05.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ লগত তেতিয়াহে যাব পাৰিবা যেতিয়া পুৰণি সৃষ্টিৰ প্ৰতি বেহদৰ বৈৰাগ্য জন্মিব”
প্ৰশ্ন:
ভগৱান সমৰ্থ
হোৱা সত্ত্বেও তেওঁৰ দ্বাৰা ৰচিত যজ্ঞত বিঘিনি কিয় আহে?
উত্তৰ:
কিয়নো ৰাৱণ ভাগৱানতকৈও তীক্ষ্ণ। নিশ্চয় যেতিয়া ৰাৱণৰ ৰাজ্য কাঢ়ি লোৱা যাব তেতিয়া
ৰাৱণে বিঘিনি আনিবই। আৰম্ভণিৰে পৰা ড্ৰামা অনুসৰি এই যজ্ঞত বিঘিনি আহিয়েই আছে,
আহিবই। আমি পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ স্থানান্তৰ হৈ আছোঁ গতিকে পতিত মনুষ্যই
নিশ্চয় বিঘিনি আনিব।
গীত:
অ’ দূৰ কে
মুচাফিৰ…… (হে দূৰণিৰ পথিক.......)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতৰ কলিটি শুনিলা। যেনেকৈ বেদ-শাস্ত্ৰ আদিয়ে ভক্তিমাৰ্গৰ ৰাস্তা
দেখুৱায় তেনেকৈ গীতেও কিছু ৰাস্তা দেখুৱায়। তেওঁলোকেতো একো বুজি নাপায়। শাস্ত্ৰৰ কথা
আদি শুনা, সেয়া যেন কৰ্ণৰস। এতিয়া সন্তানসকলে জানে - দূৰৈৰ দেশৰ পথিক বুলি কাক কোৱা
হয়। আত্মাই জানে - আমিও দূৰণিৰ পথিক, আমাৰ ঘৰ হৈছে শান্তিধাম। মনুষ্যই এই কথাবোৰ যদি
নুবুজে তাৰমানে একোৱে নুবুজিলে। পিতাক নজনাৰ কাৰণে সৃষ্টি চক্ৰক কোনেও নাজানে। এই
আত্মাই বুজি পায় যে শিৱবাবাই কয় - মই অস্থায়ীৰূপে জীৱ আত্মা হওঁ। তোমালোক হৈছা
স্থায়ী জীৱ আত্মা। মই কেৱল সংগমতহে অস্থায়ী জীৱ আত্মা হওঁ। সেয়াও তোমালোকৰ দৰে নহওঁ।
মই এই জীৱটিত প্ৰৱেশ কৰোঁ, নিজৰ পৰিচয় দিবলৈ। নহ’লে তোমালোকে পৰিচয় কেনেকৈ পাবা?
