06.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“শিৱ ভগৱানুবাচ -
এতিয়া এয়া আৰোহণ কলাৰ সময়, ভাৰত গৰিবৰ পৰা চহকী হয়, তোমালোকে পিতাৰ পৰা সত্যযুগী
বাদশ্বাহীৰ উত্তৰাধিকাৰ লৈ লোৱা”
প্ৰশ্ন:
পিতাৰ কোনটো
উপাধি শ্ৰীকৃষ্ণক দিব নোৱাৰে?
উত্তৰ:
পিতা হৈছে গৰিবৰ ত্ৰাণকৰ্তা। শ্ৰীকৃষ্ণক এনেকৈ কোৱা নহ’ব। তেওঁতো বহুত ধনৱান, তেওঁৰ
ৰাজ্যত সকলো চহকী। পিতা যেতিয়া আহে তেতিয়া ভাৰত সকলোতকৈ গৰিব হয়। ভাৰতকেই চহকী কৰি
তোলে। তোমালোকে কোৱা আমাৰ ভাৰত স্বৰ্গ আছিল, এতিয়া নহয়, পুনৰ হ’বলৈ গৈ আছে। গৰিবৰ
কল্যাণ ত্ৰাণকৰ্তা বাবাইহে ভাৰতক স্বৰ্গ কৰি তোলে।
গীত:
আখিৰ ৱহ দিন
আয়া আজ….. (অৱশেষত সেই দিনটি আজি আহিল…..)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে এই গীতটি শুনিলা। যেনেকৈ আত্মা গুপ্ত আৰু শৰীৰ প্ৰত্যক্ষ। আত্মা এই
দুচকুৰ দ্বাৰা দেখিবলৈ পোৱা নাযায়, গুপ্ত। নিশ্চয় আছে কিন্তু এই শৰীৰেৰে ঢাক খাই আছে
সেইকাৰণে কোৱা হয় আত্মা গুপ্ত। আত্মাই নিজেই কয় - মই নিৰাকাৰ, ইয়াত সাকাৰত আহি
গুপ্ত হৈ গৈছোঁ। আত্মাসকলৰ নিৰাকাৰী জগত আছে। তাততো গুপ্ত হোৱাৰ কথা নাই। পৰমপিতা
পৰমাত্মাও তাতেই থাকে। তেওঁক পৰম বুলি কোৱা হয়। উচ্চতকৈও উচ্চ আত্মা, অতিকৈ দূৰৈত
থকা জন পৰম আত্মা। পিতাই কয় যেনেকৈ তোমালোক গুপ্ত, ময়ো গুপ্তভাৱে আহিবলগীয়া হয়। মই
গৰ্ভ কাৰাগাৰত নাহোঁ। মোৰ এটাই নাম ‘শিৱ’ প্ৰচলিত হৈ আহি থাকে। মই এই শৰীৰত আহোঁ
তেতিয়াও মোৰ নাম সলনি নহয়। এওঁৰ আত্মাৰ যি শৰীৰ আছে সেই শৰীৰৰ নাম সলনি হয়। মোকতো
শিৱ বুলিয়েই কয় - সকলো আত্মাৰ পিতা। গতিকে তোমালোক আত্মাসকল এই শৰীৰত গুপ্ত হৈ থাকা,
এই শৰীৰৰ দ্বাৰা কৰ্ম কৰা। ময়ো গুপ্ত। সন্তানসকলে এই জ্ঞান এতিয়া পাই আছে যে আত্মা
এই শৰীৰেৰে ঢাক খাই আছে। আত্মা হৈছে গুপ্ত। শৰীৰ হৈছে প্ৰত্যক্ষ। ময়ো অশৰীৰী। পিতা
গুপ্ত এই শৰীৰৰ দ্বাৰা শুনায়। তোমালোকো গুপ্ত, শৰীৰৰ দ্বাৰা শুনা। তোমালোকে জানা
বাবা আহিছে - ভাৰতক পুনৰ গৰিবৰ পৰা চহকী কৰি তুলিবলৈ। তোমালোকে ক’বা - আমাৰ ভাৰত।
