04.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা আহিছে তোমালোকক ফুলৰ ৰজা কৰি তুলিবলৈ, সেইবাবে বিকাৰৰ কোনো দুৰ্গন্ধ থকা উচিত নহয়”

প্ৰশ্ন:
বিকাৰৰ অংশ সমাপ্ত কৰিবৰ কাৰণে কোনটো পুৰুষাৰ্থ কৰিব লাগে?

উত্তৰ:
নিৰন্তৰ অন্তৰ্মুখী হৈ থকাৰ পুৰুষাৰ্থ কৰা। অন্তৰ্মুখী অৰ্থাৎ চেকেণ্ডত শৰীৰৰ পৰা উৰ্দ্ধত। এইখন জগতৰ চেতনা যাতে একেবাৰে পাহৰি যোৱা। এক চেকেণ্ডত ওপৰলৈ যোৱা আৰু আহা। এইটো অভ্যাসেৰে বিকাৰৰ অংশ সমাপ্ত হৈ যাব। কৰ্ম কৰি থাকি মাজে মাজে অন্তৰ্মুখী হৈ যোৱা, এনেকুৱা লাগক যেন একেবাৰে নিস্তব্ধ। কোনো লৰ-চৰ নাই। এই সৃষ্টিখন যেন নায়েই।

ওঁম্শান্তি।
ইয়াত প্ৰত্যেককে বহুওৱা হয় যে অশৰীৰী হৈ পিতাৰ স্মৃতিত বহা আৰু লগতে এয়া যি সৃষ্টি চক্ৰ আছে তাকো স্মৰণ কৰা। মনুষ্যই 84ৰ চক্ৰক বুজি নাপায়। নুবুজিবই। যিসকলে 84ৰ চক্ৰ পৰিক্ৰমা লগায় তেওঁলোকহে বুজিবলৈ আহিব। তোমালোকে এয়াই স্মৰণ কৰিব লাগে, ইয়াক স্বদৰ্শন চক্ৰ বুলি কোৱা হয়, যাৰ দ্বাৰা আসুৰিক খেয়াল সমাপ্ত হৈ যাব। এনেকুৱা নহয় যে কোনো অসুৰ বহি আছে যাৰ ডিঙি কটা যাব। মনুষ্যই স্বদৰ্শন চক্ৰৰো অৰ্থ বুজি নাপায়। এই জ্ঞান তোমালোক সন্তানসকলে ইয়াত পোৱা। গৃহস্থালিত থাকি পদুম ফুলৰ দৰে পৱিত্ৰ হোৱা। ভগৱানুবাচ হয় নহয়। এই এটা জন্ম পৱিত্ৰ হ’লে ভৱিষ্যত 21 জন্ম তোমালোক পৱিত্ৰ সৃষ্টিৰ মালিক হ’বাগৈ। সত্যযুগক শিৱালয় বুলি কোৱা হয়। কলিযুগ হৈছে বেশ্যালয়। এই সৃষ্টিৰ পৰিৱৰ্তন হ’ব। ভাৰতৰেই কথা। আনৰ কথালৈ যাবই নালাগে। কয় জীৱ-জন্তুৰ কি হ’ব? অন্য ধৰ্মৰ কি হ’ব? কোৱা, প্ৰথমে নিজৰতো বুজি লোৱা, অন্যৰ কথা পাছত। ভাৰতবাসীয়েই নিজৰ ধৰ্মক পাহৰি দুখী হৈ গৈছে। ভাৰততেই আহ্বান জনায় - আপুনি মাতা-পিতা…... বিদেশত মাতা-পিতা শব্দ উচ্চাৰণ নকৰে। তেওঁলোকে কেৱল ‘গড্‌ ফাদাৰ’ বুলি কয়। যথাযথ ভাৰততেই অপাৰ সুখ আছিল। ভাৰত স্বৰ্গ আছিল - এইটোও তোমালোকে জানা। পিতা আহি কাঁইটক ফুল কৰি তোলে। পিতাক বাগিচাৰ মালিক বুলি কোৱা হয়। আহ্বান জনায় - আহি কাঁইটক ফুল কৰি তোলক। পিতাই ফুলৰ বাগিচা তৈয়াৰ কৰে। মায়াই আকৌ কাইটৰ জংঘল তৈয়াৰ কৰে। মনুষ্যইতো কৈ দিয়ে - ঈশ্বৰ আপোনাৰ মায়া বৰ প্ৰবল। ঈশ্বৰকো নুবুজে, মায়াকো নুবুজে। কোনোবাই কিবা এটা শব্দ কৈ দিলে বচ্‌ আওৰাই থাকে। অৰ্থ একোৱেই নাই। তোমালোক সন্তানসকলে বুজি পোৱা যে এয়া ৰামৰাজ্য আৰু ৰাৱণৰাজ্যৰ ড্ৰামাৰ খেল। ৰামৰাজ্যত সুখ, ৰাৱণৰাজ্যত দুখ। ইয়াৰেই কথা। এয়া কোনো প্ৰভুৰ মায়া নহয়। মায়া বুলি কোৱা হয় 5 বিকাৰক, যাক ৰাৱণ বুলি কয়। বাকী মনুষ্যইতো পুনৰ্জন্ম লৈ 84ৰ চক্ৰত আহে। সতোগুণীৰ পৰা তমোপ্ৰধান হ’বলগীয়া হয়। এই সময়ত সকলো বিকাৰৰ পৰা জন্ম লয় - সেই কাৰণে বিকাৰী বুলি কোৱা হয়। নামো হৈছে বিকাৰী সৃষ্টি আকৌ নিৰ্বিকাৰী সৃষ্টি অৰ্থাৎ পুৰণি সৃষ্টিৰ পৰা নতুন কেনেকৈ হয়, এইটোতো বুজিবলগীয়া সাধাৰণ কথা। নতুন বিশ্বত প্ৰথমে স্বৰ্গ আছিল। সন্তানসকলে জানে স্বৰ্গ স্থাপনা কৰোঁতা হৈছে পৰমপিতা পৰমাত্মা, তাত অপাৰ সুখ থাকে। জ্ঞানেৰে দিন, ভক্তিৰে ৰাতি কেনেকৈ হয়- এইটোও কোনেও বুজি নাপায়। ক’ব ব্ৰহ্মা তথা ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলৰ দিন তাৰপাছত সেই ব্ৰাহ্মণসকলৰে ৰাতি। দিন আৰু ৰাতি ইয়াত হয়, এয়া কোনেও বুজি নাপায়। প্ৰজাপিতা ব্ৰহ্মাৰ ৰাতি, তেন্তে নিশ্চয় তেওঁৰ ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলোৰো ৰাতি হ’ব। আধাকল্প দিন, আধাকল্প ৰাতি।

