06.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল পিতা হৈছে বাগিচাৰ মালিক, এই মালিকৰ ওচৰলৈ তোমালোক মালীসকলে বহুত ভাল ভাল সুবাসিত ফুল লৈ আনিব লাগে, এনেকুৱা ফুল নানিবা যি মৰহি গৈছে

প্ৰশ্ন:
পিতাৰ দৃষ্টি কোনসকল সন্তানৰ ওপৰত পৰে, কাৰ ওপৰত নপৰে?

উত্তৰ:
যিসকল ভাল সুবাস দিয়া ফুল আছে, অনেক কাঁইটক ফুল কৰি তোলাৰ সেৱা কৰে, তেওঁলোকক চাই চাই পিতা আনন্দিত হয়। তেওঁলোকৰ প্ৰতিয়ে পিতাৰ দৃষ্টি যায় আৰু যিসকলৰ বৃত্তি কলুষিত, চকুৱে প্ৰবঞ্চনা কৰে, তেওঁলোকৰ ফালে পিতাৰ দৃষ্টিও নাযায়। পিতাইতো কব সন্তানসকল, ফুল হৈ অনেকক ফুল কৰি তোলা তেতিয়া বুদ্ধিমান মালী বুলি কোৱা হব।

ওঁম্শান্তি।
বাগিচাৰ মালিক পিতাই বহি নিজৰ ফুলবোৰ প্ৰত্যক্ষ কৰে কিয়নো বাকী সকলো সেৱাকেন্দ্ৰততো ফুল আৰু মালী আছে, তোমালোক ইয়ালৈ বাগিচাৰ মালিকৰ ওচৰলৈ নিজৰ সুবাস দিবলৈ আহা। তোমালোক ফুল নোহোৱা জানো। তোমালোকেও জানা, পিতায়ো জানে, কাঁইটৰ জংঘলৰ বীজৰূপ হৈছে ৰাৱণ। এনেয়েতো গোটেই বৃক্ষৰ বীজ এজনে কিন্তু ফুলৰ বাগিচাৰ পৰা আকৌ কাঁইটৰ জংঘল কৰি তোলোঁতাও নিশ্চয় থাকিব। সেয়া হল ৰাৱণ। গতিকে বিচাৰ কৰা - পিতাই সঠিককৈ বুজায় নহয়। দেৱতাৰূপী ফুলৰ বাগিচাৰ বীজৰূপ হল পিতা। তোমালোক এতিয়া দেৱী-দেৱতা হৈ আছা নহয়। এয়াতো প্ৰত্যেকে জানা যে আমি কেনেধৰণৰ ফুল হওঁ। বাগিচাৰ মালিকো ইয়ালৈকে ফুল চাবলৈ আহে। সেয়াতো সকলো হৈছে মালী। সেয়াও অনেক প্ৰকাৰৰ মালী। সেই বাগিচাৰো ভিন্ন ভিন্ন প্ৰকাৰৰ মালী থাকে নহয়। কাৰোবাৰ দৰমহা 500 টকা, কাৰোবাৰ 1000, কাৰোবাৰ 2000 টকা। উদাহৰণ স্বৰূপে মোগল গাৰ্ডেনৰ মালী বহুত বুদ্ধিমান হব। তেওঁৰ বেতনো অধিক হব। এয়া হল বেহদৰ ডাঙৰ বাগিচা, তাতো অনেক প্ৰকাৰৰ ক্ৰমানুসৰি মালী আছে। যিসকল বহুত ভাল মালী তেওঁলোকে বাগিচা বহুত ভাল শোভনীয় কৰি তোলে, ভাল ফুল লগায়। গৰ্ভনমেণ্ট হাউচৰ মোগল গাৰ্ডেন কিমান সুন্দৰ। এয়া হল বেহদৰ বাগিচা। এজন হল বাগিচাৰ মালিক। এতিয়া কাঁইটৰ, জংঘলৰ বীজ হল ৰাৱণ আৰু ফুলৰ বাগিচাৰ বীজ হল শিৱবাবা। পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। ৰাৱণৰ পৰা উত্তৰাধিকাৰ পোৱা নাযায়। ৰাৱণে যেন