05.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সুখ-শান্তিৰ বৰদান এজন পিতাৰ পৰাহে পোৱা যায়, কোনো দেহধাৰীৰ পৰা নহয়, বাবা তোমালোকক
মুক্তি-জীৱনমুক্তিৰ মাৰ্গ-দৰ্শন কৰাবলৈ আহিছে”
প্ৰশ্ন:
পিতাৰ লগত
যোৱাৰ আৰু সত্যযুগৰ আদিত অহাৰ পুৰুষাৰ্থ কি?
উত্তৰ:
পিতাৰ লগত যাবলৈ হ’লে সম্পূৰ্ণ পৱিত্ৰ হ'ব লাগে। সত্যযুগৰ আদিত আহিবৰ কাৰণে বুদ্ধিৰ
যোগসূত্ৰ অন্যৰ সংগৰ পৰা ছিঙি এজন পিতাৰ স্মৃতিত থাকিব লাগে। আত্মা-অভিমানী নিশ্চয়
হ'ব লাগে। এজন পিতাৰ মতত চলিলে তেতিয়া উচ্চ পদৰ অধিকাৰ প্ৰাপ্ত হৈ যাব।
গীত:
নয়নহীন কো ৰাহ
দিখাও প্ৰভু…… (নয়নহীনক মাৰ্গ-দৰ্শন কৰা প্ৰভু…..)
ওঁম্শান্তি।
এই গীতটি কোনে
গালে? সন্তানসকলে কিয়নো পিতাতো এজনেই, তেওঁকেই ৰচয়িতা বুলি কোৱা হয়। ৰচনাই ৰচয়িতাক
আহ্বান জনায়। বাবাই বুজাইছে - ভক্তিমাৰ্গততো তোমালোকৰ দুজন পিতা আছে। এজন লৌকিক,
আনজন পাৰলৌকিক। সকলো আত্মাৰ পিতা এজনেই। এজন পিতা হোৱাৰ কাৰণে সকলো আত্মাই নিজক ভাই
ভাই বুলি কয়। সেইজন পিতাক আহ্বান জনায় হে ঈশ্বৰ পিতা, হে পৰমপিতা দয়া কৰক, ক্ষমা
কৰক। ভক্তসকলৰ ৰক্ষক একমাত্ৰ ভগৱানেই। পোন-প্ৰথমেতো এইটো বুজাব লাগে যে আমাৰ দুজন
পিতা আছে। এতিয়া পাৰলৌকিক পিতাতো সকলোৰে এজনেই। বাকী লৌকিক পিতা প্ৰত্যেকৰে বেলেগ
বেলেগ। এতিয়া লৌকিক পিতা ডাঙৰ নে পাৰলৌকিক পিতা ডাঙৰ? লৌকিক পিতাকতো কেতিয়াও ভগৱান
বা পৰমপিতা বুলি নক'ব। আত্মাৰ পিতা এজনেই পৰমপিতা পৰমাত্মা। আত্মাৰ নাম কেতিয়াও সলনি
নহয়। শৰীৰৰ নাম সলনি হয়। আত্মাই ভিন্ন ভিন্ন শৰীৰ লৈ ভূমিকা পালন কৰে অৰ্থাৎ
পুনৰ্জন্ম লয়। কিমাননো জন্ম লয় সেয়া পিতাইহে আহি বুজায়। সন্তানসকল তোমালোকে নিজৰ
জন্মৰ বিষয়ে নাজানা। পিতা আহেই ভাৰতলৈ, তেওঁৰ নাম হৈছে শিৱ। বুজিও পায় যে শিৱ হৈছে
পৰমাত্মা। শিৱ জয়ন্তী বা শিৱৰাত্ৰিও পালন কৰে। তেওঁ নিৰাকাৰ। যেনেকৈ আত্মাও নিৰাকাৰ,
নিৰাকাৰৰ পৰা সাকাৰত ভূমিকা পালন কৰিবলৈ আহে। এতিয়া নিৰাকাৰ শিৱইতো শৰীৰ অবিহনে
ভূমিকা পালন কৰিব নোৱাৰে। মনুষ্যই এই কথাবোৰ একোৱেই বুজি নাপায়, নয়নহীন। শৰীৰৰ এই