এতিয়া পিতা আহিছে নিৰ্বিকাৰী সৃষ্টি ৰচিবলৈ। পিতাই কয় - সন্তানসকল, কাম মহাশত্ৰু, তাৰ ওপৰত জয়ী হ’ব লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী পৱিত্ৰ হ’ব লাগে। অপৱিত্ৰ হোৱাৰ বাবে তোমালোকে বহুত পাপ কৰিলা। এইখন হয়েই পাপ আত্মাসকলৰ জগত। পাপ নিশ্চয় শৰীৰ সৈতে কৰিব, তেতিয়া পাপ আত্মা হ’ব। দেৱতাসকলৰ পৱিত্ৰ সৃষ্টিত পাপ নহয়। ইয়াত তোমালোক শ্ৰীমতেৰে শ্ৰেষ্ঠ আত্মা হৈ আছা। শ্ৰী শ্ৰী 108ৰ মালা আছে। ওপৰত ফুল আছে, সেয়া হৈছে শিৱ। তেওঁ হৈছে নিৰাকাৰী ফুল। আকৌ সাকাৰত পুৰুষ-মহিলা, তেওঁলোকৰ মালা তৈয়াৰ কৰা আছে। শিৱবাবাৰ দ্বাৰা এওঁলোক পূজন স্মৰণৰ যোগ্য হয়। তোমালোক সন্তানসকলে জানা - বাবাই আমাক বিজয় মালাৰ মণি কৰি তোলে। আমি স্মৃতিৰ বলেৰে বিশ্বত বিজয় প্ৰাপ্ত কৰি আছোঁ, স্মৃতিৰেই বিকৰ্ম বিনাশ হ’ব। পুনৰ তোমালোক সতোপ্ৰধান হৈ যাবাগৈ। তেওঁলোকেতো নুবুজাকৈয়ে কৈ দিয়ে প্ৰভু আপোনাৰ মায়া প্ৰবল। কাৰোবাৰ ওচৰত ধন থাকিলে ক’ব তেওঁৰ ওচৰত বহুত মায়া আছে। বাস্তৱত মায়া 5 বিকাৰক কোৱা হয়, যাক ৰাৱণ বুলিও কোৱা হয়। তেওঁলোকে আকৌ 10টা শিৰৰ ৰাৱণৰ চিত্ৰ তৈয়াৰ কৰি দিলে। এতিয়া চিত্ৰ আছে যেতিয়া বুজোৱা হয়। যেনেকৈ অংগদৰ কাৰণেও দেখুৱায়, তেওঁক ৰাৱণে লৰাবলৈ চেষ্টা কৰিছিল কিন্তু লৰাব নোৱাৰিলে। দৃষ্টান্ত ৰচি দিছে। বাকী কোনো বস্তু নাই। পিতাই কয় - মায়াই তোমালোকক যিমানে অস্থিৰ কৰিবলৈ চেষ্টা নকৰক তোমালোক স্থিৰ হৈ থাকা। ৰাৱণ, হনুমান, অংগদ আদি এই সকলোবোৰ দৃষ্টান্ত ৰচি দিলে, যাৰ অৰ্থ তোমালোক সন্তানসকলে জানা। ভোমোৰাৰো দৃষ্টান্ত আছে। ভোমোৰা আৰু ব্ৰাহ্মণীৰ ৰাশিও মিলে। তোমালোকে বিষ্ঠাৰ পোকক জ্ঞান-যোগৰ ভোঁ ভোঁ কৰি পতিতৰ পৰা পাৱন কৰি তোলা। পিতাক স্মৰণ কৰিলে সতোপ্ৰধান হৈ যাবা। কাছৰো দৃষ্টান্ত আছে। ইন্দ্ৰিয়বোক সামৰি অন্তৰ্মুখী হৈ বহি থাকে। তোমালোককো পিতাই কয় - লাগিলে কর্ম কৰা তাৰপাছত অন্তৰ্মুখী হৈ যোৱা। যেন এই সৃষ্টি নায়েই। লৰ-চৰ কৰা বন্ধ হৈ যায়। ভক্তিমাৰ্গত বাহ্যমুখী হৈ যায়। গীত গোৱা, এইটো কৰা, কিমান হুলস্হূল, কিমান খৰচ হয়। কিমান মেলা লাগে। পিতাই কয় - এই সকলোবোৰ এৰি অন্তৰ্মুখী হৈ যোৱা। যেন এই সৃষ্টি নায়েই। নিজকে চোৱা মই যোগ্য হৈছোঁনে? কোনো বিকাৰে আমনিতো নকৰে? মই পিতাক স্মৰণ কৰোঁনে? পিতা যিয়ে বিশ্বৰ মালিক কৰি তোলে, এনেকুৱা পিতাক দিনে-ৰাতিয়ে স্মৰণ কৰিব লাগে। মই আত্মা, তেওঁ মোৰ পিতা। ভিতৰত এয়া চলি থাকিব লাগে - মই এতিয়া নতুন সৃষ্টিৰ ফুল হৈ আছোঁ। আকন বা বিষাক্ত ফুল হ'ব নালাগে। আমিতো একেবাৰে ফুলৰ ৰজা একেবাৰে সুবাসিত ফুল হ'ব লাগে। কোনো দুৰ্গন্ধ যাতে নাথাকে। বেয়া খেয়াল আঁতৰি যাব লাগে। মায়াৰ ধুমুহা বগৰাবলৈ বহুত আহিব। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম কৰিব নালাগে। এনেকৈ নিজক পৰিপক্ক কৰিব লাগে। নিজক শুধৰাব লাগে। কোনো দেহধাৰীক মই স্মৰণ কৰিব নালাগে। পিতাই কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা, শৰীৰ নিৰ্বাহৰ অৰ্থে কর্মও লাগিলে কৰা। তাৰ মাজতো সময় উলিয়াব পাৰা। ভোজন গ্ৰহণ কৰাৰ সময়তো পিতাৰ মহিমা কৰি থাকা। পিতাক স্মৰণ কৰি খালে ভোজনো পৱিত্ৰ হৈ যায়। যেতিয়া পিতাক নিৰন্তৰ স্মৰণ কৰিবা তেতিয়া স্মৃতিৰ দ্বাৰাই বহুত জন্মৰ পাপ খণ্ডন হ'ব আৰু তোমালোক সতোপ্ৰধান হ'বা। চাব লাগে কিমান সঁচা সোণ হৈছোঁ? আজি কিমান ঘণ্টা স্মৃতিত থাকিলোঁ? কালি 3 ঘণ্টা স্মৃতিত আছিলোঁ, আজি 2 ঘণ্টা থাকিলোঁ - এয়াতো আজি লোকচান হৈ গ’ল। উঠা আৰু নমা হৈ থাকিব। যাত্ৰালৈ গ'লেও কৰ’বাত ওখ কৰ’বাত চাপৰ স্থান থাকে। তোমালোকৰ অৱস্থাও তল-ওপৰ হৈ থাকিব। নিজৰ খতিয়ান চাব লাগে। মুখ্য হ'ল স্মৃতিৰ যাত্ৰা।

