05.08.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা এই বেশ্যালয়ক শিৱালয় কৰি তুলিবলৈ আহিছে। তোমালোকৰ কৰ্তব্য হৈছে - বেশ্যাসকলকো ঈশ্বৰীয় বাৰ্তা দি তেওঁলোকৰো কল্যাণ কৰা”

প্ৰশ্ন:
কোনসকল সন্তানে নিজৰ বহুত ডাঙৰ লোকচান কৰে?

উত্তৰ:
যিসকলে কোনো কাৰণত মুৰুলী (পঢ়া) খতি কৰে, তেওঁলোকে নিজৰ বহুত ডাঙৰ লোকচান কৰে। বহুত সন্তানেতো পৰস্পৰ বিতুষ্ট হোৱাৰ কাৰণে শ্ৰেণীলৈকে নাহে। কিবা নহয় কিবা অজুহাত দেখুৱাই ঘৰতে শুই থাকে, ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰে লোকচান কৰে কিয়নো বাবাইতো নিতৌ কিবা নহয় কিবা নতুন যুক্তি শুনাই থাকে, যদি নুশুনাই তেন্তে সেয়া বাস্তৱত ৰূপায়িত কেনেকৈ কৰিবা।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে এইটোতো জানে যে এতিয়া আমি বিশ্বৰ মালিক হ’বৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। যদিও মায়ায়ো পাহৰাই দিয়ে। কাৰোবাকতো গোটেই দিন পাহৰাই দিয়ে। কেতিয়াও স্মৰণেই নকৰে যে আনন্দিত হৈ থাকিব। আমাক ভগৱানে পঢ়ায় এইটোও পাহৰি যায়। পাহৰি যোৱাৰ বাবে আকৌ একো সেৱা কৰিব নোৱাৰে। ৰাতি বাবাই বুজালে - অধমতকৈও অধম যিসকল বেশ্যা আছে তেওঁলোকৰ সেৱা কৰিব লাগে। তোমালোকে বেশ্যাসকলৰ কাৰণে ঘোষণা কৰি দিয়া যে আপোনালোকে পিতাৰ এই জ্ঞান ধাৰণ কৰিলে স্বৰ্গত বিশ্বৰ মহাৰাণী হ'ব পাৰে, চহকীলোক হ'ব নোৱাৰে। যিসকলে জানে, পঢ়া-লিখা কৰা লোক তেওঁলোকে তেওঁলোকক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব, তেতিয়া বেচেৰীহঁত বহুত আনন্দিত হ'ব কিয়নো তেওঁলোকো অবলা, তোমালোকে তেওঁলোকক বুজাব পাৰা। পিতাই যুক্তিতো বহুত বুজাই থাকে। কোৱা, আপোনালোকেই উচ্চতকৈও উচ্চ, নীচতকৈও নীচ হৈছে। আপোনালোকৰ নামৰ কাৰণেই ভাৰতৰ নাম বেশ্যালয় হৈছে। আকৌ আপোনালোক শিৱালয়লৈ যাব পাৰে - এইটো পুৰুষাৰ্থ কৰিলে। এতিয়া আপোনালোকে পইচাৰ বাবে কিমান লেতেৰা কাম কৰে। এতিয়া এইবোৰ এৰক। এনেকৈ বুজালে তেওঁলোক বহুত আনন্দিত হ'ব। তোমালোকক কোনেও বাধা দিব নোৱাৰে। এয়াতো ভাল কথা নহয় জানো। গৰিবৰ মাথো ভগৱানেই। পইচাৰ কাৰণে বহুত লেতেৰা কাম কৰে। তেওঁলোকৰ যেন বেপাৰ চলে। এতিয়া সন্তানসকলে