06.04.25    Avyakt Bapdada     Assame Murli     15.12.2004     Om Shanti     Madhuban


“*“বাপদাদাৰ বিশেষ আশা – প্ৰতিগৰাকী সন্তানে আশীৰ্বাদ দিয়ক আৰু আশীৰ্বাদ লওঁক”*”


আজি ভাগ্য বিধাতা পিতাই নিজৰ চাৰিওফালৰ নিশ্চিন্ত বাদশ্বাহসকলৰ সভা চাই আছেহঁক। এই ৰাজসভা গোটেই কল্পত এই সময়তে হয়। আত্মিক নিচাত থাকা সেয়েহে নিশ্চিন্ত বাদশ্বাহ হোৱা। ৰাতিপুৱা উঠোঁতে তেতিয়াও নিশ্চিন্ত, চলোঁতে-ফুৰোঁতে, কৰ্ম কৰোঁতেও নিশ্চিন্ত আৰু যেতিয়া শোৱা তেতিয়াও নিশ্চিন্ত হৈ নিদ্ৰামগ্ন হোৱা। এনেকুৱা অনুভৱ কৰা নহয়! নিশ্চিন্ত হোৱানে? হ’লা নে হৈ আছা? হৈ গ’লা নহয়! নিশ্চিন্ত আৰু বাদশ্বাহ হোৱা, স্বৰাজ্য অধিকাৰী এই কৰ্মেন্দ্ৰিয়ৰ ওপৰত ৰাজ্য কৰোঁতা নিশ্চিন্ত বাদশ্বাহ হোৱা অৰ্থাৎ স্বৰাজ্য অধিকাৰী হোৱা। গতিকে এনেকুৱা সভা তোমালোক সন্তানসকলৰে হয়। কিবা চিন্তা আছেনে? আছেনে কিবা চিন্তা? কিয়নো নিজৰ সকলো চিন্তা পিতাক দি দিলা। তেন্তে বোজা আঁতৰি গ’ল নহয়! চিন্তা সমাপ্ত আৰু নিশ্চিন্ত বাদশ্বাহ হৈ অমূল্য জীৱন অনুভৱ কৰি আছা। সকলোৰে শিৰত পৱিত্ৰতাৰ লাইটৰ মুকুট স্বতঃ চিকমিকাই থাকে। নিশ্চিন্তৰ ওপৰত লাইটৰ মুকুট আছে, যদি কিবা চিন্তা কৰা, কিবা বোজা নিজৰ ওপৰত উঠাই লোৱা তেন্তে গম পোৱানে শিৰত কি আহি যায়? বোজাৰ টুকুৰি আহি যায়। সেয়েহে ভাবা মুকুট আৰু টুকুৰি দুয়োটা সন্মুখলৈ আনা, কোনটো ভাল লাগে? টুকুৰি ভাল লাগে নে লাইটৰ মুকুট ভাল লাগে? কোৱা, শিক্ষকসকল কি ভাল লাগে? মুকুট ভাল লাগে নহয়! সকলো কৰ্মেন্দ্ৰিয়ৰ ওপৰত ৰাজ্য কৰোঁতা বাদশ্বাহ হোৱা। পৱিত্ৰতাই লাইটৰ মুকুট গঢ়ি তোলে সেয়েহে তোমালোকৰ স্মাৰক জড় চিত্ৰত দ্বৈত মুকুট দেখুৱাইছে। দ্বাপৰৰ পৰা বাদশ্বাহতো বহুত হৈছে, ৰজাতো বহুত হৈছে কিন্তু দ্বৈত মুকুটধাৰী কোনো হোৱা নাই। নিশ্চিন্ত বাদশ্বাহ স্বৰাজ্য অধিকাৰীও কোনো হোৱা নাই কিয়নো পৱিত্ৰতাৰ শক্তিয়ে মায়াজিৎ, কৰ্মেন্দ্ৰিয়জিৎ বিজয়ী কৰি তোলে। নিশ্চিন্ত বাদশ্বাহৰ লক্ষণ হ’ল - সদায় নিজেও সন্তুষ্ট আৰু আনকো সন্তুষ্ট কৰোঁতা। কেতিয়াও কোনো অপ্ৰাপ্তি নায়েই যে অসন্তুষ্ট হ’ব। য’ত অপ্ৰাপ্তি আছে ত’ত অসন্তুষ্টি আছে। য’ত প্ৰাপ্তি আছে তাত সন্তুষ্টি আছে। এনেকুৱা হৈছানে? পৰীক্ষা কৰা - সদায় সৰ্বপ্ৰাপ্তি স্বৰূপ, সন্তুষ্ট হোৱানে? গায়নো আছে - অপ্ৰাপ্ত একো বস্তু নাই, দেৱতাসকলৰ নহয়, কিন্তু ব্ৰাহ্মণৰ ভঁৰালত। সন্তুষ্টি জীৱনৰ শ্ৰেষ্ঠ অলংকাৰ, মূল্য অতি শ্ৰেষ্ঠ। তেন্তে সন্তুষ্ট আত্মা হোৱা নহয়!

