06.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অমৃতবেলাৰ সময় বহুত ভাল, সেইকাৰণে পুৱাই পুৱাই উঠি একান্তত বহি বাবাৰ সৈতে মিঠা মিঠা বাৰ্তালাপ কৰা”

প্ৰশ্ন:
কোনটো জ্ঞানে নিৰন্তৰ যোগী হোৱাত বহুত সহায় কৰে?

উত্তৰ:
ড্ৰামাৰ। যি কিছু হৈ গ’ল, ড্ৰামা অনুসৰি হ’বলগীয়া আছিল। স্থিতি যাতে অকণমানো বিচলিত নহয়। লাগিলে যেনেকুৱাই পৰিস্থিতি নহওঁক, ভূমিকম্প আহি যাওঁক, বেপাৰত লোকচান হৈ যাওঁক কিন্তু অকণমানো যাতে সংশয় উৎপন্ন নহয় – ইয়াক কোৱা হয় মহাবীৰ। যদি ড্ৰামাৰ যথাৰ্থ জ্ঞান নাথাকে তেন্তে চকুলো বোৱাই থাকিব। নিৰন্তৰ যোগী হোৱাত ড্ৰামাৰ জ্ঞানে বহুত সহায় কৰে।

গীত:
ওঁম্‌ নমঃ শিৱায়ে…

ওঁম্শান্তি।
সন্তানসকলে এতিয়া ভালদৰে বুজি পায় যে পতিত সৃষ্টিৰ এতিয়া অন্ত হৈ আহিছে। পাৱন সৃষ্টিৰ আৰম্ভণি হৈ আছে। এয়া কেৱল তোমালোক সন্তানসকলেহে জানা। আৰু সন্তানসকলেহে এই নিৰ্দেশনা বা শ্ৰীমত পায়। কোনে দিয়ে? উচ্চতকৈও উচ্চ ভগৱানে। বুজাই থাকে যে পতিতৰ পৰা পাৱন হ’ব লাগে। এই জ্ঞান তোমালোকৰ বাবে, বাকীতো সকলো পতিত। এই পতিত সৃষ্টিৰ বিনাশ নিশ্চয় হ’ব। পতিত বুলি কোৱা হয় বিকাৰীক। পিতাই বুজায় যে তোমালোকে জন্ম-জন্মান্তৰ এজনে আনজনক দুখ দি আহিছা, সেইকাৰণে তোমালোকে আদি-মধ্য-অন্ত দুখ পোৱা। এজনে আনজনক পতিত কৰি তোলা। কাতৰে আহ্বানো কৰে যে আমি পতিত, কিন্তু বুদ্ধিত পূৰা ধাৰণ নহয়। কয়ো যে পতিত-পাৱন আহক, কিন্তু তথাপিও পতিত প্ৰৱণতা ত্যাগ নকৰে। এতিয়া তোমালোকে বুজি পোৱা গোটেই কথা হৈছে পাৱন হোৱাৰ। এয়া বুজাওঁতাও কোনোবা লাগে নহয় জানো। বুজাওঁতা হৈছেই এজন। বাকী এয়া যি গুৰুসকল আছে, এওঁলোকে কাকো পাৱন কৰি তুলিব নোৱাৰে। পাৱনো কেৱল এটা জন্মৰ কাৰণে নহয়, জন্ম-জন্মান্তৰৰ কাৰণে হ’ব লাগে। তোমালোকৰ ভিতৰতো যিসকল জ্ঞানৱান তেওঁলোক তীক্ষ্ণ হয়। ড্ৰামা অনুসৰি সেয়া নিৰ্ধাৰিত হৈ আছে। তোমালোকৰো মহাবীৰৰ প্ৰৱণতা থাকিব লাগে। সেয়া আহিব পিতাৰ স্মৃতিত থাকিলে। পিতাই বহুত ভালদৰে বহি বুজায়। যেনেকৈ পিতাই কয় যে ৰাতিপুৱা উঠি স্মৰণ কৰা। সেইখিনি সময় স্মৰণ কৰিবলৈ বহুত সুন্দৰ যাক প্ৰভাত বুলি কোৱা হয়। ভক্তিমাৰ্গতো কয় – হে মন প্ৰভাতবেলা ৰামক স্মৰণ কৰা। পিতায়ো কয় - ৰাতিপুৱা (অমৃতবেলা) উঠি পিতাক স্মৰণ কৰা তেতিয়া বৰ মজা লাগিব। পিতাৰ স্মৃতিত বহি এয়াই খেয়াল কৰিব লাগে যে কেনেকৈ কাৰোবাক বুজাওঁ? অমৃতবেলা বায়ুমণ্ডল বহুত শুদ্ধ হৈ থাকে। দিনততো সাংসাৰিক কাম-কাজ থাকে। ৰাতি 12 বজালৈকেতো বিকাৰী বায়ুমণ্ডল থাকে। সাধু-সন্ত, ভক্ত আদি সকলোৱে ভক্তিও প্ৰভাততে কৰে। এনেয়েতো স্মৰণ দিনতো কৰিব পাৰে। পেছাগত কাম-কাজত যদিও থাকে, বুদ্ধিৰ যোগসূত্ৰ যিগৰাকী দেৱতাৰ পূজাৰী হ’ব তেওঁৰ সৈতে থাকিব। কিন্তু এনেকৈ কাৰো নাথাকে। ভক্তিমাৰ্গত কেৱল দৰ্শনৰ কাৰণে যত্ন কৰে। একোৱে নাপায়। তেওঁলোকেও ভক্তি কৰি কৰি তমোপ্ৰধান হ’বই লাগে। ভক্তিমাৰ্গতো শিৱৰ প্ৰতি উছৰ্গিত হয়, যাক ‘কাশী কলৱট’ (কাশীত গৈ আপোনঘাতী হয়) বুলি কয়। শিৱক স্মৰণ কৰি কৰি কুঁৱাত জপিয়াই দিয়ে। শিৱৰ প্ৰতি উছৰ্গিত হয়। সেয়া হ’ল ভক্তিমাৰ্গৰ বলি। এয়া হ’ল জ্ঞান মাৰ্গৰ বলি। সেয়াও কঠিন, এয়াও কঠিন। ভক্তিমাৰ্গত ইয়াৰ পৰা একো লাভ নহয়। এয়া যেন আত্মাই নিজৰ শৰীৰ ঘাত (নাশ) কৰে। এয়া কোনো জ্ঞান নহয়। তেওঁলোকেও কৈ দিয়ে আত্মাই পৰমাত্মা। আত্ম-অভিমানীতো এজন পিতাই হয়, যিয়ে সন্তানসকলক বুজায় যে পৰমাত্মাতো মই এজনেই। “মই আত্মাই পৰমাত্মা” বুলি কোৱা – এইটো আটাইতকৈ ডাঙৰ মিছা কথা। এয়াতো হ’ব নোৱাৰে।