অভিশাপ দিয়ে। যেতিয়া অভিশপ্ত হয় তেতিয়া যিজন সুখ দিওঁতা তেওঁক সকলোৱে স্মৰণ কৰে কিয়নো তেওঁ হল সুখদাতা, সদায় সুখ দিওঁতা। মালীও ভিন্ন ভিন্ন প্ৰকাৰৰ আছে, বাগিচাৰ মালিক আহি মালীসকলকো প্ৰত্যক্ষ কৰে যে কেনেকৈ সৰু-ডাঙৰ বাগিচা গঢ়ি তোলে। কোন কোন ফুল হয়, সেয়াও খেয়াল কৰে। কেতিয়াবা বহুত ভাল ভাল মালীও আহে, তেওঁলোকৰ ফুলৰ শোভাও সুন্দৰ হয়। তেতিয়া বাগিচাৰ মালিকো আনন্দিত হয় অহো! এই মালীগৰাকীতো বহুত ভাল, ফুলো ভাল ভাল আনিছে। এয়া হল বেহদৰ পিতা আৰু তেওঁৰ বেহদৰ কথা। তোমালোক সন্তানসকলে অন্তৰেৰে বুজি পোৱা বাবাই একেবাৰে সত্য কথা কয়। আধাকল্প ৰাৱণৰ ৰাজ্য চলে। ৰাৱণে ফুলৰ বাগিচাক কাঁইটৰ জংঘল কৰি দিয়ে। জংঘলত কাঁইটেই কাঁইট থাকে। বহুত দুখ দিয়ে। বাগিচাৰ মাজত জানো কাঁইট থাকে, এডালো নাথাকে। সন্তানসকলে জানে। ৰাৱণে দেহ-অভিমানত লৈ আহে। ডাঙৰতকৈও ডাঙৰ কাঁইট হল দেহ-অভিমান।

বাবাই ৰাতি বুজাইছিল - কিছুমানৰ দৃষ্টি কামনাযুক্ত হৈ থাকে, আকৌ কাৰোবাৰ দৃষ্টি আধা কামনাযুক্ত। কিছুমান নতুনো আহে যিয়ে প্ৰথমতে ভালকৈ চলে, এনেকৈ ভাবে বিকাৰত কেতিয়াও নাযাওঁ, পৱিত্ৰ হৈ থাকিম। সেই সময়ত ক্ষণিক সময়ৰ বৈৰাগ্য জন্মে। আকৌ তালৈ (ঘৰলৈ) গলে তেতিয়া লেতেৰা হৈ যায়। দৃষ্টি কলুষিত হৈ যায়। ইয়ালৈ যিসকলক ভাল ভাল ফুল বুলি ভাবি বাগিচাৰ মালিকৰ ওচৰলৈ লৈ আহে যে বাবা এয়া বহুত ভাল ফুল, কোনো কোনো মালীয়ে আহি কাণৰ ওচৰত কয় এয়া অমুক ফুল। মালীয়েতো নিশ্চয় শুনাব নহয়। এনেকুৱা নহয় যে বাবা অন্তৰ্যামী, মালীয়ে প্ৰত্যেকৰে চাল-চলন কেনেকুৱা সেয়া শুনায় যে বাবা এওঁৰ দৃষ্টি ভাল নহয়, এওঁৰ চলন মাৰ্জিত নহয়, এওঁৰ 10-20 শতাংশ শুধৰণি হৈছে। মুখ্য হৈছে এই দুচকু, যিয়ে বহুত প্ৰবঞ্চনা কৰে। মালী আহি বাগিচাৰ মালিকক সকলো শুনাব। বাবাই এজন এজনক সোধে কোৱাচোন তুমি কেনেকুৱা ফুল আনিছা? কোনোবা গোলাপ ফুল, কোনোবা মল্লিকা, কোনোবাই আকন ফুলো লৈ আহে। ইয়াত বহুত সাৱধান হৈ থাকে। জংঘললৈ গলে তেতিয়া পুনৰ মৰহি যায়। বাবাই লক্ষ্য কৰে যে এয়া কেনেধৰণৰ ফুল। মায়াও এনেকুৱা যে মালীসকলকো বহুত জোৰেৰে থাপৰ লগাই দিয়ে, ফলত মালীও কাঁইট হৈ যায়। বাগিচাৰ মালিক আহে তেতিয়া প্ৰথমতে বাগিচাখন প্ৰত্যক্ষ কৰে, আকৌ পিতাই বহি তেওঁলোকৰ অলংকৰণ কৰে। সন্তানসকল, সাৱধান হৈ থাকা, ত্ৰুটিবোৰ আঁতৰাই যোৱা, নহলে বহুত পশ্চাতাপ কৰিব লাগিব। বাবা আহিছে লক্ষ্মী-নাৰায়ণ কৰি তুলিবলৈ, তাৰ পৰিৱৰ্তে আমি চাকৰ হম জানো! নিজক পৰীক্ষা কৰিব লাগে, মই এনেকুৱা উচ্চ লায়ক হৈছোঁনে? এয়াতো জানা যে কাঁইটৰ, জংঘলৰ বীজ হৈছে ৰাৱণ, ফুলৰ বাগিচাৰ বীজ হৈছে ৰাম। এই সকলোবোৰ কথা পিতাই বহি শুনায়। বাবাই তথাপিও স্কুলৰ পঢ়াৰ মহিমা কৰে, সেই পঢ়াও তথাপি ভাল, কিয়নো সেয়া হৈছে উপাৰ্জনৰ উৎস। লক্ষ্য-উদ্দ্যেশ্যও আছে। এয়াও হৈছে পাঠশালা, ইয়াত লক্ষ্য-উদ্দেশ্য আছে। বাকী কতো এইটো লক্ষ্য-উদ্দেশ্য নাথাকে। তোমালোকৰ এটাই লক্ষ্য - নৰৰ পৰা নাৰায়ণ হোৱাৰ। ভক্তিমাৰ্গত সত্য-নাৰায়ণৰ কথা বহুত শুনে, প্ৰতি মাহে ব্ৰাহ্মণক মাতে, ব্ৰাহ্মণে গীতা শুনায়। আজিকালিতো গীতা সকলোৱে শুনায়, সঁচা ব্ৰাহ্মণতো কোনো নাই। তোমালোক হৈছা সঁচা ব্ৰাহ্মণ। সঁচা পিতাৰ সন্তান। তোমালোকে সঁচা কথা শুনোৱা। সত্য-নাৰায়ণৰ কথাও আছে, অমৰকথাও আছে, তৃতীয় নেত্ৰৰ কথাও আছে। ভগৱানুবাচ মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। তেওঁলোকে গীতাতো শুনাই আহিছে। পিছে ৰজা কোন হল? এনেকুৱা কোনোবা আছেনে যিয়ে কয় মই তোমালোকক ৰজাৰো ৰজা কৰি তুলিম, মই নিজে নহওঁ? এনেকুৱা কথা কেতিয়াবা শুনিছানে? এয়া এজনেই পিতা যিয়ে সন্তানসকলক বহি বুজায়। সন্তানসকলে জানে ইয়াত বাগিচাৰ মালিকৰ ওচৰলৈ পুনৰুজ্জীৱিত হবলৈ আহে। মালীও হয়, ফুলো হয়। মালীতো নিশ্চয় হব লাগে। ভিন্ন ভিন্ন প্ৰকাৰৰ মালী আছে। সেৱা নকৰিলে তেন্তে ভাল ফুল কেনেকৈ হবা? প্ৰত্যেকে নিজৰ অন্তৰক সোধা যে মই কোন প্ৰকাৰৰ ফুল? কোন প্ৰকাৰৰ মালী? সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে। ব্ৰাহ্মণীসকলে জানে মালীও ভিন্ন ভিন্ন প্ৰকাৰৰ থাকে নহয়। কোনোবা ভাল ভাল মালীও আহে, যাৰ বহুত ডাঙৰ ভাল বাগিচা থাকে। যেনেকুৱা ভাল মালী তেনেকুৱা ভাল বাগিচাও গঢ়ি তোলে। ভাল ভাল ফুল লৈ আহে, যাক দেখি অন্তৰ আনন্দিত হৈ যায়। কোনোৱে সস্তীয়া ফুলো লৈ আহে। বাগিচাৰ মালিকে বুজি পাই পায় এওঁলোকে