দুটি নেত্ৰতো সকলোৰে আছে। তৃতীয় জ্ঞানৰ নেত্ৰ আত্মাৰ নাই, যাক দিব্য-চক্ষু বুলিও কয়।
আত্মাই নিজৰ পিতাক পাহৰি গ'ল, সেয়েহে আহ্বান জনায় নয়নহীনক মাৰ্গ-দৰ্শন কৰক। ক'ৰ
মাৰ্গ? শান্তিধাম আৰু সুখধামৰ। সকলোৰে সৎগতি দাতা, সৎগুৰু এজনেই। মনুষ্য, মনুষ্যৰ
গুৰু হৈ সৎগতি দিব নোৱাৰে। নিজেও সৎগতি নাপায় আৰু আনকো নিদিয়ে। এজন পিতাইহে সকলোকে
সৎগতি দিয়ে। সেই ‘অল্ফ’ পিতাক স্মৰণ কৰিব লাগে। পিতাই বুজায় - কোনো মনুষ্য মাত্ৰেই
মুক্তি-জীৱনমুক্তি, শান্তি আৰু সুখ সদাকালৰ কাৰণে দিব নোৱাৰে। সুখ-শান্তিৰ বৰদানতো
এজন পিতাইহে দিব পাৰে। মনুষ্যই, মনুষ্যক দিব নোৱাৰে। ভাৰতবাসী সতোপ্ৰধান আছিল তেতিয়া
সত্যযুগী স্বৰ্গবাসী আছিল। আত্মা পৱিত্ৰ আছিল। ভাৰতক স্বৰ্গ বুলি কোৱা হয় যেতিয়া
আত্মাসকল পৱিত্ৰ আছিল, সতোপ্ৰধান আছিল।
তোমালোকে জানা যে
যথাযথ আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ, সতোপ্ৰধান আছিল। এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এতিয়া কলিযুগৰো অন্তৰ সময়, ইয়াক নৰক বুলি কোৱা হয়।
এইখনেই ভাৰত স্বৰ্গ আছিল তেতিয়া বহুত চহকী আছিল। হীৰা-মুকুতাৰ মহল আছিল। পিতাই
সন্তানসকলক সোঁৱৰাই দিয়ে। সত্যযুগৰ আদিত এই লক্ষ্মী-নাৰায়ণৰ ৰাজধানী আছিল। তাক
স্বৰ্গ বৈকুণ্ঠ বুলি কোৱা হয়। এতিয়াতো স্বৰ্গ নাই, এয়া পিতাই বুজায়। বাবা ভাৰতলৈহে
আহে। নিৰাকাৰ শিৱৰ জয়ন্তীও পালন কৰে, কিন্তু তেওঁ কি কৰে, এইটো কোনেও নাজানে। আমাৰ
অৰ্থাৎ আত্মাসকলৰ পিতা হৈছে শিৱ, তেওঁৰ আমি জয়ন্তী পালন কৰোঁ। পিতাৰ জীৱন
বৃত্তান্তও নাজানে। গায়নো কৰা হয় - দুখত সকলোৰে স্মৰণ কৰে। আহ্বান জনায় হে ঈশ্বৰ
পিতা দয়া কৰক। আমি বহুত দুখী কিয়নো এইখন ৰাৱণৰাজ্য। বছৰে বছৰে ৰাৱণক জ্বলায় নহয়।
কিন্তু এইটো কোনেও নাজানে যে 10টা শিৰধাৰী ৰাৱণ কি বস্তু। আমি তেওঁক কিয় জ্বলাওঁ,
এইটো কেনেধৰণৰ শত্ৰু যে তেওঁৰ প্ৰতিকৃতি সাজি জ্বলায়। ভাৰতবাসীয়ে একেবাৰেই নাজানে
কিয়নো জ্ঞানৰ তৃতীয় নেত্ৰ নাই সেইকাৰণেতো ৰামৰাজ্য বিচাৰে। 5 বিকাৰ স্ত্ৰীৰ, 5