প্ৰত্যেকেই নিজৰ ৰাজ্যৰ কাৰণে ক’ব - আমাৰ গুজৰাট, আমাৰ ৰাজস্থান। আমাৰ আমাৰ বুলি
ক’লে তাৰ প্ৰতি মোহ থাকে। আমাৰ ভাৰত গৰিব। এইটো সকলোৱে মানি লয় কিন্তু তেওঁলোকে এইটো
নাজানে যে আমাৰ ভাৰত চহকী কেতিয়া আছিল, কেনেকুৱা আছিল। তোমালোক সন্তানসকলৰ বহুত নিচা
আছে। আমাৰ ভাৰততো বহুত চহকী আছিল, দুখৰ কথা নাছিল। সত্যযুগত বেলেগ কোনো ধৰ্ম নাছিল।
এটাই দেৱী-দেৱতা ধৰ্ম আছিল, এইটো কোনেও গম নাপায়। এয়া যি বিশ্বৰ বুৰঞ্জী-ভূগোল এয়া
কোনেও নাজানে। এতিয়া তোমালোকে ভালদৰে বুজিছা, আমাৰ ভাৰত বহুত চহকী আছিল। এতিয়া বহুত
গৰিব। এতিয়া পুনৰ পিতা আহিছে চহকী কৰি তুলিবলৈ। ভাৰত সত্যযুগত বহুত ধনী আছিল। এতিয়া
বহুত গৰিব। এতিয়া পুনৰ পিতা আহিছে চহকী কৰি তুলিবলৈ। ভাৰত সত্যযুগত বহুত চহকী আছিল
যেতিয়া দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল আকৌ সেই ৰাজ্য ক’ত গ’ল। এয়া কোনেও নাজানে।
ঋষি-মুনি আদিয়েও কয় আমি ৰচয়িতা আৰু ৰচনাক নাজানোঁ। পিতাই কয় - সত্যযুগত
দেৱী-দেৱতাসকলৰ ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান নাছিল। যদি তেওঁলোকৰো জ্ঞান
থাকে যে আমি ছিৰি নামি কলিযুগত গুচি যাম তেন্তে বাদশ্বাহীৰ সুখো নাথাকিব, চিন্তা হৈ
যাব। এতিয়া তোমালোকৰ চিন্তা হৈ আছে আমি সতোপ্ৰধান আছিলোঁ পুনৰ আমি সতোপ্ৰধান কেনেকৈ
হওঁ! আমি আত্মাসকল যি নিৰাকাৰী জগতত আছিলোঁ, তাৰ পৰা পুনৰ কেনেকৈ সুখধামত আহোঁ
এইটোও জ্ঞান আছে। এতিয়া আমি আৰোহণ কলাত আছোঁ। 84 জন্মৰ ছিৰি। ড্ৰামা অনুসৰি
প্ৰত্যেক ভাৱৰীয়াই একাদিক্ৰমে নিজৰ নিজৰ সময়ত আহি ভুমিকা পালন কৰিব। এতিয়া তোমালোক
সন্তানসকলে জানা গৰিবৰ কল্যাণ কৰোঁতা বুলি কাক কোৱা হয়, এই জগতে নাজানে। গীতটিতো
শুনিলা- অৱশেষত সেই দিনটি আহিল, যিটো দিনৰ বাবে সকলো ভক্তই অপেক্ষা কৰিছিলোঁ...।
ভগৱান কেতিয়া আহি আমাক ভক্তসকলক এই ভক্তিমাৰ্গৰ পৰা মুক্ত কৰি সৎগতিত লৈ যাব - এয়া
এতিয়া বুজিছা। পিতা পুনৰ এই শৰীৰত আহি গ’ল। শিৱ জয়ন্তীও পালন কৰে তেন্তে নিশ্চয় আহে।
এনেকৈও কোৱা নহয় যে মই শ্ৰীকৃষ্ণৰ শৰীৰত আহোঁ। নহয়। পিতাই কয় - শ্ৰীকৃষ্ণৰ আত্মাই