ভগৱানুবাচ তেন্তে নিশ্চয় সন্তানসকলকে পঢ়াব। গোটেই জগতক কেনেকৈ পঢ়াব। এতিয়া ভগৱান কাক কোৱা হ’ব? কৃষ্ণতো শৰীৰধাৰী। ভগৱানতো নিৰকাৰ পৰমপিতা পৰমাত্মাক কোৱা হয়। নিজেই কয় - মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। ব্ৰহ্মাৰো বৃদ্ধ শৰীৰৰ গায়ন কৰা হৈছে। বগা দাড়ি-মোচ বৃদ্ধ লোকৰহে থাকে নহয়। লাগেও নিশ্চয় অনুভৱী ৰথ। সৰু ৰথত প্ৰৱেশ কৰিব জানো। নিজেই কয় - মোক কোনেও নাজানে। তেওঁ হ'ল সৰ্বোচ্চ ঈশ্বৰ পিতা অথবা পৰম আত্মা। তোমালোকো 100 শতাংশ পৱিত্ৰ আছিলা। এতিয়া 100 শতাংশ অপৱিত্ৰ হৈছা। সত্যযুগত 100 শতাংশ পৱিত্ৰতা আছিল তেতিয়া শান্তি আৰু সমৃদ্ধিও আছিল। মুখ্য হ'ল পৱিত্ৰতা। দেখিবলৈও পোৱা পৱিত্ৰসকলৰ আগত অপৱিত্ৰসকলে মূৰ দোৱায়, তেওঁলোকৰ মহিমা গায়। সন্ন্যাসীসকলৰ আগত কেতিয়াও এনেকৈ নকয় যে আপুনি সৰ্বগুণ সম্পন্ন…….. মই পাপী নীচ। দেৱতাসকলৰ আগত এনেকৈ কয়। বাবাই বুজাইছে – কুমাৰীসকলৰ আগত সকলোৱে মূৰ দোৱায় আকৌ বিয়া হোৱাৰ পাছত তেওঁলোকে সকলোৰে আগত মূৰ দোৱায় কিয়নো বিকাৰী হৈ যায়। পিতাই কয় – এতিয়া তোমালোক নিৰ্বিকাৰী হ'লে আধাকল্প নিৰ্বিকাৰী হৈ থাকিবা। এতিয়া 5 বিকাৰৰ ৰাজ্যই সমাপ্ত হয়। এয়া হ'ল মৃত্যুলোক, সেয়া হ'ল অমৰলোক। তোমালোক আত্মাসকলে এতিয়া জ্ঞানৰ তৃতীয় নেত্র পাইছা। পিতাইহে দিয়ে। তিলকো মস্তকত লগায়। এতিয়া আত্মাই জ্ঞান পাই আছে। কিহ’ৰ বাবে? তোমালোকে নিজেই নিজক ৰাজতিলক লগোৱা। যেনেকৈ আইন শাস্ত্ৰ পঢ়িলে তেতিয়া পঢ়ি উঠি নিজেই নিজক আইনজ্ঞৰ তিলক লগায়। পঢ়িলে তিলক পাবা। আশীৰ্বাদেৰে জানো পাবা। তেনেহ'লেতো সকলোৰে ওপৰত শিক্ষকে কৃপা কৰিব, সকলো উত্তীৰ্ণ হৈ যাব। সন্তানসকলে নিজেই নিজক ৰাজতিলক লগাব লাগে। পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব আৰু চক্ৰক স্মৰণ কৰিলে চক্ৰৱৰ্তী মহাৰজা হৈ যাবা। পিতাই কয় তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। দেৱী-দেৱতাসকল দ্বি-মুকুটধাৰী হয়। পতিত ৰজাসকলেও তেওঁলোকক পূজা কৰে। তোমালোকক পূজাৰী ৰজাসকলতকৈও উচ্চ কৰি তোলে। যিয়ে বহুত দান-পুণ্য কৰে তেওঁ ৰজাৰ ঘৰত জন্ম লয় কিয়নো ভাল কর্ম কৰিছে। তোমালোকে এতিয়া ইয়াত অবিনাশী জ্ঞান ধন পাইছা, সেয়া ধাৰণ কৰি আকৌ দান কৰিব লাগে। এয়া হৈছে উপাৰ্জনৰ উৎস। শিক্ষকেও শিক্ষা দান কৰে। সেই শিক্ষা হৈছে অল্পকালৰ বাবে। বিদেশত পঢ়ি আহে, আহিয়েই যদি হাৰ্ট ফেইল হৈ যায় তেন্তে পঢ়া শেষ। বিনাশী হৈ গ’ল নহয়। সকলো পৰিশ্ৰম অথলে গ'ল। তোমালোকৰ পৰিশ্ৰম এনেয়ে যাব নোৱাৰে। তোমালোকে যিমানে ভালকৈ পঢ়িবা সিমানে 21 জন্ম তোমালোকৰ পঢ়া স্থায়ী হৈ থাকিব। তাত অকাল মৃত্যু নহয়। এই পঢ়া লগত লৈ যাম।

