05.04.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক এতিয়া নাম-ৰূপৰ বেমাৰৰ পৰা সুৰক্ষিত হৈ থাকিব লাগে, ওলোটা হিচাপ সৃষ্টি কৰিব নালাগে, এজন পিতাৰ স্মৃতিত থাকিব লাগে”

প্ৰশ্ন:
ভাগ্যৱান সন্তানসকলে কোনটো মুখ্য পুৰুষাৰ্থৰ আধাৰত নিজৰ ভাগ্য গঢ়ি লয়?

উত্তৰ:
ভাগ্যৱান সন্তানসকলে সকলোকে আনন্দ দিয়াৰ পুৰুষাৰ্থ কৰে। মন-বাণী-কৰ্মৰে কাকো দুখ নিদিয়ে। শীতল হৈ চলে সেয়েহে ভাগ্য গঢ় লৈ গৈ থাকে। তোমালোকৰ এয়া বিদ্যাৰ্থী জীৱন, তোমালোক এতিয়া শ্বাসৰুদ্ধ হ’ব নালাগে, অপাৰ আনন্দত থাকিব লাগে।

গীত:
তুম্হী হো মাতা-পিতা... (তুমিয়েই মাতা-পিতা...)

ওঁম্শান্তি।
সকলো সন্তানে মুৰুলী শুনে, য’লৈকে মুৰুলী যায়, সকলোৱে জানে যে যাৰ মহিমা গোৱা হয় তেওঁ কোনো সাকাৰ নহয়, এয়া নিৰাকাৰৰ মহিমা। নিৰাকাৰে সাকাৰৰ দ্বাৰা এতিয়া সন্মুখত মুৰুলী শুনাই আছে। এনেকৈও ক’ব পাৰা যে এতিয়া আমি আত্মাসকলে তেওঁক চাই আছোঁ! আত্মা অতি সূক্ষ্ম, এই দুচকুৰে দেখা পোৱা নাযায়। ভক্তিমাৰ্গতো এইটো জানে যে আমি আত্মা অতি সূক্ষ্ম। কিন্তু সম্পূৰ্ণ ৰহস্য বুদ্ধিত নাই যে আত্মা কি, পৰমাত্মাক স্মৰণ কৰে কিন্তু তেওঁ কি হয়! এয়া জগতে নাজানে। তোমালোকেও জনা নাছিলা। এতিয়া তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা আছে যে এয়া কোনো লৌকিক শিক্ষক বা সম্বন্ধীয়ও নহয়। যেনেকৈ সৃষ্টিত আন মনুষ্য আছে এই দাদাও (ব্ৰহ্মা বাবাও) তেনেকুৱা আছিল। তোমালোকে যেতিয়া মহিমা গাইছিলা যে তুমিয়েই মাতা পিতা... তেতিয়া ভাবিছিলা তেওঁ ওপৰত আছে। এতিয়া পিতাই কয় – মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ, মই সেইজনেই এওঁৰ শৰীৰত আছোঁ। আগতেতো বহুত স্নেহেৰে মহিমা গাইছিলা, ভয়ো ৰাখিছিলা। এতিয়াতো তেওঁ ইয়াত এই শৰীৰত আহিছে। যিজন নিৰাকাৰ আছিল তেওঁ এতিয়া সাকাৰত আহি গৈছে। তেওঁ বহি সন্তানসকলক শিকায়। জগতে নাজানে যে তেওঁ কি শিকায়। তেওঁলোকেতো শ্ৰীকৃষ্ণক গীতাৰ ভগৱান বুলি ভাবে। কৈ দিয়ে যে তেওঁ ৰাজযোগ শিকায়। বাৰু, বাকী পিতাই কি কৰে? যদিও গাইছিলা – তুমি মাতা-পিতা কিন্তু তেওঁৰ পৰা কি পোৱা যায় আৰু কেতিয়া পোৱা যায়, এয়া একো জনা নাছিলা। গীতা শুনিছিলা তেতিয়া বুজিছিলা শ্ৰীকৃষ্ণৰ দ্বাৰা ৰাজযোগ শিকিছিলোঁ আকৌ তেওঁ কেতিয়া আহি শিকাব। সেইটোও মনলৈ আহিছিল নিশ্চয়। এই সময়ত এয়া সেয়াই মহাভাৰতৰ যুদ্ধ তেন্তে নিশ্চয় শ্ৰীকৃষ্ণৰ সময় হ’ব। নিশ্চয় সেই বুৰঞ্জী-ভূগোলেই পুনৰাবৃত্তি হোৱা উচিত। দিনে-প্ৰতিদিনে বুজি গৈ থাকিবা। নিশ্চয় গীতাৰ ভগৱান থকা উচিত। যথাযথ মহাভাৰতৰ যুদ্ধও দেখিবলৈ পোৱা যায়। নিশ্চয় এইখন জগতৰ অন্ত হ’ব। এনেকৈ দেখুৱায় যে পাণ্ডৱসকল পাহাৰলৈ গুচি গ’ল। গতিকে তেওঁলোকৰ বুদ্ধিত এইটো উদয় হয়, যথাযথ বিনাশতো সমাগত। এতিয়া শ্ৰীকৃষ্ণ ক’ত আছে? বিচাৰি থাকিব, যেতিয়ালৈকে তোমালোকৰ পৰা নুশুনে যে গীতাৰ ভগৱান ‘শ্ৰীকৃষ্ণ’ নহয়, ‘শিৱ’হে। তোমালোকৰ বুদ্ধিততো এইটো কথা দৃঢ় হৈ আছে। এয়া তোমালোকে কেতিয়াও পাহৰিব নোৱাৰা। যি কোনো লোককে তোমালোকে বুজাব পাৰা যে গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, শিৱহে। জগতততো তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নক’ব। এতিয়া গীতাৰ ভগৱানে ৰাজযোগ শিকাইছিল তেন্তে ইয়াৰ দ্বাৰা নিশ্চয় সিদ্ধ হয় যে নৰৰ পৰা নাৰায়ণ কৰি গঢ়ি তুলিছিল। তোমালোক সন্তানসকলে জানা – ভগৱানে আমাক পঢ়ায়। যথাযথ নৰৰ পৰা নাৰায়ণ কৰি গঢ়ি তোলে। এই লক্ষ্মী-নাৰায়ণৰ স্বৰ্গত ৰাজ্য আছিল নহয় জানো। এতিয়াতো সেই স্বৰ্গও নাই, গতিকে নাৰায়ণো নাই, দেৱতাসকলো নাই। চিত্ৰ আছে যাৰ দ্বাৰা বুজি পায় যে এওঁলোক হৈ গৈছে। এতিয়া তোমালোকে বুজি পোৱা এওঁলোকৰ কিমান বছৰ হ’ল? তোমালোকে নিশ্চিতভাৱে জানা, আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে এওঁলোকৰ ৰাজ্য আছিল। এতিয়াতো হৈছে অন্ত। যুদ্ধও সমাগত। তোমালোকে জানা যে পিতাই আমাক পঢ়াই আছে। সকলো সেৱাকেন্দ্ৰত পঢ়েও আৰু পঢ়ায়ো। পঢ়াৰো যুক্তি বহুত ভাল। চিত্ৰবোৰৰ দ্বাৰা ভাল বুজনি পাব পাৰিব। মুখ্য কথা হ’ল – গীতাৰ ভগৱান শিৱ নে শ্ৰীকৃষ্ণ? পাৰ্থক্যতো বহুত আছে নহয়। সৎগতি দাতা, স্বৰ্গ স্থাপনা কৰোঁতা অথবা আদি সনাতন দেৱী-দেৱতা ধৰ্ম পুনৰায় প্ৰতিষ্ঠা কৰোঁতা শিৱ নে শ্ৰীকৃষ্ণ? মুখ্য হয়েই তিনিটা কথাৰ মীমাংসা। ইয়াৰ ওপৰতে বাবাই জোৰ দিয়ে। যদিও মতামত লিখি দিয়ে যে এয়া বহুত ভাল কিন্তু ইয়াৰ পৰা কোনো লাভ নহয়। তোমালোকৰ যিটো মুখ্য কথা তাৰ ওপৰত জোৰ দিব লাগে। তোমালোকৰ বিজয়ো ইয়াতেই। তোমালোকে সিদ্ধ কৰি কোৱা যে ভগৱান এক। এনেকুৱা নহয় যে গীতা শুনোৱাসকলো ভগৱান হৈ গ’ল। ভগৱানে এই ৰাজযোগ আৰু জ্ঞানৰ দ্বাৰা দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰিলে।