84 জন্ম লৈছে। তেওঁৰ বহুত জন্মৰ অন্তৰ এয়া অন্তিম জন্ম। যি প্ৰথম নম্বৰত আছিল তেওঁ
এতিয়া অন্তত আছে ততত্বম্ (তোমালোকৰ ক্ষেত্ৰতো তেনেকুৱা)। মইতো আহোঁ সাধাৰণ শৰীৰত।
তোমালোকক আহি কওঁ- তোমালোকে কেনেকৈ 84 জন্ম ভোগ কৰিলা। চৰ্দাৰ লোকসকলেও বুজি পায়
একঔংকাৰ পৰমপিতা পৰমাত্মা পিতা। তেওঁ যথাযথ মনুষ্যৰ পৰা দেৱতা কৰি তোলোঁতা হয়।
তেন্তে কিয়নো আমিও দেৱতা নহওঁ। যিসকল দেৱতা হৈছিল তেওঁলোক একেবাৰে লাগি ধৰিব।
দেৱী-দেৱতা ধৰ্মৰ বুলিতো এজনেও নিজক নাভাবে। অন্য ধৰ্মৰ ইতিহাস বহুত চুটি। কাৰোবাৰ
500 বছৰৰ, কাৰোবাৰ 1250 বছৰৰ। তোমালোকৰ ইতিহাস হৈছে 5 হাজাৰ বছৰৰ। দেৱতা ধৰ্মৰসকলহে
স্বৰ্গত আহিব। অন্য ধৰ্মতো আহেই পাছত। দেৱতা ধৰ্মৰসকলো এতিয়া অন্য ধৰ্মলৈ
ধৰ্মান্তৰিত হৈ গৈছে ড্ৰামা অনুসৰি। তথাপি এনেকৈ ধৰ্মান্তৰিত হৈ যাব। পুনৰ নিজৰ
নিজৰ ধৰ্মলৈ ওভতি আহিব।
পিতাই বুজায় -
সন্তানসকল, তোমালোক বিশ্বৰ মালিক আছিলা। তোমালোকেও বুজি পোৱা বাবা স্বৰ্গৰ স্থাপনা
কৰোঁতা তেন্তে আমি কিয় স্বৰ্গত নাথাকিম, পিতাৰ পৰা আমি উত্তৰাধিকাৰ নিশ্চয় ল’ম গতিকে
ইয়াৰ পৰা সিদ্ধ হয় যে এওঁলোক আমাৰ ধৰ্মৰ। যিসকল নহয় তেওঁলোক নাহিবই। ক’ব বেলেগ
ধৰ্মত কিয় যাম। তোমালোক সন্তানসকলে জানা সত্যযুগ নতুন জগতত দেৱতাসকলৰ বহুত সুখ আছিল,
সোণৰ মহল আছিল। সোমনাথৰ মন্দিৰত কিমান সোণ আছিল। এনেকুৱা অন্য কোনো ধৰ্মই নাই।
সোমনাথ মন্দিৰৰ দৰে ইমান শ্ৰেষ্ঠ মন্দিৰ ক’তো নাই। বহুত হীৰা-মুকুতা আছিল। বুদ্ধ
আদিৰ কোনো হীৰা-মুকুতাৰ মহল জানো থাকিব। তোমালোক সন্তানসকলক যিজন পিতাই ইমান উচ্চ
কৰি তুলিছে তেওঁক তোমালোকে কিমান সন্মান দিয়া! সন্মান দিয়া হয় নহয়। বুজি লয় যে ভাল
কৰ্ম কৰি গৈছে। এতিয়া তোমালোকে জানা সকলোতকৈ ভাল কৰ্ম পতিত-পাৱন পিতাইহে কৰি যায়।
তোমালোক আত্মাই কোৱা সকলোতকৈ উত্তমতকৈও উত্তম সেৱা বেহদৰ পিতা আহি কৰে। আত্মাক
গৰিবৰ পৰা চহকী, ভিকহুৰ পৰা ৰাজকুমাৰ কৰি তোলে। যিজনে ভাৰতক স্বৰ্গ কৰি তোলে। এতিয়া
কোনেও তেওঁৰ প্ৰতি সন্মান নজনায়। তোমালোকে জানা উচ্চতকৈও উচ্চ মন্দিৰ বুলি গায়ন কৰা
