06.05.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যেতিয়া তোমালোক সম্পূৰ্ণ পাৱন হ’বা তেতিয়াহে পিতাই তোমালোকৰ উছৰ্গা স্বীকাৰ কৰিব, নিজৰ অন্তৰক সোধা যে মই কিমান পৱিত্ৰ হৈছোঁ”

প্ৰশ্ন:
তোমালোক সন্তানসকল এতিয়া আনন্দেৰে পিতাৰ প্ৰতি উছৰ্গিত হোৱা - কিয়?

উত্তৰ:
কিয়নো তোমালোকে জানা যে আমি এতিয়া উছৰ্গিত হওঁ তেতিয়া পিতা 21 জন্মৰ কাৰণে উছৰ্গিত হয়। তোমালোক সন্তানসকলে এইটোও গম পোৱা যে এতিয়া এই অবিনাশী ৰুদ্ৰ জ্ঞান যজ্ঞত সকলো মনুষ্য মাত্ৰেই স্বাহা হ’বই সেইকাৰণে তোমালোকে প্ৰথমতেই আনন্দেৰে নিজৰ তন, মন, ধন সকলো স্বাহা কৰি (আহুতি দি) সফল কৰি লোৱা।

গীত:
মুখৰা দেখ লে প্ৰাণী..… (চেহেৰা চাই লোৱা প্ৰাণী…..)