পিতাই বুজাইছে - আত্মিক পিতা এজনেই, যাক শিৱবাবা অথবা ভগৱান বুলি কয়। অন্য কোনেও
নাজানে। ইয়াত পৱিত্ৰতাৰো বন্ধন আছে। আটাইতকৈ ডাঙৰ বন্ধন হ'ল নিজক আত্মা বুলি বুজা,
যিজন দূৰণিৰ পথিক পতিত-পাৱনক ভক্তিমাৰ্গত স্মৰণ কৰে সেইজন আত্মিক পিতাই বুজায় যে মই
সকলোকে লৈ যাম। কাকোৱেই এৰি থৈ নাযাওঁ, উভতিতো সকলোৱে যাব লাগে। প্ৰলয়ো নহয়। ভাৰত
খণ্ডতো থাকেই। ভাৰত খণ্ডৰ কেতিয়াও বিনাশ নহয়। সত্যযুগৰ আদিত কেৱল ভাৰত খণ্ডহে থাকে।
কল্পৰ সংগমত যেতিয়া পিতা আহে তেতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলগীয়া
হয়। বাকী সকলো ধৰ্ম বিনাশ হৈ যাব। তোমালোকেও আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা
কৰাত সহায় কৰি আছা। তেন্তে গীতটি শুনিলা - কয় বাবা আমাকো লগত লৈ ব'লা। পিতাই কয় -
এনেকৈ লগত কোনেও যাব নোৱাৰে, যেতিয়ালৈকে পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য নজন্মে। নতুন
ঘৰ তৈয়াৰ হ’লে তেতিয়া পুৰণাৰ পৰা অন্তৰৰ আকৰ্ষণ নাইকিয়া হৈ যায়। তোমালোকেও জানা এই
পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এতিয়া নতুন সৃষ্টিলৈ যাব লাগে। যেতিয়ালৈকে
সতোপ্ৰধান নোহোৱা তেতিয়ালৈকে সতোপ্ৰধান দেৱী-দেৱতা হ'ব নোৱাৰিবা সেয়েহে বাবাই বাৰে
বাৰে বুজায় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকা। সৎগতি কৰোঁতা দূৰণিৰ পথিক
এজনেই আহিছে, তেওঁক জগতে নাজানে। সৰ্বব্যাপী বুলি কৈ দিছে। এয়া তোমালোক সন্তানসকলে
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা যে আমি শিৱবাবাৰ সন্তান। (মধুবনলৈ) আহিলেও তেতিয়া এনেকৈ
বুজে যে আমি বাপদাদাৰ ওচৰলৈ যাওঁ, গতিকে এয়া পৰিয়াল হৈ গ'ল। এয়া হ'ল ঈশ্বৰীয় পৰিয়াল।
কাৰোবাৰ বহুত সন্তান থাকিলে তেতিয়া ডাঙৰ দল হৈ যায়। শিৱবাবাৰ সন্তান যি ইমানবিলাক
ব্ৰহ্মাকুমাৰ-কুমাৰী ভাই-ভনী আছে, এয়াও ডাঙৰ দল হৈ যায়। ব্ৰহ্মাকুমাৰ-কুমাৰী সকলোৱে
জানে - আমি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। শাস্ত্ৰবোৰত দেখুৱায় পাণ্ডৱ আৰু কৌৰৱে
খেল খেলিলে। ৰাজ্যখনক পণ (বাজি) হিচাপে ৰাখিলে। এতিয়া ৰাজ্য কৌৰৱৰো নাই পাণ্ডৱৰো