হৈছে যিটো লুটি নিলে। লক্ষ্মী-নাৰায়ণৰ মন্দিৰ কোনেও কেতিয়াও লুটি নিয়া নাই। সোমনাথ
মন্দিৰ লুটি নিছে। ভক্তিমাৰ্গতো বহুত চহকী থাকে। ৰজাসকলৰ ভিতৰতো ক্ৰমানুসৰি থাকে
নহয়। যিসকল উচ্চ পদবীৰ হয় নিম্ন পদবীধাৰীসকলে তেওঁলোকক সন্মান জনায়। ৰাজসভাতো ক্ৰম
অনুসৰি বহে। বাবাতো অনুভৱী হয় নহয়। ইয়াৰ ৰাজসভা হৈছে পতিত ৰজাসকলৰ। পাৱন ৰজাসকলৰ
ৰাজসভা কেনেকৈ হ’ব। যিহেতু তেওঁলোকৰ ওচৰত ইমান ধন থাকে তেওঁলোকৰ ঘৰবোৰো কিমান
সুন্দৰ হ’ব। এতিয়া তোমালোকে জানা যে পিতাই আমাক পঢ়াই আছে। স্বৰ্গৰ স্থাপনা কৰাই আছে।
আমিয়ে স্বৰ্গত মহাৰজা মহাৰাণী হওঁগৈ, আকৌ আমি তললৈ নামি নামি ভক্ত হ’মগৈ। তেতিয়া
প্ৰথমতে শিৱবাবাৰ পূজাৰী হ’মগৈ। যিজনে স্বৰ্গৰ মালিক কৰি তুলিলে তেওঁৰে পূজা কৰিম।
তেওঁ আমাক বহুত চহকী কৰি তোলে। এতিয়া ভাৰত কিমান গৰিব, যি মাটি 500 টকাত লৈছিল সেই
মাটিৰ মূল্য আজি 5 হাজাৰ টকাতকৈ অধিক হৈ গ’ল। এই সকলোবোৰ হৈছে কৃত্ৰিম দাম। তাততো
মাটিৰ মূল্যই নাথাকে, যাক যিমান লাগে লৈ ল’ব। বহুত মাটি পৰি থাকিব। মিঠা নদীৰ পাৰত
তোমালোকৰ মহল হ’ব। মনুষ্য বহুত কম হ’ব প্ৰকৃতি দাসী হ’ব। ফল ফুল বহুত ভাল পোৱা যাব।
এতিয়াতো কিমান পৰিশ্ৰম কৰিবলগীয়া হয় তথাপি অন্ন পোৱা নাযায়। মনুষ্য বহুত ভোক পিয়াহত
মৰে। গতিকে গীত শুনিলে তোমালোক শিহৰিত হৈ যাব লাগে। পিতাক গৰিবৰ ত্ৰাণকৰ্তা বুলি কয়।
গৰিবৰ ত্ৰাণকৰ্তাৰ অৰ্থ বুজি পালা নহয়! কোনসকলক চহকী কৰি তোলে। নিশ্চয় য’ত আহিব ত’ত
তেওঁলোকক চহকী কৰি তুলিব নহয়। তোমালোক সন্তানসকলে জানা - পতিতৰ পৰা পাৱন হ’বলৈ আমাক
5 হাজাৰ বছৰ লাগে। এতিয়া আকৌ বাবাই তৎক্ষণাৎ পতিতৰ পৰা পাৱন কৰি তোলে, উচ্চতকৈও
উচ্চ কৰি তোলে, এক চেকেণ্ডত জীৱনমুক্তি পোৱা যায়। কয় যে বাবা আমি আপোনাৰে। পিতাই কয়
- সন্তানসকল, তোমালোক বিশ্বৰ মালিক হোৱা। সন্তান জন্ম পালে আৰু উত্তৰাধিকাৰী হ’ল।
কিমান আনন্দ পায়। কন্যাক দেখিলে মুখমণ্ডল ম্লান পৰি যায়। ইয়াত সকলো আত্মাই সন্তান।