কি কি পদ পাব। এতিয়াতো সময় আছে। এডাল এডাল কাঁইটক ফুল কৰি তোলোঁতে পৰিশ্ৰম হয়। কিছুমানেতো ফুল হব নিবিচাৰে, কাঁইটেই পচন্দ কৰে। দৃষ্টি-বৃত্তিও বহুত কলুষিত হয়। ইয়ালৈ আহে তথাপিও তেওঁৰ পৰা সুবাস পোৱা নাযায়। বাগিচাৰ মালিকে বিচাৰে মোৰ আগত ফুল বহিলে ভাল, যাক দেখি আনন্দিত হওঁ। চাওঁ যে বৃত্তি এনেকুৱা হলে তেতিয়া তেওঁৰ প্ৰতি দৃষ্টিও নিদিওঁ সেইবাবে এজন এজনক প্ৰত্যক্ষ কৰে, এয়া মোৰ কোন প্ৰকাৰৰ ফুল? কিমান সুবাস দিয়ে। কাঁইটৰ পৰা ফুল হৈছে নে হোৱা নাই? প্ৰত্যেকে নিজেও বুজিব পাৰে যে আমি কিমানলৈকে ফুল হৈছোঁ? পুৰুষাৰ্থ কৰোঁনে? বাৰে বাৰে কয় বাবা, মই আপোনাক পাহৰি যাওঁ। যোগত টিকি থাকিব নোৱাৰোঁ। হেৰ, স্মৰণ নকৰিলে তেন্তে ফুল কেনেকৈ হবা? স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হব, তেতিয়া ফুল হৈ আকৌ আনকো ফুল কৰি তুলিবা, তেতিয়া মালী নাম ৰাখিব পাৰা। বাবাই মালী বিচাৰি থাকে। কোনোবা মালী আছেনে? কিয়নো মালী হব নোৱাৰা? বন্ধনতো এৰা উচিত। ভিতৰি উৎসাহ জাগিব লাগে। সেৱাৰ উল্লাস থাকিব লাগে। নিজৰ ডেউকা মুক্ত কৰিবলৈ পৰিশ্ৰম কৰা উচিত। যাৰ প্ৰতি বহুত স্নেহ থাকে, তেওঁক এৰি দিয়া হয় জানো? পিতাৰ সেৱাৰ বাবে যেতিয়ালৈকে ফুল হৈ আনকো ফুল কৰি নোতোলা তেন্তে উচ্চ পদ কেনেকৈ পাবা? 21 জন্মৰ বাবে উচ্চ পদ। মহাৰজাসকল, ৰজাসকল, ডাঙৰ ডাঙৰ ধনৱানো আছে। আকৌ ক্ৰমানুসৰি কম ধনৱানো আছে, প্ৰজাও আছে। এতিয়া আমি কি হম? যিসকলে এতিয়া পুৰুষাৰ্থ কৰিব, তেওঁলোক কল্প কল্পান্তৰ বাবে হব। এতিয়া পূৰা জোৰ দি পুৰুষাৰ্থ কৰিব লাগে। নৰৰ পৰা নাৰায়ণ হোৱা উচিত, যিসকল ভাল পুৰুষাৰ্থী তেওঁলোকে বাস্তৱত কৰি দেখুৱাব। প্ৰতিদিনৰ লাভ আৰু হানি চাব লাগে। 12 মাহৰ কথা নহয়, সদায় নিজৰ হানি আৰু লাভ উলিওৱা উচিত। হানি কৰিব নালাগে। নহলে তৃতীয় শ্ৰেণীৰ হৈ যাবা। স্কুলতো ক্ৰমানুসৰিতো হয়েই নহয়।