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ। নিশ্চয় নিজৰ সন্তানসকলৰ প্ৰতি জ্ঞান দিয়ে বা শ্রীমত দিয়ে - হে সন্তানসকল বা হে প্ৰাণী (আত্মা), শৰীৰৰ পৰা প্ৰাণ ওলাই যায় বা আত্মা ওলাই যায়, একে কথা। হে প্ৰাণী অথবা হে সন্তানসকল তোমালোকে দেখিলা যে তোমালোকৰ জীৱনত কিমান পাপ আছিল আৰু কিমান পুণ্য আছিল! হিচাপতো শুনাইছোঁ - তোমালোকৰ জীৱনত আধাকল্প পুণ্য, আধাকল্প পাপ হয়। পুণ্যৰ উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়, যাক ৰাম বুলি কোৱা হয়। ৰাম নিৰাকাৰক কোৱা হয়, সীতাৰ ৰাম নহয়। গতিকে এতিয়া তোমালোক সন্তানসকলৰ যিসকল আহি ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ হৈছা, তোমালোকৰ বুদ্ধিত উদয় হৈছে যথাযথ আধাকল্প আমি পুণ্য আত্মাই আছিলোঁ আকৌ আধাকল্প পাপ আত্মা হ’লোঁ। এতিয়া পুণ্য আত্মা হ’ব লাগে। কিমান পুণ্য আত্মা হৈছা সেয়া প্ৰত্যেকে নিজৰ অন্তৰক সোধা। পাপ আত্মাৰ পৰা পুণ্য আত্মা কেনেকৈ হ’বা…. সেয়াও পিতাই বুজাইছে। যজ্ঞ, তপ আদিৰে তোমালোক পুণ্য আত্মা হ’ব নোৱাৰা, সেয়া হৈছে ভক্তিমাৰ্গ, ইয়াৰ দ্বাৰা কোনো মনুষ্য পুণ্য আত্মা নহয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে আমি পুণ্য আত্মা হৈ আছোঁ। আসুৰি মতত পাপ আত্মা হৈ হৈ ছিৰি নামিয়ে (অৱনমিত হৈয়ে) আহিছোঁ। কিমান সময় আমি পুণ্য আত্মা হওঁ বা সুখৰ উত্তৰাধিকাৰ লওঁ - এইটো কোনেও নাজানে। সেইজন পিতাকতো সকলোৱে স্মৰণ কৰে, তেওঁকেই পৰমপিতা পৰমাত্মা বুলি কয়। ব্ৰহ্মা-বিষ্ণু-শংকৰক পৰমাত্মা বুলি কোৱা নহয়, অন্য কাকোৱেই পৰমাত্মা বুলি ক’ব নোৱাৰে। যদিও এই সময়ত তোমালোকে প্ৰজাপিতা ব্ৰহ্মা বুলি কোৱা কিন্তু প্ৰজাপিতাক কেতিয়াও ভক্তিমাৰ্গত স্মৰণ নকৰে। স্মৰণ তথাপিও সকলোৱে নিৰাকাৰ পিতাকেই কৰে – হে ঈশ্বৰ পিতা, হে ভগৱান শব্দই উচ্চাৰিত হয়। এজনকে স্মৰণ কৰে। মনুষ্যই নিজক ঈশ্বৰ পিতা বুলি ক’ব নোৱাৰে। আনকি ব্ৰহ্মা-বিষ্ণু-শংকৰেও নিজক ভগৱান বুলি ক’ব নোৱাৰে। তেওঁলোকৰ শৰীৰৰ নামতো আছে নহয়। এজনেই ঈশ্বৰ পিতা, তেওঁৰ নিজৰ শৰীৰ নাই। ভক্তিমাৰ্গতো শিৱৰ বহুত পূজা কৰে। এতিয়া তোমালোক সন্তানসকলে জানা - শিৱবাবাই এই শৰীৰৰ দ্বাৰা আমাৰ সৈতে বাৰ্তালাপ কৰে - হে সন্তানসকল, কিমান মৰমেৰে কয়, বুজি পায় মই সকলোৰে পতিত-পাৱন, সৎগতি দাতা। মনুষ্যই পিতাৰ মহিমা কৰে নহয় কিন্তু তেওঁলোকে এইটো নাজানে যে 5 হাজাৰ বছৰৰ পাছত আগমন হয়। নিশ্চয় যেতিয়া কলিযুগৰ অন্ত হ’ব তেতিয়াহে আহিব। এতিয়া কলিযুগৰ অন্তৰ সময় তেন্তে নিশ্চয় এতিয়া আগমন হৈছে। তোমালোকক শ্ৰীকৃষ্ণই নপঢ়ায়। শ্ৰীমত পোৱা যায়, শ্ৰীমত কোনো শ্ৰীকৃষ্ণৰ নহয়। শ্ৰীকৃষ্ণৰ আত্মাও শ্ৰীমতেৰে দেৱতা হৈছিল পুনৰ 84 জন্ম লৈ এতিয়া তোমালোক আসুৰি মতধাৰী হৈছা। পিতাই কয় - মই তেতিয়াই আহোঁ যেতিয়া চক্ৰ পূৰা হয়। তোমালোক যিসকল আদিতে আহিছিলা, এতিয়া জৰ্জৰিত অৱস্থাত আছা। বৃক্ষ পুৰণা জৰ্জৰিত হ’লে