এতিয়া জানিলা যে আমি 5 হাজাৰ বছৰ পূৰ্বে স্বৰ্গৰ মালিক আছিলোঁ। পিতাই এনেকৈ গঢ়ি
তুলিছিল। শিৱজয়ন্তীও পালন কৰে কিন্তু এইটো নাজানে যে তেওঁ কেতিয়া আহিছিল।
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল, এইটোও কোনেও নাজানে। মাত্ৰ লিঙ্গৰ ডাঙৰ ডাঙৰ মন্দিৰ
সাজি জয়ন্তী পালন কৰে। কিন্তু তেওঁ কেনেকৈ আহিল, আহি কি কৰিলে সেয়া একোৱে নাজানে।
ইয়াকে কোৱা হয় অন্ধবিশ্বাস, অন্ধশ্ৰদ্ধা। তেওঁলোকে এইটো নাজানেই যে আমাৰ ধৰ্ম কোনটো,
কেতিয়া প্ৰতিষ্ঠা হৈছিল। অন্য ধৰ্মৰ লোকে জানে বুদ্ধ কেতিয়া আহিল, তিথি তাৰিখো আছে।
শিৱবাবাৰ, লক্ষ্মী-নাৰায়ণৰ কোনো তিথি তাৰিখ নাই। 5 হাজাৰ বছৰৰ কথাক লাখ লাখ বছৰ বুলি
লিখি দিছে। লাখ লাখ বছৰৰ কথা কাৰোবাৰ স্মৃতিত আহিব পাৰিবনে? ভাৰতত দেৱী-দেৱতা ধৰ্ম
কেতিয়া আছিল, এইটো বুজি নাপায়। লাখ লাখ বছৰৰ হিচাপত ভাৰতৰ জনসংখ্যা সকলোতকৈ অধিক
হ’ব লাগিছিল। ভাৰতৰ ভূমিও (পৰিসৰো) সকলোতকৈ বেছি হ’ব লাগিছিল। লাখ লাখ বছৰত কিমান
মনুষ্যৰ জন্ম হ’ব, অনেক মনুষ্য হৈ যাব। ইমানতো নাই, আৰু কমহে হৈ গ’ল, এই সকলোবোৰ কথা
পিতাই বহি বুজায়। মনুষ্যই শুনিলে কয় এই কথাবোৰতো কেতিয়াও শুনা নাই, কোনো শাস্ত্ৰতো
পঢ়া নাই। এইবোৰ আচৰিত কথা।
এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত গোটেই চক্ৰৰ জ্ঞান আছে। এয়া বহুত জন্মৰ অন্তিমৰো অন্তত এতিয়া
পতিত আত্মা, যিসকল সতোপ্ৰধান আছিল সেইসকলেই এতিয়া তমোপ্ৰধান হ’ল আকৌ সতোপ্ৰধান হ’ব
লাগে। তোমালোক আত্মাই এতিয়া শিক্ষা পাইছা। আত্মাই কাণেৰে শুনে তেতিয়া শৰীৰে নাচে
কিয়নো আত্মাই শুনে নহয়। যথাযথ আমি আত্মাসকলে 84 জন্ম লওঁ। 84 জন্মত 84 গৰাকী মা-পিতা
নিশ্চয় পাইছোঁ। ইয়াৰো হিচাপ আছে নহয়। বুদ্ধত উদয় হয় যে আমি 84 জন্ম লওঁ আকৌ তাতকৈ
কম জন্ম লওঁতাও আছে। এনেয়ে জানো সকলোৱে 84 জন্ম ল’ব। পিতাই বহি বুজায় - শাস্ত্ৰত কি
কি লিখি দিছে। তোমালোকৰ কাৰণেতো তথাপিও 84 জন্ম বুলি কয়, মোৰ কাৰণেতো অগণন, অনেক
জন্ম বুলি কৈ দিয়ে। কণ কণত, পাথৰ শিলগুটিত বিদ্যমান কৰি দিছে। বচ্ যিফালেই চাওঁ
