06.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যিমান সময় পোৱা একান্তত গৈ স্মৃতিৰ যাত্ৰা কৰা, যেতিয়া তোমালোক লক্ষ্যত উপনীত হ’বা
তেতিয়া এই যাত্ৰা পূৰা হৈ যাব”
প্ৰশ্ন:
সংগমত পিতাই
নিজৰ সন্তানসকলক কোনটো এনেকুৱা গুণেৰে গুণৱান কৰি তোলে যিটো আধাকল্পলৈকে চলি থাকে?
উত্তৰ:
পিতাই কয় - যেনেকৈ মই অতি অমায়িক, তেনেকৈ সন্তানসকলকো অমায়িক কৰি তোলোঁ। দেৱতাসকল
বহুত অমায়িক। তোমালোক সন্তানসকলে এতিয়া অমায়িক হ’বলৈ পুৰুষাৰ্থ কৰি আছা। যিসকলে
বহুতৰে কল্যাণ কৰে, কোনো চয়তানী খেয়াল নাই, তেওঁলোকেই অমায়িক। তেওঁলোকেই উচ্চ পদ
প্ৰাপ্ত কৰে। তেওঁলোকৰেই আকৌ পূজা হয়।
ওঁম্শান্তি।
পিতাই বহি
বুজায় এই শৰীৰৰ মালিক হ’ল আত্মা। এইটো প্ৰথমে বুজিব লাগে কিয়নো এতিয়া সন্তানসকলে
জ্ঞান পাইছে। পোন-প্ৰথমেতো বুজিব লাগে যে মই আত্মা। শৰীৰৰ দ্বাৰা আত্মাই কাম আদায়
কৰে, ভূমিকা পালন কৰে। এনেধৰণৰ খেয়াল আৰু কোনো মনুষ্যৰ উদয় নহয় কাৰণ দেহ-অভিমানত আছে।
ইয়াত এইটো খেয়ালত বহুওৱা হয় - মই আত্মা। এইটো মোৰ শৰীৰ। মই আত্মা পৰমপিতা পৰমাত্মাৰ
সন্তান। এইটো স্মৃতিয়েই বাৰে বাৰে পাহৰি যায়। এইটো প্ৰথমে ভালকৈ স্মৃতিত ৰাখিব লাগে।
যেতিয়া যাত্ৰাত যায় তেতিয়া কয়, গৈ থাকা। তোমালোকেও স্মৃতিৰ যাত্ৰাত গৈ থাকিব লাগে,
অৰ্থাৎ স্মৰণ কৰি থাকিব লাগে। যদি স্মৰণ নকৰা তেন্তে জানিবা যাত্ৰাত গৈ থকা নাই।
দেহ-অভিমান আহে। দেহ-অভিমানত কিবা নহয় কিবা বিকৰ্ম হৈ যায়। এনেকুৱাও নহয় যে মনুষ্যই
সদায় বিকৰ্ম কৰে। তথাপিও উপাৰ্জনতো বন্ধ হৈ যায় নহয় সেইকাৰণে যিমান দূৰ সম্ভৱ
স্মৃতিৰ যাত্ৰাত ঢিলা হ’ব নালাগে। একান্তত বহি নিজৰ সৈতে বিচাৰ সাগৰ মন্থন কৰি সাৰ
কথা উলিয়াবলগীয়া হয়। কিমান সময় পিতাৰ স্মৃতিত থাকোঁ, মৰমৰ বস্তুৰ স্মৃতিলৈ আহে নহয়।
সন্তানসকলক বুজোৱা
হৈছে, এই সময়ত সকলো মনুষ্য মাত্ৰেই এজনে আনজনৰ অনিষ্টহে কৰে। কেৱল শিক্ষকৰ মহিমা
বাবাই কৰে। তাৰ ভিতৰতো কোনো কোনো শিক্ষক বেয়া থাকে, নহ’লেতো শিক্ষক মানে শিক্ষা
দিওঁতা, আচৰণ শিকাওঁতা। যিসকল ধাৰ্মিক মনোবৃত্তিৰ, ভাল স্বভাৱৰ তেওঁলোকৰ চলনো ভাল
হয়। পিতাকে যদি মদ আদি সেৱন কৰে তেনেহ’লে সন্তানসকলৰ ওপৰতো তেনেকুৱা প্ৰভাৱ পৰি যায়।
ইয়াক কোৱা হ’ব বেয়া সংগ কাৰণ ৰাৱণৰাজ্য হয় নহয়। ৰামৰাজ্য নিশ্চয় আছিল কিন্তু সেয়া
কেনেকুৱা আছিল, কেনেকৈ স্থাপনা হৈছিল, এই আচৰিত মিঠা কথাবোৰ তোমালোক সন্তানসকলেহে
জানা। মিঠা, তাতোকৈ মিঠা, আটাইতকৈ মিঠা বুলি কোৱা হয় নহয়। পিতাৰ স্মৃতিত থাকিহে
তোমালোক পৱিত্ৰ হোৱা আৰু পৱিত্ৰ কৰি তোলা। পিতা নতুন সৃষ্টিলৈ নাহে। সৃষ্টিত মনুষ্য,
জীৱ-জন্তু, খেতি-বাতি আদি সকলো থাকে। মনুষ্যৰ কাৰণে সকলোবোৰ লাগে নহয়। শাস্ত্ৰবোৰত
থকা প্ৰলয়ৰ বৃত্তান্তও ভুল। প্ৰলয় নহয়েই। এই সৃষ্টিৰ চক্ৰ ঘূৰিয়েই থাকে। সন্তানসকলে
আদিৰ পৰা অন্তলৈকে খেয়ালত ৰাখিব লাগে। মনুষ্যৰতো অনেক প্ৰকাৰৰ চিত্ৰ স্মৃতিলৈ আহে।
মেলা-সভা স্মৃতিলৈ আহে। সেই সকলোবোৰ হ’ল হদৰ, তোমালোকৰ হ’ল বেহদৰ স্মৃতি, বেহদৰ
আনন্দ, বেহদৰ ধন। বেহদৰ পিতা হয় নহয়। হদৰ পিতাৰ পৰা সকলো হদৰ প্ৰাপ্তি হয়। বেহদৰ
পিতাৰ পৰা বেহদৰ সুখ পোৱা যায়। সুখ হয়েই ধনৰ পৰা। ধনতো তাত অপাৰ থাকে। তাত সকলো
সতোপ্ৰধান। তোমালোকৰ বুদ্ধিত আছে, আমি সতোপ্ৰধান আছিলোঁ, পুনৰ হ’ব লাগে। এইটোও
তোমালোকে এতিয়া জানা, তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে - মিঠা, তাতোকৈ মিঠা, আটাইতকৈ
মিঠা হয় নহয়। বাবাতকৈও মিঠা হওঁতা আছে। তেওঁলোকেই উচ্চ পদ পাব। আটাইতকৈ মিঠা তেওঁ
হয় যিয়ে বহুতৰে কল্যাণ কৰে। পিতাও আটাইতকৈ মিঠা হয় নহয়, সেইকাৰণেতো সকলোৱে তেওঁক
স্মৰণ কৰে। কেৱল মৌ বা চেনীকেই আটাইতকৈ মিঠা বুলি কোৱা নহয়। এয়া মনুষ্যৰ চলনৰ ওপৰত
কোৱা হয়। এনেকৈ কয় নহয় যে এওঁ মিঠা সন্তান। সত্যযুগত কোনো চয়তানী কথা নাথাকে। ইমান
যি উচ্চ পদ পায় নিশ্চয় ইয়াত পুৰুষাৰ্থ কৰিছে।
তোমালোকে এতিয়া নতুন
সৃষ্টিক জানা। তোমালোকৰ কাৰণেতো যেন কাইলৈ নতুন সৃষ্টি সুখধাম হ’ব। মনুষ্যইতো গমেই
নাপায় - শান্তি কেতিয়া আছিল। কয় বিশ্বত শান্তি হওঁক। তোমালোক সন্তানসকলে জানা -
বিশ্বত শান্তি আছিল যি এতিয়া আকৌ তোমালোকে প্ৰতিষ্ঠা কৰি আছা। এতিয়া এয়া সকলোকে
কেনেকৈ বুজোৱা যায়? এনেকুৱা এনেকুৱা সাৰ কথা উলিয়াব লাগে, যিবোৰৰ মনুষ্যৰ বহুত
প্ৰয়োজন। বিশ্বত শান্তি হওঁক, ইয়াৰ কাৰণে সমস্বৰে কয় কাৰণ অশান্তি বহুত। এই
লক্ষ্মী-নাৰায়ণৰ চিত্ৰ সন্মুখত ৰাখি দিব লাগে। এওঁলোকৰ যেতিয়া ৰাজত্ব আছিল তেতিয়া
বিশ্বত শান্তি আছিল, তাকেই স্বৰ্গ দৈৱী বিশ্ব বুলি কোৱা হয়। তাত বিশ্বত শান্তি আছিল।
আজিৰ পৰা 5 হাজাৰ বছৰ আগৰ কথা আৰু কোনেও নাজানে। এইটো হ’ল মুখ্য কথা। সকলো আত্মাই
