04.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ সোঁহাত স্বৰূপ হ'বলৈ হ'লে প্ৰতিটো কথাত সত্যনিষ্ঠ হোৱা, সদায় শ্ৰেষ্ঠ কর্ম কৰা”
প্ৰশ্ন:
কোনটো সংস্কাৰে
সেৱাত বহুত বিঘিনিৰ সৃষ্টি কৰে?
উত্তৰ:
ভাৱ-স্বভাৱৰ কাৰণে পৰস্পৰ যি দ্বৈত মতৰ সংস্কাৰ গঢ় লৈ উঠে, সেই সংস্কাৰে সেৱাত বহুত
বিঘিনিৰ সৃষ্টি কৰে। দ্বিমতেৰে বহুত লোকচান হয়। ক্ৰোধৰ ভূত এনেকুৱা যে ভগৱানৰো
বিৰুদ্ধাচৰণ কৰিবলৈ পলম নকৰে সেইবাবে বাবাই কয় - মৰমৰ সন্তানসকল, যদি এনেকুৱা কিবা
সংস্কাৰ আছে সেয়া আঁতৰাই দিয়া।
গীত:
তকদিৰ জগাকৰ
আই হুঁ ….. (ভাগ্য উদয় কৰি আহিছোঁ…..)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটি শুনিলা। আত্মিক সন্তানসকল অৰ্থাৎ শিৱবাবা যি পৰম আত্মা হয়, তেওঁৰ
সন্তান আত্মাসকলে শৰীৰ ৰূপী কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা গীতটি শুনিলে। এতিয়াতো সন্তানসকল
আত্ম-অভিমানী হ'ব লাগে। বহুত পৰিশ্ৰমো আছে। বাৰে বাৰে নিজক আত্মা বুলি বুজি পিতাক
স্মৰণ কৰিব লাগে। এয়া হৈছে গুপ্ত পৰিশ্ৰম। পিতাও গুপ্ত গতিকে পৰিশ্ৰমো গুপ্তভাৱে
কৰায়। পিতা স্বয়ং আহি কয় - সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া কল্প 5 হাজাৰ বছৰ
পূৰ্বৰ দৰেই পুনৰাই সতোপ্ৰধান হ'বা। সন্তানসকলে বুজে আমিয়েই সতোপ্ৰধান আছিলোঁ আকৌ
আমিয়েই এতিয়া তমোপ্ৰধান হৈছোঁ। সতোপ্ৰধান নিশ্চয় হ'ব লাগে। গীততো কয় - ভাগ্য যি
হেৰুৱাই পেলাইছা সেয়া পুনৰ পাবৰ কাৰণে পুৰুষাৰ্থ কৰাওঁতা এজনেই সৰ্বশক্তিমান পিতা,
কিয়নো সকলোকে পাৱন কৰি তোলে নহয়। পিতাই সন্তানসকলক বুজায়, হে আত্মিক সন্তানসকল এতিয়া
ভাগ্য গঢ়িবলৈ আহিছা। বিদ্যাৰ্থী স্কুলত ভাগ্য গঢ়িবলৈ যায় নহয়। সিহঁততো সৰু
ল'ৰা-ছোৱালী। তোমালোক সৰু নহয়, তোমালোকতো ডাঙৰ বয়স্ক হোৱা। ভাগ্য গঢ়ি আছা। অৱশ্যে
হয় কিছুমান বৃদ্ধও আছে। বৃদ্ধ অৱস্থাতকৈ ডেকা অৱস্থাত পঢ়িবলৈ ভাল হয়, ডেকা অৱস্থাত
বুদ্ধি ভাল হয়। এয়াতো সকলোৰে কাৰণে বহুত সহজ। তোমালোকৰ শৰীৰতো ডাঙৰ হয় নহয়। এইটো
শিশু, ইমান বুজিব নোৱাৰিব কিয়নো ইন্দ্ৰিয়সমূহ সৰু (অপৈণত)। স্তুতি-নিন্দা, দুখ-সুখ
এই কথাবোৰ তোমালোকে বুজিব পাৰা। আত্মাতো বিন্দু হয়। শৰীৰ বৃদ্ধি হৈ থাকে। আত্মাতো
একৰসতেই থাকে। কেতিয়াও সৰু-ডাঙৰ নহয়। সেই আত্মাৰ বুদ্ধিৰ কাৰণে পিতাই কস্তুৰীৰ দৰে
উপহাৰ দি আছে কিয়নো এতিয়াতো বুদ্ধি একেবাৰে তমোপ্ৰধান হৈ গৈছে। সেয়া এতিয়া স্বচ্ছও
হৈ আছে। এই চিত্ৰ তোমালোকৰ বুজোৱাত বহুত কামত আহে। ভক্তিমাৰ্গত দেৱতাসকলৰ আগত গৈ
মূৰ দোৱায়, পূজা কৰে। আগতে তোমালোকেও অন্ধশ্ৰদ্ধাৰে গৈছিলা। শিৱৰ মন্দিৰত গৈছিলা,
তোমালোকে জানো এইটো জানিছিলা যে এওঁ শিৱবাবা হয়। বাবাৰ পৰা নিশ্চয় উত্তৰাধিকাৰ পাইছা
সেইবাবেতো তেওঁৰ মহিমা গোৱা হয়। কোনোবাই ভাল কাম কৰি গ’লে তেতিয়া তেওঁৰ মহিমা গোৱা
হয়। শিৱবাবাৰ ষ্টাম্প তৈয়াৰ কৰা উচিত। শিৱবাবা গীতাৰ উপদেশক.... এইটো ষ্টাম্প সহজে
তৈয়াৰ কৰিব পাৰিব। সেইজন পিতা সকলোকে সুখ দিওঁতা হয়। পিতাই কয় - মই তোমালোকক
সুখধামৰ মালিক কৰি তোলোঁতা হওঁ। বুঢ়ীসকলেও এইটোতো নিশ্চয় বুজে যে আমি শিৱবাবাৰ ওচৰলৈ
আহিছোঁ, যিজন বিচিত্ৰ। যিজনে এই চিত্ৰত (শৰীৰত) প্ৰৱেশ কৰিছে। নিৰাকাৰক বিচিত্ৰ বুলি
কোৱা হয়। বুদ্ধিত থাকে যে আমি শিৱবাবাৰ ওচৰলৈ যাওঁ, যিজনে এই অস্থায়ী চিত্ৰ ধাৰণ
কৰিছে। পতিতসকলক পাৱন কৰি মুক্তি-জীৱনমুক্তি দিয়ে অথবা শান্তিধাম, সুখধামৰ নিবাসী
কৰি তোলে। মনুষ্যই শান্তিৰ কাৰণেই চেষ্টা কৰে। ভগৱানক পালে শান্তি পাম, সুখৰ কাৰণে
পুৰুষাৰ্থ নকৰে। বচ্ পিতাৰ ওচৰত ঘৰলৈ যাওঁ, ভগৱানক পাওঁ। এই সময়ত সকলো মুক্তিৰ আশা
ৰাখোঁতা হয়। জীৱনমুক্তি লওঁতা কেৱল তোমালোক ব্ৰাহ্মণসকলহে হোৱা। বাকী সকলো মুক্তিৰ
আশা ৰাখোঁতা। জীৱনমুক্তিৰ ৰাস্তা দেখুৱাওঁতা কোনো নাই। সন্ন্যাসী আদিৰ ওচৰত গৈ
শান্তি বিচাৰে। ক’ব মনৰ শান্তি কেনেকৈ পোৱা যায়। যিসকল ৰাস্তা দেখুৱাওঁতা আছে
তেওঁলোক হয়েই মুক্তিলৈ যাওঁতা। মোক্ষ কি হয়, সেয়াও বুদ্ধিত নাহে। বিতুষ্ট হৈ কয়