বাপদাদাই এনেকুৱা নিশ্চিন্ত বাদশ্বাহ সন্তানসকলক দেখি হৰ্ষিত হয়। বাঃ! মোৰ নিশ্চিন্ত বাদশ্বাহ বাঃ! বাঃ! বাঃ! হোৱা নহয়! যিসকল নিশ্চিন্ত তেওঁলোকে হাত দাঙা। নিশ্চিন্ত হোৱানে? চিন্তা নাহেনে? কেতিয়াবাতো আহে? নাহে? ভাল কথা। নিশ্চিন্ত হোৱাৰ বিধি বহুত সহজ, কঠিন নহয়। কেৱল এটা শব্দৰ মাত্ৰাৰ অলপ পাৰ্থক্য আছে। সেই শব্দটি হ’ল – ‘মোৰ’ বোধক ‘তোমাৰ’লৈ পৰিৱৰ্তন কৰা। মোৰ নহয় তোমাৰ, তেন্তে হিন্দী ভাষাত ‘মোৰ’ শব্দটি (‘মেৰা’) লিখা আৰু ‘তোমাৰ’ (‘তেৰা’) শব্দটি লিখা তেন্তে কি পাৰ্থক্য হয়, ‘মে’ আৰু ‘তে’ৰ? কিন্তু পাৰ্থক্য ইমান বেছি হৈ যায়। তেন্তে তোমালোক সকলো “মোৰ মোৰ” বুলি কওঁতা হোৱা নে “তোমাৰ তোমাৰ” বুলি কওঁতা হোৱা? ‘মোৰ’ক ‘তোমাৰ’লৈ পৰিৱৰ্তন কৰিলানে? যদি কৰা নাই তেন্তে কৰি লোৱা। “মোৰ মোৰ” অৰ্থাৎ দাস হওঁতা, উদাস হওঁতা। মায়াৰ দাস হৈ যায় নহয় তেন্তে উদাসতো হ’বই নহয়! উদাসী অৰ্থাৎ মায়াৰ দাসী হওঁতা। তোমালোক মায়াজিৎ হোৱা, মায়াৰ দাস নহয়। তেন্তে উদাসীনতা আহে নেকি? কেতিয়াবা কেতিয়াবা সোৱাদ লোৱা, কিয়নো 63 জন্মৰ উদাস হৈ থকাৰ অভ্যাস আছে নহয়! সেয়েহে কেতিয়াবা কেতিয়াবা সেয়া জাগ্ৰত হৈ যায় সেইবাবে বাপদাদাই কি ক’লে? প্ৰতিগৰাকী সন্তান নিশ্চিন্ত বাদশ্বাহ। যদি এতিয়াও কোনোবাটো চুকত চিন্তা ৰাখি থৈছা তেন্তে দি দিয়া। নিজৰ ওচৰত বোজা কিয় ৰাখা? বোজা ৰখাৰ অভ্যাস হৈ গৈছে নেকি? যিহেতু পিতাই কয় বোজা মোক দি দিয়া, তোমালোক পাতল হৈ যোৱা, ‘ডবল লাইট’। ‘ডবল লাইট’ ভাল নে বোজা ভাল? গতিকে ভালদৰে পৰীক্ষা কৰিবা। অমৃতবেলা যেতিয়া উঠা তেতিয়া পৰীক্ষা কৰিবা যে বিশেষ বৰ্তমান সময়ত অৰ্ধ চেতনতো কোনো বোজাতো নাই? অৰ্ধ চেতননো কি সপোনতো যাতে বোজা অনুভৱ নহয়। ‘ডবল লাইট’ পচন্দ কৰা নহয়! গতিকে এইটো বিশেষ ঘৰৰ কাম দি আছোঁ, অমৃতবেলা পৰীক্ষা কৰিবা। পৰীক্ষা কৰিবতো জানা নহয়, কিন্তু পৰীক্ষাৰ লগতে, কেৱল পৰীক্ষা নকৰিবা পৰিৱৰ্তনো কৰিবা। ‘মোৰ’ক ‘তোমাৰ’লৈ পৰিৱৰ্তন কৰি দিবা। মোৰ, তোমাৰ। তেন্তে পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা কিয়নো বাপদাদাই বাৰে বাৰে শুনাই আছে যে সময় আৰু নিজক দুয়োকে চোৱা। সময়ৰ গতিবেগ চোৱা আৰু নিজৰ গতিবেগো চোৱা। পাছত এনেকৈ নকবা যে আমিতো গ’মেই পোৱা নাছিলোঁ, সময় ইমান বেগেৰে গুচি গ’ল। বহুত সন্তানে ভাবে যে এতিয়া পুৰুষাৰ্থ যদি অলপ ঢিলা হৈ আছেও তেন্তে অন্তত তীব্ৰ কৰি ল’ম। কিন্তু বহুকালৰ অভ্যাস অন্তত সহযোগী হ’ব। বাদশ্বাহ হৈতো চোৱা। হৈছে কিন্তু কোনোবা হৈছে, কোনোবা হোৱা নাই। চলি আছে, কৰি আছে, সম্পন্ন হৈ যাব…। এতিয়া চলিব নালাগে, কৰিব নালাগে, উৰিব লাগে। এতিয়া উৰাৰ গতি লাগে। পাখিতো পাই গ’লা নহয়! উৎসাহ-উদ্দীপনা আৰু সাহসৰ পাখি পাইছা আৰু পিতাৰ বৰদানো আছে, বৰদান স্মৃতিত আছেনে? সাহসৰ এখোজ তোমালোকৰ আৰু সহায়ৰ হাজাৰ খোজ পিতাৰ, কিয়নো পিতাৰ সন্তানসকলৰ প্ৰতি আন্তৰিক স্নেহ আছে। সেয়েহে স্নেহী সন্তানসকলৰ পৰিশ্ৰম পিতাই চাব নোৱাৰে। স্নেহত থাকা তেতিয়া পৰিশ্ৰম সমাপ্ত হৈ যাব। পৰিশ্ৰম ভাল লাগে জানো? ভাগৰি গ’লা। 63 জন্ম দিগভ্ৰান্ত হৈ হৈ, পৰিশ্ৰম কৰি ভাগৰি পৰিছিলা আৰু পিতাই নিজৰ স্নেহেৰে দিগভ্ৰান্ত হৈ ফুৰাৰ পৰিৱৰ্তে তিনিখন আসনৰ মালিক কৰি দিলে। তিনিখন আসনক জানানে? জনাতোনো কি কিন্তু তিনিখন আসনৰ নিবাসী হোৱা। অকাল আসনৰ নিবাসীও হোৱা, বাপদাদাৰ অন্তৰ আসনাধিকাৰীও হোৱা আৰু ভৱিষ্যত বিশ্ব ৰাজ্যৰ সিংহাসনধাৰীও হোৱা। সেয়েহে বাপদাদাই সকলো সন্তানক আসনধাৰী ৰূপত চাই আছে। এনেকুৱা পৰমাত্ম অন্তৰ আসন গোটেই কল্পত অনুভৱ কৰিব নোৱাৰা। কি ভাবা পাণ্ডৱ? বাদশ্বাহ হোৱানে? হাত দাঙি আছে। আসন এৰি নিদিবা। দেহ বোধত অহা মানে মাটিত আহি গ’লা। এই শৰীৰ হৈছে মাটি। আসনধাৰী হ’লা গতিকে বাদশ্বাহ হ’লা।