কয় - আমি কেনেকৈ সেৱা বৃদ্ধি হ’ব পাৰে তাৰ যুক্তি (উপায়) উলিয়াম। কোনো কোনো সন্তান কিবা নহয় কিবা কথাত বিতুষ্ট হৈ পৰে। পঢ়িবলৈও এৰি দিয়ে। এইটো নুবুজে যে মই নপঢ়িলে নিজৰে লোকচান কৰিম। বিতুষ্ট হৈ বহি যায়। অমুকে এনেকৈ ক’লে, এনেকৈ ক’লে সেইকাৰণে নাহে। সপ্তাহত এবাৰ কোনোমতে আহে। বাবাইতো মুৰুলীত কেতিয়াবা কিবা ৰায়, কেতিয়াবা আন কিবা ৰায় দি থাকে। মুৰুলী শুনিবতো লাগে নহয়। যেতিয়া শ্ৰেণীলৈ আহিব তেতিয়াহে শুনিব। এনেকুৱা বহুত আছে, কাৰণে-অকাৰণে অজুহাত দেখুৱাই শুই থাকিব। বাৰু, আজি নাযাওঁ। হেৰ’, বাবাই এনেকুৱা ভাল ভাল সাৰ কথা শুনায়। সেৱা কৰিলে উচ্চ পদো পাবা। এয়াতো হৈছে পঢ়া। বানাৰসীত হিন্দু-বিশ্ববিদ্যালয় আদিত বহুত শাস্ত্ৰ পঢ়ে। অন্য কোনো কাম নাথাকিলে বচ্‌ শাস্ত্ৰ মুখস্থ কৰি সৎসংগ আৰম্ভ কৰি দিয়ে। তাত উদ্দেশ্য আদিতো একো নাথাকে। এই পঢ়াৰ দ্বাৰাতো সকলোৰে নাও পাৰ হয়। গতিকে তোমালোক সন্তানসকলে এনেকুৱা অধমসকলৰ সেৱা কৰিব লাগে। চহকীসকলে যেতিয়া দেখিব যে ইয়াত এনেকুৱা এনেকুৱাসকল আহে তেতিয়া তেওঁলোকৰ অন্তৰে আহিবলৈ নিবিচাৰিব। দেহ-অভিমান আছে নহয়। তেওঁলোকৰ লাজ লাগিব। বাৰু, তেন্তে তেওঁলোকৰ এখন বেলেগ স্কুল খুলি লোৱা। সেই পঢ়াতো হৈছে পাই-পইচাৰ, শৰীৰ নিৰ্বাহৰ অৰ্থে। ইয়াততো হৈছে 21 জন্মৰ কাৰণে। কিমানৰ কল্যাণ হৈ যাব। প্ৰায়ে মাতাসকলেও সোধে যে বাবা ঘৰত গীতা পাঠশালা খোলোঁনে? তেওঁলোকৰ ঈশ্বৰীয় সেৱাৰ চখ থাকে। পুৰুষসকলেতো ইফালে-সিফালে ক্লাব আদিত ঘূৰি থাকে। চহকীসকলৰ কাৰণেতো ইয়াতেই স্বর্গ। কিমান ধুন-পেচ আদি কৰি থাকে। কিন্তু দেৱতাসকলৰতো প্ৰাকৃতিক সৌন্দৰ্য চোৱা কেনেকুৱা। কিমান পাৰ্থক্য আছে। এনেও ইয়াত তোমালোকক সঁচা কথা শুনোৱা হয় গতিকে কিমান কম আহে। সেয়াও গৰিবসকলহে আহে। সেইফালে তৎক্ষণাৎ গুচি যায়। তালৈও অলংকাৰেৰে শোভা কৰি যায়। গুৰুসকলে বাগদানো কৰায়। ইয়াত কাৰোবাৰ বাগদান কৰোৱাও যদি সেয়া বচাবলৈহে। কাম চিতাত বহাৰ পৰা বাচি যাওঁক। জ্ঞান চিতাত বহি পদম ভাগ্যশালী হৈ যাওঁক। মাতা-পিতাক কয় - এই অধোগতিৰ বেপাৰ এৰি ব'লা স্বৰ্গলৈ যাওঁ। তেতিয়া কয় কি কৰোঁ, এই জগতৰ লোকসকল আমাৰ ওপৰত বিতুষ্ট হ’ব যে কুলৰ নাম বদনাম কৰিলে। বিয়া পাতি নিদিয়াতো নিয়মৰ বিপৰীত। লোক-লাজ, কুলৰ মৰ্যাদা এৰি নিদিয়ে। ভক্তিমাৰ্গত গায় - মোৰতো এজনেই, দ্বিতীয় কোনো নাই। মীৰাৰো গীত আছে। নাৰীৰ মাজত এক নম্বৰ ভক্ত হৈছে মীৰা, পুৰুষৰ মাজত নাৰদৰ গায়ন কৰা হৈছে। নাৰদৰো কাহিনী আছে নহয়। তোমালোকক যদি কোনোবা নতুন ব্যক্তিয়ে কয় - মই লক্ষ্মীক বৰণ কৰিব পাৰোঁ। তেতিয়া কোৱা, নিজক চাওঁক যোগ্য হয়নে? পৱিত্ৰ, সৰ্বগুণ সম্পন্ন……….. হয়নে? এয়াতো বিকাৰী পতিত সৃষ্টি। পিতা আহিছে ইয়াৰ পৰা উলিয়াই পাৱন কৰি তুলিবলৈ। পাৱন হওঁক তেতিয়াহে লক্ষ্মীক বৰণ কৰাৰ যোগ্য হ'ব পাৰিব। ইয়াত বাবাৰ ওচৰলৈ আহে, প্ৰতিজ্ঞা কৰে আকৌ ঘৰত গৈ বিকাৰত অধঃপতিত হয়। এনেকুৱা বাতৰি আহে। বাবাই কয় - এনেকুৱাসকলক যিসকল ব্ৰাহ্মণীয়ে লৈ আহে তেওঁলোকৰ ওপৰতো প্ৰভাৱ পৰি যায়। ইন্দ্ৰসভাৰ কাহিনীও আছে নহয়। গতিকে লৈ অহাজনৰ ওপৰতো দণ্ড হৈ যায়। বাবাই ব্ৰাহ্মণীসকলক সদায় কয় অপৈণতসকলক লৈ নাহিবা। তোমালোকৰ অৱস্থাও অৱনমিত হৈ যাব কিয়নো নিয়মৰ বাহিৰত লৈ আহে। বাস্তৱত ব্ৰাহ্মণী হোৱা অতি সহজ। 10-15 দিনতে হ'ব পাৰে। বাবাই যিকোনো লোককে বুজোৱাৰ বহুত সহজ যুক্তি শুনায়। তোমালোক ভাৰতবাসী আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলা, স্বৰ্গবাসী আছিলা। এতিয়া নৰকবাসী আকৌ স্বর্গবাসী হ'বলৈ হ'লে এই বিকাৰ ত্যাগ কৰা। কেৱল পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। কিমান সহজ। কিন্তু কোনো কোনোৱে একেবাৰে নুবুজে। নিজেই যদি বুজি নাপায় তেন্তে আনক কি বুজাব। বানপ্ৰস্থ অৱস্থাতো মোহ জাগি থাকে। আজিকালি বানপ্ৰস্থ অৱস্থাত ইমান নাযায়। তমোপ্ৰধান হয় নহয়। ইয়াতে আবদ্ধ হৈ থাকে। আগতে বানপ্ৰস্থীসকলৰ ডাঙৰ ডাঙৰ আশ্ৰম আছিল। আজিকালি ইমান নাই। 80-90 বছৰ হোৱাৰ পাছতো ঘৰ ত্যাগ নকৰে। বুজিয়ে নাপায় যে বাণীৰ সিপাৰে যাব লাগে। এতিয়া ঈশ্বৰক স্মৰণ কৰিব লাগে। ভগৱান কোন, এইটো সকলোৱে নাজানে। সৰ্বব্যাপী বুলি কৈ দিয়ে তেন্তে স্মৰণ কাক কৰিব। এইটোও বুজি নাপায় যে আমি পূজাৰী। পিতাইতো তোমালোকক পূজাৰীৰ পৰা পূজ্য কৰি তোলে সেয়াও 21 জন্মৰ কাৰণে। তাৰ বাবে পুৰুষাৰ্থতো কৰিব লাগে।