মুক্তিত গ’লে সেয়াই ভাল। বাস্তৱত মুক্তিধাম হ'ল আত্মাসকলৰ নিবাস স্থান। ইমান
সেৱাকেন্দ্ৰত সন্তান আছে সকলোৱে জানে যে আমি নতুন সৃষ্টিৰ বাবে ৰাজ্য-ভাগ্য লওঁ।
বাবাই আমাক নতুন সৃষ্টিৰ ৰাজ্য দিয়ে। ক'ত দিব? নতুন সৃষ্টিত দিব নে পুৰণি সৃষ্টিত
দিব? পিতাই কয় - মই সংগমত আহোঁ। মই সত্যযুগতো নাহোঁ আৰু কলিযুগতো নাহোঁ। দুয়োটাৰ
মাজত আহোঁ। পিতাইতো সকলোকে সৎগতি দিব নহয়। এনেকুৱা নহয় যে দুৰ্গতিত এৰি যাব। সৎগতি
আৰু দুৰ্গতি একেলগে থাকিব নোৱাৰে। সন্তানসকলে জানে এই পুৰণি সৃষ্টি বিনাশ হ'ব,
সেইবাবে ইয়াৰ প্ৰতি মৰম নাৰাখিবা। বুদ্ধিয়ে কয় যথাযথ আমি এতিয়া সংগমযুগত আছোঁ। এইখন
সৃষ্টি পৰিৱৰ্তন হ'বলৈ গৈ আছে। এতিয়া পিতা আহিছে, পিতাই কয় - মই কল্পই কল্পই সংগমত
আহোঁ। তোমালোকক দুখৰ পৰা উদ্ধাৰ কৰি হৰিৰ দ্বাৰলৈ লৈ যাওঁ। এয়া জ্ঞানৰ কথা।
হৰিদ্বাৰ, কৃষ্ণৰ দ্বাৰক অর্থাৎ কৃষ্ণপুৰীক কোৱা হয়। বাৰু তেওঁৰ কাৰণে আকৌ লক্ষ্মণ
ঝুলা লগাই দিছে। প্ৰথমতে হৰিদ্বাৰ আহিব। সত্যযুগক হৰি-দ্বাৰ বুলি কোৱা হয়। তাৰপাছত
ৰাম-লক্ষ্মণ আদি দেখুৱায়। তেনেকুৱা কোনো কথা নাই। সেয়াতো মনে সজা কথা। ৰামৰ কিমান
ভাই দি দিছে! 4 গৰাকী ভাইতো নাথাকে। 4-8 গৰাকীতো ইয়াত থাকে। এফালে হৈছে ঈশ্বৰীয়
সন্তান, আনফালে হৈছে আসুৰি সন্তান।
এতিয়া তোমালোকে জানা
শিৱবাবা ব্ৰহ্মাৰ শৰীৰত আহিছে। শিৱবাবা আছে, ব্ৰহ্মা হ'ল দাদা। প্ৰজাপিতা হয়। সেইজন
আত্মাসকলৰ পিতাতো অনাদি হয়, এই সময়ত ব্ৰাহ্মণ ৰচনা কৰে। এনেকুৱা নহয় যে শিৱবাবাই
শালগ্ৰাম ৰচনা কৰে। নহয়, শালগ্ৰামতো অবিনাশী আছেই। কেৱল পিতা আহি পৱিত্ৰ কৰি তোলে।
যেতিয়ালৈকে আত্মা পৱিত্ৰ নহয় তেতিয়ালৈকে শৰীৰ কেনেকৈ পৱিত্ৰ হ'ব পাৰে। আমি আত্মাসকল
পৱিত্ৰ আছিলোঁ তেতিয়া সতোপ্ৰধান আছিলোঁ। এতিয়া অপৱিত্ৰ তমোপ্ৰধান আকৌ সতোপ্ৰধান
কেনেকৈ হওঁ। এয়াতো সহজ বোধশক্তিৰ কথা। এই সময়ত তোমালোকৰ খাদ পৰাৰ বাবে পতিত
তমোপ্ৰধান হৈ গৈছা। এতিয়া পুনৰ সতোপ্ৰধান হ'ব লাগে। হিচাপ-নিকাচ নিষ্পত্তি কৰি সকলো