পিতাই কয় – মই আহোঁৱেই পতিতসকলক পাৱন কৰি তুলিবলৈ, সেয়েহে পাৱন কৰি আছোঁ। বাকীতো ড্ৰামাত যি হ’বলগীয়া আছে সেয়া হ’বই। ধৰিলোৱা ভূমিকম্প আহে, ছাদ খহি পৰে, ক’ব হ’বলগীয়া আছিল, কল্প পূৰ্বেও এনেকুৱা হৈছিল। এই ক্ষেত্ৰত অলপো বিচলিত হোৱাৰ প্ৰয়োজন নাই। ড্ৰামাৰ ওপৰত দৃঢ়তাৰে স্থিৰ হৈ থাকিব লাগে। ইয়াকে মহাবীৰ বুলি কোৱা হয়। দুৰ্ঘটনা আদিতো অনেক হৈ থাকে। তেতিয়া কাৰোবাক ৰক্ষা কৰে জানো? এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এনেকুৱাই ড্ৰামাত ভূমিকা আছে। যিয়ে ড্ৰামাক নাজানে তেওঁলোকে দেহক স্মৰণ কৰি চকুলো টুকি থাকে। তেওঁলোকে কেতিয়াও শিৱবাবাক স্মৰণ কৰিব নোৱাৰে কিয়নো শিৱবাবাৰ প্ৰতি প্ৰেম নাই। সঁচা প্ৰীতি নাই। পিতাৰ প্ৰতিতো পূৰা প্ৰীতি থাকিব লাগে। তোমালোক কল্পই কল্পই শিৱবাবাৰ সৈতে প্ৰীতি বুদ্ধিৰ হোৱা। দেৱতাসকলৰ পিতাৰ প্ৰতি প্ৰীতি বুদ্ধি আছিল, এনেকৈ কোৱা নহ’ব। তেওঁলোকে এই প্ৰীতিৰে সেই পদ পালে। তাততো গমেই নাপাব – গোটেই কল্পত তোমালোকে শিৱবাবাৰ বিষয়ে নাজানাই যে প্ৰীতি ৰাখিব পাৰা। এতিয়া পিতাই নিজৰ পৰিচয় দিছে। এতিয়া পিতাই কয় যে অন্যৰ সংগ ত্যাগ কৰি একমাত্ৰ মোৰ সংগ লোৱা। এয়া বিনাশ কালতো নিশ্চয় হয়। এয়াও তোমালোক সন্তানসকলে জানা। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। তোমালোকে এতিয়া বুজি পোৱা আমিতো পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে। স্মৰণ নকৰাকৈ সতোপ্ৰধান হ’ব নোৱাৰিবা। ছাৰ্জন হৈ নিজৰ ৰোগক চাব লাগে। শ্ৰীমত অনুসৰি চাব লাগে যে মোৰ পিতাৰ প্ৰতি কিমান প্ৰীতি আছে? অমৃতবেলাহে পিতাক স্মৰণ কৰা ভাল। প্ৰভাতৰ সময় বহুত ভাল। সেই সময়ত মায়াৰ ধুমুহা নাহিব। ৰাতি 12 বজালৈকে তপস্যা কৰি কোনো লাভ নাই কিয়নো সময়খিনিয়েই লেতেৰা। বায়ুমণ্ডল অশুদ্ধ হৈ থাকে। গতিকে এক বজালৈকে এৰি দিব লাগে। এটা বজাৰ পাছত বায়ুমণ্ডল ভাল হৈ থাকে। পিতাই কয় – আমাৰতো হৈছেই সহজ ৰাজযোগ, লাগিলে আৰামত বহা। বাবাই (ব্ৰহ্মা) নিজৰ অনুভৱো শুনায়। কেনেকৈ বাবাৰ সৈতে কথা পাতোঁ। বাবা কেনেকুৱা আচৰিত ড্ৰামা! আপুনি কেনেকৈ আহি পতিতৰ পৰা পাৱন কৰি তোলে! গোটেই সৃষ্টিক কেনেকৈ পৰিৱৰ্তন কৰে! বৰ আচৰিত! যেনেকৈ বাবাৰ খেয়াল আহে তেনেকৈ সন্তানসকলৰো আহিব লাগে। কেনেকৈ মনুষ্যৰ বৈতৰণী পাৰ কৰাওঁ অথবা কেনেকৈ নাও পাৰ কৰাওঁ। পিতাই কয় – তোমালোকে আহ্বান কৰি থাকা যে হে পতিত-পাৱন আহক। এতিয়া মই আহিছোঁ, এতিয়া তোমালোক পতিত নহ’বা। পতিত হৈ সভাত আহি নবহিবা। নহ’লে বায়ুমণ্ডল অশুদ্ধ কৰি দিয়া। বাবাই গমতো পায়। দিল্লীত, বোম্বাইত (মুম্বাইত) এনেকৈ বিকাৰত যোৱাসকল আহি বহি গৈছিল। গায়নো কৰা হৈছে অসুৰ আহি বিঘিনি দিবলৈ বহিছিল। বিকাৰত যোৱাসকলক অসুৰ বুলি কোৱা হয়। বায়ুমণ্ডল বেয়া কৰে। তেওঁলোকৰ বাবে শাস্তি বহুত কাঢ়া। বাবাই সকলো কথাই বুজায় তথাপিও নিজৰ লোকচান নকৰাকৈ নাথাকে। মিছাও কয়। নহ’লেতো তৎক্ষণাৎ লিখি দিব লাগে – বাবা, মোৰ এইটো ভুল হ’ল, ক্ষমা কৰক। নিজৰ পাপ লিখি দিয়া। নহ’লেতো বৃদ্ধি হৈ গৈ থাকিব আৰু ৰসাতললৈ যাবা। আহে কিবা ল’বলৈ আৰুহে কাণ কটাই লয়। এয়াও ড্ৰামাত ভূমিকা আছে। এনেকুৱা অসুৰ কল্প পূৰ্বেও আছিল, এতিয়াও আছে। অমৃত এৰি বিষ পান কৰে। নিজৰো অনিষ্ট কৰে আৰু আনৰো লোকচান কৰে। বায়ুমণ্ডল বেয়া কৰি দিয়ে। ব্ৰাহ্মণীসকলো একে সমান নহয়। মহাৰথী, অশ্বাৰোহী, পদাতিক সকলো আছে।