তেতিয়া গোটেই বৃক্ষ এনেকুৱা হৈ যায়। পিতাই বুজায় – তোমালোক তমোপ্ৰধান হোৱাৰ বাবে সকলো তমোপ্ৰধান হৈ গৈছে। এয়া মনুষ্য সৃষ্টিৰ, বিচিত্ৰ ধৰ্মৰ বৃক্ষ, ইয়াক ওলোটা বৃক্ষ বুলি কয়, ইয়াৰ বীজ ওপৰত আছে। সেই বীজৰ পৰাই গোটেই বৃক্ষ ওলায়। মনুষ্যই কয়ো “ঈশ্বৰ পিতা”। আত্মাই কয়, আত্মাৰ নাম আত্মাই হয়। আত্মা শৰীৰত আহিলে তেতিয়া শৰীৰৰ নাম ৰখা হয়, খেল চলে। আত্মাৰ জগতত খেল নচলে। খেলৰ ঠাই এইখনেই। ড্ৰামাত ৰশ্মি (পোহৰ) আদি সকলো থাকে। বাকী য’ত আত্মাসকল থাকে, ত’ত সূৰ্য, চন্দ্ৰ আদি নাই, ড্ৰামাৰ খেল নচলে। ৰাতি-দিন ইয়াত হয়। সূক্ষলোক বা মূললোকত ৰাতি-দিন নহয়, কৰ্মক্ষেত্ৰ হৈছে এইখন। ইয়াত মনুষ্যই ভাল কৰ্মও কৰে, বেয়া কৰ্মও কৰে। সত্যযুগ-ত্ৰেতাত ভাল কৰ্ম হয় কিয়নো তাত 5 বিকাৰ ৰূপী ৰাৱণৰ ৰাজ্যই নাই। পিতাই বহি কৰ্ম, অকৰ্ম, বিকৰ্মৰ ৰহস্য শুনায়। কৰ্মতো কৰিবই লাগে, এইখন কৰ্মক্ষেত্ৰ। সত্যযুগত মনুষ্যই যি কৰ্ম কৰে সেয়া অকৰ্ম হৈ যায়। তাত ৰাৱণৰ ৰাজ্যই নাই, তাক স্বৰ্গ বুলি কোৱা হয়। এই সময়ত স্বৰ্গ নাই। সত্যযুগত এখনেই ভাৰত আছিল আৰু কোনো খণ্ড নাছিল। স্বৰ্গীয় ঈশ্বৰ পিতা বুলি কয় তেন্তে পিতাই নিশ্চয় স্বৰ্গই ৰচনা কৰিব। সকলো ৰাষ্ট্ৰই এইটো জানে যে ভাৰত প্ৰাচীন দেশ। পোন প্ৰথমে কেৱল ভাৰতেই আছিল, এইটো কোনেও নাজানে। এতিয়াতো নহয়। এয়া হয়েই 5 হাজাৰ বছৰৰ কথা। কয়ো যে যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। ৰচয়িতাই নিশ্চয় ৰচনা ৰচিব। তমোপ্ৰধান বুদ্ধি হোৱাৰ কাৰণে ইমানখিনিও বুজি নাপায়। ভাৰততো সকলোতকৈ উচ্চ খণ্ড। মনুষ্য সৃষ্টিৰ প্ৰথম বংশাৱলী। এয়াও ড্ৰামা ৰচি থোৱা আছে। চহকীসকলে গৰিবসকলক সহায় কৰে, এয়াও চলি আহে। ভক্তিমাৰ্গতো চহকীসকলে গৰিবসকলক দান কৰে। কিন্তু এইখন হয়েই পতিত সৃষ্টি। গতিকে যিয়ে, যি কিছু দান পুণ্য কৰে, পতিতই কৰে, যাক দান কৰে তেৱোঁ পতিত। পতিতই, পতিতক দান কৰিলে তাৰ ফল কি পাব। যদিওবা যিমানেই দান-পুণ্য কৰি আহিছে, তথাপিও অৱনমিতই হৈ আহিছে। ভাৰতৰ দৰে দানী খণ্ড অন্য কোনো নাই। এই সময়ত তোমালোকৰ যি তন-মন-ধন আছে সকলো ইয়াত স্বাহা কৰা, ইয়াক কোৱা হয় “ৰাজস্ব অশ্বমেধ অবিনাশী জ্ঞান যজ্ঞ”। আত্মাই কয় - এয়া যি পুৰণা শৰীৰ আছে, ইয়াকো ইয়াত স্বাহা কৰিব লাগে কিয়নো তোমালোকে জানা যে গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই ইয়াত স্বাহা হয়, সেইকাৰণে কিয়নো আমি আনন্দেৰে বাবাৰ প্ৰতি উছৰ্গিত হৈ নাযাওঁ। আত্মাই জানে – আমি পিতাক স্মৰণ কৰোঁ। এনেকৈ কৈয়ো আহিছে, বাবা আপুনি যেতিয়া আহিব তেতিয়া আমি উছৰ্গিত হৈ যাম কিয়নো এতিয়া আমি উছৰ্গিত হৈ গ’লে তেতিয়া আপুনি আকৌ 21 জন্মৰ কাৰণে উছৰ্গিত হ’ব। এয়া হৈছে চুক্তি। আমি আপোনাৰ প্ৰতি উছৰ্গিত হৈ যাওঁ তেতিয়া আপুনিও 21 বাৰ উছৰ্গিত হয়। পিতাই কয় – যেতিয়ালৈকে তোমালোক আত্মা পৱিত্ৰ নোহোৱা তেতিয়ালৈকে মই উছৰ্গা স্বীকাৰ নকৰোঁ।