মৰমৰ সন্তানসকলে জানে আমাৰ বীজ হল বৃক্ষপতি, যিজন অহা বাবে আমাৰ ওপৰত বৃহস্পতিৰ দশা বহে। আকৌ ৰাৱণৰাজ্য আহে তেতিয়া ৰাহুৰ দশা বহে। সেয়া (বৃহস্পতিৰ দশা) একেবাৰে উচ্চ, সেয়া (ৰাহুৰ দশা) একেবাৰে নিম্ন। একেবাৰে শিৱালয়ৰ পৰা বেশ্যালয় কৰি দিয়ে। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত বৃহস্পতিৰ দশা। প্ৰথমতে নতুন বৃক্ষ। আকৌ আধাৰ পৰা পুৰণা হবলৈ আৰম্ভ কৰে। বাগিচাৰ মালিকো হয়, মালীও বৃদ্ধি হৈ গৈ থাকে। বাগিচাৰ মালিকৰ ওচৰলৈ লৈ আহে। প্ৰত্যেক মালীয়ে ফুল লৈ আহে। কোনোৱেতো এনেকুৱা ভাল ফুল লৈ আহে, বাবাৰ ওচৰলৈ আহিবলৈ ব্যাকুল হৈ থাকে। কেনেকুৱা কেনেকুৱা যুক্তি দি কন্যাসকল আহে। বাবাই কয় বহুত ভাল ফুল আনিছা। মালী যদিও দ্বিতীয় শ্ৰেণীৰ, মালীতকৈ ফুল ভাল ব্যাকুল হৈ থাকে শিৱবাবাৰ ওচৰলৈ যাওঁ, যিজন বাবাই আমাক ইমান উচ্চ বিশ্বৰ মালিক কৰি তোলে। ঘৰত মাৰ খায় তথাপিও কয় শিৱবাবা আমাক ৰক্ষা কৰক। তেওঁলোককে সঁচা দ্ৰৌপদী বুলি কোৱা হয়। যি অতীত হৈ গল সেয়া আকৌ পুনৰাবৃত্তি হব। কালি আহ্বান জনাইছিলা নহয়, আজি বাবা আহিছে ৰক্ষা পাবলৈ যুক্তি (উপায়) দিয়ে এনেকৈ এনেকৈ ভোঁ ভোঁ কৰি থাকা। তোমালোক হৈছা ভোমোৰা, তেওঁলোক হৈছে পোক। তেওঁলোকৰ সন্মুখত ভোঁ ভোঁ কৰি থাকা। কোৱা, ভগৱানুবাচ কাম হৈছে মহাশত্ৰু, কামক জয় কৰিলে বিশ্বৰ মালিক হয়। কোনোবা নহয় কোনোবা সময়ত অবলাসকলৰ কথাই অন্তৰ চুই গলে তেতিয়া ঠাণ্ডা হৈ যায়। কয় বাৰু, যোৱা। এনেকৈ গঢ়ি তোলোঁতাজনৰ ওচৰলৈ যোৱা। মোৰ ভাগ্যত নাই, তুমিতো যোৱা। এনেকৈ দ্ৰৌপদীসকলে চিঞৰে। বাবাই লিখে - ভোঁ ভোঁ কৰা। কোনো কোনো এনেকুৱা স্ত্ৰীও আছে যাক শূৰ্পনশা, পূতনা বুলি কোৱা হয়। পুৰুষসকলে তেওঁলোকৰ আগত ভোঁ ভোঁ কৰে, তেওঁলোক পোক হৈ যায়। বিকাৰ অবিহনে থাকিব নোৱাৰে। বাগিচাৰ মালিকৰ ওচৰলৈ ভিন্ন ভিন্ন প্ৰকাৰৰ আহে, তাৰ কথাই নুসুধিবা। কোনো কোনো কন্যাও কাঁইট হৈ যায় সেইবাবে বাবাই কয় নিজৰ জন্মপত্ৰিকা শুনোৱা। পিতাক নুশুনালে, লুকুৱালে তেতিয়া সেয়া বৃদ্ধি হৈ গৈ থাকিব। মিছা চলিব নোৱাৰে। তোমালোকৰ বৃত্তি বেয়া হৈ গৈ থাকিব। পিতাক শুনালে তোমালোক ৰক্ষা পৰিবা। সঁচা কথা কব লাগে, নহলে একেবাৰে মহাৰোগী হৈ যাবা। পিতাই কয় যিসকল বিকাৰী তেওঁলোকৰ মুখ কলা হৈ যায়। পতিত মানে কলা মুখ। কৃষ্ণকো শ্যাম-সুন্দৰ বুলি কয়। কৃষ্ণক কলা বৰণীয়া কৰি দিছে। ৰামক, নাৰায়ণকো কলাবৰণীয়া দেখুৱায়। অৰ্থ একো বুজি নাপায়। তোমালোকৰ ওচৰততো