শান্তিধাম বা সুখধামত আহিব। আত্মাসকল নিৰাকাৰী ঘৰৰ পৰা কেনেকৈ আহে, তাৰ স্মাৰকো
খ্ৰীষ্টানসকলে বৃক্ষত বাল্ব লগাই পালন কৰে। তোমালোকে জানা যে এয়া সকলো ধৰ্মৰ ভিন্ন
ভিন্ন শাখা, তাৰ পৰা আত্মাসকল কেনেকৈ ক্ৰমানুসৰি তললৈ আহে, এই জ্ঞান তোমালোকে পাইছা।
আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ হৈছে শান্তিধাম। এতিয়া হৈছে সংগম। তাৰ পৰা সকলো আত্মা আহি
যাব আকৌ সকলো যাব। প্ৰলয়তো হ'বলগীয়া নাই। তোমালোকে জানা আমি বাবাৰ পৰা ভাগ্য গঢ়িবলৈ
পুনৰ স্বৰাজ্য ল’বলৈ আহিছোঁ। এয়া কোনো কেৱল কোৱাতে সীমিত নহয়। স্মৃতিৰেহে
উত্তৰাধিকাৰ পাবা। পিতাই কয় - দেহ সহিত যি দেহৰ মিত্ৰ-সম্বন্ধীয় আদি আছে, সকলোকে
পাহৰি যোৱা। চিত্ৰ আৰু বিচিত্ৰ হয় নহয়। বিচিত্ৰ বুলি তেওঁক কোৱা হয় যাক দেখা পোৱা
নাযায়। এয়া অতি সূক্ষ্ম কথা। আত্মা কিমান সূক্ষ্ম। আত্মাই বাৰে বাৰে ভূমিকা পালন
কৰিবলগীয়া হয় অন্য কাৰো বুদ্ধিত এনেধৰণৰ কথাবোৰ নাই। প্ৰথমতেতো এইটো বুদ্ধিত বহুৱাব
লাগে যে আমি আত্মা, তেওঁ আমাৰ পিতা। তেওঁকেই পতিত-পাৱন, হে ভগৱান বুলি স্মৰণ কৰে।
অন্য কোনো ঠাইলৈ যোৱাৰ দৰকাৰ নাই। গতিকে স্মৰণো এজনকে কৰিব লাগে নহয়। ভগৱানক স্মৰণ
কৰে নিশ্চয় তেওঁৰ পৰা কিবা পাব। তেন্তে দুৱাৰে দুৱাৰে কিয় হাবাথুৰি খোৱা! ভগৱানতো
পৰামধামৰ পৰা আহিব লাগিব নহয়। আমিতো যাব নোৱাৰোঁ কিয়নো পতিত হওঁ। পতিত তালৈ যাব
নোৱাৰে। এতিয়া তোমালোক আচম্বিত হোৱা। ভক্তিমাৰ্গৰ ভূমিকা কেনেকুৱা আচৰিত। এজন
ভাগৱানকে স্মৰণ কৰে - হে ঈশ্বৰ, হে পৰমপিতা, অ’ গড্ ফাদাৰ। যিহেতু তেওঁ এজনেই
তেন্তে আকৌ অন্যফালে কিয় হাবাথুৰি খোৱা! তেওঁ এজনেই ওপৰত থাকে। কিন্তু এয়া সকলোবোৰ
নিৰ্ধাৰিত হৈ আছে, ড্ৰামা অনুসৰি ভক্তি কৰে, বেহদৰ অজ্ঞানতাৰে। এতিয়া তোমালোক আকৌ
বেহদৰ বুদ্ধিমান হোৱা। শ্রীমতত চলাসকলেই বুদ্ধিমান হয়। তেওঁলোক লুকাই থাকিব নোৱাৰে,
তেওঁলোকে সদায় শ্ৰেষ্ঠাচাৰী কামেই কৰিব। পিতাই কয় - মই দুখ হৰ্তা, সুখ কৰ্তা হওঁ
গতিকে সন্তানসকলো কিমান অমায়িক হোৱা উচিত। পিতাৰ সোঁহাত হ'ব লাগে। এনেকুৱা সন্তানহে