বিকাৰ পুৰুষৰ আছে সেয়েহে ইয়াক ৰাৱণ সম্প্ৰদায় বুলি কোৱা হয়। এই ৰাৱণ 5 বিকাৰেই ঘোৰ
শত্ৰু, যাৰ প্ৰতিকৃতি সাজি জ্বলায়। ভাৰতবাসীয়ে এইটো গম নাপায় যে ৰাৱণ কোন, যাক
জ্বলায়। এই ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হ’ল, এইটোও কোনেও নাজানে। পিতাই বুজায় –
ৰামৰাজ্য - সত্যযুগ, ত্ৰেতা। ৰাৱণৰাজ্য - দ্বাপৰ, কলিযুগ। সত্যযুগত এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, এওঁলোকে এই ৰাজ্য ক'ৰ পৰা, কেনেকৈ পালে এইটো কোনেও
নাজানে। এয়া বুজিবলগীয়া কথা। এই ক্ষেত্ৰত মনোযোগ দিবলগীয়া হয়। অতিকৈ মৰমৰ পিতা
সেইবাবেতো তেওঁক ভক্তিমাৰ্গতো আহ্বান জনায়। ভাৰতত যেতিয়া এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ)
ৰাজ্য আছিল তেতিয়া দুখৰ নাম-চিহ্ন নাছিল। এতিয়া হৈছে দুখধাম, কিমান অনেক ধৰ্ম আছে।
সত্যযুগত এটা ধৰ্ম আছিল, ইমানবোৰ আত্মা ক'লৈ গুচি যাব, কোনেও গম নাপায় কিয়নো নয়নহীন।
শাস্ত্ৰৰ পৰা জ্ঞানৰ তৃতীয় নেত্ৰ কোনেও নাপায়। জ্ঞান নেত্ৰ জ্ঞান সাগৰ পৰমপিতা
পৰমাত্মাইহে দিয়ে। আত্মাই তৃতীয় নেত্ৰ প্ৰাপ্ত কৰে। আত্মাই পাহৰি গ'ল যে মই কিমান
জন্ম ল'লোঁ। সত্যযুগত যিসকল দেৱী-দেৱতাৰ ৰাজ্য আছিল, তেওঁলোক ক'লৈ গ'ল? গায়নো কৰে
মনুষ্যই 84 জন্ম লয়। 84ৰ চক্ৰ বুলি কয়। কিন্তু কোনসকল আত্মাই 84 জন্ম লয়? যিসকল
প্ৰথমে ভাৰতলৈ আহে তেওঁলোক আছিল দেৱী-দেৱতা। পুনৰ 84 জন্ম ভোগ কৰি অন্তিমত পতিত হৈ
যায়। গায়নো কৰে - হে পতিত-পাৱন, গতিকে সিদ্ধ কৰে আমি পতিত সেইকাৰণে আহ্বান জনায়, হে
পতিত-পাৱন আমাক পাৱন কৰি তুলিবলৈ আহক। যিসকল নিজেই পতিত তেওঁলোকে আকৌ আনক পাৱন
কেনেকৈ কৰি তুলিব। পিতাই বুজায় - আধাকল্প ভক্তিমাৰ্গত ৰাৱণৰাজ্য, 5 বিকাৰ থকাৰ কাৰণে
ভাৰতে ইমান দুখ পাইছে। 84 জন্মতো লয়েই। তাৰো হিচাপ বুজাব লাগে। পোন-প্ৰথমে সত্যযুগত
হৈছে সতোপ্ৰধান, তাৰপাছত ত্ৰেতাত হৈছে সতো..... আত্মাত খাদ (বিকাৰৰ লেপ) পৰে। পিতা
আহেই ভাৰতলৈ। শিৱ জয়ন্তী আছে নহয়। বাকী অন্য সকলো আত্মাতো গৰ্ভৰ পৰা জন্ম লয়। পিতাই