সেইফালে তুমিয়েই তুমি। কৃষ্ণই কৃষ্ণ। মথুৰা, বৃন্দাৱনত এনেকৈ কৈ থাকে। কৃষ্ণই
সৰ্বব্যাপী আছে। ৰাধা পন্থীসকলে ক’ব ৰাধাই ৰাধা। তুমিও ৰাধা ময়ো ৰাধা।
গতিকে একমাত্ৰ পিতাই
হৈছে যথাযথ গৰিবৰ ত্ৰাণকৰ্তা। ভাৰত যি সকলোতকৈ চহকী আছিল, এতিয়া সকলোতকৈ গৰিব হৈ
গৈছে সেইকাৰণে মই ভাৰতলৈকে আহিবলগীয়া হয়। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, ইয়াত অলপো
হীনডেঢ়ি হ’ব নোৱাৰে। ড্ৰামা যি দৃশ্যগ্ৰহণ হ’ল সেয়া হুবহু পুনৰাবৃত্তি হ’ব, ইয়াত
পাইৰ সমানো হীনডেঢ়ি হ’ব নোৱাৰে। ড্ৰামাৰ বিষয়েও জানিব লাগে। ড্ৰামা মানে ড্ৰামা।
সেয়া হৈছে হদৰ (সীমিত) ড্ৰামা, এয়া হৈছে বেহদৰ (অসীমৰ) ড্ৰামা। এই বেহদৰ ড্ৰামাৰ
আদি-মধ্য-অন্তক কোনেও নাজানে। তেন্তে গৰিবৰ কল্যাণকাৰী বুলি নিৰাকাৰ ভগৱানকেই মানিব,
শ্ৰীকৃষ্ণক মানি নল’ব। শ্ৰীকৃষ্ণতো ধনৱান সত্যযুগৰ ৰাজকুমাৰ হয়। ভগৱানৰতো নিজৰ দেহ
নাই। তেওঁ আহি তোমালোক সন্তানসকলক ধনৱান কৰি তোলে, তোমালোকক ৰাজযোগৰ শিক্ষা দিয়ে।
পঢ়াৰ দ্বাৰা বেৰিষ্টাৰ আদি হৈ পুনৰ উপাৰ্জন কৰে। পিতায়ো তোমালোকক এতিয়া পঢ়াই আছে।
তোমালোক ভৱিষ্যতে নৰৰ পৰা নাৰায়ণ হোৱা। তোমালোকৰ জন্মতো হ’ব নহয়। এনেকুৱাতো নহয় যে
স্বৰ্গ কোনো সাগৰৰ পৰা ওলাই অহিব। শ্ৰীকৃষ্ণয়ো জন্ম ল’লে নহয়। কংসপুৰী আদিতো সেই
সময়ত নাছিল। শ্ৰীকৃষ্ণৰ নাম কিমান গায়ন কৰা হয়। তেওঁৰ পিতাৰ গায়নেই নাই। তেওঁ পিতা
ক’ত আছে? নিশ্চয় শ্ৰীকৃষ্ণ কাৰোবাৰ সন্তান হ’ব নহয়। শ্ৰীকৃষ্ণই যেতিয়া জন্ম লয়
তেতিয়া কিছুসংখ্যক পতিতও থাকে। যেতিয়া সেইসকল একেবাৰে শেষ হৈ যায় তেতিয়া তেওঁ
সিংহাসনত বহে। নিজৰ ৰাজ্য লৈ লয়, তেতিয়াৰ পৰাহে তেওঁৰ চন আৰম্ভ হয়। লক্ষ্মী-নাৰায়ণৰ
পৰাই চন আৰম্ভ হয়। তোমালোকে পূৰা হিচাপ লিখা। এওঁৰ ৰাজত্ব ইমান সময়, আকৌ এওঁৰ ইমান
সময়, তেতিয়া মনুষ্যই বুজিব - এই কল্পৰ আয়ুস দীঘলীয়া হ’ব নোৱাৰে। 5 হাজাৰ বছৰৰ পূৰা
হিচাপ আছে। তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হয় নহয়। আমি কালি স্বৰ্গৰ মালিক আছিলোঁ।