পিতাই বুজায় – সন্তানসকলৰ ওপৰত মায়াৰ প্ৰহাৰ হৈ থাকে, এতিয়ালৈকে কোনেও কৰ্মাতীত অৱস্থা পোৱা নাই। পুৰুষাৰ্থ কৰোঁতে কৰোঁতে অন্তিমত তোমালোক এজন পিতাৰ স্মৃতিত সদায় হৰ্ষিত হৈ থাকিবা। কোনো উদাসীনতা নাহিব। এতিয়াতো শিৰত পাপৰ বোজা বহুত আছে। সেয়া স্মৃতিৰ দ্বাৰাহে আঁতৰিব। পিতাই পুৰুষাৰ্থৰ যুক্তি (উপায়) শুনাইছে। স্মৃতিৰেহে পাপ খণ্ডন হয়। বহুত মূৰ্খ আছে যিসকল স্মৃতিত নথকা বাবে আকৌ নাম-ৰূপত আৱদ্ধ হৈ যায়। হাঁহিমুখে কাৰোবাক জ্ঞান বুজাব, সেইটোও কঠিন। আজি কাৰোবাক বুজালে, কাইলৈ আকৌ শ্বাসৰুদ্ধ হৈ গ’লে আনন্দ নাইকিয়া হৈ যায়। বুজিব লাগে যে এয়া মায়াৰ প্ৰহাৰ সেইবাবে পুৰুষাৰ্থ কৰি পিতাক স্মৰণ কৰিব লাগে। বাকী কন্দা-কটা কৰিব বা অশান্ত হ’ব নালাগে। বুজিব লাগে যে মায়াই জোতা মাৰে সেইবাবে পুৰুষাৰ্থ কৰি পিতাক স্মৰণ কৰিব লাগে। পিতাৰ স্মৃতিৰে বহুত আনন্দিত হৈ থাকিবা। মুখেৰে তৎক্ষণাৎ বাণী উচ্চাৰিত হ’ব। পতিত-পাৱন পিতাই কয় যে মোক স্মৰণ কৰা। এজনো মনুষ্যতো নাই যাৰ ৰচয়িতা পিতাৰ পৰিচয় আছে। মনুষ্য হৈ যদি পিতাক নাজানে তেন্তে জন্তুতকৈও অধম হ’ল। গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিলে তেন্তে পিতাক কেনেকৈ স্মৰণ কৰিব! এইটোৱে ডাঙৰ ভুল, যাৰ বিষয়ে তোমালোকে বুজাব লাগে। গীতাৰ ভগৱান হৈছে শিৱবাবা, তেৱেঁই উত্তৰাধিকাৰ দিয়ে। মুক্তি-জীৱনমুক্তি দাতা তেওঁ হয়, অন্য ধৰ্মাৱলম্বীসকলৰ বুদ্ধিত ধাৰণ নহয়। তেওঁলোকতো হিচাপ-নিকাচ নিষ্পত্তি কৰি উভতি গুচি যাব। অন্তিমত অলপ পৰিচয় পালেও তথাপি নিজৰ ধৰ্মত যাব। তোমালোকক পিতাই বুজায় – তোমালোক দেৱতা আছিলা, এতিয়া পুনৰ পিতাক স্মৰণ কৰিলে তোমালোক দেৱতা হৈ যাবাগৈ। বিকৰ্ম বিনাশ হৈ যাব। তথাপিও ওলট-পালট কাম কৰি পেলায়। বাবালৈ লিখে – আজি মোৰ উদাসীন অৱস্থা, পিতাক স্মৰণ কৰা নাই। স্মৰণ নকৰিলে নিশ্চয় উদাস হ’বা। এইখন হয়েই মৃতকৰ জগত। সকলো মৰি পৰি আছে। তোমালোক পিতাৰ হৈছা গতিকে পিতাৰ আদেশ হৈছে – মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। এই শৰীৰতো পুৰণি তমোপ্ৰধান। অন্তলৈকে কিবা নহয় কিবা হৈ থাকিব। যেতিয়ালৈ পিতাৰ স্মৃতিত থাকি কৰ্মাতীত অৱস্থা নোপোৱা, তেতিয়ালৈকে মায়াই অস্থিৰ কৰি থাকিব, কাকোৱেই নেৰে। পৰীক্ষা কৰি থকা উচিত যে মায়াই কেনেকৈ হাবাথুৰি খুৱায়। ভগৱানে আমাক পঢ়ায়, এইটো কিয় পাহৰি যাব লাগে। আত্মাই কয় – আমাৰ প্ৰাণতকৈও প্ৰিয় সেই পিতাই হয়। এনেকুৱা পিতাক আকৌ তোমালোকে কিয় পাহৰা! পিতাই ধন দিয়ে, দান কৰিবলৈ। প্ৰদৰ্শনী-মেলাত তোমালোকে বহুতকে দান কৰিব পাৰা। নিজে চখেৰে দৌৰি যোৱা উচিত। এতিয়াতো পিতাই জোৰ কৰিবলগীয়া হয়, (উৎসাহিত কৰিবলগীয়া হয়) গৈ বুজোৱা। অৱশ্যে তাতো ভালকৈ বুজি পোৱাসকল লাগে। দেহ-অভিমানীৰ কাঁড় নালাগিব (বুজনিয়ে প্ৰভাৱিত নকৰিব)। তৰোৱালো অনেক প্ৰকাৰৰ থাকে নহয়। তোমালোকৰো যোগৰ তৰোৱাল বহুত তীক্ষ্ণ হোৱা উচিত। সেৱা কৰাৰ উদ্যম থাকিব লাগে। গৈ বহুতৰে কল্যাণ কৰোঁ। পিতাক স্মৰণ কৰাৰ এনেকুৱা অভ্যাস হৈ যাব লাগে যাতে অন্তিমত পিতাৰ বাহিৰে আন কোনো স্মৃতিলৈ নাহে, তেতিয়াহে তোমালোকে ৰজাৰ পদ পাবা। অন্তিম সময়ত যাতে ‘অল্‌ফ’ক (ঈশ্বৰক) সোঁৱৰে আৰু নাৰায়ণক সোঁৱৰে। পিতা আৰু নাৰায়ণক (উত্তৰাধিকাৰক)হে স্মৰণ কৰিব লাগে। কিন্তু