পিতাৰ প্রিয় হয়। সোঁহাত আছে নহয়। তোমালোকে জানা বাওঁহাতেৰে ইমান কাম কৰিব নোৱাৰে
কিয়নো সোঁহাতে সত্যনিষ্ঠ কাম কৰে সেইবাবে এই সোঁহাতহে শুভ কাৰ্যত লগায়। পূজা সদায়
সোঁহাতেৰে কৰে। পিতাই কয় - প্ৰতিটো কথাত সত্যনিষ্ঠ হোৱা। পিতাক পাইছা গতিকে আনন্দিত
হোৱা উচিত।
পিতাই কয় – মামেকম্
(কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। মত আৰু
গত বা গতি কৰাৰ মত এটাই। গোৱাও হয় ঈশ্বৰৰ গত মত ঈশ্বৰেহে জানে। তেৱেঁই পতিত-পাৱন।
তেওঁলোকে জানে মই মনুষ্যক পাৱন কৰি তুলি দুৰ্গতিৰ পৰা সৎগতিলৈ কেনেকৈ লৈ যাম।
ভক্তিমাৰ্গত কিমান পৰিশ্ৰম কৰে কিন্তু সৎগতি নহয়। একোৱে ফল নাপায়, সৎগতি কৰোঁতাতো
একমাত্ৰ পিতাই হয়। ভক্তিত যিয়ে যি ভাৱনাৰে পূজা কৰে, তেওঁলোকক তাৰ ফল দিওঁতাজনো
ময়েই। সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, তেওঁলোকেই নিজেই নিজৰ পুৰুষাৰ্থৰে পাই যায়।
এতিয়া পৱিত্ৰও সন্তানসকলে নিজৰ পুৰুষাৰ্থৰে হ'ব লাগে। পিতাই কয় - মৰমৰ পিতাক স্মৰণ
কৰা। তেৱেঁই সৰ্বশক্তিমান, হৰ্তা-কৰ্তা কিমান ভাল কৰি তোলে। তোমালোকে সকলোবোৰ জানি
গৈছা আকৌ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। ৰচয়িতা আৰু ৰচনাৰ জ্ঞান তোমালোকৰ বুদ্ধিত
আছে। তোমালোকে জানা এই জ্ঞান আমাৰ নাছিল। যজ্ঞ-তপ আদি কৰা, শাস্ত্ৰ আদি শুনা - এয়া
হৈছে শাস্ত্ৰৰ জ্ঞান। তাক ভক্তি বুলি কোৱা হয়। তাত লক্ষ্য-উদ্দেশ্য একো নাই। পঢ়াত
লক্ষ্য-উদ্দেশ্য থাকে। কিবা নহয় কিবা প্ৰকাৰৰ জ্ঞান থাকে। আমাক পতিতৰ পৰা পাৱন
হোৱাৰ জ্ঞান পতিত-পাৱন পিতাই দিছে। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান পিতাই দিছে। এই
সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, ইয়াত সকলো ভাৱৰীয়া ভূমিকা পালন কৰোঁতা হয়। এইখন অনাদি
ড্ৰামা ৰচি থোৱা আছে। এই বেহদৰ জ্ঞানতো নিশ্চয় থকা উচিত।
তোমালোক সন্তানসকলে
জানা যে এতিয়া আমি ঘোৰ অন্ধকাৰৰ পৰা ওলাই ঘোৰ আলোকলৈ গৈ আছোঁ। তোমালোক এতিয়া দেৱতা