কয় - মই সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ, যাৰ এইটো বহুত জন্মৰ অন্তিম জন্ম। এই বুজনি
কোনোবা এজনক দিয়া নহয়। এইখন হৈছে গীতা পাঠশালা। মনুষ্যক দেৱতা কৰি গঢ়ি তুলিবলৈ এয়া
ৰাজযোগ শিকোৱা হয়। তোমালোক ইয়ালৈ আহিছা স্বৰ্গৰ উত্তৰাধিকাৰ ল'বলৈ যিটো পিতাইহে দিব
পাৰে। গীতা পঢ়িলে কোনো ৰজা নহয় আৰুহে প্ৰজা হৈ যায়। পিতাই গীতাৰ জ্ঞান শুনাই ৰজা কৰি
তোলে, অন্যৰ দ্বাৰা গীতা শুনিলে প্ৰজা হৈ যায়। ভাৰতত যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ
ৰাজ্য আছিল তেতিয়া পৱিত্ৰতা-শান্তি-সমৃদ্ধি আছিল, পৱিত্ৰ গৃহস্থ আশ্ৰম আছিল। তাত
হিংসাৰ নাম নাছিল আকৌ দ্বাপৰৰ পৰা হিংসা আৰম্ভ হ'ল। কাম বিকাৰত গৈ গৈ তোমালোকৰ এইটো
অৱস্থা হ'লহি। সত্যযুগত 100 শতাংশ চহকী আছিল, সতোপ্ৰধান আছিল। এই ৰহস্য কোনো মনুষ্য
অথবা সাধু-সন্ত আদিয়ে নাজানে। পিতা যি জ্ঞানৰ সাগৰ, পতিত-পাৱন তেৱেঁই আহি সতোপ্ৰধান
হোৱাৰ যুক্তি শুনায়। ৰাৱণৰ মতত মনুষ্যৰ চোৱা কি অৱস্থা হৈ গ'ল। ৰজা লোকসকলো, সেইসকল
যিসকল পৱিত্ৰ ৰজা হৈ গৈছে তেওঁলোকৰ চৰণত গৈ পৰে আৰু মহিমা গায় - আপুনি সৰ্বগুণ
সম্পন্ন, আমি নীচ পাপী। আমাৰ কোনো গুণ নাই, আকৌ কয় - আপুনিয়েই দয়া কৰক। আমাক আহি
মন্দিৰৰ যোগ্য কৰি তোলক। কোনেও বুজি নাপায় যে পিতা কেনেকৈ আহি পুনৰ দেৱী-দেৱতা ধৰ্ম
প্ৰতিষ্ঠা কৰে। এতিয়া তোমালোকে বুজি পোৱা আমিয়ে দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। আমিয়ে
ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ'লোঁ, ইমান জন্ম ল'লোঁ এতিয়া 84 জন্ম পূৰা হ'ল। পুনৰ
সৃষ্টিৰ চক্ৰ ঘূৰিব লাগে সেয়েহে পুনৰ তোমালোক ইয়াত পাৱন হ'ব লাগে। পতিততো সুখধাম,
শান্তিধামলৈ যাব নোৱাৰে। পিতাই বুজায় তোমালোক যিসকল সতোপ্ৰধান আছিলা সেইসকলেই
তমোপ্ৰধান হ’লা। সোণালীযুগৰ পৰা লৌহযুগলৈ আহিলা পুনৰ সোণালীযুগৰ হ'ব লাগে তেতিয়া
মুক্তিধাম, সুখধামলৈ যাব পাৰিবা। ভাৰত সুখধাম আছিল। এতিয়া দুখধাম। গীতটিতো শুনিলা -
আমাক নয়নহীনসকলক মাৰ্গ-দৰ্শন কৰক...... আমি নিজৰ শান্তিধামলৈ কেনেকৈ যাম। সেই
