05.08.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজৰ যোগবলেৰে এই পুৰণি সৃষ্টি পৰিৱৰ্তন কৰি নতুন কৰি তোলা, তোমালোক আত্মিক সেৱাৰ বাবে প্ৰকট হৈছা”

প্ৰশ্ন:
সত্যবাদী সৎ পুৰুষাৰ্থী সন্তানসকলৰ লক্ষণসমূহ কি হ'ব?

উত্তৰ:
1) সত্যবাদী সন্তানসকলে কেতিয়াও নিজৰ ভুল লুকুৱাই নাৰাখিব। তৎক্ষণাৎ বাবাক শুনাব। তেওঁলোক বহুত নিৰহংকাৰী হয়, তেওঁলোকৰ বুদ্ধিত সদায় এইটোৱে খেয়াল থাকে যে যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। 2) তেওঁলোকে আনে কৰা অহিতৰ গায়ন নকৰে। নিজৰ সেৱাত লাগি থাকে। তেওঁলোকে কাৰো অৱগুণ দেখি নিজৰ মগজ নষ্ট নকৰে।

গীত:
ধীৰজ ধৰ মনুৱা…… (ধৈৰ্য ধৰা হে মন……)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই ধৈৰ্য ধৰিবলৈ কয়। যেনেকৈ লৌকিক পিতায়ো ধৈৰ্য ধৰিবলৈ নকয় জানো। কাৰোবাৰ বেমাৰ হ'লে তেওঁক সান্ত্বনা দিয়ে। তোমাৰ বেমাৰৰ দুখৰ দিন সলনি হৈ সুখৰ দিন আহিব। সেই হদৰ (লৌকিকৰ) পিতাই হদৰ (সীমিত) ধৈৰ্য ধৰিবলৈ কয়। এতিয়া এইজনতো হ'ল বেহদৰ (পাৰলৌকিক; সকলো আত্মাৰ) পিতা। সন্তানসকলক বেহদৰ ধৈৰ্য ধৰিবলৈ কৈ আছে। সন্তানসকল এতিয়া তোমালোকৰ সুখৰ দিন আহি আছে। বাকী এয়া কেইটিমান দিন বাকী আছে। এতিয়া তোমালোক পিতাৰ স্মৃতিত থাকি আনকো শিকোৱা। তোমালোকো শিৱশক্তি হোৱা নহয়। শিৱবাবাৰ শক্তিসেনা পুনৰ প্ৰকট হৈছে। এওঁলোকো (গোপসকলো) আত্মা। এওঁলোক সকলোৱে শিৱৰ পৰা শক্তি লয়। তোমালোকেও শক্তি লোৱা। পিতাই বুজাইছে যে ইয়াত কৃপা বা আশীৰ্বাদৰ কোনো কথা নাই। স্মৃতিত থাকি শক্তি লৈ থাকা। স্মৃতিৰ দ্বাৰাই তোমালোকৰ বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক শক্তিশালী হৈ যাবা। শিৱৰ শক্তিসেনা ইমান সৰ্বশক্তিমান আছিল যে পুৰণি সৃষ্টিক ওলোটাই নতুন কৰি দিলে। তোমালোকে জানা যে যোগবলেৰে আমি এই পুৰণি সৃষ্টিক ওলোটাই দিওঁ। আঙুলিৰেও মনুষ্যই এনেকৈ ইংগিত দিয়ে যে আল্লাক, ভগৱানক স্মৰণ কৰা। সন্তানসকলে এতিয়া বুজি পায় - পিতাৰ স্মৃতিৰে এই পাথৰৰ পাহাৰ অৰ্থাৎ সৃষ্টি পৰিৱৰ্তন হৈ যাব। এতিয়া আমি পৰিস্থান স্থাপন কৰি আছোঁ। পিতাই সন্তানসকলক বুজায় - প্ৰদৰ্শনীত খুব সেৱা কৰা, পৰিশ্ৰম কৰা যেতিয়া সময় পোৱা বহি শিকা। বহুত সহজ। সন্তানসকলে সকলো প্ৰকাৰৰ শিক্ষা পাই থাকে। প্ৰত্যেকৰে কৰ্মৰ হিচাপ আছে। কন্যাসকলৰ কৰ্ম ভাল। যিসকল বিবাহিত তেওঁলোকে কয় - এই সময়ত মই কন্যা হোৱাহেঁতেন এই সকলো বন্ধনৰ পৰা মুক্ত হৈ, মুক্ত পক্ষী হ’লোঁহেঁতেন। কন্যাসকল মুক্ত পক্ষী। কিন্তু বেয়া সংগত লোকচান হৈ যায়। নাৰীসকলৰ পুৰুষ, সন্তানসকলৰ কিমান বন্ধন আছে, ইয়াত ৰীতি-প্ৰথাৰ কিমান বন্ধন থাকে। কন্যাসকলৰ কোনো বন্ধন আদি নাই। এতিয়া বোম্বাইতো (মুম্বাইতো) কন্যাসকল তৈয়াৰ হৈ আছে। কয় যে আমি আমাৰ প্ৰান্তক নিজেই চম্ভালিম। সকলোৱে নিজৰ প্ৰান্তৰ কাৰণে কিমান পৰিশ্ৰম কৰে। কয় - আমাৰ গুজৰাট, আমাৰ ইউ.