পিতাই কয় মামেকম্ (কেৱল মোক; পৰমপিতা শিৱক) স্মৰণ কৰা তেতিয়া আত্মা পৱিত্ৰ হৈ যাব। পিতাক পাহৰি যোৱাৰ বাবে তোমালোক কিমান পতিত দুখী হৈ গ’লা। মনুষ্য দুখী হ’লে তেতিয়া শৰণাগত হয়। এতিয়া তোমালোক 63 জন্ম ৰাৱণৰ পৰা বহুত দুখী হৈছা। এগৰাকী সীতাৰ কথা নহয়, যিয়েই মনুষ্য মাত্ৰ আছে সকলো সীতা। ৰামায়ণততো কাহিনী লিখি দিছে। সীতাক ৰাৱণে শোক বাগিচাত বন্দী কৰি ৰাখিলে। বাস্তৱত সকলো কথা এই সময়ৰ। সকলোৱে ৰাৱণ অৰ্থাৎ 5 বিকাৰৰ কাৰাগাৰত আছে সেইকাৰণে দুখী হৈ মিনতি কৰে – আমাক ইয়াৰ পৰা মুক্ত কৰক। এজনৰ কথা নহয়। পিতাই বুজায় - গোটেই জগতখনেই ৰাৱণৰ কাৰাগাৰত আছে। ৰাৱণৰ ৰাজ্য নহয় জানো। কয়ো – ৰামৰাজ্য লাগে। গান্ধীয়েও ক’লে, সন্ন্যাসীয়ে কেতিয়াও এনেকৈ নক’ব যে ৰামৰাজ্য লাগে। ভাৰতবাসীয়েহে ক’ব। এই সময়ত আদি সনাতন দেৱী দেৱতা ধৰ্ম নাই অন্য শাখা আছে। যেতিয়া সত্যযুগ আছিল তেতিয়া এটাই আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। এতিয়া সেই নামেই সলনি হৈ গ’ল। নিজৰ ধৰ্মক পাহৰি আন আন ধৰ্মলৈ ধৰ্মান্তৰিত হৈ যায়। মুছলমান আহি কিমান হিন্দুক নিজৰ ধৰ্মলৈ ধৰ্মান্তৰিত কৰি ল’লে। খ্ৰীষ্টান ধৰ্মলৈও বহুত ধৰ্মান্তৰিত হৈ গৈছে সেইকাৰণে ভাৰতবাসীৰ জনসংখ্যা কম হৈ গ’ল। নহ’লেতো ভাৰতবাসীৰ জনসংখ্যা সকলোতকৈ অধিক হোৱা উচিত। অনেক ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গল। পিতাই কয় – তোমালোকৰ যি আদি সনাতন দেৱী দেৱতা ধৰ্ম সেইটো সকলোতকৈ উচ্চ। সতোপ্ৰধান আছিল, এতিয়া সেইসকলেই সলনি হৈ আকৌ তমোপ্ৰধান হৈ গৈছে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা – জ্ঞান সাগৰ, পতিত-পাৱন বুলি যাক কয়, তেৱেঁই সন্মুখত পঢ়াই আছে। তেওঁ জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ। যীশুখ্ৰীষ্টৰ এনেকুৱা মহিমা নকৰে। শ্ৰীকৃষ্ণক জ্ঞানৰ সাগৰ, পতিত-পাৱন বুলি কোৱা নহয়। সাগৰ এখনেই হয়। চাৰিওফালে আদিৰ পৰা অন্তলৈ সাগৰেই সাগৰ। দুখন সাগৰ নাথাকে। এয়া মনুষ্য সৃষ্টিৰ ড্ৰামা, ইয়াত সকলোৰে বেলেগ বেলেগ ভূমিকা আছে। পিতাই কয় - মোৰ কৰ্তব্য সকলোতকৈ বেলেগ, মই জ্ঞানৰ সাগৰ হওঁ। মোকেই তোমালোকে আহ্বান জনোৱা - হে পতিত পাৱন, আকৌ কোৱা মুক্তিদাতা। মুক্ত ক’ৰ পৰা কৰে? এয়াও কোনেও নাজানে। তোমালোকে জানা, আমি সত্যযুগ-ত্ৰেতাত বহুত সুখী আছিলোঁ, তাক স্বৰ্গ বুলি কোৱা হয়। এতিয়াতো হয়েই নৰক সেইকাৰণে আহ্বান জনায় – দুখৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যোৱা। সন্ন্যাসীয়ে কেতিয়াও নকয় যে অমুক স্বৰ্গবাসী হ’ল, তেওঁলোকে আকৌ কয় নিৰ্বাণধামলৈ গ’ল। বিদেশতো কয় স্বৰ্গলৈ গমন কৰিলে। ভাবে যে ঈশ্বৰ পিতাৰ ওচৰলৈ গ’ল। স্বৰ্গীয় ঈশ্বৰ পিতা বুলি কয়, যথাযথ স্বৰ্গ আছিল। এতিয়া নাই। নৰকৰ পাছত স্বৰ্গ লাগে। ঈশ্বৰ পিতা ইয়ালৈ আহি স্বৰ্গ স্থাপন কৰিবলগীয়া হয়। সূক্ষ্মলোক, মুললোকত কোনো স্বৰ্গ নাথাকে। নিশ্চয় পিতাই আহিবলগীয়া হয়।