নাৰায়ণৰ বগাবৰণীয়া চিত্ৰ আছে, তোমালোকৰতো এয়া হৈছে লক্ষ্য-উদ্দেশ্য । তোমালোক জানো কলা নাৰায়ণ হব লাগে। এয়া যি মন্দিৰ নিৰ্মাণ কৰিছে, আচলতে এনেকুৱা নাছিল। বিকাৰত অধঃপতিত হোৱা বাবে আকৌ মুখ কলা হৈ যায়। আত্মা কলা হৈ গৈছে। লৌহ যুগৰ পৰা সোণালী যুগত যাব লাগে। সোণৰ চৰাই হব লাগে। কলিকতাৰ (বৰ্তমান কোলকাতা) কালী বুলি কয়। কিমান ভয়ংকৰ ৰূপ দেখুৱায়। তাৰ কথা নুসুধিবা। পিতাই কয় সন্তানসকল, এয়া সকলো হৈছে ভক্তিমাৰ্গ। এতিয়া তোমালোকেতো জ্ঞান পাইছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ডেউকা মুক্ত কৰিবলৈ পৰিশ্ৰম কৰিব লাগে, বন্ধনৰ পৰা মুক্ত হৈ বুদ্ধিমান মালী হব লাগে। কাঁইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে।

(2) নিজক চাব লাগে যে মই কিমান সুবাসিত ফুল হৈছোঁ? মোৰ বৃত্তি শুদ্ধ হয়নে? চকুৱে প্ৰৱঞ্চনাতো নকৰে? নিজৰ চাল-চলনৰ খতিয়ান ৰাখি ত্ৰুটিসমূহ আঁতৰাব লাগে।

বৰদান:
স্বৰাজ্য অধিকাৰৰ নিচা আৰু নিশ্চয়তাৰ দ্বাৰা সৰ্বদা শক্তিশালী হৈ থাকোঁতা সহজযোগী নিৰন্তৰ যোগী হোৱা

স্বৰাজ্য অধিকাৰী অৰ্থাৎ প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ ওপৰত নিজৰ ৰাজ্য। কেতিয়াও সংকল্পতো যাতে কৰ্মেন্দ্ৰিয়ই প্ৰবঞ্চনা নকৰে। কেতিয়াবা অলপো যদি দেহ-অভিমান আহে তেন্তে উত্তেজনা বা ক্ৰোধ সহজে আহি যায়, কিন্তু যিসকল স্বৰাজ্য অধিকাৰী তেওঁলোক সদায় নিৰহংকাৰী, সদায় নম্ৰ হৈ সেৱা কৰে সেয়েহে মই স্বৰাজ্য অধিকাৰী আত্মা - এইটো নিচা আৰু নিশ্চয়তাৰে শক্তিশালী হৈ মায়াজিৎ তথা জগতজিৎ হোৱা তেতিয়া সহজযোগী, নিৰন্তৰ যোগী হৈ যাবা।

স্লোগান:
প্ৰকাশ পুঞ্জ হৈ মন-বুদ্ধিৰে প্ৰকাশ বিলোৱাত ব্যস্ত হৈ থাকা তেতিয়া কোনো কথাত ভয়ভীত নোহোৱা।


কৰ্মযোগী হবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ নিমিত্ত হোৱা আত্মাসকলক কৰ্ম কৰি থকা দেখা, কেনেকৈ বোজামুক্ত হৈ, আনন্দেৰে কৰ্ম কৰে, তেওঁলোকৰ পৰা সহজে কৰ্মযোগী হোৱাৰ প্ৰেৰণা পোৱা যায়। কৰ্মযোগী হবলৈ নিজৰ উচ্চ স্থিতি আৰু আচল স্থানক সদায় স্মৃতিত ৰাখি কাৰ্য কৰিবলৈ অৰ্থাৎ তললৈ আহা, তেতিয়া যিমানেই কাৰ্য নকৰা কিয় কৰ্মযোগী হৈ থাকিবা।