এতিয়া যেনেকৈ পিতা কল্যাণকাৰী তেনেকৈ তোমালোক সন্তানসকলো কল্যাণকাৰী হ’ব লাগে। সকলোকে ৰাস্তা দেখুৱাব লাগে। বাবাইতো বহুত ভাল ৰায় দিয়ে। এটাই কথা বুজোৱা যে সৰ্বশ্ৰেষ্ঠ শিৰোমণি শ্ৰীমদ্ভাগৱত গীতাৰ ইমান মহিমা কিয় কৰা হয়? ভগৱানৰেই শ্ৰেষ্ঠ মত। এতিয়া ভগৱান বুলি কাক কোৱা হ’ব? ভগৱানতো এজনেই। তেওঁ হৈছে নিৰাকাৰ, সকলো আত্মাৰ পিতা, সেয়েহে পৰস্পৰ ভাই ভাই বুলি কয় আকৌ যেতিয়া ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি ৰচে তেতিয়া ভাই-ভনী হৈ যায়। এই সময়ত তোমালোক ভাই-ভনী হোৱা গতিকে পৱিত্ৰ হৈ থাকিব লাগে। এইটো হৈছে যুক্তি। আসুৰিক দৃষ্টি একেবাৰে আঁতৰি যাব লাগে। সাৱধান হ’ব লাগে, মোৰ দুচকু ক্ষতিকাৰকতো নহ’ল? বজাৰত চানা দেখি অন্তৰে খাবতো নিবিচাৰিলে? এনেকৈ বহুতৰে অন্তৰে বিচাৰে, তেতিয়া খায়ো দিয়ে। ব্ৰাহ্মণী আছে, কোনোবা ভাইৰ লগত যায় আৰু তেওঁ যদি কয় চানা খাব নেকি, এবাৰ খালে জানো পাপ লাগিব! যিসকল অপৈণত হয় তেওঁলোকে তৎক্ষণাৎ খাই দিয়ে। ইয়াৰ ওপৰত শাস্ত্ৰতো অৰ্জুনৰ দৃষ্টান্ত আছে। এই কাহিনীবোৰ বহি ৰচনা কৰিছে। বাকী সকলোবোৰ এই সময়ৰে কথা।