পিতাই কৈছিল সেইবাবেতো আমি তেওঁৰ শিৱজয়ন্তী উদ্যাপন কৰি আছোঁ। তোমালোকে সকলোকে জানা।
যীশুখ্ৰীষ্ট, গুৰুনানক আদি আকৌ কেতিয়া আহিব, এয়া তোমালোকৰ জ্ঞান আছে। বিশ্বৰ
ইতিহাস-ভূগোল হুবহু পুনৰাবৃত্তি হয়। এই পঢ়া কিমান সহজ। তোমালোকে স্বৰ্গক জানা,
যথাযথ ভাৰত স্বৰ্গ আছিল। ভাৰত হৈছে অবিনাশী খণ্ড। ভাৰতৰ দৰে মহিমা আৰু কাৰোৱেই হ’ব
নোৱাৰে। সকলোকে পতিতৰ পৰা পাৱন কৰি তোলোঁতা এজন পিতাই হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ড্ৰামাৰ
আদি-মধ্য-অন্তৰ জ্ঞান বুদ্ধিত ধাৰণ কৰি সকলো চিন্তা দূৰ কৰি দিব লাগে। একমাত্ৰ
সতোপ্ৰধান হোৱাৰহে চিন্তা ৰাখিব লাগে।
(2) গৰিবৰ ত্ৰাণকৰ্তা
বাবা ভাৰতক গৰিবৰ পৰা চহকী কৰি তুলিবলৈ আহিছে, তেওঁৰ পূৰা পূৰা সহায়কাৰী হ’ব লাগে।
নিজৰ নতুন সৃষ্টি স্মৃতিত ৰাখি সদায় আনন্দিত হৈ থাকিব লাগে।
বৰদান:
হৃদয়ত সদায়
এক 'ৰাম'ক বহুৱাই সঁচা সেৱা কৰোঁতা মায়াজিৎ, বিজয়ী হোৱা
হনুমানৰ বিশেষত্ব
দেখুওৱা হৈছিল যে তেওঁ সদায় সেৱাধাৰী, মহাবীৰ আছিল, সেই কাৰণে তেওঁ নিজে নজ্বলিল
কিন্তু নেজৰ দ্বাৰা লংকা জ্বলাই দিলে। তেনেকৈ ইয়াতো যিসকল সদায় সেৱাধাৰী,
তেওঁলোকেহে মায়াৰ অধিকাৰ শেষ কৰিব পাৰে। যিসকল সেৱাধাৰী নহয়, তেওঁলোকে মায়াৰ
ৰাজ্য জ্বলাব নোৱাৰে। হনুমানৰ হৃদয়ত সদায় এক ৰাম বিৰাজমান হৈ আছিল, সেয়েহে পিতাৰ
বাহিৰে হৃদয়ত যাতে আন একো নাথাকে, নিজৰ দেহৰ স্মৃতিও যাতে নাথাকে, তেতিয়া মায়াজিৎ,
বিজয়ী হ’বাগৈ।
স্লোগান:
যেনেকৈ আত্মা আৰু শৰীৰ সংযুক্ত তেনেকৈয়ে তোমালোকো পিতাৰ সৈতে সংযুক্ত হৈ থাকা।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
সংগঠনত প্ৰত্যেকৰে
বিশেষত্বক চোৱা, বিশেষত্বহে গ্ৰহণ কৰা আৰু দুৰ্বলতাসমূহ দূৰ কৰিবলৈ যত্ন কৰা-
এইটোৱেই হৈছে একতাৰ সংগঠন শক্তিশালী কৰাৰ বিধি। যেনেকৈ তোমালোক সকলোৰে উঠা-বহা,
কথা-বতৰা, চলন একেধৰণৰ অথবা সকলোৰে একেধৰণৰ কথাবাৰ্তা, একেই গতি, একেই ৰীতি, একেই
নীতি তেনেকৈয়ে সংস্কাৰো সমান দেখা দিয়ক। ভিন্নতা থকা সত্ত্বেও ইজনে সিজনক বিশ্বাস
কৰি সকলোৰে বিচাৰধাৰাক সন্মান দিয়া, এয়াই হ’ল একতাৰ আধাৰ।