৰ আদি পঢ়াৰ দৰকাৰ নাই। এই ব্ৰহ্মাই পঢ়িছে। তোমালোককতো এতিয়া শিৱবাবাই পঢ়ায়। এই ব্ৰহ্মায়ো পঢ়াব পাৰে। কিন্তু তোমালোকে সদায় এইটো বুজিবা যে শিৱবাবাইহে পঢ়ায়। তেওঁক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব। মাজত এৱোঁ (ব্ৰহ্মাও) আছে।

এতিয়া পিতাই কয় - সময় কম, বৰ বেছি নাই। এনেকুৱা খেয়াল নকৰিবা যে যি ভাগ্যত আছে সেয়া পাম। স্কুলত পঢ়াৰ পুৰুষাৰ্থ কৰে নহয়। এনেকৈ জানো কব যে যি ভাগ্যত আছে.. ইয়াত যদি নপঢ়ে তেন্তে তাত জন্ম-জন্মান্তৰলৈ চাকৰি কৰি থাকিবা। বাদশ্বাহী পাব নোৱাৰিবা। খুব বেছি পাছৰ ফালে মুকুট পাবা, সেয়াও ত্ৰেতাতহে। মূল কথা হৈছে - পৱিত্ৰ হৈ আনকো পৱিত্ৰ কৰি তোলা। সত্য- নাৰায়ণৰ সঁচা কথা শুনোৱা বহুত সহজ। দুজন পিতা আছে, হদৰ (লৌকিক) পিতাৰ পৰা হদৰ (সীমিত) উত্তৰাধিকাৰ পোৱা যায়। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। বেহদৰ পিতাক স্মৰণ কৰিলে এনেকুৱা দেৱতা হবাগৈ। কিন্তু তাৰ ভিতৰতো উচ্চ পদ লব লাগে। পদ লবলৈকে কিমান মৰামৰি কৰে। অন্তিম সময়ত বোমা আদিয়েও ইজনে সিজনক সহায় কৰিব। ইমান বিলাক ধৰ্ম জানো আছিল। আকৌ নাথাকিবগৈ। তোমালোক হৈছা ৰাজ্য কৰোঁতা সেয়েহে নিজৰ ওপৰত দয়া কৰাচোন যাতে অন্ততঃ উচ্চ পদৱী পোৱা। কন্যাসকলে 8 (আঠ) অনাও দিয়ে মোৰ নামত এটা ইটা লগাই দিব। সুদামাৰ দৃষ্টান্ত শুনিছা নহয়। চাউল মুঠিৰ সলনি মহল পালে। গৰিবৰ ওচৰত আছেই 8 (আঠ) অনা গতিকে সেয়াই দিব। এনেকৈ কয় - বাবা মই গৰিব। এতিয়া তোমালোক সন্তানসকলে সঁচা উপাৰ্জন কৰা। ইয়াত সকলো হৈছে মিছা উপাৰ্জন। দান-পুণ্য আদি যি কৰে সেয়া পাপ আত্মাকহে কৰে। সেয়েহে পুণ্যৰ সলনি পাপ হৈ যায়। পইচা দিওঁতাজনৰে পাপ হৈ যায়। এনেকৈ কৰোঁতে কৰোঁতে সকলো পাপ আত্মা হৈ যায়। সত্যযুগতহে পুণ্য আত্মা থাকে। সেয়া হৈছে পুণ্য আত্মাৰ সৃষ্টি। সেয়াতো পিতাইহে ৰচিব। ৰাৱণে পাপ আত্মা কৰি তোলে, লেতেৰা হৈ যায়। এতিয়া পিতাই কয় - লেতেৰা কৰ্ম নকৰিবা। নতুন সৃষ্টিত লেতেৰা একো নাথাকে। নামেই হৈছে স্বৰ্গ তেন্তে আকৌ কি, স্বৰ্গ বুলি কলেই মুখত পানী আহে। দেৱতাৰ ভূমিকা পালন কৰি গৈছে সেয়েহে স্মাৰক আছে। আত্মা অবিনাশী। কিমান অনেক ভাৱৰীয়া আছে। কৰবাততো বহি আছে, যৰ পৰা ভূমিকা পালন কৰিবলৈ আহে। এতিয়া কলিযুগত কিমান অনেক মনুষ্য আছে। দেৱী-দেৱতাসকলৰ ৰাজ্য নাই। যিকোনো লোককে বুজুৱা বহুত সহজ। এতিয়া এক ধৰ্ম প্ৰতিষ্ঠা হৈ আছে, বাকী সকলো নাশ হৈ যাব। তোমালোক যেতিয়া স্বৰ্গত আছিলা তেতিয়া অন্য কোনো ধৰ্ম নাছিল। চিত্ৰত ৰামক ধনুকাঁড় দি দিছে। তাত কাঁড় আদিৰ কথাতো নাই। এইটোও বুজে। কল্প পূৰ্বে যিয়ে যি সেৱা কৰিছিল সেয়াই এতিয়া কৰে। যিয়ে বহুত সেৱা কৰে, পিতাৰো বহুত প্ৰিয় হয়। লৌকিক পিতাৰ সন্তানসকলেও যিসকলে ভালদৰে পঢ়ে তেওঁলোকৰ প্ৰতি পিতাকৰ মৰম বেছি থাকে। যিসকলে কাজিয়া কৰে, খাই থাকিব তেওঁলোকক জানো মৰম কৰিব, সেৱা কৰোঁতাসকল বহুত মৰমৰ হয়।

