05.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক ভগৱানৰ সন্তান ৰাজকুমাৰ-কুমাৰী হবাগৈ, তোমালোকে কোনো বস্তুৰ ইচ্ছা ৰাখিব নালাগে, কাৰো পৰা একো বিচাৰিব নালাগে

প্ৰশ্ন:
দেহ-মন ঠিকে ৰাখিবলৈ কোনটো আধাৰৰ প্ৰয়োজন নাই?

উত্তৰ:
বহুত সন্তানে এনেকৈ ভাবে যে বৈভৱৰ আধাৰত দেহ-মন ঠিকে থাকিব। কিন্তু বাবাই কয়- সন্তানসকল, ইয়াত তোমালোকে বৈভৱৰ ইচ্ছা ৰাখিব নালাগে। বৈভৱেৰে দেহ-মন ঠিক নহব। দেহ-মন ঠিকে ৰাখিবলৈ স্মৃতিৰ যাত্ৰা কৰা উচিত। কোৱা হয় আনন্দৰ দৰে কোনো পথ্য নাই। তোমালোক আনন্দিত হৈ থাকা, নিচাত থাকা। যজ্ঞত দধীচি ঋষিৰ দৰে নিজৰ সৰ্বস্ব উজাৰি দিয়া তেতিয়া দেহ-মন ঠিক হৈ যাব।

ওঁম্শান্তি।
পিতাক কৰণকৰাবনহাৰ বুলি কোৱা হয়। তোমালোক হৈছা ভগৱানৰ সন্তান। তোমালোকৰ এইখন সৃষ্টিত উচ্চতকৈও উচ্চ স্থান আছে। তোমালোক সন্তানসকলৰ নিচা থাকিব লাগে যে আমি ভগৱানৰ সন্তান, ঈশ্বৰৰ শ্ৰীমতত এতিয়া আকৌ নিজৰ ৰাজ্য-ভাগ্য স্থাপনা কৰি আছোঁ। এইটো স্মৃতিও কাৰো বুদ্ধিত নাথাকে। বাবাই সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলৰ কাৰণে কয়। অনেক সেৱাকেন্দ্ৰ আছে, বহুত সন্তান আহে। প্ৰত্যেকৰে বুদ্ধিত যাতে সদায় এইটো স্মৃতি থাকে যে আমি বাবাৰ শ্ৰীমতত পুনৰাই বিশ্বত সুখ-শান্তিৰ ৰাজ্য স্থাপনা কৰি আছোঁ। সুখ আৰু শান্তি এই দুটা শব্দই স্মৃতিত ৰাখিব লাগে। তোমালোক সন্তানসকলে কিমান জ্ঞান পোৱা, তোমালোকৰ বুদ্ধি কিমান বিশাল হব লাগে, ইয়াত ভোদা বুদ্ধিৰে কাম নচলে। নিজক ভগৱানৰ সন্তান বুলি বুজা তেতিয়া পাপ সমাপ্ত হৈ যাব। বহুত আছে যাৰ গোটেই দিনটোত পিতাৰ স্মৃতি নাথাকেই। বাবাই কয় - তোমালোকৰ বুদ্ধি কিয় ভোদা হৈ যায়? সেৱাকেন্দ্ৰলৈ এনেকুৱা সন্তান আহে, যাৰ বুদ্ধিত এইটো স্মৃতি নায়েই যে আমি শ্ৰীমত অনুসৰি বিশ্বত নিজৰ দৈৱী ৰাজ্য স্থাপনা কৰি আছোঁ। অন্তৰত সেইটো নিচা, ৰেঙনি থাকিব লাগে। মুৰুলী শুনিলে ৰোমাঞ্চিত হৈ যাব লাগে। ইয়াত বাবাই দেখিবলৈ পায় সন্তানসকল আৰু বেছিহে জঁই পৰি থাকে, বহুত সন্তান আছে যাৰ বুদ্ধিত এইটো স্মৃতি নাথাকে যে আমি শ্ৰীমতত বাবাৰ স্মৃতিৰে বিকৰ্ম বিনাশ কৰি নিজৰ ৰাজধানী স্থাপনা কৰি আছোঁ। বাবাই নিতৌ বুজাই থাকে - সন্তানসকল, তোমালোক হৈছা যোদ্ধা, ৰাৱণৰ ওপৰত বিজয় পাওঁতা। বাবাই তোমালোকক মন্দিৰৰ লায়ক কৰি তোলে কিন্তু