পি... তোমালোকে এতিয়া নিজৰ স্বৰাজ্য লোৱা, ইয়াত মই অমুক হওঁ, অমুক প্ৰান্তৰ হওঁ, এইটোও থাকিব নালাগে। তোমালোকে কাৰো প্ৰতি ঈৰ্ষা কৰিব নালাগে। কাৰোবাৰ অৱগুণ আদি দেখি মগজ নষ্ট কৰিব নালাগে। নিজক চাব লাগে যে মই কিমান আত্মাক, ভাই-ভনীক সুখৰ মাৰ্গ দেখুৱাইছোঁ! যদি মাৰ্গ দেখুওৱা নাই তেন্তে তেওঁ কোনো কামৰ নহয়। অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰে। বাপদাদাৰ অন্তৰত অধিষ্ঠিত হ’ব নোৱাৰিলে সিংহাসনত বহিব নোৱাৰে। পিতাই জানে - কোনো কোনো সন্তানৰ সেৱাৰ বহুত চখ থাকে। অলপো দেহৰ অভিমান নাই। কিছুমানেতো বহুত অহংকাৰত থাকে। এনেকৈ ভাবে যে নিজৰ ওপৰত নহয়, পিতাৰ ওপৰত কৃপা কৰিছে। কেতিয়াও কাৰো অৱগুণ চাব নালাগে। অমুক এনেকুৱা, এইটো কৰে। আজিকালি এনেকুৱা টেঙৰো আছে যিয়ে ইজনে সিজনৰ অহিতৰ গায়ন কৰে। অমুকে এইটো কৰে, এনেকুৱা হয়। হেৰ’ তোমালোকে নিজৰ সেৱা কৰা। ব্ৰাহ্মণ সন্তানসকলৰ কাম হ'ল সেৱাত লাগি যোৱা। পিতা বহি আছে, পিতাৰ ওচৰত সকলো বাতৰি আহে। প্ৰত্যেকৰে অৱস্থাক পিতাই জানে। সেৱা দেখি মহিমাও কৰে। সন্তানসকলৰ সেৱাৰ উৎসাহ থাকিব লাগে। প্ৰত্যেকে এই আত্মিক সেৱাৰে নিজৰ কল্যাণ কৰিব লাগে। সেই বেপাৰ আদিতো জন্ম-জন্মান্তৰ কৰি আহিছা। এইটো বেপাৰ কোনো বিৰল বেপাৰীয়েহে কৰিব। পিতাই সেৱাৰ বহুত সহজ উপায় শিকায়। কেতিয়াও আনৰ নিন্দা নকৰিবা। এনেকুৱা বহুতে কৰে। ভাল ভাল মহাৰথীসকলকো মায়াই নাকত ধৰি লয়। যদি পিতাক স্মৰণ নকৰা তেন্তে মায়াই ধৰি ল'ব। পিতায়ো কয় নহয় - মোক সাধাৰণ শৰীৰত অহা দেখি চিনিব নোৱাৰে। পিতাকো ৰায় দিয়ে - এনেকুৱা এনেকুৱা কৰিব লাগে। অৱস্থা এনেকুৱা যে যদি বাবাই অলপো এনেকুৱা কৰে তেন্তে বিশ্বাসঘাতক হৈ যাব। পিতাকো নিজৰ মত দি দিয়ে। প্ৰবচন আছে - নিগনিয়ে হালধীৰ টুকুৰা এটা পালে তেতিয়া ভাবিলে মই ডাঙৰ বেপাৰী। এইটো নুবুজে যে মই অহিত কৰোঁ। ভুলতো বহুতৰে হৈ থাকে। কেতিয়াবা অৱস্থা উচ্চ, কেতিয়াবা নীচ, এয়া চলি আহিছে। প্ৰত্যেকে নিজৰ অৱস্থা চাব লাগে। সত্যবাদী সন্তানসকলে নিজৰ অৱস্থাৰ কথা তৎক্ষণাৎ কৈ দিয়ে। কোনোৱেতো নিজৰ ভুলবোৰ লুকুৱাই ৰাখে, এই ক্ষেত্ৰত বৰ নিৰহংকাৰীবোধ থাকিব লাগে। সেৱা বৃদ্ধি কৰাত লাগি যাব লাগে। সদায় এইটোৱে খেয়াল থাকিব লাগে - যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। মই কাৰোবাৰ নিন্দা কৰিলে তেতিয়া আনেও কৰিবলৈ লাগি যাব। বহুতৰে এইটো খেয়াল নাহে। পিতাই বুজায় - তোমালোক নিজৰ সেৱাত লাগি যোৱা। নহ’লে বহুত অনুতাপ কৰিবা। বহুত শত্ৰুও হৈ পৰে।