বাপদাদাই সকলো সন্তানৰ পুৰুষাৰ্থৰ তালিকা পৰীক্ষা কৰে। চাৰিওটা বিষয়ত কোন কোন কিমানলৈকে আহি পাইছে? বাপদাদাই প্ৰতিগৰাকী সন্তানৰ তালিকা পৰীক্ষা কৰিলে যে বাপদাদাই যিয়েই সম্পদ দিছে সেই সকলো সম্পদ কিমানলৈকে জমা কৰিছে? গতিকে জমা পুঁজি পৰীক্ষা কৰিলে কিয়নো পিতাই সকলোকে একেই সম্পদ, একে সমানে দিছে, কাৰোবাক কম, কাৰোবাক বেছিকৈ দিয়া নাই। সম্পদ জমা হোৱাৰ চিন কি? সম্পদৰ বিষয়েতো জানাই নহয়, সকলোতকৈ ডাঙৰ সম্পদ হল শ্ৰেষ্ঠ সংকল্প ৰূপী সম্পদ। সংকল্পও সম্পদ হয়, বৰ্তমান সময়ো বহুত ডাঙৰ সম্পদ কিয়নো বৰ্তমান সময়ত যি প্ৰাপ্ত কৰিব খোজা, যি বৰদান ল’ব খোজা, যিমানে নিজকে শ্ৰেষ্ঠ কৰি তুলিব খোজা, সিমানে এতিয়া কৰিব পাৰা। এতিয়া নহ’লে আৰু কেতিয়াও নহয়। যেনেকৈ সংকল্প ৰূপী সম্পদ ব্যৰ্থত খৰচ কৰা অৰ্থাৎ নিজৰ প্ৰাপ্তি হেৰুওৱা। তেনেকৈয়ে সময়ৰ এটা চেকেণ্ডো যদি অপচয় কৰিলা, সফল নকৰিলা তেন্তে বহুত হেৰুৱালা। লগতে জ্ঞান ৰূপী সম্পদ, গুণ ৰূপী সম্পদ, শক্তি ৰূপী সম্পদ আৰু প্ৰত্যেক আত্মা আৰু পৰামাত্মাৰ দ্বাৰা প্ৰাপ্ত আশীৰ্বাদ ৰূপী সম্পদ। পুৰুষাৰ্থত সকলোতকৈ সহজ হৈছে “আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা”। সুখ দিয়া আৰু সুখ লোৱা, দুখ নিদিবা দুখ নল’বা। এনেকুৱা নহয় যে দুখ দিয়া নাই কিন্তু লৈ ল’বা তেতিয়াও দুখীতো হ’বা নহয়! সেয়েহে আশীৰ্বাদ দিয়া, সুখ দিয়া আৰু সুখ লোৱা। আশীৰ্বাদ দিব জানানে? জানানে? ল’বও জানানে? যিসকলে আশীৰ্বাদ ল’ব আৰু দিব জানা তেওঁলোকে হাত দাঙা। বাৰু, সকলোৱে জানানে? বাৰু - ডবল বিদেশীসকলেও জানানে? অভিনন্দন, দিব জানা ল’ব জানা সেয়েহে অভিনন্দন। সকলোকে অভিনন্দন, যদি ল’বও জানা আৰু দিবও জানা তেন্তে আৰু কি লাগে। আশীৰ্বাদ প্ৰাপ্ত কৰি গৈ থাকা, আশীৰ্বাদ দি গৈ থাকা, সম্পন্ন হৈ যাবা। যদি কোনোবাই অভিশাপ দিয়ে তেতিয়া কি কৰিবা? ল’বানে? অভিশাপ তোমালোকক দিলে তেতিয়া তোমালোকে কি কৰিবা? ল’বানে? ধৰি লোৱা অভিশাপ লৈ ল’লা তেতিয়া তোমালোকৰ ভিতৰত স্বচ্ছতা থাকিলনে? অভিশাপতো বেয়া বস্তু নহয় জানো! তোমালোকে লৈ ল’লা, নিজৰ ভিতৰত স্বীকাৰ কৰি ল’লা তেন্তে তোমালোকৰ ভিতৰখনতো স্বচ্ছ হৈ নাথাকিল