ইমানখিনি নিচা বা আনন্দ সন্তানসকলৰ থাকে জানো, কিবা বস্তু নাপালে বিতুষ্ট হৈ যায়। সন্তানসকলৰ এইটো অৱস্থা দেখি বাবা আচম্বিত হয়। মায়াৰ জালত আৱদ্ধ হৈ পৰে। তোমালোকৰ মান, তোমালোকৰ কাম-কাজ, তোমালোকৰ আনন্দ সেয়া বিস্ময়কৰ হব লাগে। যিয়ে মিত্ৰ-সম্বন্ধীয়ক পাহৰিব নোৱাৰে তেওঁলোকে কেতিয়াও বাবাক স্মৰণ কৰিব নোৱাৰে। তেন্তে কি পদ পাব! আচৰিত লাগে।

তোমালোক সন্তানসকলৰতো বহুত নিচা থাকিব লাগে। নিজক ভগৱানৰ সন্তান বুলি বুজা তেতিয়া একোৱেই বিচৰাৰ প্ৰয়োজন নাথাকিব। বাবাই আমাক ইমান প্ৰচুৰ সম্পদ দিয়ে যে 21 জন্মলৈ একো বিচৰাৰ প্ৰয়োজন নাথাকে, ইমানেই নিচা থাকিব লাগে। কিন্তু বুদ্ধি একেবাৰে ভোদা, জঁই পৰি যোৱা। তোমালোক সন্তাসকলৰ বুদ্ধিতো 7 ফুট ওখ হব লাগে। মনুষ্যৰ উচ্চতা খুউব বেছি 6-7 ফুট হয়। বাবাই সন্তানসকলক কিমান উৎসাহিত কৰে - তোমালোক হৈছা ভগৱানৰ সন্তান, জগতৰ লোকেতো একোৱে বুজি নাপায়। তেওঁলোকক তোমালোকে বুজোৱা যে আপোনালোকে মাত্ৰ এইটোৱে বুজক যে আমি পিতাৰ সন্মুখত বহি আছোঁ, বাবাক স্মৰণ কৰি থাকিলে বিকৰ্ম বিনাশ হব। পিতাই বুজায় সন্তানসকল, মায়া তোমালোকৰ ঘোৰ শত্ৰু, অন্যৰ ইমান শত্ৰু নহয়, তোমালোকৰ ক্ষেত্ৰত যিমান। মনুষ্যইতো নাজানে, তুচ্ছ বুদ্ধিৰ। বাবাই নিতৌ তোমালোক সন্তানসকলক কয় - তোমালোক হৈছা ভগৱানৰ সন্তান, পিতাক স্মৰণ কৰি থাকা আৰু আনকো নিজৰ সমানকৈ গঢ়ি থাকা। তোমালোকে সকলোকে এইটোও বুজাব পাৰা যে ভগৱান হৈছে সঁচা চাহাব। গতিকে আমি তেওঁৰ সন্তানসকল চাহাবৰ সন্তান হৈ গলোঁ, তোমালোক সন্তানসকলে চলোঁতে-ফুৰোঁতে বুদ্ধিত এইটোৱে স্মৃতি ৰাখিব লাগে। সেৱাত দধীচি ঋষিৰ দৰে নিজৰ হাড়ো অৰ্পণ কৰিব (সৰ্বস্ব উজাৰি দিব) লাগে। ইয়াত হাড় অৰ্পণ কৰা দূৰৈৰ কথা আৰু বেছিহে বৈভৱ বিচাৰে। দেহ-মন জানো এই বস্তুবোৰৰ দ্বাৰা ভাল হয়। দেহ-মন ঠিকে ৰাখিবলৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। সেইটো আনন্দ থাকিব লাগে। হেৰ, আমিতো কল্প কল্প মায়াৰ লগত হাৰি আহিছোঁ, এতিয়া মায়াৰ ওপৰত বিজয়ী হওঁ। পিতা আহি বিজয়ী কৰি তোলে। এতিয়া ভাৰতত কিমান দুখ, সীমাহীন দুখ দিওঁতা হৈছে ৰাৱণ। তেওঁলোকে ভাবে এৰোপ্লেন আছে, গাড়ী মহল আছে, বচ্‌, এয়াই স্বৰ্গ। এইটো বুজি নাপায় যে এই জগতখনেই এতিয়া নাশ হৈ যাব। লাখ লাখ, কোটি কোটি খৰচ কৰে, বান্ধ আদি বন্ধায়, যুদ্ধৰ সমগ্ৰীও কিমান আনি আছে। এইবোৰে ইজনে-সিজনক নাশ কৰি দিব, গৰাকী বিহীন নহয় জানো। কিমান যুঁজ-বাগৰ কৰে, সেই বিষয়ে নুসুধিবা। কিমান আৱৰ্জনাৰে ভৰি আছে। ইয়াকে কোৱা হয় নৰক। স্বৰ্গৰতো মহিমা অপাৰ। বৰোদাৰ মহাৰাণীক সোধা মহাৰজা কলৈ গ'ল? তেতিয়া কব স্বৰ্গবাসী হ'ল। স্বৰ্গ কাক কোৱা হয় - এয়া কোনেও নাজানে, কিমান ঘোৰ অন্ধকাৰ। তোমালোকো ঘোৰ অন্ধকাৰত আছিলা। এতিয়া পিতাই কয় - তোমালোকক ঈশ্বৰীয় বুদ্ধি প্ৰদান কৰোঁ। নিজক ঈশ্বৰীয় সন্তান ভগৱানৰ সন্তান বুলি বুজা। ভগৱানে পঢ়ায় ৰাজকুমাৰ-ৰাজকুমাৰী কৰি তুলিবলৈ। বাবাই যোজনা শুনায় নহয় যে ভেড়া ছাগলীয়ে স্বৰ্গীয় সংগীত কি বুজিব এতিয়া তোমালোকে বুজি পোৱা - মনুষ্যও সকলো সেই ভেড়া ছাগলীৰ দৰে, একোৱেই নাজানে। কি কি উপমা উলিয়াই থাকে। তোমালোকৰ বুদ্ধিত আদি-মধ্য-অন্তৰ ৰহস্য আছে। ভালকৈ স্মৰণ কৰা যে আমি বিশ্বত সুখ-শান্তি প্ৰতিষ্ঠা কৰি আছোঁ। যিসকল সহায়কাৰী হব তেওঁলোকেই উচ্চ পদ পাব। সেয়াও তোমালোকে দেখিবলৈ পোৱা কোন কোন সহায়কাৰী হয়। প্ৰত্যেকে নিজৰ অন্তৰক সোধা যে মই কি কৰি আছোঁ? মই ভেড়া ছাগলীতো নহয়? মনুষ্যৰ অহংকাৰ চোৱা কিমান, গুজৰিবলৈ ধৰে। তোমালোকৰতো পিতাৰ স্মৃতি থাকিব লাগে। সেৱাত সৰ্বস্ব উজাৰি দিব লাগে, কাকো বিতুষ্ট কৰিব নালাগে, নিজেও হব নালাগে। অহংকাৰো আহিব নালাগে। মই এইটো কৰোঁ, মই বৰ বুদ্ধিমান, এনেকুৱা খেয়াল অহাটোও দেহ-অভিমান। তেওঁলোকৰ চলনেই এনেকুৱা হৈ যায় যে দেখিলেই লাজ লাগিব। নহলে তোমালোকৰ নিচিনা সুখ আন কাৰো হব নোৱাৰে। এইটো স্মৃতি বুদ্ধিত থাকিলে তোমালোক জিলিকি থাকিবা। সেৱাকেন্দ্ৰত কিছুমানতো ভাল মহাৰথী থাকে, কিছুমান অশ্বাৰোহী, কিছুমান পদাতিক। ইয়াত বহুত বিশাল বুদ্ধিৰ হোৱা উচিত। কেনেকুৱা কেনেকুৱা ব্ৰাহ্মণী আছে, কিছুমানতো বহুত সহায়কাৰী, সেৱাত কিমান আনন্দিত হৈ থাকে। তোমালোকৰ নিচা বাঢ়িব লাগে। সেৱা অবিহনে কি পদ পাবা। মাতা-পিতাৰ সন্তানসকলৰ প্ৰতি সন্মান থাকে। কিন্তু তেওঁলোকে নিজে নিজৰ সন্মান নাৰাখিলে তেন্তে বাবাই কি কব।