পিতাই কয় - মই আহি প্ৰকৃতিৰ আধাৰ লওঁ, মোৰ জন্ম মনুষ্যৰ দৰে নহয়, মই গৰ্ভত নাহোঁ, তোমালোক সকলো গৰ্ভত আহা। সত্যযুগত গৰ্ভ মহল হয় কিয়নো তাত কোনো বিকৰ্ম নহয় যাৰ বাবে শাস্তি ভুগিব সেইকাৰণে তাক গৰ্ভ মহল বুলি কোৱা হয়। ইয়াত বিকৰ্ম কৰে, যাৰ বাবে শাস্তি ভুগিবলগীয়া হয়, সেইকাৰণে গৰ্ভ কাৰাগাৰ বুলি কোৱা হয়। ইয়াত ৰাৱণৰাজ্যত মনুষ্যই পাপ কৰি থাকে। এইখন হয়েই পাপ আত্মাসকলৰ সৃষ্টি। সেইখন হৈছে পুণ্য আত্মাসকলৰ সৃষ্টি – স্বৰ্গ, সেইকাৰণে কয় আহত পাতত শ্ৰীকৃষ্ণ আহিল। এয়া শ্ৰীকৃষ্ণৰ মহিমা দেখুৱায়। সত্যযুগত গৰ্ভত দুখ নহয়। পিতাই কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি বুজায় যাৰ আকৌ শাস্ত্ৰ গীতা ৰচনা কৰিছে। কিন্তু তাত শিৱ ভগৱানুবাচৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিলে। এতিয়া তোমালোকে জানা, আমি বেহদৰ পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ লওঁ। এতিয়া ভাৰত ৰাৱণৰ দ্বাৰা অভিশপ্ত সেইকাৰণে দুৰ্গতি হৈ গৈছে। ইয়াত ডাঙৰ অভিশাপো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতাই আহি বৰদান দিয়ে – আয়ুস্মান ভৱ, পুত্ৰৱান ভৱ, সম্পত্তিমান ভৱ... সকলো সুখৰ উত্তৰাধিকাৰ দিয়ে। তোমালোকক আহি পঢ়ায়, যি পঢ়াৰ দ্বাৰা তোমালোক দেৱতা হোৱা। এয়া নতুন ৰচনা হৈ আছে। ব্ৰহ্মাৰ দ্বাৰা তোমালোকক পিতাই নিজৰ কৰি লয়। গায়নো কৰা হয় প্ৰজাপিতা ব্ৰহ্মা। তোমালোক তেওঁৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী হৈছা। ককাৰ পৰা উত্তৰাধিকাৰ পিতাৰ দ্বাৰা লোৱা। আগতেও লৈছিলা। এতিয়া পুনৰ পিতাৰ আগমন হৈছে। পিতাৰ সন্তানতো আকৌ পিতাৰ ওচৰলৈ যোৱা উচিত। কিন্তু গায়ন কৰা হৈছে, প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টিৰ স্থাপনা হয়। তেন্তে ইয়াতেই হ’ব নহয়। আত্মাৰ সম্বন্ধত কোৱা হ’ব আমি ভাই ভাই হওঁ। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হোৱাৰ কাৰণে তোমালোক ভাই-ভনী হোৱা। এই সময়ত তোমালোক সকলো ভাই-ভনী হোৱা, তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিলা। এতিয়াও পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। শিৱবাবাই কয় – মোক স্মৰণ কৰা। তোমালোক আত্মাসকলে শিৱবাবাক স্মৰণ কৰিব লাগে। স্মৰণ কৰিলেহে তোমালোক পাৱন হ’বা অন্য কোনো উপায় নাই। পাৱন নোহোৱাকৈ তোমালোক মুক্তিধামলৈ যাবও নোৱাৰা। জীৱনমুক্তিত পোন প্ৰথমে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল আকৌ ক্ৰমানুসৰি অন্য অন্য ধৰ্ম আহিল। পিতাই অন্তত আহি সকলোকে দুখৰ পৰা মুক্ত কৰে। তেওঁক মুক্তিদাতা বুলি কোৱা হয়। পিতাই কয় – তোমালোকে কেৱল মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হৈ যাব। আহ্বানো জনোৱা বাবা আহক – আমাক পতিতৰ পৰা পাৱন কৰি তোলক। শিক্ষকেতো পঢ়ায়, এই ক্ষেত্ৰত চৰিত্ৰ বৰ্ণনা কৰে জানো? এয়াও হৈছে পঢ়া। পিতা জ্ঞান সাগৰেই আহি জ্ঞান দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ গতিক জানি এতিয়া কোনো বিকৰ্ম কৰিব নালাগে। কৰ্মক্ষেত্ৰত কৰ্ম কৰি বিকাৰ ত্যাগ কৰা মানেই বিকৰ্মৰ পৰা ৰক্ষা পোৱা।