একেলগে কয় - বিশ্বত শান্তি কেনেকৈ হ’ব? সকলো আত্মাই আহ্বান জনায়, তোমালোকে ইয়াত
বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ পুৰুষাৰ্থ কৰি আছা। যিসকলে বিশ্বত শান্তি বিচাৰি আছে
তেওঁলোকক তোমালোকে শুনোৱা যে ভাৰততেই শান্তি আছিল। যেতিয়া ভাৰত স্বৰ্গ আছিল তেতিয়া
শান্তি আছিল, এতিয়া নৰক হ’ল। নৰকত অশান্তি আছে কাৰণ অনেক ধৰ্ম আছে, মায়াৰ ৰাজ্য।
ভক্তিৰো বাহ্যিক জাকজমকতা আছে। দিনে-প্ৰতিদিনে বাঢ়ি গৈ আছে। মনুষ্যও মেলা-সভা আদিলৈ
যায়, ভাবে নিশ্চয় কিবা সত্য আছে। এতিয়া তোমালোকে বুজি পোৱা যে তাৰ দ্বাৰা কোনেও
পাৱন হ’ব নোৱাৰে। পাৱন হোৱাৰ ৰাস্তা কোনো মনুষ্যই দেখুৱাব নোৱাৰে। পতিত-পাৱন এজনেই
পিতা। সৃষ্টি এখনেই, মাত্ৰ নতুন আৰু পুৰণি বুলি কোৱা হয়। নতুন সৃষ্টিত নতুন ভাৰত,
নতুন দিল্লী বুলি কয়। নতুন হ’ব, য’ত আকৌ নতুন ৰাজ্য হ’ব। ইয়াত পুৰণি সৃষ্টিত পুৰণা
ৰাজ্য। পুৰণি আৰু নতুন সৃষ্টি কাক কোৱা হয়, এয়াও তোমালোকে জানা। ভক্তিৰ কিমান
বিস্তাৰ আছে। ইয়াক কোৱা হয় অজ্ঞান। জ্ঞানৰ সাগৰ একমাত্ৰ পিতা। পিতাই তোমালোকক এনেকৈ
নকয় যে “ৰাম ৰাম” বুলি কোৱা বা আন কিবা কৰা। নকয়, সন্তানসকলক বুজোৱা হয় বিশ্বৰ
ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়। এই শিক্ষা তোমালোকে পঢ়ি আছা। ইয়াৰ নামেই হৈছে
আত্মিক শিক্ষা। আধ্যাত্মিক জ্ঞান। ইয়াৰ অৰ্থও কোনেও নাজানে। জ্ঞান সাগৰ বুলিতো এজন
পিতাকেই কোৱা হয়। তেওঁ হ’ল - আধ্যাত্মিক জ্ঞানৱান পিতা। পিতাই আত্মাসকলৰ সৈতে কথা
পাতে। তোমালোক সন্তানসকলে বুজি পোৱা যে আত্মিক পিতাই পঢ়ায়। এয়া হ’ল আধ্যাত্মিক
জ্ঞান। আত্মিক জ্ঞানকেই আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়।
তোমালোক সন্তানসকলে
জানা পৰমপিতা পৰমাত্মা হৈছে বিন্দু, তেওঁ আমাক পঢ়ায়। আমি আত্মাসকলে পঢ়ি আছোঁ। এইটো
পাহৰিব নালাগে। আমি আত্মাই যি জ্ঞান পাওঁ, আকৌ আমি অন্য আত্মাসকলক দিওঁ। এইটো স্মৃতি
তেতিয়া স্থায়ী হৈ থাকিব যেতিয়া নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকিব। স্মৃতিত
বৰ কেঁচা, তৎক্ষণাৎ দেহ-অভিমান আহি যায়। দেহী-অভিমানী হোৱাৰ অভ্যাস কৰিব লাগে। মই
আত্মাই এওঁৰ সৈতে চুক্তি কৰোঁ। মই আত্মাই বেপাৰ কৰোঁ। নিজক আত্মা বুলি বুজি পিতাক
স্মৰণ কৰাটোতেই লাভ হয়। আত্মাৰ জ্ঞান আছে, মই যাত্ৰাত আছোঁ। কৰ্মতো কৰিবই লাগে।