হৈ আছা। এয়াও বুজাব লাগে যে আদি সনাতনতো দেৱী-দেৱতা ধৰ্ম হয়, যাক হিন্দু ধৰ্ম বুলি
কৈ দিছে। লাহে লাহে এই কথাও বুজি পাই যাব। সন্তানসকল আগবাঢ়ি আহিব লাগে। ইয়াততো অনেক
সন্তানৰ প্ৰয়োজন। দিল্লীত সন্মিলন অনুষ্ঠিত কৰিব লাগে। পৰিস্তানো দিল্লীক কোৱা হয়।
ইয়াতে যমুনাৰ পাৰ আছিল, দিল্লী ৰাজধানী হয়। বহুতে শাসন কৰিছে। দেৱতাসকলৰ ৰাজধানীও
এয়া আছিল, দিল্লীত বহুত ডাঙৰ সন্মিলন হোৱা উচিত কিন্তু মায়া এনেকুৱা যে কৰিবলৈ
নিদিয়ে। বিঘিনি বহুত আনে। আজিকালি ভাৱ-স্বভাৱো বহুত হৈ গৈছে নহয়। সন্তানসকল পৰস্পৰ
মিলি সেৱাত লাগিব লাগে। তেওঁলোকো (লৌকিকত) পৰস্পৰ মিলি নাথাকিলে ৰাজ্যই নোহোৱা হৈ
যায়। দুটা দল হৈ গ’লে ৰাষ্ট্ৰপতিকো মাৰি পেলায়। দ্বৈত মতে বহুত লোকচান কৰে। তেতিয়া
ভগৱানৰো বিৰুদ্ধাচৰণ কৰিবলৈ পলম নকৰে। লোকচানো বহুত হয়। ক্ৰোধৰ ভূত আহি গ’লেতো
তেতিয়া আকৌ কথাই নুসুধিবা সেইবাবে বাবাই কয় - গুড় (শিৱবাবা) আৰু গুড়ৰ ‘গোথৰী’য়ে (গুড়
ৰখা পাত্ৰ অৰ্থাৎ শিৱবাবাৰ ৰথ ব্ৰহ্মা বাবাই) জানে। পিতাই সন্তানসকলক সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞান শুনাই আছে। এতিয়া কোনোবাই ধাৰণ কৰে বা নকৰে, সেয়া পুৰুষাৰ্থৰ
ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা নহয় যে বাবাই কাৰোবাৰ ওপৰত আশীৰ্বাদ বা কৃপা কৰিব, ইয়াত
কৃপা আদি বিচৰাৰ কোনো কথা নাই। প্ৰেৰণাৰ দ্বাৰা যদি যোগ আৰু জ্ঞান শিকাবলগীয়া হয়,
তেনেহ’লেতো পিতাই কয় - মই এই লেতেৰা সৃষ্টিলৈ আহোঁ কিয়? প্ৰেৰণা, আশীৰ্বাদ এই
সকলোবোৰ ভক্তিমাৰ্গৰ শব্দ। ইয়াত পুৰুষাৰ্থ কৰিবলগীয়া হয়, প্ৰেৰণাৰ কথা নাই। তোমালোকে
একেলগে 3 টা ইঞ্জিন পাইছা। তাততো পিতা বেলেগ, শিক্ষক বেলেগ পোৱা, গুৰু অন্তিমত পায়।
ইয়াততো এই তিনিওগৰাকী একেলগে আছে। পিতাই কয় - মই তোমালোকক পূজ্য কৰি তোলোঁ, তোমালোক
আকৌ পূজাৰী হৈ যাবাগৈ। বহুত যুক্তিৰে বুজাব লাগে। এনেকুৱা যাতে নহয় যে কোনোবা বেহুচ