নাই। মুকুট আদি একোৱেই নাই। এনেকৈ দেখুৱায় যে তেওঁলোকে নগৰ এৰি যাবলগীয়া হ’ল।
অস্ত্ৰ-শস্ত্ৰ আদি লুকুৱাই ৰাখিলেগৈ। এই সকলোবোৰ হ'ল মনে সজা কথা। পাণ্ডৱৰ ৰাজ্যও
নাই, কৌৰৱৰ ৰাজ্যও নাই। তেওঁলোকৰ নিজৰ মাজত যুদ্ধও লগা নাছিল। যুদ্ধ ৰজাসকলৰ মাজত
লাগে। এওঁলোকতো ভাই ভাই হয়। যুদ্ধ হৈছিল কৌৰৱ আৰু য়ৱনসকলৰ মাজত। বাকী ভায়ে
ইজনে-সিজনক কেনেকৈ নাশ কৰিব। এনেকৈ দেখুৱায় যে পাণ্ডৱ আৰু কৌৰৱে যুদ্ধ কৰিলে। বাকী
5 পাণ্ডৱ ৰক্ষা পৰিল আৰু এটা কুকুৰ থাকিল। তেওঁলোকো সকলো পাহাৰত গলি মৰিল। খেলেই
শেষ। ৰাজযোগৰ অৰ্থই নোলাল।
এতিয়া তোমালোক
সন্তানসকলে জানা যে পিতা কল্পই কল্পই আহি এক ধৰ্মৰ প্ৰতিষ্ঠা কৰে। আহ্বানো কৰে - হে
পতিত-পাৱন বাবা আহা, আহি পতিতৰ পৰা পাৱন কৰি তোলা। সত্যযুগত সূৰ্যবংশী ৰাজধানীয়েই
থাকে। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা হৈ আছে। এতিয়া পিতা আহিছে গতিকে তেওঁৰ
নিৰ্দেশনা মতে চলিব লাগে। পদুম ফুলৰ সমান পৱিত্ৰ হৈ থাকিব লাগে। কন্যাসকলকতো নক’ব
যে গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হৈ থাকা। তেওঁলোকতো হয়েই পৱিত্ৰ। এয়া
গৃহস্থীসকলৰ ক্ষেত্ৰত কোৱা হয়। কুমাৰ আৰু কুমাৰীসকলেতো বিয়া কৰাবই নালাগে। নহ’লে
তেওঁলোকো গৃহস্থী হৈ যাব। গন্ধৰ্ব বিবাহৰ নামো আছে। কন্যাৰ ওপৰত মাৰ-কিল পৰিলে
তেতিয়া শোচনীয় অৱস্থাত গন্ধৰ্ব বিবাহ কৰোৱা হয়। বাস্তৱত মাৰ-কিলো সহ্য কৰিব লাগে,
তথাপিও অৰ্ধকুমাৰী হ’ব নালাগে। বাল ব্ৰহ্মচাৰীৰ নাম বহুত হয়। বিয়া কৰিলে তেতিয়া
অৰ্ধাংগিনী হৈ গ’ল। কুমাৰীসকলক কোৱা হয় - তোমালোকতো পৱিত্ৰ হৈ থাকা। গৃহস্থ
ব্যৱহাৰত থকাসকলক কোৱা হয় - গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হোৱা। তেওঁলোকৰহে
পৰিশ্ৰম হয়। বিয়া নকৰালে বন্ধন নাথাকিব। কন্যাসকলেতো পঢ়িব লাগে আৰু জ্ঞানত বহুত
শক্তিশালী হৈ থাকিব লাগে। সৰু কুমাৰীসকল, যিসকল নাবালিকা তেওঁলোককতো মই ৰাখিব নোৱাৰোঁ।
তেওঁলোকে নিজৰ ঘৰত থাকি পঢ়িব পাৰে। মাতা-পিতা জ্ঞানত আহিলে তেতিয়া নাবালিকা কন্যাক
লৈ আহিব পাৰে। এইখনতো স্কুলৰো স্কুল, ঘৰৰো ঘৰ আৰু সৎসংগৰো সৎসগ। সৎ মানে এজন পিতা
যাৰ কাৰণেই কোৱা হয় - হে দূৰণিৰ পথিক। আত্মা বগা (পৱিত্ৰ) হয়। পিতাই কয় - মই পথিক