তোমালোক এতিয়া শূদ্ৰৰ পৰা বদলি হৈ ব্ৰহ্মা-মুখ বংশাৱলী ব্ৰাহ্মণ হৈ গ’লা। যাৰ পাঁচ বিকাৰ আছে তেওঁলোক হ’ল আসুৰি সম্প্ৰদায়, তোমালোক হৈছা দৈৱী সম্প্ৰদায়। তোমালোকে দেৱতা হ’বলৈ বিকাৰৰ ওপৰত বিজয় প্ৰাপ্ত কৰি আছা। দেৱতাসকলতো ইয়াত নাই। দেৱতাসকলতো থাকিব সত্যযুগত। তোমালোক এতিয়া দৈৱী সম্প্ৰদায়ৰ হৈ আছা।

তোমালোক সন্তানসকলে এতিয়া বুজিবলৈ সুযোগ পোৱা। প্ৰদৰ্শনীত বুজাই থাকা। প্ৰদৰ্শনী, মেলাত প্ৰত্যেকৰে নাড়ীৰ স্পন্দন (মনোস্থিতি) গম পোৱা যায়। প্ৰজেক্টৰৰ দ্বাৰাতো কাকো বুজাব নোৱাৰিবা। সন্মুখত বুজালেহে বুজি পাব। প্ৰদৰ্শনী মেলা ভাল বস্তু, তাত লিখিবও পাৰি। প্ৰদৰ্শনী মেলাৰ চখ থাকিব লাগে। নিয়মিত পঢ়িলেহে নিচা বাঢ়িব। যদি বন্ধনত থাকোঁতা হোৱা তেন্তে ঘৰত থাকি পিতাক স্মৰণ কৰি থাকা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। ঘৰত থাকিও স্মৰণ কৰা ভাল। কিন্তু স্মৰণ কৰা – এইটো সন্তানসকলৰ কাৰণে বৰ কঠিন কথা হৈ গৈছে। পিতা যাৰ পৰা 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায় তেওঁক স্মৰণ নকৰে। ভাল ভাল ভাষণ দিওঁতা মহাৰথীয়েও পিতাক স্মৰণ নকৰে। ৰাতিপুৱা উঠিবও নোৱাৰে। উঠিলেও বহিলে কলমটিয়াই থাকে। স্মৰণ কৰিবলৈ ৰাতিপুৱাৰ সময়েই ভাল। ভক্তিমাৰ্গতো ৰাতিপুৱা উঠি স্মৰণ কৰিবলৈ লাগি যায়। তেওঁলোকৰতো হৈছে অৱৰোহণ কলা। ইয়াততো হয়েই আৰোহণ কৰাৰ কথা। মায়াই কিমান বিঘিনি আনে। ৰাতিপুৱা উঠি পিতাক স্মৰণ নকৰিলে ধাৰণা কেনেকৈ হ’ব, বিকৰ্ম বিনাশ কেনেকৈ হ’ব। বাকী কেৱল মুৰুলী শুনোৱা – সেইটোতো সৰু ল’ৰা-ছোৱালীয়েও শিকি লৈ বুজাবলৈ লাগি যায়। এই পঢ়া জ্যেষ্ঠসকলৰ কাৰণে। কিমান ডাঙৰ বিশ্ব বিদ্যালয়। আমাক পঢ়াওঁতাজন কোন- সন্তানসকলৰ এইটো নিচা নাথাকে। মায়াই কাৰোবাক প্ৰৱঞ্চনা কৰিলে তেতিয়া আমি তেওঁক নাচাই নিজৰ সেৱাত লাগি থাকিব লাগে। পিতাৰ ওচৰলৈ সকলো বাতৰি আহি থাকে। কোনোবাই দেহ-অভিমানত আহি ভাবে, এওঁ এনেকুৱা কৰে, এইটো কৰে, আনৰেই নিন্দা কৰি সময় নষ্ট কৰে। তোমালোকৰ কাম হ’ল সেৱাত ব্ৰতী হৈ থাকা। যদি কিবা কথা থাকে ইংগিত পিতাক দি দিয়া বচ্‌। পৰচিন্তন কৰিব নালাগে। সেৱাত সন্তানসকল দিনে-ৰাতিয়ে লাগি থাকিব লাগে। তোমালোকৰ বেপাৰেই এইটো। নিতৌ প্ৰদৰ্শনীত বুজোৱা যে এইজন শিৱবাবা, এইজন প্ৰজাপিতা ব্ৰহ্মা। কল্প পূৰ্বেও প্ৰজাপিতা ব্ৰহ্মাৰ গায়ন কৰা হৈছিল। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি ৰচে। এনেকুৱা নহয় যে মনুষ্য নাছিলেই। মনুষ্য সৃষ্টি ৰচনা কৰে অৰ্থাৎ কাঁইটক ফুল কৰি তোলে। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি ৰচে তেন্তে ওপৰত জানো সৃষ্টি ৰচিব। ব্ৰহ্মাতো ইয়াত থাকিব নহয়। কিমান স্পষ্টকৈ বুজোৱা হয়।