মায়াও কম নহয়। অপৰিপক্কতো হৈতো বহুতেই থাকি যায়। ওলোটা কৰ্মৰ হিচাপ তেতিয়া সৃষ্টি হয় যেতিয়া কাৰোবাৰ নাম-ৰূপত আৱদ্ধ হৈ যায়। এজনে-আনজনলৈ ব্যক্তিগতভাৱে চিঠি লিখে। দেহধাৰীৰ প্ৰতি মৰম জাগি উঠে তেতিয়া ওলোটা কৰ্মৰ হিচাপ সৃষ্টি হৈ যায়। পিতাৰ ওচৰলৈ বাতৰি আহে। ওলট-পালট কাম কৰি আকৌ কয় – বাবা হৈ গ’ল! হেৰ’, হিচাপ ওলোটাতো হৈ গ’ল নহয়! এই শৰীৰতো হৈছে অপৱিত্ৰ, তাক তোমালোকে কিয় স্মৰণ কৰা। পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া সদায় আনন্দিত হৈ থাকিবা। আজি আনন্দিত হৈ আছে, কাইলৈ আকৌ মৃতকৰ দৰে হৈ যায়। জন্ম-জন্মান্তৰ নাম-ৰূপত আৱদ্ধ হৈ আহিছা নহয়। স্বৰ্গত এই নাম-ৰূপৰ বেমাৰ নাথাকে। তাততো মোহজিৎ কুটুম্ব থাকে। এইটো জানে – মই আত্মা, শৰীৰ নহয়। সেইখন হয়েই আত্ম-অভিমানী সৃষ্টি। ইয়াত হ’ল দেহ-অভিমানী সৃষ্টি। পুনৰ আধাকল্প তোমালোক দেহী-অভিমানী হৈ যোৱা। এতিয়া পিতাই কয় – দেহ-অভিমান ত্যাগ কৰা। দেহী-অভিমানী হ’লে বহুত শীতল হৈ যাবা। এনেকুৱা বহুত কম আছে, পুৰুষাৰ্থ কৰাই থাকে যে পিতাৰ স্মৃতি নাপাহৰিবা। পিতাই আদেশ দিয়ে - মোক স্মৰণ কৰা, স্মৃতিত থকাৰ খতিয়ানৰ তালিকা ৰাখা। কিন্তু মায়াই খতিয়ানো ৰাখিব নিদিয়ে। এনেহেন মৰমৰ পিতাকতো কিমান স্মৰণ কৰা উচিত। এওঁতো পতিসকলৰো পতি, পিতাসকলৰো পিতা নহয় জানো। পিতাক স্মৰণ কৰি আকৌ আনকো নিজৰ সমান কৰি তোলাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে, ইয়াৰ বাবে বহুত আন্তৰিক ৰুচি ৰাখিব লাগে। সেৱাধাৰী সন্তানসকলকতো পিতাই চাকৰিৰ পৰা মুক্ত কৰি দিয়ে। পৰিস্থিতি চাই ক’ব – এতিয়া এইটো কামত লাগি যোৱা। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। ভক্তিমাৰ্গতো চিত্ৰৰ আগত স্মৃতিত বহে নহয়। তোমালোকেতো কেৱল নিজক আত্মা বুলি বুজি পৰমাত্মা পিতাক স্মৰণ কৰিব লাগে। বিচিত্ৰ হৈ বিচিত্ৰ পিতাক স্মৰণ কৰিব লাগে। ইয়াৰ বাবে যত্ন কৰিবলগীয়া হয়। বিশ্বৰ মালিক হোৱা, কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। পিতাই কয় – মই বিশ্বৰ মালিক নহওঁ, তোমালোকক কৰি তোলোঁ। কিমান মগজ খটুৱাবলগীয়া হয়। সুসন্তানসকলৰতো আপোনাআপুনি খেয়াল চলি থাকিব, ছুটী লৈও সেৱাত লাগি যোৱা উচিত। বহুত সন্তানৰ বন্ধনো থাকে, মোহো থাকে। পিতাই কয় – তোমালোকৰ সকলো বেমাৰ বাহিৰ ওলাই আহিব। তোমালোকে পিতাক স্মৰণ কৰি থাকা। মায়াই তোমালোকক আঁতৰ কৰিবলৈ চেষ্টা কৰে। স্মৃতিত থকাটোৱে হৈছে মুখ্য, ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান পালা, বাকী আৰু কি লাগে। ভাগ্যৱান সন্তানসকলে সকলোকে সুখ দিবলৈ পুৰুষাৰ্থ কৰে, মন, বাণী, কৰ্মৰে কাকো দুখ নিদিয়ে, শীতল হৈ চলে সেয়েহে ভাগ্য গঢ় লৈ গৈ থাকে। যদি কোনোৱে নুবুজে তেতিয়া বুজা যায় এওঁৰ ভাগ্যত নাই। যাৰ ভাগ্যত আছে তেওঁলোকে ভালদৰে শুনে। অনুভৱো শুনাই নহয় – কি কি কৰিছিল। এতিয়া গম পোৱা গৈছে, যি কিছু কৰিলা তাৰ দ্বাৰা দুৰ্গতিহে হ’ল। সৎগতিতো তেতিয়া পাবা যেতিয়া পিতাক স্মৰণ কৰিবা। বহুত কঠিনতাৰে কোনোৱে এঘণ্টা, আধা ঘণ্টা স্মৰণ কৰে। নহ’লেতো শ্বাসৰুদ্ধ হৈ থাকে। পিতাই কয় – আধাকল্প শ্বাসৰুদ্ধ হৈ থাকিলা, এতিয়া পিতাক পাইছা, বিদ্যাৰ্থী জীৱন, গতিকে আনন্দিত হোৱা উচিত নহয় জানো। কিন্তু পিতাক বাৰে বাৰে পাহৰি যায়।