নহয়! যদি অলপো খুঁত থাকে তেন্তে নিখুঁত হ’ব নোৱাৰা। যদি কোনোবাই বেয়া বস্তু দিয়ে তেন্তে তোমালোকে ল’বা জানো? কিবা বহুত ভাল ফল কিন্তু যদি তোমালোকক বেয়া হৈ যোৱাটো দিয়ে, ফলতো ভাল তেতিয়া লৈ ল’বানে? নোলোৱা নহয় নে ক’বা ভালেইতো হয় দিছে যেতিয়া লৈ লওঁ। কেতিয়াও কোনোবাই অভিশাপ দিলে তেতিয়া তোমালোকে মনৰ ভিতৰত ধাৰণ নকৰিবা। বুজি পোৱা যে এয়া অভিশাপ কিন্তু অভিশাপ ভিতৰত ধাৰণ নকৰিবা, নহ’লে খুঁত আহি যাব। গতিকে এতিয়া এই পুৰণা বছৰৰ কিছু দিন বাকী আছে কিন্তু নিজৰ অন্তৰত দৃঢ় সংকল্প কৰা, এতিয়াও যদি কাৰোবাৰ মনত অভিশাপ আছে তেন্তে আঁতৰাই পেলোৱা আৰু কাইলৈৰ পৰা আশীৰ্বাদ দিম, আশীৰ্বাদ ল’ম। মান্তি আছানে? পচন্দ হৈছেনে? পচন্দ হৈছে নে কৰিবই লাগিব? পচন্দতো হৈছে কিন্তু যিসকলে ভাবা কৰিবই লাগিব, যিয়েই হৈ নাযাওঁক, কিন্তু কৰিবই লাগিব, তেওঁলোকে হাত ডাঙা। কৰিবই লাগিব।

যিসকল স্নেহী সহযোগী আজি আহিছে তেওঁলোকে হাত দাঙা। যিসকল স্নেহী সহযোগী আহিছে, বাপদাদাই তেওঁলোকক অভিনন্দন জনাই আছে কিয়নো সহযোগীতো হোৱা, স্নেহীও হোৱা কিন্তু আজি এখোজ আগবাঢ়ি আহি পিতাৰ ঘৰলৈ বা নিজৰ ঘৰলৈ আহিছা, সেয়েহে নিজৰ ঘৰলৈ অহাৰ বাবে অভিনন্দন। বাৰু, যিসকল স্নেহী সহযোগী আহিছা তেওঁলোকেও ভাবানে যে আশীৰ্বাদ দিম আৰু ল’ম? ভাবিছানে? সাহস কৰিছানে? যিসকল স্নেহী সহযোগীয়ে সাহস কৰিছা, সহায় পাবা, দীঘলকৈ হাত দাঙা। বাৰু, তেতিয়াতো তোমালোকো সম্পন্ন হৈ যাবা, অভিনন্দন। বাৰু, যিসকল নিয়মীয়া ঈশ্বৰীয় বিদ্যাৰ্থী, যদিওবা ব্ৰাহ্মণ জীৱনত বাপদাদাক সাক্ষাৎ কৰিবলৈ প্ৰথম বাৰ আহিছে কিন্তু নিজক ব্ৰাহ্মণ বুলি বুজে, নিয়মীয়া বিদ্যাৰ্থী বুলি বুজে তেওঁলোকে যদি ভাবা যে কৰিবই লাগিব, তেওঁলোকে হাত দাঙা। আশীৰ্বাদ দিম, আশীৰ্বাদ ল’ম, কৰিবানে? শিক্ষকসকলে হাত দাঙি আছে? এই কেবিনত বহাসকলে দঙা নাই। এওঁলোকে ভাবে আমিতো দিওঁৱেই। এতিয়া কৰিবই লাগিব। যিয়েই হৈ নাযাওঁক সাহস ৰাখা। দৃঢ় সংকল্প কৰা। ধৰি