বাবাই বুজাইছে - এই পুৰণি সৃষ্টিতো নাশ হৈ যাব। এতিয়া আমি ঘৰলৈ যাব লাগে – বচ্‌ এয়াই বুদ্ধিত উদয় হৈ থাকিব লাগে। তাত আসুৰিক কথা নাথাকে। পিতা আহি সেই পৱিত্ৰ সৃষ্টিৰ কাৰণে তৈয়াৰ কৰায়। সেৱাধাৰী মৰমৰ সন্তানসকলকতো নয়নত বহুৱাই লৈ যায়। গতিকে অধমসকলক উদ্ধাৰ কৰিবৰ বাবে বাহাদুৰি লাগে, সেই চৰকাৰততো ডাঙৰ ডাঙৰ গোট থাকে। তেওঁলোক পঢ়া-লিখা কৰি টিপ-টপ হৈ যায়। ইয়াততো বহুত গৰিব সাধাৰণ আছে। তেওঁলোকক পিতাই বহি ইমান উচ্চলৈ লৈ যায়। চলনো বহুত মাৰ্জিত হোৱা উচিত। ভগৱানে পঢ়ায়। সেই পঢ়াত কোনো ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে তেতিয়া কিমান টিপ-টপ হৈ যায়। ইয়াততো পিতা গৰিবৰ ক্ৰাণকৰ্তা। গৰিবেহে কিবা নহয় কিবা পঠিয়াই দিয়ে। এক-দুই টকাৰো মণি-অৰ্ডাৰ পঠিয়াই দিয়ে। পিতাই কয় - তোমালোকতো মহান ভাগ্যশালী হোৱা। বিনিময়ত বহুত পাই যোৱা। এয়াও কোনো নতুন কথা নহয়। সাক্ষী হৈ ড্ৰামাখন প্ৰত্যক্ষ কৰে। পিতাই কয় - সন্তানসকল ভালদৰে পঢ়া। এয়া ঈশ্বৰীয় যজ্ঞ যি বিচৰা সেয়া লোৱা। কিন্তু ইয়াত ল’লে তাত কম হৈ যাব। স্বৰ্গততো সকলো পাবা। বাবাকতো সেৱাত বহুত সক্ৰিয় সন্তানৰ প্ৰয়োজন। ‘সুদেশ’ৰ দৰে, ‘মোহিনী’ৰ দৰে, যাৰ সেৱাৰ উৎসাহ-উদ্দীপনা আছে। তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। তেতিয়া তোমালোকক বহুত মান দিব। বাবাই সকলো নিৰ্দেশনা দি থাকে। বাবাইতো কয় - সন্তানসকল ইয়াত যিমান সময় পোৱা, স্মৃতিত থাকা। পৰীক্ষাৰ দিন ওচৰ চাপি আহিলে তেতিয়া একান্তত গৈ পঢ়ে। ব্যক্তিগত শিক্ষকো ৰাখে। আমাৰ ওচৰত শিক্ষকতো বহুত আছে, কেৱল পঢ়াৰ ধাউতি থকা উচিত। পিতাইতো বহুত সহজকৈ বুজায়। কেৱল নিজক আত্মা বুলি নিশ্চয় কৰা। এই শৰীৰতো বিনাশী। তোমালোক আত্মা অবিনাশী। এই জ্ঞান এবাৰেই পোৱা যায় আকৌ সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে কোনেও নাপায়। তোমালোকেহে পোৱা। মই আত্মা এইটো দৃঢ় নিশ্চয় কৰি লোৱা। পিতাৰ পৰা আমি উত্তৰাধিকাৰ পাওঁ। পিতাৰ স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ'ব। বচ্‌। এয়া ভিতৰত মন্থন কৰি থাকিলে তেতিয়াও বহুত কল্যাণ হ'ব পাৰে। কিন্তু খতিয়ান নাৰাখেই। লিখি লিখি আকৌ ভাগৰি যায়। বাবাই বহুত সহজকৈ শুনায়। আমি আত্মাসকল সতোপ্ৰধান আছিলোঁ, এতিয়া তমোপ্রধান হৈছোঁ। এতিয়া পিতাই কয় - মোক স্মৰণ কৰিলে সতোপ্ৰধান হৈ যাবা। কিমান সহজ তথাপি পাহৰি যায়। যিমান সময় বহা নিজক আত্মা বুলি বুজা। মই আত্মা বাবাৰ সন্তান। পিতাক স্মৰণ কৰিলে স্বৰ্গৰ বাদশ্বাহী পাবা। পিতাক স্মৰণ কৰিলে আধাকল্পৰ পাপ ভস্ম হৈ যাব। কিমান সহজ যুক্তি শুনায়। সকলো সন্তানে শুনি আছে। এই বাবাই (ব্ৰহ্মা বাবাই) নিজেও অভ্যাস কৰে সেইবাবেতো শিকায় নহয়। মই বাবাৰ ৰথ, বাবাই মোক খুৱায়। তোমালোক সন্তানসকলেও এনেকৈ বুজা। শিৱবাবাক স্মৰণ কৰি থাকিলে কিমান লাভ হ'ব। কিন্তু পাহৰি যায়। বহুত সহজ। বেপাৰত কোনো গ্ৰাহক নাহিলে স্মৃতিত বহি যোৱা। মই আত্মা, বাবাক স্মৰণ কৰিব লাগে। বেমাৰতো স্মৰণ কৰিব পাৰা। যদি বান্ধোনত থাকোঁতা হোৱা তেন্তে তাত বহি তোমালোকে স্মৰণ কৰি থাকা তেতিয়া 10-12 বছৰৰ সকলতকৈও উচ্চ পদ পাব পাৰিবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাত বহুত সক্ৰিয় হ'ব লাগে। যিমান সময় পোৱা একান্তত বহি পিতাক স্মৰণ কৰিব লাগে। পঢ়াৰ চখ ৰাখিব লাগে। পঢ়াৰ প্ৰতি বিতুষ্ট হ’ব নালাগে।