পিতাই কয় – তোমালোক কৰ্মযোগী হোৱা। সেই পেছাগত কাম-কাজ আদিতো কৰিবই লাগিব। কমকৈ টোপনি মৰা ভাল। স্মৃতিৰ দ্বাৰা উপাৰ্জন হ’ব, আনন্দিত হৈও থাকিবা। স্মৃতিত বহাতো অপৰিহাৰ্য। দিনততো সময় নোপোৱা সেইবাবে ৰাতি সময় উলিওৱা উচিত। স্মৃতিৰ দ্বাৰা বহুত আনন্দিত হৈ থাকিবা। যদি কাৰোবাৰ বন্ধন আছে তেন্তে ক’ব পাৰে – আমিতো পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে, এই ক্ষেত্ৰত কোনেও বাধা দি ৰাখিব নোৱাৰে। কেৱল চৰকাৰক গৈ বুজোৱা যে বিনাশ সমাগত, পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। আৰু এই অন্তিম জন্মততো পৱিত্ৰ হৈ থাকিব লাগে সেইবাবে আমি পৱিত্ৰ হওঁ। কিন্তু এনেকৈ তেওঁলোকেহে ক’ব যাৰ জ্ঞানৰ নিচা থাকিব। এনেকুৱা নহয় যে ইয়ালৈ আহি আকৌ দেহধাৰীক স্মৰণ কৰি থাকিবা। দেহ-অভিমানত আহি হাই-কাজিয়া কৰে যেন ক্ৰোধৰ ভূত হৈ যায়। বাবাই ক্ৰোধ কৰাসকলৰ ফালে কেতিয়াও নাচায়েই। সেৱা কৰাসকলৰ প্ৰতি স্নেহ থাকে। দেহ-অভিমানৰ চলন দেখা পোৱা যায়। ফুলৰ দৰে তেতিয়া হ’ব যেতিয়া পিতাক স্মৰণ কৰিব। মূল কথা এয়াই। এজনে আনজনক দেখিও পিতাক স্মৰণ কৰিব লাগে। সেৱাততো সৰ্বস্ব উজাৰি দিয়া উচিত। ব্ৰাহ্মণসকল পৰস্পৰ মিলা-প্ৰীতিৰে থকা উচিত। অপ্ৰীতিকৰ হোৱা অনুচিত। বুজাবুজি নথকাৰ বাবে ইজনে সিজনক ঘৃণা কৰে, পিতাকো ঘৃণা কৰে। এনেকুৱাসকলে কি পদ পাব! তোমালোকৰ সাক্ষাৎকাৰ হ’ব তেতিয়া সেই সময়ত স্মৃতিত আহিব – মই এইটো গাফিলতি কৰিলোঁ। পিতাই আকৌ কৈ দিয়ে ভাগ্যত নাথাকিলে কি কৰিব পাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বন্ধন মুক্ত হ’বৰ বাবে জ্ঞানৰ নিচা থাকিব লাগে। দেহ-অভিমানৰ চলন হ’ব নালাগে। পৰস্পৰ অপ্ৰীতিকৰ হোৱাৰ সংস্কাৰ থাকিব নালাগে। দেহধাৰীৰ প্ৰতি যদি স্নেহ আছে তেন্তে বন্ধনমুক্ত হ’ব নোৱাৰা।