সন্তান আদিৰো তত্ত্বাৱধান ল’ব লাগে। কাম-বেপাৰ আদিও কৰিব লাগে। বেপাৰ আদি কৰোতে মই
আত্মা এইটো স্মৃতি থকাতো বৰ কঠিন। পিতাই কয় - কোনো ওলোটা কাম কেতিয়াও নকৰিবা।
সকলোতকৈ ডাঙৰ পাপ হৈছে বিকাৰৰ। বিকাৰেই বৰ দিগদাৰ কৰে। এতিয়া তোমালোক সন্তানসকলে
পাৱন হোৱাৰ প্ৰতিজ্ঞা কৰা। তাৰেই স্মাৰক হৈছে এই ৰক্ষা বন্ধন। আগতেতো পাই-পইচাৰ ৰাখী
পোৱা গৈছিল। ব্ৰাহ্মণসকলে গৈ ৰাখী বান্ধিছিল। আজিকালিতো ৰাখীও কিমান চৌখিন তৈয়াৰ কৰে।
বাস্তৱত হৈছে এতিয়াৰ কথা। তোমালোকে পিতাৰ আগত প্ৰতিজ্ঞা কৰা - মই কেতিয়াও
বিকাৰগ্ৰস্ত নহওঁ। আপোনাৰ পৰা বিশ্বৰ মালিক হোৱাৰ উত্তৰাধিকাৰ ল’ম। পিতাই ক’ব - 63
জন্মতো বিষয় বৈতৰণী নদীত ডুবি থাকিলা এতিয়া তোমালোকক ক্ষীৰ সাগৰলৈ লৈ যাওঁ। সাগৰ
বুলি একো নাই। তুলনা কৰিবলৈ কোৱা হয়। তোমালোকক শিৱালয়লৈ লৈ যায়। তাত অপাৰ সুখ আছে।
এতিয়া এয়া অন্তিম জন্ম, হে আত্মাসকল পৱিত্ৰ হোৱা। কি পিতাৰ কথা নামানিবা জানো।
ঈশ্বৰ তোমালোকৰ পিতাই কয় - মৰমৰ সন্তানসকল বিকাৰগ্ৰস্ত নহ’বা। জন্ম-জন্মান্তৰৰ পাপ
শিৰত আছে, সেয়া মোক স্মৰণ কৰিলেহে ভস্ম হ’ব। কল্প পূৰ্বেও তোমালোকক শিক্ষা দিছিলোঁ।
পিতাই নিশ্চয়তা প্ৰদান তেতিয়াহে কৰে যেতিয়া তোমালোকে এইটো নিশ্চয়তা দিয়া যে বাবা আমি
আপোনাক স্মৰণ কৰি থাকিম। ইমান স্মৰণ কৰি থাকা যে শৰীৰৰ বোধো যাতে নাথাকে।
সন্ন্যাসীসকলৰ ভিতৰতো কোনো কোনো চোকা বহুত পৰিপক্ক তত্ত্বজ্ঞানী থাকে তেওঁলোকেও
এনেকৈ বহি বহি শৰীৰ ত্যাগ কৰে। ইয়াত তোমালোককতো পিতাই বুজায়, পাৱন হৈ যাব লাগে।
তেওঁলোকতো নিজৰ মতত চলে। এনেকুৱা নহয় যে তেওঁলোকে শৰীৰ এৰি কোনো মুক্তি-জীৱনমুক্তিত
যায়। নাযায়। আহে আকৌ ইয়ালৈকে কিন্তু তেওঁলোকৰ অনুগামীসকলে ভাবে যে তেওঁ নিৰ্বাণত
গ’ল। পিতাই বুজায় - এজনো উভতি যাব নোৱাৰে। নিয়মেই নাই। বৃক্ষৰ বৃদ্ধি নিশ্চয় হ’ব।
এতিয়া তোমালোক
সংগমযুগত বহি আছা, বাকী সকলো মনুষ্য কলিযুগত আছে। তোমালোক দৈৱী সম্প্ৰদায় হৈ আছা।
যিসকল তোমালোকৰ ধৰ্মৰ হ’ব তেওঁলোক আহি থাকিব। দেৱী-দেৱতাসকলৰো তাত বংশবৃক্ষ আছে নহয়।
ইয়াত বদলি হৈ অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ’ল, আকৌ ওলাই আহিব। নহ’লে তাত স্থান কোনে
পূৰাব। নিশ্চয় তেওঁলোক নিজৰ স্থান পূৰাবলৈ আকৌ আহি যাব। এইবোৰ অতি সূক্ষ্ম কথা।