(2) নিজৰ চলন বহুত মাৰ্জিত হ'ব লাগে, বচ্‌ এতিয়া ঘৰলৈ যাব লাগে, পুৰণি সৃষ্টি এতিয়া নাশ হ’ব সেইবাবে মোহৰ জৰি ছিঙি দিব লাগে। বানপ্ৰস্থ (বাণীৰ সিপাৰে) অৱস্থাত থকাৰ অভ্যাস কৰিব লাগে। অধমসকলকো উদ্ধাৰ কৰাৰ সেৱা কৰিব লাগে।

বৰদান:
শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা বৃত্তি পৰিৱৰ্তন কৰোঁতা সদায় সিদ্ধি স্বৰূপ হোৱা

সিদ্ধি স্বৰূপ হবলৈ বৃত্তিৰ দ্বাৰা বৃত্তিৰ, সংকল্পৰ দ্বাৰা সংকল্প পৰিৱৰ্তন কৰাৰ কাৰ্য কৰা, ইয়াৰ গৱেষণা কৰা। যেতিয়া এইটো সেৱাত ব্যস্ত হৈ যাবা তেতিয়া এই সূক্ষ্ম সেৱাই স্বতঃ অনেক দুৰ্বলতাৰ পৰা মুক্ত কৰি দিব। এতিয়া ইয়াৰ পৰিকল্পনা কৰা তেতিয়া জিজ্ঞাসুও অধিক বাঢ়িব, উপাৰ্জনো বহুত বাঢ়িব, ঘৰো পোৱা যাব - সকলো সিদ্ধি সহজে হৈ যাব। ই সফলতা স্বৰূপ কৰি তুলিব।

স্লোগান:
সময় সফল কৰি যোৱা তেতিয়া সময়ৰ প্ৰতাৰণাৰ পৰা হাত সাৰি যাবা।


অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা

পিতাৰ সন্তানসকলৰ প্ৰতি ইমান স্নেহ আছে যে নিতৌ স্নেহৰ সঁহাৰি জনাবলৈ ইমান ডাঙৰ পত্ৰ লিখে। স্নেহপূৰ্ণ স্মৰণ কৰে আৰু সংগী হৈ সদায় সান্নিধ্য দিয়ে, গতিকে এই স্নেহত নিজৰ সকলো দুৰ্বলতা উচৰ্গা কৰি দিয়া। পৰমাত্ম স্নেহত এনেকৈ সমাহিত হৈ থাকা যাতে কেতিয়াও হদৰ প্ৰভাৱে নিজৰ ফালে আকৰ্ষিত কৰিব নোৱাৰে। সদায় বেহদৰ প্ৰাপ্তিসমূহত মগন হৈ থাকা যাতে আত্মিকতাৰ সুবাস বাতাৱৰণত বিয়পি পৰে।