তোমালোক সকলো হৈছা সীতা। তোমালোকক পিতাই কয় - এজন পিতাক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হ’ব। বাকী আন কোনো কথা নাই। এতিয়া তোমালোকে বুজি পোৱা যে ৰাৱণ কোনো মনুষ্য নহয়। এয়াতো যেতিয়া বিকাৰ প্ৰৱেশ কৰে তেতিয়া ৰাৱণ সম্প্ৰদায়ৰ বুলি কোৱা হয়। যেনেকৈ কোনোবাই এনেকুৱা কাম কৰিলে তেতিয়া কয় - তুমিতো অসুৰ। চাল-চলন আসুৰিক হয়। বিকাৰী সন্তানক ক’ব তুমি কুল কলংকিত হ’লা। এয়া আকৌ বেহদৰ পিতাই কয় - তোমালোকক মই ক’লাৰ পৰা বগা কৰি তোলোঁ পুনৰ মুখ ক’লা কৰি লোৱা। প্ৰতিজ্ঞা কৰি পুনৰ বিকাৰী হৈ যোৱা। ক’লাতকৈও ক’লা হৈ যোৱা, সেইকাৰণে পাথৰ বুদ্ধিৰ বুলি কোৱা হয়। পুনৰ এতিয়া তোমালোক পাৰস বুদ্ধিৰ হোৱা। তোমালোকৰ হৈছে আৰোহণ কলা। পিতাক চিনি পালা আৰু বিশ্বৰ মালিক হ’লা। সংশয়ৰ কথা থাকিব নোৱাৰে। পিতা হৈছে স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা। গতিকে নিশ্চয় সন্তানসকলৰ বাবে স্বৰ্গ উপহাৰ হিচাপে আনিব নহয়। শিৱজয়ন্তীও পালন কৰে - কি কৰে চাগে? ব্ৰত আদি ৰাখে চাগে। বাস্তৱত ব্ৰত ৰাখিব লাগে বিকাৰৰ। বিকাৰত যাব নালাগে। ইয়াৰ কাৰণেই তোমালোকে আদি-মধ্য-অন্ত দুখ পাইছা। এতিয়া এই এটা জন্ম পৱিত্ৰ হোৱা। পুৰণি সৃষ্টিৰ বিনাশ সমাগত। তোমালোকে দেখিবা যে ভাৰতত 9 লাখ থাকিবগৈ, তাৰপাছত শান্তি হৈ যাব। অন্য ধৰ্মই নাথাকিব যাৰ বাবে তালি বাজিব (মতানৈক্য হ’ব)। এক ধৰ্মৰ প্ৰতিষ্ঠা বাকী অনেক ধৰ্মৰ বিনাশ হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী জ্ঞান ধন নিজৰ মাজত ধাৰণ কৰি আকৌ দান দিব লাগে। পঢ়াৰ দ্বাৰা নিজেই নিজক ৰাজ তিলক দিব লাগে। যেনেকৈ পিতা কল্যাণকাৰী তেনেকৈ কল্যাণকাৰী হ’ব লাগে।