সদায় বগা হৈ থাকোঁ। পৱিত্ৰতাত থাকোঁতা হওঁ। মই আহি সকলো আত্মাক বগা পৱিত্ৰ কৰি তোলোঁ
আৰুতো কোনো এনেকুৱা পথিক নাই। পিতাই বুজায় - মই আহিছোঁ ৰাৱণৰাজ্যত। এই শৰীৰটোও আনৰ।
তোমালোক আত্মাই ক’বা - এইটো মোৰ শৰীৰ। বাবাই ক’ব - এইটো মোৰ শৰীৰ নহয়। এইটো এওঁৰ
শৰীৰ। এইটো পতিত শৰীৰ মোৰ নহয়। আহেই এওঁৰ বহুত জন্মৰ অন্তৰ জন্মত। যিজন প্ৰথম
নম্বৰৰ পৱিত্ৰ আছিল তেৱেঁই অন্তত বিকাৰী হয়। প্ৰথম নম্বৰৰ জন্মত 16 কলা সম্পূৰ্ণ
আছিল। এতিয়া কোনো কলা নাই। পতিততো সকলো হয়েই। তেন্তে পিতা দূৰণিৰ দেশৰ পথিক হ’ল নহয়।
তোমালোক আত্মাসকলো পথিক হোৱা। ইয়ালৈ আহি ভূমিকা পালন কৰা। এই সৃষ্টি চক্ৰক কোনেও
নাজানে। লাগিলে কোনোবা যিমানেই শাস্ত্ৰ আদি পঢ়া নহওঁক কিয় কিন্তু এই জ্ঞান কোনেও
দিব নোৱাৰে। পিতাই বুজায় - মই এই শৰীৰত প্ৰৱেশ কৰি এই আত্মাসকলক জ্ঞান দিওঁ।
তেওঁলোকৰ ক্ষেত্ৰততো মনুষ্যই মনুষ্যক শাস্ত্ৰৰ জ্ঞান দিয়ে। তেওঁলোক হৈ গ’ল ভকত।
সৎগতি দাতাতো এজনেই। তেৱেঁই জ্ঞানৰ সাগৰ, তেওঁক নজনাৰ কাৰণে দেহ-অভিমান আহি যায়।
তেওঁলোকেতো এয়া নুবুজায় যে নিজক আত্মা বুলি নিশ্চয় কৰা। আত্মাই পঢ়ে। এয়া কোনেও
নুবুজায় কিয়নো দেহ-অভিমান আছে। এতিয়া দূৰণিৰ পথিক বুলিতো শিৱবাবাকেই ক’ব। তোমালোকে
জানা যে আমি 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগালোঁ।
পিতাই কয়- 5 হাজাৰ
বছৰ পূৰ্বেও বুজাইছিলোঁ যে সন্তানসকল, তোমালোকে নিজৰ জন্মক নাজানা। মই জানোঁ –
‘গীতা’ত আটাত নিমখৰ দৰে কিছু আছে। সেয়াই গীতাৰ আখ্যান, সেয়াই মহাভাৰতৰ যুদ্ধ, সেয়াই
মনমনাভৱ-মধ্যাজী ভৱৰ জ্ঞান। মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। যুদ্ধও যথাযথ
লাগিছে। পাণ্ডৱৰ বিজয় হ’ল। বিজয় মালা বিষ্ণুৰ গায়ন কৰা হয়। শাস্ত্ৰবোৰততো দেখুৱাইছে
যে পাণ্ডৱ গলি মৰি গ’ল। তেন্তে আকৌ মালা ক’ৰ পৰা হ’ল। এতিয়া তোমালোকে বুজি পোৱা যে
আমি বিষ্ণুৰ মালা হ’বলৈ ইয়ালৈ আহিছোঁ। ওপৰত আছে পতিত-পাৱন পিতা। তেওঁৰ স্মাৰক লাগে
নহয়। ভক্তিমাৰ্গত স্মাৰকৰ গায়ন কৰা হয়। কোনোবাই 8 (আঠ)ৰ মালা, কোনোবাই 108ৰ মালা,
কোনোবাই 16108ৰ মালা গাঁথিছে। গায়ন কৰে – তোমালোকৰ আৰোহণ কলা হ’লে সকলোৰে ভাল হয়।
এতিয়া তোমালোকে জানা - আমাৰ এতিয়া আৰোহণ কলা। আমি গুচি যাম নিজৰ সুখধামলৈ পুনৰ আমি
তাৰ পৰা তললৈ কেনেকৈ নামো। 84 জন্ম কেনেকৈ লওঁ, এই সকলো জ্ঞান তোমালোকৰ বুদ্ধিত আছে।
এই জ্ঞান পাহৰি যাব নালাগে। আমাৰ সকলো দুখ দূৰ কৰিবলৈ, অভিশাপ মোচন কৰি সুখৰ
উত্তৰাধিকাৰ দিবলৈ পিতা আহিছে। ৰাৱণৰ অভিশাপেৰে সকলোৰে দুখ হয়। সেয়েহে এতিয়া পিতাক
আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। তোমালোকে জানা আমি সূৰ্যবংশীসকলে ভাৰতত ৰাজত্ব
কৰিছিলোঁ। ভাৰততে শিৱবাবা আহে। ভাৰতেই স্বৰ্গ আছিল, এইটো স্মৃতি বাৰে বাৰে বুদ্ধিত
আনিব লাগে। যিসকলে 84ৰ চক্ৰ পৰিক্ৰমা লগোৱা নাই তেওঁলোকে নিজেও ধাৰণ নকৰিব আৰু আনকো
নকৰাব। তেওঁলোকৰ ক্ষেত্ৰত বুজা যাব যে এওঁলোকে 84 জন্ম লোৱা নাই। এওঁলোক দেৰিকৈ আহে।
স্বৰ্গলৈ নাহে। প্ৰথমতে যোৱাতো ভাল হয় নহয়। নতুন ঘৰত প্ৰথমে নিজে থাকে পাছত ভাড়ালৈ
দি দিয়ে। তেতিয়া সেয়া পুৰণি (ব্যৱহৃত) হৈ গ’ল নহয়। সত্যযুগ হ’ল নতুন সৃষ্টি।
ত্ৰেতাক পুৰণি বুলি কোৱা হ’ব। গতিকে এতিয়া বুদ্ধিত উদয় হয় যে আমি স্বৰ্গ অৰ্থাৎ
নতুন সৃষ্টিলৈ যাম। পুৰুষাৰ্থ কৰিব লাগে। প্ৰজাও তৈয়াৰ হৈ গৈ থাকিব। তোমালোকে গম
পাই গৈ থাকিবা যে মালাত কোন কোন গঁথা যাব পাৰে। যদি কাৰোবাক চিধাকৈ কোৱা হয় যে তুমি
আহিব নোৱাৰিবা তেনেহ’লে হাৰ্টফেইল হৈ যাব। সেইবাবে কোৱা হয় যে পুৰুষাৰ্থ কৰা, নিজক
পৰীক্ষা কৰা যে মোৰ বুদ্ধিযোগ দিগভ্ৰান্ত হৈ ইফালে-সিফালেতো গৈ নাথাকে! তোমালোকৰ
শিৱবাবাৰ প্ৰতি কিমান মৰম বাঢ়ি গৈ থাকে! এনেকৈ কয়ো যে মই বাপদাদাৰ ওচৰলৈ যাওঁ।
শিৱবাবাৰ পৰা দাদাৰ দ্বাৰা উত্তৰাধিকাৰ ল’বলৈ যাওঁ। এনেকুৱা পিতাৰ ওচৰলৈতো অনেকবাৰ
যাওঁ। কিন্তু গৃহস্থ ব্যৱহাৰো চম্ভালিব লাগে। যদিওবা বহুত ধনৱান কিন্তু ইমান আহৰি
নাই। পূৰা নিশ্চয়তা নাই। নহ’লেতো এমাহ দুমাহৰ পাছত আহি সজীৱ হ’ব পাৰে। তেওঁলোকৰ বাৰে
বাৰে আকৰ্ষণ হ’ব। বেজীত মামৰ লাগি থাকিলে তেতিয়া চুম্বকে ইমান আকৰ্ষণ নকৰে। যাৰ পূৰা
যোগ থাকিব তেওঁলোকৰ তৎক্ষণাৎ আকৰ্ষণ হ’ব, দৌৰি আহিব। যিমানে মামৰ আঁতৰি গৈ থাকিব
সিমানে আকৰ্ষণ হ’ব। মই চুম্বকক সাক্ষাৎ কৰোঁ। এটি গীত আছে - লাগিলে মাৰা, লাগিলে