লোকসকলেতো কৈ দিয়ে - পৰমাত্মা সৰ্বব্যাপী, অমুক অৱতাৰ, পৰশুৰাম অৱতাৰ লয়। এতিয়া
পিতাই পৰশুৰাম হৈ কাৰোবাক মাৰে জানো? হ'ব নোৱাৰে। পিতাই বুজায় - তোমালোকে এই চক্ৰত
কেনেকৈ 84 জন্ম ল'লা। এতিয়া মোক ‘অল্ফ’ক (পৰমাত্মাক) স্মৰণ কৰা। হে আত্মাসকল
দেহী-অভিমানী হোৱা। দেহ-অভিমানী হৈ তোমালোক একেবাৰে দুখী-কঙাল, নৰকবাসী হৈ গৈছা। যদি
স্বৰ্গবাসী হ'ব বিচৰা তেন্তে আত্মা-অভিমানী নিশ্চয় হ'ব লাগে। আত্মাইহে এটা শৰীৰ এৰি
আন এটা লয়। এতিয়া 84 জন্ম পূৰা হ'ল পুনৰ সত্যযুগৰ আদিলৈ যাব লাগে। এতিয়া মোক স্মৰণ
কৰা আৰু অন্য সংগৰ পৰা বুদ্ধিযোগ ছিঙি দিয়া। গৃহস্থ ব্যৱহাৰতে থাকা, নিজক আত্মা বুলি
নিশ্চয় কৰা। আত্মাই এটা শৰীৰ এৰি আন এটা লয়। এতিয়া দেহী-অভিমানী হ'ব লাগে, মোক
স্মৰণ কৰা তেতিয়া খাদ সকলো জ্বলি যাব। তোমালোক পৱিত্ৰ হৈ যাবা তেতিয়া মই সকলো
সন্তানক লৈ যাম। যদি মোৰ মতত নচলা তেন্তে ইমান উচ্চ পদ নাপাবা। এই লক্ষ্মী-নাৰায়ণৰ
পদ উচ্চ। যেতিয়া এওঁলোকৰ ৰাজ্য আছিল তেতিয়া অন্য কোনো ধৰ্ম নাছিল। দ্বাপৰৰ পৰা পুনৰ
অন্য ধৰ্ম আহে। সত্যযুগত মনুষ্যও কম হয়। এতিয়াতো বহুত ধৰ্ম হোৱাৰ কাৰণে কিমান দুখী
হৈ গৈছে। সেইসকল দেৱতা ধৰ্মাৱলম্বীয়েই এতিয়া পুনৰ পতিত হোৱাৰ কাৰণে নিজক দেৱতা বুলি
নকয়। হিন্দু নাম ৰাখি দিলে। হিন্দুতো কোন ধৰ্ম নহয়। পিতাই বুজায় - ৰাৱণে তোমালোকক
এনেকুৱা কৰি দিলে। তোমালোক যেতিয়া যোগ্য দেৱী-দেৱতা আছিলা তেতিয়া গোটেই বিশ্বত
ৰাজ্য আছিল, সকলো সুখী আছিল। এতিয়া দুখী হৈ গৈছে। ভাৰত স্বৰ্গ আছিল সেই ভাৰত এতিয়া
নৰক হৈ গ’ল পুনৰ নৰকক স্বৰ্গ পিতাৰ বাহিৰে কোনেও কৰি তুলিব নোৱাৰে। দেৱতাসকলক
সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা হয়। ইয়াৰ মনুষ্যতো সম্পূৰ্ণ বিকাৰী, এওঁলোকক কোৱা হয়
পতিত। ভাৰত শিৱালয় আছিল, শিৱবাবাই স্থাপন কৰা আছিল। পিতাই স্বৰ্গ ৰচনা কৰে পুনৰ
ৰাৱণে নৰক ৰচনা কৰে। ৰাৱণে অভিশাপ দিয়ে, পিতাই 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিয়ে।
এতিয়া তোমালোক প্ৰত্যেকে এজন পিতাকেই স্মৰণ কৰা, কোনো দেহধাৰীক নহয়। দেহধাৰীক ভগৱান