বহুত ভাল ভালসকলো আহিব যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে আকৌ নিজৰ স্থানত আহি
যাব। তোমালোকৰ ওচৰত মুছলমান আদিও আহে নহয়। বৰ সাৱধান হ’বলগীয়া হয়, ততালিকে বিচাৰ
কৰিব, ইয়ালৈ অন্য ধৰ্মৰ লোক কেনেকৈ আহে? জৰুৰীকালীন অৱস্থাততো বহুতকে ধৰে আকৌ পইচা
পালে এৰিও দিয়ে। কল্প পূৰ্বে যি হৈছিল, তোমালোকে এতিয়া দেখি আছা। কল্প পূৰ্বেও
এনেকুৱা হৈছিল। তোমালোক এতিয়া মনুষ্যৰ পৰা দেৱতা উত্তম পুৰুষ হোৱা। এয়া হ’ল
সৰ্বোত্তম ব্ৰাহ্মণসকলৰ কুল। এই সময়ত পিতা আৰু সন্তানসকল আত্মিক সেৱাত ব্ৰতী হৈ আছে।
কোনোবা গৰিবক ধনৱান কৰি তোলা - এয়া হৈছে আত্মিক সেৱা। পিতাই কল্যাণ কৰে গতিকে
সন্তানসকলেও সহায় কৰিব লাগে। যিসকলে বহুতক ৰাস্তা দেখুৱায় তেওঁলোকে বহুত উন্নতি
কৰিব পাৰে। তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে কিন্তু চিন্তা কৰিব নালাগে,
কিয়নো তোমালোকৰ দায়িত্ব পিতাৰ ওপৰত। পুৰুষাৰ্থ তীব্ৰতাৰে কৰোৱা হয় আকৌ যি ফল ওলায়
বুজা যায় সেয়া কল্প পূৰ্বৰ দৰে। পিতাই সন্তানসকলক কয়- সন্তানসকল, চিন্তা নকৰিবা।
সেৱাত পৰিশ্ৰম কৰা। যদি হৈ নাযায়, কি কৰিবা। এই কুলৰ নহ’লে তেন্তে তোমালোকে যিমানেই
মগজ নখটুওৱা, কোনোবাই কমকৈ তোমালোকৰ মূৰ খাব, কোনোবাই বেছি। বাবাই কৈছে - যেতিয়া
দুখ বেছি হৈ গৈ থাকিব তেতিয়া আকৌ আহিব। তোমালোকৰ ব্যৰ্থত একো নাযায়। তোমালোকৰ কাম
হ’ল সত্য কথা কোৱা। শিৱবাবাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ’ব।
এনেকৈ বহুতে কয় - ভগৱান নিশ্চয় আছে। মহাভাৰতৰ যুদ্ধৰ সময়ত ভগৱান আছিল। মাত্ৰ কোন
ভগৱান আছিল তাক লৈ বিভ্ৰান্ত হৈ গৈছে। শ্ৰীকৃষ্ণতো হ’ব নোৱাৰে। শ্ৰীকৃষ্ণ সেইটো
চেহেৰাত আকৌ সত্যযুগতহে হ’ব। প্ৰত্যেক জন্মত চেহেৰা সলনি হৈ যায়। সৃষ্টি এতিয়া সলনি
হৈ আছে। এতিয়া ভগৱানে কেনেকৈ পুৰণিক নতুন কৰি তোলে সেয়াও কোনেও নাজানে। অৱশেষত
তোমালোকৰ নাম প্ৰসিদ্ধ হ’ব। স্থাপনা হৈ আছে পাছত এওঁলোকে ৰাজত্ব কৰিব, বিনাশো হ’ব।
এফালে নতুন সৃষ্টি, আনফালে পুৰণি সৃষ্টি - এই চিত্ৰখন বৰ ভাল। এনেকৈ কয়ো যে
ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শঙ্কৰৰ দ্বাৰা বিনাশ…… কিন্তু একোৱে বুজি নাপায়। মুখ্য
চিত্ৰ হ’ল ত্ৰিমূৰ্তিৰ। উচ্চতকৈও উচ্চ হ’ল শিৱবাবা। তোমালোকে জানা - শিৱবাবাই
ব্ৰহ্মাৰ দ্বাৰা আমাক স্মৃতিৰ যাত্ৰা শিকাই আছে। বাবাক স্মৰণ কৰা, ‘যোগ’ শব্দটি
