04.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোকে এতিয়া পিতাৰ দ্বাৰা দিব্য দৃষ্টি পাইছা, সেই দিব্য দৃষ্টিৰেহে তোমালোকে আত্মা আৰু পৰমাত্মাক চাব পাৰা”

প্ৰশ্ন:
ড্ৰামাৰ কোনটো ৰহস্য বুজি পোৱাজনে কোনটো ৰায় কাকো নিদিব?

উত্তৰ:
যিয়ে বুজি পায় যে ড্ৰামাত যি অতীত হৈ গ’ল সেয়া পুনৰ সঠিককৈ পুনৰাবৃত্তি হ’ব, তেওঁ কেতিয়াও কাকো ভক্তি এৰিবলৈ ৰায় নিদিব। যেতিয়া তেওঁৰ বুদ্ধিত জ্ঞান ভালদৰে ধাৰণ হৈ যাব তেতিয়া বুজি পাব যে মই আত্মা, মই বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। যেতিয়া বেহদৰ পিতাৰ পৰিচয় পাই যাব তেতিয়া হদৰ কথাবিলাক আপোনাআপুনি সমাপ্ত হৈ যাব।

ওঁম্শান্তি।
নিজৰ আত্মাৰ স্বধৰ্মত বহি আছানে? আত্মিক পিতাই আত্মিক সন্তানসকলক সোধে কিয়নো এইটোতো সন্তানসকলে জানে যে এজনেই বেহদৰ পিতা আছে, যাক আত্মা বুলি কয়। কেৱল তেওঁক পৰম বুলি কোৱা হয়। ‘পৰম আত্মা’ বুলি কয়। পৰমাত্মা নিশ্চয় আছে, এনেকৈ নকয় যে পৰমাত্মা নায়েই। পৰম আত্মা মানে পৰমাত্মা। এইটোও বুজোৱা হৈছে, বিবুদ্ধিত পৰিব নালাগে কাৰণ 5 হাজাৰ বছৰ পুৰ্বেও এই জ্ঞান তোমালোকে শুনিছিলা। আত্মায়েই শুনে নহয়। আত্মা বহুত সূক্ষ্ম। ইমান সূক্ষ্ম যে এই দুচকুৰে চাব নোৱাৰি। এনেকুৱা কোনো মনুষ্য নোলাব যিয়ে আত্মাক এই দুচকুৰে দেখিছে। দেখিবলৈ পোৱা যায় কিন্তু দিব্য দৃষ্টিৰে। সেয়াও ড্ৰামাৰ পৰিকল্পনা অনুসৰি। বাৰু, ধৰি লোৱা কাৰোবাৰ আত্মাৰ সাক্ষাৎকাৰ হ’ল, যেনেকৈ অন্য বস্তু দেখিবলৈ পোৱা যায়। ভক্তিমাৰ্গতো কিবা সাক্ষাৎকাৰ হ’লে সেয়া এই দুচকুৰেই হয়। সেয়া দিব্য দৃষ্টি পোৱা যায় যাৰ দ্বাৰা চৈতন্যত দেখে। আত্মাই জ্ঞান চক্ষু পায় যাৰ দ্বাৰা চাব পাৰে, কিন্তু ধ্যানত। ভক্তিমাৰ্গত বহুত ভক্তি কৰিলে তেতিয়া সাক্ষাৎকাৰ হয়। যেনেকৈ মীৰাৰ সাক্ষাৎকাৰ হ’ল, নৃত্য কৰিছিল। বৈকুণ্ঠতো নাছিল। 500-600 বছৰ হ’ল চাগৈ। সেই সময়ত জানো বৈকুণ্ঠ আছিল। যি অতীত হৈ গ’ল তাক দিব্য দৃষ্টিৰে দেখা পোৱা যায়। যেতিয়া বহুত ভক্তি কৰি কৰি একেবাৰে ভক্তিময় হৈ যায় তেতিয়া সাক্ষাৎকাৰ হয় কিন্তু তাৰ দ্বাৰা মুক্তি পোৱা নাযায়। মুক্তি-জীৱনমুক্তিৰ ৰাস্তা ভক্তিৰ পৰা একেবাৰে অনন্য। ভাৰতত কিমান অনেক মন্দিৰ আছে। শিৱৰ লিংগ ৰাখে। ডাঙৰ লিংগও ৰাখে, সৰু লিংগও ৰাখে। এতিয়া এইটোতো সন্তানসকলে জানে যে যেনেকুৱা আত্মা তেনেকুৱাই পৰমপিতা পৰমাত্মা। আকাৰ সকলোৰে একেই। যেনেকুৱা পিতা তেনেকুৱা সন্তান। আত্মাসকল সকলো ভাই ভাই হয়। আত্মাসকল এই শৰীৰত আহে ভূমিকা পালন কৰিবলৈ, এইটো বুজিবলগীয়া কথা। এয়া কোনো ভক্তিমাৰ্গৰ মুখৰোচক কথা নহয়। জ্ঞানমাৰ্গৰ কথাবিলাক কেৱল এজন পিতাইহে বুজায়। প্ৰথমে বুজাওঁতা বেহদৰ পিতা নিৰাকাৰেই হয়, তেওঁক পূৰা ৰীতিৰে কোনেও বুজিব নোৱাৰে। কয় তেওঁতো সৰ্বব্যাপী। এইটো কোনো শুদ্ধ নহয়। পিতাক আহ্বান জনায়, বহুত স্নেহেৰে মাতে। কয় বাবা আপুনি যেতিয়া আহিব তেতিয়া আপোনাৰ প্ৰতি মই উৎসৰ্গিত হৈ যাম। মোৰতো আপুনিয়েই, দ্বিতীয় কোনো নাই। তেন্তে নিশ্চয় তেওঁক স্মৰণ কৰিবলগীয়া হয়। তেওঁ নিজেও কয় - হে সন্তানসকল। আত্মাসকলৰ সৈতেহে কথা পাতে। ইয়াক আত্মিক জ্ঞান বুলি কোৱা হয়। গায়নো কৰা হয় - আত্মা আৰু পৰমাত্মা পৃথকে থাকিল বহুকাল….. ইয়াৰো হিচাপ শুনাইছে। বহুকালৰ পৰা তোমালোক আত্মাসকল পৃথক হৈ আছা, যিসকল এতিয়া পুনৰ পিতাৰ ওচৰলৈ আহিছা। আকৌ নিজৰ ৰাজযোগ শিকিবলৈ। এইজন শিক্ষক সেৱক হয়। শিক্ষক সদায় একান্ত বাধ্য সেৱক হয়। পিতায়ো কয় - মইতো সকলো সন্তানৰ সেৱক হওঁ। তোমালোকে কিমান সন্মান সহকাৰে আহ্বান জনোৱা হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক। সকলো হৈছে ভক্তি কৰোঁতা। কয় – হে ভগৱান আহক, আমাক পুনৰ পাৱন কৰি তোলক। পাৱন সৃষ্টি স্বৰ্গক, পতিত সৃষ্টি নৰকক কোৱা হয়। এই সকলোবোৰ বুজিবলগীয়া কথা। এইখন মহাবিদ্যালয় অথবা ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। ইয়াৰ লক্ষ্য-উদ্দেশ্য হ’ল মনুষ্যৰ পৰা দেৱতা হোৱা। সন্তানসকলৰ নিশ্চয়তা জন্মিছে যে আমি এনেকুৱা হ’ব লাগে। যাৰ নিশ্চয়তাই জন্মা নাই তেওঁ স্কুলত বহিব জানো? লক্ষ্য-উদ্দেশ্যতো বুদ্ধিত আছে। মই বেৰিষ্টাৰ বা ডাক্টৰ হ’ম, গতিকে পঢ়িব নহয়। নিশ্চয়তা নাথাকিলে নাহিবই। তোমালোকৰ নিশ্চয়তা আছে যে আমি মনুষ্যৰ পৰা দেৱতা, নৰৰ পৰা নাৰায়ণ হওঁ। এয়া সঁচা সত্য নৰৰ পৰা নাৰায়ণ হোৱাৰ কাহিনী। বাস্তৱত এয়া হৈছে পঢ়া কিন্তু ইয়াক কাহিনী বুলি কিয় কয়? কিয়নো 5 হাজাৰ বছৰ পূৰ্বেও শুনিছিল। অতীত হৈ গ’ল। অতীতক কাহিনী বুলি কোৱা হয়। এয়া হ’ল নৰৰ পৰা নাৰায়ণ হোৱাৰ শিক্ষা। সন্তানসকলে অন্তৰেৰে বুজি পায় নতুন সৃষ্টিত দেৱতাসকল, পুৰণি সৃষ্টিত মনুষ্য থাকে। দেৱতাসকলৰ যি গুণ সেয়া মনুষ্যৰ নাই, সেইকাৰণে তেওঁলোকক দেৱতা বুলি কোৱা হয়। মনুষ্যই দেৱতাসকলৰ আগত নমস্কাৰ জনায়। আপুনি সৰ্বগুণ সম্পন্ন….. আকৌ নিজক কয় - মই নীচ পাপী। মনুষ্যয়ে কয়, দেৱতাসকলেতো নকয়। দেৱতাসকল আছিল সত্যযুগত, কলিযুগত থাকিব নোৱাৰে। কিন্তু আজিকালিতো সকলোকে ‘শ্ৰী শ্ৰী’ বুলি কৈ দিয়ে। ‘শ্ৰী’ মানে শ্ৰেষ্ঠ। সৰ্বশ্ৰেষ্ঠতো ভগৱানেহে কৰি তুলিব পাৰে। শ্ৰেষ্ঠ দেৱতা সত্যযুগত আছিল, এই সময়ত কোনো মনুষ্য শ্ৰেষ্ঠ নহয়। তোমালোক সন্তানসকলে এতিয়া বেহদৰ সন্ন্যাস কৰা। তোমালোকে জানা এই পুৰণি সৃষ্টি অন্ত হোৱাৰ পথত, সেইকাৰণে এই সকলোবোৰৰ প্ৰতি বৈৰাগ্য জন্মে। তেওঁলোকতো হ’ল হঠযোগী সন্ন্যাসী। ঘৰ-সংসাৰ ত্যাগ কৰি ওলাই গ’ল, আকৌ আহি মহলত থিতাপি লৈছে। নহ’লে জুপুৰীত জানো কিবা খৰচ হয়, একোৱে নহয়। একান্তৰ কাৰণে জুপুৰীত বহিব লাগে, মহলত নহয়। বাবাৰো জুপুৰী সাজি থোৱা আছে। জুপুৰীত সকলো সুখ আছে। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি মনুষ্যৰ পৰা দেৱতা হ’ব লাগে। তোমালোকে জানা ড্ৰামাত যি অতীত হৈ গ’ল সেয়া পুনৰ সঠিককৈ পুনৰাবৃত্তি হ’ব, সেইকাৰণে কাকো এনেকুৱা ৰায় দিব নালাগে যে ভক্তি এৰক। যেতিয়া জ্ঞান বুদ্ধিত আহি যাব তেতিয়া বুজিব যে মই আত্মা, মই এতিয়া বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। বেহদৰ পিতাৰ যেতিয়া পৰিচয় পাই যায় তেতিয়া আকৌ হদৰ কথাবিলাক সমাপ্ত হৈ যায়। পিতাই কয় – গৃহস্থালিত থাকি মাত্ৰ বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্মও কৰিব লাগে, যেনেকৈ ভক্তিতো কোনো কোনোৱে ঐকান্তিক ভক্তি কৰে। নিয়মত নিতৌ গৈ দৰ্শন কৰে। দেহধাৰীৰ ওচৰলৈ যোৱা, এই সকলোবোৰ হৈছে পাৰ্থিৱ যাত্ৰা। ভক্তিমাৰ্গত কিমান হাবাথুৰি খাবলগীয়া হয়। ইয়াত অলপো হাবাথুৰি খাব নালাগে। আহিলে বুজাবলৈ বহুওৱা হয়। বাকী স্মৰণ কৰিবলৈ কোনো একে ঠাইতে বহি যাব নালাগে। ভক্তিমাৰ্গত কোনোবা শ্ৰীকৃষ্ণৰ ভক্ত হ’লে তেতিয়া এনেকুৱা নহয় যে চলোঁতে-ফুৰোঁতে