তোমালোক সন্তানসকলে সংক্ষেপতে সকলোকে পিতাৰ পৰিচয় দিব লাগে। কোৱা, পিতাই কয় মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা)। গীতাত কিছুমান শব্দ আছে যি আটাত নিমখৰ পৰিমাণৰ দৰে। এই সৃষ্টিখন কিমান বিশাল, বুদ্ধিত উদয় হব লাগে। কিমান বিশাল সৃষ্টি, কিমান মনুষ্য আছে, এয়া আকৌ একোৱেই নাথাকিবগৈ। কোনো খণ্ডৰে নাম-চিহ্ন নাথাকিব। আমি স্বৰ্গৰ মালিক হমগৈ - দিন-ৰাতিয়ে এইটো আনন্দত থাকিব লাগে। জ্ঞানতো বহুত সহজ, বুজাওঁতাজন বৰ ৰসাল হব লাগে। অনেক প্ৰকাৰৰ যুক্তি আছে। পিতাই কয় - মই তোমালোকক বহুত কূটনীতিবিদ কৰি তোলোঁ। তেওঁলোকে প্ৰতিনিধিক কূটনীতিবিদ বুলি কয়। গতিকে সন্তানসকলৰ বুদ্ধিত স্মৃতি থাকিব লাগে। অহো! বেহদৰ পিতাই আমাক নিৰ্দেশনা দিয়ে, তোমালোকে ধাৰণ কৰি আনকো পিতাৰ পৰিচয় দিয়া। তোমালোকৰ বাহিৰে বাকী গোটেই জগতখনেই নাস্তিক। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে। কোনোবা নাস্তিকো আছে নহয়। পিতাক স্মৰণেই নকৰে। নিজেই কয় বাবা মই আপোনাৰ স্মৃতি পাহৰি যাওঁ, তেন্তে নাস্তিক নহ'ল জানো। এনেহেন পিতা যিয়ে ৰাজকুমাৰ-কুমাৰী কৰি তোলে, তেওঁ স্মৃতিলৈ নাহে! এইটো বুজিবলৈও বহুত বিশাল বুদ্ধিৰ আৱশ্যক। পিতাই কয় - মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। তোমালোকৰ দ্বাৰাই কাৰ্য কৰাওঁ। তোমালোক কিমান ভাল যোদ্ধা। 'বন্দে মাতৰম' তোমালোকৰে গায়ন। তোমালোকেই পূজ্য আছিলা আকৌ পূজাৰী হলা। এতিয়া শ্ৰীমতেৰে আকৌ পূজ্য হৈ আছা। সেয়েহে তোমালোক সন্তানসকলে বহুত শান্তিৰে সেৱা কৰিব লাগে। তোমালোক অশান্ত হব নালাগে। যাৰ সিৰাই সিৰাই ভূত সোমাই আছে, তেওঁ কি পদ পাব। লোভো বহুত ডাঙৰ ভূত। বাবাই সকলো চাই থাকে প্ৰত্যেকৰে চলন কেনেকুৱা। বাবাই কিমান নিচা বঢ়াই থাকে, কিছুমানে সেৱা নকৰে, মাত্ৰ খাই-বৈ থাকে তেন্তে 21 জন্ম সেৱা কৰিব লাগিব। দাস-দাসীও নহব জানো। অন্তিমত সকলোৰে সাক্ষাৎকাৰ হব। অন্তৰত সেৱাধাৰীয়েই স্থান পাব। তোমালোকৰ সেৱাই হ'ল - সকলোকে অমৰলোকৰ নিবাসী কৰি তোলা। বাবাই সাহসতো বহুত দিয়ে, ধাৰণা কৰা, দেহ-অভিমানীসকলৰ ধাৰণা হব নোৱাৰে। তোমালোকে জানা পিতাক স্মৰণ কৰি আমি বেশ্যালয়ৰ পৰা শিৱালয়লৈ যাওঁ, গতিকে এনেকুৱা হৈও দেখুৱাব লাগে।