(2) এনেকুৱা পাৱন হ’ব লাগে যাতে আমাৰ উছৰ্গা পিতাই স্বীকাৰ কৰি লয়। পাৱন হৈ পাৱন সৃষ্টিলৈ যাব লাগে। তম, মন, ধন এই যজ্ঞত স্বাহা কৰি (আহুতি দি) সফল কৰিব লাগে।

বৰদান:
জ্ঞানৰ প্ৰকাশ আৰু শক্তিৰ দ্বাৰা বিঘ্ন-বিনাশক হওঁতা মাষ্টৰ জ্ঞানপূৰ্ণ হোৱা

ভক্তিমাৰ্গত গণেশক বিঘ্ন-বিনাশক বুলি কৈ পূজা কৰে, লগতে তেওঁক মাষ্টৰ জ্ঞানপূৰ্ণ অৰ্থাৎ বিদ্যাপতি বুলিও মান্যতা দিয়ে। গতিকে যিসকল সন্তান মাষ্টৰ জ্ঞানপূৰ্ণ হয় তেওঁলোক কেতিয়াও বিঘ্নৰ হাতত পৰাজিত হ'ব নোৱাৰে কিয়নো জ্ঞানক প্ৰকাশ আৰু শক্তি বুলি কোৱা হয়, যাৰ দ্বাৰা লক্ষ্যত উপনীত হোৱা সহজ হৈ যায়। এনেকৈ যিসকল বিঘ্ন-বিনাশক হয়, পিতাৰ লগত সদায় সংযুক্ত হৈ থাকি জ্ঞান সোঁৱৰি থাকে তেওঁলোক কেতিয়াও বিঘ্নৰ হাতত পৰাজিত হ'ব নোৱাৰে।

স্লোগান:
ভিতৰে-বাহিৰে যিবোৰ অৱগুণ আছে সেয়া সম্পূৰ্ণ ৰূপে ‘উইল’ (ইচ্ছা পত্ৰৰ দ্বাৰা হস্তান্তৰ) কৰি দিয়া তেতিয়া ‘উইল-পাৱাৰ’ (ইচ্ছা-শক্তি) আহি যাব।


অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

এতিয়া অনুভৱী হৈ আনকো অচল-অটল কৰি তোলাৰ, অনুভৱ কৰোৱাৰ সময়। এতিয়া খেল-ধেমালি কৰাৰ সময় শেষ হ’ল। এতিয়া সদায় সমর্থ হৈ নিৰ্বল আত্মাসকলক সমর্থ কৰি গৈ থাকা। তোমালোকৰ মাজত যদি নিৰ্বলতাৰ সংস্কাৰ থাকে, তেন্তে আনকো নিৰ্বল কৰি দিব। জ্ঞানৰ প্ৰতিটো কথাৰ অনুভৱী হ’বলৈ একান্তপ্ৰিয় হোৱা আৰু একাগ্ৰতাৰ অভ্যাস বঢ়োৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]