(2) খোৱা-বোৱাত পূৰা সংযম ৰাখিব লাগে। দুচকুৱে যাতে কেতিয়াও প্ৰবঞ্চনা নকৰে তাৰ বাবে সাৱধান হ’ব লাগে। নিজক শুধৰাব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম কৰিব নালাগে।

বৰদান:
মনৰ শক্তিৰ অনুভৱৰ দ্বাৰা বিশাল কাৰ্যত সদায় সহযোগী হোৱা

প্ৰকৃতি, তমোগুণী আত্মাৰ বায়ুমণ্ডল পৰিৱৰ্তন কৰা তথা অনাহকতে তেজৰ খেলৰ বায়ুমণ্ডল, প্ৰকম্পনত নিজক সুৰক্ষিত কৰি ৰখা, অন্য আত্মাসকলক সহযোগ দিয়া, নতুন সৃষ্টিত নতুন ৰচনা যোগবলেৰে আৰম্ভ কৰা - এই সকলোবোৰ বিশাল কাৰ্যৰ বাবে মনৰ শক্তিৰ আৱশ্যকতা আছে। মনৰ শক্তি দ্বাৰাহে নিজৰ অন্তিম সময় সুন্দৰ হ’ব। মনৰ শক্তি অৰ্থাৎ শ্ৰেষ্ঠ সংকল্প শক্তি, এজনৰ সৈতে স্বচ্ছ যোগসূত্ৰ - এতিয়া ইয়াৰ অনুভৱী হোৱা তেতিয়া বেহদৰ কাৰ্যত সহযোগী হৈ বেহদৰ ৰাজ্য অধিকাৰী হ’বা।

স্লোগান:
নিৰ্ভীকতা আৰু নম্ৰতাই যোগী আৰু জ্ঞানী আত্মাৰ স্বৰূপ।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

পৰমাত্ম স্নেহ হৈছে আনন্দময় ঝুলনা, এই আনন্দময় ঝুলনাত ঝুলি সদায় পৰমাত্ম স্নেহত লীন হৈ থাকা তেতিয়া কোনো পৰিস্থিতি বা মায়াৰ অস্থিৰতা আহিব নোৱাৰে। পৰমাত্ম-স্নেহ অক্ষয়, অটল, ইমান আছে যে সকলোৱে প্ৰাপ্ত কৰিব পাৰে কিন্তু পৰমাত্ম-স্নেহ প্ৰাপ্ত কৰাৰ বিধি হৈছে - অনাসক্ত হোৱা। যিমানে অনাসক্ত হ’বা সিমানে পৰমাত্ম স্নেহৰ অধিকাৰ প্ৰাপ্ত হ’ব।