বাবাইতো চিঠিবোৰত লিখে - অতি মৰমৰ ভগৱানৰ আত্মিক সন্তানসকল, এতিয়া শ্ৰীমতত চলিলে, মহাৰথী হলে তেতিয়া ৰাজকুমাৰ-কুমাৰী অৱশ্যে হবা। লক্ষ্য-উদ্দেশ্যই হৈছে এইটো। এজন সত্য বাবাই তোমালোকক সকলো কথা ভালকৈ বুজাই আছে। সেৱা কৰি আনৰো কল্যাণ কৰি থাকা। যোগবল নাথাকিলে তেতিয়া ইচ্ছা উৎপন্ন হয়, এইটো লাগে, সেইটো লাগে। সেই আনন্দ নাথাকে, কোৱা হয় আনন্দৰ দৰে খোৰাক (পথ্য) নাই। ভগৱানৰ সন্তানসকলতো বহুত আনন্দিত হৈ থাকিব লাগে। সেই আনন্দ নাথাকিলে অনেক প্ৰকাৰৰ কথা আহে। হেৰ, পিতাই বিশ্বৰ বাদশ্বাহী দি আছে, বাকী আৰু কি লাগে! সকলোৱে নিজৰ অন্তৰক সোধা মই ইমান মৰমৰ বাবাৰ কি সেৱা কৰোঁ? পিতাই কয় - সকলোকে বাৰ্তা দি যোৱা ভগৱানৰ আগমন হৈছে। বাস্তৱত তোমালোক সকলো হৈছা ভাই ভাই। তেওঁলোকে যদিও কয় আমি সকলো ভাই ভাই ইজনে-সিজনক সহায় কৰিব লাগে। সেইটো দৃষ্টিৰেহে ভাই বুলি কয়। ইয়াত পিতাই কয় - তোমালোক এজন পিতাৰ সন্তান ভাই ভাই হোৱা। পিতা হয়েই স্বর্গ স্থাপনা কৰোঁতা। সন্তানসকলৰ দ্বাৰা স্বৰ্গ স্থাপনা কৰে। সেৱাৰ যুক্তিতো বহুত বুজাই থাকে। মিত্ৰ-সম্বন্ধীয়সকলকো বুজাব লাগে। চোৱা, সন্তান বিদেশতো আছে তেওঁলোকেও সেৱা কৰি আছে। দিনে-প্ৰতিদিনে মনুষ্যই হাহাকাৰ দেখি বুজিব - মৃত্যুৰ আগতেই অধিকাৰ লৈ লওঁ। সন্তানসকলে নিজৰ মিত্ৰ-সমন্ধীয়সকলকো উদ্ধাৰ কৰি আছে। পৱিত্ৰ হৈও থাকে। বাকী নিৰন্তৰ ভাই ভাইৰ দৃষ্টি ৰখা, সেইটো কঠিন। পিতাইতো সন্তানসকলক ভগৱানৰ সন্তান কিমান সুন্দৰ উপাধি দিছে। নিজক চাব লাগে। সেৱা নকৰিলে মই কি হমগৈ? যদি কোনোৱে জমাও কৰিছিল কিন্তু খাই খাই সেয়া শেষ কৰি দিলে তেতিয়া আৰু বেছিহে ধৰুৱা হৈ যায়। সেৱা কৰাসকলৰ কেতিয়াও এইটো খেয়ালো যাতে নাহে যে মই ইমান দিলোঁ, তাৰ দ্বাৰা সকলোৰে প্ৰতিপালন হৈ আছে। সেয়েহে সহায় কৰাজনৰ খাতিৰো কৰা হয়, বুজাব লাগে তেওঁ (শিৱবাবা) হৈছে প্ৰতিপালন কৰোঁতা। আত্মিক সন্তানসকলক খুৱায়। তোমালোকে তেওঁৰ সেৱা কৰা, এইটো ডাঙৰ হিচাপ। যদি মন, বাণী, কৰ্মৰে তেওঁৰ সেৱা নকৰা তেন্তে সেই আনন্দ কেনেকৈ পাবা। শিৱবাবাক স্মৃতিত ৰাখি ভোজন ৰান্ধিলে তেতিয়া তেওঁৰ পৰা শক্তি পাবা। অন্তৰক সুধিব লাগে মই সকলোকে সন্তুষ্ট কৰিব পৰিছোঁনে? মহাৰথী সন্তানসকলে কিমান সেৱা কৰি আছে। বাবাই কাপোৰত তৈলচিত্ৰ অংকন কৰায়, এই চিত্ৰবোৰ কেতিয়াও ভাগি-ছিঙি নাযায়। বাবাৰ সন্তানসকল বহি আছে, তেওঁলোকে নিজেই ধন পঠিয়াই দিব। পিতাই আকৌ টকা কৰপৰা আনিব। এই সেৱাকেন্দ্ৰবোৰ কেনেকৈ চলে? সন্তানসকলেই চলায় নহয় জানো। শিৱবাবাই কয় - মোৰ লগত এটা ফুটাকৰিও নাই। পাছলৈ নিজেই আহি তোমালোকক কব মোৰ ঘৰটোও কামত লগাওঁক। তোমালোকে কবা এতিয়া বহুত পলম হৈ গল। পিতা হয়েই গৰিবৰ ত্ৰাণকৰ্তা। গৰিবৰ হাতত কৰ পৰা আহিব। কোনোবা কোটিপতি, পদমপতিও আছে। তেওঁলোকৰ কাৰণে এইখনেই স্বৰ্গ। এয়া হৈছে মায়াৰ পাম্প। তাৰ পতন হৈ আছে। পিতাই কয় - তোমালোক প্ৰথমে ভগৱানৰ সন্তান হৈছা আকৌ ৰাজকুমাৰ-কুমাৰী হবাগৈ। কিন্তু সিমান সেৱাও কৰি দেখুওৱাচোন। বহুত আনন্দিত হৈ থাকিব লাগে। আমি ভগৱানৰ সন্তান আকৌ ৰাজকুমাৰ-কুমাৰী হমগৈ। ৰাজকুমাৰ-কুমাৰী তেতিয়া হবা যেতিয়া বহুতৰে সেৱা কৰিবা। কিমান সীমাহীন আনন্দত থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও কাকো বিতুষ্ট কৰিব নালাগে আৰু নিজেও বিতুষ্ট হব নালাগে। নিজৰ বুদ্ধিমত্তা অথবা সেৱা কৰাৰ অহংকাৰ দেখুৱাব নালাগে। যেনেকৈ পিতাই সন্তানসকলক সন্মান দিয়ে তেনেকৈ নিজৰ সন্মান নিজে ৰাখিব লাগে।

(2) যোগবলেৰে নিজৰ সকলো ইচ্ছা সমাপ্ত কৰিব লাগে। সদায় এইটো আনন্দ বা নিচাত থাকিব লাগে যে আমি ভগৱানৰ সন্তান ৰাজকুমাৰ-ৰাজকুমাৰী হমগৈ। সদায় শান্তিত থাকি সেৱা কৰিব লাগে। সিৰাই সিৰাই যি ভূত সোমাই আছে, সেয়া আঁতৰাব লাগে।

বৰদান:
ব্ৰাহ্মণ জীৱনত পিতাৰ দ্বাৰা আলোকৰ মুকুট প্ৰাপ্ত কৰোঁতা মহান ভাগ্যৱান আত্মা হোৱা

সংগমযুগী ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব হৈছে পৱিত্ৰতা। পৱিত্ৰতাৰ চিহ্ন হৈছে আলোকৰ মুকুট যিটো প্ৰত্যেক ব্ৰাহ্মণ আত্মা পিতাৰ দ্বাৰা প্ৰাপ্ত হৈছে। পৱিত্ৰতাৰ আলোকৰ এই মুকুট এই হীৰা-মুকুতা খোদিত মুকুটতকৈও অতি শ্ৰেষ্ঠ। মহান আত্মা, পৰমাত্মা, ভাগ্যৱান আত্মা, উচ্চতকৈও উচ্চ আত্মাৰ এই মুকুট হৈছে চিহ্ন। বাপদাদাই প্ৰতিগৰাকী সন্তানক জন্মতেই পৱিত্ৰ হোৱাৰ বৰদান দিয়ে, যাৰ চিহ্ন হৈছে আলোকৰ মুকুট।

স্লোগান:
বেহদৰ (গোটেই পুৰণি সৃষ্টিৰ) বৈৰাগ্য বৃত্তিৰ দ্বাৰা ইচ্ছাৰ বশীভূত দুশ্চিন্তাগ্ৰস্ত আত্মাসকলৰ দুশ্চিন্তা দূৰ কৰা।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্ম অৰ্থাৎ ব্যৱহাৰ, যোগ অৰ্থাৎ পৰমাৰ্থ। পৰমাৰ্থ অৰ্থাৎ পৰমপিতাৰ সেৱা অৰ্থে। গতিকে ব্যৱহাৰ আৰু পৰমাৰ্থ দুয়োটা যাতে একেলগে হয় ইয়াক শ্ৰীমতত চলোঁতা কৰ্মযোগী বুলি কোৱা হয়। মই কেৱল ব্যৱহাৰিক নহয় কিন্তু ব্যৱহাৰিক আৰু পৰমাৰ্থ অৰ্থাৎ যি কৰি আছোঁ সেয়া ঈশ্বৰীয় সেৱাৰ অৰ্থে কৰি আছোঁ। এইটো স্মৃতিৰে এটি শৰীৰৰ দ্বাৰা একেটা সময়তে মন আৰু ধনৰ দুগুণ উপাৰ্জন হৈ থাকিব।