যিয়েই নকৰা… মই দুৱাৰডলিৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। কিন্তু সেই অৱস্থাতো পাছলৈ হ’ব।
মামৰ আঁতৰি গ’লে তেতিয়া সেইটো অৱস্থা হ’ব। পিতাই কয় – হে আত্মাসকল, মনমনাভৱ (নিজক
আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা), গৃহস্থ ব্যৱহাৰতে থাকা। এনেকুৱা নহয় যে
ইয়ালৈ দৌৰি আহি বহি যাব লাগে। সাগৰৰ ওচৰলৈ মেঘবোৰ আহিব লাগে - সজীৱ হ’বলৈ। পুনৰ
সেৱাত যাব লাগে। বন্ধন যেতিয়া সমাপ্ত হ’ব তেতিয়া সেৱাত যাব পাৰিব। মা-পিতাৰ
সন্তানসকলে তত্ত্বাৱধান ল’ব লাগে। পিতাৰ স্মৃতিত থাকিব লাগে। পৱিত্ৰ হ’ব লাগে।
পিতাই বুজাইছে -
জ্ঞান যজ্ঞত অনেক প্ৰকাৰৰ বিঘিনি আহে। কয় - ঈশ্বৰতো সমৰ্থ হয় তেনেহ’লে বিঘিনি কিয়
আহে? মনুষ্যই গমেই নাপায়, ৰাৱণ ভগৱানতকৈও তীক্ষ্ণ। তেওঁৰ ৰাজ্য কাঢ়ি লোৱা হয় সেয়েহে
অনেক প্ৰকাৰৰ বিঘিনি আহি থাকে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তথাপিও বিঘিনি আহিব।
আৰম্ভণিৰে পৰা পতিতসকলে বিঘিনি আনে। শাস্ত্ৰবোৰতো লিখি দিছে - শ্ৰীকৃষ্ণৰ 16108
গৰাকী পাটৰাণী আছিল। সৰ্পই দংশন কৰিলে। ৰামৰ সীতাক হৰণ কৰিলে। এতিয়া ৰাৱণ স্বৰ্গত
ক’ৰপৰা আহিল। মিছাতো বহুত আছে। কয় - বিকাৰ অবিহনে সন্তান কেনেকৈ জন্ম হ’ব। তেওঁলোকে
গমেই নাপায়-যিসকল উত্তৰাধিকাৰ লওঁতা হ’ব তেওঁলোকেই আহি বুজিব। গতিকে এই জ্ঞান যজ্ঞত
অসুৰে বিঘিনি আনে। পতিতসকলক অসুৰ বুলি কোৱা হয়। হয়েই ৰাৱণ সম্প্ৰদায়। এতিয়া তোমালোক
সংগমত আছা। ৰাৱণৰাজ্যৰ পৰা ফালৰি কাটি আহিলা তথাপিও লেশমাত্ৰ আহে। বুদ্ধিত এইটো
জ্ঞান আছে যে আমি গৈ আছোঁ। বহিতো ইয়াতেই আছোঁ। বুদ্ধিত জ্ঞান আছে। বহি ইয়াত আছা
কিন্তু ইয়াৰ প্ৰতি যেন তোমালোকৰ বৈৰাগ্য জন্মিছে। এইখন ছিঃ ছিঃ সৃষ্টি এতিয়া
কবৰস্থান হৈ যাব। ভিন্ন ভিন্ন সাৰকথাৰে বুজোৱা হয়। বাস্তৱততো এষাৰেই সাৰকথা -
মনমনাভৱ। কিমানৰ চিঠি আহে - বাবা আমি বন্ধনত থাকোঁতা। এগৰাকী দ্ৰৌপদীতো নহয়, হাজাৰ
গৰাকী হৈ যাব। এতিয়া তোমালোক পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টিলৈ স্থানান্তৰ হৈ আছা।
যিসকল কল্প পূৰ্বে ফুল হৈছিল তেওঁলোকেই ওলাব। ‘আল্লাৰ বাগিচা’ ইয়াত স্থাপনা হ’ব।
কিছুমানতো এনেকুৱা ভাল ভাল ফুল যে দেখিলেই ভাল লাগি যায়। নামেই হৈছে ‘ফুলৰ ৰজা’। 5