পিতাই কয় - মই বহুত জন্মৰ অন্তৰ জন্মত প্ৰৱেশ কৰি মনুষ্যক দেৱতা কৰি তোলোঁ। গতিকে সন্তানসকলে সেৱাত দিনে-ৰাতিয়ে পৰিশ্ৰম কৰিব লাগে। বেপাৰ আদিৰ পৰা অলপ সময় উলিয়াই ইয়াত লাগি যাব লাগে। এনেকুৱা নহয় যে সময় পোৱা নাযায়। বেমাৰত পৰিলে তেতিয়া জানো ক’বা যে সময় নাই! পুৰুষাৰ্থ কৰিব লাগে। প্ৰেৰণাৰে একোৱেই হ’ব নোৱাৰে। ভগৱানৰ দ্বাৰাই প্ৰেৰণাৰে কাম হ’ব নোৱাৰে তেনেহ’লে আনৰ দ্বাৰা আকৌ কেনেকৈ হ’ব। এনেকৈ বুজি লয় যে ভগৱানে কি কৰিব নোৱাৰে। মৰি যোৱাজনক জীয়াই তুলিব পাৰে। হেৰ’ ভগৱানক তোমালোকে কোৱা, হে পতিত-পাৱন আহি আমাক পতিতৰ পৰা পাৱন কৰি তোলক, বচ্‌ অন্য কোনো কথা নাই। এনেকৈ জানো কয় যে আহি মৃতকক জীয়াই তোলক। তেওঁ হয়েই পতিত-পাৱন। ভাৰত পৱিত্ৰ আছিল। পিতাই কয় - মই কল্পই কল্পই আহি পাৱন কৰি তোলোঁ। মায়া আহি আকৌ পতিত কৰি দিয়ে। এতিয়া মই পুনৰ আহিছোঁ পাৱন কৰি তুলিবলৈ। কিমান সহজ কথা শুনায়। বনৌষধি বিশেষজ্ঞসকলে বনৌষধিৰে ডাঙৰ বেমাৰো ঠিক কৰি দিয়ে তেতিয়া তেওঁলোকৰ মহিমাও হয়। কোনোবাই সন্তান বা ধন পালে তেতিয়া ক’ব যে গুৰুৰ কৃপাত হ’ল। বাৰু, সন্তান মৰি গ’লে তেতিয়া ক’ব নিয়তি। এই সকলোবোৰ কথা এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা। সন্ন্যাসীসকল পৱিত্ৰ হৈ থাকে সেয়েহে তেওঁলোকে মান্যতা পায়। কিন্তু তেওঁলোক হৈছে হঠযোগী, তেওঁলোকে ৰাজযোগ শিকাব নোৱাৰে। তেওঁলোক হৈছে সন্ন্যাসী, আমি গৃহস্থী তেন্তে আমি নিজক অনুগামী বুলি কেনেকৈ ক’ব পাৰোঁ। পিতাইতো কয় - সন্তানসকল পূৰা অনুসৰণ কৰিব লাগে – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। মোক স্মৰণ কৰিলে তোমালোক পৱিত্ৰ হৈ যাবা আৰু মোৰ লগত যাবা। মইতো সৰ্বদা পাৱন। মনুষ্যই পতিত কৰি দিয়ে, পিতা আহি পাৱন কৰি তোলে। তেওঁ পৱিত্ৰতা, শান্তি, সুখৰ সাগৰ। তোমালোককো এনেকুৱা কৰি গঢ়ি আছে। তোমালোকে যোগবলেৰে আত্মাসকলক পাৱন কৰি তোলা। এইটো জানা যে আমি প্ৰথম শ্ৰেণীৰ শৰীৰ লাভ কৰিম। মনুষ্যক দেৱতা বাস্তৱিকতে কৰি তুলিব লাগে। এনেকুৱা নহয় যে কেৱল দেৱতাৰ সাজ আদি পিন্ধি ল’লা, নিজৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। দেহ-অভিমান যাতে নাহে। বাবা মইতো আপোনাৰ পৰা উত্তৰাধিকাৰ লৈহে এৰিম। তোমালোকেও কোৱা যে আমি ভাৰতক শ্ৰেষ্ঠাচাৰী কৰিহে এৰিম। নিশ্চয়তা থকাসকলেহে কয় নহয়। কিছুমানেতো কয় - ইমান কম সময়ৰ ভিতৰত কেনেকৈ হ’ব। বাস্তৱত কেতিয়াও এনেকুৱা সংশয় কৰিব নালাগে। সংশয়ত আহিলে আকৌ সেৱাত ঢিলা হৈ যায়। সময় বহুত ক'ম। যিমান সম্ভৱ খুব পুৰুষাৰ্থ কৰিব লাগে। ক’ৰবাত যুদ্ধ আদিৰ সামান্য হুলস্থুল লাগিলে তেতিয়া দেখিবা কিমান পৰিশ্ৰম কৰিবলৈ লাগি যাব। বুজি পায় নহয় - মই স্মৃতিত পূৰা নাথাকোঁ আকৌ সেই সময়ত ইমান লাগি থাকিব নোৱাৰে সেই সময়ততো বহুত বিপদ আহি থাকে সেয়েহে পিতাই কয় - যিমান সম্ভৱ তীব্ৰতাৰে আগবাঢ়ি গৈ থাকা। এয়া আত্মাসকলৰ দৌৰ। পিতাই কিমান ভালকৈ বুজায়। লক্ষ্যত গৈ অৰ্থাৎ পিতাৰ ঘৰলৈ গৈ আকৌ নতুন সৃষ্টিলৈ ঘূৰি আহিব লাগে। বৰ ভাল প্ৰতিযোগিতা। পিতাই কয় - মোক স্পৰ্শ কৰি অৰ্থাৎ মুললোকত গৈ আকৌ আহিব লাগে। পোন-প্ৰথমে তেওঁলোক আহিব যিসকল যোগযুক্ত হ’ব। বিচাৰে যে মই মুক্তিধামলৈ যাওঁ। সেয়েহে পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া গুচি যাবা। মুক্তিধামতো সকলোৱে পচন্দ কৰে পুনৰ ভূমিকা পালন কৰিবলৈ আহিব। মোক্ষ কোনেও নাপায়। ঈশ্বৰীয় ইতিহাস-ভূগোলত ‘মোক্ষ’ শব্দটিয়েই নাই। এক চেকেণ্ডত তোমালোকে জীৱন মুক্তি পাবা, বাকী সকলো মুক্ত হৈ যাব। ৰাৱণৰাজ্যৰ পৰা মুক্ত হ’বই লাগিব, যিয়ে পুৰুষাৰ্থ কৰিব তেওঁলোকেই উচ্চ পদ পাব। সন্তানসকল বৰ অমায়িক হ’ব লাগে। স্বভাৱ অতি মধুৰ হ’ব লাগে। ক্ৰোধী হ’ব নালাগে, দুৰ্বাসাৰ নাম আছে নহয়। এই ৰাজঋষিসকলৰ মাজতো কোনো কোনো এনেকুৱা আছে। সদায় নিজৰ অন্তৰত হাত ৰাখিব লাগে যে মই কি কৰোঁ! ইয়াৰ দ্বাৰা মই কি পদ পাম! যদি সেৱা নকৰা, নিজৰ সমান কৰি নোতোলা তেন্তে কি পদ পাবা। অলপতে সন্তুষ্ট হ’ব নালাগে। পিতাই কয় - মই আহিছোঁ সন্তানসকলক সম্পূৰ্ণ বাদশ্বাহী দিবলৈ। গতিকে সাহস ৰাখি কৰি দেখুৱাব লাগে। কেৱল কথনেৰেতো হ’ব নোৱাৰে। পিতাৰ সেৱাততো হাড়ো দিব লাগে। কৰেও তথাপিও ক’ৰবাত দেহ-অভিমান আহি গ’লে নিচা আহি যায় আৰু বাগৰি পৰে। মায়াও কম শক্তিশালী নহয়। পিতাৰ শ্ৰীমতত নচলিলে মায়াই আক্ৰমণ কৰে, তেতিয়া পিতাক এৰি দিয়ে। পিতাই সুখধামৰ মালিক কৰি তোলে গতিকে নিজৰ প্ৰতি দয়া উপজিব লাগে। পিতাই বৰ সহজ ৰায় দিয়ে। মায়াৰ ধুমুহাতো বহুত আহিব কিন্তু মহাবীৰ হ’ব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাৰ চখ ৰাখি নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। আনে কৰা অহিতৰ গায়ন কৰিব নালাগে। পৰচিন্তনত নিজৰ সময় নষ্ট কৰিব নালাগে।