বুলি কোৱা নহয়। ভগৱানতো এজনেই। পিতাইতো বেহদৰ উত্তৰাধিকাৰ দিয়ে আকৌ ৰাৱণে অভিশপ্ত
কৰি তোলে। এই সময়ত ভাৰত অভিশপ্ত, বহুত দুখী। এতিয়া এই ৰাৱণৰ ওপৰত বিজয়ী হ’ব লাগে।
গায়নো কৰা হয় দান দিয়া তেন্তে গ্ৰহণ আঁতৰিব। সেয়া যি গ্ৰহণ লাগে সেয়াতো পৃথিৱীৰ ছায়া।
এতিয়া পিতাই কয় - তোমালোকৰ ওপৰত 5 বিকাৰ ৰূপী ৰাৱণৰ গ্ৰহণ লাগি আছে। এই 5 বিকাৰ
দানত দি দিব লাগে। প্ৰথমতো দান দিয়া যে মই কেতিয়াও বিকাৰগ্ৰস্ত নহওঁ। এই কাম বিকাৰত
যোৱাটোৱেই মনুষ্যক পতিত কৰি তোলে। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাই যি
জ্ঞান দিয়ে সেয়া পূৰা মনোযোগ দি পঢ়িব লাগে। জ্ঞানৰ তৃতীয় নেত্ৰৰে 84 জন্মক জানি
এতিয়া অন্তিম জন্মত পাৱন হ'ব লাগে।
(2) ৰাৱণৰ অভিশাপৰ পৰা
ৰক্ষা পাবৰ কাৰণে এজন পিতাৰ স্মৃতিত থাকিব লাগে। 5 বিকাৰ দান দি দিব লাগে। এজন
পিতাৰ মতত চলিব লাগে।
বৰদান:
মুকুট আৰু
তিলক ধাৰণ কৰি বাপদাদাৰ সহায়কাৰী হওঁতা অন্তৰ সিহাসনত অধিষ্ঠিত হোৱা
যেতিয়া কোনোবা
সিংহাসনত বহে, তেতিয়া তিলক আৰু মুকুট তেওঁৰ পৰিচয় হয়। তেনেকৈ যিসকল অন্তৰ সিংহাসনত
অধিষ্ঠিত, তেওঁলোকৰ মস্তকত সদায় অবিনাশী আত্মা স্থিতিৰ তিলক দূৰৈৰ পৰাই জিলিকি থকা
দেখা যায়। সকলো আত্মাৰ কল্যাণৰ শুভ ভাৱনা তেওঁলোকৰ নয়ন বা মুখমণ্ডলত দেখা পোৱা যায়।
তেওঁলোকৰ প্ৰতিটো সংকল্প, বচন আৰু কৰ্ম পিতাৰ সমান হয়।
স্লোগান:
সহজে স্মৃতিত থাকিবলৈ সৰলতা গুণ ধাৰণ কৰা, সংস্কাৰবোৰ সৰল কৰা।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
যাৰ ব্যৱহাৰিক জীৱনত
ড্ৰামাৰ জ্ঞানৰ শক্তি ধাৰণ হৈছে তেওঁ কেতিয়াও অস্থিৰতাত আহিব নোৱাৰে। সদায় একৰস,
অচল-অটল হোৱা আৰু আনক কৰি তোলাৰ বিশেষ শক্তি হৈছে এই ড্ৰামাৰ কথাটি। ইয়াক শক্তি
হিচাপে ধাৰণ কৰাসকল কেতিয়াও পৰাজিত হ’ব নোৱাৰে। এই কল্যাণকাৰী ড্ৰামাৰ প্ৰতিটো
দৃশ্যত কিবা নহয় কিবা কল্যাণ সমাহিত হৈ আছে, গতিকে ধৈৰ্য্য ধৰি সাক্ষী হৈ প্ৰত্যক্ষ
কৰাৰ অভ্যাস কৰা তেতিয়া অচল-অটল হৈ থাকিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]