দিন ৰাখি থলে তথাপিও ফুলি থাকিব। সুবাস বিয়পি থাকিব। ইয়াতো যিসকলে পিতাক স্মৰণ কৰে
আৰু স্মৃতি সোঁৱৰাই দিয়ে তেওঁলোকৰ সুবাস বিয়পি থাকে। সদায় আনন্দিত হৈ থাকে। এনেকুৱা
মৰমৰ সন্তানসকলক দেখি পিতা হৰ্ষিত হয়। তেওঁলোকৰ আগত বাবাৰ জ্ঞান নৃত্য ভাল হয়। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান আৰু
যোগত শক্তিশালী হ’ব লাগে। যদি কোনো বন্ধন নাই তেনেহ’লে বন্ধনত জানি বুজি আৱদ্ধ হ’ব
নালাগে। বাল ব্ৰহ্মচাৰী হৈ থাকিব লাগে।
(2) এতিয়া আমাৰ আৰোহণ
কলা। বাবা আমাৰ সকলো দুখ দূৰ কৰিবলৈ, অভিশাপ মোচন কৰি উত্তৰাধিকাৰ দিবলৈ আহিছে। পিতা
আৰু উত্তৰাধিকাৰক স্মৰণ কৰি অপাৰ আনন্দত থাকিব লাগে। পৰীক্ষা কৰিব লাগে যে মোৰ
বুদ্ধিযোগ ক’ৰবাত দিগভ্ৰান্ত হৈ ইফালে-সিফালে গৈতো নাথাকে।
বৰদান:
সমাহিত কৰা আৰু
সন্মুখীন হোৱাৰ শক্তিৰ দ্বাৰা সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা আত্মিক সেৱাধাৰী হোৱা
আত্মিক সেৱাধাৰীসকলে
সেৱাৰ বাহিৰে আন একো নাভাবে, তেওঁলোকে মন-বচন-কৰ্মৰে সেৱাৰ পৰা এক চেকেণ্ডো জিৰণি
নলয় সেয়েহে সকলোতকৈ শ্ৰেষ্ঠ হৈ যায়। তেওঁলোকে সেৱাত সফলতা প্ৰাপ্ত কৰিবৰ বাবে সদায়
এইটোৱে শ্লোগান স্মৃতিত ৰাখে যে সমাহিত কৰা আৰু সন্মুখীন হোৱা - এয়াই আমাৰ লক্ষ্য।
তেওঁলোকে নিজৰ পুৰণা সংস্কাৰবোৰ সমাহিত কৰে আৰু মায়াৰ সন্মুখীন হয়, দৈৱী পৰিয়ালৰ
নহয়। এনেকুৱা সন্তান যিসকল জ্ঞানপূৰ্ণ হোৱাৰ লগতে শক্তিশালীও হয় তেওঁলোককে আত্মিক
সেৱাধাৰী বুলি কোৱা হয়।
স্লোগান:
সৰু কথাক ডাঙৰ নকৰিবা, বাতাবৰণক শক্তিশালী কৰি তোলা।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
জগতত মনুষ্য জীয়াই
থকা সত্ত্বেও নিৰাশাৰ চিতাত বহি আছে, তেনে আত্মাসকলক জীৱন্তে মৃত কৰি তোলা, নতুন
জীৱন দান দিয়া। নিজৰ সৌভাগ্যশালী, হৰ্ষিত মুখ চেহেৰাৰ দ্বাৰা তেওঁলোকক মানৱ জীৱনত
জীয়াই থাকিবলৈ শিকোৱা। তোমালোকক দেখি তেওঁলোকৰ মাজত সাহস, উৎসাহ-উদ্দীপনা আহি যাওঁক,
ইয়াৰ বাবে নিজৰ স্বভাৱ সৰল কৰি তোলা আৰু সদায় পদুম ফুলৰ সমান স্থিতিৰ আসনত ডবল লাইট
স্থিতিত স্থিৰ হৈ থাকা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]