কঠিন লাগে। ‘স্মৃতি’ শব্দটি বহুত সহজ। ‘বাবা’ শব্দটি বহুত মৰম লগা। তোমালোকৰ নিজৰেই
লাজ লাগিব - আমি আত্মাসকলে পিতাক স্মৰণ কৰিব নোৱাৰোঁ, যাৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী
পোৱা যায়! নিজৰেই লাজ লাগিব। পিতায়ো ক’ব তোমালোকতো বুদ্ধিহীন, পিতাক স্মৰণ কৰিব
নোৱাৰা তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা! বিকৰ্ম বিনাশ কেনেকৈ হ’ব! তোমালোক আত্মা মই
তোমালোকৰ পৰমপিতা পৰমাত্মা অবিনাশী হওঁ নহয়। তোমালোকে বিচৰা আমি পাৱন হৈ সুখধামলৈ
যাওঁ তেন্তে শ্ৰীমতত চলা। মোক পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। যদি স্মৰণ
নকৰা তেন্তে বিকৰ্ম বিনাশ কেনেকৈ হ’ব। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সকলো
প্ৰকাৰেৰে পুৰুষাৰ্থ কৰিব লাগে, চিন্তা কৰিব নালাগে কিয়নো স্বয়ং পিতা আমাৰ বাবে
দায়বদ্ধ। আমাৰ একোৱেই ব্যৰ্থত যাব নোৱাৰে।
(2) পিতাৰ সমান অতি
অমায়িক হ’ব লাগে, অনেকৰ কল্যাণ কৰিব লাগে। এই অন্তিম জন্মত পৱিত্ৰ নিশ্চয় হ’ব লাগে।
পেছাগত কাম-কাজ আদি কৰিও অভ্যাস কৰিব লাগে যে মই আত্মা।
বৰদান:
প্ৰবৃত্তিৰ
বিস্তাৰত থাকি ফৰিস্তাবোধৰ সাক্ষাৎকাৰ কৰাওঁতা সাক্ষাৎকাৰৰ মূৰ্ত হোৱা
প্ৰবৃত্তিৰ বিস্তাৰ
হোৱা সত্বেও বিস্তাৰক সংকুচিত কৰা আৰু তাৰ উৰ্দ্ধত থকাৰ অভ্যাস কৰা। এতিয়াই স্থূল
কাৰ্য কৰি আছা, এতিয়াই অশৰীৰী হৈ গ’লা - এইটো অভ্যাসে ফৰিস্তাবোধৰ সাক্ষাৎকাৰ কৰাব।
উচ্চ স্থিতিত থাকিলে সৰু সৰু কথা ব্যক্ত ভাৱৰ অনুভৱ হ’ব। উচ্চলৈ গ’লে নীচবোধ
আপোনাআপুনি দূৰ হৈ যাব, পৰিশ্ৰমৰ পৰা হাত সাৰি যাবা। সময়ো ৰাহি হ’ব, সেৱাও তীব্ৰতাৰে
হ’ব। বুদ্ধি ইমান বিশাল হৈ যাব যে একে সময়তে অনেক কাৰ্য কৰিব পাৰিবা।
স্লোগান:
আনন্দ অটুট ৰাখিবলৈ আত্মা ৰূপী বন্তিত জ্ঞান ৰূপী ঘৃত নিতৌ ঢালি থাকা।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
সন্তানসকলৰ প্ৰতি
পিতাৰ স্নেহ আছে সেয়েহে সদায় কয় সন্তানসকল যি হোৱা, যেনেকুৱা হোৱা- মোৰেই হোৱা।
তেনেকৈ তোমালোকো সদায় স্নেহত লীন হৈ থাকা, অন্তৰেৰে কোৱা বাবা যিয়ে হোৱা সেয়া সকলো
তুমিয়েই। কেতিয়াবা অসত্য ৰাজ্যৰ প্ৰভাৱত নাহিবা। শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা টনাৰ কলম
পিতাই তোমালোক সন্তানসকলৰ হাতত দিছে, তোমালোকে যিমান বিচৰা সিমান ভাগ্য গঢ়িব পাৰা।