(সংজ্ঞাহীন) হৈ যাব। প্ৰথমতে মুখ্য হৈছে দুজন পিতাৰ কথা। ভগৱান পিতা, তেওঁৰ জন্ম
শিৱ জয়ন্তীও পালন কৰে। নিশ্চয় স্বৰ্গৰ মালিক কৰি তোলে। ভাৰততে স্বর্গ আছিল। এতিয়া
নৰকৰ বিনাশৰ কাৰণে মহাভাৰতৰ যুদ্ধ থিয় হৈ আছে। নিশ্চয় পিতা নতুন সৃষ্টিৰ স্থাপনা
কৰাওঁতাও হয়। পিতাৰ শ্রীমততহে আমি কওঁ যে ভাৰতক আমি পাৱন কৰিহে এৰিম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ
পিতা দুখ হৰ্তা, সুখ কৰ্তা, তেনেকুৱা পিতাৰ সমান হ'ব লাগে। বহুত অমায়িক হ'ব লাগে।
সদায় শুভ কাম কৰি সোঁহাত স্বৰূপ হৈ যাব লাগে।
(2) কেতিয়াও দ্বৈত
মতধাৰী হ’ব নালাগে। ভাৱ-স্বভাৱত আহি ইজনে সিজনৰ বিৰুদ্ধাচৰণ কৰিব নালাগে। ক্ৰোধৰ
ভূত আঁতৰাই দিব লাগে।
বৰদান:
নিজৰ অৰ্থাৎ
আত্ম স্মৃতিত থাকি নিজৰ প্ৰতিটো কৰ্মক সংযম (নিয়ম) কৰি তোলোঁতা কৰ্তৃত্ব স্বৰূপ
হোৱা
যেনেকৈ সাকাৰত আত্ম
স্মৃতিত থাকি যি কৰ্ম কৰিলে সেয়াই ব্ৰাহ্মণ পৰিয়ালৰ সংযম (নিয়ম) হৈ গ’ল। নিজৰ
নিচাত থকাৰ বাবে কৰ্তৃত্বৰে ক'ব পাৰিছিল যে যদি সাকাৰৰ দ্বাৰা কোনো ওলোটা কৰ্মও হৈ
যায়, তেন্তে সেয়া চিধা কৰি দিম। আত্ম স্বৰূপৰ স্মৃতিত থাকিলে এইটো নিচা থাকে যে
কোনো কৰ্ম ওলোটা হ'বই নোৱাৰে। তোমালোক সন্তানসকলেও যেতিয়া নিজৰ অৰ্থাৎ আত্ম
স্থিতিত স্থিৰ হৈ থাকিবা, তেতিয়া যি সংকল্প চলিব, যি কথা ক'বা বা কৰ্ম কৰিবা,
সেয়াই সংযম (নিয়ম) হৈ যাব।
স্লোগান:
পৱিত্ৰতাৰ স্তম্ভ মজবুত কৰা, তেতিয়া এই স্তম্ভই ‘লাইট হাউছ’ৰ কাম কৰি থাকিব।
অব্যক্ত ইংগিত :
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
যদি বুদ্ধিত অশুদ্ধ
সংকল্প বা পুৰণা সংস্কাৰে সংকল্প ৰূপতো স্পৰ্শ কৰে, তেন্তে সম্পূৰ্ণ বৈষ্ণৱ বুলি
কোৱা নহ’ব। যেনেকৈ কোনোবাই অকৰ্তব্য কাৰ্য দেখিলেও চোৱাৰ প্ৰভাৱ পৰে আৰু তাৰো হিচাপ
সৃষ্টি হৈ যায়। এইটো হিচাপত ভাবি চোৱা, যদি পুৰণা সংস্কাৰ বা অশুদ্ধ সংকল্পই বুদ্ধি
স্পৰ্শ কৰে, তেতিয়াও সম্পূৰ্ণ বৈষ্ণৱ বা সম্পূৰ্ণ পৱিত্ৰ বুলি কেনেকৈ কোৱা হ’ব।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]