লোৱা কেতিয়াবা অভিশাপৰ প্ৰভাৱ পৰিও যায় তেতিয়া দহ গুণ বেছি আশীৰ্বাদ দি সেয়া সমাপ্ত কৰি দিবা। এটা অভিশাপৰ প্ৰভাৱ দহ গুণ আশীৰ্বাদ দি পাতল কৰি দিবা তেতিয়া সাহস আহি যাব। লোকচানতো নিজৰে হয় নহয়, আনেতো অভিশাপ দি গুচি গ’ল কিন্তু যিয়ে অভিশাপ সমাহিত কৰি ল’লে, দুখী কোন হয়? লওঁতা নে দিওঁতা? দিওঁতাও হয় কিন্তু লওঁতা বেছি হয়? দিওঁতাজনতো অমনোযোগী হয়।

আজি বাপদাদাই নিজৰ অন্তৰৰ বিশেষ আশা শুনাই আছে। বাপদাদাৰ সকলো সন্তানৰ প্ৰতি, এটি এটি সন্তানৰ প্ৰতি দেশৰে হওঁক, বিদেশৰে হওঁক বা সহযোগীয়ে হওঁক কিয়নো সহযোগীসকলেও পৰিচয়তো পালে নহয়। গতিকে যিহেতু পৰিচয় পালা তেন্তে পৰিচয়ৰ পৰা প্ৰাপ্তিতো কৰিব লাগে নহয়। গতিকে বাপদাদাৰ এয়াই আশা যে প্ৰত্যেক সন্তানে আশীৰ্বাদ দি থাকক। আশীৰ্বাদ ৰূপী সম্পদ যিমান জমা কৰিব পাৰা সিমানে কৰি যোৱা কিয়নো এই সময়ত যিমানে আশীৰ্বাদ একত্ৰিত কৰিবা, জমা কৰিবা সিমানে যেতিয়া তোমালোক পূজ্য হ’বা তেতিয়া আত্মাসকলক আশীৰ্বাদ দিব পাৰিবা। তোমালোকে কেৱল এতিয়া আশীৰ্বাদ দিব নালাগে, দ্বাপৰৰ পৰা ভক্তসকলকো আশীৰ্বাদ দিব লাগে। সেয়েহে ইমান আশীৰ্বাদৰ ৰ্পুঁজি জমা কৰিব লাগে। ৰজা সন্তান হোৱা নহয়! বাপদাদাই প্ৰত্যেক সন্তানক ৰজা সন্তানৰ ৰূপত চায়। কম নহয়। বাৰু।

বাপদাদাৰ আশাৰ প্ৰতি বিশেষ মনোযোগ দিলানে? যিসকলে দিলা তেওঁলোকে হাত দাঙা, দিলানে। বাৰু। বাপদাদাই 6 মাহৰ ঘৰৰ কামো দিলে, স্মৃতিত আছেনে? শিক্ষকসকলৰ স্মৃতিত আছেনে? কিন্তু এমাহৰ এই দৃঢ় সংকল্পৰ ফলাফল চাব কিয়নো নতুন বছৰতো সোনকালে আৰম্ভ হ’ব। 6 মাহৰ ঘৰৰ কাম সেয়া বেলেগ, এই এমাহ দৃঢ় সংকল্পৰ ফলাফল চাম। ঠিক আছে নহয়? শিক্ষকসকল এমাহ ঠিক আছেনে? পাণ্ডৱ ঠিক আছেনে? বাৰু যিসকল প্ৰথমবাৰ মধুবনলৈ আহিছে, তেওঁলোকে হাত দাঙা। বহুত ভাল। চোৱা, বাপদাদাৰ সদায় নতুন সন্তান বহুত প্ৰিয় হয়। কিন্তু নতুন সন্তানসকল যেনেকৈ বৃক্ষ থাকে নহয় তাত যিবোৰ সৰু সৰু পাত ওলায় সেয়া চৰাইৰ বৰ প্ৰিয়, তেনেকৈ যিসকল নতুন সন্তান মায়াৰো নতুন সন্তান বৰ প্ৰিয় সেয়েহে প্ৰতিগৰাকী নতুন সন্তানে নিতৌ নিজৰ নবীনতা পৰীক্ষা কৰিবা, আজিৰ দিনটোত নিজৰ মাজত কি নবীনতা আনিলোঁ? কোনটো বিশেষ গুণ, কোনটো শক্তি বিশেষভাৱে নিজৰ মাজত ধাৰণ কৰিলোঁ? গতিকে পৰীক্ষা কৰি থাকিবা, নিজক পৰিপক্ক কৰি গৈ থাকিবা তেতিয়া নিৰাপদে থাকিবা। অমৰ হৈ থাকিবা। গতিকে অমৰ হৈ থাকিবা, অমৰ পদ প্ৰাপ্ত কৰিবই লাগিব। বাৰু!

চাৰিওফালৰ নিশ্চিন্ত বাদশ্বাহসকলক, সদায় আত্মিক নিচাত থাকোঁতা, শ্ৰেষ্ঠ আত্মাসকলক, সদায় প্ৰাপ্ত হোৱা সম্পদৰ জমাৰ পুঁজি বৃদ্ধি কৰোঁতা তীব্ৰ পুৰুষাৰ্থী আত্মাসকলক, সদায় একে সময়তে তিনি প্ৰকাৰৰ সেৱা কৰোঁতা শ্ৰেষ্ঠ সেৱাধাৰী সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ, পদম পদম পদমগুণ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
সৰ্ব শক্তিক আদেশ অনুসৰি নিজৰ সহযোগী কৰোঁতা প্ৰকৃতিজিৎ হোৱা

সকলোতকৈ ডাঙৰ দাসী হৈছে প্ৰকৃতি। যিসকল সন্তানে প্ৰকৃতিজিৎ হোৱাৰ বৰদান প্ৰাপ্ত কৰি লয় সৰ্ব শক্তি আৰু প্ৰকৃতি ৰূপী দাসীয়ে তেওঁলোকৰ আদেশ অনুসৰি কাৰ্য কৰে অৰ্থাৎ সময়ত সহযোগ দিয়ে। কিন্তু যদি প্ৰকৃতিজিৎ হোৱাৰ পৰিৱৰ্তে অমনোযোগীতাৰ নিদ্ৰাত বা অল্পকালৰ প্ৰাপ্তিৰ নিচাত বা ব্যৰ্থ সংকল্পৰ নৃত্যত মগন হৈ নিজৰ সময় নষ্ট কৰা তেতিয়া শক্তিসমূহে আদেশ অনুসৰি কাৰ্য কৰিব নোৱাৰে সেয়েহে পৰীক্ষা কৰা যে প্ৰথমে মুখ্য সংকল্প শক্তি, নিৰ্ণয় শক্তি আৰু সংস্কাৰৰ শক্তি তিনিওটা আদেশ অনুসৰি চলিছেনে?

স্লোগান:
বাপদাদাৰ গুণ গাই থাকা তেতিয়া নিজেও গুণমূৰ্ত হৈ যাবা।

সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সংযুক্ত সেৱা অবিহনে সফলতা অসম্ভৱ। এনেকুৱা নহয় যে সেৱা কৰিবলৈ যাবা আৰু উভতি আহি ক’বা যে মায়া আহি গ’ল, মনোস্থিতি বেয়া হৈ গ’ল, অশান্ত হৈ গ’লোঁ সেয়েহে মনোযোগ দিয়া – সেৱাত সফলতা বা সেৱাত বৃদ্ধিৰ সাধন হৈছে নিজৰ সেৱা আৰু সকলোৰে সংযুক্ত সেৱা।