এটা কাহিনী আছে - দুটা মেকুৰীয়ে কাজিয়া কৰিলে, মাখন কৃষ্ণই খালে। গোটেই বিশ্বৰ বাদশ্বাহী ৰূপী মাখন তোমালোকে পোৱা। গতিকে এতিয়া গাফিলতি নকৰিবা। ছিঃ ছিঃ হব নালাগে। ছিঃ ছিঃ হৈ বাদশ্বাহী নেহেৰুৱাবা। পিতাৰ নিৰ্দেশনা পোৱা যায়, স্মৰণ নকৰিলে পাপৰ বোজা বাঢ়িব, তেতিয়া বহুত শাস্তি খাবলগীয়া হব। অনুতপ্ত হৈ বহুত কান্দিবা। 21 জন্মৰ বাদশ্বাহী পোৱা যায়। এই ক্ষেত্ৰত কৃতকাৰ্য হলে বহুত কান্দিবা। পিতাই কয় লৌকিক পিতাৰ ঘৰ আৰু শহুৰৰ ঘৰক স্মৃতিলৈ নানিবা। ভৱিষ্যতৰ নতুন ঘৰকহে স্মৃতিত ৰাখিব লাগে।

পিতাই বুজায় কাৰোবাক দেখি উন্মাদ হৈ নাযাবা। ফুল হব লাগে। দেৱতাসকল ফুল আছিল, কলিযুগত কাঁইট আছিল। তোমালোক এতিয়া সংগমত ফুল হৈ আছা। কাকো দুখ দিব নালাগে। ইয়াত এনেকুৱা হলেহে সত্যযুগলৈ যাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তকালত একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো যাতে স্মৃতিলৈ নাহে তাৰ কাৰণে এইখন জগতত কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। ছিঃ ছিঃ শৰীৰৰ প্ৰতি মৰম ৰাখিব নালাগে। কলিযুগী বন্ধন ছিঙি দিব লাগে।

(2) বিশাল বুদ্ধিৰ হৈ নিৰ্ভীক হব লাগে। পুণ্য আত্মা হবলৈ এতিয়া কোনো পাপ কৰিব নালাগে। পেটৰ কাৰণে মিছা কব নালাগে। চাউল মুঠি সফল কৰি সঁচা উপাৰ্জন জমা কৰিব লাগে, নিজৰ ওপৰত দয়া কৰিব লাগে।

বৰদান:
পৰমাত্ম প্ৰেমেৰে নিজক আৰু বিশ্বক ৰ্নিবিঘ্ন কৰি তোলোঁতা তপস্বীমূৰ্ত হোৱা

একমাত্ৰ পৰমাত্ম প্ৰেমত থকাটোৱেই তপস্যা। এই তপস্যাৰ বলেই নিজক আৰু বিশ্বক সদাকালৰ বাবে নিৰ্বিঘ্ন কৰি তুলিব পাৰে। নিৰ্বিঘ্ন হৈ থকা আৰু নিৰ্বিঘ্ন কৰি তোলাই হৈছে তোমালোকৰ সঁচা সেৱা যিয়ে অনেক প্ৰকাৰৰ বিঘিনিৰ পৰা সকলো আত্মাক মুক্ত কৰি দিয়ে। এনেকুৱা সেৱাধাৰী সন্তানে তপস্যাৰ আধাৰত পিতাৰ পৰা জীৱনমুক্তিৰ বৰদান লৈ আনকো প্ৰদান কৰাৰ নিমিত্ত হৈ যায়।

স্লোগান:
সিঁচৰতি হৈ থকা স্নেহ সামৰি লৈ একমাত্ৰ পিতাৰ প্ৰতি স্নেহ ৰাখা তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

স্মৃতিৰ বিধি আৰু ধন বৃদ্ধি দুয়োটা একেলগে হলে তেতিয়া কৰ্মযোগী বুলি কোৱা হব। ধন বৃদ্ধিৰ পাছত বিধি এৰি নিদিবা। লৌকিক স্থূল কৰ্ম, কৰ্মযোগীৰ স্থিতিলৈ পৰিৱৰ্তন কৰা। কেৱল কৰ্ম কৰোঁতা নহয় কিন্তু কৰ্মযোগী। ঈশ্বৰীয় সেৱাত সদায় নিমিত্ত মাত্ৰৰ মন্ত্ৰ বা কৰণহাৰৰ স্মৃতিৰ সংকল্প যাতে স্মৃতিত থাকে, কৰাৱনহাৰক পাহৰি নাযাবা, এয়াই কৰ্মযোগী স্থিতি, ইয়াৰ দ্বাৰা সদায় নিৰ্মাণেই কৰি থাকিবা।