শ্ৰীকৃষ্ণক স্মৰণ কৰিব নোৱাৰে সেইকাৰণে যিসকল লিখা-পঢ়া কৰা লোক তেওঁলোকে কয় - শ্ৰীকৃষ্ণৰ চিত্ৰ ঘৰত ৰাখিছোঁ আকৌ তুমি মন্দিৰলৈ কিয় যোৱা। শ্ৰীকৃষ্ণৰ চিত্ৰত পূজা তুমি য’তেই কৰা। বাৰু, চিত্ৰ ৰাখিব নালাগে, স্মৰণ কৰি থাকা। এবাৰ কোনো বস্তু দেখিলে তেতিয়া সেইটো স্মৃতিত থাকে। তোমালোককো এয়াই কয়, শিৱবাবাক তোমালোকে ঘৰত বহি স্মৰণ কৰিব নোৱাৰানে? এইটো হ’ল নতুন কথা। শিৱবাবাক কোনেও নাজানে। নাম, ৰূপ, দেশ, কালক নাজানেই, কৈ দিয়ে সৰ্বব্যাপী। আত্মাকতো পৰমাত্মা বুলি কোৱা নহয়। আত্মাৰ পিতাৰ স্মৃতি আহে। কিন্তু পিতাক নাজানে সেয়েহে 7 দিন বুজাবলগীয়া হয়। পাছত মূল কথাবোৰ বিস্তাৰতো বুজোৱা হয়। পিতা জ্ঞানৰ সাগৰ নহয় জানো। কিমান সময়ৰ পৰা শুনি আহিছা কিয়নো জ্ঞান হয়। বুজি পোৱা যে আমি মনুষ্যৰ পৰা দেৱতা হোৱাৰ জ্ঞান পাওঁ। পিতাই কয় - তোমালোকক নতুন নতুন গূঢ় কথা শুনাওঁ। তোমালোকে মুৰুলী নাপালে তেতিয়া তোমালোকে কিমান চিঞৰা। পিতাই কয় - তোমালোকে পিতাকতো স্মৰণ কৰা। মুৰুলী পঢ়া তথাপিও পাহৰি যোৱা। প্ৰথমে এইটো স্মৃতিত ৰাখিব লাগে – মই আত্মা, অতি সূক্ষ্ম বিন্দু। আত্মাকো জানিব লাগে। এনেকৈ কয় যে এওঁৰ আত্মা ওলাই অন্য শৰীৰত প্ৰৱেশ কৰিলে। আমি আত্মাসকলেই জন্ম লৈ লৈ এতিয়া পতিত, অপৱিত্ৰ হ’লোঁ। প্ৰথমে তোমালোক পৱিত্ৰ গৃহস্থ ধৰ্মৰ আছিলা। লক্ষ্মী-নাৰায়ণ দুয়ো পৱিত্ৰ আছিল। আকৌ দুয়ো অপৱিত্ৰ হ’ল, পুনৰ দুয়ো পৱিত্ৰ হয় তেন্তে অপৱিত্ৰৰ পৰা পৱিত্ৰ হ’লনে? নে পৱিত্ৰ জন্ম ল’লে? পিতাই বহি বুজায়, তোমালোক কেনেকুৱা পৱিত্ৰ আছিলা। আকৌ বাম (বিকাৰী) মাৰ্গত যোৱাৰ কাৰণে অপৱিত্ৰ হৈ গ’লা। পূজাৰীক অপৱিত্ৰ, পূজ্যক পৱিত্ৰ বুলি কোৱা হয়। গোটেই বিশ্বৰ ইতিহাস-ভূগোল তোমালোকৰ বুদ্ধিত আছে। কোনে কোনে ৰাজত্ব কৰিছিল? কেনেকৈ তেওঁলোকে ৰাজ্য পালে, এয়া তোমালোকে জানা। আৰু কোনো নাই যিয়ে জানে। তোমালোকৰো আগতে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ এই জ্ঞান নাছিল, মানে নাস্তিক আছিলা। নাজানিছিলা। নাস্তিক হোৱাৰ কাৰণে কিমান দুখী হৈ যায়। এতিয়া তোমালোক ইয়ালৈ আহিছা এই দেৱতা হ’বলৈ। তাত কিমান সুখ হ’ব। দৈৱীগুণো ইয়াত ধাৰণ কৰিব লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই ভনী হ’লা নহয়। আসুৰিক দৃষ্টি যাব নালাগে, ইয়াতেই পৰিশ্ৰম হয়। দুচকু বৰ আসুৰিক। সকলো ইন্দ্ৰিয়ৰ ভিতৰত আসুৰিক হৈছে এই দুচকু। আধাকল্প আসুৰিক, আধাকল্প মাৰ্জিত হৈ থাকে। সত্যযুগত আসুৰিক নহয়। দুচকু আসুৰিক হ’লে তেতিয়া অসুৰ বুলি কয়। পিতাই নিজে কয় - মই পতিত সৃষ্টিত আহোঁ। যিসকল পতিত হৈ গৈছে, তেওঁলোকেই পাৱন হ’ব লাগে। মনুষ্যইতো কয় - এওঁ নিজকে ভগৱান বুলি কয়। কল্প বৃক্ষৰ চিত্ৰত চোৱা একেবাৰে তমোপ্ৰধান সৃষ্টিৰ অন্তত (ব্ৰহ্মা) ঠিয় হৈ আছে, তেৱেঁই আকৌ তপস্যা কৰি আছে। সত্যযুগৰ পৰা লক্ষ্মী-নাৰায়ণৰ ৰাজবংশ চলে। চনো এই লক্ষ্মী-নাৰায়ণৰ পৰা গণনা কৰা হ’ব সেইকাৰণে বাবাই কয় - লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব দেখুৱালে তেতিয়া লিখি দিয়া ইয়াৰ 1250 বছৰৰ পাছত ত্ৰেতা। শাস্ত্ৰবিলাকত আকৌ লাখ লাখ বছৰ বুলি লিখি দিছে। ৰাতি-দিনৰ পাৰ্থক্য হৈ গ’ল নহয়। ব্ৰহ্মাৰ ৰাতি আধাকল্প, ব্ৰহ্মাৰ দিন আধাকল্প – এই কথাবোৰ পিতাইহে বুজায়। তথাপি কয় – মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। তেওঁক স্মৰণ কৰি কৰি তোমালোক পাৱন হৈ যাবা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। বাবাই এনেকৈ নকয় যে ইয়াত বহি যোৱা। সেৱাধাৰী সন্তানসকলকতো বহুৱাই নাৰাখে। সেৱাকেন্দ্ৰ সংগ্ৰাহালয় আদি খুলি থাকে। কিমানক নিমন্ত্ৰণ দিয়ে, আহি ঈশ্বৰীয় জন্মসিদ্ধ অধিকাৰ বিশ্বৰ বাদশ্বাহী লওঁক। তোমালোক পিতাৰ সন্তান হোৱা। পিতা হ’ল স্বৰ্গৰ ৰচয়িতা গতিকে তোমালোকেও স্বৰ্গৰ উত্তৰাধিকাৰ পাব লাগে। পিতাই কয় - মই এবাৰেই স্বৰ্গ স্থাপনা কৰিবলৈ আহোঁ। এখনেই সৃষ্টি যাৰ চক্ৰ ঘূৰি থাকে। মনুষ্যৰতো অনেক মত, অনেক কথা। মত-মতান্তৰ কিমান, ইয়াক কোৱা হয় অদ্বৈত মত। বৃক্ষ কিমান ডাঙৰ। কিমান ঠাল-ঠেঙুলি ওলায়। কিমান ধৰ্ম বিস্তাৰ হৈ আছে, প্ৰথমেতো এক মত, এক ৰাজ্য আছিল। সমগ্ৰ বিশ্বত এওঁলোকৰ ৰাজত্ব আছিল। এইটোও এতিয়া তোমালোকে গম পাইছা। আমিয়ে সমগ্ৰ বিশ্বৰ মালিক আছিলোঁ। আকৌ 84 জন্ম ভোগ কৰি কঙাল হ’লোঁ। এতিয়া তোমালোকে কালৰ ওপৰত বিজয়ী হোৱা, তাত কেতিয়াও অকাল মৃত্যু নহয়। ইয়াততো চোৱা বহি থাকোতেই অকালতে মৃত্যু হৈ থাকে। চাৰিওফালে মৃত্যুয়েই মৃত্যু। তাত এনেকুৱা নহয়, সম্পূৰ্ণ আয়ুস জীৱন যাপন কৰে। ভাৰতত পৱিত্ৰতা, শান্তি, সমৃদ্ধি আছিল। 150 বছৰ গড় আয়ুস আছিল, এতিয়া কিমান আয়ুস জীয়াই থাকে।