তোমালোক সন্তানসকল অপাৰ আনন্দিত হ’ব লাগে – বাবাক পাইছোঁ আৰু বাকী কি। অৱশ্যে হয়, নিজৰ সন্তান আদিৰ নিশ্চয় তত্ত্বাৱধান ল’ব লাগে। এনেকুৱা নহয় যে বাবা এয়া সকলো আপোনাৰ, এতিয়া আপুনি তত্ত্বাৱধান লওঁক। মইতো আপোনাৰ হৈ গ’লোঁ। পিতাই বুজায় যে গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান পৱিত্ৰ হোৱা। কোনো ধৰণৰ পতিত কাম নকৰিবা। বচ্‌ প্ৰথম কথা হ’ল কামৰ (কাম বিকাৰৰ)। দ্ৰৌপদীয়েও ইয়াৰ বাবেই কাতৰে আহ্বান কৰিছিল যে মোক এওঁলোকে নাঙঠ কৰে। আহ্বানো তেতিয়া কৰিছিল যেতিয়া শুনাওঁতা পিতা আহিছিল। পিতা অহাৰ আগতে কোনেও আহ্বান নকৰে। কাক আহ্বান কৰিব? বাবা আহিছে তেতিয়াহে আহ্বান কৰিছে। পতিতৰ পৰা পাৱন হৈ আকৌ ক’লৈ যাব? উভতি যাব লাগে, সেয়াতো এয়াই সময়। সকলোৰে সৎগতি দাতা, মুক্তিদাতা এজনেই। ইয়াততো দুখ। সাধু-সন্ত আদি কোনেও সুখী হ’ব নোৱাৰে। সকলোৰে কিবা নহয় কিবা দুখ, ৰোগ আদি হয়েই। কিছুমান গুৰু কণা খোৰাও থাকে। নিশ্চয় এনেকুৱা কিবা কাম কৰিছে সেইবাবেতো কণা খোৰা আদি হয়। সত্যযুগত জানো কোনোবা কণা খোৰা হ’ব। মনুষ্যই জানো বুজি পায়। পিতাহে আহি বুজায়। পিতাহে জ্ঞানৰ সাগৰ পতিত-পাৱন হয়। বাকীতো সকলো হৈছে ভক্তি। সেই ভক্তি মাৰ্গেই বেলেগ। সেয়া হ’ল চিৰি অৱনমিত হোৱাৰ মাৰ্গ। অৱনমিত হ’বলৈ, জীৱন বন্ধনত আহিবলৈ 84 জন্ম লাগে আকৌ এক চেকেণ্ড লাগে জীৱন মুক্ত হ’বলৈ। যদি তেওঁৰ মতত চলি পিতাক স্মৰণ কৰা তেতিয়া। ক্ৰমানুসৰিতো হয় নহয় জানো। এনেকৈ কয় যে আমি অমুক শিক্ষকজনক পালে ভাল। তেন্তে নিশ্চয় নিজে কমজোৰ সেইবাবেতো কয় অমুকক 2-4 মাহৰ কাৰণে পঠিয়াই দিয়ক। বাবাই কয় - এইটোও ভুল। তোমালোকে ব্ৰাহ্মণীক কিয় স্মৰণ কৰা যিহেতু পিতাই সহজ কথা কয় – কেৱল পিতাক স্মৰণ কৰা আৰু স্বদৰ্শন চক্ৰ ঘূৰোৱা, অন্যকো বুজোৱা। বচ্‌। এই ক্ষেত্ৰত ব্ৰাহ্মণী আহি কি কৰিব? এয়াতো চেকেণ্ডৰ কথা। তোমালোকে পেছাগত কাম-কাজত লাগি থাকি এইটো পাহৰি যোৱা তথাপিও ব্ৰাহ্মণীয়ে এয়াই ক’ব – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা)। বহুত নিৰ্বোধে বুজি নাপায় কেৱল কয় ব্ৰাহ্মণী ভাল লাগে। জ্ঞানতো তোমালোকে পাইছা নহয় জানো। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। দেহ-অভিমান ত্যাগ কৰা। এয়া মোৰ সেৱাকেন্দ্ৰ, এয়া এওঁৰ সেৱাকেন্দ্ৰ। এইগৰাকী জিজ্ঞাসু ইয়ালৈ কিয় যায়… এই সকলোবোৰ হৈছে দেহ-অভিমান। সকলো শিৱবাবাৰ সেৱাকেন্দ্ৰ, মোৰ জানো হয়। তোমালোকৰ এনেকুৱা কিয় হয় যে অমুক আমাৰ সেৱাকেন্দ্ৰলৈ কিয় নাহে? য’লৈকে নাযাওঁক। বাবাই সদায় কয় কাৰো পৰা নুখুজিবা। এইটো বুজিব পাৰে যে বীজ নিসিঁচিলে তেন্তে কি পাম? ভক্তি মাৰ্গতো দান-পুণ্য কৰা হয়। তোমালোক সকলোৱে ভক্তি মাৰ্গত ঈশ্বৰৰ অৰ্থে আওপকীয়াকৈ কৰিছিলা। আকৌ সন্ন্যাসীসকলকো বহুত দিয়ে। নহ’লেতো দান গৰিবক দিয়া হয়, চহকীক নহয়। ইয়াৰ ভিতৰত খাদ্য শস্যৰ দান সকলোতকৈ ভাল। সেইটোও পিতাই বুজায় দান কৰিলে পৰৱৰ্তী জন্মত তাৰ ফল পোৱা যায়। ঈশ্বৰেহে সকলোকে ফল দিয়ে। সাধু-সন্ত আদি কোনেও প্ৰতিদান দিব নোৱাৰে। দিওঁতা এজনেই পিতা। যিকোনো লোকৰ দ্বাৰা দিব। পিতাই বুজায় যে তোমালোকে ঈশ্বৰৰ অৰ্থে দিছিলা তেতিয়াও পৰৱৰ্তী জন্মত তোমালোকক প্ৰতিদান দিয়াইছিলোঁ। এতিয়াতো মই পোনপটীয়াকৈ আহিছোঁ। এতিয়া তোমালোকে 21 জন্মৰ কাৰণে প্ৰতিদান পাবা। আকৌ মৃত্যু সন্মুখত ঠিয় হৈ আছে। ভক্তিমাৰ্গত তোমালোকক এনেকৈ কোৱা নাছিল যে মৃত্যু সন্মুখত ঠিয় হৈ আছে সেইকাৰণে নিজৰ সকলো সফল কৰা। নহয়। গতিকে এতিয়া পিতাই বুজায় – যাকেই লাগে এই আত্মিক চিকিৎসালয় খুলি দিয়া। কোনোবাই কয় ঘৰ নিৰ্মাণ কৰোঁ, তাত এই চিকিৎসালয় খোলা। পিতাই কয় - আজি ঘৰ নিৰ্মাণ কৰিলা আৰু কাইলৈ মৰি গ’লা তেন্তে সকলো শেষ হৈ যাব। শৰীৰৰ ভৰসা নাই। যি আছে তাতেই এটা কোঠা ৰাখি দিয়া, তাত আত্মিক চিকিৎসালয়, আত্মিক মহাবিদ্যালয় খুলি দিয়া। বহুতৰে কল্যাণ কৰিলে তেতিয়া বহুত উচ্চ পদ পাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমতত নিজে নিজক চাব লাগে যে এই বিনাশ কালত মোৰ এজন পিতাৰ সৈতে সঁচা প্ৰীতি আছেনে? অন্য সকলোৰে সংগ ত্যাগ কৰি এজনৰ সংগ লৈছোঁনে? কেতিয়াবা কিবা বিকৰ্ম কৰি অসুৰতো নহওঁ? এনেকৈ পৰীক্ষা কৰি নিজক পৰিৱৰ্তন কৰিব লাগে।