(2) সৎ আৰু নিৰহংকাৰী হৈ সেৱাৰ বৃদ্ধি কৰিব লাগে। পুৱাৰে উঠি পিতাক মৰমেৰে স্মৰণ কৰিব লাগে। বাণী আৰু কৰ্ম সমান কৰিব লাগে।

বৰদান:
'মনমনাভৱ'ৰ স্থিতিৰ দ্বাৰা মনৰ ভাৱ জানোঁতা সফলতাস্বৰূপ হোৱা

যিসকল সন্তান 'মনমনাভৱ'ৰ স্থিতিত স্থিৰ হৈ থাকে, তেওঁলোকে আনৰ মনৰ ভাৱ জানিব পাৰে। মুখেৰে যিয়েই নকওক কিয়, কিন্তু তেওঁৰ ভাৱ কি, সেয়া জনাৰ অভ্যাস কৰি যোৱা। প্ৰত্যেকৰে মনৰ ভাৱ বুজি পালে তেওঁলোকৰ যি আকাংক্ষা বা প্ৰাপ্তিৰ ইচ্ছা আছে, সেয়া পূৰণ কৰিব পাৰিবা। ইয়াৰ দ্বাৰা তেওঁলোক অবিনাশী পুৰুষাৰ্থী হৈ যাব আৰু সেৱাৰ সফলতা কম সময়তে বহুত বেছি দেখিবলৈ পোৱা যাব আৰু তোমালোক পুৰুষাৰ্থী স্বৰূপৰ পৰিৱৰ্তে 'সফলতা স্বৰূপ' হৈ যাবা।

স্লোগান:
শোৱাৰ সময়ত সকলো পিতাক হস্তান্তৰ কৰি খালী হৈ যোৱা তেতিয়া ব্যৰ্থ বা বিকাৰী সপোন নাহিব।


অব্যক্ত ইংগিত: অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা

তোমালোক আত্মাসকল ব্ৰাহ্মণ জীৱনত এনেকুৱা পৱিত্ৰ হৈ যোৱা যে শৰীৰ আৰু প্ৰকৃতিকো পৱিত্ৰ কৰি দিয়া, সেয়েহে শৰীৰো পৱিত্ৰ আৰু আত্মাও পৱিত্ৰ হৈ যায়। সম্পূৰ্ণ পৱিত্ৰ অৰ্থাৎ অপৱিত্ৰতাৰ অংশমাত্ৰও থাকিব নালাগে, কাৰণ যিমানেই পৱিত্ৰতা সিমানেই ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব। যদি পৱিত্ৰতা কম তেন্তে ব্যক্তিত্বও কম। পৱিত্ৰতাৰ এই ব্যক্তিত্বই সেৱাতো সহজে সফলতা প্ৰদান কৰিব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]