ঈশ্বৰে তোমালোকক যোগ শিকালে সেয়েহে তোমালোকক ‘যোগেশ্বৰ’ বুলি কয়। তাত জানো এনেকৈ ক’ব। এই সময়ত তোমালোক যোগেশ্বৰ হোৱা, তোমালোকক ঈশ্বৰে ৰাজযোগ শিকাই আছে। আকৌ ৰাজ-ৰাজেশ্বৰ হ’ব লাগে। এতিয়া তোমালোক ‘জ্ঞানেশ্বৰ’ হোৱা আকৌ ‘ৰাজেশ্বৰ’ অৰ্থাৎ ৰজাসকলৰো ৰজা হ’বাগৈ। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দুচকু মাৰ্জিত কৰি তুলিবলৈ পৰিশ্ৰম কৰিব লাগে। সদায় যাতে বুদ্ধিত থাকে যে আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী, আসুৰিক দৃষ্টি ৰাখিব নোৱাৰোঁ।

(2) শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰি বুদ্ধিৰ যোগসূত্ৰ এজন পিতাৰ সৈতে গঢ়ি তুলিব লাগে, হদৰ সকলো কথা এৰি বেহদৰ পিতাক স্মৰণ কৰিব লাগে। বেহদৰ সন্ন্যাসী হ’ব লাগে।

বৰদান:
‘বাবা’ শব্দৰ স্মৃতিৰে কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰোঁতা সদায় অবিচলিত হোৱা

যিকোনো পৰিস্থিতি লাগিলে অস্থিৰতাৰে হওক কিন্তু বাবা বুলি কলা আৰু অবিচলিত হৈ গ’লা। যেতিয়া পৰিস্থিতিৰ চিন্তনত গুচি যোৱা তেতিয়া কঠিনতাৰ অনুভৱ হয়। যদি কাৰণৰ সলনি নিবাৰণত গুচি যোৱা তেতিয়া কাৰণেই নিবাৰণ হৈ যাব কিয়নো মাষ্টৰ সৰ্বশক্তিমান ব্ৰাহ্মণৰ আগত পৰিস্থিতিসমূহ পৰুৱাৰ সমানো নহয়। কেৱল কি হ’ল, কিয় হ’ল এয়া ভবাৰ পৰিৱৰ্তে, যি হ’ল তাত কল্যাণ সমাহিত হৈ আছে, সেৱা সমাহিত হৈ আছে... লাগিলে ৰূপ পৰিস্থিতিৰ হওক কিন্তু সেৱা সমাহিত হৈ আছে - এইটো ৰূপত চালে তেতিয়া সদায় অবিচলিত হৈ থাকিবা।

স্লোগান:
এক পিতাৰ প্ৰভাৱত থাকোঁতাজন কোনো আত্মাৰ প্ৰভাৱত আহিব নোৱাৰে।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

কৰ্মাতীত স্থিতি প্ৰাপ্ত কৰিবৰ কাৰণে সদায় সাক্ষী হৈ কাৰ্য কৰা। সাক্ষী অথাৎ সদায় অনাসক্ত আৰু স্নেহী স্থিতিত থাকি কৰ্ম কৰোঁতা অলৌকিক আত্মা হওঁ, অলৌকিক অনুভূতি কৰোঁতা, অলৌকিক জীৱন, শ্ৰেষ্ঠ জীৱনধাৰী আত্মা হওঁ - এইটো নিচা যাতে থাকে। কৰ্ম কৰি এইটোৱে অভ্যাস বঢ়াই গৈ থাকা তেতিয়া কৰ্মাতীত স্থিতি প্ৰাপ্ত কৰি ল’বা।