(2) এই শৰীৰৰ কোনো ভৰসা নাই সেইকাৰণে নিজৰ সকলোবোৰ সফল কৰিব লাগে। নিজৰ স্থিতি একৰস, অচল কৰি তুলিবলৈ ড্ৰামাৰ ৰহস্য বুদ্ধিত ৰাখি চলিব লাগে।

বৰদান:
বাৰে বাৰে পৰাজিত হোৱাৰ সলনি উৎসৰ্গিত হৈ যাওঁতা মাষ্টৰ সৰ্বশক্তিমান বিজয়ী হোৱা

নিজক সদায় বিজয়ী ৰত্ন বুলি বুজি প্ৰতিটো সংকল্প আৰু কৰ্ম কৰা তেতিয়া কেতিয়াও পৰাজয় হ'ব নোৱাৰে। মাষ্টৰ সৰ্বশক্তিমান কেতিয়াও পৰাজিত হ'ব নোৱাৰে। যদি বাৰে বাৰে পৰাজয় হয় তেন্তে ধৰ্মৰজাৰ মাৰ খাব লাগিব আৰু পৰাজয় বৰণ কৰাসকলে ভৱিষ্যতে মালা গঢ়িব লাগিব, দ্বাপৰৰ পৰা অনেক মূৰ্তিক মালা পিন্ধাব লাগিব সেয়েহে পৰাজিত হোৱাৰ সলনি উৎসৰ্গিত হৈ যোৱা, নিজৰ সম্পূৰ্ণ স্বৰূপ ধাৰণ কৰাৰ প্ৰতিজ্ঞা কৰা তেতিয়া বিজয়ী হৈ যাবা।

স্লোগান:
‘কেতিয়াবা’ শব্দটিয়ে দুৰ্বলতাক সিদ্ধ কৰে সেয়েহে ‘কেতিয়াবা’ কৰিম নহয়, এতিয়া কৰিব লাগে।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

এই বেহদ ৰঙ্গমঞ্চত মই এগৰাকী খেলুৱৈ। এই খেলুৱৈৰ স্থিতিয়ে সদায় হৰ্ষিতমুখ হৈ থকাৰ অনুভৱ কৰায়। কোনো ধৰণৰ পৰিস্থিতি যাক জগতৰ লোকে আপদ বুলি ভাবে, খেলুৱৈ হৈ খেল খেলোঁতাই আৰু সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰোঁতাই এনেকুৱা আপদৰ ৰূপক খেল বুলি বুজি, সহনশীলতাৰ শক্তিৰে মনোৰঞ্জনৰ অনুভৱ কৰে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]