(2) কৰ্মযোগী হৈ থাকিব লাগে, স্মৃতিত নিশ্চয় বহিব লাগে। আত্ম-অভিমানী হৈ অতি অমায়িক আৰু শীতল হোৱাৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। সেৱাত সৰ্বস্ব উজাৰি দিব লাগে।

বৰদান:
শ্ৰীমতত নিজৰ মত আৰু জনমত সানমিহলি কৰাটো সমাপ্ত কৰি সঁচা স্ব-কল্যাণকাৰী হোৱা

পিতাই সন্তানসকলক সকলো সম্পদ স্ব-কল্যাণ আৰু বিশ্ব-কল্যাণৰ বাবে দিছে কিন্তু সেয়া ব্যৰ্থত ব্যৱহাৰ কৰা, অকল্যাণৰ কাৰ্যত ব্যৱহাৰ কৰা, শ্ৰীমতত নিজৰ মত আৰু জনমত সানমিহলি কৰা – এয়া হৈছে আস্থাত দিয়া সম্পদৰ প্ৰতি অসাধু হৈ তাৰ অপব্যৱহাৰ কৰা। এতিয়া এই অসাধুতা আৰু সানমিহলি কৰাটো সমাপ্ত কৰি আত্মিকতা আৰু দয়াৰ ভাৱ ধাৰণ কৰা। নিজৰ ওপৰত আৰু সকলোৰে ওপৰত দয়া কৰি স্ব-কল্যাণী হোৱা। নিজক চোৱা, পিতাক চোৱা আনক নাচাবা।

স্লোগান:
তেৱেঁই সদায় হৰ্ষিত হৈ থাকিব পাৰে যি ক’তোৱেই আকৰ্ষিত নহয়।


সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

“বাবা আৰু মই” – সংযুক্ত হওঁ, কৰাৱণহাৰ বাবা আৰু কৰাৰ নিমিত্ত মই আত্মা – ইয়াকে চিন্তামুক্ত অৰ্থাৎ এজনৰ স্মৃতিত থকা বুলি কোৱা হয়। শুভ-চিন্তনত থকাসকলৰ কেতিয়াও চিন্তা নহয়। যেনেকৈ পিতা আৰু মই সংযুক্ত, শৰীৰ আৰু আত্মা সংযুক্ত, তোমালোকৰ ভৱিষ্যত বিষ্ণু স্বৰূপ সংযুক্ত তেনেকৈ স্ব-সেৱা আৰু সকলোৰে সেৱা সংযুক্ত হৈ থাকক তেতিয়া পৰিশ্ৰম কম সফলতা অধিক পাবা।